Home Literary Criticism দুঃস্বপ্নৰ এবেলা-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Dusapnor Ebela

দুঃস্বপ্নৰ এবেলা-এক সমালোচনাত্মক বিশ্লেষণ | Ismail Hossain Dusapnor Ebela

0

দুঃস্বপ্নৰ এবেলা-এক সমালোচনাত্মক বিশ্লেষণ

ৰাব্বি মছৰুৰ

দুঃস্বপ্নৰ এবেলা-এক সমালোচনাত্মক বিশ্লেষণ  Ismail Hossain Dusapnor Ebela

 

দুঃস্বপ্নৰ এবে লা-এক সমালোচনাত্মক বিশ্লেষণ

দুঃস্বপ্নৰ এবেলা-এক সমালোচনাত্মক বিশ্লেষণ

‘দুঃস্বপ্নৰ এবেলা’ কবিতাটি কবি ইছমাইল হোছেইনৰ এটি নিৰাশবাদী কবিতা। কবিৰ প্ৰিয় আকাঙ্খা হৈছে শান্তি। কিন্তু আজিকালি শান্তি পোৱাৰ হাবিয়াস কৰাটো পাহাৰৰ শৃঙ্গত কাছ কণী বিচৰাৰ দৰেই দুৰ্লভ। কবিতাটিত কবিয়ে শান্তি বিচাৰি হাবাথুৰি খাই অৱশেষত  নিৰাশ হৈছে আৰু কবিৰ আশাবাদী মন নিৰাশাৰ কলা ডাৱৰে ছানি ধৰি কবিক শান্তিৰ উৎসবোৰৰ বিষয়ে কাব্যিক কৰুণ কণ্ঠত প্ৰশ্ন  কৰাইছে যে মানুহে মানুহক হত্যা কৰিলে কি হয়। এই প্ৰশ্নৰ উত্তৰ বিচাৰি কবিয়ে হিটলাৰৰ ‘মেইনে কেমফ’, টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’, গান্ধীজীৰ ‘মোৰ সত্য অন্বেষণৰ কাহিনী’  কাৰ্লমাক্সচৰ ‘ডাচ কেপিটেল’ৰ পাত লুটিয়াইয়ো  নাপালে আৰু পালেও সেই উত্তৰত কবি সন্তুষ্ট হ’ব নোৱাৰি চিঞৰি  উঠিছে–

“মানুহে মানুহক হত্যা কৰিলে কি হয়-

এই সংজ্ঞা বিচাৰি চলাথ কৰিলো

হিটলাৰৰ ‘মেইনে কেম্‌ফ’

টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’

গান্ধীজীৰ ‘সত্য অন্বেষণৰ কাহিনী’

আৰু মাৰ্ক্সৰ ‘দাচ্‌ কেপিটেল’ৰ পাত।”

দ্বিতীয়তে, কবিয়ে  অনাহাৰত থকা মানুহক হত্যা কৰিলে কি হয়- এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে। কবিয়ে আৰু জানিব বিচাৰিছে যে মন্দিৰ- মছজিদত জুই জ্বলালে কি হয়। এই প্ৰশ্নৰ উত্তৰ বিচাৰি কবিয়ে  ৰাজভৱনৰ কোষাগাৰ, আম্বেদকাৰৰ ঘৰ চলাথ কৰিছে আৰু ইয়াৰ কোনো মীমাংসা নাপাই নিৰাশ হৈ চিঞৰি উঠিছে–

“অনাহাৰত মানুহৰ মৃত্যু ঘটালে কি হয়-

মন্দিৰ মছজিদত জুই জ্বলালে কি হয় –

এই সকলোবোৰৰ সংজ্ঞা বিচাৰি চলাথ কৰিছো 

ৰাজভৱনৰ কোষাগাৰ,

সংবিধানৰ পৃষ্ঠা

আৰু আম্বেদকাৰৰ ঘৰ।”

কবিয়ে অৱশ্যে জানে যে ঘাতকৰ আদালতত হত্যাৰ বিচাৰ কি হ’ব পাৰে, আৰু  জানে হত্যাৰ বা মৃত্যুৰ অধিকাৰ সংবিধানৰ কোন ধাৰাত আছে। কিন্তু কবিয়ে ক’বলৈ সাহস পোৱা নাই, কিয়নো–

“মুখ খুলি কথা ক’লেই উৰি যাব পাৰে মূৰ

একৈশ শতিকালৈ আছে মাথো আঠোটা বছৰ।”

কবিৰ জীৱনৰ প্ৰতি দুৰ্বাৰ মমতা। তেওঁ জীয়াই থাকিব বিচাৰে। সেয়ে তেওঁ সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিও মুখ খুলি কোৱা নাই।অৱশ্যে ইয়াত কবিৰ ভীৰুতা প্ৰকাশ পাইছে যদিও এই ভীৰুতা অযুক্তিকৰ নহয়; কিয়নো কবিয়ে সম্ভৱতঃ জীয়াই থাকিব বিচাৰিছে এই কাৰণেই যে প্রশ্নবোৰৰ সঠিক উত্তৰ যাতে কবিৰ দৰে সকলোৱে হৃদয়ঙ্গম কৰিব পাৰে তাৰ চেষ্টা তেওঁ কৰিব। “একৈশ শতিকালৈ আছে মাথোন আঠোটা বছৰ’- বাক্যাংশৰ দ্বাৰা  জীৱনৰ প্ৰতি যে কবিৰ মোহ আছে সেয়াই প্ৰকাশ পাইছে।

কবিতাটিৰ ভাষা আৰু ৰচনা শৈলী কবিৰ আন আন কবিতাৰ দৰেই সাধাৰণ। কবিতাটিত বিশেষ কোনো কাব্যিক অলংকাৰ নাই। কবিয়ে কেৱল কবিৰ প্ৰতিক্ৰিয়াহে সৰলভাবে প্ৰকাশ কৰিছে। ০ ০ ০

দুঃস্বপ্নৰ এবে লা-এক সমালোচনাত্মক বিশ্লে

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..দুঃস্বপ্নৰ এবে লা-এক সমালোচনাত্মক বিশ্লে

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here