Home Quiz অর্থবিজ্ঞান কুইজ-৪

অর্থবিজ্ঞান কুইজ-৪

0

আপুনি যদি ‘অর্থবিজ্ঞান কুইজ-৪ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । ইয়াত অর্থবিজ্ঞান সম্পর্কে বিভিন্ন উৎসৰ পৰা আমি কুইজবোৰ সংগ্রহ কৰিছোঁ আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ পাঠকসমাজে কুইজবোৰ ভাল পাব ।

অর্থবিজ্ঞান কুইজ-৫

 

অর্থবিজ্ঞান কুইজ-৪

অর্থবিজ্ঞান কুইজ-৪

প্ৰশ্নঃ কাৰ মাজত এটা ব্যৱসায়িক প্রতিষ্ঠানৰ সংযোজিত মূল্য বিতৰণ কৰা হয়?

উত্তৰঃ ভূমি, শ্ৰম, মূলধন আৰু উদ্যোগীৰ মাজত ব্যৱসায় প্রতিষ্ঠানৰ সংযোজিত মূল্য বিতৰণ কৰা হয়। এই ক্ষেত্ৰত মূল্য সংযোজনে প্রতিষ্ঠানখনৰ প্ৰতিটো ভাগতে এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। 

প্ৰশ্নঃ ৰাষ্ট্ৰীয় আয় গণনা কৰাৰ সময়ত সংযোজিত মূল্য কিয় গণনা কৰা প্ৰয়োজন?

উত্তৰঃ জাতীয় আয় হ’ল এটা নিৰ্দিষ্ট বছৰত উৎপাদিত দ্ৰব্য আৰু সেৱা কাৰ্যৰ মুঠ সমষ্টি। আকৌ দেশ এখনৰ এটা বছৰত সকলো উৎপাদন প্রতিষ্ঠানৰ মূল্য সংযোজন সমষ্টিক মুঠ ঘৰৱা উৎপাদন বুলি কোৱা হয়। গতিকে জাতীয় আয় নিৰ্ণয় কৰোতে মুঠ ঘৰুৱা উৎপাদনৰ হিচাপ লোৱাৰ বাবে সংযোজিত মূল্য গণনা কৰা হয়।

প্ৰশ্নঃ এটা বছৰত এটা অৰ্থনীতিৰ চূড়ান্ত দ্ৰব্যৰ মুঠ উৎপাদন উপভোগ বা —————- ৰূপত হ’ব পাৰে। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ বিনিয়োগ।

প্ৰশ্নঃ অৱক্ষয় হ’ল স্থায়ী মূলধনৰ ————–। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ উপভোগ ।

প্ৰশ্নঃ ক্ষয়-ক্ষতিক স্থিৰ মূলধনৰ ———— বুলিও কোৱা হয়। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ উপভোগ।

অর্থবিজ্ঞান কুইজ-৪

প্ৰশ্নঃ মুঠ জাতীয় উৎপাদন = মুঠ ঘৰুৱা উৎপাদন + ————-। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ উপাদানৰ বিদেশৰ পৰা হোৱা নিগুটি আয়।

প্ৰশ্নঃ শুদ্ধ জাতীয় উৎপাদন = মুঠ জাতীয় উৎপাদন –   ———-। (খালী ঠাই পূৰণ কৰা)

উত্তৰঃ মূলধনৰ ক্ষয়-ক্ষতি।

প্ৰশ্নঃ কি অৱস্থাত এখন দেশৰ GDP, GNP ৰ সমান হ’ব পাৰে?

উত্তৰঃ এখন দেশৰ GDP, GNP সমান  হয় যেতিয়া বিদেশৰ পৰা পোৱা উপাদানৰ নিগুট আয় শূন্য হয়।

অর্থবিজ্ঞান কুইজ-৪

প্ৰশ্নঃ আয়ৰ চক্ৰীয় প্ৰবাহ উদ্ভৱ হোৱা যিকোনো দুটা সুৰুঙাৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ আয়ৰ চক্ৰীয় প্ৰবাহ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰিবলৈ কেইটামান অভিধাৰণা গ্ৰহণ কৰা হৈছে। যদি এই অভিধাৰণাসমূহ উঠাই লোৱা হয়, তেতিয়া এই প্ৰক্ৰিয়াটো ব্যাখ্যা কৰিবলৈ অসুবিধা হয়। ইয়াৰ দুটা সুৰুঙা হৈছে–

(ক) আয়ৰ পৰা সঞ্চয় হোৱা নাই।

(খ) আন্তৰ্জাতিক বাণিজ্য সম্পাদিত হোৱা নাই।

প্ৰশ্নঃ মুদ্ৰাৰ প্ৰচলন বেগ কি? 

