Home Quiz হজৰত দাউদ কুইজ

হজৰত দাউদ কুইজ

0

আপুনি যদি হজৰত দাউদ কুইজ বিচাৰি আছে, তেন্তে আপুনি সঠিক স্থানত উপনীত হৈছে । এই হজৰত দাউদ কুইজ বোৰ বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা হৈছে। আমি আশাবাদী যে ছাত্ৰ-ছাত্ৰী তথা কুইজপ্রেমীসকলে কুইজবোৰ ভাল পাব ।

হজৰত দাউদ কুইজ

হজৰত দাউদ কুইজ 

প্ৰঃ হজৰত দাউদ (আঃ) ৰ পূৰ্বৰ নবী কোন আছিল?

উঃ হজৰত ছেমুয়েল (আঃ)।

প্ৰঃ ‘দাউদ’ শব্দৰ অৰ্থ কি?

উঃ আত্মাৰ চিকিৎসক।

প্ৰঃ কোন নবীয়ে এক এছাৰ মাৰি এটা সিংহ আৰু এটা ভালুকক হত্যা কৰিছিল?

উঃ হজৰত দাউদ (আঃ)।

প্ৰঃ দুৰ্দ্ধৰ্ষ আমালেকা জাতিৰ অত্যাচাৰী শাসকক তেওঁ কিদৰে হত্যা কৰিছিল?

উঃ  বাটলু গুটিৰে।

প্ৰঃ তাবুতে ছকিনাহ বা শান্তিৰ সিন্ধুকত কি কি বস্তু আছিল?

উঃ তৌৰাত গ্ৰন্থৰ মূল পাণ্ডুলিপি, হজৰত মুছা (আঃ)ৰ লাঠি, আৰু হজৰত হাৰুনৰ পোছাক।

প্ৰঃ জালুত হত্যাকাৰীক তালুত কি পুৰস্কাৰ দিব বুলি ঘোষণা কৰিছিল?

উঃ  নিজৰ কন্যাক বিবাহ দিব আৰু ৰাজ্যৰ এক অংশ দান কৰিব।

প্ৰঃ দাউদ (আঃ)ৰ ওপৰত কোন গ্ৰন্থ নাজিল হৈছিল?

উঃ জবুৰ।

প্ৰঃ ‘জবুৰ’ শব্দৰ অৰ্থ কি?

উঃ লিখিত বস্তু।

প্ৰঃ নবীসকলৰ মাজত কোনজনৰ অতি সুমধুৰ কণ্ঠস্বৰ আছিল?

উঃ  দাউদ (আঃ)।

প্ৰঃ হজৰত দাউদ (আঃ)ৰ কিমানজনী স্ত্ৰী আছিল?

উঃ 100 জনী।

প্ৰঃ  দাউদ (আঃ)ৰ কবৰ ক’ত আছে?

উঃ জেৰুজালেমত।

প্ৰঃ  দাউদ (আঃ)ৰ পিছত কোন নবী হৈছিল?

উঃ তেওঁৰ পুত্ৰ হজৰত চুলেইমান (আঃ)। ০ ০ ০

নোট: যদি আপুনি উক্ত হজৰত দাউদ কুইজ পঢ়ি ভাল পাইছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ মতামত জনাব। আমি যিকোনো ধৰণৰ গঠনমূলক মতামতক আদৰণি জনাওঁ। 0 0 0

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here