Home Quiz অসমীয়া সাহিত্য কুইজ। Assamese Literature Quiz

অসমীয়া সাহিত্য কুইজ। Assamese Literature Quiz

0

অসমীয়া সাহিত্য কুইজ । Assamese Literature Quiz

অসমীয়া সাহিত্য কুইজ। Assamese Literature Quiz

অসমীয়া সাহিত্য কুইজ, Assamese Literature Quiz

অসমীয়া সাহিত্য কুইজ

প্ৰঃ অসমীয়া ভাষাৰ মূল ভাষা কি? 

উঃ সংস্কৃত।

প্ৰঃ কেতিয়া অসমীয়া ভাষাৰ উদ্ভৱ হয়?

উঃ নৱম আৰু দশম শতিকাত।

প্ৰঃ অসমীয়া ভাষা এক আৰ্যমূলীয় ভাষা হয়নে?

উঃ হয়।

প্ৰঃ অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ অন্তৰ্গত?

উঃ আৰ্য ভাষা গোষ্ঠীৰ অন্তৰ্গত।

প্ৰঃ পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত?

উঃ কামৰূপী ভাষা।

প্ৰঃ অসমীয়া ভাষা-সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়?

উঃ শ্ৰীমন্ত শংকৰদেৱক।

অসমীয়া সাহিত্য কুইজ

প্ৰঃ অসমীয়া নাট্য সাহিত্যৰ জনক কোন?

উঃ শ্ৰীমন্ত শংকৰদেৱ।

প্ৰঃ শংকৰদেৱে তেওঁৰ নাটকসমূহ কি ভাষাত ৰচনা কৰিছিল?

উঃ অসমীয়া, বঙালী আৰু সংস্কৃত ভাষা মিশ্ৰিত বজ্ৰাৱলী নামে এক কৃত্ৰিম ভাষাত।

প্ৰঃ কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায়?

উঃ 1960 চনত।

প্ৰঃ অসমীয়া চুটিগল্পৰ পিতৃস্বৰূপ কোন ?

উঃ লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰঃ অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম পাঠ্যপুথি কোনখন?

উঃ আনন্দৰাম ঢেকীয়াল ফুকনৰ দ্বাৰা ৰচিত ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ নামৰ কিতাপখনেই অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম পাঠ্যপুথি।

প্ৰঃ অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন?

উঃ ভট্টদেৱ (বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য)।

প্ৰঃ ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্য পুথিখনৰ নাম কি?

উঃ কথা গীতা।

প্ৰঃ প্ৰথম অসমীয়া অভিধান কোনে ৰচনা কৰে?

উঃ আমেৰিকান মিচনেৰী মাইকেল ব্রনচন চাহেব 1867 চনত।

প্ৰঃ অসমীয়া ভাষালৈ অনুবাদ কৰা প্ৰথম ইংৰাজী নাটক কোনখন?

উঃ উইলিয়াম শ্বেক্সপীয়েৰৰ ‘কমেডি অফ ইৰ’ৰচ’।

অসমীয়া সাহিত্য কুইজ

প্ৰঃ কোনে ইংৰাজী বাইলেৰ প্ৰথম অসমীয়া ভাঙনি কৰে?

উঃ আত্মৰাম শৰ্মাই 1833 চনত।

প্ৰঃ অসমীয়া ভাষা লিখনিত কোনে প্ৰথমে ‘শ্বৰ্ট হেণ্ড’ (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰে?

উঃ ফণী শৰ্মাই।

প্ৰঃ প্ৰথম অসমীয়া উপন্যাস কোনখন?

উঃ পদ্মনাথ গোঁহাঞি বৰুৱাৰ দ্বাৰা ৰচিত ‘ভানুমতী’।

প্ৰঃ অসমত বসবাস কৰা কিমান শতাংশ লোকে অসমীয়া ভাষা কয়?

উঃ 60 %  লোকে।

প্ৰঃ শংকৰদেৱৰ  দ্বাৰা ৰচনা কৰা এক অংকযুক্ত নাটকসমূহক কি বুলি কোৱা হয়?

উঃ অংকীয়া নাটক।

প্ৰঃ ‘জ্ঞানপীঠ বঁটা’ লাভ কৰা প্ৰথম অসমীয়া পুথি কোনখন?

উঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃতুঞ্জয়’ নামৰ উপন্যাসখন।

প্ৰঃ ‘মৃতুঞ্জয়’ উপন্যাসখনে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰে?

উঃ 1979 চনত।

প্ৰঃ সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথি কোনখন?

উঃ যতীন্দ্ৰনাথ দুৱৰাৰ ‘বনফুল’।

প্ৰঃ বনফুল পুথিখনে কোন চনত সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰে?

উঃ 1955 চনত।

অসমীয়া সাহিত্য কুইজ

প্ৰঃ অসমত মঞ্চস্থ হোৱা প্ৰথম ভাওনা বা অংকীয়া নাটক কোনখন?

উঃ শংকৰদেৱৰ ‘চিহ্নযাত্ৰা’।

প্ৰঃ অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে গঠিত হোৱা সংস্থাটোৰ নাম কি?

উঃ অসম সাহিত্য সভা।

অসমীয়া সাহিত্য কুইজ

প্ৰঃ অসম সাহিত্য সভাই  প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান কোনখন?

উঃ চন্দ্ৰকান্ত অভিধান।

প্ৰঃ কোনে ওমৰ খৈয়ামৰ ‘ৰুবায়ত’ নামৰ পুথিখন অসমীয়ালৈ  অনুবাদ কৰে?

উঃ যতীন্দ্ৰনাথ দুৱৰাই।

প্ৰঃ সংগীতৰ ওপৰত ৰচনা কৰা প্ৰথম অসমীয়া পুথি কোনখন?

উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচনা কৰা ‘সংগীত কোষ’ নামৰ পুথিখন।

প্ৰঃ ‘শোণিত কুঁৱৰী’ নাটকখনৰ ৰচক কোন?

উঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

প্ৰঃ হিন্দী ভাষালৈ অনুদিত হোৱা প্ৰথম অসমীয়া গ্ৰন্থ কোনখন?

উঃ চিত্ৰ ভাগৱত।

প্ৰঃ ‘উত্তৰাকাণ্ড ৰামায়ণৰ’ অসমীয়া অনুবাদ কোনে কৰিছিল?

উঃ শ্ৰীমন্ত শংকৰদেৱে।

প্ৰঃ অসমীয়া ভাষাত সৰ্বাধিক কিতাপ ৰচনা কৰা সাহিত্যিকজন কোন?

উঃ ৰঞ্জ³ হাজৰিকা।

প্ৰঃ ‘চি-ইউ-কি’ নামৰ পুথিখনৰ ৰচক কোন?

উঃ হিউয়েনচাং।

প্ৰঃ অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া নাটক কোনখন?

উঃ বীণ বৰাগী।

প্ৰঃ সংস্কৃত ‘ৰামায়ণ’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল?

উঃ মাধৱ কন্দলিয়ে।

অসমীয়া সাহিত্য কুইজ

প্ৰঃ ‘Grammatical Notes of the Assamese Language’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?

উঃ নাথান ব্রাউনে।

প্ৰঃ অসমীয়া ভাষাত ৰচিত প্ৰথম বুৰঞ্জীমূলক পুথি কোনখন আৰু ইয়াৰ ৰচক কোন?

উঃ ‘অসম বুৰঞ্জী’ আৰু ইয়াৰ ৰচক দুজন হ’ল – ৰাধানাথ বৰবৰুৱা আৰু কাশীনাথ তামুলী ফুকন।

প্ৰঃ সংস্কৃত ‘মহাভাৰত’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল?

উঃ ৰাম সৰস্বতী।

প্ৰঃ ‘চৰিত পুথি’ কি?

উঃ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক বা বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক প্ৰকাৰৰ জীৱনীমূলক সাহিত্যক ‘চৰিত পুথি’ বুলি কোৱা হয়।

প্ৰঃ ‘সূৰ্য সিদ্ধান্ত’ পুথিখনৰ ৰচক কোন?

উঃ কবিৰাজ চক্ৰৱৰ্তী।

প্ৰঃ ‘সন্ধিয়াৰ সুৰ’ নামৰ কাব্য পুথিখন কোনে ৰচনা কৰিছিল।

উঃ নলিনীৱালা দেৱী।

প্ৰঃ  অসমীয়া ভাষাত ছপা হোৱা প্ৰথম পুথিখনৰ নাম কি?

উঃ ধৰ্ম পুস্তক।

প্ৰঃ ‘পাটকাইৰ সিপাৰে মোৰ দেশ’ পুথিখনৰ ৰচক কোন?

