আপুনি যদি ‘ক্ৰিকেট কুইজ | Cricket Quiz‘ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই ‘ক্ৰিকেট কুইজ | Cricket Quiz’ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।
ক্ৰিকেট কুইজ | Cricket Quiz
প্ৰঃ কোন দেশত ক্ৰিকেট খেলৰ জন্ম হয়?
উঃ ইংলণ্ড।
প্ৰঃ কি গছৰ কাঠৰ পৰা ক্ৰিকেট বল তৈয়াৰ কৰা হয়?
উঃ উইল’।
প্ৰঃ এজন বেট্চমেনে কেই প্ৰকাৰে আউট হ’ব পাৰে?
উঃ 10 প্ৰকাৰে।
প্ৰঃ ক্ৰিকেট পিটছৰ প্ৰস্থ কিমান?
উঃ 3.05 মিটাৰ।
প্ৰঃ কোনজন বিখ্যাত ক্ৰিকেটাৰ ‘ব্ল্যাক ব্রেডমেন’ বুলি জনাজাত?
উঃ জৰ্জ হেড্লি।
প্ৰঃ টেষ্ট ইনিংচৰ প্ৰথম অভাৰতে হেট্ৰিক অৰ্জন কৰা বিশ্বৰ সৰ্বপ্ৰথম বলাৰজন কোন?
উঃ ইফৰান পাঠান।
প্ৰঃ অভিষেক টেষ্টখনতে শতৰাণ কৰা প্ৰাক্তন ইংলেণ্ড আৰু আৰ্চেনেল ফুটবলাৰজন কোন?
উঃ আৰ্থাৰ মিল্টন।
প্ৰঃ বেটিং পক্ষক আম্পায়াৰে ‘অফাৰচ দি লাইট’ কৰা মানে কি?
উঃ কম পোহৰৰ বাবে খেল খেলাত অসুবিধা হৈছে নেকি সোধে।
প্ৰঃ ওচৰৰ ফিল্ডাৰজনে বলটো ‘কট’ কৰাৰ আগতেই বলটো তেওঁৰ হেলমেটত আঘাত কৰিলে বেটচমেনজন আউট হ’ব নে?
উঃ নহয়।
প্ৰঃ যদি খেলুৱৈ এজনে বলটো টুপীৰে ফিল্ডিং কৰে তাৰ ফলাফল কি হ’ব?
উঃ বেটচমেনজনে পাঁচ ৰাণ পাব।
প্ৰঃ কিমান চনত প্ৰথম মহিলা টেষ্ট মেচ খেলোৱা হৈছিল?
উঃ 1934 চনত।
প্ৰঃ খেলপথাৰত নমাৰ আগতে এজন বেটচমেনে কি কাৰণে আউট হ’ব পাৰে?
উঃ চেনজিং ৰূমৰ পৰা পিটচলৈ আহোঁতে পাঁচ মিনিটতকৈ অধিক সময় লাগিলে।
প্ৰঃ বেটচমেনৰ কোবত বল গৈ আম্পায়াৰৰ জেপত সোমালে ফলাফল কি হ’ব?
উঃ বলটো ‘ডেড বল’ হ’ব।
প্ৰঃ কপিলদেৱৰ অন্তিম নামটো কি?
উঃ নিখঞ্জ।
প্ৰঃ অষ্ট্ৰেলিয়া আৰু ইংলণ্ডে অংশ গ্ৰহণ কৰা জনপ্ৰিয় টেষ্ট শৃঙ্খলাটোৰ নাম কি?
উঃ এচেছ শৃঙ্খলা।
প্ৰঃ ইংলণ্ডৰ হৈ টেষ্ট খেলা প্ৰথম ভাৰতীয় খেলুৱৈ গৰাকী কোন?
উঃ ৰঞ্জিত সিং।
প্ৰঃ বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ মাজৰ নামটো কি?
উঃ ৰমেশ।
প্ৰঃ ‘কেনিংটন অ’ভেল’ ইংলণ্ডৰ এখন প্ৰসিদ্ধ ক্ৰিকেট ষ্টেডিয়াম। ইয়াৰ জনপ্ৰিয় নামটো কি?
উঃ অ’ভেল।
প্ৰঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰ ‘আইডল’ নামৰ গ্ৰন্থখনৰ ৰচিয়তা?
উঃ সুনীল গাভাস্কাৰ।
প্ৰঃ টেষ্ট ক্ৰিকেটত শতক অৰ্জনকাৰী সৰ্বকনিষ্ট ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি?
উঃ শচীন তেণ্ডুলকাৰ।
প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত দ্ৰুততম অৰ্ধশতৰাণকাৰী ভাৰতীয় ক্ৰিকেটাৰজন কোন?
উঃ অজিত আগাৰকাৰ।
প্ৰঃ টেষ্ট ক্ৰিকেটত প্ৰথম শতৰাণকাৰী খেলুৱৈ গৰাকী কোন?
উঃ চাৰ্লচ বেনাৰমেন (অষ্ট্ৰেলিয়া)।
প্ৰঃ ‘গোল্ডেন ডাক’ মানে কি?
উঃ প্ৰথম বলতে আউট হোৱা বেট্চমেন।
প্ৰঃ কেনে পৰিস্থিতিত ক্ৰিকেটত এটা বল ‘ৱাইড বল’ হিচাপে বিবেচিত হ’ব পাৰে?
উঃ বলটো ষ্টাম্পৰ পৰা বহু দূৰেৰে পাৰ হৈ গ’লে।
প্ৰঃ ভাৰতৰ ক’ত ফিৰোজ ছাহ কোটলা ষ্টেডিয়াম অৱস্থিত?
উঃ দিল্লী।
প্ৰঃ খেল চলি থকা সময়ত আম্পায়াৰে তেওঁৰ পেটৰ সন্মুখত দুয়োখন হাত জোকাৰি কি বুজায়?
উঃ ডেড বলৰ সংকেত দিয়ে।
প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত প্ৰথম হেট্ৰিক অৰ্জন কৰা ক্ৰিকেটাৰজনৰ নাম কি?
উঃ জালালুদ্দিন।
প্ৰঃ টেষ্ট ক্ৰিকেটত অনিল কুম্বলেৰ চিকাৰ হোৱা প্ৰথমজন খেলুৱৈৰ নাম কি?
উঃ এলান লেম্ব।
প্ৰঃ থাৰ্ড আম্পায়াৰৰ দ্বাৰা আউট হোৱা প্ৰথমজন বেটচমেনৰ নাম কি?
উঃ শচীন তেণ্ডুলকাৰ।
প্ৰঃ টেষ্ট ক্ৰিকেটত 600 টা উইকেট দখলকাৰী প্ৰথমজন অষ্ট্ৰেলিয়ান বলাৰৰ নাম কি?
উঃ শ্বেন ৱাৰ্ণ।
প্ৰঃ টেষ্ট ক্ৰিকেটত 400 টা উইকেট দখলকাৰী প্ৰথমজন ভাৰতীয় বলাৰজন কোন?
উঃ কপিল দেৱ।
প্ৰঃ ক্ৰিকেটত ‘চাইনামেন’ মানে কি?
উঃ বাওঁহতীয়া গুগ্লি।
প্ৰঃ শ্ৰীলংকাৰ প্ৰথম টেষ্ট অধিনায়কজনৰ নাম কি?
