Home Quiz পৰিসংখ্যা বিজ্ঞান কুইজ-১

পৰিসংখ্যা বিজ্ঞান কুইজ-১

0

পৰিসংখ্যা বিজ্ঞান কুইজ-১

পৰিসংখ্যা বিজ্ঞান কুইজ-১

 

পৰিসংখ্যা বিজ্ঞান কুইজ-১

পৰিসংখ্যা বিজ্ঞান কুইজ-১

প্ৰশ্নঃ উপভোক্তা  বুলিলে কি বুজা ?

উত্তৰঃ যিজন ব্যক্তিয়ে নিজৰ চাহিদা পূৰণ কৰিবৰ বাবে কোনো বস্তু ক্ৰয় কৰে তেওঁকেই  ‘উপভোক্তা’ বুলি কোৱা হয়।

প্ৰশ্নঃ আধুনিক অৰ্থনীতি শাস্ত্ৰৰ এজন প্রতিষ্ঠাপক অৰ্থনীতিবিদৰ নাম লিখা।

উত্তৰঃ আলফ্রেড মাৰ্ছাল।

পৰিসংখ্যা বিজ্ঞান কুইজ-১

প্ৰশ্নঃ  বিক্ৰেতা বুলিলে কি বুজা?

উত্তৰঃ এজন ব্যক্তি বা প্রতিষ্ঠানে লাভ অৰ্জন কৰিবৰ বাবে কোনো সামগ্ৰী বিক্ৰী কৰিলে তেওঁকেই  ‘বিক্ৰেতা’ বোলে।

প্ৰশ্নঃ  উৎপাদক  মানে কি?

উত্তৰঃ যিজন ব্যক্তিয়ে কোনো সামগ্ৰী বা সেৱা উৎপাদন কৰে, তেওঁক ‘উৎপাদক’ বুলি কোৱা হয়।

প্ৰশ্নঃ অৰ্থনৈতিক কাৰ্য বুলিলে কি  বুজা?

উত্তৰঃ  যি কাৰ্য অৰ্থনৈতিক লাভ অৰ্জনৰ কাৰণে সম্পাদন কৰা হয়, তাকে অৰ্থনৈতিক কাৰ্য বোলে।

প্ৰশ্নঃ সেৱাকাৰী বুলিলে কি বুজা?

উত্তৰঃ যেতিয়া এজন ব্যক্তিয়ে ধনৰ বিনিময়ত আনৰ বাবে কোনো সেৱামূলক কাৰ্য সম্পাদন কৰে, তেতিয়া তেওঁক সেৱাকাৰী বুলি কোৱা হয়।

প্ৰশ্নঃ উৎপাদন মানে কি?

উত্তৰঃ কোনো এটা বস্তুৰ উপযোগিতাৰ সৃষ্টি কৰাকে উৎপাদন বোলে।

প্ৰশ্নঃ সেৱাধাৰী বুলি  কাক কোৱা হয়?

উত্তৰঃ যেতিয়া কোনো ব্যক্তিয়ে কোনো এটা কামত নিয়োজিত হৈ আনৰ বাবে কাম কৰি দিয়ে আৰু তাৰ বাবে মজুৰি বা বেতন লাভ কৰে, তেতিয়া তেওঁক  ‘সেৱাধাৰী’ বুলি কোৱা হয়।

প্ৰশ্নঃ  নাটনি বুলিলে কি বুজা?

উত্তৰঃ ভোক্তাই বিচৰা সামগ্ৰীৰ তুলনাত কম সামগ্ৰীৰ যোগনকে ‘নাটনি’ বুলি কোৱা হয়।

প্ৰশ্নঃ সকলো সমস্যাৰ মূল কি?

উত্তৰঃ নাটনি বা দুৰ্লভতা হৈছে সকলো সমস্যাৰ মূল।

প্ৰশ্নঃ  উপভোগ মানে কি?

উত্তৰঃ উপভোক্তাই তেওঁলোকৰ নানান প্ৰয়োজন পূৰণ কৰিবলৈ  সামগ্ৰী ক্ৰয় কৰা কাৰ্যই হ’ল উপভোগ।

পৰিসংখ্যা বিজ্ঞান কুইজ-১

প্ৰশ্নঃ বিতৰণ  মানে কি?

উত্তৰঃ ৰাষ্ট্ৰীয় আয়ক উৎপাদনৰ চাৰিটা উপাদানৰ মাজত ক্ৰমে মজুৰি, লাভ, খাজনা আৰু সুদৰূপে ভগাই দিয়া কাৰ্যক ‘বিতৰণ’ বোলে

প্ৰশ্নঃ  তথ্য বুলিলে কি বুজা?

উত্তৰঃ  সংখ্যাভিত্তিক অৰ্থনৈতিক পৰিঘটনাসমূহক তথ্য বুলি কোৱা হয়।

প্ৰশ্নঃ  অৰ্থবিজ্ঞানত নীতি বুলিলে কি বুজা?

উত্তৰঃ অৰ্থনৈতিক সমস্যাসমূহ সমাধান কৰাত সহায়ক হোৱা উপায়সমূহক অৰ্থবিজ্ঞানত ‘নীতি’ বুলি কোৱা হয়।

প্ৰশ্নঃ পৰিসংখ্যা বিজ্ঞানে কেৱল পৰিমাণবাচক তথ্যহে বিচাৰ কৰে। (শুদ্ধ নে অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

প্ৰশ্নঃ পৰিসংখ্যা বিজ্ঞানে অৰ্থনৈতিক সমস্যাসমূহ সমাধান কৰে। (শুদ্ধ নে অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

প্ৰশ্নঃ  তথ্য অবিহনে অৰ্থবিজ্ঞানত পৰিসংখ্যা বিজ্ঞানৰ কোনো প্ৰয়োজন নাই। (শুদ্ধ নে অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

প্ৰশ্নঃ  আধুনিক অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ হ’ল– মাৰ্ছাল চেমুৱেলছন  আদাম স্মিথ  ৰবিন্স। (শুদ্ধ উত্তৰ বাছি  উলিওৱা)

উত্তৰঃ আদাম স্মিথ।

পৰিসংখ্যা বিজ্ঞান কুইজ-১

প্ৰশ্নঃ ‘An Enquiry into the Nature and Caussed of Wealth of Nations’ পুথিখনৰ ৰচকজন হ’ল–মাৰ্ছাল আদাম স্মিথ ৰবিন্স। (শুদ্ধ উত্তৰ বাছি  উলিওৱা)

উত্তৰঃ আদাম স্মিথ।

প্ৰশ্নঃ  কোনটো অৰ্থবিজ্ঞানৰ অন্তৰ্ভূক্ত– সূৰ্যৰ ৰশ্মি। নদীৰ পানী  ল’ৰা-ছোৱালীৰ প্ৰতি মাকৰ শুশ্ৰূষা নুনমাটি তেল শোধনাগাৰ। (শুদ্ধ উত্তৰ বাছি  উলিওৱা)

উত্তৰঃ নুনমাটি তেল শোধনাগাৰ।

প্ৰশ্নঃ কোনটো অৰ্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰুৱা নহয়– মদাহীৰ মদ খোৱা হাস্পাতালত বেমাৰীক শুশ্ৰূষা কৰা সন্তানৰ প্ৰতি মাকে লোৱা যত্ন। (শুদ্ধ উত্তৰ বাছি  উলিওৱা)

উত্তৰঃ সন্তানৰ প্ৰতি মাকে লোৱা যত্ন।

প্ৰশ্নঃ  অৰ্থবিজ্ঞানক কোনে ‘সম্পদৰ উৎপাদন আৰু বিতৰণৰ প্ৰায়োগিক বিজ্ঞান’ বুলি কৈছে।

উত্তৰঃ  আদাম স্মিথ।

প্ৰশ্নঃ অনা-অৰ্থনৈতিক কাৰ্যৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ মাকে সন্তানৰ প্ৰতি লোৱা যত্ন।

প্ৰশ্নঃ  কোন গৰাকী অৰ্থনীতিবিদে তেখেতৰ সংজ্ঞাত বস্তুগত কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল?

উত্তৰঃ আলফ্রেড মাৰ্ছাল।

পৰিসংখ্যা বিজ্ঞান কুইজ-১

প্ৰশ্নঃ  অধ্যাপক ৰবিন্সে দিয়া অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰঃ অধ্যাপক ৰবিন্সে আগবঢ়োৱা অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল “অৰ্থবিজ্ঞান হৈছে এনে এক বিজ্ঞান যি বিকল্প ব্যৱহাৰ থকা সীমিত উপকৰণৰ লগত সীমাহীন অভাৱৰ প্ৰয়োজনৰ সম্পৰ্ক হিচাপে মানৱ আচৰণৰ বিষয়ে অধ্যয়ন কৰে।”

প্ৰশ্নঃ  প্ৰাথমিক তথ্য কি?

উত্তৰঃ যি তথ্য প্ৰথম বাৰৰ বাবে সংগ্ৰহ কৰা হয, তাকে ‘প্ৰাথমিক তথ্য’ বা ‘মুখ্য তথ্য’ বোলে।

প্ৰশ্নঃ  গৌণ তথ্য কি?

উত্তৰঃ যি তথ্য আগতীয়াকৈ কোনো ব্যক্তি বা প্রতিষ্ঠানে সংগ্ৰহ কৰে আৰু দ্বিতীয় বা ততোধিকবাৰৰ বাবে ব্যৱহাৰ কৰা হয়, তাকে ‘গৌণ তথ্য’ বোলে ।

প্ৰশ্নঃ  তথ্যৰ প্ৰকাৰ কেইটা আৰু কি কি?

