Home All অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

World Poems in Assamese Translation

0

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

অসমীয়া অনুবাদত বিদেশী কবিতা 

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

 

 

ৰাব্বি মছৰুৰ

 

 

গ্র’হিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰপেটা  (অসম)

Asomiya Anubadat Bideshi Kabita (Foreign Poems in Assamese Translation)  by Rabbi Masrur, Published by Growhills Publishing.

 

Internet Editon: 2020

Website: www.rabbimasrur.com

Email:

Price: Rs. …………..

 

D. T. P. By  Rabbi Masrur

Printed at :

 

অনুবাদকৰ একাষাৰ

মোৰ প্ৰথম অনুবাদ কাব্য সংকলন ‘অসমীয়া অনুবাদত বিশ্ব কবিতা’খন পাঠক সমাজে  ভালপোৱাত মোৰ দ্বিতীয় অনুবাদ কাব্য সংকলন ‘অসমীয়া অনুবাদত বিদেশী কবিতা’ পুথিখন পাঠক সমাজলৈ আগবঢ়ালোঁ। মই আশাবাদী যে এই পুথিখনো সুহৃদ পাঠক সমাজে ভাল পাব। ইয়াত ‘বিদেশী কবিতা’ বুলি অসমীয়া কবিতাৰ বাহিৰে ভাৰতৰ অন্যান্য ভাষাৰ লগতে ভাৰতৰ বাহিৰৰ অন্য দেশ আৰু ভাষাৰ কবিতাক বুজোৱা হৈছে।  ইতি,

ৰাব্বি মছৰুৰ

শান্তি কানন

২০২০ ইংৰাজী চন।

 

নিৰ্ঘন্ট

কবিতা ………………. কবি

ইংৰাজী

পুৰণি খেলা ঘৰ …… কমলা দাস

বৃদ্ধকাল …… এচ. চি. ৰামানুজ

মই …… নৰেন্দ্ৰ শেঠী

জুই …… হৰিন্দ্ৰনাথ চট্টো 

ৰহস্য …… হৰিন্দ্ৰনাথ চট্টো

মৃত্যু শৰ্যাৰ কাষত …… হৰিন্দ্ৰনাথ চট্টো

দুখ …… হৰিন্দ্ৰনাথ চট্টো

সত্য কি …… কে. ডি.ছেথনা

ভাৰতৰ বীণ …… হেনৰী ডেৰ’জিঅ’

কাৰণ তাইৰ কথােবাৰ শ্রেষ্ঠ …… পি. লাল

সৌন্দৰ্যৰ গীত …… পি. লাল

প্ৰেমৰ নামত …… স্বামী ৰামতীৰ্থ

শৰৎ কালৰ প্ৰতি …… জন কীটচ্‌

মানৱ ঋতু …… জন কীটচ্

পশ্চিমীয়া বতাহৰ প্ৰতি …… পি. বি. শ্বেলী

বিশ্ৰাম …… হেনৰী ডেভিচ

ইন্দ্ৰিয় সুখ …… হ’পকিনচ 

ইউলিচ্ছেছ …… এ. টেনিচন

মোৰ সৰ্বশেষ পত্নী …… ৰবাৰ্ট ব্রাউনিং

বিদেশৰ পৰা স্বদেশৰ চিন্তা …… ৰবাৰ্ট ব্রাউনিং

হুমূনিয়াৰ সাকো …… থমাচ হুড

অ’ মোৰ প্ৰেম …… ৰবাৰ্ট বাৰ্নচ

এজন আইৰিচ বায়ু সেনা …… ৰবাৰ্ট বাৰ্নচ

ইষ্টাৰ, ১৯১৬ …… ইয়েটচ্‌

ইনিছফ্রি নামৰ নদী দ্বীপ …… ইয়েটচ্

চেক

নেপোলিয়ন …… মিৰোশ্লাভ হুলুব

আৰ্কিমিডিচক হত্যা ……. মিৰোশ্লাভ হুলুব

আমেৰিকা ……. মিৰোশ্লাভ হুলুব

শিৰোনামা ……. মিৰোশ্লাভ হুলুব

চোৱা হে, অচিনাকী বন্ধু …… হাফ আডেন

স্পেনিচ

কেৰানীজন …… নিকোলাচ গিয়েন

চীনা

শিৰোনামহীন -১ …… লু ঝান

জনতাৰ মুক্তি বাহিনী …… মাওঁ চে তুং

লিওপান পৰ্বত …… মাওঁ চে তুং

যুঁজাৰু তিৰোতা …… মাওঁ চে তুং

বন্ধু কাউ-মু-জুৰ প্ৰতি …… মাওঁ চে তুং

হুইচাং …… মাওঁ চে তুং

ইংৰাজী

মই গ্ৰহণ নকৰা পথটো …… ৰবাৰ্ট ফ্রষ্ট

মেৰামতি কৰা বেৰ …… ৰবাৰ্ট ফ্রষ্ট

উত্তৰ দেশৰ কিংবদন্তী …… ফ’ব কাৰি

কোনো মানুহেই বিদেশী নহয় …… জেমচ কিৰকাপ

মোৰ বাগিছাখনে হাঁহিছে …… ড০ আঃ কালাম 

যুৱকসকলৰ গান …… ড০ আঃ কালাম

মোৰ মৰমৰ সৈনিকসকল …… ড০ আঃ কালাম

ৰং …… চি. জে. ৰ’চেটি

গধুৰ বস্তুবোৰনো কি? …… চি. জে ৰ’চেটি

মৰা চৰাই …… চি. জে ৰ’চেটি

চন্দ্ৰটো ক্লান্তনে …… চি. জে ৰ’চেটিে

ভেড়াৰখীয়াজন …… ডব্লিউ ব্ল্যাক 

হাঁহিৰ গান …… ডব্লিউ ব্ল্যাক

অন্ধ ল’ৰাজন …… ক’লি কিবাৰঅ’

মেকুৰীজনীৰ কিবা ক’ব লগা আছে …… ৰাস্কিন বণ্ড

মোৰ শ্রেষ্ঠ বন্ধু …… ৰাস্কিন বণ্ড

কালাম, অ’ কালাম …… পিকে বৰ্মন   

চকুলো নুটুকিবা …… জন কীটচ্‌ 

মকৰাজনী আৰু মাখিটো …… মেৰী হাউইট

মই যেতিয়া দেখা পাওঁ …… ওৱৰ্ডচওৱৰ্থ

অকলশৰীয়া দাৱনীজনী …… ওৱৰ্ডচওৱৰ্থ

বিশ্ৰাম …… হেনৰী ডেভিচ                         

সৰু ল’ৰাজন আৰু তৰােবাৰ …… এন’মিনাচ

হেল্ল’ কম্পিউটাৰ …… এন’মিনাচ

সকলো বস্তুৱে উজ্জ্বল আৰু সুন্দৰ …… এন’মিনাচ

ভূকি আৰু কামুৰি কুকুৰবোৰক …… আইজাক ওৱাটচ্‌ 

বন্ধুসকল …… মাৰ্গাৰেট ব্রাউন

পৰ্বতটো আৰু কেৰ্কেটুৱাজনী …… ইমাৰচন

সপোনবোৰ …… লেংষ্ট’ন হিউজ

ডী নদীৰৰ পাৰৰ …… চাৰ্লচ মেকী

অতীত স্মৃতি …… থমাচ ম’ৰ

ডেফ’ডিল ফুলবোৰলৈ …… ৰবাৰ্ট হেৰিট

মোক কৃপা কৰি …… কে নিউমেন

ঘৰ, মৰমৰ ঘৰ …… জে. পাইন

ৰেলগাড়ীৰ ডবাৰ পৰা …… স্টেভেন নচন

এটা বৰফময় সন্ধিয়াত …… ৰবাৰ্ট ফ্রষ্ট

আমি সোঁসোৱাই যাওঁ …… জেমচ থমচন

সৰু চৰাই পোৱালীজনী …… টেনিচন

চৰাইৰ কথা …… ইলিন ফিচাৰ

কোনোৱা এজন …… লা মেয়ৰ

অন্তৰঙ্গ বন্ধু …… হীৰা বানচুদ

ভাঙি ওলাই আহিলোঁ …… মাৰ্জ পিয়াৰ্চি

বিবাহ সৃষ্টি কৰা হৈছে …… দে চুজা

হাৰলেম …… লংষ্ট’ন হাগচ

তথাপি মই জাগি উঠো …… মায়া এঞ্জেলো

কাজিয়া …… ফাৰজিঅ’ন

ৰামধেনুৰ ল’ৰা-ছোৱালী …… চিজে  হেক

আকৌ চেষ্টা কৰা …… এডৱাৰ্ড হিকচন

মই বলিয়া তোমাৰ গানৰ …… মেনোনিম মেনোনিমাচ

মোৰ চিঠিত …… মেনোনিম মেনোনিমাচ

এয়া কিমান সুন্দৰ হ’লহেঁতেন …… মেনোনিম মেনোনিমাচ

……………………………………………

Table of Contents

অসমীয়া অনুবাদত বিদেশী কবিতা

 পুৰণি খেলা-ঘৰ

মূল  ইংৰাজী– কমলা দাস (ভাৰত)

তুমি এটা চাতক চৰাইক শান্ত কৰিবলৈ পৰিকল্পনা কৰিছিলা

পৰিকল্পনা কৰিছিলা তাইক আটক কৰিবলৈ।

তোমাৰ প্ৰেমৰ সূদীৰ্ঘ গ্ৰীষ্মকাল জুুৰি যাতে তাই নিজক পাহৰিব পাৰে

কেৱল কেঁচা ঋতুকেই নহয়।

বাসস্থানো পাহৰি পিছত এৰি অহা হৈছে,

তাইৰ প্ৰকৃতিও এৰি আহিছে

উৰি যোৱাৰ বাসনাৰে– আকাশৰ অনন্ত পথ উৰি যোৱাৰ বাসনাৰে।

জ্ঞান আহৰণৰ বাবে এইটো কৰা হোৱা নাছিল– আন এজন মানুহৰ জ্ঞান।

মই তোমাৰ ওচৰলৈ আহিছিলোঁঃ মই কি তাকে শিকিবলৈ আৰু এই শিক্ষাৰ দ্বাৰা কেনেকৈ ডাঙৰ-দীঘল হ’ব লাগে তাকে শিকিবলৈ। 

কিন্তু তুমি দিয়া প্ৰত্যেকটো শিক্ষাই আছিল 

তোমাৰ নিজৰ বিষয়ে শিকোৱাৰ শিক্ষা।

মোৰ শৰীৰৰ জবাবৰ দ্বাৰা তুমি আনন্দ লভিছিলা,

আনন্দ লভিছিলা মোৰ শৰীৰৰ বতৰ চাই, আৰু আনন্দ লভিছিলা মোৰ শৰীৰৰ সাধাৰণ তৰাং শিহৰণ চাই।

তুমি তোমাৰ মুখৰ থু মোৰ মুখত টোপাটোেপ পেলাইছিলা।

তুমি তোমাৰ মুখৰ থুবোৰ মোৰ শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যঙ্গতেই ঢালি দিছিলা।

তুমি মোৰ দুখীয়া কামনাক তোমাৰ তিক্ত মিঠা বাসনাৰে মালিচ কৰি দিছিলা।

তুমি মোক ‘ঘৈনী’ বুলি মাতিছিলা।

তুমি ছাকাৰাইন ভাঙি চাহত মিহলি কৰিবলৈ শিকাইছিলা 

আৰু একে সময়তে ভিটামিন মিশ্ৰণ কৰিবলৈয়ো শিকাইছিলা।

তোমাৰ দৈত্যকায় স্বাৰ্থপৰতাৰ তলত মই মাটিত লেপেটা কাঢ়ি বহিছিলোঁ।

আৰু মই তোমাৰ যাদুৰ পিঠা খাইছিলোঁ।

আৰু এইদৰে এজনী বাওনা তিৰোতালৈ পৰিণত হৈছিলোঁ।

মই মোৰ নিজৰ ইচ্ছা আৰু যুক্তি সকলো হেৰুৱাইছিলোঁ।

আৰু তোমাৰ সকলো প্ৰশ্নৰ উত্তৰত অস্পষ্ট জবাব আগবঢ়াইছিলোঁ।

গ্ৰীষ্মকালটো মৰাশত পৰিণত হৈ আছে। গ্ৰীষ্মকাল শেষ হৈ অহাৰ কঠোৰ মলয়া বতাহ মনত ৰাখিছোঁ আৰু পুৰি যাবলৈ ধৰা গছ-পাতবোৰৰ ধোঁৱাও মনত ৰাখিছোঁ। 

তোমাৰ কোঠালীটো সদায় কৃত্ৰিম পোহৰেৰে আলোকিত কৰি ৰখা হয়, তোমাৰ খিৰিকীটো সদায় বন্ধ কৰি ৰখা হয়।

আনকি বাতানুকুল ব্যৱস্থাই খুব কমহে সহায় কৰে।

সকলো ঠাইয়েই তোমাৰ পুৰুষ-সুলভ নিশ্বাহৰ গোন্ধেৰে পৰিব্যপ্ত।

পাত্ৰত কাটি ৰখা ফুলবোৰে মানুহৰ ঘামৰ গোন্ধ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াত কোনো সংগীত নাই, কোনো নৃত্য নাই।

মোৰ মনটো হৈছে সকলো পোহৰ আঁতৰাই পেলোৱা পুৰণি খেলা-ঘৰ। 

শক্তিশালী মানুহৰ কৌশল সদায় একেই থাকে। 

তেওঁ তেওঁৰ প্ৰেম মাৰাত্মক বিষ-বায়ুত আগবঢ়ায়, কাৰণ–

প্ৰেম হৈছে পানীত প্ৰতিবিম্বিত হোৱা নাৰ্ছিচাচ– যিটোক নিজৰ অকলশৰীয়া মুখৰ ছবিয়ে মোহিত কৰে 

আৰু অৱশেষত এইটোকেই বিচৰা হয়।

অৱশেষত সম্পূৰ্ণভাৱেই আৰু স্পষ্টভাৱেই 

নিজে নিজে দাপোণত পৰিণত হয়

নিজকে ভাঙি-ছিঙি দিবলৈ 

আৰু সেই পানীয়েই ইয়াক ভঁহাই নিয়ে। ০ ০ ০ 

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

বৃদ্ধকাল

মূল  ইংৰাজী– সেৱক চন্দ্ৰ ৰামানুজ (ভাৰত)

 

মোৰ জীৱন ৰথটো নাৰ্য্য কৰ্মৰ বছৰেৰে

পৰিপূৰ্ণ কৰিবলৈ কৈছিলোঁ।

কিন্তু পাৰ্থিৱ লালসাৰ ৰথটোৱে মোক আগুৰি ধৰিলে

আৰু মই ইয়াৰ দ্ৰুতগামী ৰথটোত উঠি গ’লোঁ।

আজি বৃদ্ধকালৰ মৰুভূমিত এই কথাটোৱে মোক পৰিত্যাগ কৰিলে

আৰু আজি মই তোমাক পাবৰ বাবে কোনো পথ Îপাৱা নাই। ০ ০ ০  

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মই

মূল  ইংৰাজী– নৰেন্দ্ৰ কে. শেঠী (ভাৰত) 

 

মই

অপৰিচিত 

আৰু 

অশ্ৰুতিগোচৰ

তথাপি মই শব্দক খেদি যাওঁ। 

 

মই এটি সংক্ষিপ্ত বাক্য

য’ত ক্ৰিয়া পদে নিজেই সৰৱ হৈ উঠে

কোনো বিশেষ্য পদ নোহোৱাকৈয়ে।

মোৰ অৱস্থান

কিমান দূৰত?  ০ ০ ০ 

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

জুই

মূল  ইংৰাজী– হৰিন্দ্ৰনাথ চট্টোপাধ্যায় (ভাৰত)

 

হেৰা, তুমি কোন? — এজন শিশুৱে সুধিলে।

যি শিশুৰ মৃত মাতৃক অগ্নি শিখাই আগুৰি ধৰিছিল

আৰু অকলশৰীয়া নগ্ন জীৱনক উদং কৰি দেখুৱাইছিল।

 

তেতিয়া হঠাৎ সেই অগ্নিশিখাৰ পৰা উত্তৰ আহিল–

মই হৈছোঁ সেই ভয়ানক বাসনা–

যি বাসনাই তোমাক তোমাৰ মাকৰ জৰায়ুত গঢ় দিছিল। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ৰহস্য

মূল  ইংৰাজী– হৰিন্দ্ৰনাথ চট্টোপাধ্যায় (ভাৰত)

 

সময় হৈছে যাদুকৰৰ সৈতে এজন বাজীকৰ

সকলো জন্মই হৈছে নিদ্ৰা গধূৰ উপদেশ

জীৱন হৈছে এটি প্ৰশ্ন– যাৰ কোনো উত্তৰ নাই

মৃত্যু হৈছে এটি উত্তৰ –যাৰ কোনো প্ৰশ্ন নাই। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মৃত্যু শৰ্যাৰ কাষত

মূল  ইংৰাজী– হৰিন্দ্ৰনাথ চট্টোপাধ্যায় (ভাৰত)

 

ইয়াত আৰু ভাৱিব লগা নাই

এতিয়া সকলো কোৱা হৈছে আৰু সকলো কৰা হৈছে

মৃত্যু হৈছে সর্বোচ্চ আজ্ঞাকাৰী

জীৱন হৈছে সৰ্বনিম্ন আজ্ঞাকাৰী।

 

তেন্তে কিয় এই সংগ্ৰাম আৰু অৰিয়া-অৰি

এয়া হৈছে অহংকাৰী জীৱনৰ খন্তেকীয়া বাস

কিয়নো মানুহ হৈছে জীৱনৰ দ্বাৰা ঢাকি থকা পোছাক

আৰু জীৱন হৈছে মৃত্যুৰ ল’ৰালিকাল। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

দুখ

মূল  ইংৰাজী– হৰিন্দ্ৰনাথ চট্টোপাধ্যায় (ভাৰত)

 

সেয়াই দুখ– যাৰ বাবে সৃষ্টিকৰ্তাই দুখক সৃষ্টি কৰিছে

যেনেদৰে এটা ধনুকাঁড়ে অপেক্ষা কৰি থাকে

এটা কপৌ চৰাইৰ বুকুৰ বাবে

কেতিয়াৱা বন্ধুজন হেৰুৱাই যাব 

যদিহে প্ৰেমিকে প্ৰেমৰ গভীৰতা অনুসন্ধান কৰে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

সত্য কি?

মূল  ইংৰাজী– কে.ডি. ছেথনা (ভাৰত)

 

সত্য কি? এয়া যুগ যুগান্তৰৰ প্ৰশ্ন

স্বৰ্গীয় আনন্দৰ সুৰ ধ’ৰাটোৱেই ইয়াৰ উত্তৰ 

যি উত্তৰে মানুহক চিৰদিন ডেকা কৰি ৰাখে

হায়! মানুহে যৌৱনক হেৰুৱায়।

 

আমি বেঁকা হৈ পৰোঁ আৰু চুলিবোৰ বগা হৈ  যায়

আমি মাটিৰ পিনে আঁউজি পৰো

চকুযোৰ ধোঁৱা-কুঁৱা হৈ পৰে, মুখখন বিবৰ্ণ হৈ পৰে,

হাতযোৰ অকামিলা হৈ পৰে

প্ৰশ্নটোৰ উত্তৰ সেয়াই– 

যিয়ে সকলো আনন্দময় সঙ্গীতক হেৰুৱাই পেলায় চিৰদিনৰ বাবে।

 

চকুৰ পতা সৰি নপৰালৈকে

হঠাৎ মুখখন নীৰৱ হৈ পৰে

অকলশৰীয়া হৈ পৰে হাতযোৰ, 

অন্ধ বোবা চিৎকাৰ ক্ৰমে ক্ৰমে ওফন্দি উঠে

যেন টোপনিৰ বিষ্ময়কৰ শূন্যতাক অনুসন্ধান কৰাৰ বাবে

গোটেই বিশ্বব্রহ্মাণ্ডৰ বাহিৰে ওলমি থাকে।

প্ৰশান্ত মহাশূন্য–

কোনো জ্যোৰ্তিবিজ্ঞানীয়েই তেওঁৰ দীৰ্ঘ দূৰবীণ যন্ত্ৰৰে 

তাৰ গম ধৰিব নোঁৱাৰে।

 

অদৃশ্যময় অনন্ততা

য’ত সপোন সম্পূৰ্ণ নক্ষত্ৰবোৰৰ দৰে

অনিশ্চিয়তাৰ পৱিত্ৰ আৰু প্ৰকাণ্ড উৎসবোৰৰ মাজত

সময়ে ধৰফৰ কৰা আমি দেখোঁ।

 

সিবোৰত মৰমৰ কঁপনি সাৰ পায়

যাৰ হাতত নিৰ্জন প্ৰাৰ্থনাই

ক্ৰমে তললৈ নমাই আনে 

মৃত্যুহীন জেউতি

সেয়াই সত্য। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ভাৰতৰ বীণ

মূল  ইংৰাজী– হেনৰী ডেৰোজিঅ’ (ভাৰত)

 

তুমি লেৰেলি যোৱা জোপোহা গছবোৰৰ মাজত

অকলশৰে কিয় ওলমি আছা?

তোমাৰ সুৰ চিৰদিনৰ বাবে বন্ধ হৈ গৈছে

তুমি কি তাতেই থাকিবা

তোমাৰ সঙ্গীত এসময়ত সুমধুৰ আছিল–

আজি বাৰু সেইটো কোনে শুনে?

তোমাৰ ওপৰত কিয় বাৰু মলয়া বতাহে হুমুনিয়াহ কাঢ়ে?

