Home Quiz নামাজ কুইজ

নামাজ কুইজ

0

নামাজ কুইজ

নামাজ কুইজ, Salat Quiz

নামাজ কুইজ 

প্ৰঃ ‘নামাজ’  কোন ভাষাৰ শব্দ?

উঃ ফাৰচী ভাষাৰ।

প্ৰঃ ‘নামাজ’ শব্দটোৰ আৰবী প্ৰতিশব্দ কি?

উঃ ছালাত। নামাজ কুইজ

প্ৰঃ মুছলমানসকলৰ প্ৰথম ফৰজ কি?

উঃ নামাজ।

প্ৰঃ আল্লাহ তায়ালাৰ ওচৰত কোন আমল সৰ্বাধিক প্ৰিয়?

উঃ সময়মতে আদায় কৰা নামাজ।

প্ৰঃ হাশৰৰ বিচাৰৰ দিনা আল্লাহতায়ালা কিহৰ হিচাপ আগতে ল’ব?

উঃ নামাজৰ। নামাজ কুইজ

প্ৰঃ বিহিস্তৰ চাবি কি?

উঃ নামাজ।

প্ৰঃ নামাজৰ চাবি কি?

উঃ অজু। নামাজ কুইজ

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মতৰ ওপৰত পাঁচ ওৱাক্ত নামাজ কেতিয়াৰ পৰা ফৰজ হয়?

উঃমিৰাজৰ ৰাতি।

প্ৰঃ উম্মতে মুহাম্মদীৰ ওপৰত পাঁচ ওৱাক্ত নামাজ ফৰজ হোৱাৰ কাৰণ কি?

উঃ আল্লাহ পাক সৰ্বপ্ৰথম হজৰত মুহাম্মদ (ছাঃ)ৰ নূৰ সৃষ্টি কৰি ছাৰাতুল ইয়াকিন নামে চাৰিটা কাণ্ড বিশিষ্ট এটি গছত ময়ুৰ আকৃতিত ৰাখে। সেই নূৰ তাত  ‘আলহামদুলিল্লাহ’ তছবিহ পাঠ কৰি থাকে সূদীৰ্ঘ 70 হাজাৰ বছৰ। তাৰ পিছত আল্লাহ পাক তাৰ সন্মুখত লজ্জাৰ দাপোণ স্থাপন কৰে। যেতিয়া ময়ুৰ আকৃতিত ৰখা সেই নূৰে  নিজৰ সুন্দৰ লাবণ্যময় মুখ দেখা পায় তেতিয়া লজ্জাত অৱতন মস্তকত পাঁচবাৰ সিজদা কৰে। সেইবাবে উম্মতে মুহাম্মদীৰ ওপৰত পাঁচ ওৱাক্ত নামাজ ফৰজ হৈছে।

প্ৰঃ ফজৰৰ দুই ৰাকাত নামাজ ফৰজ হোৱাৰ কাৰণ কি?

উঃ মানৱ জাতিৰ আদি পিতা হজৰত আদম (আঃ) আৰু হজৰত হাওৱাই গন্ধম ফল খোৱাৰ অপৰাধত সিহঁতক বিহিস্তৰ পৰা উলিয়াই দি ক্ৰমে শ্বৰণদ্বীপ আৰু জেদ্দাত নিক্ষেপ কৰে। সিহঁতে দীৰ্ঘ কেইবা শ বছৰ কন্দা-কাটা কৰাৰ পিছত হজৰত আদম (আঃ) আৰু হজৰত হাওৱা অৱশেষত মক্কাৰ আৰাফাত নামে ঠাইত  মিলিত হয়। তেতিয়া দুয়ো  আল্লাহৰ নামত কৃতজ্ঞতাস্বৰূপ দুই ৰাকাত নামাজ পঢ়ে। তেতিয়াৰ পৰাই ফজৰ  ওৱাক্তৰ নামাজ মানৱ জাতিৰ ওপৰত ফৰজ হয়।

প্ৰঃ জোহৰৰ চাৰি ৰাকাত নামাজ ফৰজ হোৱাৰ কাৰণ কি?

উঃ নমৰুদৰ অগ্নিকুণ্ডৰ পৰা হজৰত ইব্রাহিম (আঃ) আল্লাহৰ ইচ্ছাত জোহৰৰ সময়ত বাহিৰ হৈ কৃতজ্ঞতাস্বৰূপ চাৰি ৰাকাত নামাজ আদায় কৰিছিল। তেতিয়াৰ পৰা জোহৰৰ চাৰি ৰাকাত নামাজ ফৰজ হয়।

প্ৰঃ আছৰৰ চাৰি ৰাকাত নামাজ ফৰজ হোৱাৰ কাৰণ কি?

উঃ মাছৰ পেটৰ পৰা হজৰত ইউনুছ (আঃ) 40 দিন পিছত আছৰৰ সময়ত মুক্তি পাই আল্লাহ তায়ালাৰ প্ৰতি কৃতজ্ঞতাস্বৰূপ চাৰি ৰাকাত নামাজ আদায় কৰিছিল। তেতিয়াৰ পৰা আছৰৰ চাৰি ৰাকাত নামাজ ফৰজ হয়।

প্ৰঃ মাগৰিবৰ তিনি ৰাকাত নামাজ কি কাৰণে ফৰজ হয়?

