Home Essay ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা | Students and Social Service Essay in Assamese

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা | Students and Social Service Essay in Assamese

0

“ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা” ৰচনা: সমাজৰ উন্নতিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু দায়িত্বৰ ওপৰত এক গভীৰ দৃষ্টিপাত।

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা Students and Social Service Essay in Assamese

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা

Table of Contents

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা | Students and Social Service–Essay in Assamese

(ৰচনা ১)

মানুহ সামাজিক জীৱ। সমাজক বাদ দি কোনো মানুহেই সভ্য আৰু সুস্থ জীৱন যাপন কৰিব নোৱাৰে। সেয়ে সামাজিক প্ৰাণী হিচাপে  সকলো ব্যক্তিৰে সমাজৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। অধ্যয়নেই ছাত্ৰ-ছাত্ৰীৰ প্ৰধান কৰ্তব্য যদিও ছাত্ৰ-ছাত্ৰীসকলো সামাজিক প্ৰাণী; সমাজৰ পৰাই সিহঁতে শিক্ষা-দীক্ষা লাভ কৰে বা শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰে। সেয়ে সমাজৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰো কৰ্তব্য আৰু দায়িত্ব আছে।

বৰ্তমান শিক্ষাৰ যুগ যদিও সমাজৰ অধিকাংশ মানুহ আজিও অশিক্ষিত আৰু সহজ-সৰল বা হজুৱা। সেয়ে বৰ্তমান বিজ্ঞান তথা যুক্তিৰ যুগত অশিক্ষিত সহজ-সৰল গাঁৱলীয়া লোকে নিজকে যুগৰ লগত খাপ খুৱাই  নিজৰ অধিকাৰ তথা দায়িত্ব সাব্যস্ত কৰিব  নোৱাৰে। তাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলে কিতাপ-পত্ৰ, বাতৰি কাকত, আলোচনী আদি অধ্যয়ন কৰাৰ লগতে বিভিন্ন অনুষ্ঠান -প্রতিষ্ঠানৰ লগত জড়িত হৈ সভ্যতাৰ সৰ্বাধুনিক গতি-বিধিৰ বিষয়ে সহজে ভূ পাব পাৰে। সেয়ে অশিক্ষিত গাঁৱলীয়া আৰু হোজা লোকসকলক ছাত্ৰ-ছাত্ৰীসকলে সভ্যতা আৰু বিকাশৰ  দিশত হাতে হাত ধৰি আগবঢ়াই  লৈ যাব লাগিব।

স্কুল-কলেজত থকা বিভিন্ন সমাজ সেৱা বিভাগ যথা- এ. চি. চি., এন. চি. চি, এন. এছ. এছ, স্কাউট আৰু গাইড আদিত ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰি সমাজ সেৱাত যোগদান কৰিব পাৰে।

ছাত্ৰ-ছাত্ৰীসকলৰ  সমাজ সেৱামূলক কাম কাজৰ বিভিন্ন দিশ আছে, যথা-

সমাজৰ অধিকাংশ মানুহেই অশিক্ষিত। সেয়ে ভাৰতবৰ্ষ, পাকিস্থান, আফগানিস্থান, নেপাল আদিৰ দৰে অনুন্নত  দেশত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে আজৰি সময়ত দুই চাৰিজন অশিক্ষিত লোকক সাক্ষৰ কৰি তুলিব পাৰে।  

প্ৰাকৃতিক দুৰ্যোগ যথা- বানপানী, খৰাং বতৰ, ভূমিকম্প, মহামাৰী আদিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ওলাই আহি সৰ্বসাধাৰণ লোকক সহায়-সাহায্য আগবঢ়াব  পাৰে, ঔষধ-পাতি, কােপাৰ-কানি বিতৰণ কৰিব পাৰে, বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ প্ৰদান কৰিব পাৰে।

আজিৰ বিজ্ঞানৰ চৰম উৎকৰ্ষৰ যুগতো বহুতো অঞ্চলত কুসংস্কাৰ, অন্ধবিশ্বাস, বাল্য বিবাহ আদি প্ৰচলিত হৈ আছে। ছাত্ৰ-ছাত্ৰী সকলে যুক্তিৰ ভিত্তিত  সৰ্বসাধাৰণক বুজাই-বঢ়াই  এনেকুৱা কুসংস্কাৰ আঁতৰ কৰিব পাৰে।

