Home All অসমীয়া কবি প্রতিভা | Asomiya Kabi Prativa

অসমীয়া কবি প্রতিভা | Asomiya Kabi Prativa

Poetic Career of Assamese Poets

0

অসমীয়া কবি প্রতিভা  Asomiya Kabi Prativa

অসমীয়া কবি প্রতিভা

অসমীয়া কবি প্রতিভা

 

ৰাব্বি মছৰুৰ

 

 

গ্র’হিলচ্ পাব্লিশ্বিং

কমলপুৰ, বৰপেটা  (অসম)

Asomiya Kabi Prativa (অসমীয়া কবি প্রতিভা)- A collection of Critical Essays on Assamese Poets and Poetry by Rabbi Masrur, Published by Growhills Publishing.

অসমীয়া কবি প্রতিভা

Internet Edition: 2020

Website: www.masrur360.com

Email:

Price: Rs. ………

অসমীয়া কবি প্রতিভা 

D. T. P. By  Rabbi Masrur

Printed at :

অসমীয়া কবি প্রতিভা

আগকথা  

সাহিত্যক জনমুখী কৰিবলৈ সমালোচনাৰ অতীব প্ৰয়োজন। কিন্তু দুখৰ বিষয় অসমীয়া সাহিত্যৰ ওপৰত আলোচনা-সমালোচনা অতিকৈ কম। অসমীয়া কবিতা, বিশেষকৈ আধুনিক অসমীয়া কবি আৰু কবিতাৰ ওপৰত কিছু বিক্ষিপ্ত মন্তব্যৰ বাহিৰে শৃঙ্খলাবদ্ধ কোনো সম্পূৰ্ণ সমালোচনা আজিলৈকে মোৰ দৃষ্টিগোচৰ হোৱা নাই। এজন কবিতাপ্ৰেমী হিচাপে মই সময়ে-অসময়ে বহুতো কবিৰ কবিতা পঢ়ি গৈছিলোঁ। কিন্তু লিখাৰ প্ৰতি প্ৰৱল আগ্ৰহ থকা বাবে মাজে মাজে দুই এটা সমালোচনাও লিখি গৈছিলো। ‘অসমীয়া কবি প্ৰতিভা’ তেনে সমালোচনাত্মক লিখনিৰ এক ক্ষীণ সংকলন। ইয়াতে মই অকপটে স্বীকাৰ কৰো যে  অসমীয়া কবি আৰু কবিতাৰ ওপৰত লিখা এই  আলোচনা-সমালোচনাসমূহ সম্পূৰ্ণভাৱেই মোৰ নিজস্ব দৃষ্টিভঙ্গীৰ পৰা কৰা হৈছে । 

মই আশাবাদী যে এই পুথিখনে  গোটাদিয়েক অসমীয়া কবিৰ কবিতা বুজাত পাঠক সমাজক সহায় কৰিব। ইতি

শান্তি কানান

ৰাবিব মছৰুৰ

কমলপুৰ, বৰেপটা

২০২০

.

সূচীপত্র

বিষ্ণু প্ৰসাদ ৰাভাৰ গীতি কবিতাঃ  এক বৈশিষ্ট্যমূলক  আলোচনা

জ্যোতি প্ৰসাদ আগৰৱালাৰ গীতি-কবিতাঃ  এক বৈশিষ্ট্যমূলকআলোচনা

চৈয়দ  আব্দুল  মালিকৰ  কবিতাঃ  এক বৈশিষ্ট্যমূলক আলোচনা

যজ্ঞেশ্বৰ  শৰ্মৰ  কবিতাঃ  এক বৈশিষ্ট্যমূলক আলোচনা

অজিত বৰুৱাৰ  কবিতাঃ  এক বৈশিষ্ট্যমূলক আলোচনা

সনন্ত তাঁতিৰ কবিতাঃ এক  বৈশিষ্ট্যমূলক আলোচনা

বিভা দাসৰ কবিতাঃ এক বৈশিষ্ট্যমূলক আলোচনা

কমল  লোচন  দাসৰ  কবিতাঃ এক বৈশিষ্ট্যমূলক আলোচনা

লোহিত কুমাৰ বৰাৰ  কবিতাঃ এক বৈশিষ্ট্যমূলক আলোচনা

ইছমাইল হোছেইনৰ কবিতাঃ এক বৈশিষ্ট্যমূলক আলোচনা

নলিনীধৰ  ভট্টাচাৰ্যৰ  কবিতাঃ  এক বৈশিষ্ট্যমূলক আলোচনা

নীলিম কুমাৰৰ কবিতাঃ  এক বৈশিষ্ট্যমূলক আলোচনা

মিছ কৰবী ডেকা হাজৰিকাৰ  কবিতাঃ  এক বৈশিষ্ট্যমূলক আলোচনা

ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাব্যগ্ৰন্থ ‘গীতাঞ্জলি’ – এক বৈশিষ্ট্যমূলক আলোচনা

…………………………..

Table of Contents

অসমীয়া কবি প্রতিভা | Asomiya Kabi Prativa

বিষ্ণু প্ৰসাদ ৰাভাৰ গীতি কবিতা — এক বৈশিষ্ট্যমূলক আলোচনা

কেতিয়াবা কেতিয়াবা সমাজত এনে একোজন বহুমুখী প্ৰতিভাধাৰী ব্যক্তিৰ আবিৰ্ভাৱ হয়- যিজনৰ দ্ধাৰা সমাজত এক বৈপ্লৱিক পৰিবৰ্তন সাধিত হয় আৰু সমাজখনো আধুনিকতাৰ দিশত বহুদূৰ আগবাঢ়ি যায়। শ্ৰী শ্ৰী শংকৰদেৱ আছিল তেনে এগৰাকী বহুমুখী প্ৰতিভাধাৰী ব্যক্তি। শংকৰদেৱৰ পিছতে অসমত সাংস্কৃতিক দিশত এক বৈপ্লৱিক পৰিবৰ্তন আনয়ন কৰোঁতা দ্বিতীয়জন ব্যক্তিয়েই হ’ল কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভা। তেওঁ আছিল একেধাৰে গীতিকাৰ, সুগায়ক, নৃত্য শিল্পী, অভিনেতা, বিপ্লৱী আৰু বাৰে বৰণীয়া অসমীয়া সংস্কৃতিৰ সমন্বয়ৰ সেতু। বিষ্ণু ৰাভা কলা-সংস্কৃতিৰ আটাইবোৰ দিশতে পাৰদৰ্শিতা দেখুৱাই জনগণৰ সাংস্কৃতিক প্ৰাণত ইমানেই বৈপ্লৱিক আলোড়ণ তুলিছিল যে গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক ‘কলা-গুৰু’(Master of Arts) উপাধিৰে বিভূষিত কৰে। তেওঁ পৰলোক গমন কৰা আজি বহু বছৰ হ’ল যদিও তেওঁ ৰচনা কৰা গীতে অসমীয়া জাতি আগুৱাই যোৱাৰ বাটত আজিও প্ৰেৰণাদায়ক মন্ত্ৰ হৈ আছে। তেওঁৰ গীতি কবিতাসমূহ অসমীয়া জনসাধাৰণৰ ইমানেই আপোন যে তেওঁৰ গীতৰ পৰিৱেশন অবিহনে অসমীয়া সমাজৰ কোনো সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণ নহয়। প্ৰেম আৰু বিপ্লৱ তেওঁৰ গীতি কবিতাৰ দুটা প্ৰধান সঁতি ।

প্ৰেমক মূল অৱলম্বন হিচাপে লৈ তেওঁ ৰচনা কৰা গীতসমূহ প্ৰাক-স্বাধীনতা যুগৰ ৰচনা। তেতিয়া তেওঁ আছিল এজন চফল-চঞ্চল ডেকা। সেয়ে মনৰ গোপন কোণত উচ্ছসিত হৈ থকা কোনো নাৰী বা প্ৰেয়সীৰ প্ৰতি তেওঁৰ প্ৰেমানুভূতি গীতৰ মাজেৰে বৰ্হিগমন কৰিছে। তেওঁৰ প্ৰেমমূলক গীতি কবিতাসমূহ ডেকা বয়সৰ ৰচনা বাবেই তেওঁৰ প্ৰেমানুভূতি সংযম আৰু গাম্ভীর্য  ৰহিত। ডেকা বয়সৰ চঞ্চলতা আৰু হতাশাৰ সুৰেৰে তেওঁৰ প্ৰেম সম্পৰ্কীয় গীতসমূহ উখল-মাখল।

গীতিকাৰ বিষ্ণু ৰাভাই তেওঁৰ মানস প্ৰেয়সীক ইমানেই ভাল পায় যে তাইক ভোল নিয়াবলৈ কবিয়ে নিজৰ হিয়াখনকে প্ৰিয়াৰ খোপাত গুজি দিব বুলি হাবিয়াস কৰিছে। গীতিকাৰৰ ভাষাত–

“নাহৰ ফুলে নুশুৱায় 

তগৰ ফুলে শুৱাব

তগৰ ফুলে নুশুৱায় 

কপৌ ফুলে শুৱাব।

কপৌ ফুলে নুশুৱায়

(যদি) ঘিলা খোপাতে তোৰ

হিয়া ফুল পাৰি দিম 

গুজি খোপাতে তোৰ।”

কবিয়ে তেওঁৰ প্ৰেয়সীক মনৰ গোপন কিবা কথা কোৱাৰ হাবিয়াস কৰিছে যদিও সি কথা কোৱা নহ’ল;  হয়তো তেওঁ প্ৰকাশ্যে তেওঁৰ প্ৰেমানুভূতি ব্যক্ত কৰিবলৈ সাহস পোৱা নাই। সেয়ে কবিয়ে কৈছে–

“লগন উকলি গ’ল 

তেওঁ যে নহ’ল কোৱা 

মনৰ কথাটি মোৰ 

হিয়াতে গুপুতে থোৱা।”

গীতিকাৰ ৰাভাই প্ৰেয়সীৰ ডিঙিত ফুলৰ মালা আঁৰি দি আকোঁৱালি লোৱাৰ সপোন দেখিছিল; কিন্তু সেই সপোন  দিঠকত পৰিণত  নহ’ল । সেয়ে কবিয়ে গাইছে–

“তোমাৰ ফুলৰ মালা 

আজিয়েই লেৰেলি যায়

সুৰভি সঁফুৰা মেলা ফুল পাহি

সিও যে মৰহি যায়।”

কবিয়ে তথাপি প্ৰিয়াৰ আশা এৰা নাই। সেয়ে তেওঁ লিখিছে–

“দুৱাৰ বন্ধ হ’ল মোৰ জীৱনত

কাহানিবা আহিবা প্ৰিয়ে এই পৰাণত

তুমি মোৰ হিয়া ৰাণী হৃদয় আসনত

পোহৰাই আহিবানে হিয়াৰ মাজত।”

কবিয়ে তেওঁৰ প্ৰেয়সীজনীক এই জনমত নাপালে যদিও, তেওঁ আশা কৰিছে যে হয়তো  পৰজনমত  প্ৰেয়সীয়ে তেওঁৰ অপূৰ্ণ আশা পূৰ্ণ কৰিব। কবিয়ে লিখিছে–

“পৰ জনমৰ শুভ লগনত

যদিহে আমাৰ হয় দেখা

পুৰাবানে প্ৰিয়ে এই জনমৰ

মোৰ হিয়াৰ অপূৰ্ণ আশা।”

কবিৰ প্ৰেম সম্পৰ্কীয় গীতি কবিতাৰ ৰচনা ভাৰতে স্বাধীনতা পোৱালৈকে চলি থাকে। ভাৰতে স্বাধীনতা পোৱাৰ পিছত যেতিয়া দেখিলে যে সৰ্বসাধাৰণ ৰাইজৰ সামাজিক তথা অৰ্থনৈতিক জীৱনৰ কোনো পৰিবৰ্তন নহ’ল, তেতিয়া কবি মন মুখা পিন্ধা, দুৰ্নীতিপৰায়ণ ৰাজনৈতিক নেতাসকলৰ বিৰুদ্ধে গৰ্জি উঠিল আৰু তেতিয়াৰ পৰাই বিপ্লৱী গীতি কবিতা তেওঁৰ কাপৰ পৰা নিঃসৃত হ’বলৈ ধৰে। তেওঁৰ বিপ্লৱী গীতি কবিতাসমূহ কাৰ্ল মার্ক্সৰ সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ। তেওঁৰ বিপ্লৱী গীত আৰু কণ্ঠ সৰৱ হৈ উঠে নিঃস্ব, দুখীয়া জনগণৰ সৰ্বঙ্গীন কল্যাণ তথা সামাজিক সমতাৰ সপক্ষে। তেওঁৰ বিপ্লৱী গীতি কবিতাসমূহ সমাজবাদ, স্বদেশপ্ৰেম, মানবতাবাদ আৰু সমন্বয়ৰ সুৰেৰে ঝংকাৰিত।

কবিয়ে শাসক গোষ্ঠীক ‘তেজপিয়া পিশাচৰ দল’ বুলি গালি পাৰি জনসাধাৰণক শোষণকাৰী তথা সুবিধাবাদী নেতাসকলৰ বিৰুদ্ধে সচেতন কৰি তুলিবলৈ লিখিছে–

“আগুৱাল তেজপিয়া পিচাশৰ দল

হজুৱাৰ ৰক্তৰ ৰঙা বান ৰ’ল

সেই ৰঙে ৰহনোৱা তেজাল নিচান

জগতৰ মুক্তিকামীৰ মহা প্ৰাণ

কলিজাৰ লাল পতাকা লৈ আগুৱান

বিপ্লৱী দলে আজি আগবাঢ়ে।”

গীতিকাৰে দুৰ্নীতিপৰায়ণ, স্বাৰ্থান্বেষী নেতাসকলৰ বিৰুদ্ধে আমৰণ যুঁজ দিয়াৰ পণ কৰিছে। সেয়ে লিখিছে–

“ডৰ ভয় নকৰিবি

পাছ-পিছ নপৰিবি

দোপে-দোপে,  খোপে-খোজে আগুৱাই

আগবাঢ়ো আহ বল

একেলগে মিলি একে ছিপে গই

ভাঙো শতৰুৰ বল।

কৰি আমৰণ জীৱন পণ

আমি মিলি যুঁজ দিম।”

কবিৰ বিপ্লৱ সাম্যবাদৰ হকে। সেয়ে দেশৰ ডেকাসকলক প্ৰাগলভ কণ্ঠত শোষণকাৰীৰ বিৰুদ্ধে গৰ্জি উঠিবলৈ উদ্‌গনি দি লিখিছে–

“তুমি পঙ্কিল পৃথিৱীত বোলাই দিয়া

সাম্যৰ নৱ ৰোল

দেশৰ বীৰৰে দল

আগবঢ়া, বাঢ়াআগ, আগবাঢ়া ।”

ভাৰতে স্বাধীনতা পালেও শোষণ নীতিৰ পৰিবৰ্তন নহ’ল। সেয়ে কবিয়ে জনগণক উদ্দেশ্যি লিখিছে–

জনগণ আজি জাগে

আজি জাগে ভাৰত মাজে

পুৰণিক সংহাৰি

নতুনক চিঁঞৰি

জনতাৰ বিকুল

ঘৰে ঘৰে বাজে।”

গীতিকাৰে আকৌ লিখিছে–

“শক্তিমান,  জাগা, জাগা শক্তিমান

বিশ্ব বিজয়ী ন-জোৱান

শিলা ভাঙি পাহাৰ-পবৰ্বত ধবংশি 

গঢ়া অলকা নগৰী

কন্দৰ খান্দি বোৱাই তোলাহি

অমৃত ধাৰা নিজৰি।”

গীতিকাৰে উপলব্ধি কৰিছে যে সাম্যবাদৰ হকে ৰুজু কৰা বিপ্লৱত হালুৱা,  হজোৱা, বনুৱা আদি সবৰ্বহাৰা জনগণেহে আগবাঢ়ি আহিব লাগিব। সেয়ে সিহঁতক উদ্বুদ্ধ কৰিবলৈ লিখিছে–

আগুৱাই বল, আগুৱাই বল

আগুৱাই বল সমনীয়া

হালুৱাৰ দল, হজুৱাৰ দল

বনুৱাৰ দল অ’ ৰনুৱা।

অহৰহ জ্বলে

হৃদয়ৰ দুখেৰে অগনি

পুৰে দুখীৰ পেটত

লঘোণত ভোকৰে পোৰণি

ছিঙি- ভাঙি শত যুগৰ

শিকলি বান্ধনি

ৰণ দুন্দুভি বজাই যা

যা আগুৱাই, আগুৱা

আগুৱাই বল সমনীয়া।”

কবি বিপ্লৱত বিশ্বাসী আৰু বিপ্লৱ কৰাত সাহসী। সেয়ে লিখিব পাৰিছে–

“তেজৰ বোলেৰে লিখি যাম ইতিহাস

মচি যাম দীন সমাজৰ হীন পৰিহাস।”

কবিয়ে উপলব্ধি কৰিছে যে বিপ্লৱৰ বাবে অপেক্ষা কৰিব নোৱাৰি। এতিয়াই বিপ্লৱৰ সময়, এতিয়াই পৰিবৰ্তনৰ সময়।  তেওঁ লিখিছে–

“ৰবৰ সময় নাই

কবৰ সময় নাই

সময় নাই ওভতি চাবৰ

সময় যে এয়া বিপ্লৱৰ।”

কবি অহংকাৰী, শোষণকাৰী, ধনীসকলৰ গৰ্ব খৰ্ব কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। সেয়ে ধনী, মহাজন আৰু জমিদাৰসকলক হুচিয়াৰ বাণী শুনাই স্পৰ্ধাময় কণ্ঠত গৰ্জি উঠিছে–

“বিপ্লৱ পথৰ যাত্ৰী আমি

সবৰ্বহাৰাৰে মুকুতিকামী

চূৰ্ণ কৰিম, আমি সংগ্ৰামী

দৰ্প ধনীৰ পণ আমাৰ।

হুচিয়াৰ,  হুচিয়াৰ।।

ধনী মহাজন, জমিদাৰ

হুচিয়াৰ, হুচিয়াৰ।”

প্ৰেম আৰু বিপ্লৱ সম্পৰ্কীয় গীতি কবিতাবোৰৰ উপৰিও তেওঁ প্ৰকৃতি আৰু জাতীয় সংহতিৰ গীতো ৰচনা কৰিছে। কিন্তু তেওঁৰ বিপ্লৱী গীতি কবিতাসমূহ সবৰ্বহাৰা জনগণৰ ইমানেই আপোন যে এই গীতবোৰেই তেওঁক চিৰ অমৰ কৰি ৰাখিছে আৰু ভৱিষ্যতেও ৰাখিব। ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

জ্যোতি প্ৰসাদ আগৰৱালাৰ গীতি-কবিতা –এক বৈশিষ্ট্যমূলক আলোচনা

বিংশ শতাব্দীৰ বহুমুখী প্ৰতিভাধাৰী অসমীয়া শিল্পীসকলৰ অন্যতম এজন হ’ল জ্যোতি প্ৰসাদ আগৰৱালা। তেওঁ আছিল একেধাৰে গীতিকাৰ, গায়ক, নাট্যকাৰ, অভিনেতা, প্ৰথম অসমীয়া বোলছৰি নিৰ্মাতা, অসমীয়া সংস্কৃতিৰ ধবজাবাহক আৰু স্বাধীনতা বিপ্লৱী। কিন্তু ইমানবোৰ প্ৰতিভা থকা সত্বেও তেওঁ অসমীয়া ৰাইজৰ প্ৰাণত অমৰ হৈ আছে এজন গীতিকাৰ হিচাপেহে। তেওঁৰ গীতবোৰ সঁচা অসমীয়া গোন্ধেৰে আমোলমোল। বৃটিচ শাসনকালত যেতিয়া অসমীয়া সংস্কৃতি প্ৰাশ্চাত্য আৰু বঙালী সংস্কৃতিৰ গৰাহত পৰি মৃতপ্ৰায় অৱস্থা পাইছিলগৈ, তেতিয়া তেওঁ স-জোৰে আৰু সু-সাহসেৰে অসমীয়া সংস্কৃতি উদ্ধাৰৰ বাবে দেহে-কহে লাগি পৰিছিল। তেওঁ আছিল সুন্দৰৰ পূজাৰী। অসমীয়া সংস্কৃতিৰ ধূলি-মাকতিবোৰ ধুই-পখালি নতুন ৰূপত সজাই-পৰাই তোলাই আছিল তেওঁৰ শিল্পী মনৰ মূল লক্ষ্য। সেয়ে অসমবাসীয়ে তেওঁক সুন্দৰৰ পূজাৰী ‘ৰূপকোঁৱৰ’ উপাধিৰে আদৰি লৈছিল। তেওঁৰ গীতসমূহ ইমানেই জনপ্ৰিয় আৰু সাবৰ্বজনীন যে অসমৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান তেওঁৰ গীত পৰিৱেশন অবিহনে সম্পূৰ্ণ হ’ব নোৱাঁৰে।  প্ৰকৃতি প্ৰেম, বিপ্লৱ আৰু স্বদেশ প্ৰেম তেওঁৰ কবিতাৰ প্ৰধান বিষয়-বস্তু। 

প্ৰকৃতিত সৌন্দৰ্য বিচাৰি যোৱা আৰু তাত লুকাই থকা সৌন্দৰ্যৰ গুণ-গান কৰাই তেওঁৰ প্ৰকৃতি বিষয়ক গীতি-কবিতাবোৰৰ মূল উপজীব্য। কবিয়ে প্ৰকৃতিক সৌন্দৰ্যৰ আধাৰ হিচাপে লৈছে আৰু সেই সৌন্দৰ্যৰ আধাৰৰ পৰাই জীয়াই থকাৰ প্ৰেৰণা বুটলিছে। কবিয়ে লিখিছে–

“গছে গছে পাতি দিলে ফুলৰে শৰাই

কি ৰাম ৰাম, ফুলৰে শৰাই

কলিয়া ভোমোৰা গুজৰি আহে

গোন্ধতে ধিয়াই

কি ৰাম, ৰাম।”

কবিয়ে  সৌন্দৰ্যৰ ওচৰত নত স্বীকাৰ কৰি লিখিছে–

“সুন্দৰ তই কিমান সুন্দৰ

ভাবোহে মই নাজানো

মই যি সৌন্দৰ্যৰ পাৰকে নাপাওঁ

তাতোকৈয়ো তই আৰু সুন্দৰ

তাক জানো, তাক জানো।”

অসমীয়া জাতি ফুল প্ৰিয়। প্ৰায় সকলো অসমীয়াৰ ঘৰতে ফুলৰ বাগিছা আছে। কবিয়ে সেই ফুলৰ সৌন্দৰ্যত মোহিত হৈ লিখিছে–

