Home Quiz হজ কুইজ

হজ কুইজ

0

হজ কুইজ

হজ কুইজ

 

হজ কুইজ, Haj Quiz

হজ কুইজ 

প্ৰঃ ‘হজ’ শব্দৰ অৰ্থ কি?

উঃ ইচ্ছা বা সংকল্প কৰা।

প্ৰঃ হজ কাক কয়?

উঃ জিলহজ্জ মাহৰ 9 তাৰিখত ইহৰাম বান্ধি হজৰ সকলো অনুষ্ঠান পালন কৰাকে হজ বোলে।

প্ৰঃ উম্মতী মুহাম্মদীসকলৰ বাবে হজ কেতিয়া ফৰজ কৰা হয়?

উঃ নৱম হিজৰীত।

প্ৰঃ আল্লাহ তায়ালা মানৱ জাতিৰ ওপৰত হজ ফৰজ কৰাৰ কাৰণ কি?

উঃ বিশ্ব মুছলমানসকলৰ মাজত ঈমানী চেতনা, ঐক্য সংহতি আৰু ভাতৃত্ববোধ স্থাপনৰ বাবে আল্লাহতায়ালাই হজ ফৰজ কৰিছে।

প্ৰঃ  হজ কাৰ ওপৰত ফৰজ কৰা হৈছে?

উঃ আৰ্থিকভাৱে আৰু শাৰীৰিকভাৱে সামৰ্থবান ব্যক্তিৰ ওপৰত। হজ কুইজ

প্ৰঃ কেইবাৰ হজ কৰা ফৰজ?

উঃ একবাৰ। বেছি কৰিলে নফল হ’ব।

প্ৰঃ হুজুৰ (ছাঃ) য়ে কেইবাৰ হজ কৰিছিল?

উঃ 1 বাৰ (632 খ্ৰীঃত)।

প্ৰঃ সৰ্বপ্ৰথম কোনে হজৰ ঘোষণা কৰে?

উঃ হজৰত ইব্রাহিম (আঃ) কাবা ঘৰ নিৰ্মাণৰ কাম শেষ কৰি আল্লাহৰ আদেশত ওচৰৰ এক পাহাৰৰ ওপৰত উঠি মানুহক উদ্দেশ্যি হজৰ বাবে আহ্বান জনায়।

প্ৰঃ সৰ্বপ্ৰথম হাজী কোন কোন?

উঃ হজৰত আদম (আঃ) আৰু হজৰত হাওৱা (আঃ)।

প্ৰঃ হজ আৰু উমৰাৰ ফজিলত কি?

উঃ উভয় হজকাৰীৰ গোনাহসমূহ দূৰ কৰি দিয়ে আৰু বিহিস্ত ওৱাজিব হয়।

প্ৰঃ হজ নকৰাৰ শাস্তি কি?

উঃ হুজৰ (ছাঃ) কৈছে যে যি ব্যক্তি সামৰ্থ থকা সত্বেও হজ নকৰে তেওঁৰ লগত আল্লাহৰ কোনো সংশ্ৰৱ নাই।

প্ৰঃ হজ কেই প্ৰকাৰৰ আৰু কি কি?

উঃ হজ তিনি প্ৰকাৰৰ যথা– ইফৰাদ, কিৰান আৰু তামাত্তু ।

প্ৰঃ ইৰফাদ হজ কাক কয়?

উঃ কেৱল মাত্ৰ হজৰ কাৰণে ইহৰাম বান্ধিলে সেই হজক ইফৰাদ হজ বোলে।

প্ৰঃ কিৰান হজ কি?

উঃ এক ইহৰামত হজ আৰু উমৰাৰ নিয়েত কৰিলে তাক কিৰান হজ বোলে।

প্ৰঃ তামাত্তু হজ কাক বোলে?

উঃ অকল উমৰাৰ উদ্দেশ্যে ইহৰাম বন্ধাকে তামাত্তু হজ বোলে। হজ কুইজ

প্ৰঃ হুজুৰ (ছাঃ) কি হজ কৰিছিল?

উঃ কিৰান হজ।

প্ৰঃ হজত ফৰজ কেইটা?

উঃ তিনিটা, যথা– ইহৰাম বন্ধা, তাওয়াফে জিয়াৰত কৰা আৰু আৰাফাৰ ময়দানত উপস্থিত হোৱা।

প্ৰঃ  হজৰ মাজত ওৱাজিব কেইটা আৰু কি কি?

উঃ ছয় টা যেনে– সাফা আৰু মাৰওৱা পাহাৰত দৌৰা, মুজদালিফাত ৰাতি যাপন কৰা, শিল নিক্ষেপ কৰা, কুৰবানী কৰা, মস্তক মুণ্ডন কৰা, বিদায়ী তাওয়াফ কৰা।

প্ৰঃ ৰমল কাক বোলে?

উঃ কাবা শ্বৰিফ তাওয়াফ কৰা (প্ৰদক্ষিণ কৰা) ৰ সময়ত দ্ৰুত খোজত যোৱাক ৰমল বোলে।

হজ কুইজ, Haj Quiz

প্ৰঃ ছায়ী কাক বোলে?

উঃ সাফা আৰু মাৰওৱা  পাহাৰৰ মধ্যৱৰ্তী স্থানত দৌৰাক ছায়ী বোলে।

প্ৰঃ ৰমী কাক বোলে?

উঃমিনাত চয়তানৰ উদ্দেশ্যে শিলগুটি দলিওৱাকে ৰমী বোলে।

প্ৰঃ মিকাত কাক বোলে?

উঃ বহিৰাগত হজযাত্ৰীসকলৰ বাবে যি স্থানৰ পৰা ইহৰাম বান্ধিব লাগে তাকে মিকাত বোলে।

প্ৰঃ তাওয়াফ (প্ৰদক্ষিণ) কেই প্ৰকাৰৰ আৰু কি কি?

উঃ তিনি প্ৰকাৰৰ, যেনে– কুদুম, জিয়াৰত আৰু বিদা।

প্ৰঃ হাজীসকলে ক’ত কুৰবানী কৰিব লাগে?

উঃ মিনাত। হজ কুইজ

প্ৰঃ কুৰবানীৰ আচল উদ্দেশ্য কি?

উঃ লোভ, মোহ, সংসাৰাসক্তি আদি ত্যাগ কৰি অন্তৰত আল্লাহ ভীতি বৃদ্ধি কৰি আল্লাহৰ সন্তুষ্টি লাভ কৰা।

প্ৰঃ তাওৱাজ ক’ৰ পৰা কেনেদৰে আৰম্ভ  কৰা হয়?

উঃ বায়তুল্লাহক বাওঁঁপিনে ৰাখি হাজৰে আছওৱাদৰ পৰা তাওৱাফ কৰিব লাগে। 

প্ৰঃ হাজৰে আসওৱাদ শব্দৰ অৰ্থ কি?

উঃ ক’লা পাথৰ।

প্ৰঃ হাজৰে আসওৱাদ কোনে ক’ৰ পৰা আনিছিল?

উঃ হজৰত আদম (আঃ) জান্নাতৰ পৰা এই পাথৰটো আনিছিল।

প্ৰঃ বৰ্তমান হাজৰে আসওৱাদ পাথৰটো কাবা শ্বৰিফৰ ক’ত আছে?

উঃ কাবা শ্বৰিফৰ দক্ষিণ-পূৰ্ব কোণৰ দেৱালত গঁথা অৱস্থাত আছে।

প্ৰঃ সৰ্বপ্ৰথম মছজিদ কোনটো?

উঃ কাবা শ্বৰিফ। হজ কুইজ

প্ৰঃ কাবা শ্বৰিফ কাৰ অনুকৰণত হৈছে?

উঃ সপ্তম আকাশত থকা ফিৰিস্তাসকলৰ বায়তুল মামুৰৰ অনুকৰণত হৈছে।

প্ৰঃ প্ৰত্যহ আল্লাহ তায়ালা কাবা গৃহৰ ওপৰত কিমান কৰুণা অৱতীৰ্ণ কৰে?