উঃ চন্দনা গোস্বামী।

প্ৰঃ ‘ধন্য নৰ তনু ভাল’ নামৰ পুথিখনৰ ৰচক কোন?

উঃ চৈয়দ আব্দুল মালিক।

প্ৰঃ অসমৰ প্ৰথম বাতৰি কাকত কোনখন?

উঃ অৰুনোদই।

প্ৰঃ অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনত প্ৰথম প্ৰকাশিত হৈছিল?

উঃ 1846 চনত।

প্ৰঃ ‘জোনাকী’ কাকত কেতিয়াৰ পৰা প্ৰকাশ আৰম্ভ হৈছিল?

উঃ 1889 চন, কলিকতাৰ পৰা।

অসমীয়া সাহিত্য কুইজ

প্ৰঃ ইংৰাজী ভাষাৰ পৰা প্ৰথম অসমীয়ালৈ অনুদিত হোৱা উপন্যাস কোনখন?

উঃ জন বনিয়নৰ ‘Pilgrim’s Progress’  নামৰ উপন্যাসখন ‘যাত্ৰিকৰ যাত্ৰা’ নামেৰে অসমীয়া ভাষাত অনুদিত হোৱা প্ৰথম উপন্যাস।

প্ৰঃ অসমীয়া ভাষাত কোনে প্ৰথম সাধু কথাৰ পুথি ৰচনা কৰে?

উঃ এলিজা ব্রাউনে 1850 চনত।

অসমীয়া সাহিত্য কুইজ

প্ৰঃ জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন?

উঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।

প্ৰঃ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ৰ  প্ৰথম অধিবেশন কেতিয়া ক’ত হৈছিল?

উঃ  1888 চনত, কলিকতাত।

প্ৰঃ কোনে কেতিয়া বিষ্ণু প্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি দিয়ে?

উঃ কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সবৰ্বপল্লী ৰাধাকৃষ্ণনে, 1940 চনত।

প্ৰঃ ‘কীৰ্তন ঘোষা’ গ্ৰন্থখনৰ ৰচক কোন?

উঃ শ্ৰীমন্ত শংকৰদেৱ।

প্ৰঃ ‘নামঘোষা’ গ্ৰন্থখনৰ ৰচক কোন?

উঃ শ্ৰী মাধৱদেৱ।

প্ৰঃ অসমৰ আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকত কোনখন?

উঃ জনমভূমি।

প্ৰঃ কম্পিউটাৰত কোনে অসমীয়া ভাষাত পুথি লিখি উলিয়াইছিল?

উঃ দিলীপ কুমাৰ দত্তই।

প্ৰঃ শংকৰদেৱে মুঠ কেইখন অংকীয়া নাটক ৰচনা কৰিছল?

উঃ 6 খন।

প্ৰঃ প্ৰথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি?

উঃ পদ্মনাথ গোঁহাঞি বৰুৱাৰ ‘ভানুমতী’।

প্ৰঃ মাধৱদেৱৰ শ্রেষ্ঠ ৰচনাখনৰ নাম কি?

উঃ নামঘোষা।

প্ৰঃ কোনখন গ্ৰন্থক ‘হেজাৰী ঘোষা’ বুলিও কোৱা হয়?

উঃ ‘নামঘোষা’ক।

প্ৰঃ মাধৱদেৱৰ নাটকসমূহক কি নামেৰে জনা যায়?

উঃ ‘ঝুমুৰা’ বুলি জনা যায়।

প্ৰঃ ‘কাণখোৱা’ গ্ৰন্থখন কোনে ৰচনা কৰে?

উঃ শ্ৰীধৰ কন্দলিয়ে।

প্ৰঃ কবি মনকৰে কি গ্ৰন্থ ৰচনা কৰিছিল?

উঃ পদ্ম পুৰাণৰ অংশ।

প্ৰঃ আহোম যুগৰ শ্রেষ্ঠ কবি কোন?

উঃ কবিৰাজ চক্ৰৱৰ্তী।

অসমীয়া সাহিত্য কুইজ

প্ৰঃ ‘জ্ঞানপীঠ’ বঁটাৰে সন্মানিত প্ৰথম অসমীয়া সাহিত্যিকজনৰ নাম কি?

উঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

প্ৰঃ প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাটকখনৰ নাম কি?

উঃ ৰুক্মিণী হৰণ।

প্ৰঃ কোনখন আলোচনী ওলোৱা সময়ৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক যুগ আৰম্ভ হোৱা বুলি কোৱা হয়?

উঃ জোনাকী কাকত।

প্ৰঃ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?

উঃ দৈনিক বাতৰি।

অসমীয়া সাহিত্য কুইজ

প্ৰঃ অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি?

উঃ দ্য আসাম ট্ৰিবিউন।

প্ৰঃ মহিলাসকলৰ বাবে প্ৰকাশিত প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি?

উঃ ঘৰ জেউতি।

প্ৰঃ অসমত বাংলা ভাষা কেতিয়াৰ পৰা কেতিয়ালৈ প্ৰচলিত আছিল?

উঃ 1836 চনৰ পৰা 1873  চনলৈ।

প্ৰঃ কোনখিনি আধুনিক সময়ছোৱাক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোৱা হয়?

উঃ 1836 চনৰ পৰা 1873  চনলৈ অৰ্থাৎ অসমত বাংলা ভাষা চলি থকা সময়ছোৱাত।

প্ৰঃ আমেৰিকাৰ বেপ্তিষ্ট মিছনেৰীসকল কেতিয়া অসমলৈ আহে?

উঃ 1836 চনত।

প্ৰঃ গুৱাহাটীলৈ অহা প্ৰথম খ্ৰীষ্টিয়ান মিছনেৰীজনৰ নাম কি?

উঃ জেমছ ৰে (James Ray) ।

প্ৰঃ অৰুনোদয় যুগৰ এজন বিখ্যাত লিখকৰ নাম কোৱা?

উঃ আনন্দৰাম ঢেকিয়াল ফুকন।

প্ৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ দ্বাৰা আধুনিক কবিতাৰ শুভাৰম্ভ হোৱা বুলি কোৱা হয়?

উঃ ‘বনকুঁৱৰী’ কবিতাৰে।

প্ৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

উঃ কদমকলি।

প্ৰঃ অসমীয়া ভাষাত ৰচিত প্ৰথম চনেট পুথি কোনখন?

উঃ হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’।

অসমীয়া সাহিত্য কুইজ

প্ৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?

উঃ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।

প্ৰঃ বিষ্ণু প্ৰসাদ ৰাভাৰ কবিতা পুথিখনৰ নাম কি?

উঃ সোণপাহি।

প্ৰঃ দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

উঃ ‘সাগৰ দেখিছা’।

প্ৰঃ অসমীয়া ভাষাৰ প্ৰথম চুটিগল্প কোনটো?

উঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা’।

প্ৰঃ কাক ‘অসমীয়া  বেকন’ বুলি কোৱা হয়?

উঃ সত্যনাথ বৰাক।

প্ৰঃ প্ৰথম অসমীয়া সাহিত্য সভাৰ সভাপতিজনৰ নাম কি?

উঃ পদ্মনাথ গোহাঞি বৰুৱা।

প্ৰঃ চৈয়দ আব্দুল মালিক কেতিয়া কোনখন অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰিছিল ?

উঃ 1977  চনত, অভয়াপুৰী।

প্ৰঃ ‘অ’ মোৰ আপোনাৰ দেশ’ নামৰ গীতটোৰ ৰচক কোন?

উঃ লক্ষ্মীনাথ বেজবৰুৱা।

প্ৰঃ দণ্ডিনাথ কলিতাৰ ঐতিহাসিক কাব্যখনৰ নাম কি?

উঃ অসম সন্ধ্যা।

প্ৰঃ ‘জ্ঞান-মালিনীৰ কবি’ কোন?

উঃ মফিজুদ্দিন হাজৰিকা।

প্ৰঃ ৰঘুনাথ চৌধাৰীৰ কথা-কবিতা পুথিখনৰ নাম কি?

উঃ নৱমল্লিকা। ০ ০ ০

অসমীয়া সাহিত্য কুইজ, Assamese Literature Quiz

বিজ্ঞপ্তিঃ আমি আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা সত্বেও কিবা ভুল-ভ্রান্তি থাকি যাব পাৰে। আমাৰ প্রিয় সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনালে আমি চিৰ কৃতাৰ্থ হৈ থাকিম। ধন্যবাদ —ৰাব্বি মছৰুৰ

অসমীয়া সাহিত্য কুইজ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here