“আগবাৰীত ফুলিলে ফুল মোৰ চম্পা

জেউতি মালাত ফুলে মোৰ চম্পা

গোন্ধৰ গুটি মালী ৰঙীকৈ ৰেৱতী

আমোলমোলে ঐ ফুলে মোৰ চম্পা।

সোণৰে পখিলা, ৰূপৰে পখিলা

ফুলনি জিলিকি উৰে ফুলে মোৰ চম্পা।

বাৰে বৰণীয়া ফুটুকা ধুনীয়া

চৰায়ে বিনালে অময়া সুৰেৰে 

ফুলে মোৰ চম্পা।” 

কবিয়ে গোটেই জগতখনকে সুন্দৰময় দেখিছে। সেয়ে কবিয়ে গাই উঠিছে–

সেউজী, সেউজী, সেউজী অ’

সেউজী ধৰণী ধুনীয়া।

সোণোৱালী শইচৰ

পথাৰ কোলাত শোভে

ৰ’দালি ফুল ফল সেউজীয়া।”

গীতি কবি জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতাৰ দ্বিতীয় বিষয়-বস্তুটো হৈছে স্বদেশ প্ৰেম আৰু বিপ্লৱ। সাম্যবাদৰ প্ৰতি বিশ্বাসী কবিৰ স্বদেশ প্ৰেমমূলক কবিতাবোৰত বিপ্লৱ জলপ্ৰপাতৰ দৰে অবিৰামভাবে অগ্নিস্ফুলিঙ্গময় সুৰত ঝংকৃত হৈছে। তেওঁ স্বদেশৰ পৰা বিদেশী ইংৰাজ শাসন ওফৰাবলৈ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল  আৰু জনসাধৰণকো স্বাধীনতাৰ প্ৰতি সচেতন কৰিবলৈ বিপ্লৱী গীত ৰচনা কৰিছিল। তেওঁৰ বিপ্লৱী গীতবোৰ জনসাধাৰণৰ মনত  ইমানেই প্ৰভাৱশালী আছিল যে ল’ৰা, বুঢ়া, ডেকা, ডেকেৰী সকলোৱে তেওঁৰ বিপ্লৱী গীতৰ সুুৰত মতলীয়াহৈ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু বিপ্লৱক এক সাবৰ্বজনীন ৰূপ দিছিল। বিপ্লৱৰ সময়ত তেওঁৰ বহু গীত শ্লোগান হিচাপেও ব্যৱহাৰ কৰা হৈছিল। তেওঁৰ বিপ্লৱী গীতবোৰ যে ইংৰাজ শাসনৰ বিৰুদ্ধে অমোঘ বৰ্জ নিনাদ কণ্ঠ আছিল সেয়া নহয়; তেওঁৰ বিপ্লৱী গীতসমূহ সমাজৰ শোষক, স্বাৰ্থপৰ, ভণ্ড ৰাজনৈতিক নেতা তথা পুঁজিবাদৰ বিৰুদ্ধে সৰৱ দুন্দুভি আছিল। লুইতপৰীয়া ডেকা অসীম সাহসী। সিহঁতে মৰিবলৈ ভয় নকৰে। শৰাইঘাটৰ যুদ্ধই তাৰ প্ৰমাণ। কবিয়ে সেয়ে ডেকা সকলক উদ্বুদ্ধ কৰিবলৈ লিখিছে–

আই, আই, আই

লুইতৰ পাৰৰে আমি ডেকা ল’ৰা

মৰিবলৈ ভয় নাই।”

কবিয়ে অসমীয়া ডেকাসকলক বিপ্লৱৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ কৈছে যে সিহঁতৰ বিশ্ব বিজয় কৰাৰো সাহস আছে। সিহঁত শক্তিশালী ভাৰত মাতাৰ শক্তিশালী সন্তান। কবিয়ে অসমীয়া ডেকাসকলক উদ্দেশ্যি সেয়ে উদ্বুদ্ধ বাণী শুনাইছে–

বিশ্ব বিজয়ী নৱ-জোৱান

বিশ্ব বিজয়ী নৱ-জোৱান

শক্তিশালী ভাৰতৰ 

ওলাই আহা ওলাই আহা

সন্তান তুমি বিপ্লৱৰ।

সমুখ সমৰ সমুখতে

মুক্তি যুঁজাৰু হুচিয়াৰ

মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ খুলি দুৱাৰ।”

গীতিকাৰে অসমীয়া ছোৱালীকো বিপ্লৱত যোগদান কৰিবলৈ আহ্বান কৰি লিখিছে–

“কোন ক’ত আছ, আহ অ’ আহ অ’ সমনীয়া

তই সমুখত হ থিয়,

মাতৃ পূজাৰ ভাগ ল’বলৈ দেৰি কৰ কিয়?

শুৱনি প্ৰকৃতি শুৱাই থকা

অসম দেশৰে ছোৱালী অ’।”

জেল খাটি হ’লেও যে অসমীয়া ডেকাই স্বাধীনতা আনয়ন কৰিব লাগিব  সেই কথা সোঁৱৰাই দি কবিয়ে লিখিছে–

“আমি খাটিব লাগিব জেল

অ’ তাই খাটিব লাগিব জেল

পুৰুষ যদি হোৱা কাপুৰুষৰ দৰে

কিয় হ’ব খোজা ফেল।”

গীতিকাৰ জ্যোতি প্ৰসাদে অসমী সন্তানক সুপ্ত কোলাৰ পৰা জাগৃত কৰিবলৈ চেষ্টাৰ অকনো ত্রূটি কৰা নাই। সেয়ে আকৌ কৈছে–

“জননীৰ সন্তান জাগা

জাগা শক্তিমান, জাগা মুক্তি প্ৰাণ

মৃত্যু গচকি আনা জয় জিনি

কৰি দুৰ্জ্জয় অভিযান।”

গীতিকাৰে আকৌ আন এটি গীতত লিখিছে–

“সাজু হ, সাজু হ, নৱ জোৱান

সাজু হ, সাজু হ, নৱ জোৱান

তই কৰিব লাগিব অগ্নি স্নান।”

অসমীয়াই মৰিবলৈ অকনো ভয় নকৰে। বন্দুক-বৰটোপৰ গুলি অসমীয়াই স্বাধীনতাৰ হকে হাঁহি হাঁহি বুকু পাতি ল’ব পাৰে বুলি সাহস দান কৰি কবিয়ে লিখিছে–

“আমি অহিংসা ৰণলৈ যাওঁ

বীৰ বেগে বুকু ডাঠি বলা আগুৱাই

লক্ষ, লক্ষ চিপাহী বৃটিছৰ সেনানী

বৰতোপ গুলি লৈ থাক থিয় হৈ

আমি নদৰাও, আমি নদৰাও

বুকু পাতি লম

তেওঁ স্বাধীন হ’ম।”

কবিয়ে শোষক ইংৰাজসকলৰ উপৰিও যিসকল দেশীয় সুবিধাবাদীয়ে ৰাইজৰ সেৱা চুৰ কৰি অসমীয়া ৰাইজৰ দুৰ্যোগ মাতি আনিছিল সেইসকলক সাৱধান বাণী শুনাই লিখিছে–

“সুবিধাবাদীৰ দল 

তোৰ মিছা হ’ব কৌশল

ৰাইজৰ তই সেৱা চুৰ কৰি

বঢ়াব খুজিছ বল!”

গীতিকাৰে ভণ্ড পাণ্ডিত্যাভিমানী শিক্ষিতসকলক উদ্দেশ্যি সাহসী কন্ঠে গাইছে–

“ৰাজনীতিৰ, সমাজনীতিৰ

ৰাজনীতিৰ, অৰ্থনীতিৰ

তোৰ থৈ দে ফোপোলা জ্ঞান

জনতা পূজাৰ ভাও দি দি

নেদেখুৱাবি

ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান

জনতাই তোৰ স্বৰূপ চিনিছে

সাৱধান, সাৱধান।”

কবিয়ে জানে যে বিপ্লৱত সবৰ্বসাধাৰণ ৰাইজে সঁহাৰি দিলে সেই বিপ্লৱ সফল হ’বই। সেয়ে বিপ্লৱৰ সফল কামনা কৰি কবিয়ে লিখিছে–

“কাৰখানাৰ বনুৱা

নতুন দিনৰ ৰনুৱা

নতুন মনৰ মনুৱা মই

জয় হাতুৰীৰ জয়

জয় বটালীৰ জয়

কোৰ কটাৰীৰ জয়

জয় ভাগৰৰ, ভোগ পিয়াহৰ জয়

কঁপালৰ পৰা ভৰিত পৰা

ঘাম টোপালৰ জয়।”

অসমত যে অকল জ্যোতি প্ৰসাদেই বিপ্লৱী গীত ৰচনা কৰিছিল এনে নহয়; বিষ্ণু প্ৰসাদ ৰাভা, অম্বিকাগিৰি ৰায় চৌধুৰীয়েও বিপ্লৱী গীত ৰচনা কৰিছিল; কিন্তু এই সকলৰ ভিতৰত জ্যোতি প্ৰসাদৰ গীত ইমানেই সাবৰ্বজনীন, সৰল আৰু জনপ্ৰতিনিধিত্বশীল যে তেওঁৰ গীতসমূহে স্বাধীনতা আন্দোলন চলি থকা সময়ত প্ৰতিজন অসমীয়াৰ মন প্ৰাণক বিপ্লৱৰ আলোড়ণৰে আলোড়িত কৰি তুলিছিল আনকি স্বাধীনতা পোৱাৰ পিছতো তেওঁৰ গীতসমূহে অসমীয়া ৰাইজৰ মনত বিপ্লৱী মানসিকতা বজাই ৰখাত প্ৰেৰণাৰ উৎস হৈ আছে।

কবি জ্যোতি প্ৰসাদ আগৰৱালাই প্ৰকৃতি বিষয়ক, স্বদেশপ্ৰেমমূলক  আৰু বিপ্লৱী গীত ৰচনা কৰাৰ উপৰিও শিশুৰ উপযোগী বহুতো সুন্দৰ শিশু গীতো ৰচনা কৰিছে- যাৰ বাবে জ্যোতি প্ৰসাদ প্ৰতিজন অসমীয়া শিশুৰ প্ৰাণতো অতি মৰমৰ, অতি আপোন।

পৰিশেষত ক’ব পাৰি, যেতিয়ালৈ সমাজত ধনী-দুখীয়াৰ মাজত বৈষম্য থাকিব, শোষক আৰু শোষিত শ্ৰেণী থাকিব, পুঁজিপতি আৰু সবৰ্বহাৰা শ্ৰেণী থাকিব তেতিয়ালৈকে জ্যোতি প্ৰসাদ অসমীয়া জাতিৰ প্ৰাণৰ আমঠু হৈ থাকিব। ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

চৈয়দ  আব্দুল  মালিকৰ  কবিতা–  এক বৈশিষ্ট্যমূলক আলোচনা

বিংশ  শতাব্দীৰ অসমীয়া সাহিত্যাকাশত শুক্ল পক্ষৰ পূৰ্ণ শশীৰ দৰে ৰূপালীম জ্যোতিৰে জ্যোতিষ্মান হৈ উজলি থকা এজন সবৰ্বজন বিদিত সাহিত্যিকৰ নাম চৈয়দ আব্দুল মালিক। মালিক এজন হাস্য-ব্যঙ্গ গল্পকাৰ আৰু ঔপন্যাসিক হিচাপে বিশেষভাৱে পৰিচিত যদিও তেওঁ এজন কবি হিচাপেও প্রতিষ্ঠা লাভ কৰিছিল। কবি হিচাপে তেওঁ সাধাৰণ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হ’লেও নিজকে কবি বুলি ভাবিবলৈ দ্বিধাবোধ কৰি নবীন কবি সকলক উদ্দেশ্যি কৈছিল–

“অসমৰ নবীন কবিসকল

তোমালোকে কবিতা লিখা

তোমালোক কবি।”

আকৌ  নবীন কবিসকলৰ কবিতাৰ ভাষা আৰু আঙ্গিকৰ লগত নিজৰ কবিতাৰ ভাষা আৰু আঙ্গিকৰ তুলনা কৰি কৈছে–

“তোমালোকে তোমালোকৰ ভাৱ চিন্তা

যিমান ধুনীয়াকৈ, মন চুই যোৱাকৈ ক’ব

জানা মই তেনেকৈ নাজানো আৰু

নোৱাৰোঁ। কেতিয়াবা তোমালোকে ক’বলগীয়া

কথাও নোকোৱাকৈ থাকা, তথাপি তোমালোকৰ

ভাৱ কল্পনাবোৰ প্ৰকাশ নহৈ নাথাকে;

মই কেতিয়াবা নকবলগীয়া কথাও কৈ দিও

তথাপি মোৰ মনৰ সকলো কথা কোৱা 

হ’ল যেন নেলাগে।”

কবি মালিকে প্ৰচলিত কাব্য ধাৰা মতে নিজকে ‘কবি’ বুলি স্বীকাৰ কৰিবলৈ ইতঃস্তত কৰিলেও আচলতে তেওঁ এক নতুন ধাৰাৰ মৌলিক আৰু অকলশৰীয়া কবি। কিয়নো মালিকৰ কবিতা সমসাময়িক কবিসকলৰ  কবিতাৰ পৰা বিষয়-বস্তু আৰু উপস্থাপন ৰীতিৰ পৰা সম্পূৰ্ণ ভিন্ন। পৰম্পৰাগত কবিতা সাম্ৰাজ্যৰ কবিসকল বাস্তৱবাদী আৰু আংশিকভাৱে ৰমন্যাসবাদী কবি যদিও সিহঁতৰ কবিতাৰ আঙ্গিকৰ দিশত প্ৰতীকবাদ আৰু ৰূপকল্প (imagery) ত সম্পূৰ্ণ কৃত্ৰিম আৰু আলংকাৰিক দিশত চাতুৰ্যপূৰ্ণ। কিন্তু কবি মালিকৰ কবিতাত দুর্বোধ্য প্ৰতীক, চাতুৰ্যপূৰ্ণ কল্পচিত্ৰ আৰু দাঁত ভগা শব্দৰ খেলিমেলি নাই। তেওঁৰ কবিতাৰ প্ৰকাশ-ভঙ্গী সম্পূৰ্ণ কৃত্ৰিমতা ৰহিত, বাস্তৱ আৰু সৰল। সবৰ্বসাধাৰণ ৰাইজে যি ভাষাৰে দৈনন্দিন জীৱন কাঠামো পৰিচালনা কৰে, তেওঁ ঠিক সেই ভাষাকেই অনুসৰণ কৰি তেওঁৰ বক্তব্যখিনি যিমান পাৰে সিমান সাৱলীল আৰু উজুভাৱে অলপো ৰহন নলগাকৈ উপস্থাপন কৰিছে। আন আন কবিসকল কবিতাৰ বিষয়-বস্তুত যিদৰে সমাজবাদী সুৰ, জনগণৰ সামগ্ৰীক জীৱনৰ প্ৰতিচ্ছবি ফুটি উঠিছে, সেইদৰে কবি মালিকৰ কবিতাতো এইবোৰ দিশ ফুটি উঠিছে। পাৰ্থক্য মাথো এইখিনিতে যে মালিকৰ কবিতাত ফুটি উঠা বিষয়বোৰ সম্পূৰ্ণৰূপেই সামাজিক আৰু  প্ৰত্যক্ষ । আন কথাত, তেওঁৰ কবিতাসমূহ  বাস্তৱবাদী। কিয়নো তেওঁ বাস্তৱত যি দেখা পাইছে তাকেই হুবহু বগা ফটো কপিৰ দৰেই প্ৰতিলিপি কৰিছে। সহজ ভাষাত ক’বলৈ গ’লে, মালিকৰ কবিতা নাঙঠ সমাজৰ নাঙঠ চিত্ৰ। 

কবিৰ যিকোনো এটি কবিতাক অধ্যয়ন কৰিলে, ওপৰুৱা দৃষ্টিত ভাৱ হয় যেন তেওঁৰ কবিতা আত্মজীৱনীমূলক, কিন্তু অলপ অৰ্ন্তদৃষ্টিৰে আগুৱাই গ’লেই ধ’ৰা পৰে যে তেওঁ সম্পূৰ্ণৰূপেই সমাজৰ কবি, মানুহৰ কবি, বাস্তৱ জীৱনৰ কবি। কাৰণ তেওঁৰ লগত সমাজ যিদৰে জড়িত আৰু সমাজৰ লগত কবি যিদৰে জড়িত, কবিয়ে সেইখিনি কথাকেই  কবিতাত কৃত্ৰিমতাহীন সাৱলীল শব্দৰ সহায়ত ধৰি ৰাখিবলৈ সহজাত চেষ্টা কৰিছে। আন কথাত, কবিয়ে নিজৰ কথা কোৱাৰ লগে লগেই সমাজৰ নানান দিশ সম্পূৰ্ণ উদংকৈ এনেভাবে প্ৰকাশ কৰিছে যে কবি মালিকৰ কবিতাসমূহ তেওঁৰ আত্মজীৱনী হোৱাতকৈ সমাজৰ অকপট জীৱনীহে হৈ পৰিছে।

আজিৰ সমাজত মানৱ প্ৰমূল্য দিনে দিনে অৱক্ষয়ৰ দিশত গতি কৰিছে। মানুহে মানুহক কনোত্ৰিচ মাছৰ দৰে পৰস্পৰে পৰস্পৰৰ শত্রূ বুলি আক্ৰমণাত্মক ভূমিকাত লিপ্ত হৈছে। চাৰিওফালে ভণ্ড ৰাজনীতিক, মুখা পিন্ধা ভদ্ৰলোকৰ পয়োভৰ। কবিয়ে এই আচল সত্যটো চিত্ৰিত কৰি লিখিছে–

“তলত, মাটিত-

খোৱা কামোৰাত মতলীয়া য’ত

ভদীয়া বংশধৰৰ জাক।

দেখি সিহঁতৰ ওভোতা নাচোন

ভগৱান হতবাক।

ধৰ্মসভাত হত্যাকাৰীৰ দিন-ৰাতি ঠেলা-হেঁচা।

বাটৰ দাঁতিত তুঁহৰ দৰত

মগজু গৈছে বেচা।

ধৰ্মস্থানত বন্দুকৰ দ’ম

বেনেটি  বেগত পিস্তল, ব’ম

– দেৱ-দেৱী নিৰুদ্দেশ,

ৰাজনীতিকৰ বক্তৃতাতেই

দেশপ্ৰেম হ’ল শেষ।

এটম বোমা বোকোচাত বান্ধি

বিশ্ব শান্তিৰ টেটুফলা আস্ফালন,

আত্মাৰ টেটু চেপা মাৰি বান্ধি,

আত্ম ৰক্ষাৰ মহান আয়োজন।”  (আত্মজীৱনী)

আজিকালি সমাজত মানৱতাবাদী আদৰ্শৰ কোনো মূল্য নাই, প্ৰতিবাদৰো কোনো সঁহাৰি নাই। খোজে খোজে আদৰ্শবাদীৰ ভুল। সেয়ে কবিয়ে অকপটে কৈছে–

“অলপতে দায় লাগে

মুখ মেলিলেই জগৰ লাগে।

নামাতিবি, নামাতিবি,

মুখ নেমেলিবি,

লঘোনীয়া পেট নোকোৱা কথাৰেই

ভৰি থক।” (নিৰ’ৰ হাতত ম’হৰ শিঙৰ পেঁপা )

সমাজৰ মুষ্টিমেয়ৰ হাতত দৰিদ্ৰ নাগৰিক শোষিত হৈ হৈ শীৰ্ষ প্ৰান্তত উপনীত হৈছে। কবি মালিকে শোষিত নাগৰিকৰ চিত্ৰ সম্পূৰ্ণ উদংভাৱেই চিত্ৰিত কৰিছে এনেদৰে–

“গাভৰু সোঁতৰ জীয়া ভোগদৈ

চিনিব নোৱাৰা মৰা মৰনৈ হ’ল।

………….

ল’ৰাৰ বাপেকে চাউল বিচাৰি

জোলোঙা  হাতত, দোকানে, বজাৰে ঘূৰে

গধূলি বেলিকা শুকান মুখেৰে

শুদা মোনালৈ নিজ ঘৰলৈ ঘূৰে।” (শগুন পৰা গাওঁ)

আজিকালি সমাজত কপট আৰু মুখাপিন্ধা মানৱ দৰদীৰ সংখ্যা ইমানেই বাঢ়ি গৈছে যে হত্যা বা অস্বাভাৱিক উপায়ে মৃত্যুমুখত পৰা লোকসকলৰ বাবে অপেক্ষা কৰাটো নাইবা শোকসভা পতাটো এটি ‘কলা’ (Art) ত পৰিণত হৈছে। কবিয়ে এই কৃত্ৰিম কলাক চিত্ৰায়িত কৰিবলৈ গৈ পোনে পোনে কৈছে–

“ইমানেই। মই জানো। এয়েই বহুত।

শোকসভা আৰু বক্তৃতা আৰু

কবিতা,  প্ৰৱন্ধ, স্মৃতিকথা

কিছু কিছু সঁচা, কিছু কিছু জোৰা দিয়া

আক্ষেপ আৰু অনুশোচ

আৰু অনুতাপ, অনুযোগ।

এক মিনিট থিয় দি থকাৰ

মৌন অস্বস্তি। এয়েই বহুত।” (চাইনেবাৰ্ড)

কবি মালিকে সামাজিক জীৱন আৰু সহজ-সৰল গাঁৱলীয়া সাধাৰণ জনগণক অকপটভাৱে ভাল পায়। সেয়া কবিয়ে কৃত্ৰিমতাহীন সাৱলীল ভাষাৰে স্বীকাৰ কৰিছে এনেদৰে–

“মই চুমা খাওঁ

সেইবোৰ লাহি জোঙা আঙুলিক

যিবোৰ আঙুলিয়ে

শাওণমহীয়া বোকা  দিয়া পথাৰত

শাৰী-শাৰীকৈ, গুছি-গুছিকৈ

পোন  বেঁকাকৈ ভুই ৰোৱে।

………….

