Home Essay মোৰ জীৱনৰ লক্ষ্য | My Aim in Life Essay in Assamese

মোৰ জীৱনৰ লক্ষ্য | My Aim in Life Essay in Assamese

6

যদি আপুনি ‘মোৰ জীৱনৰ লক্ষ্য | My Aim in Life Essay in Assamese ৰ বিষয়ে এখন ৰচনা বিচাৰিছে  তেন্তে এইখন নিবন্ধ আপোনাৰ বাবে উপযুক্ত। এই নিবন্ধখন ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ পাঠকসকলে সহজে বুজিব পৰাকৈ সৰল ভাষাত লিখা হৈছে।

মোৰ জীৱনৰ লক্ষ্য My Aim in Life Essay in Assamese

মোৰ জীৱনৰ লক্ষ্য | My Aim in Life Essay in Assamese

(ৰচনা ১)

কোনো এক নিৰ্দ্দিষ্ট স্থান বা অৱস্থানত উপনীত হোৱা সংগ্ৰামৰ  নামেই লক্ষ্য। প্ৰত্যেকজন মানুহৰ জীৱনত এক লক্ষ্য থকা উচিত।  লক্ষ্য নোহোৱা মানুহ গুৰিয়াল নোহোৱা নাওৰ দৰে।  কিন্তু ব্যক্তি এজনে তেওঁৰ দক্ষতা আৰু অভিৰুচি অনুসৰি লক্ষ্য নিৰ্দ্ধাৰণ কৰা উচিত।

বহুতো চিন্তা-ভাৱনাৰ পিছত মই মোৰ লক্ষ্য স্থিৰ কৰিছো আৰু সেয়া হৈছে –এজন পৰিপূৰ্ণ শিক্ষক হোৱা।  ইংৰাজী বিষয়ৰ প্ৰতি মোৰ বিশেষ ৰাপ আছে আৰু সেয়ে মই হাই স্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি উচ্চতৰ মাধ্যমিকত কলা বিভাগত ভৰ্তি হম আৰু তাৰ পাছত ইংৰাজী গুৰু বিষয় হিচাপে  লৈ বি. এ. আৰু তাৰ পিছত  কোনো এখন ভাল বিশ্ববিদ্যালয়ত এম. এ. পঢ়িম বুলি সিদ্ধান্ত লৈছো।

মই দেখা পাইছো যে সমাজত এজন আদৰ্শ শিক্ষকৰ যথেষ্ট প্ৰয়োজন আছে আৰু সুস্থ সমাজ গঠনত এজন আদৰ্শ শিক্ষকৰ বিশেষ ভূমিকা আছে। মই সেয়ে এজন শিক্ষক হ’ব বিচাৰো। কিন্তু গতানুগতিক শিক্ষকৰসকলৰ দৰে মই ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা প্ৰদানত অকল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ নাথাকি সকলোকে এক আদৰ্শ, সৎ আৰু নৈতিক জীৱন শৈলীৰ শিক্ষা দিব বিচাৰো।  আজিকালি সমাজে সর্বসাধাৰণ মানুহে অনুসৰণ কৰিব পৰা আদৰ্শ, সৎ আৰু নৈতিক শিক্ষকৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰি আছে । মই জীৱনত এনে এজন প্ৰকৃত শিক্ষক হ’বলৈ লক্ষ্য স্থিৰ কৰিছো। মই ভাবো শিক্ষক এজন সকলোৰে ভাল বন্ধু, পদপ্ৰদৰ্শক, দাৰ্শনিক আৰু সর্বোপৰি  এজন মহাপুৰুষ হ’ব লাগে যাতে তেওঁ তেওঁৰ উচ্চ নৈতিক, সৎ আৰু আদৰ্শ জীৱন শৈলীৰ জৰিয়তে  অকল ছাত্ৰ-ছাত্ৰীসকলকে নহয়, তেওঁৰ সংস্পৰ্শলৈ অহা সকলো মানুহক সুশিক্ষা দিব পাৰে। মই ছাত্ৰ জীৱনৰ পৰাই সহজ, সৰল, সৎ আৰু নৈতিক জীৱন শৈলী অনুশীলন কৰি আছো যাতে মই মোৰ অনুজসকলক আৰু মোৰ সংস্পৰ্শলৈ অহা সকলো মানুহক  প্ৰকৃত অৰ্থত আৰ্হিসহ মানৱীয় গুণৰ শিক্ষা দিব পাৰো।

