যতি চিন । Punctuation Mark Assamese
যতি চিন । Punctuation Mark Assamese
যতি চিন । Punctuation Mark Assamese
আমি কথা পাতোতে বা লিখোতে আমাৰ বক্তব্য অধিক বোধগম্য আৰু অৰ্থবহ কৰি তুলিবৰ বাবে মাজে মাজে বিৰতি লওঁ। সেই বিৰতি কেতিয়াবা কম সময়ৰ বাবে হয় আৰু কেতিয়াবা বেছি সময় বাবে হয়। লিখিত ৰূপত সেই বিৰতি বুজাবলৈ কিছুমান চিন ব্যৱহাৰ কৰা হয়, যাক যতি চিন (Punctuation) বুলি কোৱা হয়। যতি চিনে বাক্য এটিক অধিক বোধগম্য, স্পষ্ট, সাৱলীল আৰু অৰ্থপূৰ্ণ কৰি তোলে। যতি চিন কেইবাটাও আছে, যেনে–
যতি চিন । Punctuation Mark Assamese
(১) দাৰি (।)
(২) কমা (,)
(৩) ছেমি কলন (;)
(৪) কলন (ঃ)
(৫) প্রশ্নবোধক চিন (?)
(৬) ভাববোধক চিন (!)
(৭) হাইফেন (-)
(৮) ড্যাচ (—-)
(৯) উৰ্দ্ধকমা ( “—-”)
(১০) বন্ধনী ( )। আদি
তলত এইবোৰৰ ব্যৱহাৰ আলোচনা কৰা হ’ল।
যতি চিন । Punctuation Mark Assamese
(১) দাৰি (।)
কোনো এটি বাক্য সম্পূৰ্ণ হোৱাৰ পিছত দাৰি (। ) ব্যৱহাৰ কৰা হয়। ই হৈছে আটাতিকৈ দীৰ্ঘ সময় বিৰতিৰ চিন। যেনে–
মই আপেল আৰু ডালিম ভাল পাওঁ।
সিহঁতে আজি বিদ্যালয়লৈ নাযায়।
হৰেনে মহাভাৰত পঢ়িছে।
যতি চিন । Punctuation Mark Assamese
(২) কমা (,)
পঢ়াৰ সময়ত বা লিখোতে এটা বৰ্ণ উচ্চাৰণ কৰিবলৈ আৱশ্যক হোৱা সময় বিৰতিৰ ক্ষেত্ৰত কমা (,) ব্যৱহাৰ কৰা হয়। কমাক লঘু যতি বুলিও কোৱা হয়। ই সদায় বাক্য এটাৰ ভিতৰত আবদ্ধ থাকে। ই হৈছে আটাইতকৈ কম সময় বিৰতিৰ চিন। তলত দিয়া ক্ষেত্ৰত এই চিন ব্যৱাহৰ কৰা হয়।
(ক) একে জাতীয় শব্দৰ তিনিটা বা তাতকৈ বেছি শব্দক এটাক আনটোৰ পৰা পৃথক কৰিবলৈ কমা ব্যৱহাৰ হয় আৰু শেষৰ শব্দ দুটাক ‘আৰু’ ৰে সংযোগ কৰা হয়। যেনে —
হৰি, হৰ আৰু যাদৱ বন্ধু।
আমেৰিকা, ফ্রান্স, জাৰ্মান আৰু চুইজাৰলেণ্ড চহকী দেশ।
(খ) ‘আৰু’ ৰ দ্বাৰা সংযোগ হোৱা কেইবাটাও শব্দ সমষ্টিৰ (pair of words) মাজত কমা বহে। যেনে —
উচ্চ আৰু নীচ, জ্ঞানী আৰু মূৰ্খ, ধনী আৰু দুখীয়া সকলোৱে এদিন মৰিব লাগিব।
উক্ত বাক্যটোত ‘উচ্চ আৰু নীচ’, ‘জ্ঞানী আৰু মৰ্খ’ ‘ধনী আৰু দুখীয়া’ এইবোৰ হৈছে যোৰ শব্দ ((pair of words)) ।
(গ) সম্বোধন পদ (Nominative of Address) ‘কমা’ৰে পৃথক কৰা হয়। যেনে —
হে ল’ৰা, ইয়ালৈ আহা।
বন্ধু, তোমাৰ কিতাপ কোনখন?