মই চুমা খাওঁ

সেই লাহি জোঙা আঙুলিবোৰক

বেজীত নানা ৰঙী  সূতা ভৰাই লৈ

ফুল তোলে, সপোন তোলে,

যি আঙুলিৰ পৰা বেজীৰ খোচত

ৰঙা তেজ ওলাই কাপোৰৰ ফুল

ৰাঙলী কৰে।”(মই চুমা খাওঁ)

কবি মালিকে সমাজক যথাযথভাৱে চিত্ৰিত কৰাৰ উপৰিও কবিতাৰ মাজেদি কবিৰ ব্যক্তিগত আশা, আকাঙ্খা, সুখ-দুখ, হৃদয়ৰ উচ্ছাস আৰু নিজৰ সমাজ দৰ্শন প্ৰকাশ কৰিছে।

কবি মালিক মানৱতাবাদ আৰু সাম্যবাদী আদৰ্শত বিশ্বসী। তেওঁৰ মতে মানুহৰ মাজত কোনো ভেদা-ভেদ নাই। কবিয়ে এই চিৰ সত্য ধাৰণাটো ব্যক্ত কৰিছে এনেদৰে–

“মানুহৰ পৃথিৱীত মানুহ থাকক,

বগা, কলা, হালধীয়া

মানুহৰ যিবা বৰণ নহওঁক

ইহুদি, ইছাই, হিন্দু, বৌদ্ধ, মুছলমান

যিয়েবা হওঁক নাস্তিক, খ্ৰীষ্টান

মোৰ বাবে পৃথিৱীৰ সকলো সমান।” (মোৰ বাবে  সকলো সমান)

কবি আব্দুল মালিক মানুহৰ মাজত থকা ভেদা-ভেদৰ প্ৰাচীৰৰ বিৰুদ্ধেই অকল সচেতন নহয়; মানুহৰ মাজত সমন্বয় সাধন কৰাৰো পক্ষপাতী। কিন্তু কবিৰ প্ৰৱল আশা থকা সত্বেও মানুহৰ মাজত ভাতৃত্বভাৱ বৃদ্ধি কৰাৰ বাবে একোকে কৰিব পৰা নাই। সেয়ে কবিয়ে শোক কৰি কৈছে–

“সকলো মানুহ মোৰ ভাই

যাৰ বাবে মই একোকে কৰিব পৰা নাই।

কেৱল কান্দিছো। কেতিয়াবা তাৰ বেদনাক

মই কৰিছো নিজৰ,

তাৰ আনন্দক মই সাৱটি ধৰিছোঁ

মোৰ মজিয়াত তাক মই দিব পৰা নাই

অকনো বহাৰ ঠাই।” (মই চুমা খাওঁ)

কবি উচ্চ-নীচ ভেদা-ভেদৰ প্ৰাচীৰ ভাঙি দিয়াৰ সজোৰ সমৰ্থক। সেয়ে উন্মত্ত ৰণধবনিৰ দুন্দুভিৰে চিঁঞৰি উঠিছে–

”বেৰবোৰ  ভাঙি দিয়া

ঘৰবোৰ ভাঙি দিয়া

এখন বিহুতলি পাতা

দিগন্তৰ পৰা দিগন্তলৈ –

য’লৈকে আছে মাটি

য’লৈকে আছে পানী-

এখন বহল বিহুতলি পাতা।

এখন নতুন ৰঙ দিয়া

ওপৰত চাল নেলাগে দিব

পোহৰ  ভৰা, মৰম ভৰা বহল

উচ্চ নীলা আকাশখনেই হ’ব।”

কবি মালিক কাৰুণ্য প্ৰিয় যদিও কেতিয়াও আক্ষেপী নহয়। কবিক কোনোবাই যদি খেদি দিয়ে, তেওঁৰ ঘৰবাৰী, মাটি-সম্পত্তি কাঢ়ি নিয়ে, তেওঁ কেতিয়াও কোনো খেদ নকৰে। কবি দুখ-শোক সহিষ্ণু। কবিৰ ভাষাত–

“কোনোবাই যদি মোক খেদি দিয়ে

যদি কোনোবাই কাঢ়ি লয় মোৰ

ঘৰ-বাৰী, মাটি, ভেটি আৰু ঘৰৰ মজিয়া

আৰু পিৰালি আৰু চোতাল

আৰু বন্ধ কৰি দিয়ে সকলো বাট

অহা যোৱা আৰু জীয়াই থকাৰ

-মই কোনো খেদ নকৰোঁ।”  (নিৰ্ভয়)

কবি মালিক এগৰাকী বিপ্লৱী শিল্পীও। কবিয়ে ‘কবিতা’ শিল্পৰে সমাজ তথা দেশৰ অসমতা, ভ্ৰষ্টতা, আৰু আন আন অসামজিক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰাগলভ বিপ্লৱী ৰণ হুংকাৰ বজাইছে। কিন্তু কবি মালিকৰ ৰণ হুংকাৰ কবি হীৰেন ভট্টাচাৰ্য বা কবি সনন্ত তাঁতি বা কবি ইছমাইল হোচেইনৰ দৰে নহয়; তেওঁৰ বিপ্লৱী সুৰ পোনাপুনি, প্ৰত্যক্ষ আৰু দুঃসাহসী। কবি মলিক কেৱল বিপ্লৱী আদৰ্শত বিশ্বাসী হৈ থাকিয়েই ক্ষান্ত হৈ থকা নাই। নিজেও কৰালগ্ৰাসী ধুমুহা হ’বলৈ হাবিয়াস কৰিছে। কবিৰ ভাষাত–

“ধুমুহা হ’ব মন যায় কেতিয়াবা,

থিয় পৰ্বতে ভেটে সমুখৰ বাট

মোৰ নিশাহত আকাশৰ বুকু কঁপে।” (আত্মজীৱনী)

কবিয়ে  নিজে ধুমুহা হ’বলৈ আশা কৰাৰ ওপৰিও আনকো ধুমুহা হ’বলৈ প্ৰেৰণা দিব বিচাৰি লিখিছে–

“মই থিয় দি আছিলোঁ

মোৰ গা চুই

ধুমুহাজাক বৈ গৈছিল।

 

এজন বন্ধুয়ে ক’লে–

ধুমুহাৰ মাজত অকলে থিয় দি আছা কিয়?

বতাহ যিফালে বৈছে

সেইফালে যাওঁ আহা

বৰ ভাল লাগিব।

তেওঁ নৰল।

আৰু ধুমুহাৰ গতিৰ লগত

উৰি যোৱাদি উৰি গ’ল 

ধুমুহাৰ লগতে তেওঁ মিলি গ’ল।

 

আন এজনে ক’লে–

ধুমুহা বলাৰ সময়ত

এনেয়ে থিয় দি থকাও

ধুমুহাৰ লগত যুঁজাৰ সমান।

তাতকৈ ধুমুহাৰ বিৰুদ্ধে যুঁজো আহা

তোমাৰ জানো শক্তি নাই?

ধুমুহাৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে

তেওঁ ধুমুহাৰ মাজত অদৃশ্য হৈ গ’ল।

 

মই চিঁঞৰি চিঁঞৰি ক’লো-

মই ধুমুহাৰ বিৰুদ্ধে যুঁজিবলৈ নিবিচাৰো

মই ধুমুহা হ’বলৈ বিচাৰো।

মোৰ মেলা দুপাখিত

মই গতিৰ উন্মত্ততা উপলব্ধি কৰিবলৈ

প্ৰকাশ কৰিবলৈ বিচাৰো।

 

ধুমুহা হোৱাত যে কি আনন্দ

তোমালোক যদি জানিলাহেঁতেন!” (ধুমুহা হোৱা)

কবি মালিক শান্তি বিনাশী শক্তিবোৰৰ বিৰুদ্ধে নিজৰ বাঘ নখবোৰ চোকা কৰি তুলিছে, মাতত সানি লৈছে হিংস্ৰ কৰ্কশতা। কবিৰ ভাষাত–

“জগতৰ নিষ্ঠূৰতাৰ শিলত

ঘঁহাই ঘঁহাই

মোৰ নখবোৰ

বাঘনখ যেন চোকা কৰি তুলিছোঁ

মই যুঁজিবৰ কাৰণে

প্ৰস্তুত হৈছোঁ

সেইখন পৃথিৱীৰ লগত 

যিখন পৃথিৱীয়ে

কাঢ়ি নিয়ে মোৰ শান্তি।

মোৰ মাতত দিছে হিংস্ৰ কৰ্কশতা।” (যুঁজাৰু)

কবি দুৰ্বাৰ, অৰ্নিবিনীত কণ্ঠত লাঞ্চিত, বঞ্চিতৰ হকে ‘শক্তিৰ আগ্নেয়গিৰি’ বুলি সগর্বে ঘোষণা কৰি লিখিছে–

“আজি মোৰ বাহুত পৃথিৱীৰ

সকলো লাঞ্চিত আৰু বঞ্চিতৰ

শক্তিৰ আগ্নেয়গিৰি

ক্ৰোধৰ জ্বালামুখী

মই দুর্বিনীত, দুধুৰ্ষ।”  (জ্বালামুখীৰ গান)

কবি আশাবাদীও। কবি সুন্দৰ, শান্তিময় এক পবিত্ৰ সমাজৰ দাপোণ আগত ৰাখিয়েই বিপ্লৱী শ্লোগানত মুখৰিত হৈ উঠিছে। কবিয়ে কৈছে–

“তেজ মিহলি ধোঁৱাবোৰ গ্ৰেনাইট হ’ব

তাৰ নিশ্বাহৰ পৰা ভাষা বিচাৰি ল’ব-

লা, ধুমুহা আৰু বজ্ৰপাতে।” (সি আছে)

আকৌ আন এটি কবিতাত লিখিছে–

“কেতিয়াবা আশা হয়

মোৰেই কবৰৰ বুকু ফালি

কোনোবা দুপৰ ৰাতি

নাইবা সোণালী পুৱা

ময়েই ওলাই আহিম

এটা নতুন ‘মই’ হৈ।” (নতুন জন্ম)

ওপৰৰ আলোচনাৰ পৰা প্ৰতীয়মান হয় যে কবি মালিকৰ কবিতাৰ মাজেৰে ৰদ্ৰোজ্জ্বল দুপৰীয়া যিদৰে সকলো বস্তুই জলজলকৈ চকুত ধ’ৰা দিয়ে, ঠিক তেনেদৰে বিংশ শতাব্দীৰ অসমীয়া সমাজ আৰু সমাজৰ সাবৰ্বজনীন প্ৰকৃতি, আশা-আকাঙ্খা, হতাশা-নিৰাশা ইত্যাদি দিশ ধ’ৰা পৰিছে।

কবি মালিকৰ কবিতাৰ বিষয়-বস্তু যিদৰে বাস্তৱধৰ্মী আৰু বাস্তৱ সমাজৰ পৰা হুবহু সংগ্ৰহিত, ঠিক সেইদৰে তেওঁৰ কবিতাৰ ভাষা আৰু আঙ্গিকো বাস্তৱধৰ্মী আৰু বাস্তৱ সমাজৰ সবৰ্বসাধাৰণ ৰাইজৰ মুখাহীন মুখৰ ভাষা। তেওঁৰ কবিতাৰ ভাষাত কৃত্ৰিমতাৰ ৰহন লেশমানো নাই। কল্পচিত্ৰও নিচেই সীমিত আৰু পৰিমিতবোধ গুণেৰে বিভূষিত। তেওঁ তেওঁৰ গদ্যৰ ভাষা আৰু পদ্যৰ ভাষাৰ মাজত কোনো সীমাৰেখা টনা নাই। আন কথাত, কবিসকলে শব্দক লৈ সাধাৰণতে যি ধূৰ্তালিৰ খেল খেলে কবি মালিকে সেই খেলৰ মোহজালৰ পৰা সচেতনভাৱেই নিজকে আঁতৰাই ৰাখিছে। তেওঁৰ ভাষা নিৰলংকাৰ আৰু কৃত্ৰিমতা ৰহিত যদিও তেওঁৰ বাক্য বিন্যাস চুটি চুটি আৰু দ্ৰুত গতিৰ । অৱশ্যে তেওঁৰ ভাষাৰ সৰলতাই তেওঁৰ কবিতাক গাম্ভীৰ্য দান কৰাত অসফল হৈছে। 

কবিতাৰ বিষয়-বস্তু (subject matter), ভাষা (language), আৰু আঙ্গিক (style) ৰ দিশত কবি ইমানেই স্পষ্ট আৰু প্ৰত্যক্ষ যে প্ৰায়েই তেওঁৰ কবিতা গদ্যধৰ্মী হৈ পৰিছে।

সামৰণিত ক’ব পাৰি যে চৈয়দ আব্দুল মালিকৰ কবিতা সাহিত্যিক গুণত দুখীয়া বাবে  সাহিত্য সমালোচকসকলৰ দৃষ্টি তেওঁৰ ওপৰত এতিয়ালৈকেও নিক্ষেপ হোৱাহি নাই – যি অসমীয়া কবিতা জগতৰ বাবে এক লাজৰ অধ্যায়; আৰু সম্ভৱত এই দৰিদ্ৰতাৰ বাবেই আজিলৈ তেওঁ তেওঁৰ কবিতাৰ কোনো উত্তৰাধিকাৰ  পোৱা নাই। ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

যজ্ঞেশ্বৰ  শৰ্মৰ  কবিতা–  এক বৈশিষ্ট্যমূলক আলোচনা

”কবিতা হয় যদি হওঁক নহয় যদি নহওঁক” বুলি কবিতা লিখি বিংশ শতাব্দীৰ শেষৰ অন্তিম দহককেইটাত প্রতিষ্ঠা  লাভ কৰা প্ৰবীন কবিসকলৰ মাজত শ্ৰী যজ্ঞেশ্বৰ শৰ্মাও এজন। তেওঁ প্ৰধানকৈ ব্যঙ্গ কবিহে। সমাজৰ গভীৰ সত্যক ব্যঙ্গ কৰি কবিতাৰ  মাজেৰে প্ৰকাশ কৰাই তেওঁৰ কবিতাৰ প্ৰধান উদ্দেশ্য। সমাজত চিৰা-চৰিতভাৱে চলি থকা অন্ধ-বিশ্বাস, মহিলাৰ অধোঃগামী স্থান, অৱক্ষয়মান সমাজত অভিজাত সম্প্ৰদায়ৰ মিছা ভেম, ধৰ্মৰ নামত অধৰ্ম, প্ৰেমৰ নামত সামাজিক কলংক, ঠগ-প্ৰৱঞ্চনা আদি বিষয়ত হাস্যৰস সানি সমাজৰ আগত ব্যঙ্গাত্মক ৰূপত উদংকৈ দাঙি ধৰাত কবি যজ্ঞেশ্বৰ শৰ্ম পাকৈত।

অকল অসমীয়া সমাজতে নহয়, ভাৰতৰ আনকি প্ৰাচ্যৰ প্ৰায়বোৰ দেশতে এই বিজ্ঞানৰ যুগতো ‘কাউৰীক’ক অমংগলৰ প্রতীক বুলি বিশ্বাস কৰা হয়। কবি শৰ্মাই এই অন্ধ বিশ্বাসক ঘিণ কৰি অসমীয়া সমাজত মানুহে  ইয়াক কেনেদৰে গ্ৰহণ কৰে তাৰ হুবহু ব্যঙ্গ চিত্ৰ কবিতাত ফুটাই তুলিছে, এনেদৰে– 

“একালৰ কোবিদাৰ-

পদূলি মুখৰ তিনিপুৰুষীয়া কাঞ্চন জোপা

এতিয়া বুঢ়া হৈ মৰিল, থিয় দি আছে,

ৰাতি হ’লে দ’তৰ জঁকা যেন দেখি।

তাতে পৰি এজনী অমঙ্গলীয়া কাউৰীয়ে

ৰমলিয়াই আছে;

গাটো কেনেবা লাগি যায়।” (কাউৰী)

অসমীয়া ন-বোঁৱাৰীসকলে বিয়াৰ প্ৰথম মাহত আইৰ ঘৰলৈ যাব নালাগে বুলি এক বিশ্বাস আছে। এই অন্ধ-বিশ্বাসক লৈ কবি যজ্ঞেশ্বৰে হাস্য-ব্যঙ্গৰ সৃষ্টি কৰি লিখিছে–

“শাহু আয়ে কয়, ন ছোৱালী হেনো প্ৰথম এমাহ

ঘৰ এৰি থাকিব নাপায়;

খৰ-ধৰ কৰা, ৰাইজৰ লগ নাপাবাগৈ ন’হলে।” (মাধৱ কন্দলীৰ পৰা)

অসমীয়া সমাজত তিৰোতাৰ স্থান নিম্ন আৰু স্বাধীনতাও সীমিত। সিহঁতে কেৱল পাকঘৰ আৰু ঘৰুৱা কামতেই নিজকে আবদ্ধ ৰাখিব লাগে। তাৰোপৰি বিবাহিত তিৰোতাই স্বামীৰ ঘৰত শাহু আই, শশুৰ, ননদ, ভতিজা  আৰু বুঢ়ী আইৰ  কিল, ভুকু, লাথি আৰু সামান্য ভুলতেই নানা ককৰ্থনা খাব লগা হয়। সমাজ সচেতন কবি শৰ্মাই এই চিত্ৰটি অতি সুন্দৰভাবে কবিতাৰ মজেদি এনেদৰে ফুটাই তুলিছে–

“তোমালোকে ভালেই কৰিছা, অনুসূয়া, প্ৰিয়ংবদা,

তোমালোকে একো বেয়া কৰা নাই।

তোমালোকৰ শকুন্তলাই সেমেকা ৰিহাৰে পুহমহীয়া

ৰাতি কটাইছে।

শাহুৰ চৰিয়া, শহুৰৰ গেলা খেকাৰৰ পিকদানি,

ননদৰ ওফোন্দা, ভতিজাৰ ভুকু, বুঢ়ী আইৰ ভাষ্য।

দুবছৰে, ডেৰ বছৰে কেইদিনমান মাত্ৰ মেটাৰনিটি

ছুটি সিমানেই।

……………………

কাঁহী, বাটি ঘঁহোতে মেনকাৰ জীয়ৰীৰ আঙুলি উখহে।

তেৱোঁ তিনিবাৰ হাৰিছে।

অনুসূয়া, প্ৰিয়ংবদা, তোমলোকে ভালেই কৰিছা,

য’তে আছা তাতে থাকা।” (মেনকাৰ জীয়ৰী)

আজিকালি শিক্ষিত সমাজত আধুনিকতা বৃদ্ধি পাইছে। শিক্ষা লাভ কৰি মুনিহ-তিৰোতা কৰ্ম বিমুখ হৈছে। সিহঁতে নিজকে কেৱল তথাকথিত মৰ্যদা ৰক্ষাৰ ভেমত থাকিবলৈ চেষ্টা কৰে। এই চিত্ৰটি কবিয়ে দাঙি ধৰিছে এনেদৰে–

“অনন্তকাল অহা-যোৱা কৰে এগৰাকী মহিলা-

যুৱতী আৰু গৃহিনীৰ মিকচাৰ।

বাৰান্দাত বহি পেঞ্চন নোপোৱা  পেঞ্চনাৰে

লক্ষ্য কৰি আছোঁ।

কপালত আধলিটোমান সেন্দুৰৰ ফোঁট, মুখত তামোলৰ ৰাং

ৰঙা ফুল দিয়া ৰিহা মেখেলা, ৰঙা হাইহীল।

কেৰানী নে মাষ্টৰনী?

আজিকালি সকলোৱে সকলো কামৰ লায়ক হৈছে ।” (ঊল)

সমাজত মানৱ প্ৰমূল্য ক্ৰমে অধেঃগামী হৈ আছে। আজিকালি সমাজত যোগ্যজনে যথাযোগ্য সন্মান নাপায়; অযোগ্যজনে ভণ্ডামীৰ ছলেৰে ফুলৰ মালা গ্ৰহণ কৰে। সমাজৰ এই ঘৃণনীয় দোষটোৰ প্ৰতি কবিয়ে কবিৰ অনুভূতিশীল দৃষ্টি নিক্ষেপ কৰি কবিতাৰ মাজেদি ফুটাই তুলিছে, এনেদৰে–

“কাঁচে পায় মানিকৰ মূল্য

ৰত্নাৱলী খেৰৰ তুল্য

চতুষ্পাঠীত চাৰিসিকি ফাঁকি

কীৰ্তন মেলিলে নুমায় চাকি।

Judas এ ফুলাৰ মালা পায়,

সৰল সেৱকে গুলি খায়।

চিত্ততকৈ ডাঙৰ বিত্ত,

কবি গুণী ৰূপৰ ভৃত্য।

সিংহাসনত বহিলে গাধা

আমি খাওঁ চূণ সাধা।

ডাকৰ বচন বেদৰ বাণী, 

ৰাইজৰ চকুতো পৰে ছানি।” (ডাক ছন্দ)

সমাজত আজিকালি ৰীতি-নীতি আৰু সামাজিক আচাৰ-আচৰণৰ পৰিবৰ্তন হৈ আছে। এই পৰিবৰ্তন নৈতিকতাৰ দিশত অধোগামীহে। কবি যজ্ঞেশ্বৰ শৰ্মাই নগৰীয়া পৰিৱেশৰ পৰা বহু দিন পিছত গাঁৱৰ ঘৰলৈ যোৱাত দেখিছে যে সকলো  অধঃপাতে গৈ আছে আৰু এই পতনমুখী চিত্ৰ দেখি লিখিছে–

“এযুগৰ মূৰত ঘৰলৈ আহিলোঁ

গাঁৱৰ পুৰণি ঘৰলৈ

গাওঁ সোমাই দেখিলোঁ

এবিঘা মাটি ঢাকি ধৰা ৰজাদিনীয়া বিয়াগোম

বৰগছ জোপা ধুমুহাত উঘালি পৰিছে।

ধুনাৰ গছজোপাও কাটিছে।

…………..

ৰাজহুৱা নামঘৰ জাকফুৰা গৰুৰ আশ্ৰয়,

ৰাতি হ’লে মণিকুটে পোহৰ নেদেখে;

কেৱল দুখন মুখ লৈ প্ৰজাপতি বাহিৰত পৰি আছে।

থাপনাত নাই ভাগৱত-

ওচৰত তিনিহাত ওখ বল্মীক,

তাত বা কি আছে?

ক’ৰবাৰ বান্দৰৰ জাকে লফাতলী উদং কৰিলে।” (মোৰ গাঁৱৰ ঘৰলৈ)

অসমীয়া সমাজত আজিও শিক্ষাৰ প্ৰতি সন্মান আৰু আদৰ বঢ়া নাই। কবিয়ে এই দিশটোতো দৃষ্টি দি ব্যঙ্গাত্মক ভাষাত অসমীয়া লোকৰ শিক্ষাৰ প্ৰতি দৃষ্টিভঙ্গীটো ফুটাই তুলিছে। কবিয়ে কৈছে–

“আমি অমৃতৰ নাতি-পুতি

অমিতাৰ খাৰ খাওঁ

কুটুমক ৰান্ধি

দিনৌ একোটা আধা পঢ়ো 

লেভেয়াথানৰ।” (ৰামায়ণ)

শাস্ত্ৰজ্ঞান নথকা অসমীয়া তিৰোতাই ভাওনাত যি ধৰ্মীয় বা শাস্ত্ৰীয় ভাও দেখিবলৈ পায়, সেই ভাওখনকে আচল বা বাস্তৱ বুলি ধৰি লয়। কবি যজ্ঞেশ্বৰে ‘কংস-বধ’ শিৰোনামাৰ কবিতাত এজনী বুঢ়ীৰ শাস্ত্ৰ বিশ্বাসৰ ধাৰাক প্ৰতিফলিত কৰি লিখিছে–

“গাঁৱৰ এমূৰে পঁজাটোত থাকে

তিনিমূৰীয়া   বুঢ়ী ।

চেঙেলীয়াহঁতে ‘আইতা’ বুলি মাতে;

পেংলাই কৰে-

আইতা, আপুনি কোৱা ‘কংস-বধ’ সেয়া নামঘৰৰ 

ভাওনাহে-

কংস জানো মৰিছে?

বুঢ়ী উঠে খঙতে জ্বলি-

তহঁতে কি কৈছ?

