Home Comics কৌতুক-ঞ

কৌতুক-ঞ

0

কৌতুক-ঞ

 

কৌতুককৌতুক-ঞ-ঞ

কৌতুক-ঞ

কৌতুক – ১

ৰাকেশে বন্ধু জিতেনক সুধিলে, “পত্নীৰ সংজ্ঞা কচোন।”

জিতেনে উত্তৰত ক’লে, “পতিৰ পতনৰ কাৰণ যি সেয়ে পত্নী।” 0 0 0

কৌতুক – ২

প্ৰথম বন্ধুঃ  অবৈধ সন্তানবোৰ জিনিয়াচ হয়।

দ্বিতীয় বন্ধুঃ কেনেকৈ জানিলাঁ?

প্ৰথম বন্ধুঃ গৱেষণাত প্ৰমাণ হৈছে।

দ্বিতীয় বন্ধুঃ নিশ্চয় সঁচা হ’ব। কাৰণ তুমিতো ৰিয়েলি এটা জিনিয়াচ। 0 0 0

কৌতুক – ৩

ৰবুলঃ ব্রেইনটো বৰ আচৰিত বস্তু, নহয় নে, মা?

মাকঃ কিয়?

ৰবুলঃ শ্ৰেণীকোঠাত থকা সময়খিনিৰ বাহিৰে ই সকলো সময়তে সক্ৰিয় হৈ থাকে। 0 0 0

কৌতুক – ৪

এগৰাকী চিত্ৰাভিনেত্ৰীয়ে ঘৰৰ কাম-কাজ কৰিবলৈ লগুৱা এজনক নিযুক্তি দি ক’লেঃ মোৰ ৰূমত সোমোৱাৰ সময়ত দুৱাৰত টোকৰ মাৰিহে সোমাবি।

— কিয়?

–মই তেতিয়া কাপোৰ সলাই থাকিবওতো পাৰোঁ!

পিছদিনা লগুৱাজনে দুৱাৰত টোকৰ নিদিয়াকৈয়ে ৰূমত সোমোৱাত অভিনেত্ৰীজনীয়ে ধমক দিয়াত লগুৱাজনে ক’লে, ”বাইদেউ খং নকৰিব। মই দুৱাৰৰ ফাঁকেৰে চাই আছিলোঁ। আপোনাৰ কাপোৰ সলোৱা শেষ হোৱাতহে সোমাইছোঁ।” 0 0 0

কৌতুক – ৫

কেছিয়াৰৰ পৰা দৰমহাৰ টকা লৈ হিচাপ কৰি বাবুলে দেখা পালে যে দুইশ টকা কম আছে। সি কেছিয়াৰক কথাটো জনোৱাত কেছিয়াৰে ক’লেঃ

“যোৱা মাহত মই আপোনাকতো দুশ টকা বেছিকৈ দিছিলোঁ, তেতিয়া নক’লে কিয়?”

“প্ৰথম ভুল সহ্য কৰিব পাৰি। কিন্তু বাৰে বাৰে হিচাপৰ ভুল সহ্য কৰিব পাৰি জানো?” বাবুলে উত্তৰ দিলে। 0 0 0

কৌতুক – ৬

এহাল পতি-পত্নীয়ে সদায় তৰ্কা-তৰ্কি কৰি থকাত বন্ধু ৰাজেনে সুধিলে, “তোমালোকে কিয় ইমান তৰ্কা-তৰ্কি কৰি থকা?”

সিহঁতে ক’লে, “আমাৰ চিনাকি হৈছিল এক তৰ্ক প্ৰতিযোগিতাতহে।” 0 0 0

কৌতুক – ৭

এখন চেলুনৰ গ্ৰাহক এজনে নাপিতক সুধিলে, ”কম চুলি থকা মানুহ এজনে চুলি কটালেও তোমালোকে একে দামেই লোৱা নেকি?

নাপিতঃ হয়। আৰু যদি চুলি কাটিবলৈ মূৰত চুলি বিচাৰিব লগা হয়, তেন্তে দুগুণ লওঁ। 0 0 0

কৌতুক – ৮

অফিচৰ পৰা ঘূৰি আহি গিৰীয়েকে ঘৈনীয়েকক ক’লেঃ আজি অফিচৰ পৰা কেইজনমান বন্ধু চাহ খাবলৈ আমাৰ ঘৰলৈ আহিব। তুমি চাহৰ কাপ-প্লেটবোৰ লুকুৱাই থবা।

ঘৈনীয়েকঃ কিয়? সিহঁতৰ কোনোৱা হাতলৰ স্বভাৱৰ নেকি?

গিৰীয়েকঃ নহয়। সেইবোৰ দেখা পালে অফিচৰ বুলি চিনি পাব। 0 0 0

কৌতুক – ৯

ৰবিঃ (স্কুলৰ পৰা ঘূৰি আহি) মা, আজি আমাৰ বাইদেৱে কি সুধিছিল, জানা?

মাকঃ কি?

ৰবিঃ স্কুলত নাম লগাব পৰা মোৰ ভাইটি বা ভন্টি আছে নে সুধিছিল। মই ‘নাই’ বুলি ক’লোঁ।

মাকঃ বাইদেউৱে পাছত কি ক’লে?

ৰবিঃ ‘বাচিলোঁ আৰু’ বুলি ক’লে। 0 0 0

কৌতুক – ১০

ৰজনঃ আজি এলাৰ্ম ঘড়ীটোৱে মোৰ পুৱাৰ টোপনি ভাঙিলে, লগতে মোৰ মূৰটোও ভাঙিল।

ৰিন্টুঃ কেনেকৈ?

ৰজনঃ দেৰিলৈকে শুই থকাত পত্নীয়ে এলাৰ্ম ঘড়ীটো মোৰ মূৰলৈকে মাৰি পঠালে। 0 0 0

কৌতুক-ঞ

বিঃদ্রুঃ  উক্ত কৌতুকসমূহ ৰাব্বি মছৰুৰ ৰচিত ‘হাঁহিৰ খোৰাক কৌতুক‘ গ্রন্থৰ পৰা লোৱা হৈছে।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here