Home Literary Criticism কা’ব বিন জুহাইৰ | Ka’b bin Juhair

কা’ব বিন জুহাইৰ | Ka’b bin Juhair

0

কা’ব বিন জুহাইৰ | Ka’b bin Juhair

কা’ব বিন জুহাইৰ Ka'b bin Juhair

কা’ব বিন জুহাইৰ | Ka’b bin Juhair

কা’ব বিন জুহাইৰ : চমু পৰিচয়ঃ

কা’ব বিন জোহাইৰ মুখাদ্ৰিম কবিসকলৰ ভিতৰত এজন বিখ্যাত আৰু জনপ্ৰিয় কবি আছিল। তেওঁ নজদৰ মোজাইনা গোত্ৰৰ এক কবি পৰিয়ালত জন্ম গ্ৰহণ কৰে। তেওঁৰ জন্ম তাৰিখ সঠিককৈ জনা নাযায় যদিও তেওঁ ষষ্ঠ শতাব্দীৰ মাজ ভাগত জন্ম গ্রহণ কৰে  বুলি অনুমান কৰা হয়। তেওঁৰ  পিতাক জুহায়েৰ বিন আবু ছালমা আছিল প্ৰাক-ইছলামী যুগৰ এজন বিখ্যাত কবি। তেওঁৰ মাক কাবাশাহ বিনতে আম্মাৰ বিন আদী আছিল  ঘাতফান গোত্ৰৰ বনু সোহায়ম গোত্ৰৰ কন্যা। কা’ব এনে এক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল যি পৰিয়ালৰ সকলোৱে কবি আছিল। সেয়ে তেওঁ অতি সৰু কালৰ পৰাই কবিতাৰ প্ৰতি আকৰ্ষিত হয় আৰু কাব্য ৰচনা কৰিবলৈ লয়। অতি কম বয়সতে কাব্য ৰচনাত হাত দিয়া বাবে তেওঁৰ দেউতাকে তেওঁক কাব্য চৰ্চাৰ পৰা বিৰত থাকিবলৈ আদেশ কৰে। তেওঁৰ ভয় হৈছিল যে তেওঁৰ পুত্ৰই অপৰিপক্ক বয়সত কবিতা ৰচনা কৰিলে কবিতাৰ মান নিম্ন হ’ব আৰু ইয়ে সিহঁতৰ বংশৰ মৰ্যদা হ্রাস কৰিব। কিন্তু কা’ব বিন জোহায়েৰ দেউতাকৰ নিষেধাজ্ঞা অমান্য কৰি কাব্য চৰ্চা অব্যাহত ৰাখে। ফলত দেউতাকে তেওঁক বন্ধী কৰি ৰাখি শাস্তি প্ৰদান কৰে। তথাপি তেওঁ কাব্য চৰ্চা চলাই যোৱাত দেউতাকে তেওঁক ঘৰৰ পৰা বহু দূৰত মৰুভূমিৰ মাজলৈ লৈ গৈ তাতে কেইশাৰী মান কবিতা ৰচনা কৰি মাজত খালি ঠাই ৰাখি সেইখিনি তেওঁক পূৰণ কৰিবলৈ আদেশ দিয়ে। তেতিয়া কা’ব বিন জোহায়েৰে নিজে কবিতাৰ পংক্তি ৰচনা কৰি খালী ঠাই পূৰণ কৰে। পুত্ৰই ৰচনা কৰা কবিতৰ পংক্তিকেইটা পঢ়ি পিতাক সন্তুষ্ট হয় আৰু সেইদিনৰ পৰা তেওঁক কাব্য ৰচনা কৰাৰ অনুমতি দিয়ে।
 
জোহায়েৰ এক পৌত্তলিক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল আৰু জীৱনৰ সৰহভাগ সময়ত ইছলামৰ বিৰোধীতা কৰি কবিতা ৰচনাৰে ইছলামৰ বিৰুদ্ধে কোৰায়েশসকলক উদ্বুদ্ধ কৰিছিল। আনকি তেওঁ হজৰত মহম্মদ (ছাঃ)কো নিন্দা কৰি কবিতা ৰচনা কৰিছিল। তেওঁৰ দেউতাক আবি ছালমা পৌত্তলিক পৰিয়ালত জন্ম গ্ৰহণ কৰিলেও তেওঁ একেশ্বৰবাদত বিশ্বাসী আছিল আৰু এদিন সপোনত নবীৰ জন্ম সম্পৰ্কে গম পাই তেওঁৰ পুত্ৰকসকলক নবীৰ ধর্ম অনুসৰণ কৰিবলৈ আছিয়ত কৰি যায়।
 
