শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী” শীৰ্ষক এই প্রবন্ধত ছাত্ৰ-ছাত্ৰীসকলৰ সঠিক শিক্ষা লাভৰ বাবে সুস্থ শৈক্ষিক পৰিৱেশৰ গুৰুত্ব আৰু ইয়াক গঠন কৰাত পৰিয়াল, সমাজ, বিদ্যালয়, আৰু শিক্ষকৰ ভূমিকা আলোচনা কৰা হৈছে।
শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী | Educational Environment and Students
(ইয়াত ‘শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী’ | ‘Educational Environment and Students’ শিৰোনামৰ দুটি ৰচনা দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভাল লগাটো গ্রহণ কৰিব)
শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী | Educational Environment and Students-An Essay in Assamese
(ৰচনা ১)
ছাত্ৰ-ছাত্ৰীসকলে সুস্থভাৱে শিক্ষা লাভ কৰাৰ অনুকূল বাতাবৰণেই শৈক্ষিক পৰিৱেশ। পৰিয়াল, সমাজ, বিদ্যালয়, শিক্ষক, অৰ্থনৈতিক অৱস্থা, নৈতিকতা, ৰাজনৈকি অৱস্থা, মানৱ প্ৰমূল্য, শিক্ষানীতি আদি বিভিন্ন কাৰকে শৈক্ষিক পৰিৱেশ নিৰ্দ্ধাৰণ কৰে। শিক্ষা ব্যৱস্থাক ফলপূৰ্ণ কৰিবলৈ হলে সুস্থ শৈক্ষিক পৰিৱেশৰ কোনো বিকল্প নাই।
সুস্থ শৈক্ষিক পৰিৱেশ গঠনত সমাজ আৰু পৰিয়ালৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। কিয়নো শিশু এটাৰ জন্মৰ লগে লগেই তেওঁৰ শিক্ষা আৰম্ভ হয়। আৰু শিশুয়ে জীৱনৰ মৌলিক শিক্ষা পৰিয়াল আৰু সমাজৰ পৰাই আৰহৰণ কৰে। সেয়ে পিতৃ-মাতৃ তথা অভিভাৱকসকলে শিশুৰ বাবে ঘৰতে এক সুস্থ পৰিৱেশ গঠন কৰা উচিত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ লিখা-পঢ়াত মনোযোগ দিব পাৰে আৰু লিখা-পঢ়াৰ প্ৰতি স্বাভাৱিকতে আগ্ৰহী হ’ব পাৰে। ইয়াৰ বিপৰীতে পৰিয়াল বা সমাজত অসূয়া-অপ্ৰীতি, কাজিয়া-পেচাল, সাম্প্ৰদায়িক ভেদ-ভাৱ, লিঙ্গ বৈষম্য, বিশৃঙ্খলতা আদি থাকিলে ল’ৰা-ছোৱালীয়ে লিখা-পঢ়াৰ প্রতি স্বাভাবিকতে বিতশ্ৰদ্ধ হৈ পৰে।
দ্বিতীয়তে, শৈক্ষিক পৰিৱেশ গঠনত বিদ্যালয় আৰু শিক্ষকসকলৰ অৱদানো লেখতলবলগীয়া। কিয়নো সুস্থভাৱে লিখা-পঢ়া কৰাৰ বাবে শান্তিপূৰ্ণ পৰিৱেশ, পৰিস্কাৰ-পৰিচ্ছন্নতা, যথাযথ দৃশ্য-শ্ৰাব্য সা-সঁজুলি আদিৰ প্ৰয়োজন। প্ৰতিখন বিদ্যালয়ত এইবোৰ থকা একান্তই বাঞ্ছনীয়। ইয়াৰ উপৰিও শিক্ষকসকলে বিদ্যালয়ৰ নীতি-নিয়ম, শৃঙ্খলাবদ্ধতা, নিয়মানুৱৰ্তিতা, নৈতিকতা আদি মানি চলিব লাগে যাতে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলৰ পৰা আৰ্হি গ্ৰহণ কৰিব পাৰে। শিক্ষা দাৰ্শনিকসকলৰ মতে শিক্ষকসকল ছাত্ৰ-ছাত্ৰীসকলৰ বন্ধু , অভিভাৱক, পৰামৰ্শদাতা আৰু দাৰ্শনিক হোৱা উচিত।
সু্স্থ শৈক্ষিক পৰিৱেশ গঠনত ছাত্ৰ-ছাত্ৰীসকলৰো দায়িত্ব আছে। কিয়নো ছাত্ৰ-ছাত্ৰীসকলে যদি নিয়মানুৱৰ্তিতা, সুশৃঙ্খলতা, পৰিস্কাৰ-পৰিচ্ছন্নতা, নৈতিকতা, ডাঙৰৰ উপদেশ আদিৰ প্ৰতি পিঠি দিয়ে তেন্তে সমাজ, পৰিয়াল আৰু বিদ্যালয়ে গঢ় দিয়া পৰিৱেশ অকাৰ্যকৰ হৈ পৰিব। সংস্কৃতত এষাৰ কথা আছে, ‘ছাত্ৰানং অধ্যয়নং তপঃ’। অৰ্থাৎ ‘অধ্যয়নেই ছাত্ৰসকলৰ তপস্যা’। সেয়ে ছাত্ৰসকলে এই তপস্যাত সিদ্ধি লাভ কৰাৰ বাবে সকলো ধৰণৰ বাহ্যিকতাৰ পৰা আঁতৰত থাকিব লাগিব।
ইয়াৰ উপৰিও দেশৰ শিক্ষানীতি, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশো শিক্ষাৰ অনুকূল হ’ব লাগিব। অন্যথা সুস্থ শিক্ষাৰ পৰিৱেশ গঢ়ি উঠিব নোৱাৰে।
আজিৰ এই একবিংশ শতিকাত বিশ্বই অৰ্থনৈতিক দিশত দোপত-দোপে আগবাঢ়ি গৈ আছে যদিও সেই অনুপাতে শৈক্ষিক পৰিৱেশ উন্নত হোৱা নাই। ইয়াৰ কাৰণ অৰ্থাভাৱ নহয়; সুস্থ মানসিকতা, মানৱতা, সাধুতা, মূল্যবোধ আদি গুণৰ অভাৱ। আমি আশাবাদী যে আমাৰ মানৱ জাতিৰ ভৱিষ্যত প্ৰজন্মক সুশিক্ষাৰে শিক্ষিত কৰিবলৈ পৰিয়াল, সমাজ, তথা ৰাষ্ট্ৰই ঐক্যবদ্ধ হৈ এক সু্স্থ শৈক্ষিক পৰিৱেশ গঠন কৰিবলৈ এক বিপ্লৱ আৰম্ভ কৰিব আৰু সেই বিপ্লৱ আজিয়েই আৰম্ভ হওঁক আমি তাৰেই প্ৰত্যাশা কৰো। ০ ০ ০
শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী | Educational Environment and Students
(ৰচনা ২)
শৈক্ষিক পৰিৱেশ: আৰম্ভণি
শৈক্ষিক পৰিৱেশ মানে ছাত্ৰ-ছাত্ৰীসকলৰ সুস্থভাৱে শিক্ষা লাভ কৰাৰ ভাল বাতাবৰণ। পৰিয়াল, সমাজ, বিদ্যালয়, শিক্ষক, অৰ্থনৈতিক অৱস্থা, নৈতিকতা, ৰাজনৈতিক অৱস্থা, মানৱ প্ৰমূল্য আৰু শিক্ষানীতি ইত্যাদি বেছি কাৰকে এই পৰিৱেশ নিৰ্দ্ধাৰণ কৰে। ভাল শিক্ষা ব্যৱস্থাৰ বাবে সুস্থ শৈক্ষিক পৰিৱেশৰ কোনো বিকল্প নাই।
পৰিয়াল আৰু সমাজৰ ভূমিকা
শিশুৰ শিক্ষা পৰিয়াল আৰু সমাজত আৰম্ভ হয়। পৰিয়াল আৰু সমাজৰ পৰা শিশুয়ে মৌলিক শিক্ষা লাভ কৰে। পিতৃ-মাতৃ তথা অভিভাৱকসকলে শিশুৰ বাবে ঘৰতে এক সুস্থ পৰিৱেশ গঠন কৰা উচিত। এইবিলাক থাকিলে শিশুয়ে লিখা-পঢ়াত মনোযোগ দিব পাৰে আৰু আগ্ৰহী হ’ব পাৰে। কিন্তু পৰিয়াল বা সমাজত অসূয়া-অপ্ৰীতি, কাজিয়া-পেচাল, সাম্প্ৰদায়িক ভেদ-ভাৱ, লিঙ্গ বৈষম্য, বিশৃঙ্খলতা থাকিলে শিশুৱে লিখা-পঢ়াত আগ্ৰহ নাপায়।
বিদ্যালয় আৰু শিক্ষকৰ ভূমিকা
বিদ্যালয় আৰু শিক্ষকসকলৰ ভূমিকাও বেছি গুৰুত্বপূৰ্ণ। লিখা-পঢ়াৰ বাবে শান্তিপূৰ্ণ পৰিৱেশ, পৰিস্কাৰ-পৰিচ্ছন্নতা, আৰু যথাযথ দৃশ্য-শ্ৰাব্য সা-সঁজুলি প্ৰয়োজন। প্ৰতিখন বিদ্যালয়ত এইবোৰ থকা একান্তই বাঞ্ছনীয়। শিক্ষকসকলে বিদ্যালয়ৰ নীতি-নিয়ম, শৃঙ্খলাবদ্ধতা, আৰু নৈতিকতা মানি চলা উচিত। শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ বন্ধু, অভিভাৱক, পৰামৰ্শদাতা, আৰু দাৰ্শনিক হোৱা উচিত।
ছাত্ৰ-ছাত্ৰীসকলৰ দায়িত্ব
ছাত্ৰ-ছাত্ৰীসকলৰো সুস্থ শৈক্ষিক পৰিৱেশ গঠনত দায়িত্ব আছে। ছাত্ৰ-ছাত্ৰীসকলে নিয়মানুৱৰ্তিতা, সুশৃঙ্খলতা, পৰিস্কাৰ-পৰিচ্ছন্নতা, নৈতিকতা, ডাঙৰৰ উপদেশ আদিৰ প্ৰতি মনোযোগ দিব লাগে। ‘ছাত্ৰানং অধ্যয়নং তপঃ’ অৰ্থাৎ ‘অধ্যয়নেই ছাত্ৰসকলৰ তপস্যা’। সেয়ে ছাত্ৰসকলে এই তপস্যাত সফল হ’বৰ বাবে বাহ্যিক বিষয়ৰ পৰা আঁতৰত থাকিব লাগে।
শিক্ষানীতি, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশ
দেশৰ শিক্ষানীতি, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশো শিক্ষাৰ অনুকূল হ’ব লাগে। অন্যথা সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি উঠিব নোৱাৰে।
উপসংহাৰ
আজিৰ একবিংশ শতিকাত বিশ্বই অৰ্থনৈতিক দিশত আগবাঢ়ি গৈছে যদিও শৈক্ষিক পৰিৱেশ উন্নত হোৱা নাই। ইয়াৰ কাৰণ অৰ্থাভাৱ নহয়; সুস্থ মানসিকতা, মানৱতা, সাধুতা, মূল্যবোধ আদিৰ অভাৱ। আমি আশা কৰো যে পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰই একগোট হৈ সুস্থ শৈক্ষিক পৰিৱেশ গঠনৰ বাবে আগবাঢ়িব। ০ ০ ০
নোট: যদি আপুনি এই ৰচনা পছন্দ কৰে, অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক প্ৰতিক্ৰিয়া সাদৰে আদৰি লওঁ।
বি. দ্র. উক্ত ‘শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী | Soikhik Paribesh Aru Bidyarthi’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘অসমীয়া ৰচনা শিক্ষা‘ গ্রন্থৰ অন্তর্গত।
শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী
(ইংৰাজীত)
Educational Environment and Students
Or
The Importance of a Healthy Educational Environment
Introduction