(ঘ) একেলগে বহা এটাতকৈ বেছি বিশেষণ বা বিশেষণীয় শব্দ [adverb Âor adverbials) ৰ মাজত কমা বহে। যেনে —
তেতিয়া, অৱশেষত সিদ্ধান্ত লোৱা হ’ল।
সবৰ্বশেষত, যদিও সন্ধিয়া হ’ল, মই যাবলৈ ওলালো।
(ঙ) উদ্ধৃতিৰ আগত কমা বহুৱাব লাগে। যেনে —
দেউতাই ক’লে, “মই বজাৰলৈ নাযাওঁ।”
চক্ৰেটিছে কৈছিল, “মোক শান্তিত মৰিবলৈ দিয়া।”
(চ) কিছুমান নিৰ্দিষ্ট শব্দ বা শব্দ সমষ্টি যেতিয়া এটা বাক্যত একেলগে বহে তেতিয়া সিহঁতৰ আগত আৰু পিছত কমা (,) বহে। তেনেকুৱা শব্দ কিছুমান হৈছে –অৱশ্যে, সম্প্ৰতি, মুঠতে, প্ৰথমতে, দ্বিতীয়তে, সামৰণিত ক’বলৈ গ’লে, সঁচা কথা ক’বলৈ হ’লে ইত্যাদি। যেনে —
মই তোমাক অনুৰোধ কৰো, সঁচা কথা ক’বলৈ হ’লে, তুমি দ্বিতীয়বাৰ ইয়ালৈ নাহিবা।
তেওঁৰ আচৰণ, অৱশ্যে, সন্তোষজনক নাছিল।
(ছ) ব্যক্তি এজনৰ নাম উল্লেখ কৰি পিছত তেওঁৰ বিষয়ে সংক্ষিপ্ত কিছু বৰ্ণনা দি বাক্য এটা সম্পূৰ্ণ কৰিলে সেই ব্যক্তিৰ নামৰ পিছত কমা বহে। যেনে-
জন মিল্টন, ইংৰাজ কবিয়ে ‘পাৰাডাইজ লষ্ট’ মহাকাব্যখন ৰচনা কৰিছিল।
ছাদ্দাম হুছেইন, ইৰাকৰ প্ৰাক্তন প্ৰেচিডেন্ট, বিংশ শতাব্দীৰ সাহসী একনায়ক আছিল।
(জ) ‘হয়’, আৰু ‘নহয়’ ক বাক্যৰ বাকী অংশৰ পৰা পৃথক কৰিবলৈ ইয়াৰ পিছত কমা বহে। যেনে —
হয়, মই তোমাক সহায় কৰিব পাৰো।
নহয়, তুমি আহিব নোঁৱাৰা।
(ঝ) মিশ্ৰ বাক্যত সৰু সৰু খণ্ডবাক্য থাকিলে সিবোৰৰ মাজত কমা বহে। যেনে —
আমি গৈছিলোঁ, ৰামে গৈছিল, আমি আটায়ে গৈছিলো।
মই আহিছিলো, দেখিছিলো, জয় কৰিছিলো।
(ঞ) কোনো বাক্যৰ প্ৰথমতে থকা দীঘল কৰ্তাক ইয়াৰ ক্ৰিয়াৰ পৰা পৃথক কৰিবলৈ কমা ব্যৱহাৰ কৰা হয়। যেনে —
মানুহজন, যিজন যোৱাকালি আহিছিল, মোৰ ককাইদেউ।
সুন্দৰ উপহাৰখন, যিটো ৰাকেশে বিয়াত দিছিল, আটায়ে প্ৰশংসা কৰিছিল।
যতি চিন । Punctuation Mark Assamese
(৩) ছেমি কলন (;)
দাৰি (।) তকৈ কম আৰু কমা (,) তকৈ অলপ বেছি সময় ৰবলৈ ছেমি কলন (;) ব্যৱহাৰ কৰা হয়। ছেমি কলন তলত দিয়া নিয়মানুসৰি ব্যৱহাৰ হয়।
(ক) দুটা বাক্যৰ মাজত পৰস্পৰ সম্পৰ্ক বুজাবলৈ ছেমি কলন ব্যৱহাৰ কৰা হয়। যেনে —
মানুহে পাঙে; ঈশ্বৰে ভাঙে।