উঃ ইহুদিসকলৰ হাতৰ পৰা  ঈছা (আঃ) ৰক্ষা পাই খোদাতায়ালাৰ প্ৰতি কৃতজ্ঞতাস্বৰূপ তিনি ৰাকাত নামাজ আদায় কৰিছিল। তেতিয়াৰ পৰা মাগৰিবৰ তিনি ৰাকাত নামাজ ফৰজ হয়। নামাজ কুইজ

প্ৰঃ কি কাৰণত ঈশাৰ চাৰি ৰাকাত নামাজ ফৰজ হয়?

উঃ হজৰত মুছা (আঃ) এক ৰাতি আল্লাহৰ নূৰৰ তাজল্লি (জ্যোতি) দেখা পাই কৃতজ্ঞতাস্বৰূপ চাৰি ৰাকাত নামাজ পঢ়িছিল। তেতিয়াৰ পৰা ঈশাৰ চাৰি ৰাকাত নামাজ ফৰজ হয়।

প্ৰঃ বেতেৰ নামাজ কেতিয়া, কোন নবীয়ে, কাৰ লগত প্ৰথমে আদায় কৰিছিল?

উঃ হজৰত মুহাম্মদ (ছাঃ)য়ে মিৰাজলৈ গৈ বিশিষ্ট চাৰিজন ফিৰিস্তাৰ লগত তিনি ৰাকাত বেতেৰ  নামাজ আদায় কৰিছিল।

প্ৰঃ পৱিত্ৰ কোৰাণত নামাজৰ কথা কেইবাৰ উল্লেখ আছে?

উঃ প্ৰত্যক্ষভাৱে 82 বাৰ আৰু পৰোক্ষভাৱে 500 বাৰ।

প্ৰঃ জামাতত নামাজ পঢ়াৰ ফজিলত (তাৎপৰ্য, গুণ) কি?

উঃ জামাতত নামাজ পঢ়িলে 27 গুণ বেছি ছওৱাব (পুণ্য) পোৱা যায়। যি ব্যক্তি নামাজৰ শাৰী পূৰ্ণ কৰিব আল্লাহ তাৰ মাকছুদ (মনৰ আশা) পূৰ্ণ কৰিব। হজৰত মুহাম্মদ (ছাঃ) য়ে কৈছে যে যি ব্যক্তি  ফজৰৰ নামাজ জামায়েতৰ সৈতে আদায় কৰে সি যেন হজৰত আদম (আঃ)ৰ লগত কুৰিবাৰ (20 বাৰ) হজ কৰিলে। যি ব্যক্তি জোহৰৰ নামাজ জামায়তৰ সৈতে আদায় কৰে সি যেন হজৰত ইব্রাহিম (আঃ)ৰ লগত 40 বাৰ হজ কৰিলে। সেইদৰে আছৰৰ নামাজ আদায়কাৰী হজৰত ইউনুছ (আঃ)ৰ লগত 60 বাৰ হজ কৰিলে আৰু মাগৰিবৰ সময়ত হজৰত ঈছা (আঃ)ৰ লগত 80 বাৰ আৰু ঈশাৰ নামাজ আদায়কাৰীয়ে হজৰত মুহাম্মদ (ছাঃ)ৰ লগত 100 বাৰ হজ কৰাৰ ছোৱাব (পুণ্য) লাভ কৰে।

নামাজ কুইজ, Salat Quiz

প্ৰঃ কোন কোন মছজিদত নামাজ পঢ়িলে আটাইতকৈ বেছি ছোৱাব পোৱা যায়?

উঃ মচজিদে নববী আৰু বায়তুল মুকাদ্দছত নামজ পঢ়িলে অন্যান্য মছজিদত নামজ পৰাৰ তুলনাত 50 হাজাৰ গুণ বেছি ছওৱাব পোৱা যায়। কাবা শ্বৰিফত নামাজ পঢ়িলে প্ৰতি ৰাকাতত 1 লাখ গুণ ছওৱাব পোৱা যায়। অৱশ্যে তবলীগৰ ৰাস্তাত এক ৰাকাত নামাজত 7 লাখৰ অধিক ছওৱাব পোৱা যায়। নামাজ কুইজ

প্ৰঃ তাকবিৰে উলাৰ ফজিলত কি?

উঃ তাকবিৰে উলাৰ ফজিলত হ’ল ই  পৃথিৱীত যিবোৰ আছে তাতকৈ উত্তম। এক হাদিছত আছে আল্লাহৰ ৰাস্তাত এক হাজাৰ উট ছদকা দিয়াতকৈ উত্তম ।

প্ৰঃ মহিলাসকল জামায়েতে নামাজ পঢ়িব পাৰে নে?