নীৰৱতাই তাইক মাৰাত্মক শিকলিৰে বান্ধি পেলাইছে

তুমি ঘৃণিত, বোবা আৰু পৰিত্যক্ত অৱস্থাত পৰি আছা

মৰুভূমিত পৰি থকা ধবংসপ্ৰাপ্ত কীৰ্তিস্তম্ভৰ দৰে–

হায়! মোতকৈ অধিক যোগ্য হাতে

এসময়ত তোমাৰ তাঁৰত সুমধুৰ সুৰৰ ঝংকাৰ তুলিছিল

আৰু যশস্যাৰ বহুতো মালাই তোমাক ঘেৰি ৰাখিছিল।

তোমাৰ কবিসকলৰ কবৰৰ ওপৰত আজিও বহুতো ফুল ফুলি আছে

আজি সেই হাতবোৰ জঠৰ হৈ আছে–

কিন্তু যদি তোমাৰ সুৰবোৰ স্বৰ্গীয় হয়

আকৌ এই পাৰ্থিৱ হাতৰ দ্বাৰা জাগৃত হ’ব পৰে

হে মোৰ দেশৰ বীণ, সেইবোৰ সুৰ মোক বজাবলৈ শক্তি দিয়া। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

কাৰণ তাইৰ  কথােবাৰ শ্রেষ্ঠ

মূল  ইংৰাজী– পি. লাল (ভাৰত)

 

কাৰণ তাইৰ কথাবোৰ শ্রেষ্ঠ

গীত গোৱা, তুমি যদি ইচ্ছা কৰা

বগা গোলাপ এপাহ দিয়া

বগা ৰং হৈছে তাইৰ উপাদান।

 

গোলাপৰো মূল্য আছে যেতিয়া গছত নাথাকে

কিন্তু বগা ৰঙবোৰ অতি বিৰল

অন্যথা তাই প্ৰেমক গ্ৰহণ কৰিব

তাই কৈছিল যে গ্ৰীষ্মকাল শেষ নহয়।

 

তাইৰ চকুৰ বিশালতা, তাইৰ শব্দবোৰ

সূৰ্যটোৱে নীলা আকাশখনক জপটিয়াই ধৰি আছে

আপেলবোৰ চৰাইবোৰ।

আপেলবোৰ  আৰু চৰাইবোৰ, আপেলবোৰ আৰু চৰাইবোৰ। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

সৌন্দৰ্যৰ গীত

মূল  ইংৰাজী– পি. লাল (ভাৰত)

 

এইটো যদি কম সুন্দৰ হ’লহেঁতেন

আৰু ৰাতিপুৱা যদি মোৰ চকুয়ে সৌন্দৰ্য নেদেখিলেহেঁতেন

মই শান্তি পালোহেঁতেন।

হে সৌন্দৰ্যৰ দেৱী, 

তোমাৰ ভক্তৰ হৃদয়ত দয়া প্ৰদান কৰা।

 

এইটো যদি কম সুন্দৰ হ’লহেঁতেন

মই এইটোক ধৰিব পাৰিলোঁহেঁতেন।

আৰু মোৰ চকুযুৰিয়ে সৌন্দৰ্যক ধৰিব পাৰিলেহেঁতেন

যদিহে ৰাতিপুৱা কম সুন্দৰ হ’লহেঁতেন

হে সৌন্দৰ্যৰ দেৱী,

মোৰ দান গ্ৰহণ কৰা।

 

মই চূকটোৰ পিনে ঘূৰি যোৱাৰ সময়ত যদি সৌন্দৰ্যক ধৰিব

নোৱাৰিলোঁহেঁতেন

হায়! সৌন্দৰ্য যদি উত্তপ্ত পথবোৰত নাহিলহেঁতেন

আৰু ৰাতিপুৱাই যদি মোৰ হৃদয়ক আকৰ্ষণ নকৰিলেহেঁতেন

সম্ভৱতঃ মই শান্তি কি জানিব পাৰিলোহেঁতেন।

তোমাৰ ভক্ত হিচাপে মোৰ অন্তৰখন তোমাক দান দি তোমাক ভক্তি জনাওঁ। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

প্ৰেমৰ নামত

মূল  ইংৰাজী– স্বামী ৰাম তীৰ্থ (ভাৰত)

 

হে প্ৰভু, মোৰ জীৱনটো তুমি গ্ৰহণ কৰা

আৰু তোমাৰ নামত মোৰ জীৱনটো উছৰ্গিত হ’বলৈ দিয়া।

হে প্ৰেম,  মোৰ অন্তৰখন পৰিপূৰ্ণ হ’বলৈ দিয়া

হে ঈশ্বৰ, মোৰ চকু দুটি গ্ৰহণ কৰা

আৰু তোমাৰ সৈতে মোৰ চকু দুটিক মাতাল হ’বলৈ দিয়া।

মোৰ হাত দুখন গ্ৰহণ কৰা, হে সত্য

আৰু অবিৰত কৰ্তব্যত নিয়োজিত হ’বলৈ দিয়া।

 

সুন্দৰ চকু সেইযুৰিয়েই– যি চকুযুৰিয়ে সুন্দৰ চিন্তাৰ প্ৰতিফলন ঘটায়।

সুন্দৰ ওঁঠ সেইযুৰিয়েই–যি ওঁঠযুৰিৰ দ্বাৰা

চৰাইৰ সংগীতৰ দৰে অনন্তৰ পৰা শব্দবোৰ জঁপিয়াই ফুৰে।

সুন্দৰ হাত সেই দুখনেই– যি হাত দুখনে সেইবোৰ কাম

সম্পাদন কৰে যি কাম উৎসাহী, সাহসী আৰু সত্য

যি কাম মূহুৰ্তৰ পৰা মূহুৰ্তলৈ গোটেই দনি চলি থাকে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

শৰৎকালৰ প্ৰতি

মূল  ইংৰাজী– জন  কীটচ্‌ (ইংলণ্ড)

 

শৰৎকালটো কুঁৱলী আৰু কোমল ফল-মূলৰ ঋতু।

ই হৈছে মধ্যাহ্ন সূৰ্যৰ আন্তৰিক বন্ধু

সূৰ্যৰ লগত ই অভিসন্ধি কৰি কেনেকৈ খেৰী ঘৰৰ চাৰিওফালে থকা দ্ৰাক্ষালতাবোৰে ফল-মূলৰ দ্বাৰা জাতিষ্কাৰ আৰু আশীৰ্বাদপ্ৰাপ্ত হ’ব পাৰে তাকে ভাৱে।

শেলুৱৈ গজা আপেল গছবোৰৰ ফলবোৰক 

তললৈ ওলমি পৰাৰ আশীৰ্বাদ দিয়ে।

আৰু সকলো ফল-মূল সম্পূৰ্ণৰূপে পকি যোৱাৰ আশীৰ্বাদ ৰচনা কৰে।

এই ঋতুৱে পানী লাওক ডাঙৰ-দীঘল হ’বলৈ দিয়ে

আৰু কলা বাকলিৰে সজাই তোলে।

ভিতৰত থাকে মিঠা গুটি যাতে তাৰ পৰা নতুন গছৰ জন্ম হ’ব পাৰে।

আৰু বাকী থকা ফুলবোৰ মৌমাখিৰ বাবে সাঁচি ৰাখে।

সিহঁত গৰমৰ দিন নহালৈকে ফুলিয়েই থাকে।

কাৰণ গ্ৰীষ্ম ঋতুৱে সিহঁতৰ এঠা লগা কোষবোৰ নষ্ট কৰি দিয়ে।

 

বাগিছাত কোনে তোমাক সঘনে দেখা নাই?

মাজে মাজে যিজনে বিচাৰে, তোমাক বিচাৰি পাব পাৰে

ভঁৰাল ঘৰৰ মজিয়াত তোমাক নীৰৱে বহি থকা।

তোমাৰ চুলি কোচাত বতাহে কোমলভাৱে আচোঁৰ মাৰে।

তুমি অৰ্দ্ধ পৰিস্কৃত অৱস্থাত গভীৰ টোপনিত থাকা।

আফু-গুটিৰ ফেনৰ সৈতে তুমি কলা-ঘুমটিত থাকা।

আনহাতে তুমি তোমাৰ আঙুঠিৰ দ্বাৰা তোমাৰ পৰৱৰ্তী প্ৰজন্মক ফুলৰ সৈতে ৰক্ষা কৰা।

তোমাৰ মূৰটো পাৰ্বত্য নদীত ৰাখা

নাইবা ধৈৰ্যৰ দৃষ্টিৰে তুমি ফল-কটা যন্ত্ৰৰ কাষত থাকা।

ঘন্টাৰ পিছত ঘন্টা ধৰি তুমি সৰ্বশেষ টোপালবোৰ  লক্ষ্য কৰা।

 

বসন্তকালৰ সংগীত এতিয়া ক’ত? হায়, সিহঁত ক’ত?

সিহঁতৰ বিষয়ে এতিয়া আৰু নেভাবিবা।

তোমাৰো নিজা সংগীত আছে।

যেতিয়া স্থিৰ ডাৱৰবোৰ

শেষ হ’বলৈ ধৰা ৰাতিৰ ওপৰত ফুলি থাকে

আৰু গোলাপী ৰঙেৰে তুমি শস্যৰ মূঢ়াবোৰ  স্পৰ্শ কৰা–

তেতিয়া শোকৰ সংগীতৰ দ্বাৰা সৰু সৰু মাখিবোৰে শোক কৰে–

নদীৰ পৰাত গজা লতাবোৰৰ মাজত।

তুমি সেইবোৰ দূৰলৈ কঢ়িয়াই নিয়া

নাইবা মৃদুভাৱে বৈ যোৱা বতাহত ডুবাই দিয়া

আৰু পাৰ্বত্য সীমাৰ পৰা  ভেৰাবোৰে  বে বে কৰে।

ফৰিংবোৰে গান গায়, 

আৰু কোমল ৰবিন চৰায়ে ওচৰৰ বাগিছাৰ পৰা শিঙা বজায়।

আৰু ছোৱেলো চৰায়ে আকাশত চিঁচিঁয়ায়। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মানৱ ঋতু

মূল  ইংৰাজী– জন কীটচ্‌  (ইংলণ্ড)

 

বছৰত চাৰিটা ঋতু আছে

সেইদৰে মানুহৰ মনতো চাৰিটা ঋতু আছে

সেইটোৱেই তেওঁৰ কামাতুৰ বসন্ত ঋতু–

যেতিয়া  সহজ চকুৰে তেওঁ সকলো বস্তুতে সৌন্দৰ্য কল্পনা কৰে।

যেতিয়া তেওঁৰ গ্ৰীষ্ম ঋতু আহে

তেতিয়া  বসন্তত কৰা তেওঁৰ চিন্তাৰাজি পূৰঠ হয়

আৰু পুনৰ চৰ্চা কৰিবলৈ ভাল পায়।

আৰু এই চিন্তা কৰি কৰিয়েই তেওঁ স্বৰ্গৰ নিচেই ওচৰ পায়।

শৰৎকালত তেওঁ তেওঁৰ পাখি শান্ত গোপনীয় ঠাইত 

সিঁচৰতি কৰে আৰু জপাই থয়।

এই সময়ত এলেহুৱাৰ দৃষ্টিৰে পাৰ্বত্য নদী বৈ যোৱাৰ দৰে 

সুন্দৰ বস্তুবোৰ চকুৰ আগেৰে পাৰ হৈ যাবলৈ দিয়ে।

যেতিয়া তেওঁ বিবৰ্ণ আৰু বিকৃত হয়

তেতিয়া তেওঁৰ শীতকাল আৰম্ভ হয়।

আৰু তেতিয়াই তেওঁ সকলো মানৱ প্ৰকৃতি ত্যাগ কৰে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

পশ্চিমীয়া বতাহৰ প্ৰতি

মূল  ইংৰাজী– পাৰ্চি বিচ্ছহি শ্বেলী (ইংলণ্ড)

 

হে, বনৰীয়া পশ্চিমীয়া বতাহ, তুমি শৰৎকালৰ প্ৰাণী

যাৰ অদৃশ্য উপস্থিতিয়ে গছৰ মৃত পাতবোৰ উৰুৱাই নিয়ে,

অপদেৱতাৰ দৰে আঁতৰি যায়– হালধীয়া আৰু কলা আৰু বিবৰ্ণ আৰু উগ্ৰ ৰঙা আৰু মহামাৰী আক্ৰান্ত্ৰ পাতৰ দ’মবোৰ।

অ, তুমি পাখি থকা শস্য বীজবোৰ সিহঁতৰ হেমন্তকালীন শোৱাপাটীলৈ উৰুৱাই নিয়া– য’ত সিহঁত শান্ত আৰু মৃদুভাৱে পৰি থাকে কবৰত থকা মৃতদেহৰ দৰে। সিবোৰ তেতিয়ালৈকে পৰি থাকে, যেতিয়ালৈকে তোমাৰ আকাশী ভনী বসন্ত বৈ যায় আৰু স্বপ্নাতুৰ পৃথিৱীৰ ওপৰত বাঁহী বজায় আৰু বতাহত চৰাইৰ জাকৰ দৰে মিঠা কলিবোৰ আঁতৰাই সমতল আৰু পাৰ্বত্য অঞ্চল জীৱন্ত ৰঙ আৰু গোন্ধেৰে ভৰাই তোলে। হে বতাহ, তুমি হৈছা  বন্য শক্তি যি  সকলোতে ঘূৰি ফূৰে। তুমি ভাঙা আৰু গঢ়া, হে পশ্চিমীয়া বতাহ, তুমি শুনা–

 

তুমি– যাৰ সোঁতে থিয় আকাশৰ মাজভাগত হেন্দোলনি তোলে

পৃথিৱীত থকা গছবোৰ আলৰ পাতবোৰ সৰি পৰাৰ দৰে মেঘবোৰ সৰি পৰে। সৰি পৰে স্বৰ্গৰ কাঁইটীয়া গছবোৰৰ পৰাও কিয়নো ই বৰষুণ আৰু বিদ্যুতৰ দেৱদূত। তোমাৰ বায়ুবীয় নীলা দৌবোৰ  মাটিত পৰে– উজ্জ্বল চুলিৰ দৰে যি চুলি মূৰৰ পৰা তললৈ ওলমি পৰে।

সিবোৰ সৰি পৰে উগ্ৰ মিনাড দেৱতাৰ মূৰৰ পৰা আনকি চকামকা অন্ধকাৰ দিগন্তৰ পৰাও। আকাশৰ শীৰ্ষলৈয়ো সৰি পৰে ওচৰ চাপি আহিবলৈ ধৰা ধুমুহা বতাহৰ চুলিকোচা।

হে পশ্চিমীয়া বতাহ, তুমি হৈছা বিদায়ী বছৰৰ অন্তেষ্টিক্ৰিয়াৰ সংগীত– যি বছৰটোৰ ওপৰত অহা ৰাতিটো হ’ব বিশাল কবৰ-গম্বুজ।

গম্বুজটো তোমাৰ সৰ্বশক্তিৰ দ্বাৰা নিৰ্মিত, নিৰ্মিত বায়ুৰ বাষ্পৰ দ্বাৰা– যাৰ গোটা পৰিৱেশত কলা বৰষুণ আৰু অগ্নি-স্ফুলিংগ আৰু শিলাবৃষ্টি সৰি পৰিব। হে, পশ্চিমীয়া বতাহ, তুমি শুনা–

তুমি হৈছা সেই বতাহ যি বতাহে নীলা ভূমধ্য সাগৰক গ্ৰীষ্মকালীন সপোনৰ পৰা সাৰ পোৱাইছিল, য’ত সাগৰটোক তোমাৰ স্বচ্ছ স্ৰোতৰ মেৰিয়নীৰ দ্বাৰা নিচুকুৱা হৈছিল বাই উপকূলত থকা পিউমিচ দ্বীপৰ কাষত। আৰু ইয়াৰ সপোনত ই পুৰণি ৰাজ-অট্টালিকা আৰু দুৰ্গবোৰ দেখিছিল ঢৌ বৃদ্ধি পাই থকা দিনত কঁপি কঁপি। ইয়াৰ পাৰৰ নীলাবৰণীয়া শেলুৱৈ আৰু ফুলবোৰ ফুলিছিল–অতি মধুৰ অনুভূতিয়ে সিবোৰক অলংকৃত কৰিছিল। আটলান্টিক মহাসাগৰৰ শক্তিয়ে শিল ভাঙি টুকুৰা-টুকুৰ কৰিছিল। আনহাতে সাগৰৰ ফেনবোৰ আৰু বোকাময় হাবিবোৰে সাগৰৰ আকাৰহীন পাতবোৰ পৰিধান কৰিছিল। তোমাৰ সুৰ  হঠাতে বগা হৈ পৰিছিল আৰু ভয়ত কঁপিছিল আৰু নিজে নিজেই উপান্ত হৈ গৈছিল। হে, পশ্চিমীয়া বতাহ তুমি শুনা–

মই যদি এটি পাত হ’লোহেঁতেন তুমি নিশ্চয় মোক ধাৰণ কৰিলাহেঁতেন। মই যদি তোমাৰ লগত উৰি ফুৰিবলৈ দ্রুতবেগী ডাৱৰ হ’লোহেঁতেন আৰু তোমাৰ শক্তিৰ তলত ফোঁপাবলৈ এটি ঢৌ হ’লোহেঁতেন তেতিয়া তোমাৰ শক্তিৰ অনুভূতিৰ অংশীদাৰ হ’ব পাৰিলোঁহেতেন। হে উদণ্ড বতাহ, অলপ কম মুক্তও যদি হ’লোহেঁতেন। মই মোৰ ল’ৰালি কালত যেনেকুৱা আছিলোঁ তেনেকুৱা যদিও হ’ব পাৰিলোহেঁতেন! মই আকাশত তোমাৰ সঙ্গী হৈ ঘূৰি ফুৰিব পাৰিলোহেঁতেন। যেতিয়া মই আকাশৰ পৰা বেছি দূৰলৈ গ’লোহেঁতেন তেতিয়া মই পৃথিৱীৰ কোনো দৃশ্য দেখিবলৈ নাপালোহেঁতেন। মোৰ প্ৰয়োজনত তোমাৰ সৈতে প্ৰৰ্থনাতো আগুৱাই যাব নোৱাৰিলোহেঁতেন। 

হায়! এটা প্ৰচণ্ড ঢৌৰ দৰে মোক উত্তাল কৰা, উত্তোলন কৰা এটি পাতৰ দৰে, এচপৰা ডাৱৰৰ দৰে। মই জীৱনৰ কাঁইটৰ ওপৰত পৰিছোঁ আৰু মোৰ শৰীৰ ক্ষত-বিক্ষত হৈছে। তোমাৰ দৰে অশান্ত, দ্ৰুত আৰু মতগৰ্বী সময়ৰ গধুৰ ভাৰে মোক বন্ধী কৰি ৰাখিছে।

মোক তোমাৰ বীণ কৰি লোৱা, আনকি এটা গহীন হাবিৰ দৰে। হায় মোৰ পাতবোৰ গছৰ পাতৰ দৰেই সৰি আছে। তোমাৰ শক্তিশালী ঐক্যতানৰ কোলাহলে মোক শৰৎকালীন সুৰৰ গভীৰতাৰ পৰা লৈ যাব– দুখ হ’লেও ই অতি সুমধুৰ। তুমি মোৰ তেজোদ্বীপ্ত শক্তিত পৰিণত হোৱা। তুমি মোক উদ্বিগ্ন কৰিলা। হে বতাহ, তুমি মোৰ মৃত চিন্তাবোৰ  সমগ্ৰ বিশ্বব্রহ্মাণ্ডৰ ওপৰত সিঁচি দিয়া লেৰেলি যোৱা পাতৰ দৰে যাতে সোনকালে তাৰ পৰা নতুন পাতৰ জন্ম হ’ব পাৰে। আৰু মোৰ এই কবিতাৰ মন্ত্ৰৰ দৰেই ধবংস নোহোৱা জুহালৰ পৰা মোক সিঁচৰতি কৰি দিয়া। মোৰ ছাইবোৰ, স্ফুলিঙ্গবোৰ আৰু মোৰ শব্দবোৰ মানৱ জাতিৰ ওপৰত সিঁচৰতি কৰি দিয়া।

টোপনি আসক্ত পৃথিৱীৰ বাবে তুমি মোৰ ভৱিষ্যত বাণীৰ ৰণশিঙা হোৱা। হে পশ্চিমীয়া বতাহ, যদি শীত আহে, বসন্ত কি দূৰত থাকিব পাৰে? ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

বিশ্ৰাম

মূল  ইংৰাজী– উইলিয়াম হেনৰী ডেভিচ (ইংলণ্ড)

 

জীৱনটো যদি সচেতনতাৰে পৰিপূৰ্ণ 

তেন্তে সেই জীৱন কি?

গছ-গছনিৰ তলত থিয় হৈ ভেড়া আৰু গৰুৰ জাকবোৰ 

চৰি ফুৰাৰ দৃশ্য চোৱাৰ সময় নাই।

 

আমি যেতিয়া হাবি পাৰ হৈ যাওঁ

তেতিয়া কেৰ্কেটুৱাই ঘাঁহৰ মাজত 

তামোল লুকুৱাৰ দৃশ্য দেখাৰ কোনো সময় নাই।

দিনৰ পোহৰতো ত’ৰাময় ৰাতিৰ দৰে স্ৰোতস্বিনীকো

উপভোগ কৰাৰ সময় নাই।

সৌন্দৰ্যৰ জেউতিৰ প্ৰতি উভতি চোৱাৰ কোনো সময় নাই

আৰু সময় নাই বতাহত নাচি থকা সিহঁতৰ পাহিৰ দৃশ্য চোৱাৰ

চকু মেলি মুখখন হাঁহিৰে পৰিপূৰ্ণ কৰাৰ

দৃশ্য চোৱাৰো সময় নাই।

 

সতৰ্কতাৰে ভৰা জীৱন দুৰ্ভগীয়া জীৱন

স্থিৰভাৱে চাই থাকিবলৈ আৰু তধা লাগি চাই থাকিবলৈ 

তোমাৰ কোনো সময় নাই। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ইন্দ্ৰিয় সুখ

মূল  ইংৰাজী– জি. এম. হ’পকিনচ (ইংলণ্ড)

 

নহয়, হতাশাক কেতিয়াও মই

মোৰ শাৰীৰিক সুখ হ’বলৈ নিদিওঁ।

সেই শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ (যিবোৰ মানুহৰ শেষ আশ্ৰয়)

যদিও সিবোৰ শিথিল, তথাপি মই সিহঁতক মুকলি কৰি নিদিওঁ।

যদিও মোৰ শৰীৰ হতাশাত ক্লান্ত, তথাপি মই নিচিঞঁৰো যে

মই আৰু একো নোৱাৰোঁ।

মই আশা কৰোঁ এনে এটি দিন আহিব,

যেতিয়া মই কিবা কৰিব পাৰিম আৰু সুখক জয় কৰিব পাৰিম।

 

কিন্তু হে ঈশ্বৰ, তুমি কিয় মোৰ প্ৰতি নিষ্ঠুৰ হৈছা

বিশ্বক শাস্তি দিব পৰা তোমাৰ ভৰিয়ে মোক শাস্তি দিছে, 

হে মোৰ ঈশ্বৰ কিয় বাৰু তুমি মোৰ বিৰুদ্ধে তোমাৰ সিংহৰ দৰে শক্তিশালী শৰীৰ প্ৰয়োগ কৰিছা?

তুমি কিয় ভোকাতুৰ চকু লৈ মোৰ পিনে খঙাল দৃষ্টি নিক্ষেপ কৰিছা

আৰু মোক উত্তোলন কৰি পৰীক্ষা কৰিছা?

তুমি ধুমুহা বতাহ হৈ মোৰ পিনে বৈ আহিছা

আৰু মই তুঁহগুড়িৰ সৈতে ধানৰ দ’মৰ দৰে দ’ম বান্ধি আছোঁ।

মই তোমাৰ পৰা হাত সাৰিব খোজোঁ।

তেতিয়া তোমাৰ বতাহ লাগি মোৰ মাজত থকা তুঁহগুড়ি (পাপখিনি) উৰি যাব

আৰু মোৰ মাজত থকা ভালখিনি (পুণ্যখিনি) থাকি যাব আৰু মই শুচি হ’ম।

 

তোমাৰ এই পৰিশ্ৰমটো বৃথায় যোৱা নাই

মই দেখিছোঁ তুমি, তোমাৰ হাতত লাখুটি লৈ আহিছা

যি লাখুটিক মই চুমা খাইছোঁ।

তোমাৰ খঙৰ আঁৰত মোৰ প্ৰতি তোমাৰ প্ৰেম লুকাই আছে

আৰু সেই প্ৰেমৰ বাবেই মই এতিয়া আনন্দ পাইছোঁ, হাঁহিছো।

 

হে ঈশ্বৰ, মই এতিয়া কাক প্ৰশংসা কৰিম?