A healthy educational environment is crucial for students to learn effectively. Several factors contribute to this environment, including family, society, school, teachers, economic conditions, ethics, politics, human values, and educational policies. A productive educational system cannot exist without a healthy educational environment.
Role of Family and Society
The role of family and society in creating a healthy educational environment is very important. A child’s education begins at birth, and they learn fundamental lessons from their family and society. Therefore, parents and guardians should create a healthy home environment where children can study without any difficulties and develop a natural interest in learning. On the other hand, negative aspects like jealousy, conflicts, communal divisions, gender discrimination, and disorder in the family or society can make children lose interest in studying.
Contribution of Schools and Teachers
Schools and teachers play a significant role in shaping the educational environment. For effective learning, a peaceful environment, cleanliness, and proper audiovisual equipment are essential in every school. Additionally, teachers should adhere to the school’s rules, discipline, and ethics so that students can learn from their example. According to educational philosophers, teachers should be friends, guardians, advisors, and philosophers to their students.
Responsibilities of Students
Students also have a responsibility to maintain a healthy educational environment. If they disregard discipline, cleanliness, ethics, and the advice of elders, the efforts of the family, society, and school will be in vain. In Sanskrit, there is a saying, “छात्राणां अध्ययनं तपः,” meaning “study is the penance for students.” Therefore, students must focus on their studies and avoid all distractions to succeed in their educational journey.
Importance of National Policies and Economic Environment
Moreover, the country’s educational policies and the political and economic environment should be favorable for education. Without these, a healthy educational environment cannot be established.
Challenges and Hopes for the Future
In the 21st century, while the world is advancing rapidly in economic terms, the educational environment has not improved accordingly. The reason is not a lack of funds but a lack of a healthy mindset, humanity, integrity, and values. We are hopeful that families, societies, and the nation will come together to start a revolution to create a healthy educational environment for future generations. Let this revolution begin today, and we hope for a brighter future for our human race.
N.B. If you find the essay “Educational Environment and Students” (শৈক্ষিক পৰিৱেশ আৰু বিদ্যাৰ্থী) helpful, please don’t forget to share your thoughts. We welcome any kind of formative and suggestive comment.
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:
- অসমীয়া ৰচনা
- নির্বাচিত অসমীয়া সাহিত্য, ৰচনা আৰু ব্যাকৰণ
- তোমাৰ প্রিয় সাহিত্যিক
- জৈৱ বৈচিত্ৰ্য
- জনসংখ্যা বৃদ্ধিৰ সমস্যা