লিঙ্গ । Gender in Assamese
লিঙ্গ । Gender in Assamese
যি চিনৰ দ্বাৰা প্ৰাণী বা বস্তুৰ মতা, মাইকী আদি বুজিব পাৰি বা চিনাক্ত কৰিব পাৰি তাকে লিঙ্গ (Gender) বোলে। উদাহৰণ–
ল’ৰা ————- ছোৱালী
প্ৰেয়স ———– প্ৰেয়সী
গাই ————– ষাঁড়
মানুহজন —– মানুহজনী
মতা হাতী —- মাইকী হাতী।
অসমীয়া ভাষাত লিঙ্গক চাৰি ভাগত ভাগ কৰা হৈছে, যথা–
(১) পুংলিঙ্গ (Macsuline Gender)
(২) স্ত্ৰীলিঙ্গ (Feminine Gender)
(৩) ক্লীৱলিঙ্গ (Neuter Gender) আৰু
(৪) উভয় লিঙ্গ (Common Gender)
তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।
পুংলিঙ্গ (Masculine Gender)
পুৰুষ বা মতা বুজোৱা শব্দবোৰক পুংলিঙ্গ বোলে। উদাহৰণ–
ককা, চাচা, দাদা, ভাই, দেউতা, ৰজা, মামা, খুড়া ইত্যাদি।
স্ত্ৰীলিঙ্গ (Feminine Gender)
যিবোৰ শব্দই স্ত্ৰী বা মাইকীক বুজায় সেইবোৰ শব্দক স্ত্ৰীলিঙ্গ বোলে। উদাহৰণ–
আই, তাই, পেহী, মাহী, আইতা, ৰাণী, লেখিকা, মা, ভনী, খুৰী, ভালুকী ইত্যাদি।
ক্লীৱলিঙ্গ (Neuter Gender)
যিবোৰ শব্দই মতা বা মাইকী একোকে নুবুজায় সেইবোৰ শব্দক ক্লীবলিঙ্গ বোলে। সাধাৰণতে নিৰ্জীৱ বস্তু বা পদার্থবোৰক ক্লীৱলিঙ্গ বুলি ধ’ৰা হয়। উদাহৰণ–
কাগজ, কটাৰী, দা, বিচনী, কিতাপ, কলম, মেজ, চকী, পেঞ্চিল, গছ ইত্যাদি।
উভয় লিঙ্গ (Common Gender)
যিবোৰ শব্দই মতা-মাইকী উভয়ক বুজায় সেইবোৰ শব্দক উভয় লিঙ্গ বোলে। উদাহৰণ–
শিশু, মানুহ, গৰু, হাতী, ছাগলী, কুকুৰ, ঘোঁৰা, হাঁহ, পাৰ ইত্যাদি।
অসমীয়া ভাষাত প্ৰাণীবাচক শব্দৰ ক্ষেত্ৰত লিঙ্গ বিভাজনৰ ওপৰত গুৰুত্ব দিয়া হয়। অৱশ্যে অসমীয়া পুংলিঙ্গ বাচক শব্দবোৰক স্ত্ৰীলিঙ্গ বাচক শব্দলৈ পৰিণত কৰাৰ কিছুমান নিয়ম আছে। তলত সেইবোৰ উদাহৰণসহ আলোচনা কৰা হ’ল।
(১) অ-কাৰান্ত পুংলিঙ্গ বাচক শব্দৰ পাছত ‘আ’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–
পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ
শ্ৰদ্ধেয় —– শ্ৰদ্ধেয়া
সভ্য —– সভ্যা
পৰিত্যক্ত —– পৰিত্যক্তা
অশিক্ষিত —– অশিক্ষিতা
পূজনীয় —– পূজনীয়া
নিষ্ঠুৰ —– নিষ্ঠুৰ
বিশিষ্ট —– বিশিষ্টা
প্ৰসিদ্ধ —– প্ৰসিদ্ধা
কৃশ —– কৃশা
প্ৰিয় —– প্ৰিয়া
বৃদ্ধ —– বৃদ্ধা
শিষ্য —– শিষ্যা
নিপুন —– নিপুনা
(২) জাতি বুজোৱা অ-কাৰান্ত শব্দৰ পাছত ‘ঈ’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–
পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ
ভালুক —– ভালুকী
হৰিণ —– হৰিণী
ব্রাহ্মণ —– ব্রাহ্মণী
সিংহ —– সিংহী
ৰাক্ষস —– ৰাক্ষসী
দেৱ —– দেৱী
গোপ —– গোপী
বৈষ্ণৱ —– বৈষ্ণৱী
পাত্ৰ —– পাত্ৰী
ছাগল —– ছাগলী
