যদি আপুনি আলেকজেণ্ডাৰ | Alexander‘ৰ বিষয়ে সবিশেষ জানিব খোজে, তেন্তে এইখন নিবন্ধ আপোনাৰ বাবে উপযুক্ত। আলেকজেণ্ডাৰ মেচিডনীয়াৰ এজন বিখ্যাত ৰজা আছিল। তেওঁ খ্ৰীষ্টপূৰ্ব ৩৫৬ চনত জন্মগ্ৰহণ কৰিছিল আৰু খ্ৰীষ্টপূৰ্ব ৩২৩ চনত মৃত্যু হৈছিল।
আলেকজেণ্ডাৰ | Alexander
আলেকজেণ্ডাৰ (Alexander) আছিল প্ৰাচীন গ্ৰীচৰ অন্তৰ্গত মেচিডনৰ সম্ৰাট আৰু বিশ্ববিজয়ী মহাবীৰ। খ্ৰীষ্টপূৰ্ব ৩৫৬-ত গ্ৰীচৰ পেল্লাত তেওঁৰ জন্ম হয়। পিতৃ মেচিডনৰ ৰজা দ্বিতীয় ফিলিপ আৰু মাতৃ অলিম্পিয়াছ। সৰুতে লিঅ’নিডোছ নামৰ এজন শিক্ষকৰ ওচৰত তেওঁ শিক্ষা গ্ৰহণ কৰে। ১৩ বছৰৰ পৰা ১৬ বছৰ বয়সলৈকে তেওঁ সুপ্ৰসিদ্ধ গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ ওচৰত শিক্ষা লাভ কৰে।
পিতৃ ফিলিপৰ মৃত্যুৰ পাছত মাত্ৰ ২০ বছৰ বয়সতে খ্ৰীষ্টপূৰ্ব ৩৩৬-ত তেওঁ মেচিডনৰ সিংহাসনত বহে। সিংহাসন আৰোহণ কৰিয়েই তেওঁ বিশ্ববিজয়ৰ বাবে প্ৰস্তুতি লয় আৰু সোনকালেই সমগ্ৰ গ্ৰীচৰ ওপৰত আলেকজেণ্ডাৰৰ আধিপত্য বিস্তাৰ হয়। ইয়াৰ পাছত খ্ৰীষ্টপূৰ্ব ৩৩০-ৰ পৰা মাত্ৰ তিনিবছৰৰ ভিতৰত তেওঁ এছিয়া মাইনৰ, ছিৰিয়া, মিছৰ, তুৰ্কীস্তান, পাৰস্য উপসাগৰীয় অঞ্চল, আফগানিস্তান আদি জয় কৰি খ্ৰীষ্টপূৰ্ব ৩২৭-ত উত্তৰ-পশ্চিম ভাৰতৰ হিন্দুকুশ পৰ্বতেদি ভাৰতত প্ৰৱেশ কৰে। সেই সময়ত উত্তৰ-পশ্চিম ভাৰতত কোনো ৰাজনৈতিক ঐক্য নাছিল। সমগ্ৰ অঞ্চলটোত সৰু সৰু ৰাজ্য পাতি বহুতো ৰজাই ৰাজত্ব কৰিছিল। এই সৰু সৰু ৰজাসকলৰ কেইজনমান সাহসী তথা পৰাক্ৰমী আছিল যদিও পৰস্পৰৰ মিলা-প্ৰীতিৰ অভাৱত তেওঁলোকে আলেকজেণ্ডাৰৰ বিৰুদ্ধে একেলগে থিয় দিব নোৱাৰিছিল। সেয়ে সিন্ধু নদীৰ পশ্চিম পাৰৰ সৰু সৰু ৰাজ্যবোৰে প্ৰায় বিনাবাধাই আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰি লয়। সিন্ধু নদীৰ পূব পাৰৰ তক্ষশীলাৰ ৰজা অম্ভিও বিনাযুদ্ধে আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰে। কিন্তু ঝিলাম আৰু চেনাব নদীৰ মধ্যৱৰ্তী অঞ্চলৰ ৰজা পুৰুৱে বশ্যতা স্বীকাৰ নকৰি আলেকজেণ্ডাৰৰ বিশাল সৈন্যবাহিনীৰ আক্ৰমণৰ সন্মুখীন হয়। তেওঁ ৩০ হাজাৰ পদাতিক, চাৰি হাজাৰ আশ্বাৰোহী, তিনিশ ৰথ আৰু দুশ হাতী লৈ ঝিলাম নদীৰ পাৰত আলেকজেণ্ডাৰৰ বিপক্ষে থিয় দিয়ে। আলেকজেণ্ডাৰৰ সৈন্যবাহিনীৰ বাবে ঝিলাম নদীৰ সিপাৰৰ পুৰুৰ সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাটো সম্ভৱ নাছিল। সেয়ে আলেকজেণ্ডাৰে গোপনে ঝিলাম নৈৰ পাৰ হৈ কাৰি নামৰ এডোখৰ ঠাইত পুৰুৰ সন্মুখীন হয়। এই যুদ্ধত পুৰুৱে অসাধাৰণ বীৰত্ব দেখুৱায়। যুদ্ধত পুৰুৰ ১২ হাজাৰ সৈন্য নিহত হয় আৰু পুৰু নিজেও আহত অৱস্থাত বন্দী হয়। ইতিহাসত এই যুদ্ধ ‘ঝিলাম নদী’ৰ যুদ্ধ নামেৰে খ্যাত। পুৰুৰ বীৰত্বত আলেকজেণ্ডাৰ মুগ্ধ হৈ¸ পুৰুক তেওঁৰ ৰাজ্যৰ আধা অংশ ঘূৰাই দিয়ে। ইয়াৰ পাছত তেওঁ ঝিলাম নদী অতিক্ৰম কৰি পূবৰ বিপাশা নদী পৰ্যন্ত অগ্ৰসৰ হয় আৰু বহুকেইখন ৰাজ্য জয় কৰে। আলেজেণ্ডাৰে বিপাশা নদী অতিক্ৰম কৰি পূবলৈ দিগবিজয়ৰ পৰিকল্পনা কৰিছিল যদিও তেওঁৰ সৈন্য বাহিনীৰ অনিচ্ছাক্ৰমে বিশ্বজয়ৰ অভিযান স্থগিত ৰাখি স্বদেশলৈ ৰাওনা হয়। ভাৰত ত্যাগৰ আগতে তেওঁ পুৰুক ঝিলাম আৰু বিপাশা নদীৰ মধ্যৱৰ্তী অঞ্চল আৰু ঝিলাম নদীৰ পশ্চিম পাৰৰ অঞ্চলৰ শাসনৰ দায়িত্ব অৰ্পণ কৰি থৈ যায়। স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ পথত বেবিলনত খ্ৰীষ্টপূৰ্ব ৩২৩-ৰ ১৩ জুনত মাত্ৰ ৩৩ বছৰ বয়সত সম্ৰাট আলেকজেণ্ডাৰৰ মৃত্যু হয়। মৃত্যুৰ পাছত আলেকজেণ্ডাৰৰ বিশাল সাম্ৰাজ্য তেওঁৰ প্ৰধান সেনাপতিসকলে সিহঁতৰ মাজত ভগাই লয়। তেওঁৰ ভাৰত আক্ৰমণৰ ফলত প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ মাজত যোগসূত্ৰৰ সূচনা হয়। ০ ০ ০
You May Like:
- Ready Guide Seba English IX
- Ready Guide Seba English X
- Ready Guide HS 1st Yr English
- Ready Guide HS 2nd Yr English
Note: Our Ready Guides offer 100% common textual questions and important additional questions with answers, crafted by experienced teachers. The language used is straightforward and easy to understand and remember.”