কংসক মৰা মই নিজ চকুৰে দেখিছোঁ আক’।” (কংস-বধ)

আজিকালি  ধৰ্মৰ নামত অধৰ্মকে চলাই নিয়া দেখা যায়। আনকি ব্রাহ্মণ, পুৰোহিতসকলে অৰ্থনৈতিক স্বাৰ্থ আগত ৰাখি ধৰ্মৰ বাণীবোৰ ৰাইজৰ মাজত আপোন মতত প্ৰচাৰ কৰে। সিহঁতে সামান্য লোভ পালেই আৰ্শীবাদ বেচিব পাৰে। কবি যজ্ঞেশ্বৰ শৰ্মাই লিখিছে–

গুপ দেউ জীৱন্ত আৰ্শীবাদ-

সকলো সুখে-সন্তোষে থাকক,

সবাৰে মঙ্গল হওঁক

জগতৰ দৃষ্টি ভদ্ৰ হওঁক।”

অসমীয়া সমাজত আলস্যৰো অন্ত নাই। নিজে কাম-বন নকৰি আনক ঠগাই বা ফাঁকি-ফুকা দি পেটৰ ভাত মুঠি যোগাৰ কৰা ঠগবাজী সমাজৰ সকলোতে বিদ্যমান। কবিয়ে এনে ঠগ আৰু ভণ্ডামীৰ চিত্ৰ ফুটাই তুলিছে এনেদৰে–

“লেঙেৰা মানুহটো

মুখৰ ফালে চালে একো খুঁত নাই।

বাটৰ কাষত

তামোল-বিড়িৰ দোকান এখন দিম বুলি

টকা দুটা নিয়ে ধাৰলৈ

বহুতৰ ওচৰলৈকে যায়।

এমাহৰ মূৰত আকৌ আহে, একেই কথা।

কেইবাবাৰো আহিল।

তেওঁৰ গৃহস্থী কেনে চলিছে?

তামোল-পাণৰ দোকান একা?” (লেঙেৰা দোকানী)

ৰাজনীতিত প্ৰতিপক্ষ আৰু বিপক্ষ- এই দুই পক্ষৰ মাজত চিৰকাল বিবাদ। তাকে ব্যঙ্গ কৰি কবিয়ে লিখিছে–

“নিৰ্বাচনী সভাত বক্তৃতা দি

মাননীয় মন্ত্ৰী ৰাজ পথে চলি যান্ত।

অৰি দলৰ দুটামান ডেকাই আগচি

মন্ত্ৰীৰ মটৰ ৰখাই

মাৰিলে কাণতলীয়া চৰ; কি হ’ল তৎ ধৰিব

কোনেও নোৱাৰিলে। নাকেদি ৰক্ত জবা।

চীনা ডেন্টিষ্টৰ কাম ওলাল।” (কলিকতীয়া ৰাজপথত ৰাজনীতি)

যুবক-যুৱতীসকল প্ৰাপ্ত বয়স্কত উপনীত হোৱাৰ লগে লগেই বিপৰীত লিঙ্গৰ প্ৰতি প্ৰৱলভাবে আকৰ্ষিত হয়। আনকি বিপৰীত লিঙ্গৰ হাতৰ বা দেহাৰ যিকোনো অংগৰ স্পৰ্শতেও এক মাদকতা অনুভৱ কৰে। সেয়ে যিকোনো প্ৰকাৰেই  হওঁক সিহঁতে স্পৰ্শ  বিচাৰে। কবিয়ে এই যৌৱন-আপ্লুত ডেকা-ডেকেৰীৰ মনৰ অভীপ্সাক ‘ঘৰত জুই লগা বেয়া নহয়’ কবিতাটিত ফুটাই তুলিছে। কবিয়ে কৈছে যে এবাৰ এঘৰ মানুহৰ ঘৰত জুই লাগিছিল। তেতিয়া জুই নুমাবলৈ বহুতো যুৱতী তিৰোতাই পুখুৰীৰ পৰা কলহ ভৰাই পানী  কঢ়িয়াই ডেকা ল’ৰাসকলৰ হাতত দিছে আৰু এই সুযোগতে ডেকাসকলে যুৱতীসকলৰ হাতৰ স্পৰ্শ লাভ কৰি আনন্দ লভিছে আৰু কৈছে যে ঘৰত জুই লগা বেয়া নহয়। কবিৰ ভাষাত–

“চ’ত মহীয়া খৰাং বতৰ;

গাঁৱৰ মানুহ এঘৰত জুই লাগিল।

মতা-তিৰোতা, ডেকা-গাভৰু-ল’ৰা-লুৰি

উবুৰি খাই পৰিছে।

ওচৰৰ পুখুৰীৰ পৰা হাতে হাতে কলহ বাল্টিত

পানী কঢ়িয়াই

ডেকা ল’ৰাহঁতৰ হাতত দিছে।

মোৰ পানী কলহ সি লওঁতে

তাৰ হাতত মোৰ হাতখন লাগি গ’ল, পাই

ঘৰত জুই লগা কি বেয়া?” (ঘৰত জই লগা বেয়া নহয়)

কবিয়ে গাঁৱৰ ল’ৰাৰ লগত বিয়া হোৱা চহৰীয়া ছোৱালীক লৈয়ো ব্যঙ্গ কৰি লিখিছে–

“মই কিন্তু কৈ দিছোঁ-

বিয়াৰ পিছত তোমাৰ গাঁৱৰ ঘৰলৈ, গেলা পাথৰী লৈ

যাব লাগিব, তাতে থাকিব লাগিব।

অফিচলৈ আহোতে মোকো স্কুটাৰত লৈ আহিবা।

মোক নমাই থৈ যাবা। মোৰ অফিচত।

আবেলি বজাৰ সমাৰ কৰি দৰ্কাৰী বস্তুটো লৈ

আকৌ স্কুটাৰতে উভতিম।

গাঁৱৰ লগতহে মোৰ বিয়া।” (স্কুটাৰ)

জধা-মূৰ্খক লৈ ‘জধা মূৰ্খ’ কবিতাত কবিয়ে এইদৰে হাস্য-ব্যঙ্গৰ সৃষ্টি কৰিছে–

”শিয়ালৰ শিং গজাও কেতিয়াবা দেখিব পাৰা

বৰথেকেৰাৰ ফুল কোনোবা এৰাতি ফুলা

সম্ভৱ হ’ব পাৰে।

লেঙেৰায়ো কেতিয়াবা গৌৰীশংকৰ লংঘন কৰিব পাৰে।

মৰীচিকাই কোনো সময়ত এবাটি পানী খুৱাব-

এনে কথাও সম্ভৱ হ’ব পাৰে।

সকলো অসম্ভৱ সম্ভৱ হ’লেও

জাত মূৰ্খই মূখালি নেৰে কিন্তু।” (জধামূৰ্খ)

আজিকালি সমাজত কবি-সাহিত্যিকৰ কোনো সীমা সংখ্যা নাই। সকলোৱেই যেন শিল্পী। অৰ্থাৎ সকলো সহজলভ্য হৈ পৰিছে। ফলত সকলো বস্তুৰে মানদণ্ডও নিম্ন হৈছে।  সেয়ে কবি আৰু কবিতাক লৈ কবিয়ে ব্যঙ্গ কৰি সমাজত শিল্পী সাহিত্যিকৰ স্বৰূপ আৰু সিহঁতৰ কৰ্মৰ মূল্যায়নৰ চিত্ৰ দাঙি ধৰিবলৈ লিখিছে ঃ

“বৰুৱাই কয়, গোঁহাই তোমাৰ বাণী বৰ ৰূপহ;

গোঁহায়ে বোলে, তোমাৰ পদ্য ঢাৰি-পাটিৰ উৰহ।

……………

শইকীয়াই বোলে, ৰহমান তোমাৰ লেখাই দিল চোৱে

ৰহমানে ক’লে, শৰ্ম আপোনাৰ কবিতা পঢ়ি

পাঠক হামিয়াই শোৱে।” (ঈশাবাক্য)

অসমীয়া সমাজত ৰাক্ষক বিবাহ অৰ্থাৎ ছোৱালীক পলুৱাই নি বিয়া কৰাৰ প্ৰথাও প্ৰচলিত। কবি যজ্ঞেশ্বৰ শৰ্মই এই ৰাক্ষক বিবাহৰ চাক্ষুস ঘটনা এটিক লৈ  ‘শুভ বিবাহ’ শিৰোনামাৰে লিখা এটি কবিতাত লিখিছে–

“ঘৰলৈ অহা দাৱনী ছোৱালী ডেকা ল’ৰা এটাই

আধা চোঁচোৰাই, আধা দাং কোলা কৰি

মুনি-চুনি বেলিকা লৈ গ’ল আমাৰ চকুৰ আগেদি।

তাই চিঞৰিছে, কেইটামান ল’ৰাই খেদিও আহিছে।

আমি সৰু ল’ৰা তেতিয়া।

এতিয়া শালীৰ বুঢ়ী  ঘৰে দুৱাৰে, ল’ৰাই ছোৱালীয়ে

ভৰপুৰ গৃহস্থী

দুটা মেটমৰা ভঁৰাল,

গিৰিহঁত পঞ্চায়তৰ মেম্বৰ।” (শুভ বিবাহ)

কবি যজ্ঞেশ্বৰ শৰ্মাৰ কবিতা বিশ্লেষণ কৰি দেখা গ’ল যে তেওঁ দৈনন্দিন জীৱনৰ ঘটনাক লৈ কবিতা লিখিছে যিবোৰ ঘটনা সাধাৰণতে সাহিত্যিকসকলে এৰাই চলে। তেওঁ সমাজৰ দোষ, অবৈজ্ঞানিক বিশ্বাস, অসামাজিক ৰীতি-নীতি আদিক লৈ কবিতা ৰচনা কৰিছে যদিও তেওঁ কোনো এটি কবিতাতেই সমাজৰ সত্যক অতিৰঞ্জিত কৰা নাই,  সমাজত যিদৰে ঘটে হুবহু সেইদৰেই মাথো হাস্যৰসৰ স্বাভাবিক সুৰ সানি কবিতাত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। তেওঁ সামাজিক ঘটনাক ব্যঙ্গ কৰিছে যদিও তেওঁৰ ব্যঙ্গ চিত্ৰ কেতিয়াও কঠোৰ বা তীক্ষ্ণ   নহয়; ই সদায় মধুৰ আৰু নমনীয়।

কবি যজ্ঞেশ্বৰ শৰ্মা ভাষা আৰু শব্দ নিৰ্বাচনত সিমান সচেতন নহয়। তেওঁ প্ৰকাশ ভঙ্গীতকৈ বিষয়-বস্তুৰ ওপৰতহে বেছি গুৰুত্ব দি সমাজক প্ৰতিফলিত কৰাৰ প্ৰতিনিধিত্ব কৰিছে। তেওঁ ছন্দক পৰিহাৰ কৰি মুক্তক ছন্দ বাছি লৈছে যদিও মুক্তক ছন্দৰ গাম্ভীৰ্য আৰু স্পন্দন তেওঁৰ কবিতাত নাই। বহু সময়ত তেওঁৰ ভাষা গদ্যৰ লগত মিলি গৈছে। যতি চিহ্নৰ ব্যাকৰণিক ব্যৱহাৰৰ অভাৱো তেওঁৰ কবিতাত বিদ্যমান।

কবি যজ্ঞেশ্বৰ শৰ্মাৰ কবিতাৰ ভাষাৰ আন এটি বিশেষত্ব হ’ল স্থান বিশেষে সংস্কৃত শব্দৰ প্ৰয়োগ। অৱশ্যে সংস্কৃত শব্দৰ ব্যৱহাৰ কৰি ভাৱটো ধেমেলীয়া কৰাত সফল হৈছে। কেতিয়াবা সংস্কৃত শব্দৰ অনুকৰণ কৰি নিজেও সংস্কৃত-সুৰীয়া শব্দৰ সৃষ্টি কৰিছে, যেনে– 

(ক) নিৰ্বানী সভাত বক্তৃতা দি মাননীয় মন্ত্ৰী ৰাজপথে চলি যান্ত।

(খ) সত্যমেব সন্যতে।

(গ) বয়ং তু কবয়। ইত্যাদি।

কবি যজ্ঞেশ্বৰ শৰ্মাৰ কবিতাৰ আন এক বৈশিষ্ট্য হৈছে পৌৰাণিক চৰিত্ৰসমূহৰ স্মৰণ। তেও’ৰ কবিতাত প্ৰাচ্য আৰু প্ৰাশ্চাত্য- এই দুয়ো পৃথিৱীৰ পৌৰাণিক চৰিত্ৰসমূহৰ নাম ঠাহ খাই আছে। উদাহৰণস্বৰূপে — মেনকা, শকুন্তলা, প্ৰিয়ংবদা, কংস, ৰুক্মিণী, শংকৰ, মহাদেৱ, Judas, Pilot, Banquo ইত্যাদি।

কবিৰ হাস্যোদ্বীপক ব্যঙ্গ প্ৰয়োগৰ এটি মাধ্যম হৈছে অসমীয়া বাক্যৰ মাজে মাজে ইংৰাজী আখৰেৰে লিখা শব্দৰ প্ৰয়োগ।

কবি যজ্ঞেশ্বৰ শৰ্মাৰ কবিতাত উপমা, ৰূপক আৰু বক্ৰোক্তিৰ যথাযথ প্ৰয়োগ পোৱা যায়। কিন্তু তেওঁৰ অলংকাৰৰ প্ৰয়োগত কোনো বিচিত্ৰতা নাই। বিষয়-বস্তুৰ স্বাভাৱিকতা দেখুৱালৈ মানুহে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ দৰেই স্বাভাৱিকভাবে তেওঁ অলংকাৰ  ব্যৱহাৰ কৰিছে। তেওঁৰ কবিতাত ৰূপক,  বক্ৰোক্তি আৰু  উপমাৰ ব্যৱহাৰ বেছি। উদাহৰণ–

(ক) এজনী মাইকীয়ে তাৰ মাজতে পিয়াহ দিছে কেঁচুৱাক

মেড’নাৰ মুখখন।

(খ) কোনোমতে পাছলৈ মুখখন ঘূৰালো, দেখিলো সাইলাখ টুপীধৰ       তাহানিৰ।

(গ) চাৰিবছৰীয়া অক্কনমানী ছোৱালী।

খুৰীয়েকৰ ৰিহা মেখেলা কোঁচাই পিন্ধি

শ্ৰী পঞ্চমীৰ পুৱা শ্বেত পুষ্পৰ অঞ্জলি সৰচতী

গোঁহানিক দিবলৈ নিছিল।

কাপোৰত জোঁট লাগি আধ বাটতে পৰি

নাক মুখ ভাঙি ৰক্তজবা।

বক্ৰোক্তিৰ উদাহৰণ হিচাপে তলত দিয়া শাৰী দুটা উদ্ধৃত কৰিব পাৰি–

“গাত পানী গামোচা এডোখৰ নাই

ইফালে জগতত বৰ দিবলৈ আহিছে।”

কবি যজ্ঞেশ্বৰ শৰ্মাৰ ব্যঙ্গ কবিতাবোৰ হাস্যৰসৰ  নিৰ্মল খোৰাক। তেওঁ ব্যঙ্গৰ জৰিয়তে সমাজক সমালোচনা কৰিছে যদিও তেওঁৰ সমালোচনা  নমনীয়; ই কেতিয়াও কঠোৰ নহয়। আন কথাত তেওঁৰ কবিতাত কোনো তীৰ্যক ব্যঙ্গ নাই; সেইদৰে সহানুভূতিও নাই।

পৰিশেষত ক’ব পাৰি যে বিংশ শতাব্দীৰ অসমীয়া কবিতাত  সমাজৰ স্বাভাৱিক ঘটনাক লৈ  ব্যঙ্গ কবিতা লিখি অকল কবিতাৰ দ্বাৰাই সমাজক উদংকৈ দেখুৱাৰ প্ৰতিভাত যজ্ঞেশ্বৰ শৰ্মা সফল হৈছে। ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

অজিত বৰুৱাৰ  কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা 

বিষয়-বস্তু আৰু আঙ্গিকৰ দিশত সম্পূৰ্ণ এক নতুন আচহুৱা কাব্য ধাৰা লৈ অসমীয়া কাব্য জগতত আবিৰ্ভাৱ হোৱা  বিংশ শতাব্দীৰ এজন কবিৰ নাম অজিত বৰুৱা।  কবি অজিত বৰুৱাৰ কবিতা বিষয়-প্ৰসংগ আৰু  আঙ্গিক- এই দুয়োটা দিশতেই অভিনৱ আৰু অসমীয়া ভাষাত পূৰ্ব-পৰম্পৰা ৰহিত। অসমীয়া ভাষাত এইজন কবিৰ আগত, কবিৰ সমসাময়িক কালত বা তেওঁৰ পিছত কোনো কবিৰ কবিতাই  কবি অজিত বৰুৱাৰ কবিতাত যি আঙ্গিক বা ধাৰা দৃষ্টিগোচৰ হয়, সেই ধাৰা পাবলৈ নাই। সহজ কথাত, অজিত বৰুৱাৰ কবিতা সকলো দিশৰ পৰাই অসমীয়া ভাষাত দৃষ্টান্তহীন আৰু অভিনৱ। ইয়াত বিশেষ ক’বলগীয়া যে যিকোনো ভাষাৰেই হওঁক যিকোনো কবিৰ কবিতাক কোনো এটি কাব্য ধাৰাত পেলাব পাৰি নাইবা প্ৰচলিত কাব্য ধাৰাৰ পৰা আলগ কৰি কোনো এক নতুন ধাৰাৰ নামাকৰণ কৰি সেই ধাৰাত সামৰি ল’ব পাৰি। কিন্তু কবি অজিত বৰুৱাৰ কবিতাক কোনো  কাব্য ধাৰাতো সামৰি ল’ব নোৱাৰিয়েই আনকি নতুন ধাৰা এটিৰ নামাকৰণ কৰি সেই ধাৰাত সামৰি লোৱাটো অতি জটিল আৰু দুষ্কৰ।

কবি অজিত বৰুৱাৰ কবিতা অধ্যয়ন কৰিলে দেখা যায় যে কবি হিচাপে তেওঁ বাস্তৱ বিমুখ। কাৰণ তেওঁৰ কবিতাত এই বাস্তৱবাদী যুগত বাস্তৱতাৰ প্ৰতি কোনো আগ্ৰহ আৰু তাৰ প্ৰতিফলন নাই। তেওঁ বাস্তৱবাদৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈছে। এই সাম্যবাদী, সমাজবাদী যুগত সমাজবাদৰ সপক্ষেই হওঁক বা বিপক্ষেই হওঁক তেওঁ কোনো উক্তি প্ৰকাশ কৰা নাই। আনহাতে সমাজ চিত্ৰৰো কোনো শৃঙ্খল প্ৰতিফলন নাই। কেতিয়াবা ছয়া-ময়াকৈ সমাজৰ এন্ধাৰ ফালটো উনুকিওৱা হৈছে যদিও সি ডাঠ কুঁৱলীৰ আবৰণেৰে ঢাক খুৱা। কবি অজিত বৰুৱা যে বাস্তৱতা বা সমাজ বিমুখ তেওঁ নিজেও জানে। সেয়ে এটি কবিতাত স্বীকাৰোক্তি দি তেওঁ লিখিছে–

“এনেকুৱা ছবি লাগে 

যি এই পৃথিৱীৰ নহয়

কিছুমান ৰঙ 

সেই দিনা সপোনত এনে এটা শব্দ দেখিছিলো

যাৰ অৰ্থ দিঠকত নাই।

কিছুমান আখৰ যিবিলাক বৰ্ণমালাত নাই।” (যেহেতু দৃশ্যমান জগতৰ)

কবি অজিত বৰুৱাৰ কবিতাত মাজে মাজে প্ৰকৃতিৰ প্ৰতি প্ৰীতিভাৱ আছে যদিও তেওঁ প্ৰকৃতিৰ কবি নহয়। কাৰণ প্ৰকৃতিৰ সৌন্দৰ্য বা বিষ্ময় তেওঁৰ কবিতাত ফুটি উঠা নাই। কেতিয়াবা কেতিয়াবা তেওঁ প্ৰকৃতিৰ সৌন্দৰ্যত উন্মাদ; কিন্তু তাৰ কাৰ্য-কাৰণ কবিতাত প্ৰকাশ কৰিবলৈ সমৰ্থ হোৱাহি নাই। গভীৰ পানীত আধা ডুব গৈ থকা আৰু আধা উপঙি থকা অথচ ভালকৈ মনিব নোৱাৰা জলজ উদ্ভিদ এটাৰ দৰেই কবিৰ প্ৰকৃতি প্ৰীতি। কবি অজিত বৰুৱাই কৈছে–

“কি ভাবিছিলো কি পাম

প্ৰতীতি আজিহে হয় ইন্দ্ৰিয় গ্ৰাহ্যাতীত

আলিঙ্গনৰ মিছা অঙ্গীকাৰ” (অলংকাৰ শাস্ত্ৰী)

কবিতাত দৰ্শন ফুটি উঠে যদিও কবিতা দৰ্শনৰ কোনো শাস্ত্ৰ নহয়। যিকোনো কবিৰ যিকোনো কবিতা সংকলন এটি অধ্যয়ন কৰিলে জীৱন সম্পৰ্কে কবিৰ দৰ্শন কি তাক সম্পূৰ্ণভাবে ধৰিব নোৱাৰিলেও তাৰ আভাষ পাব পাৰি। কিন্তু অজিত বৰুৱাৰ কবিতা জীৱন দৰ্শন নিৰেপক্ষ। তেওঁৰ কবিতা পঢ়িলে এনে ভাৱ হয় যেন  কবিৰ কোনো বস্তু বা বিষয়ৰ প্ৰতি কোনো আবেগিক দৃষ্টিভঙ্গী নাই। কোনো কোনো কবিতাত তেওঁৰ আবেগ প্ৰকাশ পাইছে যদিও আবেগৰ কোনো কাব্যিক কাৰণ নাই। কবিয়ে মাথো পোনে পোনে কৈছে–

“হয় প্ৰেম, প্ৰেম মোৰ

বুকুৰ পানীৰ ডৰিকনা মাছ।” (ফেটী কপৌ)

বিশ্ব সাহিত্যৰ ঐতিহ্যধাৰা অধ্যয়ন কৰিলে সকলোৱে স্বীকাৰ কৰিব যে সাহিত্য, বিশেষকৈ কবিতাৰ লক্ষ্য হৈছে আনন্দ দান আৰু জীৱনক চিত্ৰ বিচিত্ৰ ৰঙীন   কাঁচৰ মাজেৰে ভুমুকি মাৰি চোৱা। আন কথাত কবিতাৰ মাজেৰে জীৱনক কোমল বা সহজ আবেগিক সুৰত উপলব্ধি কৰাই কবিতা সৃষ্টিৰ সাধাৰণ উদ্দেশ্য। অজিত বৰুৱা ইয়াৰ বিপৰীত। জীৱনক সহজ নহয়, জটিল কৰাই যেন তেওঁৰ কবিতাৰ উদ্দেশ্য। সেয়ে কবিয়ে ৰচনা কৰিব পাৰিছে–

“বৰ্গক্ষেত্ৰৰ মাজত, বৰ্গক্ষেত্ৰৰ মাজত

বৰ্গক্ষেত্ৰ

আঁকি মই ভাল পাইছিলোঁ

আৰু পাইথাগোৰাচৰ উপপাদ্য

সমদ্ধিবাহু ত্ৰিভূজৰ কৰ্ণৰ ওপৰত

জীৱনৰ চানেকী

ত্ৰিভূজৰ এভূজৰ ওপৰত বৰ্গক্ষেত্ৰ।”

কবি অজিত বৰুৱাৰ কবিতা স্বদেশ আৰু স্বজাতিৰ ছবি বৰ্হিভূত। কবিয়ে কবিৰ কবিতাৰ বিষয়-বস্তুৰ বাবে কবিৰ স্বদেশ অসমক পাহৰি দেশ-বিদেশ যেনে- লণ্ডন, পেৰিচ, তিবৰ্বত, আমেৰিকা আদি ঠাইলৈ দৃষ্টি দিছে। সেয়ে তেওঁৰ কবিতাত অসমীয়া গোন্ধৰ আমোলমোল সুৰভি নাই।

কবি অজিত বৰুৱাৰ কবিতাৰ কোনো এটি স্পষ্ট প্ৰসংগ নাই। তেওঁৰ মনত যেতিয়া যি আহিছে, সেয়া বুদ্ধিদীপ্ত বলিয়ালিৰ দৰে লানি-নিছিগাকৈ লিখি গৈছে। আৰ্হি হিচাপে তলৰ কবিতাংশ উদ্ধৃত কৰিব পাৰিঃ

“দ্বিতীয়াৰ হাঁহি জৰে

নিলগৰ হাস্নাৰ ক্ষী-ণ  শিখাৰ দৰে-

নাচনী নিশাৰ মুখত পাতল ৰঙৰ ৰেখা

সোঁতাল আৰ্চিত আকাশৰ ছবি পৰে।

নীলা পাহাৰৰ ছাঁয়াৰ কাষত

ৰূপালী বালিৰ ৰেশমী ৰুমাল জ্বলে

চন্দ্ৰ দেখি খাদুৰিৰ পাতৰ আঁৰত

কাঁচিৰ দৰে

পমুৱাৰ কাঁচিৰ দৰে বেঁকা

আৰু লাখে লাখে পামধৰা ত’ৰা

পাকিস্থানী প্ৰতীকৰ শুভাযাত্ৰা চলে

মাত্ৰ উট নাই অসমত (উট পক্ষী আছে)।

 

আত্ম নিয়ন্ত্ৰণ …….. জনসাধাৰণ

মলয়াৰ জোঁৱাৰ আহিছে

উটুৱাই লৈ যায় মনৰ বাগিছা পাল

যুক্তিৰ লংগৰ আৰু নুতুলি নোৱাৰি।” (জৰাসন্ধ)

কবি অজিত বৰুৱাৰ কবিতাত নাটকীয় স্বগোক্তি (Dramatic Monologue) আছে। কিন্তু তেওঁৰ কবিতাৰ নাটকীয় স্বগোক্তি দেৱকান্ত বৰুৱা বা ইংৰাজ কবি ৰবাৰ্ট ব্রাউনিংৰ কবিতাত থকাৰ দৰে স্পষ্টতা আৰু কাব্যিক আবেদন নাই। তেওঁৰ কোনো কোনো নাটকীয় স্বগোক্তি থকা কবিতাত নাটকীয় আভাষ আছে; কিন্তু গতি নাই। আৰ্হি স্বৰূপ তলৰ কেইশাৰীমান কবিতা উদ্ধৃত কৰিব পাৰি–

“সুভাষ বহুতৰ হয়

হাচনাহানাৰ, পদুমৰ, গোলাপৰ, শেৱাললীৰ।

হৃদয়ৰ সুভাষ পাইছেনে প্ৰভু? হৃদয়ৰ

বিস্ফোৰিত হৃদয়ৰ? স্নায়ুৰ তন্ত্ৰীত উঠা বাগেশ্ৰী বাগৰ

সৰোদত।”

কবিৰ বেছিভাগ কবিতাৰ শিৰোনাম ৰহস্যময়। শিৰোনাম পঢ়ি কবিতাৰ বিষয়-বস্তুৰ আভাষ পাব নোৱাৰি। উদাহৰণ হিচাপে ‘সৃষ্টি ওলোটাৰ কথা’ শিৰোনামেৰে লিখা কবিতাটি উল্লেখ কৰিব পাৰি। তাৰোপৰি তেওঁৰ সৰহভাগ কবিতাৰ ঐতিহাসিক পটভূমি আছে যি পটভূমিৰ লগত সাধাৰণ পাঠক কোনো দিনেই পৰিচিত নহয়। তেনেকুৱা অপৰিচিত পটভূমি এটাক লৈ সাধাৰণ পাঠকৰ বাবে কবিতা লিখা টেঙৰালিৰ বাহিৰে আন কোনো উদ্দেশ্য থাকিব পাৰে বুলি মনে নধৰে। উদাহৰণস্বৰূপে কবিৰ ‘ব্রহ্মপুত্ৰ’ শিৰোনামেৰে লিখা কবিতাটি আঙুলিয়াব পাৰি। উক্ত কবিতাটিৰ এক ঐতিহাসিক পটভূমি আছে যি পটভূমি নৃতত্ব বা  ভূ-বৈজ্ঞানিকসকলৰ দুই-এজন বিশেষজ্ঞৰ বাহিৰে সকলোৰে বাবেই এক ৰহস্য। অৱশ্যে লিখকে কবিতাটিৰ টোকাত কবিতাটিৰ পটভূমি লিখিছে যদিও এনে এটা দীঘল পদ্যৰ পটভূমি টোকাত লিখাতকৈ কবিতাটিৰ আৰম্ভণিতে লিখা হ’লে কবিতাটি অধ্যয়ন কৰাৰ আবেদন বাঢ়িলহেঁতেন। বিশেষ মন কৰিবলগীয়া কথা যে তেওঁৰ টোকা সবৰ্বস্ব কবিতাবোৰৰ মূল কবিতা পঢ়াতকৈ টোকাসমূহ পঢ়ি কিছু সোৱাদ লাভ কৰিব পাৰি।

কবি অজিত বৰুৱাৰ কবিতা কল্পচিত্ৰ (Imagery) সবৰ্বস্ব। তেওঁৰ কবিতাত কল্পচিত্ৰ ইমানেই বেছি যে কল্পচিত্ৰ পঢ়ি গৈ গৈ পাঠকে মূল বক্তব্য বিষয় পাহৰি যায়।  কল্পচিত্ৰৰো সোৱাদ আছে; কিন্তু অজিত বৰুৱাৰ কবিতাত সেই সোৱাদ নাই। তেওঁৰ কল্পচিত্রবোৰ বৌদ্ধিক চাতুৰ্যৰ বলিয়া প্ৰকাশ। কবিতা কল্পনাৰ সমাহাৰ বুলি যিসকলে ক’ব খোজে সেইসকলে অৱশ্যে কল্পনা অবাস্তৱ আৰু অতি প্ৰাকৃত হ’লে কবিতাৰ সোৱাদ যে নষ্ট হয়, সেয়া স্বীকাৰ কৰাও উচিত।  কবিতা ইয়াৰ বিৰোধী ধাৰণাত আমঠ আৰু আঁকোৰগোঁজ যেনহে লাগে। কবি অজিত বৰুৱাৰ কল্পচিত্ৰত  ইংৰাজী কবি টি. এচ. ইলিয়ট, ডেলান থমাচ, ফৰাচী কবি চেন্ট জন পাৰ্চ আৰু শ্বাৰ্লে বদলিয়াৰ’ৰ কবিতাৰ কল্পচিত্ৰ প্ৰভাৱ আছে যদিও সিহঁতৰ কবিতাত প্ৰকাশ পোৱা কল্পচিত্ৰৰ সুষমা আৰু শৃঙ্খলা তেওঁৰ কবিতাত নাই। কবি অজিত বৰুৱা নিজেই স্বীকাৰ কৰিছে–

“বহুতো বগা ভাটৌ যে মই দেখো- মনশ্চক্ষুত। 

উৰুলিৰ দৰে জোপোহাৰ পৰা উৰা মৰা

সপ্তপণী শব্দত।”

কবি অজিত বৰুৱাৰ কবিতাৰ বিষয়-বস্তু আৰু আঙ্গিকলৈ লক্ষ্য কৰিলে যুগোশ্লাভিয়াৰ কবি মিৰোশ্লাভ হোলুব, স্পেইনৰ কবি নিকোলাচ গিয়েন আৰু পশ্চিমবঙ্গৰ বঙালী কবি শক্তি চট্টোপাধ্যায়ৰ কবিতাৰ লগত কিছু  সাদৃশ্য দেখা পোৱা যায় যদিও অজিত বৰুৱাৰ কবিতা কোনো পধ্যেই সিহঁতৰ কবিতাৰ সমপৰ্যায়ৰ নহয় – কাৰণ সিহঁতৰ কবিতাত যি সাবৰ্বজনীন আবেদন আছে অজিত বৰুৱাৰ কবিতাত সেই আবেদন নাই। আন কথাত ক’বলৈ গ’লে অজিত বৰুৱাৰ কবিতা পৰম্পৰাগত কাব্য ধাৰাৰ সম্পূৰ্ণ  পৰিপন্থী; কিন্তু সেইবুলি তেওঁৰ কবিতা ‘কবিতা বিৰুদ্ধ কবিতা’ (Anti-poem) নহয়।; কিয়নো কবিতা বিৰুদ্ধ কবিতাত কল্পচিত্ৰৰ মুক্ত বিচৰণ থাকিলেও বিষয়-বস্তুৰ লগত কেতিয়াও অসংলগ্ন নহয়।

ওপৰৰ বিশ্লেষণাত্মক সমীক্ষাৰ পৰা দেখা গ’ল যে  অজিত বৰুৱা সম্পূৰ্ণৰূপেই পৰম্পৰা ৰহিত অভিনৱ কবি। তেওঁৰ কবিতাৰ বিষয়-বস্তু আৰু আঙ্গিক – দুয়োটাই অসংলগ্ন আৰু জটিল। সেয়ে কবি অজিত বৰুৱাৰ কবিতাক ‘অসংলগ্ন-জটিল  কবিতা’  (Irrelevent Complex Poem) আৰু অজিত বৰুৱাক অসংলগ্ন জটিল কবি বুলি অভিহিত কৰিব পাৰি। ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

সনন্ত তাঁতিৰ কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা

গতানুগতিক বিষয়-বস্তুত নতুন উৎসাহ-উদ্দীপনা আৰু বৈপ্লবিক দৃষ্টিভঙ্গী সানি এক মৌলিক আৰু অভিনৱ আঙ্গিক লৈ বিংশ শতাব্দীৰ শেষ লগ্নত কাব্য জগতত প্ৰৱেশ কৰা কবি সনন্ত তাঁতি হৈছে আধুনিক অসমীয় কাব্য কাননত পুষ্প চম্পা সদৃশ। । কবি সবৰ্বহাৰা জনগণৰ প্ৰতি সহানুভূতিশীল আৰু তথাকথিত শাসক আৰু অভিজাত শ্ৰেণীৰ প্ৰতি কটাক্ষ দৃষ্টি তেওঁৰ মানবতাবাদী কবিতাবোৰত সদা সচেতনভাবে প্ৰকাশ পাইছে। তেওঁৰ স্বদেশপ্ৰেমমূলক কবিতাবোৰ আন আন কবিৰ স্বদেশপ্ৰেমমূলক কবিতাৰ দৰে সহজাত নহৈ কিছু পৰিমাণে উগ্ৰ আৰু  পাৰ ভাঙি ওলাই অহা বন্ধ পুখুৰীৰ পানীৰ দৰে তেওঁৰ কবিতাত ধৰা দিছে। তেওঁ সমাজবাদত বিশ্বাসী আৰু দেশত সমাজবাদ প্রতিষ্ঠাৰ বাবে তেওঁৰ বিপ্লৱী মনোভাৱ কবিতাত ৰামধেনুৰ বিচিত্ৰতাৰে  ৰূপায়ন কৰিছে। তেওঁৰ কবিতাৰ প্ৰতি শব্দে শব্দে আৰু শাৰীয়ে শাৰীয়ে সি বক্তব্য প্ৰকাশ পাইছে সেয়া হৈছে অত্যাচাৰিত, শোষিত, লাঞ্চিত, বঞ্চিত, নিপীড়িত জনগণৰ হৃদয়ৰ অভিব্যক্তি। মুঠতে মানবতাবাদ, স্বদেশপ্ৰেম,  সমাজবাদ আৰু বিপ্লৱ তেওঁৰ কবিতাৰ প্ৰধান বিষয়-বস্তু।

কবি জন দৰদী। সেয়ে উগ্ৰ সন্ত্ৰাসবাদৰ বলি হোৱা লোকসকলক কবিয়ে সোঁৱৰণ কৰিছে আৰু সিহঁতৰ বাবে শোক কৰি পতাকা নমাই থৈ কৈছে–

“তোমালোকৰ সোঁৱৰণত নমাই থলো মোৰ পতাকা

…………………..

তথাপি বতাহত  মই শুনা পাওঁ তোমালোকৰ মৃত চিৎকাৰ

বতাহত মই গোন্ধ পাওঁ তোমালোকৰ পুৰি যোৱা জীৱনৰ।”

কবিৰ স্বদেশ হেজাৰ স্বহীদৰ তেজেৰে ৰক্তাপ্লুত। সেয়ে কবিৰ হৃদয় স্বদেশৰ হকে কান্দি উঠিছে আৰু শোকাকুল হৈ চিঞৰি উঠিছে–

“উভতি চালেই তোমাৰ মুখ আই মোৰ আৰু উভতি চালেই

মোৰ ৰক্তাপ্লুত স্বদেশ।”

কবিৰ প্ৰতিটো চিত্ৰই শোষক আৰু শোষিত শ্ৰেণীৰ মাজত দ্বন্দ্ব আৰু সংঘাতৰ চিত্ৰ। তেওঁ কবিতাৰে শোষক শ্ৰেণীৰ বিৰুদ্ধে বিপ্লৱ কৰিছে আৰু নিজেও সগর্বে অনাবিল স্পৰ্ধাৰে বিপ্লৱৰ হকে শোভাযাত্ৰা উলিয়াই কৈছে–

“আপাততঃ তাৰ পৰাই আৰম্ভ হওঁক যুদ্ধ আপাতত–

তাৰ পৰাই সমৃদ্ধ হওঁক সময়

আমাৰ মাংসেপশী আৰু তেজ উদ্ভাসিত কৰি

বিপুল জয়ৰ সম্ভৱনাত য’ৰ পৰা থামি গৈছে সুখৰ  শোভাযাত্ৰা।”

কবিয়ে দেখা পাইছে যে ভাৰতে স্বাধীনতা পালেও সবৰ্বহাৰা জনগণে স্বাৰ্থান্বেষীসকলৰ হাতত সেই স্বাধীনতা হেৰুৱাইছে। সেয়ে কবিয়ে  স্বাধীনতাৰ হকে চিঞৰি কৈছে–

“আৰু এক স্বাধীনতাৰ বাবে

আৰু এক যুদ্ধৰ আয়োজন মোৰ ভিতৰে ভিতৰে।”

কবি ভীষণ সাহসী। তেওঁ অৰ্থনৈতিকভাবে দুবৰ্বল হ’ব পাৰে নাইবা সমাজত তেওঁৰ প্ৰভাৱ নাথাকিব পাৰে; কিন্তু তেওঁ কেতিয়াও সমাজৰ বিৰুদ্ধ শক্তিবোৰৰ ওচৰত হাৰ মনা নাই। তেওঁ সিহঁতৰ বিৰুদ্ধে যুঁজ কৰি গৈছে আৰু সিহঁতক কুকুৰৰ লগত তুলনা কৰি কৈছে–

“কুত্তাহঁতৰ ওচৰত মই কেতিয়াও নতি স্বীকাৰ কৰা নাই

কেতিয়াও নতজানু হোৱা নাই

যিদৰে অন্ধকাৰৰ ওচৰত যিদৰে ধবংসমুখী পতনৰ ওচৰত

মোৰ উদ্ভাসিত পৃথিৱীত থিয় হৈ প্ৰত্যাহ্বান জনাইছো অকলেই।”

কবিৰ মতে বিপ্লৱ মানে কেৱল ক্ষমতাৰ হস্থান্তৰ নহয়; বিপ্লৱ মানে আমূল পৰিৱৰ্তন আৰু  জনগণৰ আশা-আকাঙ্খাৰ বাস্তৱৰূপ। কবিয়ে কৈছে–

“বিপ্লৱ মানে যিসকলে ভাৱে কেৱল ক্ষমতাৰ হস্থান্তৰ

মই তেওঁলোকৰ দলত নাই

বিপ্লৱ মানে শ্ৰেণী সংগ্ৰামত জয়ী মানুহৰ

উষ্ণ হিৰন্ময় মুখবোৰ।”

কবি কেৱল নিজে বিপ্লৱ কৰিয়েই ক্ষান্ত থকা নাই; তেওঁ জনসাধাৰণক বিপ্লৱৰ প্ৰতি অনুপ্ৰাণিত হ’বলৈ আহ্বান জনাই অভিমানেৰে কৈছে–

“যদি বিপ্লৱ নুবুজে 

মই উচ্চাৰণ নকৰো কিহৰ বাবে আৰু কিহৰ কাৰণে 

এতিয়া অন্ধকাৰ।”

ভাষা আৰু আংগিকৰ দিশত কবি সনন্ত মৌলিক আৰু অভিনৱ যদিও তেওঁ তেওঁৰ কবিতাত যিবোৰ কল্পচিত্ৰৰ অৱতাৰণা কৰিছে সিবোৰ কেতিয়াবা  সীমা চেৰাই গৈ আমনিদায়ক আৰু কৃত্ৰিম হৈ পৰিছে। ফলস্বৰূপে কেতিয়াবা কেতিয়াবা তেওঁৰ বক্তব্য বিষয় ম্লান পৰি গৈছে। উদাহৰণস্বৰূপে তলত উদ্ধৃত কৰা কবিতা কেইশাৰীলৈ উনুকিয়াব পাৰি–

“নিথৰ পাথৰটোৰ ওপৰত পৰি থকা শব্দটোৰ দৰে

বন্দীশালত বন্ধী মাছটোৰ দৰে কৰাঘাততো স্থিৰ

দুটা দৃষ্টিৰ দৰে অনুভৱময়, বিৰহ আৰু দুখেৰে ম্ৰিয়মান আৰু কাতৰ

থমকি যোৱা এটি কিশোৰৰ দৰে সি মোৰ হৃদয়ত।’

তেওঁৰ কবিতাত উপৰ্যুপৰি উপমা অলংকাৰৰ প্ৰয়োগ সততে পোৱা যায়। উদাহৰণ–

(ক) ছুৰিৰ ধাৰৰ দৰে সি ৰক্তাক্ত কৰে সময়ক।

(খ) নির্বিকাৰ শক্তিমান প্ৰৱল জলবৃষ্টিৰ দৰে নিৰাকাৰ।

(গ) শৰৎকালৰ মেঘ আৰু বৰষুণহীন সুনীল আকাশৰ অনন্ত দীপ্ততাৰ দৰে।

আঙ্গিকৰ যিটো দিশে তেওঁৰ কবিতাক জটিলতা দান কৰিছে সি হৈছে বিশেষণৰ অত্যধিক ব্যৱহাৰ। উদাহৰণ–

(ক) বাৰিষা কাতৰ ৰাতিৰ ক্ৰন্দনত স্নিগ্ধ জোনাক।

(খ) নিদাৰুন দীনতাৰ কৰুণ ইতিহাস।

(গ) যন্ত্ৰণাকাতৰ কণ্ঠস্বৰৰ অমোঘ ঘোষণা। ইত্যাদি।

মুঠতে কবি সনন্ত তাঁতিৰ কবিতাই বিষয়-বস্তু আৰু আঙ্গিকৰ দিশত অনুকৰণীয় নতুনত্ব আনয়ন কৰি আধুনিক অসমীয়া কবিতাৰ এক নতুন স্পন্দনময় দিগন্তৰ সূচনা কৰিছে। ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

বিভা দাসৰ কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা

বিংশ শতাব্দীৰ শেষ লগ্নত সফল ভৱিষ্যতৰ সম্ভাৱনা লৈ কাপ হাতত লোৱা প্রতিষ্ঠা প্ৰয়াসী কবিসকলৰ মাজত কবি বিভা দাসো এজন। তেওঁ ইতিমধ্যে আন এজন প্ৰতিশ্ৰুতিসম্পন্ন কবি কমল লোচন দাসৰ সহযোগত যুটিয়াভাবে ‘তেজত ফুলা ফুল’ শিৰোনামেৰে এটি কবিতা সংকলন প্ৰকাশ কৰিছে। এই সংকলনখনৰ প্ৰতিটো কবিতাই তেওঁৰ কেঁচা আৰু অধ্যাৱসায়ী কবিত্ব শক্তিৰ স্বাক্ষৰ বহন কৰিছে। ব্যক্তিগত জীৱনত মুখা-মুখি হোৱা তিতা-কেঁহা অভিজ্ঞতা আৰু হৃদয়ৰ মাজত চেপি ৰখা দুখ-শোকৰ আবেগ-উচ্ছাসী প্ৰকাশ, অৱক্ষয়মান মানৱতাৰ কৰুণ অৱনতিৰ চালুকীয়া চিত্ৰ, প্ৰাকৃতিক বাহ্যিক সৌন্দৰ্যৰ প্ৰতি অনুভূতিশীল প্ৰেম, সোনালী ভৱিষ্যতৰ প্ৰতি আশাবাদী মনোভাৱ আদি তেওঁৰ কবিতাৰ প্ৰধান বিষয়-বস্তু।

ইমানবোৰ বৈশিষ্ট্যৰে বৈশিষ্টমণ্ডিত তেওঁৰ কবিতা সংকলনটিৰ পাত লুটিয়ালেই যিটো বৈশিষ্ট্যই পোনতে ধৰা দিয়ে সি হৈছে কবিৰ মায়াবাদী সুৰ অৰ্থাৎ কবিৰ হৃদয়ৰ মাজত সযত্নে সাঁচি ৰখা দুখ-শোকৰ বহিঃপ্ৰকাশ। কবি বিভা দাস ৰমন্যাসবাদী কবিসকলৰ দৰে আত্মাভিমুখী। কবিয়ে নিজৰ সমাজখনলৈ দৃষ্টি নিক্ষেপ কৰাৰ আগতে তেওঁ দৃষ্টি দিয়ে নিজৰ হৃদয় আৰু আবেগ-অনুভৱেৰে পৰিপূৰ্ণ তেওঁৰ মনৰ গভীৰ প্ৰদেশলৈ। কেতিয়াবা স্বাভাৱিকতেই যদি তেওঁৰ দৃষ্টিটো সমাজৰ প্ৰতি নিক্ষেপিত হৈছে আৰু বিশৃঙ্খল সমাজৰ ৰেহ-ৰূপ দেখি হৃদয়াত্মা কৰুণ আবেগানুভূতিত ভাগি পৰিছে, তেওঁ লগে লগেই  নিজৰ হৃদয়ৰ অস্থিৰতাৰ সৈতে সমাজৰ প্ৰতি তেওঁৰ মনোভাৱটো সাঙুৰি লৈ সমান্তৰালভাবে তেওঁৰ চকুৰ আগৰ কলুষিত সমাজখন আৰু নিজৰ হৃদয়ৰ ভাৱানুভূতিৰ সংশ্লেষ ঘটাই তেওঁ এহাতে সমাজখনক, আনহাতে তেওঁৰ ব্যক্তিগত হৃদয়খনক উদংকৈ দেখুৱাইছে। কিন্তু কবি বিভা দাসৰ কবিতাত প্ৰকাশ পোৱা দুখ আৰু শোকৰ কোনো পাৰ্থিৱ কাৰণ বিচাৰি পোৱা নাযায়। কবি যৌৱনৰ প্ৰাণোচ্ছল সাগৰৰ জোঁৱাৰত ঢৌৰ স’তে মিতিৰালি পাতি ভাঁহি ফুৰিছে যদিও তেওঁৰ কবিতাত দৈহিক অথবা আত্মিক প্ৰেমৰ কোনো আবেগ বা অনুভূতি প্ৰকাশ পোৱা নাই। তেওঁৰ হৃদয়ত আনন্দানুভূতিৰ বা শোকানুভূতিৰ উদ্ৰেক ঘটিছে যদিও কবি বিভা দাসে এই আনন্দৰ উৎসসমূহক কবিতাত প্ৰকাশ কৰাত বিড়ম্বনা কৰিছে।

সমাজত মানৱ প্ৰমূল্য হ্রাস পোৱাত কবিয়ে দুখ পাইছে। হত্যা, হিংসা, সাম্প্ৰদায়িকতা আদিৰ বলি হোৱা শ্বহীদসকলৰ তেজ দেখি কবি হৃদয় আসন্ন অথবা অনিশ্চিত ভৱিষ্যত জীৱনৰ নিৰাপত্তাৰ  প্ৰতি সন্দিহান হৈ উঠিছে আৰু এক অজান ভয়ত কঁপি উঠিছে। কবিয়ে কৈছে–

“তেজৰ কি আশ্চৰ্য শক্তি

সংগোপনে ভাঙে 

গঢ়ে

হৃদয়ৰ ঘৰ

তেজে 

তেজৰ হৈ কান্দে

তেজৰ হৈ হাঁহে

আহ!

তেজৰ স্পৰ্শত মোৰ

মৃত্যু হয় যদি! (তেজৰ কি আশ্চৰ্য শক্তি)

কবি বিভা দাস নিজক লৈ মগ্ন যেন আধুনিক নাৰ্চিচাছ হৈ অনবৰত নিজৰ মাজতে ডুবি থাকে। অৱশ্যে কবিয়ে নিজৰ হৃদয়ৰ আদৰ্শ আৰু বাহ্যিক সমাজখনৰ সোপা-ঢিলা আদৰ্শৰ মাজত পৰি অন্তঃদ্বন্দ্বত ভূগিছে। সেয়ে তেওঁ কৈছে–

“চোৱা,

মই কেনেকৈ ডুবি যাওঁ

নিজৰ মাজত

নিজকে তুলি-তালি

ডাঙৰ কৰা

সঁচাকৈয়ে কঠিন কাম।” (দুটি কবিতা– এক)

কবি বিভা দাসৰ কবিতাৰ দ্বিতীয় বৈশিষ্ট্যটো হৈছে অৱক্ষয়মান সমাজত মানৱতাৰ কৰুণ অৱনতিৰ চালুকীয়া চিত্ৰ। সমাজত শাসক আৰু স্বাৰ্থান্বেষী মুখা-পিন্ধা সমাজ সেৱকৰ হাতত সৰ্বসাধাৰণ ৰাইজ শোষিত আৰু লাঞ্চিত হোৱা দৃশ্য অৱলোকন কৰি কবিৰ হৃদয় কাৰুণ্যৰে ভৰি পৰিছে আৰু লিখিছে–

“শীতলীত সেমেকা শীত

শীৰ্ণ মাকৰ আচলত

মুখ লুকাই

শিশুটোৱে উচুপিছে

মাকৰ শুকান চকুতো

সেমেকা শীত

বুকুত জহৰ সূৰুয

ওঁঠত শীতৰ নিশাৰ নীৰৱ জোন।” (বিষাদ । তিনি)

সমাজত সবৰ্বহাৰা জনতাৰ দুখৰ কোনো পাৰাপাৰ নাই। সিহঁতে দিনে ৰাতিয়ে পৰিশ্ৰম কৰিও দুখ বা দৰিদ্ৰতাক আঁতৰ কৰিব পৰা নাই। কবিয়ে এটি কবিতাত দৰিদ্ৰ জনগণৰ এই দিশটোৰ সুন্দৰ বৰ্ণনা দি লিখিছে–

“সকলোৰে বুকুত

দুখৰ ভগা পঁজা ওলমে

দিনে ৰাতিয়ে

ৰাতিয়ে দিনে

দুখ-

এটা সাৰ্বজনীন শব্দ

এৰো বুলি নোৱাৰি এৰিব

দুখৰ শেতেলি

নুশুনো বুলিলেও শুনা যায়

দুখৰ দিনৰ গান

কঢ়িয়াই লৈ ফুৰিব লাগে

দুখৰ টোপোলা।” (সেউজীয়া ফুল)

কবি বিভা দাসে সমাজৰ দৰিদ্ৰতা ৰূপটিক কবিতাত অংকন কৰিলেও দৰিদ্ৰতা মোচনৰ বাবে তেওঁ কোনো ‘বাদ’ (Ism) ৰ ওচৰত ধৰা দিয়া নাই। আন আন কবিসকলৰ কবিতাত যেনেকৈ সমাজবাদী সুৰ প্ৰকাশ পাইছে, তেওঁৰ কবিতাত কিন্তু সেই সমাজবাদৰ সুৰটি ফুটি ওলোৱা নাই।

কবি বিভা দাসৰ কবিতাৰ তৃতীয় আৰু মনোগ্ৰাহী বৈশিষ্ট্যটি হৈছে প্ৰকৃতিৰ বাহ্যিক সৌন্দৰ্যৰ প্ৰতি ৰহস্যময় আৰু অনুভূতিশীল সহজাত প্ৰেম। কবিয়ে প্ৰকৃতিৰ বস্তু নাইবা গছ-লতাৰ সৌন্দৰ্যত এটি ৰহস্যবাদী সুৰ আৰু বিচিত্ৰতা অনুধাৱন কৰিছে। কবিৰ ভাষাত–

“নৈৰ সিপাৰৰ

গছডাল ডাঙৰ হ’ল

কি ফুল ফুলিছে তাত

গছে বাৰু

অনুভৱ কৰেনে

হেৰুৱা দিনৰ সুভাষ¸

মই বিচাৰি ফুৰিছোঁ

পথাৰে-নৈয়ে

গছৰ শিপা

গছে বাৰু

অনুভৱ কৰেনে? (অনুভৱ। এক)

আন এটি কবিতাত কবি বিভা দাসে বৈচিত্ৰময় প্ৰকৃতিত গছৰ পৰা সৰা পাতেও যে কোনো ৰহস্যময় ইংগিতৰ সাক্ষ্য বহন কৰি গীত গাব পাৰে তাক এনেদৰে ফুটাই তুলিছে–

“শীতৰ উদং পথত

গীত জুৰিছে সৰা পাতে

হেৰাই যোৱাৰ গীত।” (নিশাৰ গান। দুই)

বৰ্তমানৰ হাড়ে-ছালে লগা সামাজিক অৱয়বটো কবিৰ দৃষ্টিত অতিকৈ কৰুণ, ভয়াবহ আৰু ধবংসৰ আগজাননি যদিও কবিয়ে অন্ধকাৰৰ মাজত থিয় হৈ সূৰ্যোদয়ৰ আশাবাদী সপোন দেখিছে আৰু ভৱিষ্যতৰ প্ৰতি এই সোনালী আশাবাদেই কবি বিভা দাসৰ কবিতাৰ চতুৰ্থ বৈশিষ্ট্য হিচাপে ধৰা দিছে। কবিয়ে লিখিছে–

“অন্ধকাৰ মানে 

মই, তুমি আৰু আমি

আগবাঢ়ি যাওঁ

আগলৈ-

আৰু আগলৈ-

পোহৰলৈ-।” (আন্ধাৰৰ পৰা পোহৰলৈ)

কবি ভৱিষ্যতৰ প্ৰতি ইমানেই আশাবাদী যে কবিৰ সখীক পোহৰৰ  উৎসৱ পাতিবলৈ মাতি পঠিয়াই লিখিছে–

“কি লৈ গাওঁ

ফুল ফুলাৰ গান

সখী,

হাতে হাতে লৈ আহিবা জোৰ

পাতিম পোহৰৰ উৎসৱ।” (পাতিম পোহৰৰ উৎসৱ)

কবি ভৱিষ্যতৰ সোণালী দিনবোৰৰ আশাত প্ৰতীক্ষাৰত। সেয়ে কবিয়ে কৈছে–

“অহা বাটে ঘূৰি গ’ল চৰাইজাক

বাটে বাটে সিঁচি গ’ল

সোণালী বীজ

ইয়াত থিয় হৈ 

ৰৈ আছোঁ মই

কেতিয়াকে শুনা পাম

চৰাইজাকৰ সঙ্গীত।” (চৰাইজাক আহিবনে ঘূৰি)

কবি বিভা দাসৰ কবিতাৰ বিষয়-বস্তুত কোনো অভিনৱত্ব  আৰু বৈচিত্ৰৰ সোৱাদ নাই যদিও কবিৰ ভাষা আৰু শব্দ চয়নে পাঠকৰ মনত আলোড়ন তোলাত সক্ষম হৈছে। তেওঁৰ কবিতাত সাধাৰণ কল্পচিত্ৰ আছে যদিও কল্পচিত্ৰৰ কোনো মৌলিকত্ব আৰু বৈচিত্ৰতা নাই। তেওঁৰ কবিতাৰাজি সেইদৰে কাব্যিক অলংকাৰৰ দিশৰ পৰাও দুখীয়া। মাথো দুই-এটা উপমা আৰু অণাসক্ত বিশেষণৰ প্ৰয়োগতে কবিয়ে  নিজৰ কাব্যিক আঙ্গিকক সীমাবদ্ধ কৰি ৰাখিছে। অৱশ্যে তেওঁৰ কবিতাক যি সৌন্দৰ্যই কিছু আকৰ্ষণীয়তা দান কৰিছে সি হৈছে কবি প্ৰসিদ্ধ প্ৰতীকৰ ব্যৱহাৰ। কবিয়ে সূৰ্য, ফুল, জোন, নদী, পথাৰ, গছ  আদিক প্ৰতীক হিচাপে গ্ৰহণ কছিে।

কবি বিভা দাসে বিষয়-বস্তু, আঙ্গিক আৰু ভাষাশৈলীৰ ক্ষেত্ৰত তেওঁৰ কবিতাক স্বকীয়তা দান কৰিব পৰা নাই। তেওঁৰ সৰহভাগ কবিতাত তেওঁৰ অগ্ৰজ কবি হীৰেণ ভট্টাচাৰ্য, নীলমণি ফুকন আৰু সমসাময়িক কবিসকলৰ প্ৰভাৱ পৰিলক্ষিত হয়।  ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

কমল  লোচন  দাসৰ  কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা

বিংশ শতাব্দীৰ শেষ দহকটোৰ আৰম্ভণীতে অসমীয়া কাব্যাকাশত এটি নতুন প্ৰতিভাই আত্ম প্ৰকাশ কৰে- প্ৰতিভাটিৰ নাম কমল লোচন দাস। ইতিমধ্যে তেওঁ তেওঁৰ একান্ত বন্ধু কবি বিভা দাসৰ লগত যুটিয়াভােব ‘তেজত ফুলা ফুল’ শিৰোনামেৰে এটি দ্বৈত কাব্য সংকলন কাব্যপ্ৰেমী অসমীয়া পাঠক সমাজক উপহাৰ দিছে। মানৱ-সত্বাৰ জয় গান; দৰিদ্ৰ নীপিড়িত, শোষিত, জনগণৰ কাৰুণ্যময় জীৱন ধাৰাৰ প্ৰতি সহানুভূতিশীল দৃষ্টি; কবিৰ ভাবাবেগপূৰ্ণ প্ৰেম; অনিশ্চিত ভৱিষ্যতৰ প্ৰতি আশাবদ আৰু বিপ্লৱ – আদি  বৈশিষ্ট্য তেওঁৰ কবিতাৰ মাজেৰে এক মৰমলগা থুনুক-থানাক কাব্যিক ব্যঞ্জনাৰে প্ৰকাশ পাইছে।

মানৱ-সত্বাৰ জয় গান কবি কমল লোচন দাসৰ কবিতাৰ প্ৰধান বৈশিষ্ট্য নহয় যদিও তেওঁৰ কবিতাৰ আদি পৃষ্টাতে ধৰা দিয়া প্ৰথম বৈশিষ্ট্য। কবিয়ে ব্যক্তি সত্বাক দাৰ্শনিক দৃষ্টিৰে অন্বেষণ কৰি প্ৰতিজন ব্যক্তিয়েই যে দেৱতাৰ উৰ্দ্ধত সেয়া অনুধাৱন কৰিছে আৰু সেয়ে তেওঁ প্ৰতিজন মানুহকে নিজৰ অন্তৰৰ গভীৰত নিজকে অৰ্থাৎ মানুহেই যে সকলোৰে উৰ্দ্ধত সেয়া অনুধাৱন আৰু অন্বেষণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কবিৰ ভাষাত–

“নিজকে অন্বেষণ কৰা

নিজৰ মাজত

অনুভূতিৰ গভীৰত

আমি প্ৰত্যেকেই একোজন

দেৱোত্তম  মানৱ শিশু।” (অন্বেষণ)

সমাজত দিনে দিনে মানৱ প্ৰমূল্য কমি আহিছে; সেয়ে কবিয়ে মানৱ প্ৰমূল্যৰ অৱনতিৰ পিনে দৃষ্টি দি এই দিশটোৰ প্ৰতি জনগণক সচেতন কৰিবলৈ লিখিছে–

“শুকান পাতৰ দৰে 

সৰি পৰে

জীৱন-

সৰাপাতত

মানুহবোৰ শুই থাকে

কলিজাবোৰ ওলমি ৰয়

লঠঙা  গছৰ ডালত।” (সময়ৰ ৰং)

কবি কমল লোচন দাসৰ কবিতাৰ দ্বিতীয় বৈশিষ্ট্যটো হৈছে দৰিদ্ৰ, নীপিড়িত, শোষিত জনগণৰ জীৱন ধাৰাৰ প্ৰতি সহানুভূতিশীল দৃষ্টি। কবি সমাজদৰ্শী। সেয়ে সমাজৰ সকলো অৱস্থা তেওঁৰ চকুৰ আগত ধৰা পৰিছে আৰু তেওঁৰ হৃদয় সিহঁতৰ প্ৰতি সহানুভূতিৰে ভৰি উঠিছে। অৱশ্যে কবিৰ এই দ্বিতীয় ধাৰাটো বাৰিষাৰ বাঢ়নী পানীৰ ফেনে-ফোটোকাৰে ধৰা দিয়া নাই; ক্ষীণ আভাহে মাথো ছয়া-ময়াকৈ প্ৰতিফলিত হৈছে। কবিয়ে ‘ডাঙৰি’ শিৰোনামেৰে লিখা কবিতাত দৰিদ্ৰ কৃষকৰ জীৱন্ত চিত্ৰ এইদৰে ফুটাই তুলিছে–

“কান্ধত ডাঙৰি লৈ 

উকা পথাৰৰ বুকুৱেদি

কাৰ চোতাললৈ গুচি গ’ল

মেহনতী জনতাৰ দল

এক বিবৰ্ণ জনতাৰ দল

ডাঙৰি নহয়

শশ্মানলৈ যেন

কঢ়িয়াই নিছে 

আপোন  পুত্ৰৰ শ।” (ডাঙৰি)

কবিয়ে কেৱল সমাজৰ দৰিদ্ৰ দিশটোকেই চিত্ৰিত কৰি ক্ষান্ত থকা নাই; তেওঁৰ স্বকীয় দৰিদ্ৰতাৰ ৰূপটোকো চিত্ৰিত কৰিবলৈ চেষ্টা কৰিছে। কবিয়ে লিখিছে–

“চোলাৰ মোনাত ভোগালীৰ ভোগ দি

পথাৰবোৰ শুই পৰিল।

বাটে-ঘাটে, হাটে-বজাৰে

সকলোৰে বুকুয়ে বুকুয়ে

জুইতো এতিয়া সদায় জ্বলে

মাথো নজ্বলে মোৰ আখলৰ জুই।”

(ভোগালীৰ উৰুকা । ১৯৮৯)

কবি কমলৰ কবিতাত উভৈনদীয়াকৈ প্ৰকাশ পোৱা তৃতীয় বৈশিষ্ট্যটি হৈছে কবিৰ ভাবাবেগপূৰ্ণ আৰু ৰহস্যময়তাৰ গোন্ধৰে আমোলমোলাই থকা যৌৱনৰ প্ৰেম। কবিৰ প্ৰেম কামনাসক্ত নহয় যদিও ই আধ্যাত্মিকো নহয়। কামনাৰ সৌৰেভৰে সুভাষিত হৈ তেওঁৰ প্ৰেম অমৰাৱতীলৈ ধাৱমান হৈছে যদিও মাজ বাটতে পথ হেৰুৱাই তললৈ সৰি পৰিছে। যৌৱনৰ কাঁচিয়লী ৰ’দত প্ৰেমৰ উষ্ণ পৰশ পাবলৈ তেওঁ বলিয়া হৈ পৰিছে যদিও নিৰ্দ্দিষ্ট লক্ষ্যস্থান বিচাৰি নাপাই আবেগময়  হৈ পৰিছে। প্ৰেমৰ নিৰ্দ্দিষ্ট কোনো কাব্যিক দৰ্শন তেওঁৰ কবিতাত ফুটি নুঠিলেও প্ৰেমিক কবি কমলে প্ৰেমক অনুপ্ৰেৰণাৰ অবিমল উৎস বুলি গ্ৰহণ কৰিছে। কবিয়ে কৈছে–

“তোমাৰ চকুত 

চকু থলো মই

হাতত থলোঁ হাত

কণ্ঠত কোনে দি গ’ল

কঠিন প্ৰত্যয়ৰ গান!” (তোমালৈ)

কবি কমলৰ বাবে প্ৰেম যে প্ৰেৰণাৰ উৎস তাক এনেদৰে ব্যক্ত কৰিছে–

“তোমাৰ হাতত

হাত থলোঁ মই

খোজত মিলালোঁ খোজ-

মোৰ সমগ্ৰ দেহেৰে

বৈ গ’ল-

সৈনিক শক্তিৰ

বিদ্যুৎ-সোঁত।” (তোমালৈ)

প্ৰেম যৌৱনলৈ স্বতঃস্ফুর্তভাবে আহে। কোনোৱে ইয়াক বাধা দি ৰাখিব নোৱাৰে। আনকি যেতিয়া প্ৰেমৰ অনুভূতি যৌৱনত সুভাষভৰা ফুল হৈ ফুলে, তেতিয়া প্ৰেমিকজনে দহোদিশ প্ৰেমময় দেখে। কবিৰ ভাষাত–

“বাঁহীৰ সুৰত 

বেলিয়ে সাৰ পালে

পৃথিৱীলৈ নামি আহিল

পোহৰ-

যোৱা নিশাৰ চিঠিত

ভনীজনী গাভৰু হ’ল

জোনাকত আপ্লুত তাইৰ মুখত

এতিয়া কৰুণ কোমল হাঁহি

দহোদিশ ফুলি উঠিছে

সূৰ্যমুখী!” (সূৰ্যমুখী)

আধুনিক কবি-সাহিত্যিকসকল আশাবাদী। সিহঁতে ভৱিষ্যতৰ অদেখা দিনবোৰলৈ হৃদয়ৰ অন্তদৰ্শী চকুৰে ৰঙীন চচমাৰ মাজেৰে ভূমুকি মাৰি চায় আৰু চিত্ৰ-বিচিত্ৰ সুখৰ সঁফুৰাৰে ভৰা ভৱিষ্যত অৱলোকন কৰি ভৱিষ্যতৰ প্ৰতি সোণালী আশাবাদী মনোভাৱত কিৰীলি পাৰি উঠে। কবি কমলো আশাবাদী। তেওঁ আশা কৰে যে সমাজৰ পৰা সকলো প্ৰকাৰৰ ভেদা-ভেদ  আঁতৰি সমতা আৰু শান্তি প্রতিষ্ঠা হ’ব। সেয়ে কবিয়ে লিখিছে–

“চন্দ্ৰতাপ আঁতৰাই থবা

নামি আহিব চেঙেলীয়া ৰ’দ

ত’ৰা জিলমিল সুমথিৰা জোনাক।” (শৰৎ সম্ভাষণ)

কবি কমলৰ কবিতাৰাজিত প্ৰকাশ পোৱা চতুৰ্থ আৰু শেষ বৈশিষ্ট্যটি হৈছে শান্তি, সম্প্ৰীতি আৰু সমতাৰ হকে বিপ্লৱ। কবি বিপ্লৱত বিশ্বাসী। তেওঁ বিশ্বাস কৰে বিপ্লৱে নিশ্চয় সমাজত পৰিবৰ্তন সাধিবলৈ সমৰ্থ হ’ব। কবিয়ে আত্ম প্ৰত্যয়ৰে বিপ্লৱী আদৰ্শত বিশ্বাস কৰি, মৰুভূমিৰ বালিতো সেউজ উপত্যকা আঁকি যোৱাৰ সাহস কৰিছে। কবিৰ ভাষাত–

“মৰুভূমিৰ বালিতো

আমি বিচাৰিম

জীৱনৰ গান

সকলোতে আঁকি যাম

সেউজ উপত্যকা।” (সাজু হোৱা সখী)

কবিয়ে ইতিমধ্যে বিপ্লৱ আৰম্ভ কৰিছেই- সম্ভৱতঃ  কবিতাৰে প্ৰতিবাদ জনাই; সেয়ে তেওঁৰ সখী সকলোকো বিপ্লৱৰ বাবে সাজু হ’বলৈ আহ্বান জনাই লিখিছে–

“তুমি সাজু হোৱা সখী

বহুদূৰ বাট

পৰিক্ৰমা কৰিবলৈ

ওলাইছোঁ আমি।” (সাজু হোৱা সখী)