পাগল —– পাগলী
কাউৰ —– কাউৰী
বান্দৰ —– বান্দৰী
ময়ূৰ —– ময়ূৰী।
(৩) স্ত্ৰীলিঙ্গত ‘আ’ প্ৰত্যয় যুক্ত ‘অক’ ভাগান্ত শব্দৰ ‘অক’ৰ ঠাইত ‘ইক’ হৈ স্ত্ৰী লিঙ্গ হয়।যেনে–
পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ
বালক —– বালিকা
পাঠক —– পাঠিকা
অধ্যাপক —– অধ্যাপিকা
সেৱক —– সেৱিকা
লেখক —– লেখিকা
নায়ক —– নায়িকা
গায়ক —– গায়িকা
সম্পাদক —– সম্পাদিকা
সাধক —– সাধিকা
গ্ৰাহক —– গ্ৰাহিকা।
(৪) আ-কাৰান্ত পুংলিঙ্গ বাচক শব্দত (গুণ, জাতি, সম্বন্ধবাচক শব্দৰ ক্ষেত্ৰত) ‘ঈ’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে—
পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ
পঠা —– পাঠী
মিতা —– মিতিনী
ক’লা —– ক’লী
মহা —– মাহী
বৰা —– বৰানী
বেটা —–বেটী
মামা —– মামী
কণা —– কাণী
আঁকৰা —– আঁকৰী
বৰুৱা —– বৰুৱানী
কান্দুৰা —– কান্দুৰী
বেঙা —– বেঙী
অজলা —– আজলী
ঠেহুলা —– ঠেহুলী
বগা —– বগী
লোধোমা —– লুধুমী
(৫) পদবী, জাতি, সম্প্ৰদায়সূচক শব্দত ‘অনী’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–
পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ
বৰুৱা —– বৰুৱানী
শইকীয়া —– শইকীয়ানী
মাষ্টৰ —– মাষ্টৰনী
ডাক্তৰ —– ডাক্তৰনী
কলিতা —– কলিতানী
মেতৰ —– মেতৰনী
আহোম —– আহোমনী
চাকৰ —– চাকৰনী
কায়স্থ —– কায়স্থনী
ফুকন —– ফুকননী
নাপিত —– নাপিতনী ।
(৬) কিছুমান পদবী, জাতি, সম্প্ৰদায়সূচক পুংলিঙ্গ শব্দত ‘অনী’ৰ পৰিবৰ্তে ‘ইনী’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–
পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ
বাঘ —– বাঘিনী
নাগ —– নাগিনী
হাঁহ —– হাঁহিনী
শিয়াল —– শিয়ালী
ৰাক্ষস —– ৰাক্ষসিনী
গোপ —– গোপিনী
(৭) পুংলিঙ্গ শব্দৰ পৰৱৰ্তী অংশত ‘ৱন্ত’, ‘ৱান’, ‘মন্ত’, ‘মান’, আৰু ‘ইয়স’ থাকিলে ক্ৰমে ‘ৱতী’, ‘ৱন্তী’, ‘মতী’, আৰু ‘ঈয়স’ যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–
পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ
ৰূপৱান —– ৰূপৱতী
ৰূপৱন্ত —– ৰূপৱন্তী
গৰিয়স —– গৰিয়সী
প্ৰেয়স —– প্ৰেয়সী
পুত্ৰৱান —– পুত্ৰৱতী
শ্ৰীমান —– শ্ৰীমতী
ভাগ্যৱান —– ভাগ্যৱতী
গুণৱান —– গুণৱতী
গুণৱন্ত —– গুণৱন্তী
মহীয়স —– মহীয়সী।
(৮) লিঙ্গসূচক শব্দৰ আগত ‘মতা’ আৰু ‘মাইকী’ শব্দ বহুৱাই পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–
পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ
মতা গৰু —– মাইকী গৰু
মতা কুকুৰ —– মাইকী কুকুৰ
মতা হাতী —– মাইকী হাতী
মতা মানুহ —– মাইকী মানুহ
মতা সন্তান —– মাইকী সন্তান