উঃ পাৰে। কিন্তু পুৰুষৰ জামাতত নাৰীয়ে যোগ দিয়া মকৰুহ।

প্ৰঃ নামাজীসকলৰ হাশৰ কৰ লগত হ’ব?

উঃ নবী, শ্বহীদ আৰু অলিসকলৰ লগত।

প্ৰঃ বেনামাজীসকলৰ হাশৰ কাৰ লগত হ’ব?

উঃ ফেৰাউন, হামান, ছাদ্দাদ ইত্যাদি পাপীসকলৰ লগত।

প্ৰঃ জুমা আৰু ঈদৰ খোতবা (বক্তব্য) পঢ়া আৰু শুনাৰ নিৰ্দেশ কি?

উঃ জুমাৰ খোতবা পঢ়া ফৰজ, ঈদৰ খোতবা পঢ়া সুন্নত। কিন্তু জুমাৰ খোতবা আৰু ঈদৰ খোতবা শুনা ওৱাজিব।

প্ৰঃ তায়াম্মুমৰ ফৰজ কেইটি আৰু কি কি?

উঃ তিনিটা, যথা– নিয়ত কৰা, মুখমণ্ডল মছেহ কৰা, দুই হাত কনুুসহ মছেহ কৰা। 

প্ৰঃ গোছলৰ ফৰজ কেইটা আৰু কি কি?

উঃ তিনিটা, যথা– গড়গড় কৰি কুলি কৰা, নাকৰ কোমল স্থানলৈকে পানী সোমোৱা আৰু গোটেই শৰীৰ উত্তমভাৱে ধোৱা।

প্ৰঃ ‘অজুৰ ফৰজ কেইটা আৰু কি কি?

উঃ অজুৰ ফৰজ চাৰিটা, যথাঃ মুখমণ্ডল ধৌত কৰা, দুই হাত কণুই সহ ধৌত কৰা, মূৰৰ চাৰিভাগৰ একভাগ মছেহ কৰা, দুই ভৰিৰ গাঁঠিলৈকে ধৌত কৰা।

নামাজ কুইজ, Salat Quiz

প্ৰঃ মুদৰিক কাক কয়?

উঃ যি ব্যক্তি ইমামৰ লগত প্ৰথমৰ পৰা শেষলৈকে নামাজ পঢ়ে তাক মুদৰিক বোলে।

প্ৰঃ মছবুক কাক বোলে?

উঃ যি ব্যক্তি জামাতত প্ৰথমৰ পৰা যোগ দিব নোৱাৰি নামাজৰ কিছু অংশ শেষ হোৱাৰ পিছত যোগ দিয়ে তাকে ‘মছবুক’ বোলে।

প্ৰঃ নামাজৰ ভিতৰত আৰু বাহিৰত ফৰজ কেইটা আৰু কি কি?

উঃ নামাজৰ বাহিৰত ফৰজ 6 টা, যেনে– শৰীৰ পাক (পৱিত্ৰ), পৰিধান কৰা কাপোৰ পৱিত্ৰ, নামাজৰ স্থান পৱিত্ৰ, শৰীৰ ঢকা, কেৱলামুখী হোৱা, যথাযথ সময়ত (ওৱাক্ত অনুসৰি) নামাজ আদায় কৰা।

নামাজৰ ভিতৰত ফৰজ 7   টা, যথা– তাকবীৰে তাহৰিমা কৰা, থিয় হৈ নামাজ পঢ়া,  কেৰাত পঢ়া, ৰুকু কৰা, সেজদা কৰা, শেষ বৈঠকত বহা, ছালাম ফিৰাই নামাজ শেষ কৰা।

প্ৰঃ নামাজৰ মাজত ওৱাজিব কেইটা আৰু কি কি?

উঃ নামাজৰ মাজত ওৱাজিব 14 টা। যেনে– সুৰা ফাতিহা পঢ়া, সুৰা ফাতিহাৰ সৈতে অন্য এক সুৰা পাঠ কৰা, ৰুকুৰ পৰা পোন হৈ থিয় হোৱা, দুই সিজদাৰ মাজত এক তছবীহ পৰিমাণ বহা, দুই ৰাকাতত বহা, প্ৰতি বৈঠকত আত্যাহিয়াতো পঢ়া, বেতেৰৰ নামাজত দোৱা কুনুত পঢ়া, দুই ঈদৰ নামাজত অতিৰিক্ত 6 তকবীৰ কোৱা, নামাজৰ ধাৰাবাহিকতা ৰক্ষা কৰা, তাদিলে আৰকান কৰা, মাগৰিব, ঈশা, ফজৰ, জুমা, ঈদ আৰু তাৰাবিৰ নামাজত জোৰে জোৰে কেৰাত পঢ়া আৰু অন্যান্য নামাজত নীৰৱে কেৰাত পঢ়া, ইমামক অনুসৰণ কৰা, ভুল হলে ছাহু সিজদা কৰা, ‘আচ্ছালমুআলয়কুম  ওৱা ৰহমাতুল্লাহ’ কৈ ছালাম ফিৰাই নামাজ শেষ কৰা। 0 0 0

নামাজ কুইজ, Salat Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

নামাজ কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here