এখন দেশৰ ভৱিষ্যত ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত নিৰ্ভৰ কৰে। দেশ এখনৰ বাবে আদৰ্শ সুনাগৰিক গঢ়াৰ  ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অপৰিসীম।  মই মোৰ লক্ষ্যত উপনীত হোৱাৰ বাবে  যথাসাধ্য চেষ্টা কৰি আছো। মই এতিয়া যিহেতু এজন ছাত্ৰ গতিকে বৰ্তমান মই এজন ভাল ছাত্ৰ হোৱাৰ বাবে  চেষ্টা কৰি আছো।

মই ঈশ্বৰক প্ৰৰ্থনা কৰো যাতে ঈশ্বৰে মোক মোৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে আৰু মানৱ সেৱাৰ সুযোগ দিয়ে। 0 0 0

You May Like:

মোৰ জীৱনৰ লক্ষ্য

(ৰচনা )

পৰিচয়

জীৱনত লক্ষ্য স্থিৰ কৰা অতি প্ৰয়োজনীয়। লক্ষ্য নোহোৱা মানুহ গুৰিয়াল নোহোৱা নাওৰ দৰে। লক্ষ্য স্থিৰ কৰিলে জীৱনৰ পথ সহজ হয় আৰু সফলতাৰ সম্ভাৱনা বাঢ়ে।

মোৰ লক্ষ্য

মই বহু চিন্তা-ভাৱনাৰ পিছত মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰিছো। মোৰ লক্ষ্য হৈছে এজন চিকিৎসক হোৱা। চিকিৎসা বিজ্ঞানৰ প্ৰতি মোৰ বিশেষ ৰাপ আছে। মই মানুহৰ সহায়ত আনন্দ অনুভৱ কৰো। সেয়েহে মই চিকিৎসক হ’ব বিচাৰো।

শিক্ষাৰ পথ

মই হাই স্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকত ভৰ্তি হ’ম। তাৰ পাছত মই চিকিৎসা বিজ্ঞানত ভৰ্তি হ’ম আৰু এম. বি. বি. এছ. ডিগ্ৰী লাভ কৰিম। মই এজন দক্ষ চিকিৎসক হ’বলৈ যথাসাধ্য চেষ্টা কৰিম।

সমাজৰ প্ৰতি দায়িত্ব

মই লক্ষ্য স্থিৰ কৰিছো যে চিকিৎসক হিচাপে মই সমাজৰ সেবা কৰিম। মই গাঁও-গ্ৰামৰ লোকসকলৰ চিকিৎসা সুবিধা প্ৰদান কৰিম। গাঁও-গ্ৰামৰ লোকসকলৰ চিকিৎসা সুবিধাৰ অভাৱ আছে। মই সেই অভাৱ পূৰণ কৰিবলৈ চেষ্টা কৰিম।

আদৰ্শ চিকিৎসক

মই এজন আদৰ্শ চিকিৎসক হ’ব বিচাৰো। মই ৰোগীসকলৰ প্ৰতি সদয় আৰু সহানুভূতিশীল হ’ব। মই ৰোগীসকলৰ মনোবল বঢ়াবলৈ চেষ্টা কৰিম। মই চিকিৎসা প্ৰদানত সততা আৰু নৈতিকতা বজাই ৰাখিম।

উপসংহাৰ

মই মোৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে যথাসাধ্য চেষ্টা কৰি আছো। মই এতিয়া এজন ছাত্ৰ, গতিকে বৰ্তমান মই এজন ভাল ছাত্ৰ হোৱাৰ বাবে চেষ্টা কৰি আছো। মই ঈশ্বৰক প্ৰাৰ্থনা কৰো যাতে ঈশ্বৰে মোক মোৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে আৰু মানৱ সেৱাৰ সুযোগ দিয়ে। 0 0 0

Read More: অসমীয়া ৰচনা শিক্ষা

বি. দ্র. উক্ত ‘মোৰ জীৱনৰ লক্ষ্য | My Aim in Life Essay in Assamese ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।

N. B. যদি আপুনি উক্ত মোৰ জীৱনৰ লক্ষ্য | My Aim in Life Essay in Assamese’ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

6 COMMENTS

LEAVE A REPLY

Please enter your comment!
Please enter your name here