Home Ass Grammar অনুসৰ্গ আৰু উপশব্দ । Anusarga Aru Uposabd

অনুসৰ্গ আৰু উপশব্দ । Anusarga Aru Uposabd

0

অনুসৰ্গ আৰু উপশব্দ । Anusarga  Aru Uposabd 

অনুসৰ্গ আৰু উপশব্দ । Anusarga  Aru Uposabd

অনুসৰ্গ আৰু উপশব্দ । Anusarga Aru Uposabd

(ক) অনুসৰ্গ (Anusarga)

 যিবোৰ অব্যয় পদে ক্ৰিয়া বা অন্য পদৰ পিছত বহি বাক্যৰ অৰ্থ বিশেষকৈ বুজায়, সেইবোৰক অনুসৰ্গ বোলা হয়। অনুসৰ্গবোৰে সন্দেহ, অনুৰোধ, ইচ্ছা, অনিশ্চয়তা সম্ভৱনা আদি ভাৱ ব্যক্ত কৰে। অসমীয়া ভাষাত বহুতো অনুসৰ্গ আছে, যেনে– হ’ক, চোন, ও, তো, হে, হি, হ’বলা, হ’লে, এই, এ, ই কে, না, নো, দে, গৈ, পাই, দেই,  একা আদি।অনুসৰ্গ আৰু উপশব্দ

তলত এইবোৰৰ প্ৰয়োগ দেখুৱা হ’ল।

অনুসৰ্গ আৰু উপশব্দ

(১) ‘হ’ক’ৰ ব্যৱহাৰ–

ই বহুবচনত স্বাভাৱিক অনুৰোধ অৰ্থত ব্যৱহাৰ হয়। যেনে–

তোমালোক ভাত খোৱাহ’ক।

সিহঁত যাবহ’ক।

আহাহ’ক, আমি খেলো।

(২) ‘হ’বলা’ ৰ ব্যৱহাৰ–

ই অনিশ্চয়তা বুজাবলৈ ব্যৱহাৰ হয়। যেনে–

তাই তালৈ গৈছিল হ’বলা।

সিহঁতে খেলিলে হ’বলা।

আমি যাওঁ হ’বলা।

তুমি ভাত খালা হ’বলা।

(৩) ‘এ (য়ে)’ ৰ ব্যৱহাৰ–

ই দৃঢ়তা বুজাবলৈ ব্যৱহাৰ হয়। যেনে–

সিয়েই মোৰ কিতাপখন ল’লে।

তাই আহিয়েই মোক খৰবটো ক’লে।

তেখেতে পঢ়িয়ে আছে।

টমেই কথাটো জানে।

(৪) ‘ই’ ৰ ব্যৱহাৰ—

ই দৃঢ়তা  বুজাবলৈ ব্যৱহাৰ হয়। যেনে–

আমি সিদিনা গুৱাহাটীলৈ যামেই।

ৰামহঁতে কামটো কৰিবই।

সি আহিবই।

(৫) ‘হে’ ৰ ব্যৱহাৰ–

ই নিশ্চয়তা বা দৃঢ়তা বুজাবলৈ ব্যৱহাৰ হয়। যেনে–

যদুহে সাধু।

কোৰাণখনহে পঢ়িম।

হৰিহে আহিব।

তাইহে যাব। অনুসৰ্গ আৰু উপশব্দ

(৬) ‘তো’ ৰ ব্যৱহাৰ–

ই দৃঢ়তা বুজাবলৈ ব্যৱহাৰ হয়। যেনে–

আমিতো তালৈ যামেই।

সিহঁততো আহিবই।

তাইতো পঢ়িবই।

(৭) ‘ও, (য়ো)’ ৰ ব্যৱহাৰ–

ই সত্বেও অৰ্থত ব্যৱহাৰ হয়। যেনে–

আমিয়ো যাম।

সিও পঢ়িব।

কমলেও কামটো জানে।

মাকেও বজাৰলৈ ওলালে।

(৮) ‘চোন’ ৰ ব্যৱহাৰ–

ই  আদেশ, অনুৰোধ, আশ্চৰ্য বুজোৱা অৰ্থত ব্যৱহাৰ হয়। যেনে–

তুমি আহিবচোন।

তুমি তাক চাবাচোন।

চিঠিখন লিখিবাচোন।

অনন্ত, হিচাপটো কৰি চাবাচোন।

(৯) ‘এই (য়েই, ৱেই)’ ৰ ব্যৱহাৰ–

ই জোৰ বুজোৱা অৰ্থত ব্যৱহাৰ হয়। যেনে–

তুমিয়েই তালৈ যাব লাগিব।

তুমি তেওঁক বাতৰিটো দিবাই।

মই তাইক জানোৱেই।

ৰহিময়েই কামটো কৰিলে।

(১০) ‘কে (লৈকে) ’ ৰ ব্যৱহাৰ–

তেওঁ ঘৰলৈকে গ’ল।

মই যোৱাকালিলৈকে খবৰটো জনা নাছিলো।

(১১) ‘হি’ ৰ ব্যৱহাৰ–

তাই কেতিয়া পালেহি?

সি আহিলহি।

সন্ত্ৰাসীসকল সীমান্ত পালেহি।

(১২) ‘হ’লে’ ৰ ব্যৱহাৰ–

মই হ’লে তোমাৰ লগত যাব নোৱাঁৰিম।

সিহঁত হ’লে আহিব।

(১৩) ‘দেও’ ৰ ব্যৱহাৰ-

সি ইয়ালৈ আহিব নোৱাৰে দেও।

কি অঘাইত ডেকা দেও!

(১৪) ‘পায়’ ৰ ব্যৱহাৰ–

তোমাক কিনো কম, তোমাৰ বেয়া স্বভাৱ নুগুছে পায়।

তাইক মাতিবই নোৱাৰো পায়।

(১৫) ‘একা’ ৰ ব্যৱহাৰ–

তুমি ভালটো কৰা নাই একা।

তোমাক শুধাই নেৰো একা।

(১৬) ‘দেখোন’ ৰ ব্যৱহাৰ–

তুমি নাহিলা দেখোন।

তাই ভাত নাখালে দেখোন।

তেওঁ গ’ল দেখোন।

(১৭) ‘দেই’ ৰ ব্যৱহাৰ–

তুমি আহিবা দেই।

খবৰটো ক’বা দেই।

আহিলো দেই।

(১৮) ‘বাৰু’ ৰ ব্যৱহাৰ–

বাৰু, আকৌ লগ পাম।

ভালবাৰু, এতিয়া যাব পাৰা।

(১৯) ‘দে (দিয়ক)’ ৰ ব্যৱহাৰ–

তুমি আজি আমাৰ ইয়াতে থাকা দে।

সিহঁত যাওঁক দে।

অলপ খাওঁক দিয়ক।

আহা দে।

(২০) ‘নো’ ৰ ব্যৱহাৰ–

তুমি আহিনো কি কৰিলা?

মোমায়েকেনো কি কৰিব?

তোমাৰনো কি হ’ল?

তুমিনো কি কোৱা?

ৰামেনো আৰু কি কয়?

অনুসৰ্গ আৰু উপশব্দ

(খ) উপশব্দ (Subword)

কোনো মানুহ বা বস্তুক বিশেষভাবে  দেখুৱাবলৈ বা কোনো বস্তুৰ আকৃতি, পৰিমাণ বুজাবলৈ বিশেষ্য, সংখ্যাবাচক শব্দ বা সৰ্বনামৰ পিছত যিবোৰ চিন যোগ হয় সেইবোৰক  ‘উপশব্দ’ বুলি কোৱা হয়। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা উপশব্দবোৰ হ’ল– জন, জনী, জনা, ডাল, দেই, চোন, ফেৰি, চটা, কণ, খন, খনী, টো, টা আদি।

তলত ইহঁতৰ প্ৰয়োগ দেখুৱা হ’ল।

ডেকা ল’ৰাজন চোকা।

সিজনী ভাল ছোৱালী।

শিক্ষকজনা  আহিব।

কলমডাল দিয়া।

তুমি আহিবা দেই।

কামটো কৰা চোন।

এইফেৰি তেওঁক উপকাৰ কৰিবা।

প্লাষ্টিকচটা নেভাঙিবা।

মোক অকণমান চেনি দিয়া।

কটাৰীখন ধাৰাল।

সেইটো নল’বা।

কিতাপখন পঢ়া হ’ল।

সৌ লাঠিডাল দিয়া।

শিলচটাত নবহিবা।

মহিলাজনী ভাল কৰ্মী।

ছোৱালীজনী বুদ্ধিমতি।

অনুশীলনী

(১) অনুসৰ্গ কাক বোলে? উহাদৰণসহ বুজাই লিখা।

(২) তলত দিয়া অনুসৰ্গবোৰ বাক্যত প্ৰয়োগ কৰা।

এই, দি, হে, হি, দেখোন, দেই, হ’বলা, ও, চোন, কে, এই, গৈ, ই, হ’লে, দেও, পায়, একা আৰু নো।

(৩) উপশব্দ কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪) তলত দিয়া উপসৰ্গবোৰ বাক্যত প্ৰয়োগ কৰা।

চোন, দেই, ডাল, চটা, টা, টো, খনি, কণ, ফেৰি, জনা, জনী আৰু জন। ০ ০ ০

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here