উঃ 120 টা ৰহমত (দয়া) অৱতীৰ্ণ কৰে। তাৰ ভিতৰত তাওয়াফকাৰীসকল 60 টা এতেকাফ আৰু নামাজত লিপ্ত ব্যক্তিসকলে 40 টা আৰু কাবাৰ প্ৰতি দৃষ্টিপাত কৰা সকলৰ প্ৰতি 20 টা ৰহমত বৰ্ষণ হয়।

প্ৰঃ কোৰাণত কাবা ঘৰক কি বুলি কৈছে?

উঃ  মাছজিদুল হাৰাম।

প্ৰঃ হাৰাম শ্বৰিফৰ মুঠ আয়তন কিমান?

উঃ 3 লাখ 90  হাজাৰ বৰ্গমিটাৰ।

প্ৰঃ সৰ্বপ্ৰথম কাবা গৃহত কোনে গিলাফ (চাদৰ) লগাইছিল?

উঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জন্মৰ এক হাজাৰ বছৰ আগতে য়েমেনৰ বাদশা আউৱাল হামিৰি দুই লাখ সৈনিক লৈ ভ্ৰমণ কৰিবলৈ আহি মক্কা শ্বৰিফ পায়। কিন্তু মক্কাৰ লোকসকলে বাহিৰলৈ ওলাই আহি বাদশাক সন্মান নজনোৱাত খং কৰি কাবা শ্বৰিফক ধবংস কৰা আৰু তাৰ অধিবাসীসকলক হত্যা কৰাৰ প্ৰতিজ্ঞা কৰাত লগে লগে তাৰ নাক আৰু মুখ দি দুৰ্গন্ধময় পুঁজ বাহিৰ হ’বলৈ  আৰম্ভ কৰে। কোনো চিকিৎসাই কাম নিদিয়াত, উলেমাসকলৰ পৰামৰ্শমতে তেওঁৰ কুঅভিপ্ৰায় (প্ৰতিজ্ঞা) ত্যাগ কৰি তওবা কৰে। ফলত লগে লগে তেওঁৰ নাক মুখৰ পৰা পুঁজ নিৰ্গত হোৱা বন্ধ হয়। তেতিয়া কৃতজ্ঞতাস্বৰূপ বাদশাই অত্যন্ত শ্ৰদ্ধাৰ সৈতে বায়তুল্লাহ শ্বৰিফক ৰেশমী গিলাফ (চাদৰ) দি সজাই দিয়ে। সেই সময়ৰ পৰা প্ৰতি বছৰ কাবা শ্বৰিফক গিলাফ পৰিধান কৰোৱাৰ প্ৰথা প্ৰচলন হয়।

প্ৰঃ বছৰৰ কোন সময় কাবা শ্বৰিফক কি দি ধুই দিয়া হয়?

উঃ হজৰ সময়ত গোলাপৰ নিৰ্যাস দি।

প্ৰঃ মাকামে ইব্রাহিম কি?

উঃ হজৰতইব্রাহিম (আঃ) য়ে যি পাথৰৰ ওপৰত থিয় হৈ নতুন কাবা ঘৰ নিৰ্মাণ কৰিছিল সেই পাথৰৰ ওপৰত  তাৰ ভৰিৰ ছাপ পৰে। সেই পদচিহ্ন সম্বলিত পাঁচ হাজাৰ বছৰ আগৰ পাথৰটোক ‘মাকামে ইব্রাহিম’ বোলে। হজ কুইজ

প্ৰঃ মাকামে ইব্রাহিম এতিয়া ক’ত আছে?

উঃ কাবা গৃহৰ পূৱপিনে।

প্ৰঃ কোৰাণত মুযদালিফাক কি কোৱা হৈছে?

উঃ মাছয়াৰুল হাৰাম। 0 0 0

হজ কুইজ, Haj Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here