Home Quiz ফিৰিস্তা কুইজ

ফিৰিস্তা কুইজ

0

ফিৰিস্তা কুইজ

ফিৰিস্তা কুইজ

 

 

ফিৰিস্তা কুইজ

ফিৰিস্তা কুইজ

প্ৰঃ আৰবী ভাষাত ফিৰিস্তাক কি বুলি কোৱা হয়?

উঃ মালাক (বহুবচন ‘মালায়কা’)।

প্ৰঃ ‘ফিৰিস্তা’ শব্দটি কি ভাষাৰ শব্দ?

উঃ ফাৰচী।

প্ৰঃ ফিৰিস্তাসকলক আল্লাহ তায়ালাই কিহৰ পৰা সৃষ্টি কৰিছে?

উঃ আল্লাহৰ নূৰ বা জ্যোতিৰ পৰা।

প্ৰঃ ফিৰিস্তাসকলৰ প্ৰধান বৈশিষ্ট্য কি?

উঃ ফিৰিস্তাসকল আল্লাহৰ সন্মানিত বান্দা। ইহঁতৰ কোনো লিঙ্গ নাই। সিহঁতে পাপ বা কোনো ভুল নকৰে।  ইহঁত  যিকোনো জৈৱিক প্ৰয়োজনৰ পৰা মুক্ত। ইহঁতৰ খোৱা, শুৱা, টোপনি যোৱা আদিৰ প্ৰয়োজন নাই। ইহঁত কিয়ামত পৰ্যন্ত জীৱিত থাকিব।

ফিৰিস্তা কুইজ

প্ৰঃ ফিৰিস্তাসকলে কি কি কামত নিযুক্ত?

উঃ  ফিৰিস্তাসকল আল্লাহৰ একান্ত বাধ্য কৰ্মী। ভিন ভিন ফিৰিস্তা ভিন ভিন কামত ন্যাস্ত আছে। সিহঁতে এবাদতে নিমগ্ন থাকে, নবী ৰছুল সকললৈ আল্লাহৰ পৰা অহি বহন কৰি আনে, বতৰ, জলবায়ু আদিৰ তদাৰক কৰে ইত্যাদি।

প্ৰঃ ফিৰিস্তাসকলৰ সংখ্যা কিমান?

উঃ ফিৰিস্তাসকলৰ প্ৰকৃত সংখ্যা কিমান সেয়া একমাত্ৰ আল্লাহই জানে। অৱশ্যে হাদিছ মতে মানুহৰ সংখ্যাতকৈ ফিৰিস্তাসকলৰ সংখ্যা বহুত বহুত বেছি।

প্ৰঃ  প্ৰধান ফিৰিস্তা কেইজন আৰু কি কি?

উঃ প্ৰধান ফিৰিস্তা চাৰিজন, যথা– হজৰত জিব্রাইল (আঃ), হজৰত আজৰাইল (আঃ), হজৰত মিকৰাইল (আঃ) আৰু হজৰত ইস্ৰাফিল (আঃ)।

প্ৰঃ কোন ফিৰিস্তা কি কি কামত নিযুক্ত আছে?

উঃ হজৰত জিব্রাইল (আঃ) নবী/ৰছুল সকললৈ আল্লাহৰ অহি (প্ৰত্যাদেশ) কঢ়িয়াই অনা কাৰ্যত নিযুক্ত আছে।

হজৰত আজ্ৰাইল (আঃ) মানুহ আৰু জীৱ জন্তুৰ আত্মা হৰণ কৰা (মৃত্যু ঘটোৱা) কামত নিযুক্ত।

হজৰত মিকৰাইল আল্লাহৰ নিৰ্দেশ মতে বৰষুণ, বতৰ, জলবায়ু, শস্য, গছ-গছনি আদিৰ দিশ চোৱা-চিতা কৰাৰ দায়িত্বত নিযুক্ত আছে।

প্ৰঃ হাৰত আৰু মাৰুত নামে দুই ফিৰিস্তাক আল্লাহই কিয় পৃথিৱীলৈ পঠাইছিল?

উঃ যাদু বিদ্যাৰ অপকাৰিতা, অবৈধতা সম্পৰ্কে মানৱ জাতিক সতৰ্ক কৰাৰ উদ্দেশ্যে আল্লহই সিহঁতক মানৱৰূপে ইৰাকৰ বাবেল চহৰত প্ৰেৰণ কৰিছিল।

প্ৰঃ বেহেস্তৰ দাৰোৱান (দুৱাৰৰক্ষী) কোন?

উঃ ‘ৰিজুৱান’ নামৰ ফিৰিস্তা।

প্ৰঃ দোজখৰ দাৰোৱান কোন?

উঃ ‘মালিক’ নামৰ ফিৰিস্তা।

প্ৰঃ আজৰাইলৰ আন নাম কি?

উঃ মালাকুল মউত।

প্ৰঃ জিব্রাইল (আঃ) ক কোৰাণত কি কি নামত  উল্লেখ কৰা হৈছে?

উঃ ৰূহুল কদ্দুুছ আৰু ৰূহুল আমিন।

প্ৰঃ জিব্রাইল (আঃ) ৰ ঘোঁৰাৰ নাম কি?

উঃ খাৰদাম।

ফিৰিস্তা কুইজ

প্ৰঃ জিব্রাইল (আঃ) কোন নবীৰ ওচৰত কিমানবাৰ আহিছিল?

উঃ হাদিছ মতে হজৰত আদম (আঃ) ৰ ওচৰত 12 বাৰ।

হজৰত ইদ্ৰিছ (আঃ) ৰ ওচৰত 4 বাৰ।

হজৰত নূহ (আঃ) ৰ ওচৰত 50 বাৰ।

হজৰত ইব্রাহিম  (আঃ)ৰ ওচৰত 42 বাৰ।

হজৰত মুছা  (আঃ)ৰ ওচৰত 400 বাৰ। 

হজৰত মহম্মদ (ছাঃ) ৰ ওচৰত 24,000 বাৰ। 

প্ৰঃ ফিৰিস্তাসকলে কোন কোনে ব্যক্তিক গা ধুৱাই দিছিল?

উঃ হজৰত আদম (আঃ) আৰু হজৰত হানজালা (ৰাঃ) ক।

প্ৰঃ আল্লাহৰ নিৰ্দেশত আদম (আঃ)ক সন্মুখত ৰাখি ফিৰিস্তাসকলে কিমান বছৰ সিজদাত আছিল?

উঃ  100 বছৰ।

ফিৰিস্তা কুইজ

প্ৰঃ ফিৰিস্তাসকলৰ উপাসনা গৃহ কোনটো?

উঃ বায়তুল মা’মুৰ।

প্ৰঃ  ফিৰিস্তাসকলৰ কেবলা কি?

উঃ আল্লাহৰ আৰশ।

প্ৰঃ কোনে প্ৰথমতে ক’ত আজান দিছিল?

উঃ জিব্রাইল (আঃ), আকাশত।

প্ৰঃ কাবা শ্বৰিফ পোন প্ৰথমতে কোনে তাওয়াফ (প্ৰদক্ষিণ) কৰিছিল?

উঃ ফিৰিস্তাসকলে।

প্ৰঃ মুমিন (আল্লাহ বিশ্বাসীসকল)ৰ ৰূহ কবছ কৰা ফিৰিস্তাৰ নাম কি?

উঃ নাছেতাত।

প্ৰঃ কাফিৰসকলৰ ৰূহ কবচ কৰে কোন ফিৰিস্তা?

উঃ নাজেয়াত। ০ ০ ০

ফিৰিস্তা কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here