আশা আছে; জীৱন আছে।
(খ) একে বিষয়ৰ বিভিন্ন বাক্যক একেলগে সংযোগ কৰিবলৈ ছেমি কলন বহে। যেনে-
তুমি হাস্য ৰসিক; তোমাৰ দাদা গম্ভীৰ।
যতি চিন । Punctuation Mark Assamese
(৪) কলন (ঃ)
ছেমি কলন তকৈ বেছি সময় বিৰতি ল’ব লাগিলে কলন (ঃ) ব্যৱহাৰ হয়। তলত উল্লেখ কৰা স্থানত কলনৰ যথাযথ প্ৰয়োগ কৰা হয়। যেনে —
(ক) কিছুমান ঘটনা বা নাম গণনা কৰিবলৈ কলন ব্যৱহাৰ হয়। যেনে-
লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কিছুমান পুথি হ’ল– সুৰভি, জোনেবলি, কেহেঁকলি, বুঢ়ী আইৰ সাধু আদি।
(খ) তালিকা (List) উল্লেখ কৰোতে । যেনে —
মোৰ কিছুমান বস্তুৰ প্ৰয়োজন, যথা– কিতাপ, কাগজ, কলম, পেঞ্চিল ইত্যাদি।
(গ) উদাহৰণ (example) উল্লেখ কৰিবলৈ। যেনে-
বাক্যত সাধাৰণতে কৰ্তাটো আগত বহে, যেনে: মই ভাত খাওঁ।
(ঘ) আগত উল্লেখ কৰা কোনো ঘটনাৰ ব্যাখ্যা দিবলৈ । যেনে —
তেওঁ আহিব নোৱাৰে, কাৰণ: তেওঁৰ অসুখ।
কোনেও পৰিপূৰ্ণ সাধু নহয়: সকলোৱে ভুল কৰে।
(ঙ ) উদ্ধৃতি (Quotation) দিবলৈ । যেনে —
চক্ৰেটিছে কৈছিল: “ মানুহ যুক্তিৰ দ্বাৰা পৰিচালিত হ’ব লাগে।”
প্লেটোৱে কৈছিল: “পোহৰ হ’ল ঈশ্বৰৰ ছাঁ।”
(চ) পৰস্পৰ বিৰোধী দুটা ভাবৰ বাক্যৰ মাজত সংযোজক অব্যয় নাথাকিলে। যেনে —
নানা মুনি:নানা মত।
মানুহে পাঙে ঃ ঈশ্বৰে ভাঙে।
(ছ) কোনো কিতাপৰ নামৰ সৈতে লিখকৰ নাম লিখিবলৈ হ’লে লিখকৰ নামৰ পিছত, যেনে —
ৰজনীকান্ত বৰদলৈ ঃ মনোমতী।
ৰাজা ৰাও ঃ কান্থাপুৰা।
যতি চিন । Punctuation Mark Assamese
(৫) প্ৰশ্নেবাধক চিন (?)
প্ৰশ্ন সুধিবলৈ প্ৰশ্নবোধক চিন (Question mark -‘?’) ব্যৱহাৰ কৰা হয়। যেনে —
তোমাৰ নাম কি?
সিহঁতে কি কৰি আছে?
তুমি কোন?
মোক এখন কিতাব দিবনে?
(৬) ভাববোধক চিন (!)
মনৰ উচ্ছাস, আবেগ বা বিস্ময় প্ৰকাশ কৰিবলৈভাববোধক চিন (!) ব্যৱহাৰ হয়)। যেনে —
কি সুন্দৰ ফুল!
হায়! মোৰ সবৰ্বনাশ হ’ল।
বা! আমি খেলত জিকিলো।
কেতিয়াবা সম্বোধন কৰিবলৈ সম্বোধন কৰা ব্যক্তিৰ পিছত ভাববোধক চিন ব্যৱহাৰ কৰা হয়। যেনে –
হেৰি ডাঙৰীয়া! আপোনাৰ কেনে?
হেৰ বোপাই মধু! এইফালে আহা।
সবিতা! তুমিনো কি কৰিলা?
