হজৰত আলি কুইজ
হজৰত আলি
হজত আলি কুইজ
প্ৰঃ হজৰত আলি (ৰাঃ) কোন আছিল?
উঃ বিশ্বনবী হজৰত মুহাম্মদ (ছাঃ)ৰ খুড়া আবু তালিবৰ কনিষ্ঠ পুত্ৰ আছিল। তেওঁ নবীজীৰ সম্বন্ধত ভায়েক আছিল।
প্ৰঃ হজৰত আলিৰ (ৰাঃ)ৰ মাতাৰ নাম কি আছিল?
উঃ মাকৰ নাম আছিল ফাতিমা বিন্তে আছাদ।
প্ৰঃ হজৰত আলি (ৰাঃ) ৰ অন্য নাম কি আছিল?
উঃ হায়দাৰ (তেওঁৰ পিতা আবু তালেবে ৰাখিছিল)।
প্ৰঃ হজৰত আলি (ৰাঃ) কিমান বছৰ বয়সত মুছলমান হয়?
উঃ 10 বছৰ বয়সত।
প্ৰঃ মদিনালৈ সৰ্বশেষ হিজৰতকাৰী কোন আছিল?
উঃ হজৰত আলি (ৰাঃ)।
প্ৰঃ হজৰত আলি হুজুৰ (ছাঃ)ৰ কোন কন্যাৰ পাণি গ্ৰহণ কৰিছিল?
উঃ কনিষ্ঠা কন্যা ফাতিমা (ৰাঃ)।
প্ৰঃ হজৰত ফাতিমা কিমান বছৰ বয়সত ইন্তেকাল কৰে?
উঃ 28 বছৰ বয়সত। হুজুৰ (ছাঃ) ৰ ইন্তেকালৰ 6 মাহ পিছত।
প্ৰঃ হজৰত ফাতিমা (ৰাঃ) ৰ গৰ্ভত কেইজন সন্তানৰ হৈছিল আৰু সিহঁতৰ নাম কি?
উঃ 3 পুত্ৰ, যথা– হজৰত হাছান (ৰাঃ), হজৰত হুছাইন (ৰাঃ) আৰু মহছিন (ৰাঃ)। আৰু 2 কন্যা, যথা–জয়নব (ৰাঃ) আৰু উম্মে কুলছুম (ৰাঃ)।
প্ৰঃ হজৰত ফাতিমা (ৰাঃ)ৰ মৃত্যুৰ পিছত হজৰত আলি (ৰাঃ) কেইজনী মহিলাক বিয়া কৰাইছিল?
উঃ 9 জনী (বিভিন্ন সময়ত)।
প্ৰঃ হজৰত আলি (ৰাঃ)ৰ তৰোৱালৰ নাম কি আছিল?
উঃ জুলফিকৰ। তৰোৱালটো আবু জেহেলৰ আছিল। বদৰ যুদ্ধত গণিমতৰ মাল হিচাপে তৰোৱালটো হজৰত মুহাম্মদ (ছাঃ) য়ে পাইছিল। পিছত উহুদৰ যুদ্ধত হজৰত আলি (ৰাঃ)ৰ বীৰত্বত সন্তুষ্ট হৈ হুজুৰ (ছাঃ)য়ে তৰোৱালটো তেওঁক পুৰস্কাৰ হিচাপে দিছিল।
প্ৰঃ ‘হুদাইবিয়াৰ সন্ধি’ ৰ লিখক কোন আছিল?
উঃ হজৰত আলি (ৰাঃ)।
প্ৰঃ হজৰত আলি (ৰাঃ)ৰ উপাধি কি আছিল?
উঃ ‘আসাদুল্লাহ’ (আল্লাহৰ বাঘ) আৰু ‘আবু তুৰাব (মাটিৰ পিতা)।
প্ৰঃ হজৰত আলি সৰ্মমুঠ কিমান দিন খিলাফত পদত অধিষ্ঠিত আছিল?
