Home Quiz ৰোজা কুইজ

ৰোজা কুইজ

0

ৰোজা কুইজ

ৰোজা কুইজ

 

ৰোজা কুইজ

ৰোজা কুইজ 

প্ৰঃ ৰোজা’ শব্দৰ অৰ্থ কি?

উঃ ‘ৰোজা’ শব্দটি ফাৰছী শব্দ। ইয়াৰ অৰ্থ দহন কৰা (পোৰা)।

প্ৰঃ ‘ৰোজা শব্দটোৰ আৰবী প্ৰতিশব্দ কি?

উঃ সওম। ইয়াৰ অৰ্থ ত্যাগ কৰা (বৰ্জন কৰা)।

প্ৰঃ ৰোজা কাক কয়?

উঃ আল্লাহৰ নামত ছুবহ ছাদিক (প্ৰভাত হোৱাৰ অলপ সময় আগৰ সময়)ৰ পৰা সূৰ্যাস্ত  লৈকে সৰ্বপ্ৰকাৰৰ পানাহাৰ আৰু যৌন মিলনৰ পৰা বিৰত থকাকে ৰোজা বোলে। ৰোজা কুইজ

প্ৰঃ আল্লাহ তায়ালা মানৱ জাতিৰ ওপৰত ৰমজানৰ ৰোজা ফৰজ কৰিছে কিয়?

উঃ ৰমজানৰ ৰোজা ফৰজ হোৱাৰ কাৰণ কেইবাটাও আছে, যথা– আত্মশুদ্ধি কৰা, পৰোপকাৰ আৰু মনৰ মাজত আল্লাহভীতি বৃদ্ধি কৰা, শাৰীৰিক আৰু মানসিক কল্যাণ সাধন কৰা।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মতৰ ওপৰত ৰোজা কেতিয়াৰ পৰা ফৰজ হয়?

উঃ দ্বিতীয় হিজৰীৰ পৰা।

প্ৰঃ হুজুৰ (ছাঃ) য়ে ৰমাজন মাহক কাৰ মাহ বুলি কৈছে?

উঃ  ছাহৰুল্লাহ (আল্লাহৰ মাহ)।

প্ৰঃ হুজুৰ (ছাঃ) য়ে জীৱনত কেইবছৰ ৰোজা পালন কৰিছিল?

উঃ 9 বছৰত 9 মাহ।

প্ৰঃ আৰবী বাৰ মাহৰ ভিতৰত সর্বোত্তম মাহ  আৰু সর্বোত্তম ৰাতি কোনটো?

উঃ সর্বোত্তম  মাহ ৰমজান আৰু সর্বোত্তম ৰাতি হ’ল ‘লাইলাতুল কদৰ’।

প্ৰঃ ৰোজা কেই প্ৰকাৰৰ আৰু কি কি?

উঃ ৰোজা 4 প্ৰকাৰৰ, যেনে– ফৰজ: ৰমজান মাহৰ ৰোজা। ওৱাজিব: কাফফাৰাৰ ৰোজা, মান্নতৰ ৰোজা, আৰু নফলৰ নিয়তত কৰা ৰোজা পালন কৰা ওৱাজিব। সুন্নতে আশুৰাৰ ৰোজা: প্ৰতি চন্দ্ৰ মাহৰ 13, 14, 15 তাৰিখৰ ৰোজা আৰু জিলহজ্জ মাহৰ 9 তাৰিখৰ ৰোজা। নফলঃ শবে বৰাতৰ ৰোজা, শবে মিৰাজৰ ৰোজা, ফৰজ ৰোজা, ওৱাজিব ৰোজা আৰু সুন্নত ৰোজাৰ বাহিৰে সকলো বৈধ ৰোজা নফল হিচাপে পৰিগণিত। মকৰুহ  অকল আশুৰাৰ দিনৰ ৰোজা আৰু স্বামীৰ বিনা অনুমতিত স্ত্ৰীৰ ৰোজা ৰখা মকৰুহ। বছৰত পাঁচ দিন ৰোজা ৰখা হাৰাম, যেনে– দুই ঈদৰ দিনা আৰু জিলহজ্জ মাহৰ 11, 12, 13 তাৰিখত ৰখা ৰোজা। ৰোজা কুইজ

প্ৰঃ ৰমজানৰ ৰোজা অমান্যকাৰীক কি বোলে?

উঃ কাফিৰ, ইছলামৰ বহিৰ্ভূত।

প্ৰঃ ৰমজানৰ মাহত্ম্য কি?

উঃ ৰমজানৰ প্ৰতি ৰাতি 6 লাখ লোক দোজখৰ পৰা মুক্তি পায়।

প্ৰঃ আল্লাহ পাক কি কাৰণে ৰমজানৰ ৰোজা উম্মতে মোহাম্মদৰ ওপৰত ফৰজ কৰিলে?

উঃ আদম (আঃ) বিহিস্তত খোৱা নিষিদ্ধ গন্ধম ফল খোৱাৰ প্ৰভাৱ তেওঁৰ মাজত 30 দিন স্থায়ী হৈছিল। ইয়াৰ প্ৰতিকাৰৰ বাবে আল্লাহতায়ালাই আদম সন্তানৰ ওপৰত 30 দিন  উপবাস (ৰোজা) কৰাৰ নিৰ্দেশ জাৰি (ফজৰ) হয়। 0 0 0

ৰোজা কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰোজা কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here