(৭) হাইফেন (-)
তলত দিয়া স্থানত হাইফেন (-) ব্যৱহাৰ কৰা হয়।
(ক) কেইবাটাও শব্দৰ যোগত এটা শব্দ (compound word) হ’লে হাইফেন (-) ব্যৱহাৰ কৰা হয়। যেনে —
তামোল-পান, খোৱা-লোৱা, ঘৰ-দুৱাৰ, কাঁহি-বাটি, খাল-বিল, কাপোৰ-কানি।
(খ) অনুৰূপ আৰু অনুকাৰ শব্দতো হাফিেন (-) ব্যৱহাৰ কৰা হয়। যেনে —
মাতা-পিতা, ল’ৰা-ছোৱালী, ভাত-চাত, মাছ-তাচ।
(৮) ড্যাচ (—-)
(ক) হঠাতে বিৰতি বা চিন্তাৰ হঠাৎ পৰিৱৰ্তন নিৰ্দ্দেশ কৰিবলৈ ড্যাচ (—-) ব্যৱহাৰ কৰা হয়। যেনে-
ৰাম মৰা নাই — কিয় কান্দি আছা?
অৰুণ, মিনা, শীলা — সকলো ভালে আছে।
(খ) গণনা কৰাৰ আগতে বস্তুসমূহৰ তালিকা দিবলৈ ড্যাচ (—) ব্যৱহাৰ কৰা হয়। যেনে —
মোৰ সকলো আছে — কলম, কাগজ, পেঞ্চিল, ডাষ্টাৰ আদি।
(গ) কথাৰ মাজত উত্তেজনা বা ইতঃস্তত বোধ প্ৰকাশ কৰিবলৈ ড্যাচ (—-) ব্যৱহাৰ কৰা হয়। যেনে —
মই গৈছিলো – মই কৰিছিলো – মই ওভতি আহিছিলো।
মিষ্টাৰ বৰুৱা – আপোনাক মদ ঘৰত পাইছিলো।
যতি চিন । Punctuation Mark Assamese
(৯) উৰ্দ্ধকমা ( “—-”)
(ক) বক্তাৰ কথাৰ হুবহু বৰ্ণনা দিবলৈ বা উদ্ধৃতি দিবলৈ উৰ্দ্ধকমা (“–”) ব্যৱহাৰ হয়। যেনে —
জৱাহৰলাল নেহৰুৱে কৈছিল, “ আমাৰ গনতন্ত্ৰ বিপদাপন্ন: ইয়াক ৰক্ষা কৰা।”
হজৰত মহম্মদে কৈছিল, “তেওঁৱেই উত্তম লোক যিজনে নিজৰ কাম নিজে কৰে।”
(১০) বন্ধনী ( )
সাধাৰণতে বাক্যৰ ভিতৰত কোনো ভাঙনি, অপৰিচিত শব্দৰ ব্যখ্যা আদিৰ বাবে বন্ধনী চিন ব্যৱহাৰ কৰা হয়। যেনে–
উত্তৰ-পূৱ ভাৰতত (বিশেষকৈ মেঘালয়ত ) কয়লা পোৱা যায়।
মোৰ বন্ধু (ৰাম, টম আৰু নবিন) য়ে মোক সহায় কৰিছিল।
মোৰ লিখাৰ সামগ্ৰী (কলম, কাগজ, পেঞ্চিল) আছে।
যতি চিন । Punctuation Mark Assamese
অনুশীলনী
(১) যতি চিন কাক বোলে?
(চ্) যতিচিনবোৰৰ ব্যৱহাৰ আলোচনা কৰা।
(3) তলত দিয়া বাক্যবোৰত যতি চিন ব্যৱহাৰ কৰা।
মোৰ সকলো আছে ঘৰ বাৰী কাপোৰ কানি
সিহঁতে বল খেলি আছে
বা কি সুন্দৰ দৃশ্য
কীটচে কৈছিল সত্যই সুন্দৰ
তেওঁ আহিব নোৱাৰে কাৰণ তেওঁৰ অসুখ
তুমি ক’লৈ গৈছিলা
আমেৰিকা, জাপান, জাৰ্মান আৰু কানাডা চহকী দেশ
জন কীটচে কৈছিল সত্যই সুন্দৰ আৰু সু্ন্দৰেই সত্য
তোমাৰ দেউতাৰ নাম কি
সিহঁত ভাল খেলুৱৈ
ভালদৰে পঢ়া ভাল ফল লাভ কৰা. ০ ০ ০
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান: