এয়া সু সময়নে দুঃসময় | Eya Su Samayne Dusamay
এয়া সু সময়নে দুঃসময়
—ৰাব্বি মছৰুৰ
এয়া সু সময়নে দুঃসময়?
যি সময়ত প্ৰতিজন ডেকা-ডেকেৰীৰ জীৱনলৈ নামি আহে অকাল বৃদ্ধতা, ফুল ফুলাৰ আগতেই সৰি যায় কলি!
এয়া সু সময়নে দুঃসময়?
যি সময়ৰ ৰাজধানীত চলে মগজু বেচাঁ-কিনাৰ দৰ-দাম
সুন্দৰৰ গান গোৱা প্ৰতিজন শিল্পীৰ বুকুত সোমাই যায় চোকা বুলেট, ধাৰাল ছুৰি অথবা কিল, ভুকু আৰু লাথি।
যি সময়ৰ প্ৰতিজন শ্ৰমিকৰ মূৰৰ ঘাম আৰু বুকুৰ কেঁচা তেজ হয় মুষ্টিমেয়ৰ বিলাসৰ বোলছবি
যি সময়ৰ ফুল মালঞ্চত চলে
সভ্যতাক লৈ হেতালি খেলাৰ আখৰা।
এয়া সু-সময়নে দুঃসময়?
যি সময়ৰ প্ৰতিজন মাতৃয়েই নিজ চোতালতে
ধৰ্ষণৰ বীভৎস ভয়ত আচ্ছন্ন
যি সময়ৰ প্ৰতিগৰাকী নাৰীয়েই পুৰুষৰ বিলাসৰ পুতুলা।
এয়া সু-সময়নে দুঃসময়?
যি সময়ত ফুলা ফুলত নাথাকে সুবাস
শ্বাসৰুদ্ধতাত বন্ধী পখীৰ গান
বতাহে কঢ়িয়ায় বিহৰ কণিকা
যি সময়ত সকলো আনন্দই হয় আহত
ধৰ্ষিতা হয় ভালপোৱা ।
এয়া সু-সময়নে দুঃসময়? ০ ০ ০
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া সাহিত্য
- অসমীয়া সাহিত্য সমালোচনা
- অসমীয়া কবিতা
- অসমীয়া কবি পৰিচয়