অসম তথা ভাৰতৰ অধিকাংশ অঞ্চলত আজিলৈকে উপযুক্ত ৰাস্তা-ঘাট, দলং আদিৰ বিকাশ হোৱাহি নাই। ছাত্ৰ-ছাত্ৰীসকলে সিহঁতৰ বিভিন্ন সেৱামূলক সংগঠনৰ যোগেদি প্ৰয়োজনীয় ৰাস্তা-ঘাট, দলং আদি নিৰ্মাণত অৰিহণা যোগাব পাৰে।   

শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ বাবে খেলা-ধূলা অপৰিহাৰ্য্য। ছাত্ৰ-ছাত্ৰীসকলে নিজকে খেলা-ধূলাৰ লগত জড়িত ৰাখি সৰ্বসাধাৰণ ৰাইজকো খেলা-ধূলাৰ উপকাৰিতাৰ বিষয়ে বুজাই খেলা-ধূলাৰ উপযুক্ত পৰিবেশ  ৰচনা কৰিব  পাৰে।

বৰ্তমান বিশ্বত জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পাই আছে বাবে নিবনুৱা সমস্যাও প্ৰকট ৰূপ ধাৰণ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে নিবনুৱাসকলক কৰ্ম সংস্থান পোৱাৰ  এক সহায়ক উপায় হিচাপে  আত্মসহায়ক গোট স্থাপন কৰি তাৰ যোগেদি কিছু পৰিমাণে হ’লেও অৰ্থ সাহাৰ্য্য দি বা দিহা-পৰামৰ্শ আগবঢ়াই  সমাজৰ প্ৰতি সেৱা আগবঢ়াব  পাৰে।

যি জাতি যিমানেই শিক্ষিত, সেই জাতি সিমানেই উন্নত। সেয়ে ছাত্ৰ-ছাত্ৰীসকলে সমাজত সামাজিক পুথিভঁৰাল স্থাপন কৰি গাঁৱলীয়া মানুহক পুথি অধ্যয়নত উৎসাহ যোগাব পাৰে।

পৰিবেশ  সচেতনতাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ কৰ্তব্য আছে। আজিকালি ৰাসায়নিক বা কৃত্ৰিম সা-সামগ্ৰীৰ অত্যাধিক ব্যৱহাৰ, ৰবৰ বা প্লাষ্টিক জাতীয় দ্ৰৱ্যৰ ব্যৱহাৰ, খেতি-পথাৰত কীট নাশক দ্ৰব্যৰ ব্যৱহাৰ, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱা, পেলনীয়া পদাৰ্থ, যান-বাহনৰ পৰা ওলোৱা অতিপাত শব্দ আদিয়ে আমাৰ পৰিৱেশ  তথা মাটি, পানী, বায়ু আদি প্ৰদূষিত কৰি আছে। ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰদূষণৰ বিষয়ে জনসাধাৰণক সচেতন কৰি প্ৰদূষণমুক্ত পৃথিৱী গঢ়াৰ  বাৰে  উদ্বুদ্ধ কৰিব পাৰে।

ছাত্ৰ-ছাত্ৰীসকলে কৰিব পৰা সমাজ সেৱাৰ আন এটি দিশ হৈছে বৃক্ষ ৰোপন। বৃক্ষ ৰোপনে প্ৰাকৃতিক ভাৰসাম্যতা বজাই ৰখাৰ উপৰিও সৌন্দৰ্য বৃদ্ধি কৰে। 

আমি যদি ইতিহাসৰ পাতলৈ লক্ষ্য কৰো, তেন্তে দেখা পাম যে প্ৰায় সৰহভাগ মহান ব্যক্তিয়েই ছাত্ৰ জীৱনৰ পৰাই সামাজিক কাম-কাজৰ লগত জড়িত আছিল। সেয়ে মহান ব্যক্তিসকলৰ আদৰ্শ শিৰোগত কৰি পাঠ্যপুথি অধ্যয়ন কৰাৰ আঁৰে আঁৰে  ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন গঠনমূলক সমাজ সেৱাত মনোনিেবশ কৰা উচিত। 0 0 0

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা

(ৰচনা ২)

প্ৰাৰম্ভিকা

ছাত্ৰ-ছাত্ৰীসমূহ সমাজৰ ভবিষ্যৎ। সমাজৰ উন্নতি, অগ্ৰগতি, আৰু শান্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ অৱদান অত্যন্ত প্ৰয়োজনীয়। সমাজ সেৱাৰ জৰিয়তে তেওঁলোকে সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জীৱনতো এক উৎকৃষ্ট আদৰ্শ গঢ়িবলৈ সক্ষম হয়। সেয়েহে, সমাজ সেৱাৰ প্ৰয়োজনীয়তা বুজি, ছাত্ৰ-ছাত্ৰীসকলে এই ক্ষেত্ৰত আগবাঢ়ি অহা উচিত।

সমাজ সেৱাৰ অৰ্থ

সমাজ সেৱা মানে হৈছে সমাজৰ লোকসকলক নি:স্বাৰ্থভাৱে সহায় কৰা। এই সেৱা কৰিবৰ বাবে ধন অথবা সম্পদৰ প্ৰয়োজন নাই। কেৱল ইচ্ছাশক্তি আৰু মনোবল থাকিলেই হয়। ই জনসাধাৰণৰ লগতে সমাজৰ দুৰ্দশাগ্ৰস্ত, অসহায়, আৰু উপেক্ষিত লোকৰ সাহায্যত নিয়োজিত হয়। সমাজ সেৱা হৈছে এনেকুৱা এটা কৰ্ম, য’ত নিজ পৰিসৰে মানুহৰ জীৱন সলনি কৰা যায়।

ছাত্ৰ-ছাত্ৰীসকলৰ সমাজ সেৱাত ভূমিকা

ছাত্ৰ-ছাত্ৰীসকলে সমাজ সেৱাত বিশেষ ভূমিকা পালন কৰিব পাৰে। তেওঁলোকে নিজৰ বিদ্যালয়, মহল্লা, আৰু গাঁৱলৈ সহায় কৰিব পাৰে। উদাহৰণস্বৰূপে, তেওঁলোকে পৰিষ্কাৰ- পৰিচ্ছন্নতা অভিযানত অংশগ্ৰহণ কৰিব পাৰে। ইয়াৰ দ্বাৰা সমাজ পৰিবেশৰ উন্নতি হয়। লগতে ছাত্ৰ-ছাত্ৰীসকলে অসহায় লোকক সহায় কৰা, বৃক্ষ ৰোপণ অভিযান কৰা, আৰু শিক্ষাৰ বাবে প্ৰচাৰ অভিযান চলাব পাৰে। ইয়াৰ দ্বাৰা সমাজত শিক্ষা, স্বাস্থ্য আৰু সজাগতাৰ বিস্তাৰ ঘটে।

সমাজ সেৱাৰ সুফল

সমাজ সেৱাৰ দ্বাৰা সমাজৰ বিভিন্ন সমস্যাৰ সমাধান হয়। বেকাৰ সমস্যা, অশিক্ষা, ৰোগৰ বিস্তাৰ আদিৰ পৰা সমাজক মুক্ত কৰিব পাৰি। লগতে, ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে জীৱনৰ মূল্যবান পাঠ শিকে। তেওঁলোকে দায়িত্বশীল আৰু কৰ্তব্যপরায়ণ ব্যক্তি হৈ উঠে। সমাজ সেৱাৰ দ্বাৰা তেওঁলোকৰ মন্মথিতিও উন্নতি ঘটে। এই সেৱা তেওঁলোকৰ জীৱনত এক সুস্থ দিশ নির্দেশ কৰে।

ছাত্ৰ-ছাত্ৰী আৰু পৰিষ্কাৰ- পৰিচ্ছন্নতা অভিযান

ছাত্ৰ-ছাত্ৰীসকলে পৰিষ্কাৰ- পৰিচ্ছন্নতা অভিযানত বিশেষ ভূমিকা ল’ব পাৰে। পৰিষ্কাৰ সমাজ গঢ়িবলৈ পৰিস্কাৰতা অতি প্ৰয়োজনীয়। পৰিবেশ পৰিষ্কাৰ ৰাখিলে, ৰোগ-বেমাৰৰ পৰা মুক্তি লাভ কৰা যায়। ইয়াৰ লগতে পৰিৱেশৰ সুন্দৰতা বৃদ্ধি পায়। ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়, পথ, আৰু সমাজৰ বিভিন্ন স্থান পৰিষ্কাৰ কৰি এই অভিযানেৰে সমাজৰ বাবে এক উদাহৰণ স্থাপন কৰিব পাৰে।

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষা প্ৰচাৰ অভিযান

ছাত্ৰ-ছাত্ৰীসকলে অশিক্ষাৰ বিৰুদ্ধে শিক্ষা প্ৰচাৰ অভিযান চলাব পাৰে। আমাৰ সমাজত বহু লোক শিক্ষা লাভৰ পৰা বঞ্চিত। ছাত্ৰ-ছাত্ৰীসকলে এই লোকসকলৰ মাজত শিক্ষাৰ প্ৰয়োজনীয়তা বুজাব পাৰে। সেয়া কৰাৰ জৰিয়তে তেওঁলোকে সমাজৰ উন্নতিত যোগান ধৰিব পাৰে। শিক্ষাৰ বিস্তাৰৰ দ্বাৰা সমাজৰ লোকসকল সজাগ আৰু সচেতন হয়। ই সমাজৰ পৰিস্কাৰ চিন্তা আৰু কামৰ দিশেৰে অগ্ৰসৰ হয়।

ছাত্ৰ-ছাত্ৰী আৰু স্বাস্থ্য চেতনাৰ প্ৰচাৰ

ছাত্ৰ-ছাত্ৰীসকলে স্বাস্থ্য চেতনাৰ প্ৰচাৰ অভিযানৰ জৰিয়তে সমাজৰ স্বাস্থ্যৰ উন্নতি কৰিব পাৰে। ইয়াৰ দ্বাৰা তেওঁলোকে সমাজৰ লোকসকলক সজাগ কৰিব পাৰে। স্বাস্থ্যৰ জ্ঞান বৃদ্ধি কৰিব পাৰে। ই সমাজত ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰে। ছাত্ৰ-ছাত্ৰীসকলে স্বাস্থ্যবিধি মানি চলিবলৈ আৰু স্বাস্থ্য সম্পৰ্কীয় তথ্যসমূহ জনসাধাৰণৰ মাজত বিস্তাৰ কৰিব পাৰে।

উপসংহাৰ

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱাৰ সম্পৰ্ক গভীৰ। সমাজৰ উত্তৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ সমাজ সেৱাত অংশগ্ৰহণ অতি প্ৰয়োজন। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে নিজকে উন্নত নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে। সেয়েহে, ছাত্ৰ-ছাত্ৰীসকলে সমাজ সেৱাত আগবাঢ়ি অহা উচিত। সমাজ সেৱাই জীৱনৰ এক অন্যতম মূল্যবান কাৰ্য্য। ছাত্ৰ-ছাত্ৰীসকলে সমাজ সেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে, ই সমাজক শৃংখলাপূর্ণ, উন্নত, আৰু শান্তিপূৰ্ণ কৰি তুলিব। 0 0

 

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা: প্রশ্নোত্তৰ

প্ৰ: সমাজ সেৱা কি?

উ: সমাজ সেৱা মানে হৈছে সমাজৰ লোকসকলক নি:স্বাৰ্থভাৱে সহায় কৰা।

প্ৰ: ছাত্ৰ-ছাত্ৰীসকলে সমাজ সেৱাত কেনেকৈ অংশগ্ৰহণ কৰিব পাৰে?

উ: ছাত্ৰ-ছাত্ৰীসকলে পৰিষ্কাৰ- পৰিচ্ছন্নতা অভিযান, বৃক্ষ ৰোপণ, শিক্ষা প্ৰচাৰ অভিযান, আৰু স্বাস্থ্য চেতনাৰ প্ৰচাৰৰ দৰে কাৰ্যকলাপত অংশগ্ৰহণ কৰি সমাজ সেৱা কৰিব পাৰে।

প্ৰ: সমাজ সেৱাৰ সুবিধাসমূহ কি?