উত্তৰঃ তথ্যৰ প্ৰকাৰ দুটা। যেনে–প্ৰাথমিক তথ্য আৰু গৌণ তথ্য। প্ৰাথমিক তথ্যক মুখ্য তথ্য বুলিও কোৱা হয়।

পৰিসংখ্যা বিজ্ঞান কুইজ-১

প্ৰশ্নঃ  সমীক্ষা মানে কি?

উত্তৰঃ সমীক্ষা বুলিলে কোনো ব্যক্তি বিশেষ বা প্রতিষ্ঠানৰ পৰা তথ্য গোটাই লোৱাৰ এটা পদ্ধতিক বুজায়।

প্ৰশ্নঃ  অনুসন্ধানকাৰী কোন?

উত্তৰঃ  অনুসন্ধানকাৰী হ’ল এনে এজন ব্যক্তি যিজনে কোনো বিষয় সঠিকভাৱে অধ্যয়ন কৰাৰ বাবে বিষয়টো সম্বন্ধে বিভিন্ন তথ্য সংগ্ৰহৰ পৰিকল্পনা কৰে আৰু তাক কাৰ্যকৰী কৰে।

প্ৰশ্নঃ  উত্তৰকাৰী কাক বোলে ?

উত্তৰঃ  যিজন ব্যক্তিয়ে অনুসন্ধানকাৰী এজনৰ প্ৰশ্নৰ উত্তৰ (তথ্য) দিয়ে তেওঁক উত্তৰকাৰী বোলে।

প্ৰশ্নঃ  যাদৃচ্ছিক প্ৰতিচয়ন কাক বোলে?

উত্তৰঃ অধ্যয়ন কৰিবলগা সমষ্টিৰ পৰা প্ৰতিটো গোট বা নমুনা যাদৃচ্ছিকভাৱে নিৰ্বাচন কৰা পদ্ধতিক ‘যাদৃচ্ছিক প্ৰতিচয়ন’ বুলি কোৱা হয়।

প্ৰশ্নঃ  প্ৰতিনিধিত্বমূলক নমুনা বুলিলে কি বুুজা?

উত্তৰঃ ‘প্ৰতিনিধিত্বমূলক নমুনা’ হ’ল অধ্যয়ন কৰিব লগা সমষ্টিৰ এটা অংশ যি সাধাৰণতে সমষ্টিটোতকৈ সৰু হয় যদিও গোটেই সমষ্টিটোক প্ৰতিনিধিত্ব কৰে।

প্ৰশ্নঃ  চলক কাক বোলে ?

উত্তৰঃ পৰিসংখ্যা বিজ্ঞানত কোনো ব্যক্তি, বস্তু বা ঘটনাৰ পৰিমাণবোধক  পৰিৱৰ্তনশীল লক্ষণক ‘চলক’ বোলে।

পৰিসংখ্যা বিজ্ঞান কুইজ-১

প্ৰশ্নঃ  বিচ্ছিন্ন চলক কাক বোলে?

উত্তৰঃ যিবিলাক চলকে কেৱল গাইগুটীয়া মানহে ল’ব পাৰে অথবা যি চলকৰ মানসমূহ গণনাৰ ফলস্বৰূপেহে পোৱা যায়, তাক ‘বিচ্ছিন্ন চলক’ বোলে

প্ৰশ্নঃ  অবিচ্ছিন্ন চলক কাক বোলে?

উত্তৰঃ যিবিলাক চলকে এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত অসীম সংখ্যক মান ল’ব পাৰে বা যিবিলাক চলকৰ মান মাপ-জোখৰ দ্বাৰাহে পোৱা সম্ভৱ, গণনাৰ দ্বাৰা পাব নোৱাৰি, তেনে চলকক ‘অবিচ্ছিন্ন চলক’ বোলে। যেনে–উত্তাপ, ওজন ইত্যাদি।

প্ৰশ্নঃ  তথ্য  বুলিলে কি বুজা?

উত্তৰঃ তথ্য হ’ল এটা আহিলা, যিয়ে খবৰৰ যোগান ধৰি সমস্যাবোৰ বুজি লোৱাত সহায় কৰে। আন কথাত, সংখ্যাভিত্তিক অৰ্থনৈতিক পৰিঘটনাসমূহক তথ্য বুলি কোৱা হয়।

প্ৰশ্নঃ সাক্ষাৎকাৰ অনুসূচী বুলিলে কি বুজা?

উত্তৰঃ  গণনাকাৰীয়ে নিজে সংবাদদাতাৰ সাক্ষ্য লৈ তথ্য সংগ্ৰহ কৰি তালিকাত সন্নিবিষ্ট কৰিলে, সেই তালিকাক ‘সাক্ষাৎকাৰ অনুসূচী’ বুলি কোৱা হয়। 0 0 0

পৰিসংখ্যা বিজ্ঞান কুইজ-১

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here