উত্তৰঃ এক একক মুদ্ৰাই এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা লেনদেনৰ সংখ্যাই হ’ল ‘মুদ্ৰাৰ প্ৰচলন বেগ’।

প্ৰশ্নঃ ‘অভাৱৰ দুবাৰ মিল’ বুলিলে কি বুজা?

উত্তৰঃ বিনিময় প্ৰথাত লেনদেন হোৱা দুয়োপক্ষৰ অভাৱৰ সঙ্গতি থকাটোকে ‘অভাৱৰ দুবাৰ মিল’ বুলি কোৱা হয়। 

প্ৰশ্নঃ আদেশী মুদ্ৰা কি?

উত্তৰঃ চৰকাৰে আদেশৰ জৰিয়তে বিনিময়ৰ মাধ্যম হিচাপে পৰিণত কৰা মুদ্ৰাক ‘আদেশী মুদ্ৰা’ বুলি কোৱা হয়।

প্ৰশ্নঃ মুদ্ৰাৰ যোগান বুলিলে কি বুজায়?

উত্তৰঃ কোনো এক বিশেষ সময়ত জনসাধাৰণৰ হাতত থকা সকলো প্ৰকাৰৰ মুদ্ৰাক একেলগে ‘মুদ্ৰাৰ যোগান’ বুলি কোৱা হয়।

অর্থবিজ্ঞান কুইজ-৪

প্ৰশ্নঃ কাৰেন্সী জমা অনুপাত কি?

উত্তৰঃ কাৰেন্সী জমা অনুপাত হ’ল কাৰেন্সীৰ ৰূপত জনসাধাৰণৰ হাতত থকা মুদ্ৰা আৰু বেংকত থকা জনসাধাৰণৰ জমা অনুপাত।

প্ৰশ্নঃ সংৰক্ষিত জমা অনুপাত কি?

উত্তৰঃ সংৰক্ষিত জমা অনুপাত হ’ল বাণিজ্যিক বেংকে ইয়াৰ মুঠ জমাৰ সংৰক্ষিত ৰূপত ৰখা অনুপাত।

প্ৰশ্নঃ বজাৰসুদৰ হাৰ আৰু ঋণপত্ৰৰ দামৰ মাজত সম্পৰ্ক কি?

উত্তৰঃ বজাৰ সুদৰ হাৰ আৰু ঋণপত্ৰৰ দামৰ মাজত বিপৰীতমুখী সম্পৰ্ক আছে।

প্ৰশ্নঃ সংৰক্ষিত আমানত অনুপাতৰ অৰ্থ কি?

উত্তৰঃ বাণিজ্যিক বেংকসমূহে সৰ্বমুঠ আমানতৰ যিটো অংশ ঋণ প্ৰদান কৰাৰ পৰিৱৰ্তে জমা ৰাখিব লাগে তাকে ‘সংৰক্ষিত আমানত অনুপাত’ বুলি কোৱা হয়।

প্ৰশ্নঃ মুদ্ৰা আমানত অনুপাতৰ অৰ্থ কি?

উত্তৰঃ জনসাধাৰণৰ হাতত থকা মুদ্ৰা আৰু জনসাধাৰণে বেংকত জমা থোৱা আমানতৰ  অনুপাতকেই  ‘মুদ্ৰা আমানত অনুপাত’ বুলি কোৱা হয়।

অর্থবিজ্ঞান কুইজ-৪

প্ৰশ্নঃ বিস্তৃত মুদ্ৰা বুলিলে কি বুজা ?

উত্তৰঃ কাগজী নোট, কম মূল্যৰ পইচা, চাহিদা আমানত আৰু ব্যৱসায়িক বেংকৰ স্থিৰ আমানত বা কাল আমানতৰ সমষ্টিকেই ‘বিস্তৃত মুদ্ৰা’ বুলি কোৱা হয়।

প্ৰশ্নঃ সংকীৰ্ণ মুদ্ৰা বুলিলে কি বুজা?