হজৰত মহম্মদ (ছাঃ)ৰ হিজৰত পিছত ৬৩০ খৃঃত কা’ব বিন জোহায়েৰে তেওঁৰ ভায়েক বোজাইৰ সৈতে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ মদীনাকৈ যাত্ৰা কৰে। কিন্তু মাজ বাটত জোহায়েৰে নিজে  মদীনালৈ নগৈ ভায়েক বুজায়েৰক নবী আৰু তেওঁৰ ধৰ্মমতৰ বিষয়ে জানিবলৈ হজৰত মহম্মদ (ছাঃ)ৰ ওচৰলৈ পঠাই দিয়ে। বোজাইৰে তেওঁৰ বাল্য বন্ধু আবু বকৰ (ৰাঃ)ক লগ ধৰি নবীজীক সাক্ষাৎ কৰে আৰু নবীজীৰ ব্যক্তিত্ব আৰু ধৰ্মমতত মোহিত হৈ ইছলাম গ্ৰহণ কৰে। ভায়েক বোজাইৰে ইছলামত দীক্ষিত হোৱাৰ বাতৰি পাই জোহায়েৰ অতিপাত খং কৰে আৰু ইছলাম ধৰ্ম আৰু নবীক নিন্দা কৰি কবিতা ৰচনা কৰে। পিছত নবীয়ে মক্কা বিজয় কৰাৰ পিছত ইছলামৰ ঘোৰ বিৰোধী কেইজনমানক মৃত্যদণ্ডৰ আদেশ দিয়ে । সেইসকলৰ ভিতৰত কা’ব বিন জোহাজেৰো আছিল। পিছত তেওঁৰ ভায়েক বোজাইৰ পৰামৰ্শ মতে নবীজীৰ ওচৰলৈ গৈ ক্ষমা খোজে আৰু ইছলাম ধৰ্মত দীক্ষিত হয় আৰু তাতে ইছলাম আৰু নবীক প্ৰশংসা কৰি কবিতা ৰচনা নবীজীৰ সন্মুখত সেয়া পাঠ কৰে। তেওঁৰ কবিতা পাঠ শ্ৰৱণ কৰি নবীজী বিমুগ্ধ হয় আৰু তেওঁক নিজৰ গাৰ চাদৰ দান কৰে। ইয়াৰ পিছত নবীজী জীয়াই থকালৈকে তেওঁ সদায় নবীৰ সংগত দিন নিয়াইছিল। পিছত তেওঁ ইছলামৰ হৈ কেইবাখনো যুদ্ধত অংশ গ্ৰহণ কৰি ইছলামৰ বিজয়ত অৱদান আগবঢ়াইছিল। ইছলাম গ্ৰহণৰ পিছত তেওঁ কাব্য চৰ্চাৰ প্ৰতি অমোনোযোগী হৈছিল আৰু খুব কম কবিতাহে ৰচনা কৰিছিল।
 
তেওঁ এশ বছৰতকৈয়ো অধিক কাল জীয়াই থাকি ইছলামৰ সেৱা কৰি ৬৪৭ খৃঃত মৃত্যু বৰণ কৰে।

কা’ব বিন জুহাইৰ : কাব্য প্ৰতিভাঃ

কা’ব বিন জুহাইৰ (Ka’b bin Juhair) ৰ আছিল প্ৰাক-ইছলামী আৰু প্ৰাথমিক ইছলামী-দুয়ো যুগৰ কবি। তেওঁৰ সৰহভাগ কবিতা প্ৰাক-ইছলামী যুগতে ৰচিত হৈছিল বাবে তেওঁৰ কবিতাত প্ৰাক-ইছলামী যুগৰ কবিতাৰ বৈশিষ্ট্য বিদ্যামান। ইছলাম ধৰ্ম গ্ৰহণৰ পিছত ৰচিত কবিতাবোৰতহে ইছলামী দৰ্শন প্ৰকাশ পাইছিল।
 