মই স্বৰ্গত থকা সেইজন বীৰ নায়ককেই ধন্যবাদ জনাম

যিজনে মোৰ ওপৰত পদাঘাত কৰি মোক পৱিত্ৰ কৰিলে আৰু আনন্দিত কৰিলে।

 

যেতিয়া মোৰ ওপৰত আধ্যাত্মিক অন্ধকাৰে ৰাজত্ব কৰিছিল

তেতিয়া মই তোমাৰ বিৰুদ্ধে আনকি মোৰ বিৰুদ্ধেও যুঁজিছিলোঁ।

হে ঈশ্বৰ, তুমি মোৰ ওপৰত যি শাস্তি দিছা

তাৰ বাবেই মোৰ মনৰ অন্ধকাৰ দূৰ হৈছে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ইউলিচ্ছেছ

মূল  ইংৰাজী– আলফ্রেড টেনিছন (ইংলণ্ড)

 

এজন এলেহুৱা ৰজাই জীৱনত কদাচিতহে উন্নতি কৰিব পাৰে। এই জুহালৰ কাষত অনুৰ্বৰ ওখোৰা-মোখোৰা পাৰ্বত্যাঞ্চলৰ মাজত মোৰ লগত আছে মোৰ প্রৌঢ়া ঘৈনীয়েক। মই অসভ্য জাতি এটাৰ সকলোতে সমভাৱে আইন বিতৰণ কৰি দিছোঁ।

সৌ ধনভঁৰাল আৰু টোপনি আৰু খাদ্য সামগ্ৰীয়ে মোক নেজানে আৰু মই মোৰ অভিযানৰ পৰা জিৰণি পোৱা নাই। মই এতিয়া জীৱনৰ বোকা পৰ্যন্ত উপভোগ কৰিম। সময়ৰ প্ৰতিটো পল মই গভীৰভাৱে উপভোগ কৰিছোঁ আৰু বহুতো কষ্ট ভোগ কৰিছোঁ। সিহঁতে মোক প্ৰেম কৰিছিল। সিহঁতক মই উপভোগ কৰিছোঁ নিৰ্জনে, অকলে অকলে। সাগৰৰ উপকূলত যেতিয়া হাইডেছ নক্ষত্ৰমণ্ডলীয়ে দৌৰি দৌৰি নিৰানন্দ সাগৰক ত্যক্ত কৰিছিল,মই তেতিয়ালৈ  এজন কিংবদন্তীত পৰিণত হৈছোঁ। কাৰণ মই সদায় ভোকাতুৰ হৃদয় লৈ ঘূৰি ফুৰিছোঁ। মই বহুত দেখিলোঁ আৰু বহুত শিকিলোঁ। মানুহৰ মহানগৰী, সিহঁতৰ আচৰণ, জলবায়ু, মন্ত্ৰণা সভা, চৰকাৰ আৰু নিজকো কম অধ্যয়ন কৰা নাই! কিন্তু সকলোকে মই সন্মান কৰিছোঁ আৰু মোৰ পালি প্ৰহৰীৰ সৈতে আকাশী ট্ৰয় নগৰীৰ সমভূমিত যুদ্ধৰ আনন্দ উপভোগ কৰিছোঁ।

মই যিসকলক লগ পাইছোঁ সেইসকলৰ একো-একোটা অংশ হৈ পৰিছোঁ। এই সকলো অভিজ্ঞতা হৈছে মোৰ এটি বাট-ঘৰ যাৰ মাজেৰে মই ভ্ৰমণ কৰা সমগ্ৰ বিশ্বই মোৰ চকুত জিলিকি উঠিছে– যিবিলাকৰ দাঁতি চিৰদিনৰ বাবে লেৰেলি পৰিছে মোৰ ওভতনি ভ্ৰমণৰ লগে লগে। বিশ্ৰাম লোৱাটো মূৰ্খামি। কৰ্তব্যহীনতা আৰু কেতিয়াও কাম নকৰাটো কিমান বেয়া। উশাহ-নিশাহ লোৱাটোৱেই যদি জীৱন হ’লহেঁতেন! জীৱনৰ ওপৰত সময় দ’ম হৈ থকাটো অতি চমু আৰু সেই সময়ৰ অলপ সময়হে মোৰ বাকী আছে। কিন্তু সেই অনন্ত নীৰৱতাৰ পৰা প্ৰত্যেক পল সময় ৰক্ষা কৰা হৈছে। তাৰোপৰি নতুন বস্তু আনয়ন কৰোঁতা আৰু তিনিটা বছৰ নিজকে সঞ্চিত কৰি ৰখা কিমান তুচ্ছ কথা! এই বুঢ়া বয়সত জ্ঞান পিপাসু হৈ আছোঁ ডুব যাবলৈ ধৰা নক্ষত্ৰবোৰৰ দৰে মানৱ চিন্তাৰ সীমাৰ পৰা।

এইজন মোৰ পুত্ৰ, মোৰ নিজা ঔৰসজাত টেলেমেকাচ যাৰ বাবে মোৰ ৰাজদণ্ড আৰু দ্বীপটো এৰি গ’লোঁ। মই তেওঁক বৰ ভাল পাওঁ– এই পৰিশ্ৰম পৰিপূৰ্ণ কৰিবৰ বাবে। কৰ্কশ মানুহক লাহে লাহে জ্ঞানৰ দ্বাৰা শান্ত কৰিবলৈ আৰু ক্ৰমে ক্ৰমে সিহঁতক কল্যাণৰ পথলৈ আনিবলৈ আৰু সেই কঠোৰ মানুহবোৰক দমন কৰিবলৈ তেওঁক এৰি গ’লোঁ। তেওঁ বেছি কলংকহীন। সাধাৰণ কৰ্তব্য পালনত উদ্যোগী। তেওঁ সভ্য আৰু কোমলতাৰ অনুষ্ঠানত অকৃতকাৰ্য নহয় আৰু তেওঁ মোৰ ঘৰুৱা সৌন্দৰ্য বজাই ৰখাত মনোযোগী। যেতিয়া মই চিৰদিনৰ বাবে গুচি যাম তেতিয়া তুমি তোমাৰ কৰ্তব্য কৰিবা আৰু মই কৰিম মোৰ কৰ্তব্য। ইয়াতেই বন্দৰটো আছে। জাহাজে পাল তৰি দিছে এই এন্ধাৰ আৰু নিৰানন্দ সাগৰত। পৰিশ্ৰান্ত হোৱা মোৰ নাবিকবোৰৰ হৃদয়বোৰ আৰু সিহঁতৰ কৰ্তব্য আৰু চিন্তাবোৰ মোৰ সাৰথি। সিহঁতে চঞ্চল অভিনন্দনেৰে সেই মেঘৰ তৰ্জন-গৰ্জন আৰু সূৰ্যৰ ৰশ্মিলৈ লক্ষ্য কৰিছে আৰু মুক্ত হৃদয়ৰ বিৰোধীতা কৰিছে। 

তুমি আৰু মই বুঢ়া হৈ আহিছোঁ। বুঢ়া বয়সতো আমাৰ সন্মান আছে আৰু পৰিশ্ৰম আছে। আমাৰ পৰিশ্ৰম শেষ হৈ অহাৰ আগতেই মৃত্যু ওচৰ চাপি আহে। মহানতাৰে পৰিমণ্ডিত কিছু কাম এতিয়াও কৰা হ’ব পাৰে। মানুহ হ’বলৈ বিচৰা বহুতো মানুহে এতিয়াও ঈশ্বৰৰ সৈতে সংগ্ৰাম কৰে। ওখোৰা-মোখোৰা শিলৰ পৰা পোহৰ তিৰবিৰ কৰিবলৈ আৰম্ভ কৰিছে। দীঘল দিনটোও চমু চাপি আহিছে। লাহে লাহে আগবাঢ়ি থকা চন্দ্ৰটো জঁপিয়াইছে। গভীৰ কেঁকনি বহুতো শব্দত মুখৰিত হৈছে। আহা, হে মোৰ বন্ধুসকল, নতুন পৃথিৱী বিচাৰি যাবলৈ এতিয়াও সময় আছে। তোমালোকে বঠা মাৰিবলৈ ভালদৰে বহি লোৱা আৰু আগুৱাই থকা। সূৰ্যাস্তৰ পিছতেই আমি আমাৰ উদ্দেশ্য সমাধান কৰিম আৰু মই মোৰ সকলো পাশ্চাত্য নক্ষত্ৰ অৱগাহন কৰিম। সম্ভৱতঃ উপসাগৰৰ পানীয়ে আমাক ধুই নিব। সম্ভৱতঃ আমি সুখৰ দ্বীপটো পাম আৰু মহান এচ্ছিলেচক দেখিবলৈ পাম– যিজনক আমি সকলোৱে জানো। আমাৰ বহুতো পোৱা হৈছে, বহুতো পালন কৰা হৈছে যদিও এই বুঢ়া বয়সত আমাৰ সেই শক্তি নাই যি শক্তিৰে আমি  মৰ্ত ভ্ৰমণ কৰিছিলোঁ। তথাপি আমি যি আছিলোঁ সিয়েই আছোঁ। আমাৰ হৃদয়ত বীৰত্বৰ তেজ আছে। আমি ভাগ্য আৰু সময়ৰ আচোঁৰৰ দ্বাৰাহে দুৰ্বল হৈছোঁ। তথাপি আমি আমাৰ ইচ্ছা শক্তিত অতি শক্তিশালী হৈ  আছোঁ।

আমি সংগ্ৰাম কৰি যাম, বিচাৰি যাম, আয়ত্ব কৰি যাম যদিও কেতিয়াও পৰাজয় স্বীকাৰ নকৰোঁ। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মোৰ সৰ্বশেষ পত্নী

মূল  ইংৰাজী– ৰবাৰ্ট ব্রাউনিং (ইংলণ্ড)

 

বেৰত অংকিত কৰা সৌজনীয়েই মোৰ সৰ্বশেষ পত্নী। দেখাত এনে দেখাইছে যেন তাই এতিয়াও জীৱিত। মই এই ছবিটোক এটা বিষ্ময়ৰ টুকুৰা বুলি ভাৱোঁ। ফ্রা পেনডোলফ নামৰ শিল্পী এজনে গোটেই দিন পৰিশ্ৰম কৰি চিত্ৰটো অংকন কৰিছিল।  এতিয়া তাই ইয়াতেই থিয় হৈ আছে। চিত্ৰটোৱে তোমাক ইয়াত বহি থাকিবলৈ আৰু তাইলৈ চাই থাকিবলৈ তোমাক আনন্দ দিবনে?চিত্ৰকৰ ফ্রা পেনডোলফক মই প্ৰশ্ন কৰিছিলোঁ, যিজনে এই ৰেহ-ৰূপটো অংকন কৰিছিল। যেন তেওঁ অচিনাকী বাটৰুৱাৰে দৰে অধ্যয়ন নকৰে। চিত্ৰটোৰ কোমল জ্যোতিৰ গভীৰতা আৰু অনুভূতিৰ অধ্যয়ন, কিয়নো সেই অর্থবোৰ মোৰ ওচৰত ধৰা পৰিছে। (কাৰণ মই তোমাৰ বাবে যিটো অংকন কৰিছোঁ সেয়া কোনেও পৰ্দ্দাৰে ঢাকি ৰাখিব নোৱাৰে। সিহঁতে মোক প্ৰশ্ন কৰিলেহেঁতেন, ইমান সৌন্দৰ্য ইয়াত আহিল?  এনেদৰে প্ৰশ্ন কৰোতাসকলৰ ভিতৰত অকল তুমিয়েই প্ৰথম নহয়। হে মহাশয়, এইটো অকল তাইৰ গিৰীয়েকৰ সন্মুখতেই নহয়, তেৱোঁ এই ডিউচেছৰ গালৰ তিলটোক আনন্দৰ উৎস বুলি কৈছিল। সম্ভৱত ফ্রা পেনডোলফে  ক’লেহেঁতেন, “মোৰ পত্নীৰ কঁকালৰ আবৰণীৰ কাপোৰখন আছিল প্ৰয়োজনতকৈ বেছি নাইবা ক্ষীণতা অংকন কৰা তেওঁ কেতিয়াও আশা কৰা নাছিল। তাইৰ ডিঙিৰ জ্যোতিটো তাইৰ লগতে মৰি গৈছে। তেনেকুৱা বস্তুটো আছিল শিষ্টাচাৰ। তাই ভাবিছিল সেই তিলটো আনন্দৰ উৎস। তাইৰ এটা হৃদয় আছিল– মই কেনেকৈ কওঁ? সোনকালে আনন্দ লভিব পৰা, সোনকালে সাঁচ বহুৱাব পৰা। তাই যি বস্তুৰ ওপৰতেই দৃষ্টি দিছিল সেই ববস্তুবোৰকে তাই ভাল পাইছিল। হে মহাশয়, মোৰ ভালপোৱাৰ দৃষ্টিটো আছিল তাইৰ বুকুৰ ওপৰত। পশ্চিমাকাশত সূৰ্যৰ পোহৰ অস্তমিত হৈছিল। তাইৰ বাবে বাগিছাত থকা চেৰী গছবোৰৰ ডালবোৰ ভাঙি পৰিছিল। তাই পকী ঘৰৰ ওপৰেদি খচ্চৰৰ ওপৰত উঠি ফুৰিছিল। সকলোৱে তাইৰ ওপৰত চাপি অহা শব্দবোৰৰ দৰে অনুসৰণ কৰিছিল। নাইবা লাজত ৰঙা পৰি গৈছিল। তাই মানুহক ধন্যবাদ দিছিল–ভাল।  কিন্তু তাই আচলতে কোনজনক ধন্যবাদ দিছিল মই নেজানো। সম্ভৱতঃ তাইৰ দান আন কাৰোবাৰ দানৰ সৈতে প্ৰায় নশ বছৰ পুৰণি আছিল। কোনে তেনেকুৱা তুচ্ছ কথাক তিৰস্কাৰ কৰিবলৈ থমকি ৰ’ব? এনেকি তোমাৰ যদি কথা কোৱাৰ দক্ষতা নাথাকে (যি দক্ষতা মোৰ নাই) তেনেকুৱা এজনীৰ প্ৰতি মন্তব্য দিবলৈ। তেনেকুৱা চিত্ৰই মোক বিৰক্ত কৰে, ইয়াত তুমি তাইক হেৰুৱাইছা।

আৰু যদি তাই নিজকে তেনেদৰে ভাৱিবলৈ শিকিলেহেঁতেন নাইবা তাইশপত নেকাঢ়িলেহেঁতেন আৰু ক্ষমা নুখুজিলেহেঁতেনঃ  আনকি তেতিয়া থমকি ৰোৱা হ’লে, মই কিন্তু থমকি চোৱাটো পছন্দ নকৰোঁ। হে মহাশয়, তাই হাঁহিছিল, নিঃসন্দেহে, যেতিয়া মই তাইক পাৰ হৈ গৈছিলোঁ। কিন্তু নেহঁহাকৈ কোনেও পাৰ হৈ নাযায়। হাঁহিটো এনেকৈয়ে গঁজিছিল, যেতিয়া মই আদেশ দিছিলোঁ, তেতিয়া সকলো হাঁহি বন্ধ হৈ গৈছিল। ইয়াতেই তাই যেন জীৱন্ত অৱস্থাত থিয় হৈ আছে। এইটোৱে তোমাক আনন্দ দিবনে? আমি আমাৰ সংগী পিছত লগ পাম। মই দুনাই কৈছিলোঁ, তোমাৰ  দানশীলতা যথেষ্ট, মোৰ কোনো যৌতুক গ্ৰহণ কৰা নহ’ব। যদি তেওঁৰ সুন্দৰী ছোৱালী মোৰেই বস্তু আছিল। নহয়, আমি একেলগে যাম মহাশয়। মহাসাগৰৰ দেৱতাক লক্ষ্য কৰা, যদিও শান্ত সাগৰীয় ঘোঁৰা, যিটো মোৰ বাবে ইনিচবাৰ্গৰ ক্লেৱাচে নিৰ্মাণ কৰিছিল। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

বিদেশৰ পৰা স্বদেশৰ চিন্তা

মূল  ইংৰাজী– ৰবাৰ্ট ব্রাউনিং (ইংলণ্ড)

 

হায়! যদি ইংলণ্ডত থাকিলোহেঁতেন

এতিয়া তাত এপ্ৰিল মাহ চলি আছে।

আৰু যিজন এতিয়া ইংলণ্ডত আছে

তেওঁ উপেভাগ কৰিব–

যে সৰু সৰু গুল্ম জাতীয় গছবোৰে আৰু প্ৰাছ-উড গছৰ ঠাল-ঠেঙুলিবোৰে সৰল গছৰ বাকলিত মেৰিয়াই ধৰিছে।

হায়! এতিয়া ইংলণ্ডত ছাফফিন চৰাইয়ে ফলৰ বাগিছাৰ জোপোহাৰ মাজত

গীত গাই আছে।

 

আৰু এই এপ্ৰিল মাহৰ পিছতেই মে’ মাহ আহিব

আৰু তেতিয়া হুৱাইট থ্ৰট আৰু চোৱেলো চৰাইবোৰে বাহ সাজিব।

তোমালোকে মনোযোগেৰে শুনা, 

এতিয়া ইংলণ্ডত থকা মোৰ নাচপতি গছবোৰ পথাৰৰ পিনে হালি পৰিছে 

আৰু ইয়াৰ ডাল-পাতবোৰ সিঁচৰতি কৰি দিছে। 

গছেবাৰত ফুল প্রস্ফুটিত হৈছে 

আৰু তাৰ ওপৰত নিয়ৰৰ টোপালবোৰ সৰি পৰিছে।

সৌ তাত গছটিৰ ওপৰত বহি প্ৰজ্ঞাবান থ্ৰাচ চৰাইটিয়ে বাৰে বাৰে গীত গাই আছে।

তোমালোকে কিন্তু নাভাৱিবা যে তাই পুনৰ তাইৰ প্ৰথম অৱস্থাৰ আনন্দ ঘূৰাই আনিব নোৱাৰিব।

এতিয়া, এই ৰাতিপুৱা, পথাৰবোৰ নিয়ৰৰ টোপাল পৰি বগা দেখাইছে, কিন্তু অপল পিছতেই, যেতিয়া দুপৰীয়া হ’ব, তেতিয়া আকৌ পথাৰবোৰ সুন্দৰ-সজীৱ হৈ উঠিব।

বাটাৰকাপ ফুল, যি ফুল ল’ৰা-ছোৱালীৰ অতি প্ৰিয়, সুন্দৰভাৱে ফুলিছে।

সিবোৰ ইটালিত ফুলা এই তৰমুজ ফলতকৈয়ো বেছি বৰ্ণোজ্জ্বল। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

হুমুনিয়াহৰ সাঁকো

মূল  ইংৰাজী– থমাচ হুড (ইংলণ্ড)

 

আৰু এজনী দুৰ্ভগীয়া তিৰোতাই

তিক্ত জীৱনৰ পৰা

আকোঁৰ-গোঁজালি মনোভাৱেৰে উধা-মুধাকৈ

মৰণত শৰণ ল’লে।

 

তাইক আলৌলোৱাকৈ তুলি আনা

তাইক সযত্নে স্পৰ্শ কৰা

তাইৰ পোছাকযোৰ আছিল অতি ক্ষীণ

তাই আছিল পূৰ্ণ যৌৱনা আৰু সুন্দৰী।

 

তাইৰ পোছাকবোৰলৈ চোৱা

মৰাশ ঢকা কফিনৰ দৰে গাত লিপিত খাই লাগি আছে।

আৰু তাইৰ গাৰ কাপোৰৰ পৰা

টোপ-টোপকৈ অবিৰত পানীৰ টোপাল সৰি পৰিছে।

তাইক তাতালিকে তুলি আনা

অকনো ঘৃণাৰ ভাৱেৰে নহয়, সম্পূৰ্ণ প্ৰেমভাৱেৰে।

তাইক অৱজ্ঞাৰে স্পৰ্শ নকৰিবা

তাইৰ বাবে শোক কৰা

নম্ৰভাৱে আৰু মানৱীয়ভাৱে।

তাইৰ এতিয়া আৰু কলংক নাই–

এতিয়া তাইৰ মাজত যিখিনি অৱশিষ্ট আছে

সকলোখিনিয়েই নিষ্পাপ তিৰোতাসুলভ।

 

তাই যি বিদ্ৰোহ কৰিছিল

তাৰ বাবে কোনেও তাইক দোষী নকৰিবা

তাইৰ উদণ্ড জীৱন আৰু কৰ্তব্যহীনতা

আদি সকলো অপবাদ এতিয়া অতীত হৈ গ’ল।

মৃত্যুয়ে সকলো পাপ ধুই পখালি লৈ গ’ল

এতিয়া মাথো যিসুন্দৰ সিখিনিয়েই আছে তাইৰ লগত।

 

তাইৰ সকলো বিচ্যুতিয়েই আছিল

আদি মাতা ইভৰ পৰিয়ালৰ বিচ্যুতি।

তাইৰ ওঁঠযুৰিৰ পৰা যি পানী নিগৰিছে

তাক মচি দিয়া।

 

তাইৰ চুলিকোচা বান্ধি দিয়া

চুলিবোৰ  আউলি-বাউলি হৈ আছে

তাইৰ চুলিকোচা সোনালী ৰঙৰ

সিবোৰলৈ সকলোৱে বিষ্ময়ৰ চকুৰে চাইছে

— এই দুৰ্ভগীয়া তিৰোতাজনীৰ ঘৰেই বা ক’ত আছিল?

তাইৰ পিতৃ কোন আছিল?

তাইৰ মাতৃ কোন আছিল?

তাইৰ কোনো ভনী বা ভাই আছিল নে?

তাইৰ কোনো প্ৰেমিক আছিল নে?

নাইবা কোনো নিকট আত্মীয় আছিল নে?

তাতোকৈ বেছি ওচৰৰ আছিলনে কোনোবা?

 

হায়! এই পৃথিৱীত

খ্ৰীষ্টান জগতত দয়া গুণৰ অভাৱৰ বাবেই

তাইৰ শোকাবহ মৃত্যু ঘটিল

এই মহানগৰীত তাইৰ বাবে

অকনো আশ্ৰয় নাছিল।

 

এই পৃথিৱীত ভগ্নীবৎ, ভাতৃবৎ,

পিতৃবৎ, মাতৃবৎ অনুভূতিবোৰৰ পৰিৱৰ্তন হৈছে

আনকি প্ৰেমৰ অনুভূতিও

এই দৰ্ভগীয়া তিৰোতাজনীয়েই স্পষ্ট প্ৰমাণ।

তাইৰ সকলো আশাই কলিতে বিনাশ ঘটিছিল

আনকি ঈশ্বৰৰ দয়াৰ ভাণ্ডাৰো

তাইৰ বাবে বন্ধ হৈ গৈছিল।

 

য’ত পোহৰৰ চাকি বতাহত কঁপি আছিল

সিমান দূৰত নদীৰ মাজত

বহুতো পোহৰ ৰশ্মি তাই দেখা পাইছিল

পকীঘৰৰ খিৰিকীলৈ আৰু তলৰ মহলাৰ পৰা

ওপৰ মহলালৈ তাই ৰাস্তাৰ পৰা দৃষ্টি নিক্ষেপ কৰি বিষ্মিত হৈছিল

কিয়নো ৰাতি কটাবলৈ তাইৰ কোনো ঘৰ নাছিল।

 

মাৰ্চ মাহৰ অতি ঠাণ্ডা বতাহে

তাইৰ শৰীৰ কঁপাই তুলিছিল

কিন্তু এন্ধাৰে তাইক একো কৰিব পৰা নাছিল

আনকি বৈ থকা নদীয়েও তাইক কঁপাব পৰা নাছিল।

তাই আছিল তাইৰ পঙ্কিল অতীত ইতিহাসৰ দ্বাৰা বলিয়া তিৰোতা

তাই মৃত্যুৰ ৰহস্যময়তাত আনন্দিত হৈছিল।

এই পৃথিৱীৰ পৰা আন কোনোবা ঠাইলৈ যোৱাৰ বাবে  উন্মত্ত হৈ পৰিছিল।

 

তাই নদীৰ পানীত সাহসিকতাৰে জঁপিয়াই পৰিছিল

নদীৰ অতিপাত ঠাণ্ডাৰ প্ৰতি তাইৰ কোনো ভ্ৰূক্ষেপ নাছিল

বেগী নদীটো বৈ আছিল এইটোৰ দুই উপকূলৰ মাজেদি।

হে লম্পট মানুহসকল,

তোমালোকে পৰিৱেশটো গমি চোৱা

যদি তোমালোকে পাৰা তেন্তে

তাইৰ বিষয়ে ভাৱা–

তাই কিদৰে ধুই নিকা হ’ল!

