Home Quiz অসমীয়া নাট্য উদ্যোগ কুইজ

অসমীয়া নাট্য উদ্যোগ কুইজ

0

অসমীয়া নাট্য উদ্যোগ কুইজ

অসমীয়া নাট্য উদ্যোগ কুইজ

 

অসমীয়া নাট্য উদ্যোগ কুইজ

অসমীয়া নাট্য উদ্যোগ কুইজ

প্ৰঃ অসমীয়া নাটকৰ পিতৃস্বৰূপ কোন? 

উঃ শ্ৰীমন্ত শংকৰদেৱ।

প্ৰঃ শ্ৰীমন্ত শংকৰদৱে ৰচনা কৰা নাটকসমূহক কি বুলি কোৱা হয়?

উঃ অংকীয়া নাট।

প্ৰঃ অংকীয়া নাটকৰ মুখ্য চৰিত্ৰ কি?

উঃ সূত্ৰধাৰ।

প্ৰঃ অসমৰ থিয়েটাৰৰ মূল ভেটি কি?

উঃ পুৰণি কালত অসমত প্ৰচলিত ‘ওজাপালি’ আৰু ‘পুতুলা নাচ’ অসমৰ থিয়েটাৰৰ মূল ভেটি।

প্ৰঃ লম্বোদৰ বৰাই অসমীয়ালৈ অনুবাদ কৰা সংস্কৃত নাটক কোনখন?

উঃ কালিদাসৰ ‘শকুন্তলা’।

প্ৰঃ কামৰূপ নাট্য পৰিষদৰ প্ৰথম সম্পাদক গৰাকী কোন আছিল?

উঃ ৰঘুনাথ চৌধাৰী।

প্ৰঃ কোনজন অসমীয়া অভিনেতাই অসমৰ বাহিৰত প্ৰথমে অসমীয়া অংকীয়া নাট মঞ্চস্থ কৰিছিল?

উঃ হেমন্ত মিশ্ৰই  (আমেৰিকাত)।

প্ৰঃ 1954 চনত দিল্লীত মঞ্চস্থ হোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটে শ্রেষ্ঠ লোক নাটৰ সন্মান লাভ কৰে?

উঃ শোণিত কুঁৱৰী।

প্ৰঃ 1963 চনত দিল্লীত অনু্ি‌ঠত বহুভাষিক নাট মহোৎসৱত কোনখন অসমীয়া নাটে শ্রেষ্ঠ  নাটৰ বঁটা লাভ কৰিছিল?

উঃ ‘জুইয়ে পোৰা সোণ’ (ৰচক ফণী শৰ্মা)।

প্ৰঃ অসমৰ সৰ্বপ্ৰথম ভ্ৰাম্যমান নাট্যদল কোনটো?

উঃ নটৰাজ থিয়েটাৰ।

অসমীয়া নাট্য উদ্যোগ কুইজ

প্ৰঃ প্ৰথম অসমীয়া সামাজিক নাটক কোনখন?

উঃ গুণাভিৰাম বৰুৱাই 1857 চনত ৰচনা কৰা ‘ৰাম নৱমী’।

প্ৰঃ গুৱাহাটী অনাতঁৰ কেন্দ্ৰৰ পৰা সম্প্ৰচাৰ কৰা প্ৰথম অসমীয়া নাট কোনখন?

উঃ ‘ধৰালৈ যিদিনা নামিব সৰগ’ (ৰচক– সত্য প্ৰসাদ বৰুৱা)।

প্ৰঃ সংস্কৃত ভাষাৰ নাটক অসমীয়ালৈ অনুবাদ কৰা প্ৰথম অসমীয়াজন কোন?

উঃ লম্বোদৰ বৰা।

প্ৰঃ কোনটো নাট্যদলে খ্যাতনামা নৃত্য পৰিচালক কমলা নাথৰ নৃত্য পৰিচালনাৰে ‘লেডী ডায়েনা’ মঞ্চস্থ কৰিছিল?