উঃ বান্দুলা ৱাৰ্ণাপুৰ।
প্ৰঃ ভাৰতে কোনখন দেশক পৰাস্ত কৰি পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপ অৰ্জন কৰিছিল।
উঃ ৱেষ্ট ইণ্ডিজ।
প্ৰঃ প্ৰথম হেলমেট পিন্ধা ক্ৰিকেটাৰজনৰ নাম কি?
উঃ ডি এমিছ।
প্ৰঃ টেষ্ট মেচত দ্ৰুততম 100 টা উইকেট দখলকাৰী বলাৰজনৰ নাম কি?
উঃ জি ল’হমান।
প্ৰঃ টেষ্ট মেচত আত্ম প্ৰকাশ কৰা আটাইতকৈ বয়সস্থ খেলুৱৈ গৰাকী কোন?
উঃ জেমচ চাউদাৰটন (ইংলণ্ড)।
প্ৰঃ কোনজন ক্ৰিকেটাৰৰ উপনাম ‘মাষ্টাৰ ব্লাষ্টাৰ’।
উঃ শচীন টেণ্ডুলকাৰ।
প্ৰঃ টেষ্ট ক্ৰিকেটত11,000 তকৈ অধিক ৰাণ কৰা প্ৰথম বেট্চমেন গৰাকীৰ নাম কি?
উঃ এলান ব’ৰ্ডাৰ।
প্ৰঃ মাইকেল বিভানৰ মাজৰ নামটো কি?
উঃ গয়েল।
প্ৰঃ ভাৰত আৰু ইংলণ্ড উভয় দেশৰ হৈ ক্ৰিকেট খেলা একমাত্ৰ খেলুৱৈ গৰাকী কোন?
উঃ ইফতিখাৰ আলি খান পাটাউদী।
প্ৰঃ কোনখন দেশে 2000 চনত টেষ্ট খেলাৰ যোগ্যতা অৰ্জন কৰিছিল?
উঃ বাংলাদেশ।
প্ৰঃ কোনজন খেলুৱৈক ‘এচিয়ান ব্রেডমেন’ বুলি জনা যায়?
উঃ জাহিৰ আববাছ।
প্ৰঃ ভাৰতীয় ক্ৰিকেটাৰ অনিল কুম্বলেৰ উপনাম কি?
উঃ জাম্ব’।
প্ৰঃ প্ৰথমখন সংলগ্ন এদিনীয়া আন্তৰ্জাতিক খেল কোন দুখন দেশৰ মাজত অনুষ্ঠিত হৈছিল?
উঃ ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়া।
প্ৰঃ শ্বাৰজাহত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল কোন চনত অনুষ্ঠিত হৈছিল?
উঃ 1984 চনত।
প্ৰঃ অষ্ট্ৰেলিয়াৰ খেলুৱৈ ৰিকী পণ্টিঙৰ উপনাম কি?
উঃ পাণ্টাৰ।
প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত হেট-ট্ৰিক অৰ্জন কৰা প্ৰথমজন ইংৰাজ বলাৰৰ নাম কি?
উঃ জেমচ এণ্ডাৰছন।
প্ৰঃ ষ্টেট মেচত কপিল দেৱৰ 400 তম চিকাৰ কোন আছিল?
উঃ মাৰ্ক টেইলৰ।
প্ৰঃ কোন চনত পাকিস্থানে সৰ্বপ্ৰথম বিশ্বকাপ খিতাপ অৰ্জন কৰিছিল?
উঃ 1992 চনত।
প্ৰঃ 2007 চনৰ বিশ্বকাপ ক্ৰিকেটত কোনজন ক্ৰিকেটাৰ ‘প্লেয়াৰ অৱ দ্য টুৰ্ণামেন্ট’ হিচাপে বিবেচিত হৈছিল?
উঃ গ্লেন মেকগ্ৰাথ।
প্ৰঃ অধিকবাৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলা দেশখনৰ নাম কি?
উঃ অষ্ট্ৰেলিয়া।
প্ৰঃ প্ৰথমখন ক্ৰিকেট ৱৰ্ল্ড কাপ টুৰ্ণামেন্টৰ নাম কি আছিল?
উঃ প্রোডেনছিয়েল কাপ।
প্ৰঃ নাথান এষ্টল নামৰ বিখ্যাত ক্ৰিকেটাৰজন কোন দেশৰ খেলুৱৈ?
উঃ নিউজিলেণ্ড।
প্ৰঃ 1996 চনত লৰ্ডত অনুষ্ঠিত খেলখনত কোনজন বাওঁহতীয় বেটচমেনে শতক অৰ্জন কৰিছিল?
উঃ সৌৰভ গাংগুলী।
প্ৰঃ কোনজন ক্ৰিকেটাৰে কৈছিল, ‘I had a rubber guard against the chest and a thick pad, that was all”?
উঃ ডন ব্রেডমেন।
প্ৰঃ কপিল দেৱৰ আত্মজীৱনীখনৰ নাম কি?
উঃ বাই গড্ছ ডিক্ৰী।
প্ৰঃ পাঁচ দিনীয়া মেচৰ টেষ্ট ক্ৰিকেটত পাঁচখন খেলত এটাও ‘বাই ৰাণ’ নিদিয়া একমাত্ৰ উইকেট ৰক্ষকজনৰ নাম কি?
উঃ মাৰ্ক বাউচাৰ।
প্ৰঃ ‘ৰাৱালপিণ্ডি এক্সপ্ৰেছ’ কোনজন ক্ৰিকেটাৰৰ উপনাম?
উঃ ছোৱাইব আখ্টাৰ (পাকিস্থান)।
প্ৰঃ কোনখন ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচত সুনীল গাভাস্কাৰে 10,000 তম ৰাণ কৰিছিল?
উঃ চৰ্দাৰ পেটেল ষ্টেডিয়ামত (আহমেদাবাদ)।
প্ৰঃ বিভিন্ন বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টত দুখন দেশক প্ৰতিনিধিত্ব কৰা একমাত্ৰ দক্ষিণ আফ্রিকীয় খেলুৱৈজনৰ নাম কি?
উঃ কেপলাৰ ৱেচেলছ।
প্ৰঃ ক্ৰিকেট খেলত ব্যৱহৃত ষ্টাম্পৰ উচ্চতা কিমান?
উঃ 28 ইঞ্চি।
প্ৰঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰে টেষ্টমেচত সৰ্বাধিক সংখ্যক কেচ ধৰিছে?
উঃ ৰাহুল দ্ৰাবিড়।
প্ৰঃ টেষ্ট মেচত শতৰাণ কৰা প্ৰথম বাংলাদেশী বেটছমেনজনৰ নাম কি?
উঃ মহম্মদ আশ্ৰাফুল।
প্ৰঃ 1983 চনত ভাৰতে ‘প্রোডেনছিয়েল বিশ্বকাপ’ জয় কৰাৰ সময়ত ভাৰতীয় দলৰ সহ-অধিনায়ক কোন আছিল?
উঃ মহিন্দৰ অমৰনাথ।
প্ৰঃ 1983 চনত বিশ্বকাপত আত্মপ্ৰকাশ কৰি অষ্ট্ৰেলিয়াক পৰাজিত কৰা দেশখনৰ নাম কি?
উঃ জিম্বাবুৱে।
প্ৰঃ 1983 চনত ভাৰতে পোন প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটত বিজয় সাব্যস্ত কৰিছিল। সেই দলটোৰ অধিনায়ক কোন আছিল?
উঃ কপিল দেৱ।
প্ৰঃ টেষ্ট মেচত শ্বেণ ৱাৰ্ণৰ 600 তম চিকাৰ হোৱা খেলুৱৈজন কোন আছিল?
উঃ মাৰ্কাছ ট্রেছক’থিক।
প্ৰঃ বিশ্বকাপ ক্ৰিকেটত ভাৰতৰ হৈ প্ৰথমটো বল দলিওৱা ভাৰতীয় বলাৰজন কোন?
উঃ মদনলাল।
প্ৰঃ ৰাষ্ট্ৰীয় ক্ৰিকেট চেম্পিয়নশ্বিপ ‘ৰঞ্জী ট্ৰফী’ কোন চনৰ পৰা আৰম্ভ হয়?
উঃ 1934 চনৰ পৰা।
প্ৰঃ 1853 চনত পোন প্ৰথমতে কোনটো বিখ্যাত ক্লাৱে ক্ৰিকেটৰ নিয়মবোৰ সূত্ৰবদ্ধ কৰে?
উঃ মেৰিলিবোন ক্ৰিকেট ক্লাৱ।
প্ৰঃ ভাৰতৰ বিখ্যাত খেলুৱৈ অনিল কুম্বলেই কোনখন ষ্টেডিয়ামত এটা ইনিংছত 10 টা উইকেট দখল কৰিছিল?
উঃ ফিৰোজছাহ কোটলা ষ্টেডিয়াম (দিল্লী)।
প্ৰঃ প্ৰথম তিনিওটা টেষ্টমেচত শতক অৰ্জনকাৰী ভাৰতীয় খেলুৱৈজনৰ নামকি?
উঃ মহম্মদ আজাহাৰুদ্দিন।
প্ৰঃ বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ কপিল দেৱে টেষ্ট ক্ৰিকেটত কিমানটা উইকেট দখল কৰিছে?
উঃ 434 টা।
প্ৰঃ ডন ব্রেডমেনৰ ‘সপোনপুৰীৰ দল’ত অন্তৰ্ভূক্ত একমাত্ৰ ভাৰতীয় খেলুৱৈ গৰাকীৰ নাম কি?
উঃ শচীন তেণ্ডুেলকাৰ।
প্ৰঃ অন্তিম টেষ্ট ইনিংছৰ আগলৈকে ডন ব্রেডমেনৰ গড় ৰাণ কিমান আছিল?
উঃ 101.39
প্ৰঃ বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ চেতন শৰ্মাই বিশ্বকাপ ক্ৰিকেটত কাৰ বিপক্ষে হেট-ট্ৰিক অৰ্জনক ৰিছিল?
উঃ নিউজিলেণ্ডৰ।
প্ৰঃ টেষ্ট ক্ৰিকেটৰ বিখ্যাত স্থান ‘ইডেন গাৰ্ডেন’ ক’ত অৱস্থিত?
উঃ ক’লকাতা (ভাৰত)।
প্ৰঃ ডন ব্রেডমেনৰসর্বোচ্চ ৰাণ ত্ৰিশত ৰাণৰ অনুৰ্দ্ধ কিমান?
উঃ 299 (নট আউট)।
প্ৰঃ ইংলণ্ডৰ বিৰুদ্ধে 1928 চনত অনুস্থিত টেষ্ট মেচত ডন ব্রেডমেনে কিমান ৰাণ সংগ্ৰহ কৰিছিল?
উঃ 19 ৰাণ।
প্ৰঃ মুম্বাইৰ টেষ্ট ক্ৰিকেটৰ ক্ৰীড়াংগনখনৰ নাম কি?
উঃ ৱাংখেড়ে ষ্টেডিয়াম।
প্ৰঃ মানচেষ্টাৰত অৱস্থিত টেষ্ট ক্ৰিকেটৰ প্ৰধান ক্ৰীড়াংগনখনৰ নাম কি?
উঃ অ’ল্ড ট্রেফৰ্ড।
প্ৰঃ বিশ্বৰ প্ৰচীনতম ক্ৰিকেট ক্লাৱ মেৰিলিবোন ক্ৰিকেট ক্লাৱ কোন দেশত অৱস্থিত?
উঃ ইংলণ্ড।
প্ৰঃ 1975 চনত বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত কোনটো দলে অষ্ট্ৰেলিয়াক হৰুৱাই প্ৰথম বিশ্বকাপ চেম্পিয়নশ্বিপত বিজয় সাব্যস্ত কৰে?
উঃ ৱেষ্ট ইণ্ডিজ।
প্ৰঃ কোন গৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক 1996 চনত শিশুৰ কাৰণে UNICEF ৰ জাতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত দিয়া হৈছিল?
উঃ ৰবি শাস্ত্ৰী।
প্ৰঃ এজন প্ৰখ্যাত আম্পায়াৰত পৰিণত হোৱা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি?
উঃ এছ ভেঙকটৰাঘৱন।
প্ৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলটোৱে কিমান চনত প্ৰথমখন টেষ্ট মেচ খেলিছিল?
উঃ 1976 চনত।
প্ৰঃ কোনখন ষ্টেডিয়ামক ক্ৰিকেটৰ মক্কা বোলে?
উঃ অ’ল্ড ট্রেফৰ্ড (মানচেষ্টাৰ, ইংলণ্ড)।
প্ৰঃ কোন চনত প্ৰথম ‘বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্ট’ অনুষ্ঠিত হৈছিল?
উঃ 1975 চনত।
প্ৰঃ ক’ত আৰু কেতিয়া প্ৰথম টেষ্ট মেচ অনুষ্ঠিত হৈছিল?
উঃ 1877 চন, মেলবৰ্ণ।
প্ৰঃ 2005 চনৰ 10 ডিচেম্বৰত টেষ্ট মেচত 35 তম শতক অৰ্জন কৰি শচীন তেণ্ডুলকাৰে সুনীল গাভাস্কাৰৰ অভিলেখ ভঙ্গ কৰিছিল। তেওঁ কোন দেশৰ বিৰুদ্ধে খেলি এই অভিলেখ গঢ়ে ?
উঃ শ্ৰীলংকা।
প্ৰঃ বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টত প্ৰথম শতক অৰ্জনকাৰী বেটছমেনজনৰ নাম কি?
উঃ ডেনিছ এমিছ (ইংলণ্ড)।
প্ৰঃ আৰম্ভণিতে এদিনীয়া আন্তৰ্জাতিক খেলত 60 অভাৰ খেলোৱা হৈছিল, কিন্তু এখন বিশ্বকাপ টুৰ্ণামেন্টৰ পৰা ইয়াক 50 অভাৰলৈ হ্রাস কৰা হয়। কোনখন বিশ্বকাপৰ পৰা এনে কৰা হয়?
উঃ 1987 বিশ্বকাপ।
প্ৰঃ কোন চনত ভাৰতে টেষ্ট ক্ৰিকেট খেলা দেশৰ মৰ্যদা লাভ কৰে?
উঃ 1932 চনত।
প্ৰঃ ক্ৰিকেটত ‘এল. বি. ডব্লিউ’ মানে কি?