তেওঁ ৰচনা কৰা কবিতাৰ সংখ্যা বহুত আছিল যদিও সৰহভাগ কবিতা সংৰক্ষণৰ অভাৱত হেৰাই গৈছে। বৰ্তমানলৈকে তেওঁৰ মাত্ৰ ত্ৰিশটামান কবিতাহে পোৱা যায়। তেওঁৰ কবিতা অধ্যয়ন কৰিলে দেখা যায় যে তেওঁৰ কবিতাৰ বিষয়বস্তু আছিল শত্রূৰ প্ৰতি নিন্দা-ভৰ্ৎনা, বীৰপুৰুষকলৰ প্ৰতি প্ৰশংসা, যুদ্ধ-বিগ্ৰহ, জীৱ-জন্তু, প্ৰেম আদি। তেওঁৰ কবিতাত সেইসময়ৰ সমাজ ব্যৱস্থা, ৰাজনীতি, ধৰ্ম ব্যৱস্থা আদিও মূৰ্ত হৈ উঠিছে।
 
ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আগতে লিখা কবিতাবোৰ প্ৰায়েই নিন্দাসূচক আৰু সেইবোৰত তেওঁ ইছলাম, নবী আৰু তেওঁৰ গোত্ৰীয় শত্রূসকলক নিন্দা কৰিছিল।
 
তেওঁৰ বহুতো কবিতাত উট, ঘোঁৰা, গাধ আদিৰ প্ৰসংগ আছে।  এটি কবিতাত তেওঁ আৰোহন কৰা উটৰ বৰ্ণনা দিছে এনেদৰেঃ
 
“সবল আৰু তেজস্বী মোৰ উষ্ট্ৰী
সন্মুখলৈ ধাৱমান, ক্ষিপ্ৰ তাৰ গতি
ই অতিক্ৰম কৰে মৰুভূমিৰ উত্তপ্ত বালি
চিহ্নবিহীন পথৰ ওপৰত থাকে তাৰ দৃষ্টি।”
 
তেওঁৰ প্ৰেমৰ কবিতাসমূহ কাছিদা আৰ্হিত ৰচিত আৰু সেইবোৰ কবিতাত তেওঁৰ পূৰ্বৰ ইমৰাউল কাইচ, আল নাবিঘা আদি কবিৰ প্ৰভাৱ বিদ্যমান। তেওঁ প্ৰেমৰ কবিতা প্ৰেয়সীৰ পৰিত্যক্ত বাসগৃৰ বৰ্ণনাৰে আৰম্ভ কৰি প্ৰেয়সীৰ ৰূপ লাৱণ্যৰ বৰ্ণনা দিছে। তেওঁ প্ৰেয়সীক ছলনাকাৰী, প্ৰতাৰক, প্ৰতিজ্ঞা ভংগকাৰী হিচাপে অংকন কৰিছে। এটি কবিতাত তেওঁ লিখিছেঃ
 
“প্ৰেয়সী মোৰ চঞ্চলা, অস্থিৰ, 
ধাৰণ কৰে বহুৰূপ প্ৰেতাত্মাৰ দৰে
মিথ্যাৰ নামান্তৰ অংগীকাৰ কৰে বাৰে বাৰে
তাইৰ প্ৰতি মোৰ আশা, মোৰ ভৰসা ভ্ৰান্তিময়
যদিও মই চাই থাকো তাইলৈ হৈ তন্ময়।”
 
তেওঁৰ এটি বিখ্যাত কবিতা হৈছে ‘বানাত ছুৱাদ’ (কাচিদা)। কবিতাটি তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ প্ৰশংসা কৰি ৰচনা কৰিছিল। উদাৰহণস্বৰূপ তলৰ পংক্তিকইেটা উদ্ধৃত কৰা হ’লঃ
 
“আমি  এনে এজন মহাপ্ৰাণ ব্যক্তিৰ কৰতলত
মোৰ দক্ষিণ হাত স্থাপন কৰিছো
…………………….
নিশ্চয় আল্লাহৰ ৰছুল এক চকচকীয়া তৰোৱাল
যি হিন্দুস্থানী লোৰ দ্বাৰা নিখুঁতভাৱে তৈয়াৰী
শুভ্ৰ আৰু নিষ্কলংক।”
 
কা’ব বিন জোহায়েৰৰ আন এক বিখ্যাত কবিতা হৈছে ‘কাশ্বিদাতুল বোৰদা’। এই কবিতাটি বৰ্ণনামূলক। কবিতাটিত ঊনষষ্টিটা পংক্তি আছে। ইয়াৰ প্ৰথম  বাৰ (১২) পংক্তি লিখা হৈছে ভূমিকাস্বৰূপ। ইয়াৰ তেৰ পংক্তিৰ পৰা একত্ৰিশ পংক্তি পৰ্যন্ত কবিয়ে নিজৰ বাহনস্বৰূপ ব্যৱহাৰ কৰা উষ্ট্ৰীৰ শাৰীৰিক বৰ্ণনা দাঙি ধৰিছে। বত্ৰিশ পংক্তিৰ পৰা বাৱন্ন পংক্তি পৰ্যন্ত নবী মহম্মদ (ছাঃ)ৰ প্ৰতি কবিৰ ক্ষমা প্ৰাৰ্থনা আৰু পিছৰ পংক্তিবোৰত নবীৰ চাহাবা আৰু মোজাহিদসলকৰ প্ৰশংসা কৰিছে। বিষয়ৰ শ্ৰেষ্ঠত্ব, বৰ্ণনাৰ সাৱলীলতা, আবেগৰ গভীৰতা, ভাষাৰ সৌন্দৰ্য, ছন্দৰ মাধৰ্য, কাব্যিক কলা-কুশলতা, শব্দৰ বিন্যাস, ধৰ্মৰ উন্মাদনা আৰু অৰ্থৰ ব্যঞ্জনাৰ দিশত কবিতাটি আৰবী কাব্য সাহিত্যৰ এক অতুলনীয় সম্পদ বুলি ক’ব পাৰি।
 
কা’ব বিন জোহেয়ৰৰ কবিতাৰ ভাষা তেজস্বী, ভাৱোদ্বীপক আৰু উত্তেজনাপূৰ্ণ। তেওঁৰ কবিতাত উভৈনদী উপমা অলংকাৰৰ ব্যৱহাৰ দেখা যায়। তেওঁৰ কল্পচিত্ৰ অতি মনোৰম আৰু অভিনৱ। এটি কবিতাত তেওঁ প্ৰেয়সীৰ ৰূপ লাৱণ্যৰ কল্পচিত্ৰ অংকন কৰিছে এনেদৰেঃ
 
“তাইৰ শুভ্ৰ দাঁতৰাশি মদীৰা দ্বাৰা বিধৌত
বৰফৰ দৰে সুশীতল 
উত্তৰৰ দিশৰ পৰা বলা
বায়ুৰ দ্বাৰা স্নিগ্ধ।”
 
তেওঁৰ কবিতাত সৰল আৰু জটিল শব্দৰ সমাহাৰ দেখা যায়।  কিছুমান কবিতাত অপৰিচিত শব্দও ব্যৱহাৰ কৰিছে যদিও তেওঁৰ কবিতাৰ বহুতো পংক্তি প্ৰবাদ বাক্যৰ দৰে উপদেশমূলক।
 
সামৰণিত ক’ব পাৰি, কা’ব বিন জোহাইৰ মুখাদ্ৰিম কবিসকলৰ ভিতৰত নিশ্চয় এজন উল্লেখযোগ্য কবি যিজনৰ কবিতাত প্ৰাক-ইছলামী যুগ আৰু প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ বৈশিষ্ট্য সমানভাৱে বিদ্যমান। 0 0 0.
কা’ব বিন জুহাইৰ (Ka’b bin Juhair)
.
বি দ্রঃ উক্ত ‘কা’ব বিন জুহাইৰ | Ka’b bin Juhair’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
কা’ব বিন জুহাইৰ (Ka’b bin Juhair)

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here