উঃ  আৱাহন থিয়েটাৰ।

প্ৰঃ কোনখন থিয়েটাৰ মঞ্চত ব্রজনাথ শৰ্মাই এজন অভিনেতা হিচাপে আত্ম প্ৰকাশ কৰিছিল?

উঃ ডুমডুমাত প্ৰদৰ্শিত থিয়েটাৰ মঞ্চত।

প্ৰঃ ‘টাইটানিক’ নাটকখন কোনটো ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল?

উঃ  কহিনুৰ থিয়েটাৰে।

প্ৰঃ অসমৰ বিখ্যাত আৰু পুৰণি ‘বেন-মঞ্চ’ ক’ত অৱস্থিত?

উঃ তেজপুৰত।

প্ৰঃ কোন গৰাকী ব্যক্তিয়ে ‘লেডী ডায়েনা’ৰ  নাট্যৰূপ দিছিল?

উঃ  সেৱাব্রত বৰুৱা।

প্ৰঃ ব্রজনাথ শৰ্মাদেৱে গঠন কৰা ভ্ৰাম্যমাণ নাট্যদলটোৰ নাম কি?

উঃ  কহিনুৰ অপেৰা পাৰ্টি।

প্ৰঃ ‘লেডী ডায়েনা’ কোখন ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল?

উঃ  আৱাহন থিয়েটাৰে।

অসমীয়া নাট্য উদ্যোগ কুইজ

প্ৰঃ ‘নটৰাজ থিয়েটাৰ’ দল কোন চনত গঠিত হয়?

উঃ 1963 চনত।

প্ৰঃ কোনজন অসমীয়া নাট্যকাৰে ‘টাইটানিক’ নামৰ ইংৰাজী কথাছবিখনৰ নাট্যৰূপ দিয়াৰ লগতে নাটকখন পৰিচালনাও কৰিছিল?

উঃ  হেমন্ত দত্ত।

প্ৰঃ অসমৰ এজন বিশিষ্ট নাট্যকাৰ, অভিনেতা, নাট পৰিচালক আৰু থিয়েটাৰ সংগঠক। এইজন ব্যক্তিয়ে নৱম শ্ৰেণীত পঢ়ি থাকোতে ‘একলব্য’ নামৰ নাটকখন ৰচনা কৰিছিল। ব্যক্তিজন কোন?

উঃ  লক্ষ্যধৰ চৌধুৰী।

প্ৰঃ ‘বেণ্ডিত কুইন’ কোনখন থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল?

উঃ  হেঙুল থিয়েটাৰ।

প্ৰঃ তৰুণ কুমাৰ বৰদলৈয়ে কিমান চনত ‘নাট্যভূষণ বঁটা’ লাভ কৰে?

উঃ 1998 চনত।

প্ৰঃ অসমীয়া নাটক বাণীবদ্ধ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?

উঃ  প্ৰফুল্ল চন্দ্ৰ বৰুৱা।

প্ৰঃ ‘লেডি ডায়েনা’ নাটকখন কোনে পৰিচালনা কৰিছিল?

উঃ  তপন দাসে।

অসমীয়া নাট্য উদ্যোগ কুইজ

প্ৰঃ ‘অনামিকা যুৱ শিল্পী সমাজে’ এজন ব্যক্তিক মৰণোত্তৰভাৱে ‘অভিনায়াচাৰ্য’ উপাধি প্ৰদান কৰিছিল। ব্যক্তিজন কোন?

উঃ ব্রজনাথ শৰ্মা।

প্ৰঃ ‘ধৰালৈ যিদিনা নামিব সৰগ’ নাটকখনৰ ৰচক কোন?

উঃ  সত্যপ্ৰসাদ বৰুৱা।

প্ৰঃ ‘কাঠমাণ্ডুৰ দেৱযানী’ কোনখন ভ্ৰাম্যমাণ থিয়েটাৰ দলে মঞ্চস্থ কৰিছিল?

উঃ  ভাগ্যদেৱী থিয়েটাৰ। ০ ০ ০

অসমীয়া নাট্য উদ্যোগ কুইজ

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ

অসমীয়া নাট্য উদ্যোগ কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here