আমৰ খান্ছা | Amor Khansa
আমৰ খান্ছা (Amor Khansa)
আমৰ খান্ছা | Amor Khansa | Al Khansa
প্ৰাক-ইছলামী যুগত আৰবী কাব্য সাহিত্যই অভাৱনীয় বিকাশ লাভ কৰিছিল আৰু এইক্ষেত্ৰত পুৰুষ কবিসকলৰ লগতে ভালেমান মহিলা কবিয়েও উল্লেখযোগ্য বৰঙনি আগবঢ়াইছিল। কিন্তু পুৰুষ কবিসকলৰ সংখ্যাৰ তুলনাত নাৰী কবিৰ সংখ্যা কম আছিল যদিও এই সংখ্যা একেবাৰে নগন্যও নাছিল। ইতিহাসত প্ৰমাণ পোৱা যায় যে প্ৰাক-ইছলামী যুগত অৰ্থাৎ ৫০০ খ্ৰীষ্টাব্দৰ পৰা ৬২২ খ্ৰীষ্টাব্দৰ ভিতৰত ষাঠিজনীতকৈয়ো অধিক মহিলা কবিৰ অস্তিত্ব আছিল আৰু সিহঁতে পুৰুষ কবিসকলৰ পাশা-পাশি কাব্য চৰ্চা কৰি বিভিন্ন অনুষ্ঠানতো কবিতা পৰিৱেশন কৰিছিল। প্ৰবাদ আছে যে আব্বাচীয় যুগৰ কবি আবু নুৱাছে প্ৰাক-ইছলামী যুগৰ ষাঠিজনী আৰবী মহিলা কবিৰ কবিতা মুখস্থ কৰিছিল। ইয়াৰ উপৰি আবু তাম্মাম আৰু আল-বুহতাৰিয়ে সংকলন কৰা ‘দিবানুল হামাছা’ গ্ৰন্থত কেইবাজনী মহিলা কবিৰ কবিতাও সংকলিত হৈছিল। ইয়াৰ পৰা অনুমান কৰিব পৰা যায় যে সেই যুগত মহিলা কবি আছিল আৰু সিহঁতৰ সংখ্যা একেবাৰে কম নাছিল। সিহঁতেও আৰবী কাব্য সাহিত্যৰ বিকাশত যথেষ্ট অৰিহনা যোগাইছিল। কিন্তু দুখৰ বিষয় যে সংৰক্ষণৰ অভাৱত সেইসকল কবিৰ কবিতা ইতিহাসৰ পাতৰ পৰা হেৰাই গৈছে। এয়া নিশ্চয় আৰবী সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি। যিয়েই নহওঁক কিয়, প্ৰাক-ইছলামী আৰু প্ৰাথমিক ইছলামী যুগৰ বহুতো মহিলা কবিৰ ভিতৰত যিসকলৰ নাম ইতিহাসৰ পাতত পোৱা যায় সেইসকলৰ ভিতৰত আমৰ খানচা, খিৰনিক, লায়লা আফিফা, জলিলা বিনতে মূৰৰা আদিৰ নাম উল্লেখযোগ্য। তলত আমৰ খানচাৰ চমু পৰিচয় আৰু তাইৰ কাব্য প্ৰতিভাৰ আভাস দিয়া হ’ল-
চমু পৰিচয়ঃ আমৰ খানচাৰ সম্পূৰ্ণ নাম আছিল তুমাদিৰ বিনতে আমৰ খানচা, সংক্ষেেপ আল খানচা। তেওঁ প্ৰাক-ইছলামী যুগ আৰু প্ৰাথমিক ইছলামী যুগ-এই দুয়ো যুগৰে কবি আছিল। এইজনী মহিলা কবিয়ে নজদত বসবাস কৰা ছলীম গোত্ৰত জন্ম গ্ৰহণ কৰিছিল। তাইৰ জন্ম কাল সঠিককৈ জনা নাযায় যদিও তাই ৫৭৫ খৃঃত বা তাৰ ওচৰা-ওচৰি সময়ত জন্ম গ্ৰহণ কৰিছিল বুলি ঠাৱৰ কৰা হৈছে। মুঠতে তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ সমসাময়িক আছিল। তেওঁ সুন্দৰ শাৰীৰিক গঠনৰ অধিকাৰিণী আছিল আৰু চৰিত্ৰৰ দিশতো উত্তম আছিল। তাই দুবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছিল আৰু ছয়জন সন্তানৰ মাতৃ হৈছিল। তাইৰ সন্তানসকলৰ আটাইকেইজন কবি আছিল বুলি প্ৰবাদ আছে। তেওঁ প্ৰধানকৈ শোক কবিতা ৰচয়িতা আছিল আৰু গোষ্ঠীদ্বন্দ্বত নিহত হোৱা তাইৰ দুই ভায়েকৰ মৃত্যুত শোক কৰি সৰু সৰু শোক কবিতা ৰচনা কৰিছিল। তাই মক্কাৰ উকাজ মেলাত কবি নাবিঘাৰ সন্মুখত কবিতা আবৃতি কৰিছিল আৰু তাইৰ কবিতা শুনি আপ্লুত হৈ নাবিঘাই মন্তব্য কৰিছিল, “যদি এই অন্ধ কবি (আ’শ্বা) তোমাৰ আগতে কবিতা আবৃতি নকৰিলেহেঁতেন, তোমাকেই আজি এই বছৰৰ শ্ৰেষ্ঠ কবি বুলি আখ্যায়িত কৰিলোহেঁতেন।”
তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ নবুয়ত প্ৰাপ্তিৰ কথা অৱগত হৈ তাইৰ দলৰ মানুহৰ লগত মদীনালৈ যায় আৰু ইছলাম গ্ৰহণ কৰে। তাই নবীজীকো তাইৰ ৰচিত কবিতা পাঠ কৰি শুনায়। হজৰত মহম্মদ (ছাঃ)য়ে তাইৰ কবিতা পাঠ শুনি মুগ্ধ হয় আৰু তাইৰ পৰা অধিক কবিতা আবৃতি শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
তাইৰ সন্তানসকলেও নবীজীৰ ওচৰত ইছলাম গ্ৰহণ কৰিছিল বুলি জনা যায় আৰু তাইৰ চাৰিপুত্ৰ কাদেছীয়াৰ যুদ্ধত ৬৩৭ খ্ৰীষ্টাব্দত নিহত হয়। যুদ্ধত চাৰিজন পুত্ৰ নিহত হোৱাৰ বাতৰি পাই আমৰ খানচাই কৈছিল, “সকলো প্ৰশংসা আল্লাহতায়ালাৰ যিজনে তেওঁলোকক নিহত হোৱাৰ দ্বাৰা মোক সন্মানিত কৰিছে।” এইজন কবিয়ে ৬৪৬ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰে।
আমৰ খান্ছা (Amor Khansa)
কাব্যিক প্ৰতিভাঃ আমৰ খান্ছা (Amor Khansa)শোক কবিতাৰ ৰচয়িতা হিচাপে বিখ্যাত হৈ আছে। তেওঁৰ ৰচনা কৰা কবিতাৰ সংখ্যা শতাধিক বুলি অনুমান কৰা হয় যদিও তাইৰ কবিতাৰ মাত্ৰ ১০০০ মান শ্লোকহে সংৰক্ষিত অৱস্থাত পোৱা যায়। তাইৰ সৰহভাগ কবিতা গোষ্ঠীদ্বন্দ্বত নিহত হোৱা তাইৰ দুই ভাই আৰু আত্মীয় স্বজনৰ ওপৰত শোক কৰি ৰচনা কৰা হৈছিল। তাইৰ কবিতাসমূহ আছিল চুটি চুটি কিন্তু গভীৰ মৰ্মস্পৰ্শী ভাবাবেগেৰে ভাৰাক্ৰান্ত। তাইৰ ভাষা আছিল প্ৰাঞ্জল, ছন্দোময় আৰু সৰল। তাইৰ কল্পচিত্ৰ আছিল সতেজ আৰু মনোমুগ্ধকৰ। তাইৰ কবিতাত কোনো অশ্লীলতা পোৱা নাযায়। তাইৰ কবিতাত ঈশ্বৰৰ মহত্ব, দয়াশীলতা আদিৰ প্ৰসংগ পোৱা যায় যদিও তাইৰ কবিতা সম্পূৰ্ণৰূপে ধৰ্মমূলক নাছিল। তাই কবিতাত তাইৰ ব্যক্তিগত জীৱনৰ শোক-দুখ, হাঁহি-কান্দোন, মৰুভূমিৰ ৰুক্ষ জীৱন সংগ্ৰাম আদিৰ চিত্ৰ অংকন কৰিছিল ।
সামৰিণত ক’ব পাৰি আমৰ খানচাই আৰবী শোক কবিতাক এক বিশিষ্ট সন্মানৰ শাৰীত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। প্ৰাক-ইছলামী তথা প্ৰাথমিক ইছলামী যুগৰ মহিলা কবিসকলৰ ভিতৰত তাই নিঃসন্দেহ এজনী মহান কবি আছিল। 0 0 0.
আমৰ খান্ছা (Amor Khansa)
বি দ্রঃ উক্ত ‘আমৰ খান্ছা | Amor Khansa | Al Khansa’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
.
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
Additional Searches: