Home Ass Grammar জ্বিন আৰু চয়তান কুইজ

জ্বিন আৰু চয়তান কুইজ

0

জ্বিন আৰু চয়তান কুইজ

জ্বিন আৰু চয়তান কুইজ

 

 জ্বিন আৰু চয়তান কুইজ

জ্বিন আৰু চয়তান কুইজ

প্ৰঃ জ্বিন শব্দৰ অৰ্থ কি?

উঃ আড়াল (পৰ্দাৰ ভিতৰত)।

প্ৰঃ জ্বিন কিহ’ৰ পৰা সৃষ্টি হৈছে?

উঃ জুইৰ পৰা।

প্ৰঃ জ্বিনসকলৰ অস্তিত্বত অস্বীকাৰ কৰাসকলক কি বোলে?

উঃ হাদিছ মতে কাফেৰ।

প্ৰঃ জ্বিন জাতিৰ আদি পিতা কোন?

উঃ সুমা। তেওঁক ‘আবুল জ্বিন’ বুলিও কোৱা হয়।

প্ৰঃ জ্বিন জাতিৰ মাজত কিমানজন নবী আহিছিল?

উঃ  4 জন। যথা– সুমা, হিলিয়ানিছ, বিলকিয়া আৰু হামুছ।

প্ৰঃ জ্বিনসকলৰ বংশ বৃদ্ধি কেনেদৰে হয়।

উঃ মানুহৰ দৰে জৈৱিক প্ৰক্ৰিয়াত।

প্ৰঃ জ্বিনসকলে কোনো আচমানী খবৰ (বাণী) পাব পাৰে নে?

উঃ নহয়। শেষ নবী হজৰত মুহাম্মদ (ছাঃ)ৰ পিছত সিহঁতেও কোনো দৈৱ খবৰ (বাণী) পাব নোৱাৰে।

প্ৰঃ কোন জ্বিনক অভিশপ্ত বুলি কোৱা হয়?

উঃ আজাজিল।

জ্বিন আৰু চয়তান কুইজ

প্ৰঃ আজাজিলৰ পিতা-মাতাৰ নামকি?

উঃ পিতাৰ নাম খবিছ আৰু মাকৰ নাম নালাবিছ।

প্ৰঃ  আজাজিল অভিশপ্ত হোৱাৰ আগলৈ কি নামে অভিহিত কৰা হৈছিল?

উঃ মোৱাল্লেমুল মালায়িকা (ফিৰিস্তাসকলৰ নেতা)।

প্ৰঃ ফিৰিস্তাসকলৰ নেতা হোৱা সত্বেও আজাজিল কিয় অভিশপ্ত হ’ল ?

উঃ আদম (আঃ)ক সিজদা কৰিব লাগে বুলি আল্লাহৰ আদেশ অমান্য কৰি।

প্ৰঃ চয়তানে একমাত্ৰ এজন মানুহৰ বাহিৰে সকলো মানুহৰ ৰূপ ধাৰণ কৰিব পাৰে । সেইজন কোনে?

উঃ হজৰত মুহাম্মদ (ছাঃ)।

প্ৰঃ চয়তানে কোন কোন দিন আটাইতকৈ বেছি কান্দিছিল?

উঃ চয়তান তিনিদিন আটাইতকৈ অধিক কান্দিছিল। যেনে- (ক) যিদিনা ফিৰিস্তাসকলক আকাশৰ পৰা পৃথক কৰিছিল। (খ) যিদিনা হজৰত মুহাম্মদ (ছাঃ) ৰ জন্ম হৈছিল। আৰু যিদিনা সুৰা ‘ফাতিহা’ অৱতীৰ্ণ হৈছিল।

প্ৰঃ চয়তান কিমান ঠাইত আছে?

উঃ দুই ঠাইত আছে, যথা– মানুহ থকা ঠাইত আৰু জ্বিন থকা ঠাইত।

প্ৰঃ ‘ক্বিয়ামত’ মানে কি?

উঃ মহাপ্ৰলয় (সকলো ধবংস)।

জ্বিন আৰু চয়তান কুইজ

প্ৰঃ ক্বিয়ামত কেতিয়া হ’ব?

উঃ ক্বিয়ামত কেতিয়া হ’ব ইয়াৰ সঠিক উত্তৰ আল্লাহই ভালদৰে জানে। কিন্তু হাদিছ মতে যি সময়ত ‘আল্লাহ’ নাম কোৱা এজনো মানুহ এই বিশ্বত নাথাকিব তেতিয়া পৰম শক্তিশালী আল্লাহই ক্বিয়ামত সংঘটিত কৰিব। সেই দিনটো হ’ব মহৰম মাহৰ 10 তাৰিখ, শুক্ৰবাৰ দুপৰীয়া।

প্ৰঃ কিদৰে ক্বিয়ামত হ’ব?

উঃ  আল্লাহৰ আদেশত যিদিনা ইস্ৰাফিল (আঃ) য়ে শিঙ্গাত ফুঁ দিব সিদিনাই ক্বিয়ামত সংঘটিত হ’ব।

প্ৰঃ ইস্ৰাফিলৰ শিঙ্গা (বাঁশী)ৰ পৰিধি কিমান?

উঃ সমগ্ৰ আকাশ আৰু পৃথিৱীৰ বৃত্তৰ সমান।

প্ৰঃ  মহাপ্ৰলয়ৰ পিছত আল্লাহই সৰ্বপ্ৰথম কাক কাক পুনৰ জীৱিত কৰিব?

উঃ যথাক্ৰমে হজৰত জিব্রাইল (আঃ), হজৰত মুহাম্মদ (ছাঃ) আৰু হজৰত ইস্ৰাফিল (আঃ)ক।

প্ৰঃ হজৰত ইস্ৰাফিল (আঃ) পুনৰ্জীৱিত হৈ কি কৰিব?

উঃ আল্লাহৰ আদেশত দ্বিতীয়বাৰ শিঙ্গাত ফুঁ দিব। সেই শব্দত সমগ্ৰ প্ৰাণী জগত পুনৰ্জীৱিত হ’ব।

প্ৰঃ হজৰত ইস্ৰাফিল (আঃ)ৰ প্ৰথম ফুঁক আৰু দ্বিতীয় ফুঁকৰ মাজত সময়ৰ ব্যৱধান কিমান?

উঃ 40 বছৰ।

প্ৰঃ হাশৰৰ ময়দান (পথাৰ) ক’ত আৰু কি ধৰণৰ হ’ব?

উঃ হাশৰৰ ময়দান বৰ্তমান আৰব দেশত থকা আৰাফত নামে ঠাইত হ’ব।  উক্ত স্থানখন বগা, নিৰ্মল আৰু গোলাকৃতিৰ হ’ব।

প্ৰঃ হাশৰৰ ময়দানত মানুহ কিমান সময় অৱস্থান কৰিব?

উঃ 40 বছৰ।

প্ৰঃ হাশৰৰ একদিন বৰ্তমান পৃথিৱীৰ সময়ৰ তুলনাত কিমান হ’ব?

উঃ হাশৰৰৰ এক দিন বৰ্তমান পৃথিৱীৰ সময়ৰ তুলনাত 50 হাজাৰ বছৰৰ সমান হ’ব।

জ্বিন আৰু চয়তান কুইজ

প্ৰঃ ক্বিয়ামতৰ দিন কিমান শ্ৰেণীৰ লোকে অধিকতৰ শাস্তি পাব?

উঃ পাঁচ শ্ৰেণীৰ লোক, যথা– (ক) যি ব্যক্তি কোনো নবীক হত্যা কৰিছিল, (খ) যি ব্যক্তিক কোনো নবীয়ে হত্যা কৰিছিল, (গ) যি ব্যক্তিয়ে পিতা বা মাতাক হত্যা কৰিছিল, (ঘ) ছবি অংকনকাৰী বা প্ৰতিমা নিৰ্মাণকাৰী, আৰু যি ব্যক্তিৰ শিক্ষাৰ দ্বাৰা নিজৰ বা আনৰ উপকাৰ হোৱা নাছিল।

প্ৰঃ মিজান কি?

উঃ তুলাদণ্ড। আল্লাহই হাশৰৰ মাঠত মানুহৰ পাপ-পুণ্যৰ বিচাৰৰ বাবে পূৰ্ব-পশ্চিম দিশৰ দৰে দীৰ্ঘ মিজান স্থাপন কৰিব। 

প্ৰঃ আমলনামা কিভাৱে দিয়া হ’ব?

উঃ আমলনামাবোৰক উৰুৱাই দিয়া হ’ব। মু’মিন ব্যক্তিৰ আমালনামা সন্মুখৰ পৰা সোঁহাতত পাব আৰু পাপীসকলে পিছপিনৰ পৰা বাওঁ হাতত পাব। 0 0 0

জ্বিন আৰু চয়তান কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

জ্বিন আৰু চয়তান কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here