 

তাইৰ দুৰ্বলতাৰ বাবেই

তাইৰ পাপৰ বাবেই

তাই মৃত্যুবৰণ কৰিলে।

এতিয়া তাই মৃত্যুক সাৱটি লোৱাৰ লগে লগেই

অতি নম্ৰভাৱে

তাইৰ সকলো পাপ ঈশ্বৰৰ ওচৰত সঁপি দিছে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

অ, মোৰ প্ৰেম ৰঙা, ৰঙা গোলাপৰ দৰে

মূল  ইংৰাজীঃ ৰিবাৰ্ট বাৰ্নচ (স্কটলেণ্ড)

 

মোৰ প্ৰেম জুন মাহত নতুনকৈ ফুলা 

ৰঙা ৰঙা গোলাপৰ দৰে

মোৰ প্ৰেম সুমধুৰ সুৰত গোৱা

সঙ্গীতৰ দৰে।

 

হে মোৰ আঁজলি প্ৰেয়সী তুমি যিমান সুন্দৰী

মই সিমানে তোমাৰ প্ৰেমৰ গভীৰতালৈ সোমাই গৈছোঁ।

মই তোমাক প্ৰেম কৰিয়েই থাকিম, হে মোৰ প্ৰেয়সী

যেতিয়ালৈ সকলো সাগৰৰ পানী শুকাই নাযায়।

 

যেতিয়ালৈ  সকলো সাগৰৰ পানী শুকাই থাকিব

আৰু সকলো পৰ্বতৰ বৰফ সূৰ্যৰ পোহৰত গলি থাকিব

তেতিয়ালৈ মই তোমাক প্ৰেম কৰিয়েই থাকিম

যদিও মোৰ জীৱনৰ মুহূৰ্তবোৰ শেষ হৈ যায়।

 

কিন্তু এতিয়া তোমাক বিদায়, হে মোৰ একমাত্ৰ প্ৰেয়সী

এই বিদায় ক্ষন্তেকৰ বাবেহে

মই আকৌ আহিম তোমাৰ ওচৰলৈ, হে মোৰ প্ৰেয়সী

যদিও এইটো দহ হেজাৰ কিলোমিটাৰ দূৰত্বৰ বাট হয়। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

এজন আইৰিচ বায়ুসেনাই তেওঁৰ মৃত্যুৰ আভা দেখা পাইছে

মূল  ইংৰাজীঃ ৰবাৰ্ট বাৰ্নচ (স্কটলেণ্ড)

 

মই জানোঁ, মই মোৰ মৃত্যুক লগ পাম

ক’ৰবাত আকাশৰ  মেঘবোৰৰ মাজত

যিসকলৰ বিৰুদ্ধে মই যুদ্ধ কৰোঁ সিহঁতক মই ঘৃণা নকৰোঁ

যিহঁতক মই সুৰক্ষা দিওঁ সিহঁতক মই ভাল নাপাওঁ

মোৰ দেশখনৰ নাম কিলটাৰটন ক্ৰচ

মোৰ দেশৰ মানুহবোৰ দুখীয়া

মোৰ সম্ভাৱ্য মৃত্যুত সিহঁতৰ কোনো ক্ষতি নহ’ব

নাইবা সিহঁতক আগতকৈ সুখী নকৰিব

কোনো আইন বা কৰ্তব্যপৰায়ণতাই মোক যুদ্ধলৈ পঠোৱা নাই

মাত্ৰ আত্ম আনন্দৰ অনুভূতিয়ে

মোক এই ডাৱৰৰ কোলাহললৈ পঠিয়াই দিছে।

মই সকলোবোৰ দিশ জুখি-মাখি চাইছিলোঁ,

সকলো যুক্তিয়েই বিচাৰ কৰি চাইছিলোঁ

আৰু আহিব লগা দিনবোৰত মোৰ মৃত্যু দেখা পাইছিলোঁ

মোৰ পাৰ হৈ যোৱা দিনবোৰৰ অপচয়ৰ সৈতে

মোৰ জীৱন আৰু মৃত্যুৰ তুলনা কৰি চাইছিলোঁ। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ইষ্টাৰ, ১৯১৬

মূল  ইংৰাজীঃ উইলিয়াম বাট্‌লাৰ ইয়েটচ্‌  (আয়াৰলেন্ড)

 

দিনটোৰ অনন্তত মই সিহঁতক লগ পাইছিলোঁ

ধূসৰ অষ্টাদশ শতাব্দীৰ ঘৰবোৰৰ মাজৰ পৰা

সুন্দৰ মুখবোৰ লৈ সিহঁত আহি আছিল।

ভক্তিত মূৰ দোঁৱাই মই সিহঁতক পাৰ হৈ গৈছিলোঁ

নাইবা নম্ৰ অৰ্থহীন শব্দ কিছুমান বিনিময় কৰি

নাইবা কিছু সময় পলম কৰি ভদ্ৰ অৰ্থহীন শব্দ কিছুমান কৈছিলোঁ।

মই বিদ্ৰুপজনক উক্তি কৰাৰ আগতে ভাৱিছিলোঁ

এজন সংগীক সন্তুষ্টি দিবলৈ যিজন আছিল সংঘটোৰ চাৰিওফালে থকা জুহালটোত।

মই নিশ্চিত হৈছিলোঁ যে সিহঁত আৰু মই তাতেই বসবাস কৰিছিলোঁ।

আমি ৰঙচঙ্গীয়া পোছাক পৰিধান কৰিছিলোঁ।

সকলো পৰিৱৰ্তন হৈছে– সম্পূৰ্ণৰূপেই পৰিৱৰ্তন হৈছে

আৰু এটি ভয়াবহ সৌন্দৰ্যৰ জন্ম হৈছে।

সৌ তিৰোতাজনীৰ দিনবোৰ অজ্ঞান শুভ ইচ্ছাত পাৰ হৈ গৈছে।

তাইৰ সুৰ কৰ্কশ হোৱালৈকে তাইৰ ৰাতিবোৰ যুক্তিৰ অৰিয়া-অৰিত পাৰ হৈ গৈছিল।

তাইৰ সুৰতকৈ কাৰনো সুৰ অধিক মিঠা আছিল?

যেতিয়া তাই পূৰ্ণ যৌৱনা আৰু সুন্দৰী আছিল

তাই চিকাৰী কুকুৰৰ ওপৰত উঠি চিকাৰ কৰিবলৈ গৈছিল।

এই মানুহজনে এটি বিদ্যালয় চলাইছিল

আৰু আমাৰ পাখিলগা ঘোঁৰাত উঠি ফুৰিছিল।

আনজন আছিল তেওঁৰ সহায়ক আৰু বন্ধু

তেওঁ তেওঁৰ শক্তি হৈ আহিল

সৰ্বশেষত তেওঁ কিজানি যশস্যা অৰ্জন কৰিব পাৰিলেহেঁতেন।

তেওঁৰ প্ৰকৃতি আছিল অতিলৈ অনুভূতিপ্ৰৱণ

খুব সাহসী আৰু মধুৰ আছিল তেওঁৰ চিন্তা।

এই অন্য মানুহজনক  মই মদপী বুলি ভাৱি লৈছিলোঁ, মিছা যশস্যা আকাঙ্খী বদমাচ লোক বুলি।

তেৱেঁই আটাইতকৈ বেছি তিক্ত ভুলটো কৰিছিল– সেইসকললৈ যিসকল মোৰ হৃদয়ৰ নিচেই কাষৰ আছিল।

তথাপি মই তেওঁক মোৰ গীতত স্থান দিছোঁ

তেৱোঁ তেওঁৰ অংশ ত্যাগ কৰিছে

সাময়িক আনন্দত

তেওঁৰ গতিৰো পৰিৱৰ্তন হৈছে

সম্পূৰ্ণৰূপেই পৰিৱৰ্তন হৈছে 

এটা ভয়ানক সৌন্দৰ্যৰ জন্ম হৈছে।

হৃদয়বোৰ  এটা মাত্ৰ উদ্দেশ্যত গ্ৰীষ্ম আৰু শীতকালৰ মাজেৰে 

এটা শিলৰ প্ৰতি মোহিত হোৱা দেখা গৈছে

জীৱন্ত জলসূতিক বিৰক্ত কৰিবলৈ।

ঘোঁৰাটো যিটো ৰাস্তাৰ পৰা আহিছে

ইয়াৰ আৰোহীজন, চৰাইবোৰ যিবোৰ ডাৱৰৰ পৰা হামখুৰি খাই পৰা

ডাৱৰৰ ওপৰত পৰিছে।

প্ৰতি মূহুৰ্তত সিহঁতৰ পৰিৱৰ্তন হৈ আছে।

এটা ঘোঁৰাৰ খুৰা বাটৰ দাঁতিত পিছলি পৰিছে আৰু এটা ঘোঁৰা একে ৰাস্তাতেই পানীৰ ডোঙাত পৰিছে।

দীঘল ভৰি থকা জলহু কুকুৰাটো ডুবি গৈছে

মাইকী কুকুৰবোৰে জলহু কুকুৰাটোক মাতিছে।

মূহুৰ্তে মূহুৰ্তে সিহঁত জীয়াই আছে।

এই সকলোবোৰৰ মাজত আছে শিলটো।

তেনেকুৱা এটি আত্মত্যাগে হৃদয়ক পাথৰ সজাব পাৰে।

অ’ কেতিয়া এইটো যথেষ্ট হ’ব পাৰে

সেইটো হৈছে স্বৰ্গৰ অংশ

আমাৰ অংশটো হৈছে ভোৰভোৰাই নামৰ ওপৰত নাম উচ্চাৰণ কৰা– যেনেকৈ এজনী মাতৃয়ে তাইৰ কেঁচুৱাৰ নাম মাতে

যেতিয়া টোপনিত শৰীৰৰ অংগবোৰ বলিয়া হৈ যায়।

সন্ধিয়া কি ?

নহয়, নহয়, ৰাতি নহয়, মৃত্যুহে।

সকলোৰে পিছত মৃত্যুটো অৰ্থহীননে?

ইংলণ্ডৰ ওপৰত বিশ্বাস ৰাখিব পাৰে

সেই সকলোবোৰৰ কাৰণে যিবোৰ কৰা হৈছে আৰু কোৱা হৈছে।

আমি সিহঁতৰ সপোন জানোঁ, সিহঁতে আৰু বেছি জানিবলৈ সপোন দেখিছিল আৰু এতিয়া মৃত্যু হৈছে।

আৰু মৃত্যুলৈকে প্ৰেমৰ আতিশয্যই কি বিবুদ্ধিত পেলাইছিল?

মই এটা কবিতাত এইটো লিখিছোঁ

মেকডুনাফ আৰু মেক ব্রাইড আৰু কন্নোললি আৰু পিয়াৰ্চ সময়ত হ’বলগা আছে।

যেতিয়া সবুজতা নষ্ট হৈ গৈছে

সকলো পৰিৱৰ্তন হৈছে, সম্পূৰ্ণৰূপেই পৰিৱৰ্তন হৈছে

আৰু এটা ভয়ানক সৌন্দৰ্যই জন্মলাভ কৰিছে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ইনিছফ্রি  নামৰ দ্বীপখন

মূল ইংৰাজী– উইলিয়াম বাটলাৰ ইয়েটচ্‌ (আয়াৰলেণ্ড)

 

মই এতিয়াই সাৰ পাই উঠিম আৰু যাম ইনিচফ্রি নামৰ দ্বীপখনলৈ

তাত মই এটা সৰু কুটীৰ সজাম বোকা আৰু গছৰ ঠাঁৰিৰে

তাত ন শাৰীমান উৰহী গছ ৰুই দিম আৰু মৌমাখিৰ বাবে সাজি দিম মৌচাক।

তাত মৌ-মাখিৰ গুঞ্জনৰ মাজত মই অকলশৰে বাস কৰিম।

 

আৰু তাতেই  মই অলপ শান্তি লভিম

কাৰণ শান্তি লাহে লাহে নামি আহে

ৰাতিপুৱাৰ ওৰণি গুচাই

সেই ঠাইলৈ য’ত উইচিৰিঙা পোকে গান গায়।

তাত মাজ ৰাতি ঢিমিক ঢামাক পোহৰৰ জেউতি চৰিব

আৰু দুপৰীয়া ৰঙচুৱা পোহৰৰ জিলমিলনি থাকিব

আৰু আবেলি লিনেট নামৰ চৰাইয়ে পাখি জোকাৰি উৰি থাকিব।

 

মই এতিয়াই সাৰ পাই উঠিম কাৰণ গোটেই দিন আৰু ৰাতি

হ্রদটোৰ পানীয়ে উপকূলত খুন্দিওৱাৰ শব্দ মই শুনি থাকোঁ

আনকি মই যেতিয়া আলিবাটত বা ধূসৰ বৰণৰ পদপথত থিয় হৈ থাকোঁ

মই হ্রদটোৰ পানীৰ শব্দ মোৰ হৃদয়ৰ গভীৰত বাজি থকা শুনিবলৈ পাওঁ। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

নেপোলিয়ন

মূল  চেক– মিৰোশ্লাভ  হুলুব (চেক প্ৰজাতন্ত্ৰ)

 

“ভাল, কোৱাচোন

নেপোলিয়ন বোনাপাৰ্ট কেতিয়া জন্ম গ্ৰহণ কৰিছিল?”

— প্ৰশ্ন কৰিলে শ্ৰেণীৰ শিক্ষয়িত্ৰীয়ে।

 

“এক হাজৰ বছৰ আগত”–  উত্তৰ দিলে ল’ৰা-ছোৱালীয়ে

‘এশ বছৰ আগত”– উত্তৰ দিলে ল’ৰা-ছোৱালীয়ে

“যোৱা বছৰ”– উত্তৰ দিলে ল’ৰা-ছোৱালীয়ে।

সঠিক উত্তৰ কোনেও নাজানে।

 

“ভাল কোৱাচোন

নেপোলিয়ন বোনাপাৰ্ট কি কৰিছিল?”

প্ৰশ্ন কৰিলে শ্ৰেণীৰ শিক্ষয়িত্ৰীয়ে।

 

এক যুদ্ধত জয়লাভ কৰিছিল”–উত্তৰ দিলে ল’ৰা-ছোৱালীয়ে।

এক যুদ্ধত পৰাজিত হৈছিল”–উত্তৰ  দিলে ল’ৰা-ছোৱালীয়ে।

সঠিক উত্তৰ কোনেও নাজানে।

 

“আমালোকৰ মাংস বিক্ৰেতাৰ এটা কুকুৰ আছিল

তাৰ নাম আছিল নেপোলিয়ন”

ক’লে ফ্রান্সিছে।

মাংস বিক্ৰেতাই কুকুৰটোক খুব আঘাত কৰিছিল

কুকুৰটো মৰি থাকিল

খাবলৈ নোপোৱাৰ বাবে এক বছৰ আগতে।

 

ল’ৰা-ছোৱালী সকলোৱে খুব কষ্ট পালে 

নেপোলিয়নৰ কাৰণে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

আৰ্কিমিডিচক হত্যা কৰা সৈনিকজন

মূল  চেক– মিৰোশ্লাভ  হুলুব (চেক প্ৰজাতন্ত্ৰ)

 

এক দৃপ্ত আঘাতত

তেওঁ হত্যা কৰিছিল বৃত্ত, স্পৰ্শক

আৰু শাশ্বত প্রতিচ্ছেদ বিন্দু।

 

বুকুত বহি থকাৰ শাস্তি হিচাপে

তেওঁ ‘তিনি’ৰ পিছত থকা সকলোবোৰ সংখ্যা 

নিষিদ্ধ কৰি দিলে।

 

এতিয়া তেওঁ চাইৰাকিউজ দেশৰ

এটা দৰ্শন চৰ্চা কেন্দ্ৰৰ বিভাগীয় প্ৰধান

আৰু এক হাজাৰ বছৰৰ কাৰণে

তেওঁ কুঠাৰৰ ওপৰত তলমুখ কৰি বহি আছে

আৰু লিখি আছে–

এক, দুই

এক, দুই

এক, দুই

এক, দুই। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

আমেৰিকা

মূল  চেক– মিৰোশ্লাভ  হুলুব (চেক প্ৰজাতন্ত্ৰ)

 

এটি পিয়ানো দ্রুতবেগত গৈ আছে

মাত্ৰাহীন বেগত

ৰাতিৰ বিস্তাৰ লৈ।

 

পোনাপুনি গৈ ঠেলা খালে

আইলেণ্ড পাৰ্কৰ কাঁচৰ বাকচত

ভাঙি চূৰ্ণ-বিচূৰ্ণ হ’ল

আৰু মাইল ফলকৰ গাত সাৱটি থাকিল

সুৰ–

কোমল ঋষভ

কোমল ধৈবত

কোমল গান্ধাৰ।

 

কলা কন্যাজনীৰ

সাগৰহেন মুখখন

হেলি পৰিল আমালোকৰ ওপৰত

পিয়ানোৰ তেজ নিঃসৃত হৈ বৈ গ’ল এক ক্ষীণ

অস্ফুট সুৰৰ ধবনিত

আমেৰিকা

কিন্তু সেইটো প্ৰমাণ কৰিব পাৰিবানে, তুমি? ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

শিৰোনাম 

মূল  চেক– মিৰোশ্লাভ  হুলুব (চেক প্ৰজাতন্ত্ৰ)

 

ৰাষ্ট্ৰপতি আৰু মিচেচ জনচন

লগত আছিল সিহঁতৰ ডাঙৰ জীয়েক লিণ্ডা

আজি জাতীয় নগৰ খ্ৰীষ্টান গীৰ্জাত প্ৰাৰ্থনা

কৰি আছে– 

মানৱীয় অধিকাৰ

আৰু বৰ্ণ বৈষম্য বজাই ৰাখিবৰ কাৰণে

মিছ জনচনৰ পোছাক আছিল বগা

আৰু চকলেট খয়েৰি ৰঙৰ

ডাঠ কপাহী সূতাৰে

আমেৰিকাত তৈয়াৰী। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

চোৱা, হে  অচিনাকী বন্ধু

মূল  ইংৰাজীঃ উইষ্ট’ন হাফ্‌  আডেন (স্কটলেণ্ড)

 

চোৱা, হে অচিনাকী বন্ধু, এই দ্বীপটোলৈ চোৱা

তোমাৰ আনন্দৰ বাবেই জঁপিয়াই থকা পোহৰৰ ৰশ্মিবোৰ 

দৃশ্যমান হৈ ধ’ৰা দিছে।

ইয়াত সুস্থিৰভাৱে থিয় দিয়া

আৰু নীৰৱ হোৱা

যাতে তোমাৰ কাণৰ বিন্ধাৰ মাজেদি

সাগৰৰ পানীৰ গৰগৰ শব্দ 

ঘূৰি-পকি নদীৰ দৰে সোমাই যাব পাৰে।

 

এই সৰু পথাৰখনৰ শেষ প্ৰান্তত ক্ষন্তেক থমকি ৰোৱা

আৰু উপেভাগ কৰা– পৰ্বতৰ শিলবোৰ সাগৰৰ পানীত পৰি ঠেকা খাইছে।

আৰু দেখা এই পৰ্বতৰ শিলৰ দাঁতিয়ে

সাগৰৰ ঢৌবোৰৰ গতিক বাধা দিছে

আৰু সাগৰৰ জোঁৱাৰত খুন্দা মাৰিছে।

আৰু গুড়ি গুড়ি হৈ ভাঙি যোৱা সাগৰৰ পানীৰ ফেনবোৰৰ ওপৰত বগা মাৰ্বল শিলৰ দ’মবোৰ  চুঁচৰি গৈছে

আৰু তাতেই সাগৰীয় সুন্দৰ গাল চৰাইয়ে

শিলৰ ওখ বিন্দুত ক্ষন্তেকৰ বােব জিৰণি লৈছে।

দূৰৰ জাহাজবোৰ পানীত উপঙি থকা শস্যৰ বীজৰ দৰে

নিজ ইচ্ছাৰে যেতি-তেনি গৈছে

আৰু এই সকলো দৃশ্যই

তোমাৰ স্মৃতিপটত সোমাই থাকিব পাৰে

যেনেকৈ আকাশৰ ডাৱৰবোৰ  বন্দৰৰ স্বচ্ছ পানীৰ ওপৰত প্ৰতিফলিত হয়।

সকলো দৃশ্যই তোমাৰ মনত সাঁচ বহুৱাই যাব পাৰে

যেনেকৈ গ্ৰীষ্মকালটো সাগৰৰ পানীৰ মাজেদি খোজকাঢ়ি পাৰ হয়। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

কেৰানীজন

মূল স্পেনিচঃ নিকোলাচ গিয়েন (স্পেইন)

 

তেওঁৰ চকু পতাত বলটো নাই

সেয়ে তেওঁ হাতত টকা লৈ জিভাৰে শুঙ্গে

তেওঁ বাহঁৰ চুঙাত কলমটো থয়

কলমদানীটো চীনত তৈয়াৰী।

তেওঁ কিন্তু কেতিয়াওঁ দিনত নুশুৱে

চিৰিয়াখানাৰ ঘঁৰিয়ালটোৰ দৰে মাথো

নীৰৱ হৈ মৃতপ্ৰায় হৈ থাকে।

তাৰ গহীন দুটি চকুত আকাশ

তাত পদুম ফুল ফুলে

আৰু সাগৰৰ পৰা বহু দূৰলৈ সান্ধ্য-ভ্ৰমণ কৰে।

ৰাতি কিন্তু ঘৰতে থাকে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

শিৰোনামহীন- ১

মূল  চীনা– লু ঝান (চীন)

 

ঘাঁহবোৰ লহপহকৈ বাঢ়ি উঠিছে

এইবোৰ তেজৰ দ্বাৰা প্লাৱিত।

বসন্ত ঋতুত শীতকালৰ সেমেকা পৃথিৱীটো 

শুকাবলৈ আৰম্ভ কৰে।

যেতিয়া বীৰ যুদ্ধাসকলে

সিহঁতৰ মাজত কাজিয়া পেচাল চলাই থাকে

সিহঁতৰ পৰামৰ্শদাতা নেতাসকল বেমাৰত পৰে,

সিহঁতে মাউচুলিয়ামসকলৰ দৰে উচুেপ

আৰু এন্ধাৰত কাউৰীৰ দৰে মাতে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

জনতাৰ মুক্তি বাহিনীয়ে নানকিন জয় কৰিলে

মূল  চীনা– মাওঁ চে তুং (চীন)

 

চুংহাংৰ ওপৰত এটি ধুমুহা বতাহ হামখুৰি খাই পৰিল

আমাৰ নিযুত গুণে শক্তিশালী সেনা বাহিনীয়ে মহান নদীটো পাৰ হৈছে।

মহানগৰটোৱে পুৰণি যশস্যাক চেৰ পেলাইছে

আৰু ইয়াত থকা বাঘটোৱে মাটিত লেপেটা কাঢ়ি বহি আছে

আৰু চেপেটা লাগিছে দৈত্যটো।

বীৰ-বিক্ৰম জয়োল্লাসত আকাশ আৰু পৃথিৱীটো ওলট-পালট কৰি দিয়া হৈছে।

আমি মহাশক্তিৰে থৰক্‌বৰক্‌ কৰি থকা শতৰুসকলক খেদি যাব লাগিব।

আৰু বন্দৰ যেন চিয়াং য়ু নামৰ প্ৰতাপী বিজয়ীজন

আলস্যময় যশস্যা বিচাৰি ফুৰিছে।

বোধশক্তি থকা প্ৰকৃতিখন বুঢ়ী হৈ আহিব।

কিন্তু মানুহৰ পৃথিৱীটো হৈছে এনেকুৱা পৰিৱৰ্তনশীল

যে পৰিৱৰ্তনশীল পৃথিৱীত সাগৰো নুনি গছৰ হাবিত পৰিণত হয়। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

লিওপান পৰ্বত

মূল  চীনা– মাওঁ চে তুং (চীন)

 

আকাশখন অতি ওখ, ডাৱৰবোৰ বিবৰ্ণ

আমি লক্ষ্য কৰিলোঁ, বনৰীয়া ৰাজহাঁহবোৰ

দক্ষিণ আকাশত অদৃশ্য হ’ল।

আমি যদি প্ৰকাণ্ড প্ৰাচীৰটো পাবলৈ অসমৰ্থ হওঁ

আমি মানুহ নহয়।

আমি ইতিমধ্যে বিশ হাজাৰ মাইলৰ লক্ষ্য লৈছোঁ।

 

লিওপান পৰ্বতৰ চূড়াত

পশ্চিমীয়া বতাহত ৰঙা পতাকাখন মুক্তভাৱে লৰি আছে।

আজি আমি দীঘল ৰচীডাল আমাৰ হাতত খামুচি ধৰিছোঁ।

আমি বাৰু কেতিয়া সেই বুঢ়া ৰাক্ষসটোক হাতে-লোটে ধৰিব পাৰিম? ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

যুঁজাৰু তিৰোতা

মূল  চীনা– মাওঁ চে তুং (চীন)

 

কান্ধত পাঁচফুট দীঘল ৰাইফলৰ সৈতে

সিহঁত কিমান উজ্জ্বল আৰু সাহসী দেখা গৈছে!

সৈনিকসকলে আখৰা কৰা পথাৰত সূৰ্যটোৰ প্ৰথম পোহৰত

সিহঁত জিলিকি উঠিছে।

চীনৰ ছোৱালীসকল উচ্চাকাঙ্খী মনৰ অধিকাৰী 

সিহঁতে চিল্কৰ বা চাটিনৰ পোছাক ভাল নাপায়! ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

বন্ধু কাউ-মু-জুৰ প্ৰতি

মূল  চীনা–মাওঁ চে তুং (চীন)

 

এই সামান্য ভূখণ্ডটোত

কিছুসংখ্যক মাখিয়ে প্ৰকাণ্ড প্ৰাচীৰখনত ঠেকা খাইছে

অকনো বন্ধ নকৰাকৈ ভূঁ ভূঁ শব্দ কৰি আছে

মাজে মাজে চিয়ৰিছে ।

মাজে মাজে গেঙাইছে।

পৰুৱা কিছুমানে লকাষ্ট গছত মহান জাতিৰ নামত থৰক্‌বৰক্‌কৈ কঁপি আছে।

আৰু সামান্য মাখিবোৰে প্ৰকাণ্ড গছটিক হামখুৰি খুৱাই পেলাবলৈ ষড়যন্ত্ৰ কৰি আছে।

চানগান নামৰ ঠাইখণ্ডত পশ্চিমীয়া বতাহজাকে গছৰ পাতবোৰ কঁপাই আছে।

কাঁৰবোৰ  উৰি আছে আৰু টন টন শব্দ কৰি আছে।

 

চিঞৰি চিঞৰি কৈ আছে যে বহুতো কাম কৰিবলৈ বাকী আছে।

সদায় ততাতৈয়াকৈ কৰিব লাগে বুলি চিঞৰি আছে।

পৃথিৱীখন ঘূৰি আছে।

সময়ে হেঁচা দি আছে।

দহ হাজাৰ বছৰ খুব দীৰ্ঘ সময়

যি কৰা আজিৰ দিনটোতে কৰা, এই মূহুৰ্ততে কৰা।

চাৰিওখন সমুদ্ৰ ওফন্দি আছে

ডাৱৰ আৰু পানীয়ে তৰ্জন-গৰ্জন কৰি আছে।

পাঁচখন মহাদেশ দৃঢ় হৈ আছে

বতাহ আৰু বিজুলী গোঁজৰি আছে।

আমাৰ শক্তিটো অদম্য

ই সকলো শক্তিকে নাশ কৰে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

হুইচাং

মূল  চীনা– মাওঁ চে তুং (চীন)

 

অনতিপলমে পূৰ্বাকাশত সূৰ্য উদয় হ’ব

তুমি নক’বা, “তুমি খুব সোনকালে যাত্ৰা আৰম্ভ কৰিছা।”

নীলা পাহাৰবোৰ পাৰ হৈ কাৰো আয়ুসত একো যোগ দিব নোৱাঁৰা

এই ঠাইৰ দৃশ্য তুলনাহীন।

হুইচান প্ৰাচীৰৰ পৰা পোনে পোনে ওখ

শৃঙ্গবোৰ শাৰীবদ্ধ হৈ পূৰ্ব দিশৰ সাগৰৰ পিনে গৈছে

আমাৰ যুদ্ধাবোৰ  দক্ষিণ দিশত কোনটোঙলৈ গৈছে

দূৰ ঠাইৰ পৰা সিহঁতক অধিক শক্তিশালী 

আৰু অধিক সেউজীয়া দেখাইছে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মই গ্ৰহণ নকৰা পথটো

মূল ইংৰাজী– ৰবাৰ্ট ফ্রষ্ট (আমেৰিকা)

 

হালধীয়া অৰণ্যৰ মাজত ৰাস্তাটো  দুফালে ভাগ হৈ গৈছিল

দুখিতঃ যে মই এজন মাত্ৰ পথিক হোৱা বাবে একে সময়তে দুটা ৰাস্তাৰে ভ্ৰমণ কৰিব নোৱাৰো

সেয়ে (বিবুদ্ধিত পৰি) বহু সময় থিয় হৈ আছিলোঁ

আৰু যিমান পাৰোঁ সিমান দূৰলৈ ৰাস্তাৰ ভাঁজলৈকে চাই পঠিয়াইছিলোঁ।

 

পাছত তাৰে এটা  সুুন্দৰ বাটেৰে, আগবাঢ়িবলৈ ললোঁ।

মোৰ বাবে সম্ভৱতঃ এইটোৱেই আছিল ভাল বাট।

কাৰণ এইটো আছিল ঘাঁহেৰে পৰিপূৰ্ণ আৰু মানুহৰ গচকনি আশা কৰিছিল।

যদিও সেই বাটেৰে কম মানুহহে চলাচল কৰে

দুয়োটা বাটেই প্ৰায় একেই যেন বোধ হৈছিল।

 

সেইদিনা ৰাতিপুৱা দুয়োটা বাটেই সমানে (জনশূন্য) হৈ পৰি আছিল

বাটত পৰি থকা গছৰ পাতবোৰত কোনো মানুহৰ  গচকনি পৰা নাছিল

প্ৰথম বাটটো মই অন্য এদিনৰ বাবে এৰিলোঁ

মই জানিছিলোঁ কেনেদৰে এটা বাটে আনটো বাটলৈ লৈ যায়।

সন্দেহ কৰিছিলোঁ এই ৰাস্তাৰে গ’লে মই ওভতি আহিব পাৰিম নে নাই।

 

এই বাটৰ কাহিনীটো যুগ যুগান্তৰৰ পিছত

মই হুমুনিয়াহ কাঢ়ি শুনাই থাকিম

হাবি এখনৰ মাজৰে বাট এটা  দুফালে ভাগ হৈ গৈছিল

আৰু অতি নগন্য সংখ্যক মানুহে ভ্ৰমণ কৰা বাটটোহে মই বাছি লৈছিলোঁ।

এই বাবেই মোৰ জীৱনটো অন্য মানুহৰ জীৱনতকৈ ভিন্ন হ’ল। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মেৰামতি কৰা বেৰ

মূল ইংৰাজী– ৰবাৰ্ট ফ্রষ্ট (আমেৰিকা)

 

এনে কিছু সংখ্যক মানুহ আছে যিসকলে দেৱাল ভাল নাপায়

সিসকলে নিয়ৰাসক্ত মাটি বেৰৰ তলত পৰি থাকিবলৈ দিয়ে

আৰু ওপৰৰ শিলবোৰক ৰ’দত পৰি থাকিবলৈ দিয়ে

আৰু কিছু বিন্ধাৰ সৃষ্টি কৰে যাৰ মাজেদি দুজন ব্যক্তি পাৰ হৈ যাব পাৰে।

 

কিন্তু চিকাৰীসকলৰ কাৰ্য ভিন বস্তু

সেই চিকাৰীসকলৰ পিছে পিছে আহিছোঁ আৰু মেৰামতি কৰিছোঁ

তাতেই মেৰামতি কৰিছোঁ য’ত সিহঁতে এটা শিলৰ ওপৰত আন এটা শিল ৰখা নাছিল

কাৰণ সেই বিন্ধাৰে যাতে লুকাই থকা শহাপহু ওলাই আহিব পাৰে

ডাঙৰ ডাঙৰকৈ চিঞৰি থকা কুকুৰক সন্তোষ দিবলৈ

তাৰ বাবেই বিন্ধাটো ৰখা হৈছিল বুলি মই ভাৱোঁ।

 

কোনো মানুহেই বিন্ধাটো ৰখা বা তৈয়াৰ কৰাৰ কথাটো 

শুনাও নাই, দেখাও নাই।

কিন্তু কোনোবা এটি বসন্ত ঋতুত মেৰামতি কৰি থকা সময়ত আমি পাইছিলোঁ বিন্ধাটো

বেৰটোৰ সিপাৰে থকা মোৰ চুবুৰীজনক কথাটো জানিবলৈ দিছিলোঁ

আৰু এদিনাখন আমি বেৰখনৰ কাষে কাষে খোজকাঢ়ি গৈছিলোঁ

বেৰখন আছিল মোৰ আৰু তেওঁৰ মাজত যেতিয়া খোজকাঢ়ি গৈছিলোঁ।

প্ৰত্যেকটো বিশাল শিল প্ৰত্যেকটোৰ ওপৰত পৰিছিল

তাৰে কিছুমান চেপেটা আৰু কিছুমান ঘূৰণীয়া আছিল

সিহঁতৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি মন্ত্ৰ মাতিব লগা হৈছিল

তেওঁ কৈছিল, “আমি পিঠি নুঘূৰোৱালৈ য’ত আছোঁ ত’তেই থাকিম।”

আমি শিলবোৰক ধৰিবলৈ আমাৰ কঠুৱা আঙুলি ব্যৱহাৰ কৰিছিলোঁ।

 

হায়! ই আছিল অন্য এক খেল অইন এটা মূৰত

এইটো কিছু বেছিকৈ চলিছিল।

কামটো আছিল আমাৰ বেৰখনৰ কোনো প্ৰয়োজন নাছিল

তেওঁৰ গছবোৰ আছিল পাইন আৰু মোৰ গছবোৰ আছিল আপেল 

মোৰ আপেল গছবোৰ কেতিয়াও বেৰখন পাৰহৈ যোৱা নাছিল।

 

“আৰু মোৰ আপেল গছবোৰ তেওঁৰ পাইন গছৰ তলত আছিল।” মই কৈছিলোঁ

তেওঁ মাত্ৰ কৈছিল, “ভালকৈ দিয়া দেৱালে ভাল চুবুৰীয়া গঠন কৰে।”

বসন্ত ঋতুটো আছিল মোৰ কাৰণে দুৰ্ভগীয়া আৰু মই বিষ্মিত হৈছিলোঁ

যদি মই তেওঁৰ মূৰত ধাৰণাটো সোমাই দিব পাৰিলোহেঁতেন

“আমি কিয় ভাল চুবুৰী গঠন কৰোঁ?” নহয়নে?

 

যিজনে এইটো নথকাটো বিচাৰে, মই ক’ব পাৰোঁ, ‘চয়তান’।

তেওঁৰ বাবে কিন্তু এইটো হুবহু চয়তান নাছিল। মোৰ ধাৰণা এয়েই আছিল।

তেওঁ নিজকে কৈছিল মই তেওঁক তাতে দেখিছোঁ

দুহাতৰ আঙুলিৰ জোঙা অংশৰে দৃঢ়ভাৱে শিল আনি আছিল

প্ৰস্তৰ যুগৰ সজ্জিত অসভ্য লোকৰ দৰে।

ক’ত গাইবোৰ আছে? কিন্তু ইয়াত কোনো গাই গৰু নাই

মই বেৰখন বনোৱাৰ আগতে প্ৰশ্ন কৰিছিলোঁ।

মই বাহিৰত কি ভিতৰতে কি ৰাখি বেৰখন দি আছোঁ

আৰু কাক মই ইয়াৰ অভিযোগটো দিলোঁ

ইয়াত কিছুসংখ্যক মানুহ আছে যিসকলে বেৰ ভাল নাপায়।

 

মই দেখিছিলোঁ যেন তেওঁ অন্ধকাৰত ডুব গৈ আছে

মাথো হাবি আৰু গছৰ ছাঁৰ অন্ধকাৰৰ মাজতেই নহয়

তেওঁ তেওঁৰ পিতাকৰ কথাৰ বাহিৰত নাযায়

তেওঁ বেৰখন ভালদৰে থকাটো কামনা কৰিছিল

তেওঁ আকৌ কৈছিল, “ভালকৈ দিয়া দেৱালে ভাল চুবুৰীৰ সৃষ্টি কৰে।” ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

উত্তৰ দেশৰ কিংবদন্তী

মূল ইংৰাজী– ফ’ব কাৰি (ইংলণ্ড)

 

বহু বহু দূৰৈত থকা উত্তৰ দেশত

য’ত দিনৰ সময় অতি চুটি

আৰু  শীতকালটো অধিক দীঘলীয়া

মানুহে এনে সময়ত গোটেই দিন শুই থাকিব নোৱাৰে।

 

য’ত তেওঁলোকে সিহঁতৰ বেগী বল্গা হৰিণ

শ্লেজ গাড়ীত বান্ধি লয়, যেতিয়া বৰফ পৰে

আৰু ল’ৰা-ছোৱালীবোৰ সিহঁতৰ ধেমেলীয়া Îপাছাকত

ভালুকৰ পোৱালিৰ দৰে দেখায়।

 

সিহঁতে তেওঁলোকক এটা কৌতুহলী কাহিনী কয়

সেয়া মই সঁচা বুলি বিশ্বাস নকৰোঁ

তথাপি কাহিনীটোত এটা শিক্ষা পাবা

যদি মই তোমালোকক কাহিনীটো কওঁ।

 

এসময়ত যেতিয়া সাধু পেটাৰ

পাতাল পৃথিৱীত বসবাস কৰিছিল

ঠায়ে ঠায়ে ঘূৰি ফুৰিছিল, ধৰ্ম প্ৰচাৰ কৰিছিল

যিটো তুমি জানা, তেওঁ কি কৰিছিল।

 

তেওঁ পৃথিৱী ভ্ৰমণ কৰি কৰি 

এবাৰ এটা পঁজা ঘৰলৈ আহিছিল

য’ত এগৰাকী মহিলাই  পিঠা তৈয়াৰ কৰি আছিল

আৰু সেইবোৰ জুহালত সেকি আছিল।

 

পেটাৰ উপবাসত থকা বাবে  দুৰ্বল হৈছিল

কাৰণ দিনটো প্ৰায় শেষ হৈছিল

তেওঁ তাইক পিঠা ভঁৰালৰ পৰা

এটা মাত্ৰ পিঠা খুজিছিল।

 

সেয়ে তাই এটা অতি ক্ষুদ্ৰ পিঠা বনাইছিল

যেতিয়া সি এইটো সেকিবলৈ লৈছিল

তাই পিঠাটো  লক্ষ্য কৰিছিল আৰু ভাবিছিল

পিঠাটো ইমান ডাঙৰ দেখাইছে, ইয়াক দিব নোৱাৰি।

 

তাৰ পিছত তাই আন এটা ময়দাৰ মিশ্ৰণ লৈছিল

সেইটো আগৰটোতকৈ সৰু আছিল

কিন্তু যেতিয়া তাই এইটো লুটিয়াইছিল

প্ৰথমটোৰ দৰেই ডাঙৰ দেখাইছিল।

 

তাৰ পিছত তাই ময়দাৰ অতি ক্ষুদ্ৰ লাড়ু এটি লৈছিল

আৰু ইয়াক ঘূৰাই ঘূৰাই বহল কৰিছিল

আৰু এইটোক পাতল বিস্কুটৰ দৰে বনাইছিল

কিন্তু তাই সেইটোও দিব পৰা নাছিল।

 

কিয়নো তাই কৈছিল, “মোৰ পিঠাবোৰ ইমান সৰু দেখায়

যেতিয়া মই নিজে খাবলৈ লওঁ

আৰু আনক দিবলৈ যাওঁতে ইমান ডাঙৰ দেখায়”

সেয়ে তাই পিঠাবোৰ ৰেকত থৈ দিছিল।

 

তেতিয়া সাধু পিটাৰৰ খং উঠিছিল

কিয়নো তেওঁ ভোকত অতি দুৰ্বল হৈছিল

নিশ্চয় এনেকুৱা মহিলা এগৰাকী

এজন সাধু লোকক খঙাল কৰিবলৈ যথেষ্ট আছিল।

 

সাধুজনে কৈছিল, “তুমি ইমান স্বাৰ্থপৰ যে 

মানুহৰ ৰূপত বাস কৰাৰ যোগ্য নোহোৱা

তুমি খাদ্য আৰু আশ্ৰয় পোৱাৰ

আৰু গা গৰম ৰাখিবলৈ জুই পোৱাৰ যোগ্য নোহোৱা।

 

এতিয়া তুমি চৰাইৰ দৰে ঘৰ সাজিবা

আৰু তুমি সামান্য পৰিমাণৰ খাদ্য পাবা

গোটেই দিনটো কঠিন আৰু শুকান কাঠত

গাত খান্দি থাকিবা।

 

তেতিয়া তাই চিমনীৰ ভিতৰলৈ সোমাই গৈছিল

এটাও শব্দ নোকোৱাকৈয়ে

আৰু চিমনীৰ ওপৰৰ অংশয়েদি এটা বাড়ৈটোকা চৰাই ওলাইছিল

কিয়নো তাই এটা চৰাইলৈ ৰূপান্তৰিত হৈছিল।

 

তাইৰ মূৰত এটা উজ্জ্বল ৰঙা বৰণৰ টুপী আছিল

আৰু সেইটো একে ৰূপতে ৰৈছিল

কিন্তু তাইৰ গাৰ সকলো বস্ত্ৰ  জুইত পুৰি গৈছিল

আৰু কয়লাৰ দৰে কলা হৈছিল।

 

আৰু দেশৰ প্ৰত্যেকজন স্কুলীয়া ছাত্ৰই

তইক অৰণ্যত দেখা পায়

য’ত তাই আজিও গছত বাস কৰে

খাদ্যৰ বাবে শুকান কাঠত গাত খান্দি থাকে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

কোনো মানুহেই বিদেশী নহয়

মূল ইংৰাজী– জেমছ্‌ কিৰকাপ (ইংলণ্ড) 

 

মনত ৰাখিবা, কোনো মানুহেই অচিনাকী নহয়, কোনো মানুহইে বিদেশী নহয়

সকলো ধৰণৰ পোছাকৰ তলত  এটা জীৱন্ত মানৱ শৰীৰে শ্বাস-প্ৰশ্বাস লয়

আমাৰ দৰেই, এইখন পৃথিৱীত

যি মাটিত আমাৰ ককাই-ভাইহঁতে খোজকাঢ়া  

আমি সকলোৱে এদিন মৰিব লাগিব।

 

সিহঁতেও সূৰ্য, বায়ু আৰু পানীৰ বিষয়ে অৱগত

শান্তিপূৰ্ণভাৱে শস্য উৎপাদন কৰি পেট প্ৰৱৰ্তায়

দীঘলীয়া যুদ্ধৰ সময়ত অনাহাৰৰ বলি হয়

সিহঁতৰ হাতবোৰ আমাৰ দৰেই, তেওঁলোকৰ বিষয়ে আমি পেIÿা

এজন শ্ৰমিক আমাৰ পৰা কোনোভােবই ভিন নহয়।

 

মনৰ ৰাখিবা, আমাৰ থকাৰ দৰেই সিহঁতৰ চকু আছে

যি সাৰ পায় বা নিদ্ৰা যায়

সিহঁতক আমি প্ৰেমেৰে জিনিব পাৰোঁ

যি দেশেই নহওক কিয় সকলোতে একে ধৰণৰ জীৱন আছে

যিটো সকলোৱে চিনিব পাৰোঁ আৰু বুজিব পাৰোঁ।

 

আহা আমি মনত পেলাওঁ, যেতিয়া আমাক কোৱা হৈছিল

আমাৰ ককাই-ভাইক ঘৃণা কৰিবলৈ, আমি নিজকে নিজে

প্ৰভাৱিত কৰোঁ, বিশ্বাসঘাতকতা কৰোঁ আৰু বেয়া পাওঁ

মনত পেলোৱা আমি ইজনে সিজনৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিছোঁ।

 

আমিয়েই আমাৰ মানৱ পৃথিৱীখনক কলুষিত কৰিছোঁ

আমি জ্বলোৱা নৰকৰ জুই আৰু  ধূলিৰে  আমাৰ পৱিত্ৰ বায়ুক  বিনষ্ট কৰিছোঁ

মনত পেলোৱা, কোনো মানুহইে বিদেশী নহয়, কোনো মানুহেই অপৰিচিত নহয়।  ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মোৰ বাগিছাখনে হাঁহিছে

ড০ এ. পি. জে. আব্দুল কালাম

 

মোৰ বাগিছাখনে হাঁহিছে, 

বসন্তক সম্ভাষণ জনাই,

গোলাপবোৰ, সুন্দৰ গোলাপবোৰ

সৌৰভ আৰু সৌন্দৰ্যৰ সৈতে,

মৌমাখিৰ স্পষ্ট আৰু মৃদু গুঞ্জনৰ সৈতে

সুন্দৰ দৃশ্য সকলোতে

মোৰ বাগিছাখনে হাঁহিছে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

যুৱকসকলৰ গান

মূল ইংৰাজী– ড০ এ. পি. জে. আব্দুল কালাম (ভাৰত)

 

ভাৰতবৰ্ষৰ এজন যুৱ নাগৰিক হিচাপে মই

প্ৰযুক্তিবিদ্যা, জ্ঞান আৰু জাতিৰ প্ৰতি প্ৰেমেৰে সজ্জ্বিত

মই উপলব্ধি কৰো, ক্ষুদ্ৰ লক্ষ্য হৈছে আইনগত অপৰাধ।

 

মই কাম কৰো আৰু ঘৰ্মাক্ত হওঁ মহান স্বপ্নৰ বাবে,

ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ স্বপ্নৰ বাবে

প্ৰমূল্যৰ সৈতে অৰ্থনৈতিক শক্তিৰ দ্বাৰা শক্তিমন্ত।

 

এশ কোটি নাগৰিকৰ ভিতৰত মই এজন

মাত্ৰ স্বপ্নইহে এশকোটি আত্মা প্ৰজ্জ্বলিত কৰিব পাৰে

ই মোৰ ভিতৰত প্ৰৱেশ কৰিছে।

 

প্ৰজ্জ্বলিত আত্মা যদি আন কোনো শক্তিৰ উৎসৰ লগত তুলনা কৰা হয়

ই হ’ব বিশ্বৰ আটাইতকৈ শক্তিমন্ত উৎস

পৃথিৱীৰ বহিৰ্ভাগতো আৰু পৃথিৱীৰ অন্তৰ্ভাগতো।

 

মই জ্ঞানৰ বন্তিটো জ্বলাই ৰাখিম

উন্নত ভাৰতবৰ্ষৰ স্বপ্নটো বাস্তৱায়িত কৰিবলৈ

আমি যদি প্ৰজ্জ্বলিত আত্মাৰ সৈতে কাম কৰো আৰু ঘৰ্মাক্ত হওঁ  স্বপ্নটোৰ বাবে

সেই পৰিৱৰ্তনে শক্তিমন্ত উন্নত ভাৰতবৰ্ষৰ জন্ম দিব।

 

মই সৰ্বশক্তিমানজনক প্ৰাৰ্থনা কৰো–

সৌন্দৰ্যৰ সৈতে স্বৰ্গীয় শান্তি আমাৰ মানুহৰ ভিতৰত প্ৰৱেশ কৰক।

আমাৰ শৰীৰ, মন আৰু আত্মাবোৰত সুখ আৰু সুস্বাস্থ্য প্রস্ফুটিত হওঁক। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মোৰ মৰমৰ সৈনিকসকল

মূল ইংৰাজীঃ এ. পি. জে. আব্দুল কালাম (ভাৰত) 

 

অহ! সীমান্ত ৰক্ষীসকল

তোমালোক হৈছা মোৰ দেশৰ মহান সন্তান

যেতিয়া আমি সকলো টোপনিত

তুমি তেতিয়াও তোমাৰ কৰ্তব্যত লাগি থাকা

বতাহময় ঋতুত বা বৰফময় দিনত

অথবা পুৰি যোৱা ৰ’দৰ ঘৰ্মাক্ত ৰশ্মিত

তোমালোক সদায় উজাগৰে থাকি পহৰা দি আছা

যোগীসকলৰ নিৰ্জন পথাৰ গচকি

উচ্চতা বগাই বা উপত্যকাত দীৰ্ঘ খোজ দি

মৰুময় মৰুভূমি বা জলাশয়সমূহক সুৰক্ষা দি আছা

সাগৰবোৰক নিৰীক্ষণ কৰিছা বা আকাশখন নিৰাপদ ৰাখিছা

যৌৱনৰ আদিভাগ দেশৰ সেৱাত উছৰ্গা কৰিছা!

বতাহত মুখৰিত হৈ উঠে তোমালোকৰ বীৰত্বৰ কাম

হে সাহসী বীৰ তোমালোকৰ বাবে আমি প্ৰাৰ্থনা কৰো

ঈশ্বৰে তোমালোকৰ সকলোকে মংগল কৰক!! ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ৰং 

 মূল ইংৰাজীঃ ক্ৰিষ্টিনা জৰ্জিনা ৰ’চেটি (ইংলণ্ড)

 

ঈষৎ ৰঙা  কি? এপাহি গোলাপ ঈষৎ ৰঙা

ফোৱাৰাৰ দাঁতিত গজা।

ৰঙা  কি? এটি প’পি ৰঙা

ইয়াৰ য ধানৰ পথাৰত।

নীলা  কি? আকাশখন নীলা

যাৰ মাজেদি ভাঁহি ফুৰে ডাৱৰবোৰ।

বগা  কি? ৰাজহাঁহ এটি বগা

পোহৰত পাল তৰি যোৱা।

হালধীয়া  কি? নাচপতি হালধীয়া,

চহকী আৰু পকা আৰু কোমল।

সেউজীয়া  কি? ঘাঁহ হ’ল সেউজীয়া

মাজে মাজে সৰু সৰু ফুল থকা।

বেঙুনীয়া কি? ডাৱৰবোৰ বেঙুনীয়া

গ্ৰীষ্মকালৰ সন্ধিয়াৰ পোহৰত।

সুমথিৰা  কি? কিয়, এটি সুমথিৰা

মাত্ৰ এটি সুমথিৰা! ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

গধূৰ বস্তুবোৰনো কি?

মূল ইংৰাজী– ক্ৰিচটিনা জৰ্জিনা ৰ’চেটি (ইংলণ্ড)

 

গধূৰ কি? সাগৰৰ বালি আৰু দুখ।

সংক্ষিপ্ত কি? আজি আৰু অহাকালি।

দুৰ্বল কি? বসন্তকালৰ ফুল আৰু ডেকাকাল

গভীৰ কি? মহাসাগৰ আৰু সত্য।

বিঃ দ্ৰঃ ‘গধুৰ বস্তুবোৰনো কি’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম  What are Heavy.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ম’ৰা চৰাই

মূল ইংৰাজীঃ খ্ৰীষ্টিনা জৰ্জিনা ৰচেটি (ইংলণ্ড)

 

ম’ৰা চৰাইৰ  অসংখ্য চকু আছে

যিবোৰৰ দ্বাৰা সি চাব নোৱাৰে

কড-ফিচৰ নীৰৱ শব্দ আছে

তথাপি ই খাদ্য দিয়ে।

 

কোনো ডানডেলিয়নে সময় ক’ব নোৱাৰে 

যদিও ই ঘড়ীৰ লগে লগে ঘূৰে;

মেকুৰীৰ দোলনাত মেকুৰী নাথাকে

ফক্সগ্লোভও শিয়াল হ’ব নোৱাৰে । ০ ০ ০

বিঃ দ্ৰঃ ‘মৰা চৰাই’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Peacock’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

চন্দ্ৰটো ক্লান্তনে

 মূল ইংৰাজী– খ্ৰীষ্টিনা  জৰ্জিনা ৰ’চেটি (ইংলণ্ড)

 

চন্দ্ৰটো ক্লান্তনে? তাইক ইমান বিৱৰ্ণ দেখাইছে

তাইৰ ওৰণিৰ মাজত

তাই পূৱৰ পৰা পশ্চিম আকাশলৈ বগুৱাই উঠে

অকনো বিশ্ৰাম নলয়।

 

ৰাতি অহাৰ আগতে

চন্দ্ৰটো কাগজৰ দৰে বগা দেখায়

ৰাতিপুৱাৰ আগতে

তাই লেৰেলি যায়। ০ ০ ০

বিঃ দ্ৰঃ ‘চন্দ্ৰটো ক্লান্তনে’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Is the MoonTired’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ভেড়াৰখীয়াজন

মূল ইংৰাজীঃ উইলিয়াম ব্লেক  (ইংলেন্ড)

 

ভেড়াৰখীয়াজনৰ ভাগ্য কিমান ভাল

ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ তেওঁ অনাই-বনাই ঘূৰি ফুৰে;

গোটেই দিন তেওঁ ভেড়াবোৰৰ পাচে পাচে লৰে,

আৰু তেওঁৰ জিভা প্ৰশংসাৰে পূৰ্ণ হৈ পৰে।

কাৰণ তেওঁ ভেড়াবোৰৰ অবোধ মাত শুনি থাকে,

আৰু তেওঁ শুনে মাইকী ভেড়াবোৰৰ কোমল উত্তৰ,

সিহঁতৰ শান্ত অৱস্থাত তেওঁ সতৰ্ক দৃষ্টি ৰাখে,

কাৰণ সিহঁতে জানে কেতিয়া ভেড়াৰখীয়াজন ওচৰত  থাকে। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

হাঁহিৰ গান

মূল ইংৰাজীঃ উইলিয়াম ব্লেক (ইংলেন্ড)

 

যেতিয়া সেউজীয়া হাবিয়ে হাঁহে আনন্দৰ সুৰত

আৰু গা বহি যোৱা নিজৰাই হাঁহি হাঁহি বৈ যায়

যেতিয়া বতাহে হাঁহে আমাৰ আনন্দায়ক বুদ্ধিমত্তাৰ সৈতে 

আৰু সেউজীয়া পাহাৰে হাঁহে ইয়াৰ কোলাহলৰ সৈতে।

 

যেতিয়া ঘাঁহনি পথাৰে হাঁহে প্ৰাণৱন্ত সেউজীয়া বৰণৰ সৈতে,

আৰু ফৰিঙে  এই আনন্দদায়ক পৰিৱেশত হাঁহে;

যেতিয়া মেৰী, চুচান আৰু ইমিলি,

সিহঁতৰ মিঠা গোলাকাৰ মুখেৰে গীত গায়, “হা, হা হি!”

 

যেতিয়া ৰং বিৰঙৰ চৰাইবোৰ হাঁহে গছৰ ছাঁত

য’ত আমাৰ মেজখন চেৰী আৰু বাদামেৰে পূৰ্ণ হৈ থাকে।

আহা আৰু আনন্দিত হোৱা আৰু মোৰ লগ ধৰা

“হা, হা, হি!” মিঠা শ্লোকটো লগে-ভাগে গাওঁ আহা। ০ ০ ০

বিঃ দ্ৰঃ ‘হাঁহিৰ গান’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Laughing Song’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

অন্ধ ল’ৰাজন

 মূল ইংৰাজীঃ ক’লি কিবাৰঅ’ (ইংলণ্ড)  

 

মোক কোৱা পোহৰ বস্তুটোনো কি?

যাক মই কেতিয়াও উপভোগ কৰিব নোৱাৰিম;

চকুৰ জ্যোতিৰ আশীৰ্বাদবোৰনো কি

হেৰা, তোমাৰ এই দুৰ্ভগীয়া অন্ধ ল’ৰাজনক কোৱা!

তোমালোকে দেখা আচৰিত বস্তুবোৰৰ বিষয়ে কথা পাতা

তোমালোকে কোৱা যে সূৰ্যই উজ্জ্বল পোহৰ দিয়ে

মই তাৰ উষ্ণতা অনুভৱ কৰোঁ, কিন্তু সি কেনে হ’ব পাৰে

বা সি কেনেদৰে দিন বা ৰাতিৰ সৃষ্টি কৰে?

মোৰ দিন বা ৰাতি মই নিজে নিজে তৈয়াৰ কৰোঁ

যেতিয়া মই শুই থাকোঁ বা খেলি থাকোঁ

আৰু যদিহে মই সদায় জাগি থাকিব পাৰিলোহেঁতেন

সেয়া মোৰ বাবে সদায় দিন হ’লহেঁতেন। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মেকুৰীজনীৰ কিবা ক’বলগা আছে

– মূল ইংৰাজীঃ ৰাস্কিন বণ্ড (ভাৰত)

 

মহাশয়, আপুনি এজন মানুহ আৰু মই এটা মেকুৰী,

আৰু মই আচলতে সম্পূৰ্ণ সুখী– বিষয়টো ইয়াতে এৰিবলৈ।

এইটো মোৰ বাবে কোনো বিষয় নহয় যদি আপুনি

চিকেন মচলা বা মিছা মাছ ভাল পায়।

তেন্তে গোটেই ঘৰখনত কিয়নো এই প্ৰতিবাদ

মই যদি ডিনাৰৰ বাবে বিচাৰো

এটি ৰসাল নিগনিক

নাইবা যদি বিচাৰো অসাৱধান ডেকা ঘনচিৰিকাক

যিটো মোৰ পিনে আহিছিল? ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মোৰ শ্রেষ্ঠ বন্ধু

মূল ইংৰাজী ঃ ৰাস্কিন বণ্ড (ভাৰত)

 

মোৰ শ্ৰেষ্ঠ বন্ধু

ৰুটিৱালাৰ পুত্ৰজন,

মই তেওঁক এখন কিতাপ দিছিলো

আৰু তেওঁ মোক এটি সৰু ৰুটি দিছিল!

মই তেওঁক এটা সাধু কথা কৈছিলো

যাদুময় হ্রদৰ বিষয়ে

আৰু তেওঁ এইটো বহুত ভাল পাইছিল

ইয়াৰ বাবে তেওঁ মোক এটা ৰুটি তৈয়াৰ কৰি দিছিল। 

 

হয়, তেওঁ মোৰ শেষ্ঠ বন্ধু

আমি একেলগে চাইকেল চলাইছিলো,

উজ্জ্বল ৰ’দময় দিনবোৰত,

অথবা বৰষুণ আৰু বেয়া বতৰতো।

আমি যদি ভোকাতুৰ হৈছিলো

আমাৰ বাবে সদায় আছিল মাংসৰ জোল

অথবা ভোজৰ বাবে আছিল আটা-মাখনৰ পেষ্ট্ৰি

আমি খাইছিলো আৰু ঘোঁৰা চলাই গৈছিলো! ০ ০ ০

বিঃ দ্ৰঃ ‘মোৰ শ্রেষ্ঠ বন্ধু’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘My Best friend’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

কালাম, অ’ কালাম

মূল ইংৰাজীঃ পংকজ কুমাৰ বৰ্মন (অসম/ভাৰত)

 

কালাম, অ’ কালাম সৰ্বশ্রেষ্ঠ ভাৰতীয়জন

তুমি হৈছা এশ মিলিয়নৰ আত্মা,

তোমাৰ অগ্নিৰ ডেউকাৰে ওপৰলৈ উৰিলা

উচ্চ  আকাংখা আৰ্জিবলৈ আমাৰ মনক প্ৰজ্বলিত কৰিলা।

কালাম, অ’ কালাম, একমাত্ৰ মিছাইল মানুহজন

তুমি আমাৰ সুপ্ত শক্তিক উপলব্ধি কৰাত সহায় কৰিলা,

তুমি সৰ্বশ্রেষ্ঠ অভিযানক দৃষ্টি দান কৰিলা

তোমাৰ সেপানক কাৰ্যত ৰূপান্তৰ কৰি। 

কালাম, অ’ কালাম জন্মগত পথপ্ৰদৰ্শক আত্মা

এতিয়া মেদিনীৰ কোলাত শান্তিত জিৰণি লোৱা। ০ ০ ০

বিঃ দ্ৰঃ কালাম, অ’ কালাম কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Kalam , O, Kalam’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

চকুলো নুটুকিবা

মূল ইংৰাজীঃ জন কীটচ (ইংলণ্ড) 

 

চকুলো নুটুকিবা! অহ চকুলো নুটুকিবা!

অন্য বছৰত ফুল ফুলিব।

আৰু নুউচুপিবা– অহ আৰু নুউচুপিবা!

কোমল কলিবোৰ শিপাৰ বগা অন্তৰ্ভাগত শুই আছে

তোমাৰ চকুযোৰ শুকাই লোৱা– অহ চকুযোৰ শুকোৱা,

কাৰণ স্বৰ্গত মোক শিকোৱা হৈছিল–

সুৰৰ পৰা মোৰ বুকু সহজ কৰিবলৈ

চকুলো নুটুকিবা। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মকৰাজীন আৰু মাখিটো

মূল ইংৰাজীঃ মেৰী হাউইট (ইংলণ্ড) 

 

“তুমি আহিবানে মোৰ বৈঠকখানালৈ?” মকৰাটোৱে মাখিটোক ক’লে।

তুমি জীৱনত দেখা এইটোৱেই হৈছে অতি সুন্দৰ সৰু বৈঠকখানা।

মোৰ বৈঠকখানাটো অঁকোৱা-পকোঁৱা চিৰিৰ ওপৰত

তুমি যেতিয়া ইয়ালৈ আহিবা তোমাক দেখুৱাবলৈ মোৰ বহুত কৌতুহলী বস্তু আছে।

“অহ নহয়, নহয়”,  সৰু মাখিটোৱে ক’লে, “মোক যাবলৈ কোৱাটো অৰ্থহীন।”

কাৰণ তোমাৰ অঁকোৱা-পাকোঁৱা চিৰিলৈ যিজন যায় তেওঁ কেতিয়াও উভতি নাহে।”

“সোনজনী, মই নিশ্চিত তুমি ক্লান্ত হৈছা,  ইমান ওপৰলৈ উৰি উৰি।

তুমি মোৰ সৰু বিচনাত বিশ্ৰাম ল’বানে? মকৰাটোৱে মাখিটোক ক’লে।

ইয়াত চাৰিপিনে সুন্দৰ সুন্দৰ পৰ্দা টানি থোৱা আছে, পৰ্দাৰ কাপোৰবোৰ সুন্দৰ আৰু পাতল

তুমি যদি ইয়াত কিছু সময় বিশ্ৰাম ল’বলৈ ভাল পোৱা, মই তোমাক উষ্ণ আদৰণি জনাম!”

“অহ, নহয়, নহয়!” সৰু মাখিটোৱে ক’লে,  মই প্ৰায়ে কোৱা শুনিছোঁ–

সিহঁত কেতিয়াও, কেতিয়াও টোপনিৰ পৰা সাৰ নাপায় যিসকলে তোমাৰ বিচনাত শুৱে। ০ ০ ০

বিঃ দ্ৰঃ ‘মকৰাজনী আৰু মাখিটো’ কবিতাৰ মূল ইংৰাজী শিৰোনাম  হৈছে ‘The Sprider and the Fly’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মই যেতিয়া দেখা পাওঁ 

 মূল ইংৰাজী– উইলিয়াম ওৱৰ্ডচওৱৰ্থ (ইংলণ্ড)

 

মোৰ হৃদয়খন নাচি উঠিছিল যেতিয়া মই দেখা পাইছিলোঁ

আকাশত এটি ৰামধেনু–

মোৰ ল’ৰালি কালত তেনে হৈছিল-

মই এতিয়া ডাঙৰ হৈছোঁ এতিয়াও তেনে হয়।

মই যেতিয়া বুঢ়া হ’ম তেতিয়াও তেনে হ’ব

অন্যথা মোক মৰিবলৈ দিয়া!

শিশুৱেই হৈছে ভৱিষ্যতৰ পিতৃ

মোৰ দিনবোৰো তেনে হোৱাটো মই বিচাৰোঁ

এটা আনটোৰ লগত  সহজাত  বিশ্বাসেৰে বন্ধা। ০ ০ ০

বিঃ দ্ৰঃ ‘মই যেতিয়া দেখা পাওঁ’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম My Heart Leaps up When I Behold

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

অকলশৰীয়া দাৱনীজনী

মূল ইংৰাজীঃ উইলিয়াম ওৱৰ্ডচওৱথ (ইংলণ্ড) 

 

তাইলৈ চোৱা, পথাৰত অকলশৰে আছে

তাই সৌ নিৰ্জন ওখ ঠাইৰ ছোৱালী!

তাই শস্য দাৱন কৰি আছে আৰু গীত গাই আছে,

তুমি ইয়াতে ক্ষন্তেক ৰৈ যোৱা অথবা মনে মনে পাৰ হৈ যোৱা!

তাই অকলশৰেই শস্যবোৰ  কাটিছে আৰু মুঠি বান্ধিছে

আৰু বিষন্ন সুৰত গীত গাইছে, 

অ’ শুনা! কাৰণ তাইৰ গীতৰ গভীৰ সুৰে

বিশাল উপত্যকাটো প্লাৱিত কৰিছে।

কোনো নাইটিংগেল চৰায়ে 

ক্লান্ত ভ্ৰমণকাৰীসকলৰ বাবে

ইমান সুন্দৰ সম্ভাষণৰ গীত গাব নোৱাৰে

আৰবৰ মৰুভূমিৰ মাজত–

কেতিয়াও এনে ৰোমাঞ্চকৰ গীত শুনিবলৈ পোৱা নগৈছিল

বসন্ত কালত কুলি চৰাইৰ পৰাও শুনা  নগৈছিল

তাই গীত গাইছে সাগৰৰ নীৰৱতা ভংগ কৰি

দূৰৱৰ্তী হেব্ৰিজ দ্বীপৰ পৰাও শুনা যায় তাইৰ গীত। ০ ০ ০

বিঃ দ্ৰঃ ‘অকলশৰীয়া দাৱনীজনী’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘The Solitary Reaper’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

বিশ্ৰাম

মূল ইংৰাজী– উইলিয়াম হেনৰী ডেভিচ (ইংলণ্ড)

 

জীৱনো কি, যদিহে ই উদ্বিগ্নতাৰে পৰিপূৰ্ণ হয়

আমাৰ যদি থিয় হ’বলৈ আৰু চাবলৈ কোনো সময় নাথাকে,

গছৰ তলত থিয় হ’বলৈ যদি কোনো সময় নাথাকে

দীৰ্ঘ সময় জুৰি ভেৰাবোৰ আৰু গৰুেবাৰৰলৈ চাবলৈ।

 

আমি পাৰ হৈ যোৱা হাবি চাবলৈ যদি সময় নাথাকে

য’ত কেৰ্কেটুৱাই ঘাঁহৰ তলত তামোল লুকাই ৰাখে।

চাবলৈ যদি আমাৰ সময় নাথাকে দিনৰ পোহৰত

নিজৰাৰ বুকুত ৰাতিৰ আকাশৰ তৰাৰ প্ৰতিবিম্ব ।

 

সুন্দৰ  বস্তুৰ প্ৰতি দৃষ্টি দিবলৈ যদি আমাৰ সময় নাথাকে

তাইৰ ভৰিযোৰ চাবলৈ আৰু তাইৰ নৃত্য চাবলৈ

যদি আমাৰ সময় নাথাকে অলপ অপেক্ষা কৰিবলৈ

তাইৰ চকু-মুখৰ চহকী হাঁহি চাবলৈ।

 

তেনে উদ্বিগ্নতাৰে ভৰা জীৱনটো হৈছে দুৰ্ভগীয়া জীৱন

যদিহে আমাৰ থিয় হ’বলৈ আৰু চাবলৈ সময় নাথাকে। ০ ০ ০

বিঃ দ্ৰঃ ‘বিশ্ৰাম’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Leisure‘.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

সৰু ল’ৰাজন আৰু তৰােবাৰ

মূল ইংৰাজীঃ এন’নিমাচ (অজ্ঞাত)

 

তুমি পোহৰ দি থকা সৰু তৰা

মোৰ মূৰৰ ওপৰত ইমান উচ্চতাত,

যদিহে মোৰ এযোৰ ডেউকা থাকিলেহেঁতেন,

মই  আকাশত তোমাৰ লগ লাগিলোহেঁতেন।

 

মই ইয়াত পৰি থাকি সুখী নহওঁ

কোনো কিতাপ, কোনো পতুলা নোহোৱাকৈ,

মোক বিচনালৈ পঠিওৱা হয় কাৰণ

মই এজন দুষ্ট ল’ৰা।

 

তুমি যদি শুনা, সৰু তৰা,

মই মোৰ সকলো কথা তোমাক ক’ম,

মই মাত্ৰ কওঁ মই সেইবোৰ কাম নকৰিম

যিবোৰ মোক কৰিবলৈ আদেশ কৰা হয়।

 

আজিৰ দিনটোত মোৰ বয়স ছয়

আৰু মই লিখিব পাৰো, পঢ়িব পাৰোঁ;

এতিয়াও মই নিজৰ মতে চলিব নোৱাৰো

এয়া মোৰ বাবে বৰ কষ্টকৰ।

 

মই নাজানো তোমাৰ বয়স কিমান,

নাইবা তুমি কথা ক’ব পাৰানে মই নাজানো

কিন্তু তুমি যে গোটেই ৰাতি তিৰবিৰ কৰি থাকা

আৰু লুকা-ভাকু খেলা।

 

কোনোৱাই তোমাক কয় নে ‘শান্ত হোৱা’

যেতিয়া তুমি নৃত্য কৰা বা খেলা কৰা?

তোমাক কোনোবাই বাধা দিয়েনে

যেতিয়া তুমি নিজৰ মতে কাম কৰা?

 

অহ, সৰু তৰা, মোক কোৱা

মই জানিব বিচাৰো তুমি কিয় ঘূৰি ফুৰা

গোটেই ৰাতি পূবৰ পৰা পশ্চিমলৈ

ইমান ধৈৰ্যৰ সৈতে আৰু লাহে লাহে।

 

‘আমাৰ এজন পিতৃ আছে, হে সৰু ল’ৰা

যিজনে আমাক পৰিচালনা কৰে

তেওঁ যি কয় আমি কেতিয়াও প্ৰশ্ন নকৰো

আমি তেওঁৰ কথা শুনো আৰু মানি চলো।’ ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

হেল্ল’ কম্পিউটাৰ!

মূল ইংৰাজীঃ এন’নিমাচ (অজ্ঞাত)

 

মই দেখাত টাইপ ৰাইটাৰৰ দৰে।

মোৰ একোচা চাবি আছে।

মোক কীবোৰ্ড বুলি কোৱা হয়।

 

মই দেখাত টিভিৰ দৰে।

কিন্তু মই টিভি নহয়।

মোক মণিটৰ বুলি কোৱা হয়।

মোৰ এটা পৰ্দা আছে।

মই পৰ্দাত তথ্য দেখুৱাও।

 

মই কম্পিউটাৰৰ মস্তিষ্ক।

মই কম্পিউটাৰ নিয়ন্ত্ৰণ কৰোঁ।

মোক চিপিইউ বুলি কোৱা হয়।

 

মই সৰু।

মই সদায় লৰচৰ কৰি থাকোঁ।

মই বস্তু বিচাৰি থাকোঁ।

মোক মাউচ বুলি কোৱা হয়। ০ ০ 

বিঃ দ্ৰঃ ‘হেল্লো কম্পিউটাৰ’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Hello Computer’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

সকলো বস্তুৱে উজ্জ্বল আৰু ধুনীয়া

মূল ইংৰাজীঃ এন’নিমাচ (অজ্ঞাত)

 

সকলো উজ্জ্বল আৰু ধুনীয়া বস্তু

সৰু-ডাঙৰ সকলো জীৱ

জ্ঞানৱন্ত আৰু বিষ্ময়জনক সকলো বস্তু

প্ৰভু ঈশ্বৰে সৃষ্টি কৰিছে।

 

প্রস্ফুটিত হোৱা প্ৰতিটো ফুলৰ

গীত গোৱা প্ৰতিটো চৰাইৰ

উজ্জ্বল বৰণবোৰ  তেঁৱেই তৈয়াৰ কৰিছে

তেঁৱেই সিহঁতৰ সৰু ডেউকাবোৰো  সৃষ্টি কৰিছে। ০ ০ ০

বিঃ দ্ৰঃ ‘সকলো বস্তুৱে উজ্জ্বল আৰু ধুনীয়া’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘All Things Bright and Beautiful’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ভূকি আৰু কামুৰি কুকুৰবোৰক আনন্দ ল’বলৈ দিয়া

মূল ইংৰাজীঃ আইজাক ওৱাটচ্‌ (ইংলণ্ড) 

 

কুকুৰবোৰক ভুকি আৰু কামুৰি আনন্দ লভিবলৈ দিয়া,

কাৰণ ঈশ্বৰে সিহঁতক তেনেকৈ সৃষ্টি কৰিছে;

ভালুক আৰু সিংহক গোঁজৰিবলৈ আৰু যুঁজিবলৈ দিয়া

কাৰণ ই হৈছে সিহঁতৰ প্ৰকৃতি।

কিন্তু ল’ৰা-ছোৱালীক তুমি কেতিয়াও 

তেনে খঙাল কাম কৰিবলৈ নিদিবা;

তোমাৰ সৰু হাতযোৰ কেতিয়াও সৃষ্টি কৰা হোৱা নাই

কাৰো চকুৰ পানী উলিয়াবলৈ। ০ ০ ০

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

বন্ধুসকল

মূল ইংৰাজীঃ মাৰ্গাৰেট ব্রাউন (আমেৰিকা) 

 

আমি পৃথিৱীৰ সকলোতে যাওঁ

ওখ পৰ্বত আৰু বাম উপত্যকা

গভীৰ নদীবোৰ আৰু বহল মৰুভূমিবোৰ

তাত বাস কৰা ল’ৰা-ছোৱালীবোৰ একেই!

মাত্ৰ ছালৰ বৰণ ভিন ভিন, এয়া আমি জানোঁ —

হয় বগা বা কলা বা তাম বৰণীয়া.

আমি সকলোৱে খেলো আৰু কাম কৰো

যদিও ঘৰবাৰী আৰু বিদ্যালয় বেলেগ বেলেগ।

 আমি ইচ্ছা কৰো, আশা কৰো আৰু বিষ্মিত হওঁ

আমি সকলোতে একেই!

অহ! কিমান ভাল হ’ব আমি যদি হ’ব পাৰো

বন্ধু, সাগৰৰ সিপাৰে থকা সকলৰ লগত

আমি সকলো এখন মহান বিশ্বৰ ল’ৰা-ছোৱালী

চোৱা! ইয়াত মাত্ৰ এটাই পতাকা উৰি আছে। ০ ০ ০

বিঃ দ্ৰঃ ‘সৰু ল’ৰাজন আৰু তৰােবাৰ’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘The Little Boy and the Stars’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

পৰ্বতটো আৰু কেৰ্কেটুৱাজনী

মূল ইংৰাজীঃ ৰালফ ওৱাল্ড  ইমানচন (আমেৰিকা)

 

পৰ্বত আৰু কেৰ্কেটুৱাৰ মাজত

এদিন কাজিয়া হৈছিল–

আৰু আগৰটো (পৰ্বতটো)ৱে কৈছিল,

‘তুমি হৈছা সৰু পৰুৱা’

বানে (কেৰ্কেটুৱাই) উত্তৰ দিছিল,

নিঃসন্দেহ তুমি বিশাল

কিন্তু জানিবা যে সকলো প্ৰকাৰৰ বস্তু আৰু 

বতৰক লৈ গঠিত হয় বছৰ এখন

আৰু পৃথিৱীখন।

আৰু মই ভাবো  মোৰ অৱস্থানত থকাটো

কোনো অসন্মানৰ কথা নহয়।

মই তোমাৰ সমান বিশাল নহওঁ

তুমিও মোৰ দৰে সামান্য নোহোৱা

আৰু মোৰ আধাও চটফটীয়া নোহোৱা

মই অস্বীকাৰ নকৰিম যে তুমি

সামান্য কেৰ্কেটুৱাৰ পদচিহ্ন তৈয়াৰ কৰিব পাৰা

বুদ্ধি প্রাণীভেদে ভিন ভিন হয়, 

সকলো যথাস্থানতেই আছে

যদিও মই মোৰ পিঠিত হাবি কঢ়িয়াব নোৱাৰো

তুমি কিন্তু মোৰ দৰে তামোল কাটিব নোৱাৰা। ০ ০ ০

বিঃ দ্ৰঃ ‘পৰ্বতটো আৰু কেৰ্কেটুৱাজনী’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘The Mountain and the Squirrel’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

সপোনবোৰ

মূল ইংৰাজীঃ লেংষ্ট’ন হিউজ (আমেৰিকা)

 

তোমাৰ সপোনবোৰক খামোচ মাৰি ধৰি থাকা

কিয়নো যদি সপোনবোৰ মৰি যায়

জীৱনটো হ’ব ডেউকা-ভঙা চৰাইৰ দৰে

যি উৰিব নোৱাৰে।

 

তোমাৰ সপোনবোৰক খামোচ মাৰি ধৰি থাকা

কিয়নো যেতিয়া সপোনবোৰ গুচি যায়

জীৱনটো হ’ব অনুৰ্বৰ পথাৰ

বৰফেৰে গোটমৰা। ০ ০ ০

বিঃ দ্ৰঃ ‘সপোনবোৰ’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Dreams’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ডী নদীৰ পাৰৰ আটাকলৰ মালিকজন

 মূল ইংৰাজী–  চাৰ্লচ মেকী (ইংলণ্ড)

 

ইয়াতে ডী নদীৰ পাৰত  বসবাস কৰিছিল

সুস্বাস্থ্যৱান আৰু সাহসী এজন আটাকলৰ মালিক: 

তেওঁ ৰাতিপুৱাৰ পৰা নিশালৈকে কাম কৰিছিল,

কোনো ভৰত পক্ষী তেওঁতকৈ সুখী নাছিল

এয়া আছিল তেওঁৰ গীতৰ বিষয়

এয়াই আছিল তেওঁৰ প্ৰতিদিনৰ গীতৰ কথা

“মই কাকো ঈৰ্ষা নকৰো, কাকো নকৰো

আৰু কোনেও মোক ঈৰ্ষা নকৰে!”

“তুমি ভুল বুজিছা, মোৰ বন্ধু, বুঢ়া ৰজা হলে কৈছিল।

‘তুমি যিমান ভুল হ’ব পাৰা সিমান;

তোমাৰ হৃদয়ৰ দৰে মোৰ হৃদয় যদি আনন্দময় হ’লহেঁতেন

মই তোমাৰ লগত মোৰ ৰাষ্ট্ৰখন সলনি কৰিলোহেঁতেন।

এতিয়া মোক কোৱা, কিহৰ বাবে 

ইমান উচ্চ আৰু মুক্তভাৱে গীত গোৱা।

মই দুঃখিত, যদিও মই এজন ৰজা,

ডী নদীৰ পাৰত?”

কলৰ মালিকজনে হাঁহিছিল, আৰু তেওঁৰ টুপীটো খুলিছিল।

“মই মোৰ খাদ্য নিজে উপাৰ্জন কৰো,” তেওঁ ক’লে।

“মই মোৰ পত্নীক ভাল পাওঁ, ভালপাওঁ মোৰ বন্ধুবৰ্গক

মই ভালপাওঁ মোৰ তিনিজন সন্তানক;

মই কাৰো ওচৰত ঋণী নহয়

মই ডী নদীখনক ধন্যবাদ জনাওঁ।

যি নদীখনে মোৰ আটাকলটো ঘূৰায় আৰু গুড়ি কৰে

আৰু মোৰ সন্তানসকলক আৰু মোক খুওৱায়।”

“বাৰু বন্ধু, ৰজা হলে কৈছিল আৰু হুমুনিয়াহ কাঢ়িছিল

“বিদায়” তুমি সুখী হোৱা।

কিন্তু নক’বা, তোমাক কোনোৱাই ঈৰ্ষা নকৰে বুলি

তুমি যদি সঁচাই ভাল।

তোমাৰ আটাগুড়িৰে আবৃত টুপীটো মোৰ ৰাজমুকুটোতকৈয়ো মূল্যৱান

তোমাৰ কলটো মোৰ ৰাষ্ট্ৰখনৰ বাবে আয়ৰ উৎস

তোমাৰ দৰে মানুহ ইংলণ্ডৰ বাবে গৌৰৱ।

হে ডী নদীৰ পাৰৰ মিল মালিকজন!” ০ ০ ০

বিঃ দ্ৰঃ ‘ডী নদীৰ পাৰৰ আটাকলৰ মালিকজন’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘The Miller of the Dee’

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

অতীত স্মৃতি

মূল ইংৰাজীঃ থমাচ ম’ৰ (ইংলণ্ড)

 

প্ৰায়েই, নিস্তব্দ নিশা

মই টোপনি যোৱাৰ আগতে

ভাললগা স্মৃতিয়ে পোহৰাই তোলে

বিগত দিনবোৰৰ 

হাঁহিবোৰ, চকুলোবোৰ

ল’ৰালিকালৰ দিনবোৰ,

তেতিয়া কোৱা প্ৰেমৰ কথাবোৰে

চকুযুৰিক উজলাই তুলিছিল

এতিয়া সেইবোৰ অন্ধাকাৰাচ্ছন্ন আৰু অতীত

তেতিয়াৰ আনন্দময় হৃদয়টো এতিয়া ভাঙি পৰিছে

এনেদৰে নীৰৱ নিশা

মই টোপনি যোৱাৰ আগতে দুখৰ স্মৃতিয়ে 

বিগত দিনৰ কথা মনত পেলাই দিয়ে

যেতিয়া মই এই সকলোবোৰ মনত পেলাওঁ

নলে-গলে লগা বন্ধুসকলক

যিসকল মৃত

শীতকালত সৰি পৰা গছৰ পাতৰ দৰে

মই এতিয়া এনে এজন লোকৰ দৰে অনুভৱ কৰো

যিজন অকলশৰীয়া

মই এতিয়া শূন্য ভোজ সভাৰ দৰে

যাৰ পোহৰ স্তমিত হৈ পৰিছে

যাৰ জাকজমকতাৰ অন্ত পৰিছে

ভোজসভাৰ সকলো এতিয়া প্ৰস্থান কৰিছে।

এইদৰে নীৰৱ নিশা

মই টোপনিত যোৱাৰ আগতে

দুখৰ স্মৃতিয়ে কঢ়িয়াই আনে

অতীত স্মৃতিবোৰ। ০ ০ ০

বিঃ দ্ৰঃ ‘অতীত স্মৃতি’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘The Light of the Other Days’

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ডেফ’ডিল  ফুলবোৰলৈ

মূল ইংৰাজীঃ ৰবাৰ্ট হেৰিট (ইংলণ্ড)

 

সুন্দৰ ডেফ’ডিলচ, তোমাক চাই আমি উচুপি উঠো

তুমি অতি দ্ৰুতগতিত লেৰেলি যোৱা

এতিয়াও ৰাতিপুৱাৰ সূৰ্য

দুপৰীয়া পোৱাগৈ নাই।

থমকি ৰোৱা, থমকি ৰোৱা

দ্ৰুত গতিত পাৰ হৈ থকা দিনৰ শেষলৈ

সন্ধিয়াৰ সংগীতলৈ

আমি একেলগে সন্ধিয়াৰ প্ৰাৰ্থনা কৰিম

আৰু একেলগে গুচি যাম।

 

তোমাৰ দৰে আমাৰো জীৱনকাল ক্ষণস্থায়ী

তোমাৰ দৰে আমাৰ বসন্তকালো চুটি

আমি মৃত্যুৰ পিনে দ্ৰুতগতিত আগবাঢ়ি আছো

ঠিক তোমাৰ দৰে বা আন ক্ষণস্থায়ী বস্তুৰ দৰে

আমি মৰি যাওঁ

যেনেদৰে তোমাৰ সময়বোৰ পাৰ হয়

তুমি শুকাই ক্ষীণাই যোৱা।

আমি গ্ৰীষ্মকালৰ বৰষুণৰ দৰে ক্ষণজীৱি

অথবা ৰাতিপুৱাৰ নিয়ৰৰ দৰে

আমাক দ্বিতীয়বাৰ পোৱা নাযায়। ০ ০ ০

বিঃ দ্ৰঃ ‘ডেফ’ডিল ফুলবোৰলৈ’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘To Daffodils’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মোক কৃপা কৰি পোহৰলৈ লৈ বলা

মূল ইংৰাজীঃ কাৰ্ডিনাল নিউমেন (আমেৰিকা)

 

কৃপা কৰি মোক পোহৰলৈ লৈ বলা, মই অন্ধকাৰ বৃত্তৰ মাজত আছো

তুমি মোক আগবঢ়াই লৈ বলা

ৰাতিটো বৰ অন্ধকাৰ, আৰু মই মোৰ ঘৰৰ পৰা বহু দূৰত আছো

তুমি মোক আগবঢ়াই লৈ বলা।

তুমি মোৰ ভৰিযোৰ চলাই নিয়া, মই তোমাক নকওঁ

দূৰৰ দৃশ্যবোৰ  চাম বুলি, এখোজ আগবঢ়াই দিয়া এয়েই যথেষ্ট।

মই আগতে তেনেকুৱা  নাছিলো, তোমাক মই প্ৰাৰ্থনাও কৰা নাছিলো

তুমি মোক আগবঢ়াই নিব লাগিব বুলি।

মই নিজৰ পথ নিজে বাছি ল’বলৈ ভাল পাইছিলো

কিন্তু এতিয়া তুমি মোক আগবঢ়াই লৈ বলা।

মই বৰ্ণাঢ্য দিনবোৰক ভাল পাইছিলো, কোনো ভয় নাছিল

অহংকাৰে মোৰ ইচ্ছাক শাসন কৰিছিল–

অতীত বছৰবোৰক মনত পেলোৱা নাছিলো

ইমানদিনে তোমাৰ শক্তিয়ে মোক আশীৰ্বাদ পুষ্ঠ কৰিলে

এতিয়াও তুমি মোক আগবIÿাই লৈ বলা

অনুৰ্বৰ পথাৰ আৰু জলাশয়, ওখোৰা-মোখোৰা পৰ্বত আৰু স্ৰোতৰ মাজেদি

ৰাতিটো শেষ হ’ল

ৰাতিপুৱাৰ লগে লগে দেৱদূতবোৰে মুখমেলি হাঁহিছে

এইবোৰক মই ভাল পাইছিলো, কিন্তু¸ ক্ষন্তেকৰ বাবে হেৰুৱাইছিলো। ০ ০ ০

বিঃ দ্ৰঃ ‘মোক কৃপা কৰি পোহৰলৈ লৈ বলা’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Lead Me Kindly Light’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ঘৰ,  মৰমৰ ঘৰ

মূল ইংৰাজীঃ জন হাৱাৰ্ড পাইন (আমেৰিকা)

 

যদিও আমি সুখ আৰু ৰাজপ্ৰসাদৰ মাজেদি  ঘূৰি ফুৰো

ঘৰ হওঁক শান্ত, ঘৰৰ দৰে কোনো ঠাই নাই!

ঘৰখনত স্বৰ্গৰ পৰা আশীৰ্বাদ আহে আৰু আমাক নিৰাপদ ৰাখে

যি আমি বিশ্ব বিচাৰি চলাথ কৰিলেও আন ক’তো নাপাওঁ।

 

ঘৰ! ঘৰ! মৰমৰ মৰমৰ ঘৰ!

ঘৰৰ দৰে কোনো ঠাই নাই!

ঘৰৰ দৰে কোনো ঠাই নাই!

ঘৰৰ পৰা দেশান্তৰিত হোৱা পৰিস্থিতি সুন্দৰ হ’লেও অৰ্থহীন,

অহ! মোক দিয়া মোৰ শান্ত কুটিৰ

তাত মোৰ মাত শুনি চৰাইবোৰে আনন্দৰে আহি গীত গায়,

সেই ঘৰখন মোক দিয়া, তাত মনৰ শান্তি আছে, ই সকলোতকৈ মৰমৰ।

 

ঘৰ! ঘৰ! মৰমৰ , মৰমৰ ঘৰ!

ঘৰৰ দৰে কোনো ঠাই নাই!

ঘৰৰ দৰে কোনো ঠাই নাই! ০ ০ ০

বিঃ দ্ৰঃ ‘ঘৰ, মৰমৰ ঘৰ’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Home, Sweet Home’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ৰেলগাড়ীৰ ডবাৰ পৰা

 মূল ইংৰাজীঃ ৰবাৰ্ট লুইচ স্টেভেনচন (ইংলণ্ড)

 

পৰীতকৈয়ো বেগী, ডাইনীসকলতকৈয়ো দ্রুতবেগী,

সাঁকো আৰু ঘৰবাৰী, জোপোহা বন আৰু নৰ্দমাবোৰ পাৰ হয়

যুদ্ধ পথাৰত আক্ৰমণকাৰী সৈনিকসকলৰ দৰে সোঁ-সোঁৱাই যায়

ঘোঁৰা আৰু গৰু-ম’হৰ ঘাঁহনি পথাৰত থকা পথাৰৰ মাজেদি,

পাহাৰ আৰু ভৈয়ামৰ সকলো দৃশ্য দ্রুতবেগী বৰষুণৰ দৰে উৰি যায়

আৰু আকৌ চকুৰ পচাৰতে

পাৰ হৈ যায় ৰংচঙ্গীয়া স্টেশনবোৰ।

ইয়াত এজন ল’ৰা আছে, যিজনে অতি কষ্টেৰে বগাই উঠে 

নিজে নিজে কাঁইটীয়া বন সংগ্ৰহ কৰি

ইয়াত আছে সেউজীয়া পথাৰ ডেইজী ফুলবোৰৰ বাবে!

ৰাস্তাত  আছে এখন গাড়ী 

ই মানুহ আৰু বোজা লৈ দৌৰি গৈছে

ইয়াত আছে এখন কল আৰু আছে এখন নদী

এই সকলোবোৰ হৈছে পোহৰৰ চমক, হেৰাই গ’ল চিৰদিনৰ বাবে! ০ ০ ০

বিঃ দ্ৰঃ ‘ৰেল গাড়ীৰ ডবাৰ পৰা’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘From a Railway Carriage’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

এটা বৰফময় সন্ধিয়াত হাবিৰ কাষত ৰৈ

মূল ইংৰাজীঃ ৰবাৰ্ট ফ্রষ্ট (আমেৰিকা)

 

এই হাবিটো যিজনৰ তেওঁৰ বিষয়ে মই জানো

তেওঁৰ ঘৰখন গাঁৱত

বৰফেৰে পৰিপূৰ্ণ হাবিটো চাবলৈ

মই যে ইয়াত থমকি ৰৈছো সেয়া তেওঁ নেদেখিব।

 

ওচৰত কোনো পামঘৰ নোহোৱাকৈ 

এই হাবি আৰু  বৰফময় হ্রদটোৰ কাষত 

বছৰটোৰ আটাইতকৈ অন্ধকাৰ সন্ধিয়া এটিত

ক্ষন্তেক ৰোৱাটো মোৰ ঘোঁৰাটোৱে আচৰিত বুলি ভাবিব।

 

ঘোঁৰাটোৱে তাৰ ঘন্টাটো জোকাৰি দিছে

মই কিবা ভুল কৰিলোনে বুলি সুধিবলৈ

ইয়াৰ বাহিৰে আন শব্দটো আছিল 

কোমল বৰফ আৰু মৃদুভাৱে বৈ যোৱা বতাহৰ শব্দ।

 

হাবিটো বৰ আনন্দদায়ক, অন্ধকাৰ আৰু গভীৰ

কিন্তু মোৰ প্ৰতিজ্ঞা পালন কৰিবলৈ বাকী আছে

আৰু মই টোপনি যোৱাৰ আগতে বহু মাইল বাট যাব লাগিব

আৰু মই টোপনি যোৱাৰ আগতে বহু মাইল বাট যাব লাগিব। ০ ০ ০

বিঃ দ্ৰঃ ‘এটা বৰফময় সন্ধিয়াত হাবিৰ কাষত ৰৈ’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Stopping by Woods on a Snowy Evening’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

আমি সোঁসোৱাই যাও যেতিয়া ৰেলগাড়ীত যাওঁ 

মূল ইংৰাজীঃ জেমচ থমচন (আমেৰিকা)

 

আমি সোঁসোৱাই যাওঁ, যেতিয়া আমি ৰেল গাড়ীত যাওঁ,

গছ-গছনিবোৰ আৰু ঘৰবাৰীবোৰ পিছুৱাই যায়,

কিন্তু সমভূমিৰ ওপৰত থকা ত’ৰাময় আকাশ

আমাৰ পথত উৰি আহে।

 

আকাশৰ সকলোবোৰ সুন্দৰ ত’ৰা

ৰাতিৰ হাবিত থকা ৰূপালী কপৌ চৰাইবোৰ

আমনিদায়ক পৃথিৱীৰ ওপৰত জাক পাতি উৰি আহি

আমাৰ ভ্ৰমণ সংগী হয়।

 

আমি সোঁসোৱাই যাম শংকাহীনভাৱে

আমাৰ লক্ষ্য দূৰত হ’ব পাৰে, ভ্ৰমণ দ্ৰুত হ’ব পাৰে

আমি আমাৰ লগত মৰমৰ পৃথিৱীখন বহন কৰি ফুৰো

যেতিয়া পৃথিৱীখন আমাৰ ভৰিৰ তলৰ পৰা পিছলি যায়। ০ ০ ০

বিঃ দ্ৰঃ ‘আমি সোঁ-সোৱাই যাওঁ যেতিয়া ৰেলগাড়ীত যাওঁ’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম As We Rush, As We Rush in the Train’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

সৰু চৰাই পোৱালীজনীয়ে কি কয়

লৰ্ড আলফ্রেড টেনিচন (ইংলণ্ড)

 

সৰু চৰাই পোৱালীজনীয়ে কি কয়

তাইৰ বাহত ৰাতিপুৱাৰ আম্ভণিতে?

মোক উৰিবলৈ দিয়া– চৰাই পোৱালিজনীয়ে কয়,

মা, মোক উৰি যাবলৈ দিয়া।

 

হে পোৱালীজনী, কিছু সময় জিৰণি লোৱা

তোমাৰ সৰু ডেউকাযোৰ শক্তিশালী হোৱালৈকে।

সেয়ে তাই কিছু সময় জিৰণি লয়,

তাৰ পিছত তাই গুচি যায়। ০ ০ ০

বিঃ দ্ৰঃ ‘সৰু চৰাই পোৱালিজনীয়ে কি কয়’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘What Does Little Birdie Say’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

চৰাইৰ কথা

মূল ইংৰাজী– ইলিন ফিচাৰ (ইংলণ্ড)

 

‘ভাবি চোৱা …….’ ৰবিন চৰাইয়ে ক’লে

‘ভাবি চোৱা …….’ জে চৰাইয়ে ক’লে,

এদিনাখন বাগিছাত বহি

সিহঁতে কথাষাৰ ক’লে।

 

‘মানুহৰ বিষয়ে ভাবা

সিহঁতে কিদৰে ডাঙৰ-দীঘল হয়

সিহঁতৰ কোনো পাখি  নাই

তুমি সেয়া জানা।

 

সিহঁতে গুবৰুৱা পোক নাখায়,

সিহঁতৰ কোনো ডেউকা নগজে

তাঁৰ আৰু বস্তুৰ ওপৰত

সিহঁতে বহি থাকি ভাল নাপায়।’

 

‘ভাবি চোৱা!’ ৰবিন চৰাইয়ে ক’লে

‘ভাবি চোৱা! জে চৰাইয়ে ক’লে,

তেনে হোৱাটো

মানুহৰ বাবে হাস্যকৰ নহ’লহেঁতেন নে? ০ ০ ০

বিঃ দ্ৰঃ ‘চৰাইৰ কথা’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Bird Talk’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

কোনোৱা এজন 

মূল ইংৰাজীঃ ওৱাল্টাৰ দি লা মেয়াৰ (ইংলণ্ড)

 

কোনোৱাই খুন্দিয়াই আহিছিল

মোৰ কোঠালীৰ সৰু দৰজাখনত

কোনোৱাই খুন্দিয়াই আহিছিল

মই নিশ্চিত, নিশ্চিত, নিশ্চিত

মই শুনিছিলোঁ আৰু দৰজাখন খুলি দিছিলোঁ

মই বাওঁফালে আৰু সোঁফালে লক্ষ্য কৰিছিলোঁ।

কিন্তু তাত কোনো নাছিল

নিস্তব্ধ অন্ধকাৰ ৰাতিত,

মাত্ৰ ব্যস্ত গুবৰুৱা পোকে

বেৰখনত টেপ-টেপ কৰি আছিল।

মাত্ৰ হাবিখনৰ পৰা

ফেঁচাই হুঁট হুঁট মাতিছিল।

মাত্ৰ উঁইচিৰিঙা পোকে হুঁহৰি বজাইছিল

তেতিয়া নিয়ৰ পৰিছিল

সেয়ে মই জানিব নোৱাৰিলোঁ

মুঠতে কোনেনো খুন্দিয়াইছিল। ০ ০ ০

বিঃ দ্ৰঃ ‘কোনোৱা এজন’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Someone’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

অন্তৰঙ্গ বন্ধু

মূল মাৰাঠীঃ হীৰা বানচুদ (ভাৰত)

 

আজি তুমি প্ৰথমবাৰৰ বাবে নৈশ ভোজনলৈ আহিলা

তুমি মাত্ৰ অকলে অহা নাই, তুমি তোমাৰ সম্প্ৰদায়ক পাহৰি আহিছা

সাধাৰণতে তিৰোতাসকলে  বৰ্ণ বৈষম্যৰ পৰম্পৰাটো পাহৰিব নোৱাৰে।

কিন্তু তুমি আকাশৰ দৰে বিশাল মন লৈ মোৰ মোনাৰ দৰে সৰু পজাঁলৈ আহিছা।

মই ভাৱিছিলো তুমি বৰ্ণবাদৰ সকলো বস্তু উভালি পেলাই দি আহিছা

তুমি সেই ব্যৱধানেটাত সেঁতু বান্ধি আহিছা যিয়ে আমাৰ মাজত বিভাজন আনে।

সঁচা কথা, মই সঁচাই সুখী হৈছিলোঁ

ছাভাৰিৰ সৰল ভক্তিৰ সৈতে মই তোমাৰ পাত্ৰত খাদ্য পৰিৱেশন কৰিছিলোঁ

কিন্তু তুমি যি মূহুৰ্তত পাত্ৰটোলৈ চকু দিলা, তোমাৰ মুখাবয়ৱ সলনি হ’ল

তুমি এটি কৃত্ৰিম হাঁহি মাৰি কৈছিলা, হে মোৰ বন্ধু — তুমি কাছিম্বিৰ চুটনি এইদৰে পৰিৱেশন কৰানে?

তুমি এতিয়াও নাজানা কিদৰে খাদ্য পৰিৱেশন কৰিব লাগে

সঁচাকৈয়ে তোমালোক নিম্ন সম্প্ৰদায়টো কেতিয়াও উন্নতি লাভ কৰিব নোৱাৰা।

 

মই লজ্জিত হৈছিলোঁ, সচাঁকৈয়ে লজ্জিত হৈছিলোঁ

মোৰ হাত দুখন যিয়ে  আকাশ স্পৰ্শ কৰিছিল সি ভাঙি পৰিলছিল।

মই নীৱৰ  হৈছিলোঁ

ভোজনৰ শেষৰ পিনে তুমি সুধিছিলা–

এয়া কি? তুমি মাখন পৰিৱেশন নকৰানে অথবা ভাতৰ সৰ্বশেষ পৰিৱেশনত তপতোৱা গাখীৰৰ দৈ পৰিৱেশন নকৰানে?

হে মোৰ মৰমৰ ববন্ধু, আমি সেয়া পৰিৱেশন কৰিব নোৱাৰো  যদিহে তাত নাথাকে …..

মোৰ সৰ্বশেষ সাহসৰ টুকুৰা অধঃপতিত ত’ৰাৰ দৰে সৰি পৰিছিল।

মই দুঃখিত হৈছিলোঁ আৰু তাৰ পিছত জঠৰ হৈ পৰিছিলো

কিন্তু ইয়াৰ পিছ মূহুৰ্ততে মই বাস্তৱলৈ ঘূৰি আহিছিলোঁ

পানীৰ ওপৰত দলিয়াই দিয়া শিল এটুকুৰাই ইয়াৰ  গভীৰত থকা বস্তুকো জোকাৰি দিয়ে।

তেনেদৰে পূৰ্ব স্মৃতি মোৰ মনলৈ জাক পাতি আহিছিল

হে মৰমৰ বন্ধু, তুমি মাখনৰ কথা কৈছিলা আৰু কৈছিলা তপতোৱা গাখীৰৰ দৈৰ কথা

সেয়া মই তোমাক কিদৰে কওঁ?

তুমি জানা, সৰু কালত মাখন বা তপতোৱা গাখীৰৰ কথা বাদেই আমি চাহ বনাবলৈয়ো গাখীৰ পোৱা নাছিলোঁ।

মোৰ আইয়ে তাইৰ চকুৰ পৰা ধোঁৱা মচি মচি জাৱৰ-জোঁথৰৰ পৰা অনা কাঠৰ গুড়িৰে ৰান্ধিছিল।

আমি  খহটা ৰুটিৰ ওপৰত নহৰুৰ চাটনি পাইছিলো অন্যথা আমি পানীত জুবুৰিয়াই ৰুটি খাইছিলো

হে মৰমৰ বন্ধু,  তেনে বস্তু আমাৰ শব্দ ভাণ্ডাৰত নাছিলেই

মোৰ নাকটোৱে কেতিয়াও ঘীৰ সুগন্ধ পোৱা নাছিল

মোৰ জিভাই কেতিয়াও হালুৱা, বাসুন্দি আদিৰ সোৱাদ পোৱা নাছিল।

 

হে মৰমৰ বন্ধু, তুমি তোমাৰ পৰম্পৰা ত্যাগ কৰিব পৰা নাই

ইয়াৰ শিপা তোমাৰ মনত গভীৰভাৱে পোত গৈছে,

আৰু এয়া সঁচা, সঁচা, সঁচা

বন্ধু,  ভাতৰ সৰ্বশেষ পৰিৱেশনত তপতোৱা গাখীৰৰ দৈ আছে।

আজি তোমাৰ পাত্ৰত  দিয়া খাদ্যসম্ভাৰ যাথাযথভাৱে সজোৱা হোৱা নাই।

তুমি মোক এতিয়া ক’বানে, মই কি ভুল কৰিলোঁ

তুমি মোক মোৰ ভুলবোৰ ধৰি দিবানে? ০ ০ ০

বিঃ দ্ৰঃ ‘অন্তৰংগ বন্ধ³’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Bosom Friend’. 

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ভাঙি ওলাই আহিলোঁ

মূল ইংৰাজীঃ মাৰ্জ পিয়াৰ্চি  (আমেৰিকা)

 

মোৰ প্ৰথম ৰাজনৈতিক কাৰ্যকলাপ? 

মই দেখিছো মোৰ সন্মুখত দুখন দৰজা যিদুখন সততে খোল খাই থাকে

ফচহু কথা পাতি থকা লোকসকলৰ ঘৰৰ চুকত।

 

তাত থিয় দি আছিল এখন ইস্ত্ৰি মেচিন

কাপোৰ, টাৱেল আৰু মোৰ দেউতাৰ অন্তৰ্বাস

ইস্ত্ৰি কৰাৰ বাবে 

মই ইয়াৰ প্ৰয়োজন অনুভৱ কৰা নাছিলোঁ কেতিয়াও।

 

ইয়াৰ থিয় বায়ুশূন্য মোনাৰ সৈতে যিয়ে হেঁচা মাৰি বতাহ উলিয়াই দিয়ে

যেন ই ঘৰুৱা কামত ক্লান্ত ঠিক যেনেদৰে মই ক্লান্ত

যিজনীয়ে শপত খাই কৈছিল মই কেতিয়াও ঝাড়ু নিদিওঁ।

 

মই ঘৰ এৰাৰ পিছত, যিজনীয়ে আইৰ প্ৰতিদিনৰ তেলেৰা পানী পৰিস্কাৰ কৰা কামটো ঘৃণা কৰিছিল

বায়ু পৰি আছিল শামুকৰ গতিৰ দৰে।

মই বিদ্যালয়ত থকা সময়ত ছিছিফাচ আৰু তেওঁৰ শিলটুকুৰাটোৰ বিষয়ে পঢ়িছিলোঁ।

মাকৰ কামটোও তেনে আছিল বুলি মই ভাবিছিলো। তাই আছিল ঘৰঘৈনী যিয়ে ঘঁহি নিকা কৰিছিল বস্তু-বাহিনী বৰষুণে নিকা কৰা কাৰখানাৰ ছাইৰ দৰে।

 

উচ্চ শ্ৰেণীৰ লোকৰ লগত মিলামিচা কৰা লেতেৰা সাৰেং চৰাইৰ দৰে তাত আছিল এখন ৰোলমাৰি

যিখন আছিল ধূলিময় লেতেৰা ।

 

যেতিয়া মোক সঁচাকৈয়ে দুষ্ট বুলি বিবেচনা কৰা হৈছিল

সেই মাৰিডাল মোক শাস্তি দিয়া আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল

মোক কোবোৱা হৈছিল আৰু মই ইঞ্জিনৰ দৰে কৰ্কশ শব্দ কৰিছিলোঁ

যাতে মোৰ শব্দই  মোক কৰা আঘাতৰ শব্দ তল পেলায়।

 

মোৰ মাকে মোৰ ওপৰত মাৰিডাল বৰ নিষ্ঠুৰভাৱে প্ৰয়োগ কৰিছিল

কিন্তু মোৰ দেউতাকে অধিক কঠোৰভাৱে আৰু দীৰ্ঘ সময়ৰ বাবে ব্যৱহাৰ কৰিছিল।

মই মোৰ মূৰটো পকোঁৱাই  দিছিলো সেয়া দাপোণত চাবৰ বাবে।

 

মই সেই ৰঙা আৰু নীলা পৰ্বত শ্ৰেণী মানচিত্ৰত চোৱাৰ দৰে অধ্যয়ন কৰিছিলো আৰু পলাই যাব বিচাৰিছিলো

যাতে মই ডাঙৰ হ’লে স্বাধীনতা পাব পাৰো।

 

মই যেতিয়া এঘাৰ বছৰীয়া হৈছিলোঁ

সেই ৰোলমাৰিটো ভাঙ্গি পেলাইছিলোঁ।

কাঠৰ টুকুৰা আঙুলিৰে ভঙা মই বিশ্বাস কৰিব পৰা নাছিলোঁ।

এয়া মোতকৈ অধিক দুৰ্বল বুলি কেনেদৰে প্ৰমাণিত হ’ব পাৰে?

এয়া নহয় যে  ইয়াৰ পিছত আৰু কেতিয়াও মোক কোবোৱা হোৱা নাছিল।

কিন্তু মোৰ যন্ত্ৰণাক পৰিমাপ কৰা সেই মাৰিডাল ভাঙি দিয়াৰ পিছদিনাখন মই যুৱতী হৈছিলো।

 

এয়া হেৰুৱা সাধুতাৰ গল্প নহয়

এয়া হৈছে লাভ কৰা ক্ষমতাৰ কাহিনী

মই ছিছিফাচ নহয় কেতিয়াও

ইয়াত বহুত বস্তু আছে যিবোৰ মই ভাঙিবলৈ শিকিব লাগিব। ০ ০ ০

বিঃ দ্ৰঃ ‘ভাঙি ওলাই আহিলো’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Breaking Out ‘.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

বিবাহ সৃষ্টি কৰা হৈছে

মূল ইংৰাজীঃ ইউনাইচ দে চুজা (ভাৰত)

 

মোৰ ভন্টী ইলেনাৰ 

বিবাহ হ’ব লগা আছে।

সকলো আনুষ্ঠানিকতা সম্পন্ন হৈছে।

তাইৰ পৰিয়ালৰ ইতিহাস পৰীক্ষা কৰা হৈছে

তাইৰ পৰিয়ালৰ কাৰোবাৰ যক্ষ্মা আৰু মতিভ্ৰম আছেনে

তাইৰ দেউতাক দেউলীয়া ঘোষিত হৈছিলনে?

তাইৰ চকুযুৰি পৰীক্ষা কৰা হৈছে 

তাত কিবা কেৰাহী দৃষ্টি আছেনে

তাইৰ দাঁতবোৰৰ মাজত ফাঁক আছেনে

তাইৰ মল-মূত্ৰও পৰীক্ষা কৰা হৈছে

কিজানিবা অব্রাহ্মণৰ পেলু আছে

তাই সিমান ওখ নহয়।

শৰীৰটোও সম্পৰ্ণ সুগঢ়ী নহয়

(ল’ৰা-ছোৱালীহঁতে ইয়াৰ যত্ন ল’ব)

তাইৰ শাৰীৰিক অৱয়ব অৱশ্যে ভাল। 

ই তাইৰ বাকী অভাৱবোৰৰ ক্ষতিপূৰণ কৰিব।

মুঠতে তাইৰ  শুদ্ধতা

তাইৰ সম্ভাব্য দৰা

খ্ৰীষ্টান ধৰ্মী

ফ্রেন্সিচকো-১০, নৰ’নহো প্ৰভুৰ

যোগ্য হ’ব। ০ ০ ০

বিঃ দ্ৰঃ ‘বিবাহ সৃষ্টি কৰা হৈছে’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Marriage are Made’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

হাৰলেম

মূল ইংৰাজীঃ লংস্টোন হাগচ (আমেৰিকা)‌

 

স্থগিত ৰখা সপোনৰ কি হয়?

এয়া শুকাই যায়নে

কিচমিচৰ দৰে সূৰ্যৰ তাপত?

অথবা ঘাঁৰ দৰে গেলি পচি 

ই বৈ যায়নে ?

ই পচি যোৱা মাংসৰ দৰে বেয়া গোন্ধায় নে?

অথবা  চৰবৎৰ দৰে চেনি সনা 

ৰুটিৰ দৰে সুমিষ্ট নে?

 

সম্ভৱতঃ ই গধুৰ বোজাৰ দৰে

তলপিনে হাওলি পৰে

অথবা ই বিস্ফুৰিত হয়নে? ০ ০ ০

বিঃ দ্ৰঃ ‘হাৰলেম’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Harlem’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

তথাপি মই জাগি উঠো

মূল ইংৰাজীঃ মায়া এঞ্জেলো (আমেৰিকা)

 

তুমি ইতিহাসত লিখিব পাৰা মোৰ নাম

তিতা আৰু আওপকীয়া মিছাকথাৰ সৈতে

তুমি মোক গচকি ধূলিৰ লগত মিলাই দিব পাৰা

কিন্তু তথাপি মই জাগি উঠিম, ধূলিৰ দৰে।

 

মোৰ কঁঠুৱা স্বভাৱে তোমাক বিতত কৰেনে?

তুমি কিয় বিমৰ্ষতাৰে ঘেৰি আছা?

কাৰণ মই খোজকাঢ়ি আগুৱাই যাওঁ 

মই ভালদৰে প্ৰস্তুতি লৈছোঁ মোৰ নিজৰ কোঠালীতে।

 

চন্দ্ৰটোৰ দৰে আৰু সূৰ্যটোৰ দৰে

উত্থানৰ নিশ্চয়তাৰ সৈতে

উৰ্দ্ধগামী আশাৰ দৰে

মই জাগি উঠিম।

 

তুমি মোক ভাগি পৰা দেখিবলৈ বিচৰাছিলানে?

মোৰ মস্তক অৱনত আৰু চকু দুটা অধঃপতিত অৱস্থাত?

চকুলোৰ টোপালৰ দৰে মোৰ কান্ধ দুটা সৰি পৰা

মোৰ হৃদয়ৰ কান্দোনৰ বাবে দুৰ্বল হোৱা অৱস্থাত।

 

মোৰ অহংকাৰে তোমাক খঙাল কৰেনে?

তুমি ইয়াক কঠিন ভয় বুলি ভাবানে?

মই হাঁহো কাৰণ মই সোনৰ খনি পাইছোঁ

মোৰ নিজৰ পিছপিনে খনন কৰি।

 

তুমি মোক তোমাৰ শব্দৰে গুলি কৰিব পাৰা

তুমি মোক তোমাৰ দৃষ্টিৰে কাটিব পাৰা

তুমি তোমাৰ ঘৃণাৰে মোক মাৰিব পাৰা

তথাপি মই বায়ুৰ দৰে জাগি উঠিম।

 

মোৰ কামুকতাই তোমাক বিুদ্ধিত পেলায়নে?

এয়া এটা বিষ্ময়ৰ বস্তু হৈ আহেনে?

মই নাচো কাৰণ মই হীৰা পাইছো

মোৰ দুই উৰুৰ¸ সন্ধিত।

 

ইতিহাসৰ লাজ্জাকৰ পঁজাঘৰৰ পৰা

মই জাগি উঠো

দুখৰ মাজত পোত গৈ থকা অতীতৰ পৰা

মই জাগি উঠো।

মই হৈছোঁ নাচি থকা বিশাল ক’লা মহাসাগৰ

জোঁৱাৰত মই ওফন্দি উঠো

সন্ত্ৰাস আৰু আতংকময় ৰাতি পিছপিনে এৰি

মই জাগি উঠো

আচৰিতভাৱে স্পষ্ট দোকমোকালিত

মই জাগি উঠো

মোৰ পূৰ্বপুৰুষে দিয়া উপহাৰবোৰ বহন কৰি

মই হৈছোঁ দাসসকলৰ সপোন আৰু আশা

মই জাগি উঠো

মই জাগি উঠো

মই জাগি উঠো। ০ ০ ০

বিঃ দ্ৰঃ ‘তথাপি মই জাগি উঠো’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Still I Rise’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

কাজিয়া

মূল ইংৰাজীঃ ইলেনোৰ ফাৰজিঅ’ন (ইংলণ্ড)

 

মই মোৰ ভায়েকৰ লগত কাজিয়া কৰিছিলোঁ,

মই নাজানো কিহৰ বাবে,

এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ গৈছিলো

আৰু কেনেবাকৈ আমাৰ কাজিয়াটো আৰম্ভ হৈছিল।

কাজিয়াৰ আৰম্ভণিটো আছিল সামান্য

ইয়াৰ শেষ আছিল অতি প্ৰৱল।

তেওঁ কৈছিল তেওঁ শুদ্ধ

মই জানিছিলো তেওঁ ভুুল কৰিছিল!

আমি এজনে আনজনক ঘৃণা কৰিছিলৈ লৈছিলো

আবেলি অন্ধকাৰময় (বেয়া) লাগিছিল

পিছত হঠাৎ মোৰ ভায়েকে

মোৰ পিঠত থপৰিয়াইছিল,

আৰু কৈছিল, ‘সোনকালে আহা!

আমি এনেদৰে গোটেই ৰাতি থাকিব নোৱাৰো

মইয়েই ভুল কৰিছোঁ’

সেয়ে তেওঁ শুদ্ধ আছিল। ০ ০ ০

বিঃ দ্ৰঃ ‘কাজিয়া’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম Quarrel’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

ৰামধেনুৰ ল’ৰা-ছোৱালী

মূল ইংৰাজী — চি জে হেক (আমেৰিকা)

 

মই যোৱাকালি আইতাকৰ লগত কথা পাতিছিলোঁ

মই জনা এজনী ছোৱালীৰ বিষয়ে

তাইৰ ছালৰ বৰণ আছিল বেলেগ

তথাপি মই তাইক ভাল পাওঁ।

 

আন ল’ৰা-ছোৱালীয়ে তাইক জোকায়

ইয়াৰ বাবে তাই দৌৰি পলায়

কাৰণ তাই দেখাত বেলেগ

আৰু সিহঁতে কেতিয়াও তাইক খেলিবলৈ নিদিয়ে।

 

মই ভাৱো তাইয়ো দেখাত সুন্দৰী!

তাইৰ ছালৰ বৰণ গভীৰ নীলা

তাই হৈছে মই লগ পোৱা আটাইতকৈ সুন্দৰী ছোৱালী

আৰু তাই ভ্ৰূকুটি (বেজাৰ) কৰাটো দুঃখজনক।

 

আইতাকে মোক তাইৰ কোলাত লৈছিল

আৰু কৈছিল যে তাই গর্বিত

তাই কৈছিল অতি গুৰুত্বপূৰ্ণ কথাটো

আৰু আইতাকে মোক সমৰ্থন কৰিছিল।

 

ল’ৰা-ছোৱালীসকল হৈছে জীৱনৰ ৰামধেনু

ক’লা আৰু  হালধীয়া, ৰঙা আৰু বগা

এই বৰণবোৰ কোনো বিষয় নহয়

আন্তৰিক বিষয়হে আচল কথা।

মই সুধিছিলো যদিহে ই সেয়া হয়

যেতিয়া আমি কওঁ আমি বৰ্ণ বৈষম্যৰ প্ৰতি অন্ধ

তাই হাঁহিছিল আৰু কৈছিল ইয়াৰ অৰ্থ হোৱা উচিত

সকলো মানুহ হৃদয় আৰু মনত সমান। ০ ০ ০

বিঃ দ্ৰঃ ‘ৰামধেনুৰ ল’ৰা-ছোৱালী’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম  ‘Childen of the Rainbow’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

আকৌ চেষ্টা কৰা

মূল ইংৰাজীঃ উইলিয়াম এডৱাৰ্ড হিকচন (ইংলণ্ড)

 

এয়া হৈছে এক শিক্ষা তুমি মনোযোগ দিয়া উচিত,

আকৌ চেষ্টা কৰা;

যদি তুমি প্ৰথমতে সফল হ’ব নোৱাৰা

আকৌ চেষ্টা কৰা;

তেতিয়া তোমাৰ সাহস দেখা দিব

যদিয়ে তুমি নেৰানেপেৰাকৈ চেষ্টা কৰা

তুমি জয় লাভ কৰিবাই, কেতিয়াও ভয় নকৰিবা

আকৌ চেষ্টা কৰা।

 

এবাৰ বা দুবাৰ যদিও বিফল হোৱা

তুমি যদি শেষলৈ জীয়াই থকা

আকৌ চেষ্টা কৰা

তুমি যদি চেষ্টা কৰা, এয়া কোনো লাজৰ কথা নহয়

যদিও আমি জয়ী নহওঁ

তেনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ?

আকৌ চেষ্টা কৰা।

 

তুমি যদি তোমাৰ কামটো টান পোৱা

আকৌ চেষ্টা কৰা

সময়ে তোমালৈ পুৰস্কাৰ আনি দিব

আকৌ চেষ্টা কৰা;

যি কাম আন মানুহে কৰিব পাৰে

ধৈৰ্যৰে কৰিলে তুমি নোৱাৰিবা কিয়?

মাত্ৰ এই কথাটো মনত ৰাখা,

আকৌ চেষ্টা কৰা। ০ ০ ০

বিঃ দ্ৰঃ ‘আকৌ চেষ্টা কৰা’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘Try Again’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মই বলিয়া তোমাৰ গানৰ

মূল ইংৰাজীঃ মেনোনিম মেনোনিমাচ (ভাৰত)

 

মই মৃতপ্ৰায়

কাৰণ মোৰ নাৰ্জী ফুলৰ সৌৰভৰ প্ৰয়োজন

ৰাতিৰ ৰাণীৰ সৌৰভবোৰ 

ছঁটিয়াই দিয়া মোৰ চাৰিওপিনে!

মোক ধৰা আৰু মোৰ অস্তিত্বক আকোঁৱালি লোৱা 

মোৰ বহুত গান আছে

কিন্তু তোমাৰ গানৰ দৰে সুমধুৰ নহয়

তুমি সুৰবোৰ আৰব দেশৰ সুগন্ধিলৈ ৰূপান্তৰ কৰা

যেতিয়া ই তোমাৰ ডিঙিৰ পৰা বাহিৰ ওলায়

মই বলিয়া তোমাৰ গানৰ। ০ ০ ০

বিঃ দ্ৰঃ ‘মই বলিয়া তোমাৰ গানৰ’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘I am Mad of Your Song’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

মোৰ চিঠিত

মূল ইংৰাজীঃ মেনোনিম মেনোনিমাচ (ভাৰত)

 

মোৰ চিঠিত মই সুমুৱাই দিলো মোৰ সপোনবোৰ

চকুলোৰ বৰ্ণমালাৰে

যদিয়ে মোৰ প্ৰতি তোমাৰ প্ৰেম আছে

মোৰ সপোনবোৰ বুজি লবা তোমাৰ ভাষাত

মই তোমাৰ ভাষাৰ প্ৰতি অজ্ঞ

অনুগ্ৰহ কৰি কোনো ভুল নকৰিবা

যতি চিন ব্যৱহাৰত

অন্যথা মৃত্যুয়ে মোৰ সপোনবোৰ গ্ৰাস কৰিব

মোৰ সপোনবোৰ মোৰ জীৱন

তোমাৰ প্ৰেম মোৰ আত্মা। ০ ০ ০

বিঃ দ্ৰঃ ‘মোৰ চিঠিত’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘In My Letter’.

অসমীয়া অনুবাদত বিদেশী কবিতা । Asomiya Anubadat Bideshi Kabita

এয়া কিমান সুন্দৰ হ’ব

মূল ইংৰাজীঃ মেনোনিম মেনোনিমাচ (ভাৰত)

 

এয়া কিমান সুন্দৰ হ’ব

যদিহে আমি বন্ধু হ’ব পাৰোঁ

মোৰ এজনী প্ৰেয়সীৰ হাতৰ প্ৰয়োজন

পোহৰলৈ আগবঢ়াই নিবলৈ

গানত মতলীয়া হ’বলৈ

আৰু মিঠা মিঠা শব্দবোৰ শুনিবলৈ।

মোৰ বন্ধু হোৱা

মই ভাল পাম হ্রদৰ পাৰে পাৰে ঘূৰি ফুৰিবলৈ 

তোমাৰ হাত ধৰি

মোৰ বন্ধু হোৱা

মোৰ ছাঁৰ প্ৰয়োজন

মই পুৰি আছো প্ৰেমৰ সুৰ্যৰ উত্তাপত। ০ ০ ০

বিঃ দ্ৰঃ ‘এয়া কিমান সুন্দৰ হ’ব’ কবিতাটোৰ মূল ইংৰাজী শিৰোনাম ‘How Nice It Would Be’.

অসমীয়া অনুবাদত বিদেশী কবিতা ।

Asomiya Anubadat Bideshi Kabita

 

সমাপ্ত

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

  1. অনুবাদ কবিতা
  2. প্ৰেমেৰে কবিতা
  3. অসমীয়া সাহিত্য
  4. আধুনিক কবিতা

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here