উঃ 4 বছৰ, 8 মাহ, 24 দিন।
প্ৰঃ হজৰত আলি (ৰাঃ) য়ে মদিনাৰ পৰা ৰাজধানী ক’লৈ স্থানান্তৰিত কৰে?
উঃ কুফালৈ।
প্ৰঃ খলিফায়ে ৰাশ্বেদ্বিনসকলৰ মাজত কাৰ শাসনকালত বেছি বিশৃঙ্খলতাই দেখা দিছিল?
উঃ হজৰত আলি (ৰাঃ)ৰ শাসন কালত।
প্ৰঃ কোন খলিফাৰ যুগত খাৰেজী সম্প্ৰদায়ৰ উদ্ভৱ হয়?
উঃ হজৰত আলি (ৰাঃ)ৰ শাসনকালত। ছিফফিনৰ যুদ্ধত হজৰত আলি (ৰাঃ)ৰ লগত সামান্য মতানৈক্যত 1200 সৈন্যৰ এটি দল হজৰত আলি (ৰাঃ)ৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰে। সেই দলত্যাগকাৰীসকলক ‘খাৰেজী’ বুলি কোৱা হয়।
প্ৰঃ হজৰত আলি (ৰাঃ)ৰ শাসন কলাত কিমান সংখ্যক লোক গৃহযুদ্ধত হতাহত হয়?
উঃ 1 লাখ, 23 হাজাৰ।
প্ৰঃ গৃহযুদ্ধ সৃষ্টি কৰাৰ মূল নেতা কোন আছিল?
উঃ আব্দুল্লাহ ইবনে সাবা।
প্ৰঃ হজৰত আলি (ৰাঃ) এজন কবিও আছিল। তেওঁৰ কাব্য গ্ৰন্থখনৰ নাম কি?
উঃ দিওৱানে আলি।
হজৰত আলি কুইজ, Hazrat Ali Quiz
প্ৰঃ হজৰত আলি (ৰাঃ) মুঠ কিমান হাদিছ বৰ্ণনা কৰিছিল?
উঃ 586 টা।
প্ৰঃ হজৰত আলি (ৰাঃ) কেতিয়া ক’ত ঘাতকৰ হাতত নিহত হয়?
উঃ 661 খ্ৰীষ্টাব্দত (হিজৰী 40, 17 ৰমজান) কুফাৰ জামে মছজিদত ফজৰৰ নামাজ পঢ়িবৰ সময়ত পিছ পিনৰ পৰা খাৰেজী গুপ্তঘাতক আব্দুৰ ৰহামন বিন মুলজিমেৰ বিষাক্ত তৰোৱালৰ আঘাতত তেওঁৰ মৃত্যু হয়।
প্ৰঃ ঘাতক আব্দুৰ ৰহমান বিন মুলজিমৰ পৰিণাম কি হৈছিল?
উঃ হজৰত আলি (ৰাঃ)ৰ আদেশ অনুযায়ী হজৰত হাছান (ৰাঃ) একে ঘাপত তাক হত্যা কৰিছিল।
প্ৰঃ হজৰত আলি (ৰাঃ)ৰ সমাধি ক’ত অৱস্থিত?
উঃ কুফাৰ জামে মছজিদৰ কাষত।
প্ৰঃ হজৰত আলি (ৰাঃ)ৰ পিছত কোন খলিফা হৈছিল?
উঃ সকলোৰে অনুৰোধত হজৰত আলি (ৰাঃ)ৰ জ্যেষ্ঠ পুত্ৰ হজৰত হাছান (ৰাঃ) খলিফা পদত অধিষ্ঠিত হয়। কিন্ত মাত্ৰ 6 মাহ পিছত হজৰত মুৱাবিয়া (ৰাঃ)ৰ লগত এক চুক্তিত স্বেচ্ছাই খিলাফত এৰি দিয়ে। 0 0 0
হজৰত আলি কুইজ, Hazrat Ali Quiz
বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)
- বিবিধ …
অতিৰিক্ত অনুসন্ধান:






