Home Ass Grammar জুহাইৰ বিন আবি ছালমা | Zuhair bin Abi Salma

জুহাইৰ বিন আবি ছালমা | Zuhair bin Abi Salma

0

জুহাইৰ বিন আবি ছালমা | Zuhair bin Abi Salma

 

জুহাইৰ বিন আবি ছালমা

জুহাইৰ বিন আবি ছালমা | Zuhair bin Abi Salma

জুহাইৰ বিন আবি ছালমা: চমু পৰিচয়:

জুহাইৰ বিন আবি ছালমা আছিল প্ৰাক-ইছলামী যুগৰ শ্ৰেষ্ঠ কবিসকলৰ মাজৰ এজন। তেওঁ কেতিয়া জন্ম গ্ৰহণ কৰিছিল সেয়া সঠিককৈ জনা নাযায়। অনুমান কৰা হয় তেওঁ ষষ্ঠ শতিকাৰ প্ৰথম ভাগত নজদ নামৰ ঠাইত মুৰ্ৰা সম্প্ৰদায়ৰ এটি শিক্ষিত আৰু চহকী পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল আবি ছালমা। তেওঁ এজন কবি আছিল। সৰু কালৰ পৰা জুহাইৰে তেওঁৰ মোমায়েক বাশ্বামা আল গাদিৰৰ ঘৰত ডাঙৰ-দীঘল হৈছিল। বাশ্বামা নিঃসন্তান আছিল যদিও অতি চহকী ব্যক্তি আছিল। তেওঁ এজন কবিও আছিল। উল্লেখ্য যে বাশ্বামাৰ পৰিয়ালৰ প্ৰায় সকলো সদস্যৰে কাব্যিক প্ৰতিভা আছিল। তেওঁৰ দেউতাকৰ দুই ভনী যথাক্ৰমে ছালমা আৰু  আল-খানচা দুয়োজনী সেই যুগৰ বিখ্যাত মহিলা কবি আছিল। মুঠতে জুহাইৰে এক কাব্যিক পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হৈ সৰুৰে পৰাই কাব্য চৰ্চাৰ প্ৰেৰণা লাভ কৰিছিল।
 
সেই সময়ত আবচ আৰু জুবিয়ান সম্প্ৰদায়ৰ মাজত দীৰ্ঘ দিন ধৰি ঘৰুৱা কন্দল চলি আছিল। কন্দলত দুয়ো পক্ষৰে বহুতো লোক নিহত হৈছিল। পিছত মুম্‌ৰা সম্প্ৰদায়ৰ হাৰিম বিন ছিনান আৰু হাৰিচ বিন আউফ নামৰ নেতা দুজনে দীৰ্ঘদিনীয়া এই কন্দলৰ মীমাংসা কৰি দুয়ো সম্প্ৰদায়ৰ মাজত শান্তি স্থাপন কৰে। শান্তিপ্ৰিয় জুহাইৰে  এই কাৰ্যত অতি সন্তুষ্ট হৈ হাৰিম বিন ছিনানক প্ৰশংসা কৰি এটি দীৰ্ঘ কবিতা ৰচনা কৰে। কবিতাটি পঢ়ি ছিনানে ভাল পাই জুহাইৰৰ কাব্যিক শক্তিক প্ৰশংসা কৰি বহুত ধন-সোন পুৰস্কাৰ দিয়ে আৰু ঘোষণা কৰে যে জুহাইৰে ৰচনা কৰা প্ৰতিটো কবিতাৰ পুৰস্কাৰ হিচাপে তেওঁ জুহাইৰক এজন চাকৰ আৰু এটাকৈ ঘোঁৰা উপহাৰ দিব। এনেদৰে উৎসাহিত হৈ জুহাইৰে বহুত কবিতা ৰচনা কৰে। কিন্তু দুখৰ বিষয় যে জুহাইৰ বিন আবি ছালমাই ৰচনা কৰা কবিতাৰ অতি সামান্য অংশৰ বাহিৰে সকলোখিনি কালৰ বুকুত জাহ গৈছে।
 