উত্তৰঃ কাগজী নোট, কম মুল্যৰ পইচা, চাহিদা আমানত আৰু ব্যৱসায়িক বেংকত থোৱা সঞ্চয় আদিৰ সমষ্টিকেই ‘সংকীৰ্ণ মুদ্ৰা’ বুলি কোৱা হয়।

প্ৰশ্নঃ SLR ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Statutory Liquidity Ratio.

প্ৰশ্নঃ CRR ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Cash Reserve Ratio.

প্ৰশ্নঃ সীমিত বিহিত মুদ্ৰা কি?

উত্তৰঃ যি বিহিত মুদ্ৰাৰ যোগেদি সীমিত মূল্যৰ বিনিময়হে সম্পাদন কৰিব পাৰি, তাক ‘সীমিত বিহিত মুদ্ৰা’ বুলি কোৱা হয়।

প্ৰশ্নঃ অসীম বিহিত মুদ্ৰা কাক বোলে?

উত্তৰঃ যি মুদ্ৰাৰ সহায়ত যিকোনো মূল্যৰ বিনিময় সম্পাদন কৰিব পাৰি তাক ‘অসীম বিহিত মুদ্ৰা’ বোলে।

প্ৰশ্নঃ বিহিত মুদ্ৰা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ বিহিত মুদ্ৰা দুই প্ৰকাৰৰ। যেনে– অসীম বিহিত মুদ্ৰা আৰু সসীম বিহিত মুদ্ৰা।

অর্থবিজ্ঞান কুইজ-৪

প্ৰশ্নঃ হিচাপ নিকাচৰ মুদ্ৰা কি?

উত্তৰঃ যি মুদ্ৰাৰ সহায়ত হিচাপ-নিকাচ চলোৱা হয় তাকে ‘হিচাপ নিকাচৰ মুদ্ৰা’ বোলে।

প্ৰশ্নঃ ভাৰতৰ কেন্দ্ৰীয় বেংকৰ নাম কি?

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক।

প্ৰশ্নঃ তাৰল্য ফান্দ কি?

উত্তৰঃ অতি নিম্ন সুদৰ হাৰত মুদ্ৰাৰ চিন্তাপ্ৰসূত অভিপ্ৰায় অসীম হ’লে মুদ্ৰাৰ চাহিদা ৰেখাডাল আনুভূমিক হৈ পৰে। ৰেখাডালৰ এই আনুভূমিক অংশটোকে ‘তাৰল্য ফান্দ’ বুলি কোৱা হয়।

প্ৰশ্নঃ বজাৰ সুদৰ হাৰৰ অৰ্থ কি?

উত্তৰঃ বাণিজ্যিক বেংকে যি সুদৰ হাৰত ব্যক্তি আৰু ব্যৱসায়িক প্রতিষ্ঠানক ঋণ প্ৰদান কৰে, সেই সুদৰ হাৰকেই ‘বজাৰ সুদৰ হাৰ’ বোলে। 

প্ৰশ্নঃ বৰ্তমান ভাৰতত কেইটা ৰাষ্ট্ৰীয়কৃত বেংক আছে?

উত্তৰঃ ১৯ টা।

অর্থবিজ্ঞান কুইজ-৪ 

প্ৰশ্নঃ ১৯৬৯ চনৰ ১৪ জুলাইত কেইটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়?

উত্তৰঃ ১৪ টা। 

প্ৰশ্নঃ কেন্দ্ৰীয় বেংক কি?

উত্তৰঃ এখন দেশৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ শীৰ্ষতম বিত্তীয়  প্রতিষ্ঠানটোক ‘কেন্দ্ৰীয় বেংক’ বুলি কোৱা হয়।

প্ৰশ্নঃ বেংক হাৰ বুলিলে কি বুজা?

উত্তৰঃ যি সুদৰ হাৰত কেন্দ্রীয়  বেংকে বাণিজ্যিক বেংকক ঋণ প্ৰদান কৰে তাকে ‘বেংক হাৰ’ বুলি কোৱা হয়।

প্ৰশ্নঃ সামগ্ৰীক চাহিদাই  কি বুজায়?

উত্তৰঃ সামগ্ৰীক চাহিদা বুলিলে এটা বছৰত সৰ্বমুঠ দ্ৰব্য আৰু সেৱাৰ মুঠ চাহিদাক বুুজায়।

প্ৰশ্নঃ যদি পৰিকল্পিত ব্যয় পৰিকল্পিত  উৎপন্নতকৈ অধিক হয়, তেন্তে উৎপাদন প্রতিষ্ঠান  উদ্ভাৱনৰ ওপৰত কি প্ৰভাৱ পৰিব?