আলেকজেণ্ডাৰ-বিস্তাৰিত জীবনী
(আলেকজেণ্ডাৰ: মেচিডনীয়াৰ মহান ৰজা)
ভূমিকা
আলেকজেণ্ডাৰ, যাক মহান আলেকজেণ্ডাৰ বুলি জনা যায়, মেচিডনীয়াৰ এজন বিখ্যাত ৰজা আছিল। তেওঁ খ্ৰীষ্টপূৰ্ব ৩৫৬ চনত জন্মগ্ৰহণ কৰিছিল আৰু খ্ৰীষ্টপূৰ্ব ৩২৩ চনত মৃত্যু হৈছিল। তেওঁক ইতিহাসৰ আটাইতকৈ শক্তিশালী আৰু সফল সাম্ৰাজ্যবাদী হিচাপে গণ্য কৰা হয়। তেওঁৰ জীৱন আৰু কৰ্মই বিশ্বৰ ইতিহাসত এক বিশেষ স্থান লাভ কৰিছে।
শৈশৱ আৰু শিক্ষা
তেওঁৰ পিতৃ আছিল ফিলিপ দ্বিতীয়। ফিলিপ আছিল মেচিডনীয়াৰ ৰজা। আলেকজেণ্ডাৰৰ মাতৃ আছিল অলিম্পিয়াছ। আলেকজেণ্ডাৰক শৈশৱতে দাৰ্শনিক এৰিষ্টটলে শিক্ষা দিছিল। এৰিষ্টটলে আলেকজেণ্ডাৰক বিজ্ঞান, দাৰ্শনিক আৰু সাহিত্যৰ বিষয়ে শিকাইছিল। ইয়াৰ ফলত আলেকজেণ্ডাৰ জ্ঞানী আৰু বিচক্ষণ ব্যক্তি হিচাপে গঢ় লৈ উঠিছিল।
সিংহাসন আৰোহণ
খ্ৰীষ্টপূৰ্ব ৩৩৬ চনত ফিলিপৰ মৃত্যু হয়। তাৰ পিছত আলেকজেণ্ডাৰ মেচিডনীয়াৰ সিংহাসনত আৰোহণ কৰে। সিংহাসনত বহাৰ পিছত তেওঁ নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ বিভিন্ন যুদ্ধত অংশগ্ৰহণ কৰে। তেওঁ প্ৰথমে গ্ৰীচৰ বিভিন্ন ৰাজ্য জয় কৰে। তাৰ পিছত তেওঁ এশিয়া মাইনৰ, ইজিপ্ত আৰু পাৰস্য জয় কৰে।
বিশ্ব বিজয় অভিযান
আলেকজেণ্ডাৰ বিশ্ব বিজয়ৰ উদ্দেশ্যে বাহিৰ হয়। তেওঁ খ্ৰীষ্টপূৰ্ব ৩৩৪ চনত এশিয়া মাইনৰ জয় কৰে। তাৰ পিছত তেওঁ ইজিপ্ত জয় কৰে। ইজিপ্তত তেওঁ আলেকজেণ্ড্ৰিয়া নামৰ এখন নতুন নগৰ স্থাপন কৰে। তাৰ পিছত তেওঁ পাৰস্য জয় কৰে। পাৰস্য জয় কৰাৰ পিছত তেওঁ আফগানিস্তান আৰু ভাৰতৰ পঞ্জাব জয় কৰে।
ভাৰত অভিযান
আলেকজেণ্ডাৰ ভাৰতত প্ৰবেশ কৰে খ্ৰীষ্টপূৰ্ব ৩২৬ চনত। তেওঁ পঞ্জাবৰ ৰজা পোৰাছৰ সৈতে যুদ্ধ কৰে। এই যুদ্ধত তেওঁ বিজয়ী হয়। কিন্তু তেওঁৰ সৈন্যসকলে অধিক দূৰলৈ যাবলৈ অমান্তি জনায়। ইয়াৰ ফলত আলেকজেণ্ডাৰ ভাৰত বিজয়ৰ অভিযান অসমাপ্ত ৰাখি স্বদেশলৈ ঘূৰি যাবলৈ বাধ্য হয়।
মৃত্যু
আলেকজেণ্ডাৰ স্বদেশলৈ ঘূৰি যোৱাৰ পথত বেবিলনত অসুস্থ হয়। খ্ৰীষ্টপূৰ্ব ৩২৩ চনত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ বিশাল সাম্ৰাজ্য খণ্ড খণ্ড হৈ পৰে। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সাম্ৰাজ্যৰ বিভিন্ন অংশত তেওঁৰ সেনাপতিসকলে শাসন কৰে।
আলেকজেণ্ডাৰৰ প্ৰভাৱ
আলেকজেণ্ডাৰৰ বিজয় অভিযানৰ ফলত গ্ৰীক সংস্কৃতি বিশ্বৰ বিভিন্ন স্থানত বিস্তাৰ লাভ কৰে। ইয়াক হেলেনিজম বুলি জনা যায়। আলেকজেণ্ডাৰৰ সাম্ৰাজ্যৰ বিভিন্ন স্থানত গ্ৰীক ভাষা, সাহিত্য, বিজ্ঞান আৰু দাৰ্শনিকৰ প্ৰভাৱ পৰে। ইয়াৰ ফলত গ্ৰীক সংস্কৃতিৰ সৈতে অন্যান্য সংস্কৃতিৰ মিশ্ৰণ ঘটে।
উপসংহাৰ