উঃ লেগ বিফ’ৰ উইকেট।
প্ৰঃ কিমান চনত ভাৰতীয় ক্ৰিকেট ব’ৰ্ড স্থাপন কৰা হৈছিল?
উঃ 1927 চনত।
প্ৰঃ মাত্ৰ 37 টা বলতে দ্ৰুততম শতক অৰ্জন কৰা পাকিস্থানী খেলুৱৈ গৰাকীৰ নাম কি?
উঃ শ্বাহিদ আফ্রিদী।
প্ৰঃ টেষ্ট মেচত প্ৰথম আত্মপ্ৰকাশতে শতৰাণ কৰিবলৈ সক্ষম হোৱা পিতা-পুত্ৰদ্বয়ৰ নাম কি?
উঃ লালা অমৰনাথ আৰু সুৰিন্দৰ অমৰনাথ।
প্ৰঃ গ্ৰেগৰি ষ্টিফেন চেপেলৰ জনপ্ৰিয় নাম কি?
উঃ গ্ৰেগ চেপেল।
প্ৰঃ অষ্ট্ৰেলিয়াৰ এজন বাওঁহতীয় বেটচমেনৰ নাম কোৱা?
উঃ আডাম গিলখ্ৰীষ্ট।
প্ৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰিকেট চেম্পিয়নশ্বিপ‘ ৰঞ্জী ট্ৰফী’ কাৰ কাৰ মাজত খেলোৱা হয়?
উঃ ৰাজ্যিক দলবোৰৰ মাজত।
প্ৰঃ কোন চনত ভাৰতত পোন প্ৰথমবাৰৰ বাবে এদিনীয়া আন্তৰ্জাতিক খেল অনুষ্ঠিত হৈছিল?
উঃ ৰজ্ঝজ্জ্বচ্ চনত।
প্ৰঃ ‘Straight from the Heart’ গ্ৰন্থখন কোনজন ক্ৰিকেটাৰে ৰচনা কৰিছিল?
উঃ কপিল দেৱ।
প্ৰঃ বিখ্যাত ‘ৰঞ্জী ট্ৰফী’ এজন বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰৰ সোঁৱৰণত নামাকৰণ কৰা হৈছে। তেওঁৰ নাম কি?
উঃ কে. এছ. ৰঞ্জিত সিং।
প্ৰঃ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক আসনৰ ব্যৱস্থা থকা ভাৰতৰ ক্ৰিকেট ষ্টেডিয়ামখনৰ নাম কি?
উঃ ইডেন গাৰ্ডেন।
প্ৰঃ পৃথিৱীৰ উচ্চতম ক্ৰিকেট খেল পথাৰখন ক’ত অৱস্থিত?
উঃ চাইল (ভাৰত)।
প্ৰঃ পোন প্ৰথমে কিমান চনত দূৰদৰ্শনত ক্ৰিকেট টেষ্ট মেচ সম্প্ৰচাৰ কৰা হৈছিল?
উঃ 1938 চনত।
প্ৰঃ সুনীল গাভাস্কৰৰ পূৰ্বৰ চাৰিটা দ্বি-শতকৰ অভিলেখ, পাঁচটা দ্বিশতক অৰ্জন কৰি ভংগ কৰা প্ৰথমজন ভাৰতীয় বেটছমেনৰ নাম কি?
উঃ ৰাহুল দ্ৰাবিড়।
প্ৰঃ প্ৰথমখন দিবা-নৈশ ক্ৰিকেট খেল কোন চনত অনুষ্ঠিত কৰা হৈছিল?
উঃ 1979 চনত।
প্ৰঃ জীৱনৰ শেষখন টেষ্ট ইনিংছত চাৰ ডনাল্ড ব্রেডমেনে কিমান ৰাণ কৰিছিল?
উঃ শূন্য ৰাণ।
প্ৰঃ ICC ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উঃ ডুবাই।
প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত প্ৰথম উইকেট দখল কৰা ক্ৰিকেটাৰ গৰাকী কোন?
উঃ জেফ থমছন।
প্ৰঃ ‘মে বনুংগী মিছ ইণ্ডিয়া’ নামৰ টি. ভি ধাৰাবাহিকখনত অতিথি শিল্পীৰূপে ভূমুকি মৰা ভাৰতীয় ক্ৰিকেটাৰ গৰাকীৰ নাম কি?
উঃ অনিল কুম্বলে।
প্ৰঃ ‘ৰেষ্ট ডে’ নামৰ মিউজিক এলবামৰ সৈতে জড়িত ভাৰতীয় ক্ৰিকেটাৰজনৰ নাম কি?
উঃ সঞ্জয় মনজ্ৰেকাৰ।
প্ৰঃ ক্ৰিকেট বলটোৰ ওজন কিমান?
উঃ 5.75 অ’জ।
প্ৰঃ কোনজন ক্ৰিকেটাৰে কৈছিল, “মোৰ এজন বাছ ড্ৰাইভাৰ হোৱাৰহে হাবিয়াস আছিল, কিবা পাকচক্ৰৰ বাবেহে ক্ৰিকেট জগতলৈ প্রবেশ ঘটিল।”
উঃ কপিল দেৱ।
প্ৰঃ বিদেশত প্ৰথম টেষ্ট শৃঙ্খলা জয়ী হোৱা ভাৰতীয় দলটোৰ অধিনায়ক কোন আছিল?
উঃ মনচুৰ আলি খান পাটাউদী।
প্ৰঃ সুনীল গাভাস্কাৰে এদিনীয়া আন্তৰ্জাতিক খেলত কিমানটা শতক অৰ্জন কৰিছিল?
উঃ এটা।
প্ৰঃ কোনজন ভাৰতীয় ক্ৰিকেটাৰক মুলতানত অনুষ্ঠিত এক টেষ্ট ইনিংছত উল্লেখনীয় 309 ৰাণ সংগ্ৰহ কৰা বাবে ‘চুলতান অব মুলতান’ ৰূপে জনা যায়?
উঃ বীৰেন্দ্ৰ সেহৱাগ।
প্ৰঃ ‘ওৱান ম’ৰ অভাৰ’ কোনজন ক্ৰিকেটাৰৰ আত্মজীৱনী।
উঃ ই. এ. এছ. প্ৰসন্ন।
প্ৰঃ এদিনীয়া আন্তৰ্জাতিক খেলত সর্বোচ্চ যুটীয়া ৰাণ হ’ল 33ৰ। এই অভিলেখ গঢ়া খেলুৱৈ দুগৰাকীৰ নাম কি?
উঃ ৰাহুল দ্ৰাবিড় আৰু শচীন তেণ্ডুলকাৰ।
প্ৰঃ কোনজন ক্ৰিকেটাৰক ‘দ্য ডন’ বুলি কোৱা হয়?
উঃ চাৰ ডন ব্রেডমেন।
প্ৰঃ ক্ৰিকেটত ‘ডাক’ য়ে কি বুজায়?
উঃ শূন্য ৰাণ।
প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত প্ৰথম অৰ্ধশতক অৰ্জনকাৰী খেলুৱৈগৰাকীৰ নাম কি?
উঃ জন এড্ৰিক।
প্ৰঃ কোনজন ক্ৰিকেটাৰক ‘গুগলি বলিং’ ষ্টাইলৰ উদ্ভাৱক বুলি কোৱা হয়?
উঃ বি বচানকুৱেট।
প্ৰঃ চাৰ ডন ব্রেডমেন কোন দেশৰ লোক আছিল?
উঃ অষ্ট্ৰেলিয়া।
প্ৰঃ ‘গ্ৰেগি পইন্ট’ ৰ দ্বাৰা ক্ৰিকেটৰ কোনটো ফিল্ডিং অৱস্থানক বুজোৱা হয়?
উঃ চিলি পইন্ট।
প্ৰঃ প্ৰথম এদিনীয়া আন্তৰ্জাতিক খেল অনুষ্ঠিত হোৱা ষ্টেডিয়ামখনৰ নাম কি?
উঃ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড (অষ্ট্ৰেলিয়া)।
প্ৰঃ টেষ্ট ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ ডন ব্রেডমেনে সর্বোচ্চ বেটিং গড়ৰ সন্মান অৰ্জন কৰিছে। তেওঁৰ টেষ্ট মেচত গড় ৰাণ কিমান আছিল?
উঃ 199.94।
প্ৰঃ টেষ্টমেচ খেলাৰ বাবে যোগ্যতা সম্পন্ন আটাইবোৰ দেশৰ ভূমিকাত তেওঁলোকৰ বিপক্ষে খেলি শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটচমেন কোন?
উঃ ৰাহুল দ্ৰাবিড়।
প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত 10,000 ৰাণ সংগ্ৰহ কৰা তৃতীয়জন ক্ৰিকেটাৰ কোন?
উঃ সৌৰভ গাংগুলী।
প্ৰঃ কোনজন ক্ৰিকেটাৰে ‘Bonaventure of a Flashing Blade’ নামৰ গ্ৰন্থখন ৰচনা কৰিছে?
উঃ ছাৰ গাফিল্ড চ’বাৰ্ছ।
প্ৰঃ কোনজন ফাষ্ট বলাৰক ‘হুইচপাৰিং ডেথ’ বোলা হয়?
উঃ মাইকেল হল্ডিং।
প্ৰঃ টাইগাৰ ছদ্মনামেৰে পৰিচিতি লাভ কৰা ক্ৰিকেটাৰ গৰাকীৰ নাম উল্লেখ কৰা যাৰ পত্নী, পুত্ৰ আৰু কন্যা বলিউডৰ সৈতে জড়িত।
উঃ মনচুৰ আলি খান পাটাউদী।
প্ৰঃ টেষ্ট ক্ৰিকেটত ত্ৰি-শতৰাণকাৰী ক্ৰিকেটাৰ গৰাকীৰ নাম কি?
উঃ এণ্ডি ছান্ধাম।
প্ৰঃ বিশ্বকাপ ক্ৰিকেটত প্ৰথম ‘মেন অব দ্যা মেচ’ খিতাপ অৰ্জন কৰা খেলুৱৈ গৰাকীৰ নাম কি?
উঃ ডেনিছ এমিছ।
প্ৰঃ Heroes and Contemporaries’ নামৰ গ্ৰন্থখনৰ ৰচিয়তা কোন?
উঃ ডেভিদ গ’ৱেৰ।
প্ৰঃ কোনজন ক্ৰিকেটাৰৰ আত্মজীৱনীখনৰ নাম ‘Cricket Through the Covers’?
উঃ টম গ্ৰেভনি।
প্ৰঃ পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামখনৰ নাম কি?
উঃ মেলবৰ্ণ (অষ্ট্ৰেলিয়া)।
প্ৰঃ কোন চনত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল?
উঃ 1971 চনত।
প্ৰঃ কপিলদেৱে কাৰ অভিলেখ ভংগ কৰি টেষ্ট মেচত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে অভিলেখ গঢ়ে?
উঃ ৰিচাৰ্ড হেড্লি।
প্ৰঃ জ্যেষ্ঠতম টেষ্ট খেলুৱৈজনৰ নাম কি?
উঃ জে ছাউদাৰটন।
ক্ৰিকেট কুইজ, Cricket Quiz
প্ৰঃ বৰ্তমানলৈ অনুষ্ঠিত দীৰ্ঘতম টেষ্ট মেচ কোনখন?
উঃ 1939 চনত ইংলণ্ড আৰু দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত পঞ্চমখন টেষ্টমেচ। ই 12 দিন চলিছিল।
প্ৰঃ এজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে 177 টা প্ৰথম শ্ৰেণীৰ শতক সংগ্ৰহ কৰিছিল? তেওঁৰ নাম কি?
উঃ ছাৰ ডন ব্রেডমেন।
প্ৰঃ 25 জুন তাৰিখটো দুটা কাৰণত ভাৰতৰ ক্ৰিকেট ইতিহাসত তাৎপৰ্যপূৰ্ণ। ইয়াৰ কাৰণ কি?
উঃ 1932 চনৰ 25 জুনত ভাৰতে লৰ্ডচত প্ৰথমবাৰৰ বাবে টেষ্ট মেচ খেলিছিল। আকৌ 1983 চনৰ 25 জুনত ভাৰতে তৃতীয় বিশ্বকাপত বিজয় সাব্যস্ত কৰিছিল।
প্ৰঃ ভাৰতৰ দ্বিতীয় প্ৰাচীনতম ক্ৰিকেট ক্লাৱটোৰ নাম কি?
উঃ কলিকতা ক্ৰিকেট ক্লাৱ।
প্ৰঃ ক্ৰিকেট আম্পায়াৰৰ বাবে সর্বোচ্চ বয়স সীমা কিমান?
উঃ 55 বছৰ।
প্ৰঃ ‘দি ডেমন’ নামেৰে সুপৰিচিত অষ্ট্ৰেলিয়াৰ ফাষ্ট বলাৰজনৰ নাম কি?
উঃ ফ্রেড স্প’ফ’ট।
প্ৰঃ কোনজন ক্ৰিকেটাৰ ‘Croucher’ উপনামেৰে পৰিচিত?
উঃ গিলবাৰ্ট যচ’প।
প্ৰঃ ‘Cricket, My Way’ গ্ৰন্থখনৰ লিখক কোন?
উঃ ইয়ান ব’থাসম।
প্ৰঃ Sobers, Twenty Years at the Top’ কিতাপখন কোনজন ক্ৰিকেটাৰৰ ৰচনা ?
উঃ গেৰী চেবাৰ্ছ (ৱেষ্ট ইণ্ডিজ)।
প্ৰঃ ‘The Art of Cricket’ কিতাপখন কোনজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে লিখিছিল?
উঃ ছাৰ ডন ব্রেডমেন।
প্ৰঃ ‘My Life and Other Funny Stories’ গ্ৰন্থখন কোনজন অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰে লিখিছল?
উঃ মাৰ্ভ হুগ্ছ।
প্ৰঃ ‘Cricket’ কিতাপখন কোনজন ক্ৰিকেটাৰে লিখিছিল?
উঃ টনী গ্ৰেগ।
প্ৰঃ আত্মপ্ৰকাশ টেষ্ট মেচত এজন ভাৰতীয় ক্ৰিকেটাৰে ষোল্লটা উইকেট সংগ্ৰহ কৰিছিল? তেওঁৰ নাম কি?
উঃ নৰেন্দ্ৰ হিৰৱানি।
প্ৰঃ ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছক তেওঁৰ সতীৰ্থসকলে এক উপনামেৰে মাতে। উপনামটো কি?
উঃ স্ম’কিং জ’।
প্ৰঃ ক্ৰিকেটৰ ছয়খন বিশ্বকাপ টুৰ্ণামেন্টত নিজৰ দেশক প্ৰতিনিধিত্ব কৰা খেলুৱৈ গৰাকীৰ নাম কি?
উঃ জাভেদ মিয়াঁদাদ।
প্ৰঃ দক্ষিণ আফ্রিকাৰ ক্ৰিকেটাৰ এলান ড’নাল্ডৰ আত্মজীৱনীখনৰ নাম কি?
উঃ White Lighting.
প্ৰঃ বিখ্যাত ক্ৰিকেটাৰ ডেনিয়েলৰ জনপ্ৰিয় উপনাম কি?
উঃ ব্ল্যাক ডায়মণ্ড।
প্ৰঃ ভিভিয়ান ৰিচাৰ্ডছৰ আত্মজীৱনীখনৰ নামকি?
উঃ Hitting Across the Line.
প্ৰঃ ক্ৰিকেটৰ ইতিহাসত কনিষ্ঠতম অধিনায়কজন কোন?
উঃ টাটেণ্ডা টাইবু (20 বছৰ, 358 দিন)।
প্ৰঃ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ নবজ্যোৎ সিং সিদ্ধুৰ উপনাম কি?
উঃ শ্বেৰী।
প্ৰঃ 1997 চনত সৌৰভ গাংগুলীয়ে এখন ক্ৰিকেট টুৰ্ণামেন্টত চাৰিখন মেচত একেৰাহে চাৰিবাৰকৈ ‘মেন অব দ্য মেচ’ খিতাপ লাভ কৰিছিল। টুৰ্ণামেন্টখনৰ নাম কি?
উঃ চাহাৰা কাপ।
প্ৰঃ ‘জু লু’ হ’ল দক্ষিণ আফ্রিকাৰ এজন ক্ৰিকেটাৰৰ উপনাম। তেওঁৰ আচল নাম কি?
উঃ লেন্স ক্লুজনাৰ।
প্ৰঃ 1996 চনত বিশ্বকাপত এজন ভাৰতীয় ক্ৰিকেটাৰে পাকিস্থানৰ বিপক্ষে এক অভাৰত 22 ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ কোন আছিল?
উঃ অজয় জাদেজা।
প্ৰঃ ‘বিগ কেট’ ৱেষ্ট ইণ্ডিজৰ এজন প্ৰাক্তন ক্ৰিকেট অধিনায়কৰ উপনাম। তেওঁৰ আচল নাম কি?
উঃ ক্লাইভ লয়ড।
প্ৰঃ কোন তাৰিখৰ পৰা মেলবৰ্ণত পৰম্পৰাগতভাৱে টেষ্ট মেচ খেলা আৰম্ভ হয়?
উঃ 26 ডিচেম্বৰ (বক্সিং দিৱস)।
প্ৰঃ বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টত ধাৰাবাহিকভাৱে দুটা শতক অৰ্জন কৰা একমাত্ৰ ভাৰতীয় খেলুৱৈজনৰ নাম কি?
উঃ ৰাহুল দ্ৰাবিড়।
প্ৰঃ 2007 চনৰ বিশ্বকাপ টুৰ্ণামেন্টত এখন দেশে বাৰ্মুডাৰ বিপক্ষে সৰ্বাধিক 412 ৰাণ সংগ্ৰহ কৰে। দেশখনৰ নাম কি?
উঃ ভাৰত।
প্ৰঃ ক্ৰিকেটৰ কিমান ৰাণ সংখ্যাক ‘নেলচন’ বুলি জনা যায়?
উঃ 111 ৰাণ।
প্ৰঃ সুুনীল গাভাস্কাৰে আত্মপ্ৰকাশ কৰা টেষ্ট মেচখন কোন দেশৰ বিৰুদ্ধে খেলিছিল?
উঃ ৱেষ্ট ইণ্ডিজ।
প্ৰঃ টেষ্ট ক্ৰিকেট ইতিহাসত দুখন ‘টাই’ টেষ্টত জড়িত একমাত্ৰ দেশখন কি?
উঃ অষ্ট্ৰেলিয়া।
প্ৰঃ 1990 চনৰ উইলচ বিশ্বকাপৰ খেলুৱৈসকলৰ সাধাৰণ প্ৰথম নামটো কি আছিল?
উঃ ষ্টিভ।
ক্ৰিকেট কুইজ, Cricket Quiz
প্ৰঃ কোনজন বিখ্যাত ক্ৰিকেটাৰে শিশুৰ দৰে ষ্টাম্পৰে এটা গলফ বল কোবাই ষ্টোক অনুশীলন কৰিছিল?
উঃ ছাৰ ডন ব্রেডমেন।
প্ৰঃ যোগ্যতা থকা সত্বেও ভাৰতীয় খেলুৱৈ যুৱৰাজ সিঙে প’ল’ খেলত অংশ গ্ৰহণ কৰিব নোৱাৰে কিয়?
উঃ কাৰণ যুৱৰাজ সিঙ বাওঁহতীয়া খেলুলৈ। বাওঁহতীয় লোকে প’ল’ খেলাটো অবৈধ।
প্ৰঃ ভাৰতীয় ক্ৰিকেটাৰ চৈয়দ কিৰমানিয়ে এখন হিন্দী ছবিত মুখ্য খলনায়কৰ ভূমিকাত অভিনয় কৰিছিল। ছবিখনৰ নাম কি?
উঃ কভি অজনবী থে।
প্ৰঃ অষ্ট্ৰেলিয়ান ফাষ্ট বলাৰ গ্লেন মেকগ্ৰাথৰ উপনাম কি?
উঃ পিজন।
প্ৰঃ কে. এছ. ৰঞ্জিত সিং ভাৰতীয় ক্ৰিকেট ইতিহাসৰ এটা জনপ্ৰিয় নাম। তেওঁৰ প্ৰকৃত নাম কি?
উঃ নোৱানগৰৰ মহাৰাজা জাম চাহিব।
প্ৰঃ ভায়েকৰ সৈতে ‘স্কৰাইট’ নামৰ ক্ৰিকেট ছফটৱেৰটোৰ বিকাশ সাধন কৰা ভাৰতীয় ক্ৰিকেটাৰজনৰ নামকি?
উঃ অনিল কুম্বলে।
প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচত অধিনায়কত্বৰ বাবে ‘মেন অব দি মেচ’ খিতাপ অৰ্জনকাৰী প্ৰথমজন ক্ৰিকেটাৰৰ নাম কি?
উঃ বব উহলচ।
প্ৰঃ ভাৰতৰ হৈ প্ৰথম টেষ্ট উইকেট দখলকাৰী ক্ৰিকেটাৰ গৰাকী কোন?
উঃ মহম্মদ নিছাৰ।
প্ৰঃ যদি এজন ক্ৰিকেট আম্পায়াৰে বাৰে বাৰে এখন কান্ধত থপৰিয়াই তেন্তে তেওঁ ইয়াৰ দ্বাৰা কি বুজায়?