উ: সমাজ সেৱাৰ দ্বাৰা সমাজৰ বিভিন্ন সমস্যা সমাধান হয়, সমাজৰ উন্নতি ঘটে, আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত বিকাশও হয়।

প্ৰ: ছাত্ৰ-ছাত্ৰীসকলে পৰিষ্কাৰ- পৰিচ্ছন্নতা অভিযান কেনেকৈ কৰিব পাৰে?

উ: ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়, পথ, আৰু সমাজৰ বিভিন্ন স্থান পৰিষ্কাৰ কৰি পৰিষ্কাৰ- পৰিচ্ছন্নতা অভিযানত অংশগ্ৰহণ কৰিব পাৰে।

প্ৰ: শিক্ষা প্ৰচাৰ অভিযান কি?

উ: শিক্ষা প্ৰচাৰ অভিযান হৈছে অশিক্ষাৰ বিৰুদ্ধে শিক্ষা বিস্তাৰৰ উদ্যোগ, য’ত ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ লোকসকলক শিক্ষাৰ প্ৰয়োজনীয়তা বুজাব পাৰে।

প্ৰ: সমাজ সেৱা কেনেকৈ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে?

উ: সমাজ সেৱাই ছাত্ৰ-ছাত্ৰীসকলক দায়িত্বশীল, কৰ্তব্যপরায়ণ, আৰু উন্নত নাগৰিক হ’বলৈ সহায় কৰে। ই তেওঁলোকৰ ব্যক্তিত্বৰ বিকাশত সহায় কৰে। 0 0 0

 

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা: (ইংৰাজীত)

Students and Social Service

Introduction

Social service refers to the voluntary efforts of individuals to help and uplift society, especially the underprivileged sections. It involves contributing time, energy, and resources towards the betterment of others without expecting anything in return. Students, as the future leaders and citizens of a nation, play a vital role in social service. Their involvement not only benefits society but also shapes them into responsible and compassionate individuals.

Importance of Social Service for Students

Social service is an important activity for students as it fosters values like empathy, teamwork, leadership, and social responsibility. Engaging in social service helps students gain a better understanding of societal issues such as poverty, illiteracy, and inequality. By addressing these issues, students can make a positive impact on the community. Additionally, participating in social service enhances students’ practical skills and broadens their perspectives beyond academic learning.

Benefits of Social Service to Society

When students engage in social service, they contribute to solving pressing problems. For example, students can assist in educational programs for underprivileged children, teach basic hygiene, organize health camps, and participate in environmental initiatives like tree planting and waste management. These efforts not only improve the living conditions of the beneficiaries but also create awareness about social issues.

Types of Social Service Students Can Undertake

Students can contribute to various fields of social service, such as:

Education: Teaching underprivileged children, organizing literacy drives, and mentoring fellow students.

Environment: Participating in cleanliness drives, planting trees, and spreading awareness about climate change.

Healthcare: Volunteering at health camps, raising awareness about diseases, and participating in blood donation drives.

Relief Work: Assisting during natural disasters by distributing food, clothing, and essentials.

Character Development

Engaging in social service fosters character development among students. It teaches them humility and gratitude as they witness the hardships faced by others. By helping the less fortunate, students learn the value of compassion and kindness. Social service also builds confidence, as students take on leadership roles and contribute to societal change. This character development is invaluable as it prepares them to be better citizens and future leaders.

Conclusion

Social service is an essential part of student’s lives as it provides them with opportunities to contribute to the welfare of society while also shaping their personalities. By participating in social service, students not only enhance their own understanding of the world but also make a tangible difference in the lives of others. Through collective efforts, students can help build a more compassionate, equitable, and sustainable society.

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা

বি. দ্র. উক্ত ‘ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা | Students and Social Service Essay in Assamese’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত অসমীয়া ৰচনা শিক্ষা গ্রন্থৰ অন্তর্গত।

ছাত্ৰ-ছাত্ৰী আৰু সমাজ সেৱা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here