মতা হাঁহ —– মাইকী হাঁহ
মতা বন্ধু —– মাইকী বধূ
মতা সিংহ —– মাইকী সিংহ
মতা বাঘ —– মাইকী বাঘ
মতা ঘোঁৰা —– মাইকী ঘোঁৰা।
(৯) লিঙ্গসূচক শব্দৰ পাচত ‘টো’ আৰু ‘জন’ শব্দ বহুৱাই পুংলিঙ্গ আৰু ‘জনী’ যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়।যেনে–
পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ
ঘোঁৰাটো —– ঘোঁৰাজনী
হাঁহটো —– হাঁহজনী
মানুহজন —– মানুহজনী
কুকুৰটো —– কুকুৰজনী
গৰুটো —– গৰুজনী ।
(১০) হ্রস্ব ই-ক কাৰান্ত শব্দ দীৰ্ঘ ঈ- কাৰান্ত কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–
পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ
ৰান্ধনি —– ৰান্ধনী
মঙ্গলতি —– মঙ্গলতী
সখি —– সখী
শিপিনি —– শিপিনী
(১১) কিছুমান লিঙ্গসূচক শব্দৰ লগত ‘আনী’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–
পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ
আচাৰ্য —– আচাৰ্যানী
ইন্দ্ৰ —– ইন্দ্ৰানী
ক্ষত্ৰিয় —– ক্ষত্ৰিয়ানী
মাতুল —– মাতুলনী
ডাঙৰীয়া —– ডাঙৰীয়ানী
উপাধ্যায় —– উপাধ্যায়ানী
ৰুদ্ৰ —– ৰুদ্ৰানী
হিম —– হিমানী
(১২) কিছুমান ক্ষেত্ৰত বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰি পুংলিঙ্গ আৰু স্ত্ৰীলিংগ কৰা হয়। যেনে–
পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ
সভাপতি —– সভানেত্ৰী
বন্দী —– বেটী
মোমাই —– মামী
ককা —– আইতা
মৰদ —– তিৰী
দমৰা —– চেউৰী
ভিনীহি —– বাইদেউ
দদাই —– খুৰী
ককাই —– বৌ
পিতা —– মাতা
শৰ —– ভেলেঙী
স্বামী —– স্ত্ৰী
সি —– তাই
বিয়ৈ —– বিয়নী
নৰ —– নাৰী
পৈ —– ঘৈনী
বোন্দা —– জাঁই
চাহাব —– মেম
আতা —– আবু
নেতা —– নেতৃ
মুনিহ —– তিৰোতা
পতি —– পত্নী
পুৰুষ —– স্ত্ৰী, মহিলা
ভাই —– ভনী, ভগ্নী
ল’ৰা —– ছোৱালী
পুতেক —– জীয়েক
ডেকা —– গাভৰু
গিৰিয়েক —– ঘৈনীয়েক
পিতৃ —– মাতৃ
দেওৰ —– ননদ
গগৈ —– আইচু
দতাঁল —– মাখুন্দী
বলদ —– গাই
দৰা —– কন্যা
পুথাও —– এনাই
শহুৰ —– শাহু।
অনুশীলনী
(১) লিঙ্গ কাক বোলে?
(২) লিঙ্গ কেইবিধ আৰু কি কি?
(৩) কি কি উপায়ে পুংলিঙ্গবাচক শব্দবোৰক স্ত্ৰীলিঙ্গবাচক শব্দলৈ ৰূপান্তৰ কৰা হয়? উদাহৰণসহ বুজাই লিখা।
(৪) তলত দিয়াবোৰৰ লিংগ পৰিৱৰ্তন কৰা–
ভাই, ঘোঁৰা, ছোৱালী, ইন্দ্ৰানী, মতা কুকুৰ, সেৱক, লেখক, নায়িকা, গায়ক, সম্পাদিকা, ক্ষত্ৰিয়ানী, মিতিনী, ক’লী, মাহী, মাতুলনী। 0 0 0
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া ৰচনা
- অসমীয়া ব্যাকৰণ
- অসমীয়া ভাষা
- ধ্বনি ভাষা আৰু ভাষাৰ ৰূপ
- উপভাষা আৰু মান্য ভাষা
- বৰ্ণমালা
- অসমীয়া বর্ণমালা