উঃ বেটিং পক্ষক পাঁচ ৰাণ দিয়া বুজায়।
প্ৰঃ ফিল্ডাৰ হিচাপে সৰ্বাধিক ‘কেচ’ ধৰাৰ অভিলেখ মাৰ্ক টেইলৰৰ নামত আছে। টেষ্ট নে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত তেওঁ এই অভিলেখ গঢ়িছে?
উঃ টেষ্ট ক্ৰিকেট।
প্ৰঃ 111 ৰাণৰ স্ক’ৰৰ সৈতে জড়িত অন্ধবিশ্বাসটো কি?
উঃ সাধাৰণতে 111 সংখ্যাটোৱে বেল নোহোৱা ষ্টাম্প তিনিডালক সূচায় বুলি বিশ্বাস কৰা হয়। অৰ্থাৎ বেটচমেনজন আউট হোৱা বুলি বুজোৱা হয়। সেয়ে এই ৰাণ সংখ্যাটো দুৰ্ভাগ্যজনক বুলি অন্ধবিশ্বাস আছে।
প্ৰঃ ধাৰাবাহিকভাৱে বিশ্বকাপ ক্ৰিকেট ফাইনালত পৰাভূত হোৱা একমাত্ৰ দেশখনৰ নাম কি?
উঃ ইংলণ্ড।
প্ৰঃ 1933-34 চনত প্ৰথমবাৰ ভাৰত ভ্ৰমণ কৰা ইংলেণ্ড দলটোক নেতৃত্ব প্ৰদান কৰা বিখ্যাত ক্ৰিকেটাৰ গৰাকীৰ নাম কি?
উঃ ডগ’লাছ জাৰডাইন।
প্ৰঃ1952 চনত অনুষ্ঠিত এখন টেষ্ট মেচত এদিনতে দুবাৰকৈ কেৱল 52 আৰু 82 ৰাণতে সমগ্ৰ ভাৰতীয় ক্ৰিকেট দলটোক অব্যাহতি দিয়া দেশখনৰ নাম কি?
উঃ ইংলণ্ড।
প্ৰঃ ডাৰেণ গ’ফৰ আত্মজীৱনীখনৰ নাম কি?
উঃ ডেজলাৰ- দি অট’বাইঅ’গ্ৰাফী।
প্ৰঃ 2003 চনৰ বিশ্বকাপ ক্ৰিকেটত আটাইতকৈ বেগী বলিং কোনে কৰিছিল?
উঃ ছোৱাইব আখটাৰ (পাকিস্থান)।
প্ৰঃ শচীন তেণ্ডুকাৰৰ সৈতে আত্মপ্ৰকাশ কৰা পাকিস্থানৰ খেলুৱৈ গৰাকীৰ নাম কি?
উঃ ৱাকাৰ ইউনিছ।
প্ৰঃ জােভদ মিয়াঁদাদ আৰু গৰ্ডন গ্ৰীণিজৰ ক্ৰিকেট কেৰিয়াৰৰ মাজত থকা অনন্য সাদৃশ্যটো কি?
উঃ দুয়োজন খেলুৱৈয়ে আত্মপ্ৰকাশক খেলখনত আৰু শততম টেষ্ট মেচত 100 ৰাণ সংগ্ৰহ কৰিছিল?
প্ৰঃ আন্তৰ্জাতিক ক্ৰিকেটত (টেষ্ট মেচ আৰু এদিনীয়া) 28,000 ৰাণ সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমজন খেলুৱৈৰ নাম কি?
উঃ শচীন তেণ্ডুলকাৰ।
প্ৰঃ 2007 চনৰ বিশ্বকাপ ক্ৰিকেট খেলৰ ফাইনেলত ‘মেন অব দি মেচ’ খিতাপ অৰ্জন কৰা খেলুৱৈ গৰাকীৰ নাম কি?
উঃ আডাম গীলখ্ৰীষ্ট (অষ্ট্ৰেলিয়া)।
প্ৰঃ 1996 চনত টেষ্ট ইনিংছ এটাত জিম্বাবুৱেৰ বিপক্ষে 12 টা ছয় কোবোৱা পাকিস্থানী ক্ৰিকেটাৰ গৰাকীৰ নাম কি?
উঃ ৱাচিম আক্ৰাম।
প্ৰঃ আমিৰ ইলাহি, এ. এইচ. কাৰডাৰ আৰু গুল মহম্মদৰ মাজত থকা অনন্য সাদৃশ্যটো কি?
উঃ এই তিনিওজন ক্ৰিকেটাৰে ভাৰত আৰু পাকিস্থান উভয়ৰে হৈ টেষ্ট ক্ৰিকেটত প্ৰতিনিধিত্ব কৰিছিল।
প্ৰঃ সুনীল গাভাস্কাৰৰ পুতেকৰ নামটোত কোন তিনিজন ক্ৰিকেটাৰৰ নাম সন্নিবিষ্ট হৈ আছে?
উঃ ৰোহন কানহাই, এম. এল. জয় সিমহা আৰু জি আৰ বিশ্বনাথ। পুতেকৰ নাম–ৰোহন জয় বিশ্ব গাভাস্কাৰ।
প্ৰঃ পোহৰৰ পৰিৱেশত সীমিত অভাৰৰ অন্তৰ্জাতিক ক্ৰিকেটত মেচ অনুষ্ঠিত হোৱা প্ৰথম ভাৰতীয় চহৰখনৰ নাম কি?
উঃ দিল্লী।
প্ৰঃ কোন চনত ইম্পেৰিয়েল ক্ৰিকেট কনফাৰেন্সৰ নামটো ইন্টাৰনেচনেল ক্ৰিকেট কনফাৰেন্সলৈ সলনি হয়? (বৰ্তমান ইয়াক ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিল হিচাপে জনা যায়)।
উঃ 1965 চনত।
প্ৰঃ কোন চনৰ পৰা মহিলা বিশ্বকাপ ক্ৰিকেট আৰম্ভ হয়?
উঃ 1973 চনত।
ক্ৰিকেট কুইজ, Cricket Quiz
প্ৰঃ মন্থৰতম টেষ্ট শতক অৰ্জনেৰে কোনজন ক্ৰিকেটাৰে অভিলেখ গঢ়িছে?
উঃ মুদাছাৰ নাজাৰ।
প্ৰঃ ইংৰাজ ক্ৰিকেটাৰ এলান লেম্বে কোনজন ভাৰতীয় ক্ৰিকেটাৰক ‘এপ’ল ক্ৰাম্ব’ল’ উপনাম দিছিল?
উঃ অনিল কুম্বলে।
প্ৰঃ অন্তিমখন খেল এচেছ টেষ্ট শৃঙ্খলাত ডন ব্রেডমেনৰ উইকেট দখলকাৰী বলাৰ গৰাকীৰ নাম কি?
উঃ এৰিক হলিজ।
প্ৰঃ আত্মপ্ৰকাশক টেষ্টত ষোল্লটা উইকেট দখল কৰা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গৰাকীৰ নাম কি?
উঃ বব মাছি।
প্ৰঃ আন্তৰ্জাতিক ক্ৰিকেটত চাৰিটা হেট-ট্ৰিক (এদিনীয়া আন্তৰ্জাতিক আৰু টেষ্ট ক্ৰিকেটত প্ৰত্যেকতে দুটাকৈ) অৰ্জন কৰা একমাত্ৰ বলাৰজন কোন?