জুহাইৰে প্ৰায় এশ বছৰ-কাল জীয়াই আছিল। তেওঁ আছিল ধৰ্মপ্ৰাণ, দানশীল আৰু উদাৰ প্ৰকৃতিৰ লোক। তেওঁৰ বিচাৰ-বুদ্ধি আছিল উচ্চ পৰ্যায়ৰ। সম্ভৱতঃ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ)ৰ লগত তেওঁৰ সাক্ষাৎ হৈছিল। কিন্তু মহম্মদ (ছাঃ) ৰ নবুৱত প্ৰাপ্তিৰ কেইবছৰমান আগতে তেওঁৰ মৃত্যু হয়।
 
জুহাইৰ বিন আবি ছালমা: কাব্যিক প্ৰতিভাঃ
জুহাইৰ বিন আবি ছালমা (Zuhair bin Abi Salma) জাহিলী যুগৰ তিনিজন শ্ৰেষ্ঠ কবিৰ এজন বুলি কোৱা হয়। বাকী দুজন আছিল ইমৰাউল কাইছ আৰু আল-নাবিঘা।  জুহাইৰে প্ৰশংসামূলক কবিতাৰ ৰচক হিচাপে বিখ্যাত হৈছিল। তেওঁৰ কবিতাত তেওঁৰ পৃষ্ঠপোষক আৰু মানৱীয় গুণধাৰী ব্যক্তিসকলৰ বৰ্ণনা থকাৰ লগতে শৌৰ্য-বীৰ্যৰ বৰ্ণনা পোৱা যায়। ইমৰাউল কাইছৰ কবিতাত থকা দৰে তেওঁৰ কবিতাত উটৰ কাব্যিক বৰ্ণনা আছে। উল্লেখ্য যে তেওঁৰ কবিতাত তেওঁৰ পূৰ্ব কবি ইমৰাউল কাইছৰ কবিতাত থকা দৰে নাৰীদেহৰ কোনো বৰ্ণনা নাই। তেওঁৰ কবিতাত মদ, ৰং-তামাচা, শত্রূতা আদিৰ কোনো বৰ্ণনা নাই। তাৰ বিপৰীতে তেওঁৰ কবিতাত মানৱীয় গুণ, নৈতিকতা, ন্যায়, সাধুতা আদিৰ বৰ্ণনা পোৱা যায়। তেওঁৰ এটি কবিতাত আল্লাহৰ একত্ব, শেষ বিচাৰৰ দিনৰ প্ৰতি বিশ্বাস আদি ধৰ্মমূলক কথাই স্থান পাইছে।  মুঠতে তেওঁৰ কবিতা আছিল অশ্লীলতামুক্ত আৰু মানৱীয় গুণসম্পন্ন। সেয়ে হজৰত ওমৰ (ৰাঃ)য়ে তেওঁৰ কবিতাৰ প্ৰশংসা কৰিছিল।
 
কাব্যিক শৈলীৰ পিনৰ পৰা তেওঁৰ কবিতা আছিল সৰল আৰু কাঠিন্য বৰ্জিত। তেওঁ কবিতাত সহজ আৰু পৰিচিত শব্দ ব্যৱহাৰ কৰি বক্তব্যৰ বিষয় সাৱলীল কৰি তুলিছিল।
 
সামৰণিত ক’ব পাৰি যে জুহাইৰ বিন আবি ছালমাৰ কবিতা কাব্যিক শক্তিত ইমৰাউল কাইছৰ কবিতাৰ দৰে শক্তিশালী নহয় যদিও মানৱীয় আদৰ্শৰ কবি হিচাপে  জুহাইৰ বিন আবি ছালমা জাহিলী যুগৰ শ্ৰেষ্ঠ কবিসকলৰ মাজৰ এজন বুলি গণ্য কৰা হয়। ০ ০ ০.
 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

LEAVE A REPLY

Please enter your comment!
Please enter your name here