উত্তৰঃ উদ্ভাৱনৰ মজুত হ্রাস হ’ব।

অর্থবিজ্ঞান কুইজ-৪

প্ৰশ্নঃ নিৰ্দিষ্ট দৰ আৰু স্থিৰ সুদৰ হাৰত পূৰ্বকালীন সৰ্বমুঠ চাহিদা কিদৰে নিৰ্ণয় কৰা হয়?

উত্তৰঃ পূৰ্বকালীন সৰ্বমুঠ উপভোগ ব্যয় আৰু পূৰ্বকালীন সৰ্বমুঠ বিনিয়োগ ব্যয় যোগ কৰিলে পূৰ্বকালীন সৰ্বমুঠ চাহিদা পোৱা যায়।

প্ৰশ্নঃ বিনিয়োগ গুণকৰ সর্বোচ্চ আৰু সৰ্বনিম্ন মান কি?

উত্তৰঃ সর্বোচ্চ মান অসীম আৰু সৰ্বনিম্ন মান ১ হ’ব।

প্ৰশ্নঃ বিনিয়োগ গুণকৰ সংজ্ঞা দিয়া ?

উত্তৰঃ সামগ্ৰীক আয়ৰ পৰিৱৰ্তন আৰু বিনিয়োগৰ পৰিৱৰ্তনৰ অনুপাতক বিনিয়োগ গুণক বুলি কোৱা হয়।

প্ৰশ্নঃ বিনিয়োগ চাহিদা ফলনৰ অৰ্থ প্ৰকাশ কৰা।

উত্তৰঃ বিনিয়োগ চাহিদা আৰু সুদৰ হাৰৰ মাজৰ সম্পৰ্ককেই ‘বিনিয়োগ চাহিদা ফলন’ বুলি কোৱা হয়।

প্ৰশ্নঃ উপভোগ ফলন কি?

উত্তৰঃ উপভোগ আৰু উপাৰ্জনৰ মাজৰ ফলনীয় সম্পৰ্কই হ’ল ‘উপভোগ ফলন’।

প্ৰশ্নঃ পূৰ্ণ নিয়োগকালীন ভাৰসমতা বুলিলে কি বুজা?

উত্তৰঃ পূৰ্ণ নিয়োগকালীন ভাৰসাম্য অৱস্থা হৈছে এনে এক ভাৰসাম্য অৱস্থা য’ত অৰ্থনীতিৰ সমুদায় সম্পদ পূৰ্ণভাৱে নিয়োজিত হৈ থাকে।

প্ৰশ্নঃ ভাৰসাম্য সৰ্বমুঠ যোগান আৰু সৰ্বমুঠ চাহিদা কিদৰে নিৰ্ধাৰিত হয়?

উত্তৰঃ যিটো বিন্দুত সৰ্বমুঠ যোগান আৰু সৰ্বমুঠ চাহিদা সমান হয়, সেই বিন্দুতে ভাৰসাম্য সৰ্বমুঠ যোগান আৰু ভাৰসাম্য সৰ্বমুঠ চাহিদা নিৰ্ধাৰিত হয়।

অর্থবিজ্ঞান কুইজ-৪

প্ৰশ্নঃ সৰ্বমুঠ যোগান কি?

উত্তৰঃ কোনো এটা বছৰত এটা অৰ্থনীতিত ক্ৰয়-বিক্ৰয়ৰ বাবে থকা মুঠ উৎপন্নকেই সৰ্বমুঠ যোগান বুলি কোৱা হয়।

প্ৰশ্নঃ ভাৰসাম্য আয় কিদৰে নিৰ্ধাৰিত হয়?

উত্তৰঃ সৰ্বমুঠ চাহিদা আৰু সৰ্বমুঠ যোগান সমান হোৱা অৱস্থাত ভাৰসাম্য আয় নিৰ্ধাৰিত হয়–য’ত পৰিকল্পিত সঞ্চয় পৰিকল্পিত বিনিয়োগৰ সমান হয়।

প্ৰশ্নঃ অৰ্থনীতিৰ ভাৰসাম্য অৱস্থাত যেতিয়া চূড়ান্ত দ্ৰব্যৰ বজাৰ ভাৰসাম্য অৱস্থাত থাকে, তেতিয়া পূৰ্বৱৰ্তী যোগান পূৰ্বাপৰ চাহিদাৰ সমান হয়। (শুদ্ধনে অশুদ্ধ)

উত্তৰঃ শুদ্ধ। 

প্ৰশ্নঃ এটা প্রদত্ত বৰ্ষত জনসাধাৰণে যি ব্যৱহাৰ  কৰে, তাকে উপভোগ বোলে। কিন্তু একে সময়তে জনসাধাৰণে যি ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা কৰে তাক ই সূচাব নোৱাৰে। (শুদ্ধনে অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

প্ৰশ্নঃ স্থায়ী জমা হিচাপ কি?