ইমানবোৰ বৈশিষ্ট্যৰে কবি কমল লোচন দাসৰ কবিতা বৈশিষ্ট্যমণ্ডিত যদিও কোনো এটি বৈশিষ্ট্যই তেওঁৰ কবিতাত পৰিপূৰ্ণতা পোৱা নাই। তেওঁৰ প্ৰতিটো কবিতাই যৌৱনৰ  ঋতুত  উদয় হোৱা বান্ধ নমনা আবেগৰ উচ্ছাসহে মাথোন। কিন্তু এয়া সঁচা যে আবেগ আৰু উচ্ছাসৰ মাজেদি কোনো দর্শনে প্রতিষ্ঠা নাপায়। কবি কমলৰ কবিতাতো সেয়া ঘটিছে। তেওঁৰ সৰহভাগ কবিতা আবেগত ইমানেই চঞ্চল হৈ পৰিছে যে সেই আবেগবোৰ কাব্যিক ৰূপ  পৰিগ্ৰহণ কৰোতে বাকৰুদ্ধ হৈ পৰিছে। তেওঁৰ সৰহভাগ কবিতাৰ শেষৰ শাৰীত আবেগিক চিহ্ন (Exclamatory Mark) ৰ ব্যৱহাৰেই ইয়াৰ স্পষ্ট প্ৰমাণ।

কবি কমলৰ কাবিতা কাব্যিক অলংকাৰৰ প্ৰাচুৰ্যতাৰ পৰা মুক্ত। মাজে মাজে দুই-এটা উপমা (Simile) আৰু প্ৰতীক (Symbol) -এ ভূমুকি মাৰিছে যদিও সেইবোৰে পাঠকৰ হৃদয়ত কাব্যিক শিহৰণ জগাবলৈ সক্ষম হোৱা নাই আৰু কবিৰ কবিতাৰ বিষয়-বস্তুক বিস্তাৰ কৰিবলৈ যি কল্পচিত্ৰৰ আহ্বান কৰিছে সেয়াও পুতৌজনকভাবে নিচলা আৰু গতানুগতিকধৰ্মী।

কাব্যিক কল্পচিত্ৰৰ দিশৰ পৰা কবি কমলৰ কবিতা দুখীয়া হ’লেও কবিয়ে যি ভাষাৰ সন্ধান কৰিছে তাত কাব্যিক স্পন্দনৰ আভাষ আছে। তেওঁ শব্দ নিৰ্বাচনত সিমান সতৰ্কতাৰ পৰিচয় দিব নোৱাৰিলেও সহজ, সৰল শব্দ প্ৰয়োগ আৰু চুটি, চুটি বাক্য বিন্যাসে তেওঁৰ কবিতাত স্বতঃ¦স্ফূর্ত সুৰৰ আলোড়ন জগাই তুলিছে।

কবি বিভা দাসৰ কবিতাত প্ৰবীন কবিসকলৰ স্পষ্ট আভাস পৰিলক্ষিত হোৱাৰ দৰে কবি কমলৰ কবিতাতো প্ৰবীন প্রতিষ্ঠিত কবিসকলৰ প্ৰভাৱ স্পষ্ট। কিন্তু ইয়াত বিশেষ মন কৰিবলগীয়া যে কবি বিভা দাস আৰু কবি কমল লোচন দাসৰ কবিতাৰ বিষয়-বস্তু, ভাবাবেগৰ সণ্ঢালনি আঁচোৰ, কল্পচিত্ৰৰ গতানুগতিকতা, কাব্যিক অলংকাৰৰ সীমিত ব্যৱহাৰ, শব্দ চয়ন, বাক্য বিন্যাস আদি  একেডাল কলা-বগা সূতাৰে গ্ৰথিত। ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

লোহিত কুমাৰ বৰাৰ  কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা

কাব্যপ্ৰেমী পাঠক সমাজৰ মৰম, সহানুভূতি আৰু দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হোৱা আধুনিক কবিসকলৰ মাজত লোহিত কুমাৰ বৰাও এজন।

জীৱনৰ ৰুঢ়  অভিজ্ঞতাক কবিতা ৰূপ দিয়া কবি লোহিত এজন বাস্তৱবাদী সমাজ সচেতন কবি। তেওঁ জীৱনৰ বাটত খোজ দিওঁতে ব্যক্তিগত জীৱনত পোৱা তিক্ত অভিজ্ঞতা, সবৰ্বহাৰা মেহনতী জনতাৰ শোকলগা কৰুণ অৱস্থাৰ প্ৰতি সহানুভূতিশীল দৃষ্টিপাত, স্বদেশৰ প্ৰতি সহজাত প্ৰীতি, সমাজৰ বিৰোধী শক্তিবোৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰু মুখৰিত বিপ্লৱৰ আহ্বান তেওঁৰ কবিতাৰ প্ৰতিপাদ্য বিষয়।

কবি লোহিত বাস্তৱবাদত বিশ্বাসী। গভীৰ এন্ধাৰ ৰাতিৰ ত’ৰাৰ জিলমিলনি, বাগিছাত জাতিষ্কাৰ হৈ ফুলি থকা ফুল, সাগৰৰ উত্তাল ঢৌ, কোনো চিনাকী বা অচিনাকী গাভৰুৰ দৈহিক সৌন্দৰ্যত ভোল যোৱা ৰোমান্টিক মনৰ কবি নহয় লোহিত কুমাৰ। তেওঁ জীৱনৰ কবি, মানুহৰ কবি, সমাজৰ কবি, জীৱনৰ প্ৰতি খোজত সন্মুখীন হোৱা ঘাত-প্ৰতিঘাতৰ কবি।

কবি লোহিত কুমাৰ বৰাৰ আৰ্থিক অৱস্থা আন দহজন কবিৰ দৰেই হাড়ে-ছালে লগা। আকাল যেন তেওঁৰ লগৰীয়া। কবিয়ে সেয়ে কৈছে–

“মোৰ সৰু পঁজাটিৰ দুখন চাল

তাৰে কটাই দিও সৰ্বতিকাল

ৰ’দ বৰষুণ ইয়াত সকলোৰে আকাল।” (আকাল)

কবিৰ প্ৰিয় বস্তু হ’ল মানুহ- বিশেষকৈ শোষিত, নীপিডিত সবৰ্বহাৰা জনগণ। সিহঁতৰ স’তে কবিৰ আজন্ম সহবাস। সেয়ে কবি সিহঁতৰ শোক, দুখ, হাঁহি, অশ্ৰু আদি সকলো অৱস্থাৰ লগত চিৰ পৰিচিত। সেইবাবে সিহঁতৰ চৰম অৰ্থনৈতিক বিপৰ্যয় দেখি মৰ্মাহত হৈছে আৰু সিহঁতৰ আৰ্থিক অৱস্থাৰ দৈন্যতা বৰ্ণাই লিখিছে–

মহাজনৰ কৰ্কট কামোৰত বিদীৰ্ণ মোৰ দেহ

ধূলি ধূসৰিত দেহত অথবা কোৱাৰিত আমাৰ তেজৰ চেকুৰা

হাতীৰ গচকত ৰক্তাক্ত হোৱা দেহৰ

তপত তেজেৰে

ৰাঙলী আমাৰ দৈয়াং।” (আমি আহি আছোঁ)

কবি লোহিতৰ কবিতাৰ তৃতীয় বৈশিষ্ট্য হৈছে স্বদেশপ্ৰেম। কবিয়ে নিজৰ দেশক অতিকৈ ভাল পায়। কিন্তু কবিৰ স্বদেশপ্ৰেম অকল অসম বা ভাৰততে সীমাবদ্ধ হৈ থকা নাই। তেওঁৰ স্বদেশপ্ৰেম অসমৰ আকাশত উদয় হৈ সমগ্ৰ বিশ্বত সূৰ্যৰ হালধীয়া ৰশ্মিৰ দৰে সিঁচৰতি হৈ পৰিছে। আন কথাত কবি লোহিতৰ মতে – য’তেই মানুহ আছে ত’তেই তেওঁৰ স্বদেশ। কবিৰ ভাষাত–

“দেশ বুলি একো কথা নাই

মানুহেই মোৰ বাবে স্বদেশ, স্বকাল।”

কবি লোহিতৰ কবিতা কাননত যিটো সুৰ অনবৰতে বাজি আছে সি হৈছে – সমাজৰ বিষাক্ত শক্তিবোৰৰ বিৰুদ্ধে স্বতঃস্ফূর্তভাবে কবিৰ কণ্ঠৰ পৰা নিঃসৃত হোৱা প্ৰতিবাদী বিপ্লৱী সুৰ। তেওঁৰ প্ৰতিবাদী সুৰটো ক্ষুধাৰ বিৰুদ্ধে, শোষক শ্ৰেণীৰ বিৰুদ্ধে, পুঁজিবাদী সমাজ ব্যৱস্থাৰ বিৰুদ্ধে। তেওঁৰ স্বদেশপ্ৰেমৰ দৰে তেওঁৰ প্ৰতিবাদী বিপ্লৱৰ সুৰো ভাৰতবৰ্ষতে সীমাবদ্ধ হৈ থকা নাই: য’ত ক্ষুধা আছে, সবৰ্বসাধাৰণ জনগণৰ ওপৰত অত্যাচাৰ আছে, অন্যায় আছে – তাতেই তেওঁৰ প্ৰতিবাদ আছে, বিপ্লৱ আছে। কবিয়ে কৈছে–

“য’ত ক্ষুধা আছে, আছে ক্ষুধিত মানুহৰ ভিৰ

ত’তেই মোৰ সংগ্ৰাম আৰম্ভ

সি ভাৰতেই হওঁক অথবা বাংলাদেশ

আফ্রিকা অথবা ৰোমানিয়া।”

এজন বিপ্লৱীৰ মৃত্যুত কবিয়ে আন এটি কবিতাত লিখিছে–

“ৰঙা  কাপোৰেৰে ঢকা আছে মুখ

দাঙি দিলেই কথা ক’ব

কেৱল প্ৰতিবাদৰ কথা।” (প্ৰতিবাদীৰ মৃত্যুত)

কবি লোহিত কুমাৰ বৰাৰ কবিতাত ক্ষীণ হ’লেও যি চতুৰ্থ সুৰ ৰিণি ৰিণিকৈ বাজি উঠিছে- সি হৈছে সেউজীয়া শান্তিৰে ভৰপুৰ এখন শোষণহীন, সমতাৰে ভৰা সমাজৰ সপক্ষে আশাবাদী সুৰ। কবিয়ে আশা কৰে যে তেওঁৰ দৰে সকলো নাগৰিকে যদি বিপ্লৱৰ পতাকা হাতত লৈ ওলাই আহে, তেন্তে এনেকুৱা সমাজ এখন পোৱা অচিৰেই সম্ভৱ। কবিৰ ভাষাত–

“নিঃস্ব মোৰ হৃদয় মাথো আছে। আহিবা তুমি

একেলগে পাৰ হ’ম আমি

হৃদয় জাহাজত উঠি বিষন্ন সময়।” (প্ৰত্যাশা)

আন এটি কবিতাত কবিয়ে কৈছে–

“এতিয়া সমাগত সেই

দুৰন্ত সময়। আমি হাত মেলি দিওঁ

তুলি ধৰো

সময়ৰ শ্রেষ্ঠতম বিচাৰ।” (বিচাৰ)

ভাষা আৰু আঙ্গিকৰ দিশত কবি লোহিত কুমাৰ সম্পূৰ্ণ সফল হোৱা বুলি ক’ব নোৱাৰি। কবিতাৰ বিষয়-বস্তু আৰু তাৰ প্ৰকাশভঙ্গীৰ  মাজত কবি কেতিয়াবা সমন্বয় ৰক্ষা কৰিব পাৰিছে আৰু বহু সময়ত সমন্বয় ৰক্ষা কৰিব নোৱাৰি গদ্যময় হৈ উঠিছে। উদাহৰণ-

“চাৰিওফালে বিয়পি পৰিল দৰ্শনাৰ্থীৰ চাৱনি

দেওশালৰ চেকা লগা খড়্‌গ

গোঁহানীৰ তেজাল জিহ্বা

ডিমিক ধামাককৈ জ্বলি থকা

সভ্যতাৰ চাকি গছ।” (কৃষ্ণাঙ্গ লোকৰ মৃত্যুত)

উপৰুদ্ধৃত শাৰীকেইটাত সমাজৰ চিত্ৰ ফুটি উঠিছে যদিও কবিয়ে চিত্ৰটোক দাঙি ধ’ৰাত  আশ্ৰয় লোৱা শব্দকেইটাই পাঠকৰ হৃদয়ত জোকাৰণি আনয়ন কৰাত সফল হ’ব পৰা নাই।

কবি লোহিতৰ কবিতাৰাজিৰ বিষয়-বস্তু আৰু আঙ্গিকৰ দিশত প্ৰবীন কবি হীৰেন ভট্টাচাৰ্য, নীলমণি  ফুকন, নৱকান্ত বৰুৱাৰ শেহতীয়া কবিতাৰ প্ৰভাৱ পৰিছে যদিও কবিয়ে নিজৰ মস্তিষ্কৰ কৰ্মশালাত স্বকীয়তা দান কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰিছে আৰু কিছু পৰিমাণে সফলো হৈছে বুলি ক’ব পাৰি। কবি লোহিতৰ কবিতাৰাজিক তেওঁৰ সমসাময়িক কবি নীলিম কুমাৰৰ  কবিতাৰ আঙ্গিকৰ  তুলনা কৰি ক’ব পাৰি যে নীলিম কুমাৰৰ দৰে লোহিতে কবিতাৰ আঙ্গিকৰ দিশত নতুনত্বৰ আবেদন দান কৰিব পৰা নাই। কিন্তু নীলিম কুমাৰৰ কবিতাৰ কল্পচিত্ৰৰ তুলনাত কবি লোহিতৰ কল্পচিত্ৰ বহুলাংশে চহকী। উদাহৰণস্বৰূপে তলত দিয়া শাৰী কেইটা উদ্ধৃত কৰিব পাৰি–

“তোমাৰ দুগালেদি নামি আহে পোহৰ

নিৰন্ত্ৰ আন্ধাৰত ভিতৰৰ মানুহ মোৰ

জলমলাই উঠে

জপিয়াই পাৰ হয় মোৰ সমুখেদি

আন্ধাৰেদি পাৰ হয়

পোহৰৰ ঘোঁৰা।” 

(তোমাৰ চকুত আই মোৰ চকু)

কবি লোহিত প্ৰতীক ব্যৱহাৰত সিদ্ধহস্ত। তেওঁ তেওঁৰ কবিতাত সূৰ্য, ফুল, নাও, পাৰ চৰাই আদি শান্তি আৰু বিপ্লৱৰ প্ৰতীক হিচাপে অংকন কৰিছে। ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

ইছমাইল হোছেইনৰ কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা

বিংশ শতাব্দীৰ শেষ দহকটোত আত্ম প্ৰকাশ কৰা অসমীয়া কবিসকলৰ মাজত কবি ইছমাইল হোছেইন হৈছে এটি উজ্জ্বল নক্ষত্ৰ সদৃশ। “জীৱন আৰু মানুহ বিষয়ক” কবিতা সংকলনৰে কবি হোছেইনে কাব্য জীৱনৰ পাতনি মেলে। এই  কবিতা সংকলনটিৰ বাহিৰেও বিভিন্ন কাকত আলোচনীত  তেওঁৰ অসংখ্য কবিতা সিঁচৰতি হৈ আছে। অতীতৰ প্ৰতি শ্ৰদ্ধা, সহজ-সৰল গাঁৱলীয়া জীৱনৰ প্ৰতি মোহ, মাতৃভূমিৰ প্ৰতি অকপট প্ৰেম, সমাজবাদৰ প্ৰতি দৃঢ় বিশ্বাস, সমাজৰ সন্ত্ৰাসী শক্তিবোৰৰ বিৰুদ্ধে তীক্ষ্ণ কটাক্ষ, সৰ্বহাৰা মানুহৰ প্ৰতি সহানুভূতি, ভৱিষ্যতৰ প্ৰতি সোণালী আশাবাদ তেওঁৰ কবিতাৰ প্ৰধান বিষয়।

কবি হোছেইনৰ কাব্যাকাশৰ তলত থিয় দি চকু দুটা মুকলি কৰি দিয়াৰ লগে লগেই যিটো বৈশিষ্ট্যই চকুত ছাট মাৰি ধৰে সেয়া হৈছে – কবিৰ অতীতৰ দিনবোৰৰ প্ৰতি শ্ৰদ্ধা আৰু সিবোৰৰ স্মৃতি ৰোমন্থন। কবিয়ে গাঁৱত জন্ম গ্ৰহণ কৰি গাঁৱলীয়া পৰিৱেশতে ডাঙৰ-দীঘল হৈছে আৰু সেই গাঁৱলীয়া পৰিৱেশতেই শান্তিৰ নিজৰা বিচাৰি পাইছে। কিন্তু সময় বৰ নিষ্টুৰ। সমাজৰ পল আগবাঢ়ি যোৱাৰ লগে লগে গাঁৱলীয়া ঐতিহ্যও ম্লান পৰি আছে। সেয়ে কবিয়ে অতীতৰ গাঁৱলীয়া সংস্কৃতিৰ মাজত বৰ্তমানৰ বৈসাদৃশ দেখা পাই তেওঁৰ প্ৰাণ কৰুণ কান্দোনেৰে ভৰি উঠিছে আৰু সেই কান্দোনৰ তপত চকুলো গাঁৱৰ কথা’ শিৰোনামাৰ কবিতাটিত ফুটাই তুলিছে। কবিয়ে লিখিছে–

“হে পীড়িত সময়,

মোক ওভতাই দিয়া গাঁৱৰ মানুহৰ নিবিড় সান্নিধ্য

খেৰ আৰু নৰাৰ উমত গা জুৰোৱা শীতৰ উমাল ৰাতি

মোক ওভতাই দিয়া নাঙলৰ শিৰলুত লখিমী বিচৰাৰ দিন

কৃষকৰ স’তে গোৱা ফাগুনৰ গান, বাঁহীৰ ভাটিয়ালী সুৰ

নদীৰ নিৰ্মল পানী, সাধু কথাৰ মুকলি আকাশ।” (গাঁৱৰ কথা)

কবি হোছেইনৰ কবিতাৰ দ্বিতীয় বৈশিষ্ট্যটো হৈছে স্বদেশ প্ৰেম। কবিয়ে নিজৰ মাতৃভূমিক ভাল পায় অকপটভাবে। সেয়ে স্বদেশৰ ‘ছন পৰা মাটিত মূৰ গুজি প্ৰত্যহ সূৰ্যস্নাত পুৱা’ক আহ্বান কৰে। দেশলৈ শান্তি ঘূৰি অহাৰ  আশাৰে নিজান পুৱা বাঁহীত ফু দি মাতে শুকুলা পাৰ চৰাইক আৰু দিনটোৰো শুভাৰম্ভ কৰে মাতৃভূমিৰ কল্যাণৰ আঁৰতিৰে। কবিয়ে কৈছে–

“তোমাৰ ছন পৰা বুকুত মুৰ গুজি

প্ৰত্যহ মই আহ্বান কৰো এটি সূৰ্যস্নাত পুৱা

মোৰ বুকুৰ কামিহাড় গচকি পাৰ হৈ যায়

এদল উদভ্ৰান্ত ঘোঁৰা।”

কবি হোছেইনৰ কবিতাৰ চোতালত থিয় দি চকু ফুৰালে তেওঁৰ কবিতাৰ যি উজ্জ্বল ৰশ্মিয়ে চকুত ধৰা দিয়ে সি হৈছে সমাজবাদৰ প্ৰতি কবিৰ দৃঢ় বিশ্বাসৰ সণ্ঢালনি ৰশ্মি। অৱশ্যে কবিৰ সমাজবাদৰ আদৰ্শটো মাৰ্ক্সৰ তাত্বিক (Theoretical)  সমাজবাদত আবদ্ধ নাথাকি লেলিনৰ প্ৰায়োগিক (Applied) সমাজবাদৰ আদৰ্শলৈ উন্নীত হৈছে। সেয়ে তেওঁ প্ৰতিজন নাগৰিককেই সংহতিৰ বিশাল পথাৰত মিলিত হ’বলৈ আহ্বান কৰিছে আৰু প্ৰতিজন অনাহাৰী, বুভুক্ষু শিশুৰ মুখত এটি চুম্বন অথবা এটুকুৰা ৰুটি গুজি দিয়াৰ হাবিয়াস কৰিছে বা সপোন দেখিছে। কবিৰ ভাষাত–

“অহা দিনবোৰৰ প্ৰতিটো প্ৰত্যুষত

আমি যেন মিলিত হ’ব পাৰোঁ

সংহতিৰ বিশাল পথাৰত

আমি যেন কৰিব পাৰোঁ আলিঙ্গন,

প্ৰতিজন শিশুৰ মুখত 

গুজি দিব পাৰো এটুকুৰা ৰুটি

অথবা এটি চুম্বন।”

তেওঁৰ কবিতাৰ তৃতীয় বৈশিষ্ট্য  হৈছে  সাম্প্ৰদায়িকতা তথা সমাজৰ সন্ত্ৰাসী শক্তিসমূহৰ বিৰুদ্ধে তীক্ষ্ণ কটাক্ষ দৃষ্টি। সাম্প্ৰদায়িকতা আৰু সন্ত্ৰাসী শক্তিসমূহক তেওঁ অতিশয় ঘিণ কৰে। সেয়ে ‘সাম্প্ৰদায়িক’ শিৰোনামৰ কবিতাটিত সাম্প্ৰদায়িকতাক পদাঘাত কৰিবলৈ অৰ্থাৎ সমূলেঞ্চ নাশ কৰিবলৈ বীৰদর্পে আহ্বান জনাইছে। কোনো নাগৰিক সাম্প্ৰদায়িক সংঘৰ্ষত নিহত হোৱা সংবাদ পঢ়ি কবি মৰ্মাহত হৈছে, হৃদয় চিৰা-চিৰ হৈছে আৰু শোক বেদনাৰে ভৰি পৰিছে। সেয়ে কবিয়ে কৈছে–

“কুটুমৰ তেজেৰে শলিতা জ্বলাই

কোনে বাৰু পোহৰায় আপোন ঘৰ

ই যে নিৰ্মম সংবাদ,

মৃত্যুৰ মাতাল স্পৰ্শই ছিঙি  নিয়ে হৃদয়ৰ এফাল।”

কবি হোছেইনৰ কবিতাৰ চতুৰ্থ বৈশিষ্ট্যটি হৈছে প্ৰচলিত সমাজ ব্যৱস্থাৰ গঢ়া-খহনীয়া আৰু মস্তিষ্কৰ যুক্তিবাদী আদৰ্শৰ মাজত চলা অন্তঃদ্বন্দ্ব। কবিয়ে সদায় সমাজ পৰিচালনাৰ বাবে যুগ যুগ ধৰি চলি অহা পৰম্পৰাগত নীতি-নিয়ম আৰু আধুনিক যুগৰ উশৃঙ্খল জীৱন ধাৰাৰ দোদুল্যমানত পৰি দুলিছে। সেয়ে কবি হোছেইনে আত্মিক অস্তিত্ব আৰু বাহ্যিক অস্তিত্বৰ মাজত বিশাল বৈসাদৃশ্য ধৰা পেলাইছে আৰু এই দুয়োটা অস্তিত্বৰ মাজত আত্ম-দ্বন্দ্বত ভূগিছে। সেয়ে ‘নিজৰ স’তে দ্বন্দ্ব’ নামৰ কবিতাটিত কবিয়ে নিজকে উদ্দ্যেশি কৈছে–

“ইছমাইল,

………….