আলেকজেণ্ডাৰ মেচিডনীয়াৰ এজন মহান ৰজা আছিল। তেওঁৰ বিজয় অভিযান আৰু সাম্ৰাজ্য বিস্তাৰৰ কাহিনী ইতিহাসৰ পাতত সোনালী আখৰেৰে লিখা আছে। তেওঁৰজীৱন আৰু কৰ্মই বিশ্বৰ ইতিহাসত এক বিশেষ স্থান লাভ কৰিছে। তেওঁক ইতিহাসৰ আটাইতকৈ শক্তিশালী আৰু সফল সাম্ৰাজ্যবাদী হিচাপে গণ্য কৰা হয়। 0 0 0
Alexander the Great: Biography
Introduction
Alexander the Great, one of history’s most famous and influential military leaders, was born in 356 BCE in Pella, the ancient capital of Macedonia. He was the son of King Philip II of Macedonia and Queen Olympias. Alexander’s extraordinary conquests created one of the largest empires in the ancient world, stretching from Greece to Egypt and as far east as India. His legacy as a military genius, cultural ambassador, and visionary leader continues to inspire and captivate the world.
Early Life and Education
Alexander was born on July 20, 356 BCE. From a young age, he was groomed for leadership. His mother, Olympias, was a strong influence on him, instilling in Alexander a sense of destiny and ambition. At the age of 13, Alexander was tutored by the great philosopher Aristotle, who imparted knowledge in a wide range of subjects including philosophy, science, medicine, and literature. Aristotle’s teachings greatly influenced Alexander’s love for Greek culture and his appreciation for knowledge, which he later spread throughout his empire.
Alexander’s early education also included training in military strategy, diplomacy, and combat, preparing him for the responsibilities of kingship. His first significant exposure to warfare came when he was just 16, during his father’s military campaigns. At this young age, he was left in charge of Macedonia as regent and successfully quelled a revolt, establishing a city named Alexandropolis.
Rise to Power
In 336 BCE, King Philip II was assassinated, and Alexander ascended to the Macedonian throne at the age of 20. He immediately faced challenges to his authority, including revolts from Greek city-states and threats from neighboring kingdoms. Displaying remarkable decisiveness and military skill, Alexander swiftly consolidated power, demonstrating his leadership by quelling rebellions in Thebes and other Greek states.