উত্তৰঃ যি জমা হিচাপত বেংকত এটা নিৰ্দিষ্ট সময়লৈ ধন জমা ৰখা হয়, সেই হিচাপকে ‘স্থায়ী জমা হিচাপ’ বুলি কোৱা হয়।

প্ৰশ্নঃ বাণিজ্যিক বেংকৰ সংজ্ঞা দিয়া।

উত্তৰঃ যি প্রতিষ্ঠানে জনসাধাৰণৰ টকা জমা ৰাখে আৰু প্ৰয়োজন সাপেক্ষে টকা ধাৰে দিয়ে তেনে প্রতিষ্ঠানক ‘বাণিজ্যিক বেংক’ বুলি কোৱা হয়। ০ ০ ০

Economics Quiz-4

Q: Among whom is the added value of a business distributed?

Answer: The added value of a business is distributed among land, labour, capital and entrepreneurs. In this regard, value addition plays an active role in every part of the organization.

Q: Why does value added need to be calculated when calculating national income?

Answer: National income is the total sum of goods and services produced in a given year. Gross Domestic Product is the sum of the value added of all manufacturing enterprises in a country in a year. Therefore, value added is calculated to take account of GDP when determining national income.

Question: An economy’s total output of final goods in a year can be in the form of consumption or —————-. (Fill in the blanks)

Answer: Investment.

Question: Depreciation is the ————– of fixed capital. (Fill in the blanks)

Answer: Consumption.

Question: Amortization is also called ———— of fixed capital. (Fill in the blanks)

Answer: Consumption.

Question: GDP = GDP + ————-. (Fill in the blanks)

Answer: Gross income from abroad of components.

Question: Net GDP = GDP – ———-. (Fill in the blanks)

Answer: Loss of capital.

Q: Under what circumstances can the GDP of a country be equal to GNP?

Answer: The GDP of a country is equal to GNP when the net income from foreign sources is zero.

Question: Mention any two loopholes through which the cyclical flow of income arises.

Answer: Several concepts have been adopted to explain the cyclical flow of income process. If these concepts are removed, it becomes difficult to explain this process. There are two loopholes in this–

(a) There is no saving from income.

(b) International trade is not carried out.

Q: What is the velocity of circulation of currency?

Answer: The ‘velocity of currency’ is the number of transactions conducted by a single currency within a given period of time.

Q: What is meant by ‘double match of lack’?

Answer: In an exchange system, the correspondence of deficiencies of both parties to the transaction is called ‘double matching of deficiencies’

Q: What is the command currency?

Answer: Currency converted by the government into a medium of exchange by order is called ‘order currency’

Q: What is meant by money supply?

Answer: All types of currency in the hands of the public at a given time are collectively called ‘money supply’

Q: What is the currency deposit ratio?

Answer: Currency deposit ratio is the ratio of currency in the hands of the public in the form of currency to the deposits of the public in banks.

Q. What is the reserve deposit ratio?

Answer: Reserve deposit ratio is the ratio of the total deposits held by a commercial bank in reserve form.

Q: What is the relationship between market interest rate and bond price?

Answer: There is an inverse relationship between the market interest rate and the price of debentures.

Q: What does reserve deposit ratio mean?

Answer: The portion of total deposits that commercial banks have to deposit instead of lending is called ‘reserve deposit ratio’

Q: What does the currency deposit ratio mean?

Answer: The ratio of currency in the hands of the public to the deposits of the public in banks is called the ‘currency deposit ratio’

Q: What is meant by extensive currency?

Answer: ‘Broad currency’ is the combination of paper notes, low value money, demand deposits and fixed deposits or time deposits of commercial banks.

Q: What is a narrow currency?

Answer: ‘Narrow currency’ is the collection of paper notes, low denomination money, demand deposits and savings in commercial banks.

অর্থবিজ্ঞান কুইজ-৪

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ অর্থবিজ্ঞান কুইজ-৪

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here