Home Ass Grammar আল-নাবিঘা | Al-Nabigha

আল-নাবিঘা | Al-Nabigha

0

আল-নাবিঘা | Al-Nabigha

আল-নাবিঘা  Al-Nabigha

আল-নাবিঘা | Al-Nabigha

আল-নাবিঘা: চমু  পৰিচয়

আল-নাবিঘা আছিল প্ৰাক-ইছলামী যুগৰ এজন বিখ্যাত কবি। তেওঁৰ প্ৰকৃত নাম আছিল জিয়াদ বিন মুৱাবিয়াহ আৰু তেওঁৰ উপনাম আবু ওমামাহ। তেওঁৰ জন্ম সময় জনা নাযায় যদিও তেওঁ ষষ্ঠ শতিকাৰ প্ৰথমাৰ্ধত জন্ম গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হয়। তেওঁ আৰবৰ বিখ্যাত বানু জুবিয়ান গোত্ৰত জন্ম গ্ৰহণ কৰে। তেওঁ মহৎ ব্যক্তিত্বৰ অধিকাৰী আছিল আৰু কবি হিচাপেও মহৎ আছিল বাবে তেওঁক ‘আল-নাবিঘা’ বুলি কোৱা হৈছিল।  তেওঁ জন্ম গ্ৰহণ কৰা গোত্ৰটো মদিনাৰ উত্তৰে নজদ প্ৰদেশত বসবাস কৰিছিল।  বহু প্ৰাক-ইছলামী কবিৰ লগত তেওঁৰ পৰিচয় আছিল আৰু সিহঁতৰ পৰা কাব্য সাধনাৰ প্ৰেৰণা লাভ কৰিছিল। পিছত তেওঁ হীৰাৰ ৰজাৰ ৰাজদৰবাৰলৈ যায় আৰু ৰাজপৰিয়ালৰ লগত অন্তৰঙ্গতা গঢ়ি  উঠে।  তেওঁৰ কবিতাৰ পৰা জনা যায় যে তেওঁ হীৰাৰ ৰজাৰ হকে তেওঁৰ নিজ গোত্ৰক হীৰা ৰাজ্যৰ উত্তৰ অংশত উৎপীড়ন নকৰাৰ বাবে আবেদন কৰিছিল।  তেওঁ প্ৰায় ৫০ বছৰ হীৰাৰ ৰজাৰ ৰাজদৰবাৰত কটায় আৰু তিনিজন হীৰাৰ ৰজা যেনে-তৃতীয় নু‘মান, তেওঁৰ পিতৃ আৰু তেওঁৰ ককাদেউতাৰ ৰাজকবি হৈছিল।

 
নাবিঘাই হীৰাৰ ৰজাৰ ৰাজসভাত এক মৰ্যদাসম্পন্ন জীৱন যাপন কৰিছিল। সেই সময়ত ৰাজসভাত থকা মুনাখখান নামৰ আন এজন কনিষ্ঠ কবিয়ে নাবিঘাৰ ৰাজকীয় পৃষ্ঠষকতাত ঈৰ্ষান্বিত হৈ তেওঁৰ ওপৰত বদনাম জাঁপি দিবলৈ চেষ্টা কৰিছিল। কথিত আছে যে এবাৰ হীৰাৰ ৰজাই সুন্দৰী ৰাণীৰ সৌন্দৰ্য বৰ্ণনা কৰি এটি কবিতা ৰচনা কৰিবলৈ আদেশ কৰে। আল নাবিঘাই ৰজাৰ আদেশত এটি সুন্দৰ কবিতা ৰচনা কৰে। কবিতাটিত ৰাণীৰ সৌন্দৰ্য ইমান সজীৱ আৰু জীৱন্ত ৰূপত বৰ্ণনা কৰিছিল যে সেই বৰ্ণনাৰ পৰা ৰাণীৰ গোপন অংগও বাদ পৰা নাছিল। আগৰে পৰা ঈৰ্ষা কৰা কবি মুনাখখানে কবিতাটি পঢ়ি ৰজাৰ ওচৰত আল-নাবিঘাৰ বিৰুদ্ধে অভিযোগ আনে যে আল-নাবিঘাৰ লগত ৰাণীৰ অবৈধ সম্পৰ্ক আছে। ফলত হীৰাৰ ৰজাৰ লগত তেওঁৰ সম্পৰ্কৰ অৱনতি হয় আৰু তেওঁ হীৰাৰ ৰজাৰ ৰাজসভা ত্যাগ কৰি  চিৰিয়াৰ ৰাজসভালৈ যায়।
 
ছিৰিয়াৰ ৰাজদৰবাৰত তেওঁ কেইবাটাও বছৰ কটায় আৰু ৰাজকুমাৰসকলৰ গুণ-কীৰ্তন কৰি কবিতা ৰচনা কৰে।  জনা যায় পিছলৈ হীৰাৰ ৰজাই পুনৰ আল-নাবিঘাক হীৰালৈ মাতি নিয়ে আৰু তাতে ৬০৪ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়।
 

আল-নাবিঘা: কাব্যিক প্ৰতিভাঃ

আল-নাবিঘা (Al-Nabigha) তেওঁৰ সমসাময়িক কবিসকলতকৈ ব্যতিক্ৰমধৰ্মী কবি আছিল। তেওঁৰ কবিতাত তেওঁৰ পূৰ্বৰ কবিসকলৰ কবিতাত থকাৰ দৰে কোনো দুঃসাহসিক অভিযান, প্ৰাকৃতিক দৃশ্য, সুৰা, আমোদ-প্ৰমোদ আদিৰ বৰ্ণনা নাই। তাৰ পৰিৱৰ্তে তেওঁৰ কবিতাত পোৱা যায় মানৱীয় গুণ যেনে-বদান্যতা, মহত্ব, সাহস আদিৰ প্ৰশংসা আৰু গুন-কীৰ্তন। তেওঁৰ কিছুমান পংক্তি ব্যঙ্গাত্মক আছিল যদিও সেয়া আছিল সৰল আৰু মৃদু। তেওঁৰ কবিতাত কিছু পৰিমাণে স্থানীয় ঘটনাৰ বিৱৰণ পোৱা যায়। তেওঁৰ ভাষা আছিল সৰল, ছন্দোবদ্ধ আৰু জ্ঞানপূৰ্ণ বক্তব্যৰে সমৃদ্ধ।
 
তেওঁৰ কবিতা অধ্যয়ন কৰি উমাইয়া বংশৰ খলিফা আব্দুল মালিকে তেওঁক সেই যুগৰ শ্ৰেষ্ঠ কবি বুলি প্ৰশংসা কৰিছিল। আৰবী ব্যাকৰণ প্ৰণেতা আল-দোৱালিয়ে আল-নাবিঘাক প্ৰাক-ইছলামী যুগৰ সকলোতকৈ উত্তম কবি বুলি মন্তব্য কৰিছিল।
 
সামৰণিত ক’ব পাৰি যে ব্যক্তি হিচাপে আল-নাবিঘা আছিল মহৎ আৰু প্ৰশংসনীয় গুণৰ অধিকাৰী আৰু কবি হিচাপে আছিল নৈতিক আৰু সংযমী0 0 0.
 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

LEAVE A REPLY

Please enter your comment!
Please enter your name here