উঃ ৱাচিম আক্ৰাম।
প্ৰঃ এজন পাকিস্থানী বলাৰৰ বলিং কৰাৰ ধৰণটো সংবাদ মাধ্যমে এনেদৰে বৰ্ণনা কৰিছিিল, “হপ, বব, লিক, ফিংগাৰছ, বল আৰু এপীল”। এই বালাৰজনৰ নাম কি?
উঃ আব্দুল কাদিৰ।
প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটৰ ফাইনেল খেলত ভাৰতে কাৰ বিপক্ষে পোন প্ৰথমতে 300 ৰাণৰ লক্ষ্য সফলতাৰে পূৰণ কৰে?
উঃ পাকিস্থান।
প্ৰঃ 1979 চনত টেষ্ট মেচ নেখেলা এখন দেশে টেষ্ট মেচ খেলা এখন দেশক হৰুৱাই বিশ্বকাপ ক্ৰিকেট খেলত বিজয় সাব্যস্ত কৰে ষ্টেট মেচ নেখেলা দেশখনৰ নাম কি?
উঃ শ্ৰীলংকা।
প্ৰঃ এজন অধিনায়কে মহম্মদ আজহাৰুদ্দিনৰ পূৰ্বৰ অভিলেখ অতিক্ৰম কৰি ভাৰতক অধিক সংখ্যক খেলত অধিনায়কত্ব কৰাৰ অভিলেখ গঢ়ে। তেওঁৰ নাম কি?
উঃ সৌৰভ গাংগুলী।
প্ৰঃ 1983 চনৰ বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টৰ এখনো খেলত অংশ গ্ৰহণ নকৰা ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ গৰাকীৰ নাম কি?
উঃ সুণীল ভালচান।
প্ৰঃ কোনখন বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টৰ শ্লোগান আছিল Carnival of Cricket?
উঃ 1999 বিশ্বকাপ। 0 0 0
Cricket Quiz
Q. On what date did Test matches traditionally start being played in Melbourne?
A. December 26 (Boxing Day).
Q. Who is the only Indian player to score two consecutive centuries in World Cup cricket tournaments?
A. Rahul Dravid.
Q. In the 2007 World Cup tournament, a country scored the highest runs against Bermuda with 412 runs. What is the name of the country?
A. India.
Q. How many runs in cricket are known as ‘Nelson’?
A. 111 runs.
Q. Sunil Gavaskar played his Test debut against which country?
A. The West Indies.
Q. What is the only country in the history of Test cricket to be involved in two ‘tie’ Tests?
A. Australia.
Q. What was the common first name of the 1990 Wilsch World Cup players?
A. Steve.
Cricket Quiz
Q. Which famous cricketer practiced stoke by hitting a golf ball with a childlike stump?
A. Sir Don Bradman.
Q. Why can’t Indian player Yuvraj Singh play polo despite being eligible?
A: Because Yuvraj Singh is a left-arm player. It is illegal for left-handers to play polo.
Q. Indian cricketer Syed Kirmani played the lead villain in a Hindi film. What is the name of the film?
A. The poet was a stranger.
Q. What is the nickname of Australian fast bowler Glenn McGrath?
A. Pizon.
Q. K.S. S.S. Ranjit Singh is a popular name in the history of Indian cricket. What is his real name?
A. Maharaja Jam Sahib of Nawanagar.
Q. What is the name of the Indian cricketer who developed the cricket software ‘Scrate’ with his brother?
A. Anil Kumble.
Q. What is the name of the first cricketer to win the Man of the Match title for captaining an ODI?
A. Bob Uhlch.
Q. Who is the first cricketer to take a Test wicket for India?
A. Mohammad Nisar.
Q. If a cricket umpire repeatedly pats one shoulder, what does he mean by it?
A. It means giving five runs to the batting side.
Q. Mark Taylor holds the record for the most ‘catches’ as a fielder. Did he set the record in Tests or ODIs?
A. Test cricket.
Q. What is the superstition associated with the score of 111 runs?
A. The number 111 is generally believed to refer to the three stamps without bells. This means that the batsman is dismissed. Therefore, there is a superstition that this run number is unfortunate.
Q: What is the name of the only country to have lost a consecutive World Cup cricket final?
A. England.
Q. What is the name of the famous cricketer who led the England team to their first tour of India in 1933-34?
A. Douglas Jardine.
Q. What is the name of the country that dismissed the entire Indian cricket team for just 52 and 82 runs twice in a day in a Test match in 1952?
A. England.
Q. What is the name of Darren Gough’s autobiography?
A. Dazzler- The Autobiography.
Q. Who bowled the fastest in the 2003 World Cup cricket?
A. Swaib Akhtar (Pakistan).
Q. What is the name of the Pakistani player who made his debut with Sachin Tendulkar?
A. Walker Eunice.
Q. What is the unique similarity between the cricket careers of Javed Miandad and Gordon Greens?
A. Both players scored 100 runs in their debut match and 100th Test match?
Q. Who is the first player in the world to score 28,000 runs in international cricket (Test matches and ODIs)?
A. Sachin Tendulkar.
Q. What is the name of the player who won the Man of the Match award in the 2007 World Cup final?
A. Adam Gilchrist (Australia).
Q. What is the name of the Pakistani cricketer who hit 12 sixes against Zimbabwe in a Test innings in 1996?
A. Wasim Akram.
Q. Amir Elahi, A.S. H.S. What is the unique similarity between Kardar and Gul Mohammed?
A: All three cricketers represented both India and Pakistan in Test cricket.
Q. Which three cricketers are named in the name of Sunil Gavaskar’s son?
A. Rohan Kanhai, M.Sc. L.S. Jai Simha and GR Biswanath. His son’s name is Rohan Joy Vishwa Gavaskar.
Q. What is the name of the first Indian city where matches in limited overs international cricket were held under light conditions?
A. Delhi.
Q. In which year was the name of the Imperial Cricket Conference changed to the International Cricket Conference? (Now known as the International Cricket Council).
A. In 1965.
Q. In which year did Women’s World Cup cricket start?
A. In 1973.
Cricket Quiz
Q. Which cricketer holds the record for the slowest Test century?
A. Mudasar Nazar.
Q. Which Indian cricketer was nicknamed ‘Apple Crumble’ by English cricketer Alan Lamb?
A. Anil Kumble.
Q. What is the name of the bowler who took Don Bradman’s wicket in the last match of the Ashes Test series?
A. Eric Hollidge.
Q. What is the name of the Australian cricketer who took sixteen wickets in his debut Test?
A. Bob Massey.
Q. Who is the only bowler to score four hat-tricks (two each in one-day internationals and Tests) in international cricket?
A. Wasim Akram.
Q. The bowling style of a Pakistani bowler was described by the media as, “hop, bob, leak, fingers, ball and appeal”. What is the name of this baller?
A. Abdul Qadir.
Q. Against whom did India successfully reach the target of 300 runs in the first ODI final?
A. Pakistan.
Q. In 1979, a country that did not play Test matches defeated a country that played Test matches to win the World Cup. What is the name of the country that did not play State matches?
A. Sri Lanka.
নোট: যদি আপুনি উক্ত ‘ক্ৰিকেট কুইজ | Cricket Quiz’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