Alexander then turned his attention to fulfilling his father’s vision of conquering the Persian Empire. In 334 BCE, he crossed into Asia Minor with an army of around 35,000 soldiers, marking the beginning of his legendary campaigns.
Conquests and Military Campaigns
Alexander’s military genius became evident early in his campaigns. His first major victory came at the Battle of Granicus River in 334 BCE, where he decisively defeated a Persian satrap’s army, opening the gateway to Asia Minor. This victory set the tone for the rest of his campaign against the Persian Empire.
In 333 BCE, Alexander faced King Darius III of Persia at the Battle of Issus. Despite being vastly outnumbered, Alexander’s superior tactics led to a stunning victory. He continued his march south, capturing key cities including Tyre and Gaza, demonstrating not only his military prowess but also his strategic brilliance in sieging fortified cities.
In 332 BCE, Alexander entered Egypt, where he was welcomed as a liberator from Persian rule. In Egypt, he founded the city of Alexandria, which would become one of the greatest cultural and intellectual centers of the ancient world. After securing Egypt, Alexander set his sights on the heart of the Persian Empire.
The pivotal Battle of Gaugamela in 331 BCE was Alexander’s most significant victory against Darius III, effectively leading to the fall of the Persian Empire. Darius fled but was later killed by one of his own satraps. With this victory, Alexander was declared the King of Asia.
Expansion into India
Not content with his victories in Persia, Alexander pushed further east into India in 326 BCE. He crossed the Indus River and faced King Porus at the Battle of the Hydaspes River. Despite facing war elephants and unfamiliar terrain, Alexander’s tactical ingenuity led to another victory. Impressed by Porus’s bravery, Alexander reinstated him as a local ruler under his own suzerainty.
However, his campaign in India marked the limit of his conquests. His troops, exhausted from years of campaigning and eager to return home, refused to march further into the Indian subcontinent. Reluctantly, Alexander agreed and began the long journey back to Babylon.
Death and Legacy
In 323 BCE, Alexander returned to Babylon, where he began making plans for new campaigns, including an invasion of Arabia. However, his ambitions were cut short when he fell ill with a fever. After ten days of suffering, Alexander the Great died on June 10, 323 BCE, at the age of 32. The exact cause of his death remains a mystery, with theories ranging from malaria and typhoid fever to poisoning.
Alexander’s death left his empire without a clear successor, leading to decades of conflict among his generals, known as the Diadochi. Despite the fragmentation of his empire, Alexander’s legacy endured. He founded over 20 cities named after him, the most famous being Alexandria in Egypt, and spread Greek culture, language, and ideas throughout the known world, a period later known as the Hellenistic Age.
Cultural Impact and Legacy
Alexander’s legacy extends far beyond his military conquests. He is credited with the spread of Greek culture (Hellenization) across the territories he conquered, which had a lasting impact on the development of art, architecture, language, and philosophy in the ancient world. This cultural diffusion fostered a blend of Greek and Eastern customs, influencing regions from the Mediterranean to Asia for centuries.
His campaigns also facilitated the exchange of trade, technology, and knowledge between East and West, contributing to the interconnectedness of the ancient world. Alexander’s vision of a unified world, albeit achieved through conquest, set the foundation for future empires and influenced subsequent leaders, such as the Romans, who admired and emulated his achievements.
Conclusion
Alexander the Great remains one of history’s most iconic figures, celebrated for his military genius, visionary leadership, and the cultural legacy he left behind. His ability to inspire loyalty among his troops, his strategic brilliance on the battlefield, and his ambition to unite diverse cultures under one empire make him a figure of enduring fascination. Despite the collapse of his empire after his death, Alexander’s impact on history is undeniable, and his legacy continues to be studied and admired by scholars, military strategists, and history enthusiasts around the world. 0 0 0
বি. দ্র. উক্ত ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘বিশ্ব ব্যক্তি পৰিচয়’ গ্রন্থৰ অন্তর্গত।
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:






