Home Essay পৰ্যটন আৰু অসম | Poryaton Aaru Asom | Tourism and Assam Essay...

পৰ্যটন আৰু অসম | Poryaton Aaru Asom | Tourism and Assam Essay in Assamese

Tourism and Assam Essay in Assamese

0

পৰ্যটন আৰু অসম | Poryaton Aaru Asom | Tourism and Assam Essay in Assamese

পৰ্যটন আৰু অসম

 

পৰ্যটন আৰু অসম

পৰ্যটন আৰু অসম

আৰম্ভণি: নেদেখা বস্তু দেখিবলৈ, নজনা কথা জানিবলৈ, নুশুনা কথা শুনিবলৈ মানুহৰ এক সহজাত কৌতুহল আছে। এই কৌতুহল নিবাৰণৰ বাবে মানুহে এঠাইৰ পৰা আন ঠাইলৈ যায়। এনেদৰে কৌতুহল নিবাৰণৰ বাবে কোনো নতুন ঠাইলৈ যোৱা বা ভ্ৰমণ কৰাই হৈছে ‘পৰ্যটন’। প্ৰকৃতিয়ে পৃথিৱীখনক অনিন্দ্য সৌন্দৰ্য সুষমা আৰু ৰহস্যৰ সৈতে সৃষ্টি কৰিছে। সেয়ে এইবোৰ দেখি, স্পৰ্শ কৰি মানুহে নয়ন-মন সাৰ্থক কৰাৰ দুৰ্বাৰ আকাঙ্খা কৰে। পৃথিৱীত পৰ্যটনৰ বাবে বহুতো স্থান আছে। ভাৰতৰ নুমলী জীয়ৰী অসমকো প্ৰকৃতিয়ে সৌন্দৰ্যৰ অনুপম সুষমাৰে সৃষ্টি কৰিছে। ইয়াৰ পাহাৰ-পৰ্বত, হাবি-বননি, জান-জুৰি, খাল-বিল সকলোতে সৌন্দৰ্যৰ আকৰেৰে ভৰি আছে। সেয়ে এইবোৰে দূৰ-বিদেশৰ মানুহক হাত বাউল দি মাতে আৰু প্ৰতি বছৰ দেশ-বিদেশৰ বহু পৰ্যটক এইবোৰ চাবলৈ অসমলৈ ঢাপলি মেলে। 

পৰ্যটনৰ শ্ৰেণী বিভাগ: পৰ্যটন বা দৰ্শনীয় স্থানসমূহক সাধাৰণতে দুই শ্ৰেণীত ভাগ কৰিব পাৰি, যথাঃ প্ৰকৃতি সৃষ্ট স্থান আৰু মানৱ সৃষ্ট স্থান। অসমত দুয়ো শ্ৰেণীৰ স্থানেই বিদ্যমান। প্ৰকৃতিসৃষ্ট স্থানসমূহৰ ভিতৰত অসমৰ হাবি-বননি বিশেষকৈ কাজিৰঙা, মানস অভয়াৰণ্য, মাজুলী, সুন্দৰ সেউজী চাহ বাগিছাসমূহ আৰু বহুতো। আনহাতে মানৱসৃষ্ট স্থানসমূহৰ ভিতৰত কামাখ্যা মন্দিৰ, উমানন্দ মন্দিৰ, অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান, অসম ৰাজ্যিক যাদুঘৰ, বশিষ্টাশ্ৰম, শীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, ৰংপুৰৰ ৰংঘৰ, কাৰেংঘৰ, অগ্নিঘৰ, শিৱদৌল, জয়সাগৰ, তলাতল ঘৰ আৰু বহুতো। পৰ্যটন আৰু অসম

উদ্যোগ হিচাপে পৰ্যটন: বিংশ শতিকাৰ পৰা পৰ্যটন বিশ্বৰ এক বিশাল উদ্যোগ হিচাপে প্রতিষ্ঠিত হৈছে। প্ৰতিবছৰ বিশ্বৰ এক প্ৰান্তৰ মানুহ আন প্ৰান্তলৈ মনৰ দুৰ্বাৰ কৌতুহল নিবাৰণৰ বাবে ভ্ৰমণ কৰিবলৈ লৈছে। সেয়ে পৰ্যটন স্থানসমূহ এক লাভজনক ব্যৱসায়ত পৰিণত হৈছে। এতিয়া বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰই পৰ্যটকসকলক আকৰ্ষণ কৰাৰ বাবে তৎপৰ হৈছে আৰু পৰ্যটকসকলৰ সুবিধা আৰু বিনোদনৰ বাবে মূলধন বিনিয়োগ কৰি আছে আৰু নানান আঁচনি গ্ৰহণ কৰি আছে। পৰ্যটন উদ্যোগৰ পৰা সাধাৰণতে তলত উল্লেখ কৰা দৰে লাভৱান হ’ব পাৰি —

প্ৰথমতে, পৰ্যটকসকল সাধাৰণতে বেলেগ ৰাষ্ট্ৰ বা ৰাজ্যৰ পৰা আহে। সেয়ে সিহঁতে পৰ্যটন স্থানতে থকা-খোৱাৰ সুবিধা গ্ৰহণ কৰে। ফলত সংশ্লিষ্ট হোটেল, গাইড, যাতায়তৰ বাবে থকা বাহন আদিৰ মালিকসলক আৰ্থিকভাৱে লাভৱান হয়। বহু সময়ত বিদেশী পৰ্যটকসকলে পৰ্যটন স্থানীয় থলুৱা সামগ্ৰী  সিহঁতৰ ভ্ৰমণৰ স্মৃতি বা সাক্ষী হিচাপে ক্ৰয় কৰি লৈ যায় । ফলত স্থানীয় ব্যৱসায়ীসকল লাভৱান হয়। পৰ্যটন আৰু অসম

দ্বিতীয়তে, পৰ্যটন যিহেতু উদ্যোগ হিচাপে প্রতিষ্ঠিত হৈছে সেয়ে এই উদ্যোগত বহুত লোকে নিয়োজিত হৈ কৰ্মসংস্থান বৃদ্ধি কৰিছে।

তৃতীয়তে, পৰ্যটন উদ্যোগৰ বাবে থলুৱা সংস্কৃতিৰ প্ৰচাৰ হৈ বিশ্বত পৰিচিতি লাভ কৰিছে। উদাহৰণস্বৰূপে মাজুলী ভ্ৰমণ কৰা কোনো পৰ্যটকে অসমৰ বৈষ্ণৱ সংস্কৃতিৰ লগত পৰিচয় হ’ব পাৰে।

চতুৰ্থতে, পৰ্যটনৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ লোকসকলৰ লগত সভ্যতা, সংস্কৃতি, চিন্তা-চৰ্চা, দৰ্শন, মনৰ ভাৱ-অনুভূতি আদিৰ বিনিময় সহজতে সম্ভৱ হৈছে। ফলত আন্তৰ্জাতিক বুজাপৰা আৰু সহযোগিতা বৃদ্ধি পাইছে। পৰ্যটন আৰু অসম

পৰ্যটক আকৰ্ষণৰ বাবে কৰণীয় দিশ: দুখৰ বিষয় যে অসমত বহুতো পৰ্যটন স্থান থকা সত্বেও ইয়াত ই এক উদ্যোগ হিচাপে প্রতিষ্ঠিত হ’ব পৰা নাই। অসমত পৰ্যটনক এক লাভজনক উদ্যোগ হিচাপে প্রতিষ্ঠিত কৰিবলৈ তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি–

প্ৰথমতে, অসমৰ পৰ্যটন স্থানসমূহৰ বিষয়ে বিশ্বক অৱগত কৰিব লাগিব। পৰ্যটন স্থানসমূহৰ তাৎপৰ্য, ইতিহাস, গুৰুত্ব আদি বিশ্বৰ আগত দাঙি ধৰিব লাগিব যাতে বিশ্বৰ পৰ্যটকসকলে স্থানসমূহ দৰ্শন কৰিবলৈ কৌতুহলী হৈ উঠে। ইয়াৰ বাবে ইন্টাৰনেট, ফেচবুক, টুইটাৰ, আদিত স্থানসমূহৰ বিষয়ে লিখা-মেলা কৰিব লাগিব।

দ্বিতীয়তে, পৰ্যটন স্থানসমূহ সুপৰিকল্পনাৰে সজাই-পৰাই তুলিব লাগিব। পৰ্যটকসকলৰ বাবে থকা আৰু খোৱাৰ পৰ্যাপ্ত সুযোগ-সুবিধা সৃষ্টি কৰিব লাগিব।

তৃতীয়তে, পৰ্যটন স্থানলৈ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰিব লাগিব।

চতুৰ্থতে, পৰ্যটকসকল যিহেতু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহে সেয়ে সিহঁতৰ নিৰ্দেশনাৰ বাবে দক্ষ আৰু উপযুক্ত গাইডৰ ব্যৱস্থা কৰিব লাগিব আৰু গাইডসকল ইংৰাজী ভাষাৰ লগতে কেইবাটাও ভাষাত দক্ষ হ’ব লাগিব।

পঞ্চমতে, পৰ্যটন স্থলীৰ আশে-পাশে থকা লোকসকল অতিথিপৰায়ণ আৰু শিষ্টাচাৰী হ’ব লাগিব। পৰ্যটন আৰু অসম

সামৰণি: অসমত লাভজনক পৰ্যটন শিল্পৰ এক প্ৰচুৰ সম্ভৱনা আছে। ইয়াৰ বাবে উপৰিউক্ত ব্যৱস্থাসমূহ গ্ৰহণ কৰিলে অসমত এই শিল্পই নিশ্চয় গা কৰি উঠিব আৰু অসমে প্ৰতিবছৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰাত সক্ষম হ’ব। আমি আশাবাদী যে অসমবাসী তথা চৰকাৰে এই পৰ্যটন উদ্যোগৰ সমস্যাসমূহ আঁতৰ কৰি ইয়াক এক লাভজনক ব্যৱসায়লৈ উন্নীত কৰিব। ০ ০ ০

পৰ্যটন আৰু অসম

বি. দ্র. উক্ত ‘পৰ্যটন আৰু অসম | Poryaton Aaru Asom | Tourism and Assam Essay in Assamese’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা’ গ্রন্থৰ অন্তর্গত। পৰ্যটন আৰু অসম

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here