তোৰ ভিতৰৰ মানুহজন বৰ অদ্ভূদ

তাৰ স’তে মোৰ অহৰহ দ্বন্দ্ব, অহৰহ যঁজ।

তইয়েইতো মোক শিকাইছিলি মানুহৰ বুকু ফালি 

সোমাই যোৱাৰ যাদুকৰী কৌশল আৰু যুদ্ধাৰম্ভৰ আঁচনি

তয়েইতো মোক দিছিলি স্বত্বাধিকাৰৰ অনুজ্ঞাপত্ৰ

যাৰ ফলত চহাইছো মানুহৰ বুকুৰ উৰ্বৰা মাটি।”

বুদ্ধিজীৱিসকলৰ বৌদ্ধিক মস্তিষ্ক সদায় আশাবাদী। ইছমাইল কবি হ’লেও আন আন কবিসকলৰ দৰে  কেৱল কল্পচিত্ৰ সন্ধানত হাহাকাৰ কৰি ফুৰা কোমল হৃদয়ৰ কবি নহয়। তেওঁৰ কবিতা দাৰ্শনিক আৰু বুদ্ধিজীৱিসকলৰ দৰে যুক্তি আৰু আশাবাদেৰে পৰিপূূৰ্ণ। কবিয়ে আশা পোষণ কৰিছে যে কোনো এটি সময়ত বিশ্বৰ সকলো সবৰ্বহাৰা লাঞ্চিত, নীপিড়িত, শোষিত জনগণ সচেতন হ’ব আৰু তেতিয়াই সমাজৰ পৰা সকলো প্ৰকাৰৰ ভেদা-ভেদ, উচ্চ-নীচৰ প্ৰাচীৰ ভাঙি চুৰমাৰ হ’ব আৰু সমাজত নিশ্চয়  শান্তি, শৃঙ্খলা, ন্যায় আৰু সমতা প্রতিষ্ঠিত  হ’ব। সেয়ে কবিয়ে কৈছে–  

“গাঁৱৰ মাটিবোৰ সোণ হ’ব

মই সপোন দেখো, মানুহবোৰে মুখ মেলি কথা ক’ব, গান গাব।”

কবিয়ে আকৌ আশাবাদী মন লৈ নাগৰিকক উদ্দ্যেশি কৈছে–

“আহা এনে এটি মূহুৰ্তৰ বাবে আমি

প্ৰাৰ্থনা কৰোঁ

………………

আহা ,  এনে এটি অৱস্থাৰ বাবে আমি

সংগ্ৰাম কৰো

য’ত প্ৰতিজন মানুহেই একাটা স্বাধীন প্ৰজাতি।”

কবি ইছমাইলৰ কবিতাৰ আন এক বৈশিষ্ট্য হৈছে মায়াবাদ অৰ্থাৎ নিজৰ জীৱনৰ অভিজ্ঞতাৰ গুণ-গান। অৱশ্যে ৰমন্যাসবাদী কবিসকলৰ দৰে আধুনিক যুগৰ সকলো কবিয়েই মায়াবাদৰ মোহজালত আবদ্ধ। কিন্তু এয়াও সঁচা যে আজিৰ কবিসকলৰ মায়াবাদ সাবৰ্বজনীন পৰ্যায়লৈ উন্নীত হৈছে। কবি ইছমাইলো সাবৰ্বজনীন মায়াবাদৰ গভীৰ সাগৰত নিমজ্জ্বিত হৈছে। সেয়ে তেওঁ নিঃসংকোচে ক’ব পাৰিছে–

“আজিকালি অনাহাৰ, অনিদ্ৰা মোৰ বাবে সহজ সাঁথৰ

আইৰ স’তে জুহালত হাত দুখন সেকিলেই

ক্ষন্তেকতে দূৰ হয়

সমস্ত ভাগৰ।”

ইমানবোৰ বৈশিষ্ট্যৰে পূৰ্ণ কবি ইছমাইলৰ প্ৰতিটো কবিতাই সাম্প্ৰতিক অসমীয়া সমাজখনৰ জীৱন্ত পটভূমিৰ ওপৰতেই ভিত্তি কৰি লিখা হৈছে। তেওঁৰ কবিতাত বিংশ শতাব্দীৰ শেষাৰ্ধৰ সময়ছোৱাৰ অৱক্ষয়ী অসমীয়া সমাজখনৰ প্ৰতিটো দিশ ইমান বাস্তৱ আৰু অকৃত্ৰিমভাবে প্ৰকাশ পাইছে যে তেওঁৰ ‘জীৱন আৰু মানুহ বিষয়ক‘ কবিতা সংকলনটি সেই যুগৰ অসমীয়া সমাজৰ হুবহু দলিল স্বৰূপ।

কবি ইছমাইল হোছেইনৰ কবিতাবোৰ যিদৰে বাৰে-বৰণীয় বৈশিষ্ট্যৰে পুষ্ঠ, সেইদৰে তেওঁৰ কবিতাৰ আঙ্গিক অৰ্থাৎ শব্দ চয়ন, ভাষা আৰু অলংকাৰিক দিশটোও ৰামধেনুৰ বাৰে-বৰণীয়া ৰঙেৰে সমৃদ্ধ।

কবিৰ শব্দ চয়নত অগ্ৰজ কবি নলিনীধৰ ভট্টাচাৰ্য, হীৰেন ভট্টাচাৰ্য আদি কবিসকলৰ প্ৰভাৱ পৰিছে যদিও কবিয়ে নিজৰ মস্তিষ্কৰ ভাঁতিত জুইৰে পুৰি, পিটি-পিটি স্বকীয়তা দান কৰিছে।

তেওঁৰ কবিতাত যিটো অলংকাৰে পোনছাটেই ধৰা দিয়ে সি হৈছে উপমা (Simile) অলংকাৰৰ প্ৰাচুৰ্য। যেনে– 

(ক) নক্ষত্ৰৰ দৰে জ্বলি উঠে যৌৱনৰ প্ৰাৰম্ভিক কাল।

(খ) শুকান নদীৰ দৰে নিৰস, নিচলা শিশুৰ মুখৰ দৰে অনুজ্জ্বল অনুবৰ্বৰ পথাৰৰ দৰে নদী। ইত্যাদি।

কবি ইছমাইলৰ কবিতাৰ আঙ্গিকৰ দ্বিতীয় বৈশিষ্ট্যটি হৈছে অনাসক্ত বিশেষণ (Hypallage) ৰ পূৰ্ণ পয়োভৰ। যেনে– ‘তৃষ্ণাতুৰ সময়’। ‘প্ৰেয়সী মাটি’। ‘নিঃসঙ্গ ৰাতি’। ইত্যাদি।

আধুনিক কবিসকলৰ দৰে অত্যুক্তি (Hyperbole) অলংকাৰৰ প্ৰয়োগতো কবি ইছমাইল সিদ্ধহস্ত। তেওঁৰ বহু কবিতাত অত্যুক্তি অলংকাৰে সৌষ্ঠৱ দান কৰিছে। যেনে–

“বহু কষ্টেৰে উশাহ লৈছোঁ

বুকুৰ তীব্র  উত্তাপত গলি যায় চোলাৰ বুতাম।’

তৃতীতে, কবি ইছমালি হোছেইনৰ কবিতাত সহজতে পোৱা অলংকাৰটি হৈছে প্ৰতীক (Symbol) ৰ ব্যৱহাৰ। সূৰ্য, নদী, আকাশ, মেকুৰী আদিক কবিয়ে প্ৰতীক হিচাপে গ্ৰহণ কৰিছে। কবিৰ বাবে ‘সূৰ্য’ হৈছে আশা’ৰ প্ৰতীক, ‘নদী’ হৈছে জীৱনৰ গতিময়তাৰ প্ৰতীক, ‘আকাশ’ হৈছে বিশালতা বা উদাৰতাৰ প্ৰতীক, ‘মেকুৰী’ হৈছে বিৰুদ্ধ শক্তিৰ প্ৰতীক।

দ্ব্যৰ্থক (Ambiguous) অলংকাৰো তেওঁৰ কবিতাত বিদ্যমান। ‘মা’ শিৰোনামেৰে লিখা কবিতাটি আগৰ পৰা গুৰিলৈকে দ্ব্যৰ্থক অলংকাৰেৰে সমৃদ্ধ। বাহ্যিক দৃষ্টিত ‘মা’ শব্দই কবিৰ জন্মধাত্ৰী ‘আই’ক বুজাইছে; কিন্তু নিহিত অৰ্থত নিজৰ ‘মাতৃভূমি’ক বুজাইছে।

সাত্যিৰ নৱ ৰসৰ ভিতৰত কবি হোছেইনৰ কবিতাত মাথো এটি ৰসইে সফলভাবে প্ৰতিভাত হৈছে -সেয়া কৰুণ ৰস।

সামৰণিত ক’ব পাৰি যে কবি ইছমালি হোছেইন আধুনিক কবিসকলৰ ভিতৰত বিষয়-বস্তু আৰু আঙ্গিকৰ দিশত এজন সফল কবি। ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

নলিনীধৰ  ভট্টাচাৰ্যৰ  কবিতা–  এক বৈশিষ্ট্যমূলক আলোচনা

আধুনিক অসমীয়া কাব্য-সাহিত্যত পাঠকৰ দৃষ্টি আকৰ্ষণ কৰাৰ উপৰিও নবীন কবিসকলৰ বাবে অনুপ্ৰেৰণা যোগাব পৰা কবিসকলৰ মাজত কবি নলিনীধৰ ভট্টাচাৰ্য অন্যতম। তেওঁ হাড়ে হিমজুয়ে, স্পন্দনে স্পন্দনে পৰিপূৰ্ণ সাম্যবাদী সমাজবাদত বিশ্বাসী সমাজ সচেতন কবি। তেওঁৰ কবিতাত অসমীয়া সমাজৰ সামাজিক অৱস্থা কেতিয়াবা হুবহু নকলৰূপে, কেতিয়াবা ব্যঙ্গাত্মকভাৱে আৰু কেতিয়াবা বিপ্লৱী সুৰত মূৰ্তিমান হৈ ধ’ৰা দিছে।  তেওঁৰ কবিতাত সৰ্বসাধাৰণ ৰাইজৰ সামাজিক অৱস্থা, সিহঁতৰ দুখ, শোক আৰু ক্ষোভৰ অভিব্যক্তি আছে।

অমাৱস্যাৰ অন্ধকাৰ ৰাতিত এটা বন্ধ কোঠাৰ ভিতৰত ৰখা নীলকান্ত মণিৰ দৰে জ্যোতিষ্মান হৈ উজলি থকাৰ দৰে কবি নলিনীধৰ ভট্টাচাৰ্যৰ কবিতাত যি সামাজিক দিশটো উজলি আছে – সি হৈছে  কৃষক, মজদুৰ, অৱহেলিত, নিষ্পেষিত, নিৰ্যাতিত, নিপীড়িত সৰ্বহাৰা নাগৰিকৰ সামাজিক দিশ।

অসমীয়া কৃষকসকল অতিকৈ পৰিশ্ৰমী। সিহঁতে শৰীৰৰ তেজ পানী কৰি শস্য উৎপাদন কৰি দেশৰ অৰ্থনীতিলৈ সিংহ ভাগ অৰিহণা আগবঢ়ায় অথচ সিহঁতৰেই অৱস্থা সকলোতকৈ দৰিদ্ৰ। কবিয়ে কৃষকসকলৰ এই অৱস্থা হৃদয় চকুৰে অৱলোকন কৰি কবিতাৰ মাজেৰে সমাজৰ আগত দাঙি ধৰিছে।

“আমি মাতো হত্যাৰ ৰ’দালি, ধান খায় কোনে

হান খায় কোনে

মোলানদৈ, আজি নুমালে নেকি আইৰ বুকুৰ জোন

তোমাৰ ঘামে পানীত বিজুলী গঢ়ে, তোমাৰ হাতে

পথাৰ সোণালী কৰে, অথচ তুমি কি পালা

দোৱা ভজা চিৰা বিচাৰি পালাহি পইতা পোতনি গেলা।” (উপসৰ্গ)

অসমীয়া মজদুৰ- বনুৱাও কৃষকসকলৰ দৰেই  হাড় ভগা পৰিশ্ৰম কৰিও সুখৰ শলিতাৰ পোহৰ নাপায়। কবি নলিনীধৰে বনুৱা-মজদুৰসকলৰ হাড় ভগা পৰিশ্ৰমৰ প্ৰতি দৃষ্টি দি সিহঁতৰ প্ৰতি কৃতজ্ঞতাৰ শৰাইস্বৰূপ সহানুভূতিৰ সুৰত লিখিছে–

“চাহ চালনিত সৰিছে কি, মিনি ঘাম নে চকুৰ পানী

তেজ, তেজ অ’ মিনি পাবিনে তেজৰ দাম

মনত পৰেনে পোতাশালৰ ৰাতি আহে দালাল যদুৰাম।” (শ্যামৰ ফাঁকি)

মেহনতী জনতাৰ চিত্ৰ আঁকিবলৈ গৈ আন এটি কবিতাত কবি নলিনীধৰে লিখিছে–

“শাৰী শাৰী শাল আৰু চেগুনৰ

ছাঁ এন্ধাৰত দেখিলোঁ

অজস্ৰ ঘামৰ শিশু

ৰুটি যাৰ এতিয়াও স্বপ্নৰ মোনাত

এইখন পৃথিৱীৰ নৰিয়া লেচাৰ

কতো নাই  স্বাস্থ্যৰ উল্লাস

তেজপিয়া কান্ধত বগায়

ভৰপুৰ সিহঁতৰ দুখৰ পিয়লা।” (মেৰাপুৰত এৰাতি)

আন এটি কবিতাত মেহনতী জনতাৰ চিত্ৰ অংকন কৰিবলৈ গৈ সিহঁতৰ মুখৰ ভাষাৰে প্ৰত্যক্ষভাৱে লিখিছে–

“মই মেহনত বেচোঁ

পৃথিৱীৰ গৰ্ভত বন্ধী ৰস-পম

আজুৰি আজুৰি আনোঁ

মই বেচোঁ ঘাম টোপা-টোপে

তোমালোকে মাথো কিনা মোনে মোনে

সোণালী আঘোণে তোমালোকৰেই চোতাল জিনে।  (বজাৰ)

কবি নলিনীধৰ যুক্তি-সংগতভাৱেই প্ৰচলিত ৰাজনৈতিক আদৰ্শত অবিশ্বাসী। তেওঁ সঠিকভাৱেই ৰাজনীতিৰ ৰঙা-ফিটাৰ মেৰপাকবোৰ লিৰিকি-বিদাৰি উদং ফোপোলা অন্তৰখন বিচাৰি উলিয়াইছে আৰু নিৰ্ভুলভাৱে সিন্ধান্তত উপনীত হৈছে যে সৰ্বসাধাৰণ নাগৰিকৰ আৰু সমাজ জীৱনৰ সকলো প্ৰকাৰৰ বিপাক, দৰিদ্ৰতা আৰু বিশৃঙ্খলাৰ প্ৰধান হোতা হৈছে ৰাজনীতি আৰু ৰাজনীতিৰ লগত জড়িত মুখা পিন্ধা নেতাসকল। সেয়ে সমাজ সচেতন কবি নলিনীধৰে ৰাজনীতিৰ ছবিটোও তেওঁৰ কবিতাত ৰঞ্জন ৰশ্মিৰ দৰে তীব্র ৰশ্মিৰ সহায়ত তেওঁৰ কবিতাত চিত্ৰিত কৰিছে। অৱশ্যে তেওঁৰ কবিতাত ৰাজনৈতিক ভণ্ডামিবোৰ ব্যঙ্গাত্মক সুৰত ধবনিত হৈছে। ৰাজনৈতিক নেতাসকলে যেতিয়া গাঁৱলীয়া অঞ্চল চফৰ কৰে, তেতিয়া সচেতন ৰাইজে নেতাৰ চফৰ কিদৰে গ্ৰহণ কৰে তাৰ চিত্ৰ আঁকিবলৈ গৈ ব্যঙ্গ সুৰত কবিয়ে লিখিছে–

“বহুত দিনৰ মূৰত আপুনি নিজেই আহি ধূলা দিলে

আমাৰ কপাল ভাল। গৰীৱৰ প্ৰৰ্থনা শুনক। পাৰে যদি

চাই য’ক শুৱনি আমাৰ গাঁও, শুৱনি গছেৰে ভৰা

ৰ’দে-বৰষুণে তিতি বেচি-কিনি বাপতি সাহোন ডুলিৰ লখিমী

আপুনি কোৱাৰ দৰ গঢ়িছোঁ আদৰ্শ  গাওঁ, ক’লে ক’ব পাৰে 

চালে চকু ৰোৱা।”

 

পাচে কিনো কম চাৰ, কাঁহ পৰি জীন যোৱা ঠাই

কিয় জানে?

ইয়াতেই ঘৰিয়ালে খেদি ফুৰে দৰিকনা মাছ।

নকলেওঁ বুজিছে চাগৈ

ঘৰে ঘৰে যৌৱনৰ আগতেই জৰা নামে

কম আয়াসতে স্বৰ্গধাম।” (নেতাৰ চফৰ)

‘ফুলৰ বেপাৰী’ক সমাজৰ ধনী মহাজনসকলৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰি কবিয়ে আন এটি কবিতাত একেই ব্যঙ্গ সুৰত লিখিছে–

“ফুলৰ খেলাত মজিছে কোনে

ট্ৰকে ট্ৰাকে কোনে ফুল বেচে

হাটে-ঘাটে, মন্দিৰে, প্ৰাঙ্গনে, পথাৰে,  পথাৰে

সৰিয়হ ডুলিত ভূত

ফুলৰ বেপাৰী যমদূত।” (ফুলৰ খেলাত মজিছে কোনে)

কবিয়ে  ধৰ্মীয় অধোঃগামীৰ চিত্ৰও অংকন কৰিবলৈ পাহৰা নাই। কবিয়ে লিখিছে–

“ব্যৰ্থ সকলো গীৰ্জাৰ আৰতি, প্ৰাৰ্থনা, নামাজ,

লোভ সন্মুখতে ছদ্মেবশী

স্মৃতি আজি শোক বসতি দুস্বপ্ন, অস্তিত্বৰো স্বস্তি নাই

পণ্ড দক্ষযজ্ঞ প্ৰীতিৰ পাৰ্বতী তেজ তুমৰলি, ৰুদ্ৰমূৰ্তি

দিগম্ব কিৰাত শংকৰ।” (উপসৰ্গ)

নলিনীধৰ ভট্টাচাৰ্য বিপ্লৱত বিশ্বাসী। কবিয়ে বিশ্বাস কৰে যে অধোঃগামী সমাজৰ অৱস্থাৰ নিশ্চয় উন্নয়ন হ’ব যদিহে জনসাধাৰণ একত্ৰিত হৈ বিপ্লৱত জঁপিয়াই পৰে। কবি নিজেও সৰ্বসাধাৰণৰ স্বাৰ্থত বিপ্লৱ কৰিছে কবিতাৰ মাজেদি।  কবিয়ে দৰিদ্ৰতাৰ বিৰুদ্ধে বিপ্লৱ কৰিবলৈ  সময়ৰ ওচৰত নতজানু হৈ প্ৰাৰ্থনা কৰি কৈছে–

“উৰুখা চালৰ ফুটাবোৰত নাচি থকা 

দৈত্যটোক মই ঘৃণা কৰোঁ

হে সময়, মোক এক গণ্ডুষ সাহস দিয়া।

 

তুমি অশ্বাৰোহী হৈ আহিছা

আহা মচি পেলাও দুহাতেৰে

মোৰ কপালৰ দৰিদ্ৰ ৰেখা।” (ঘৰ)

কবিয়ে উপলব্ধি কৰিছে যে জনসাধাৰণ সংগ্ৰামত জপিয়াই পৰক বা নপৰক, এতিয়া কিন্তু সংগ্ৰমৰেই সময়। কবিৰ ভাষাত–

“ধুমুহা আহক নাহক

আজি বিজুলী শিখাৰ দিন।” (ধুমুহা আহক নাহক)

কবিয়ে সমাজ বিৰোধী শক্তিসমূহক ৰাসক্ষকৰ লগত ৰিজাই সিহঁতৰ বিৰুদ্ধে লিখিছে–

মুক্তিৰ স্নায়ু লৈ মই আহত জটায়ু

মোক যদি দিয়া অলপ আয়ু

শেষ কৰি দিব পাৰোঁ ৰাক্ষকৰ প্ৰাণ বায়ু।” (জটায়ু)

দৰিদ্ৰতাৰ চৰম সীমাত উপনীত হৈ বহুতো ডেকাই বিপ্লৱৰ পথকেই বাছি লোৱাৰ  সপোন দেখে। কবিয়ে তেনে এজন দৰিদ্ৰ নীপিড়িত খঙাল ল’ৰাৰ বিপ্লৱত বিশ্বাসী হৈ লিখিছে–

“পলসত পৰা হৰিনাৰ দৰে নিৰুপায়

ভোক পিয়াহে জৰ্জৰিত

সি এতিয়া এটা খঙাল ল’ৰা

সি ৰৈ আছে বৰদৈচিলাৰ বাবে

অৰণ্যৰ প্ৰতিজোপা গছে এতিয়া

একেলগে মিলি মুক্তিৰ কীচক বেণু বজাব।” (খঙাল ল’ৰা)

কবি অকল বিপ্লৱীয়েই নহয় আশাবাদীও। কবিয়ে আশা কৰে যে বিপ্লৱৰ জৰিয়তে সমাজ পৰিবৰ্তন হ’বই। সেয়ে আশাবাদৰ সুৰটো কবিৰ বিপ্লৱী সুৰৰ সৈতে একেটা তালত বাজি উঠিছে। কবিয়ে কৈছে–

“তথাপি থুপুৰি সময় আছে, নেপাহৰিবি ঘামৰ

ৰাতিৰ পৰশ, উজ্জ্বল উদাত্ত পাৰ্থিৱ গান

তথাপি লুইতে উজোৱা জাহাজৰ সেই গুমগুমনি

নকৰিবি আওকাণ।” (তথাপি সময় আছে)

কবিয়ে বিজ্ঞানৰ পোহৰত আলোকিত কল্যাণময়ী পৃথিৱীৰ আশাত কৈছে–

“এখন পৃথিৱী লাগে

য’ত বিজ্ঞান অপ্সৰী হ’ব

কল্যাণৰ পাখি মেলি আনি দিব

চৈতন্যৰ মহাজাগৰণ।” (ইস্তাহাৰ)

কবি নলিনীধৰ আশাবাদত বিশ্বাসী হৈ সবৰ্বাতো প্ৰকাৰে শোষিত, বঞ্চিত, নিপীড়িত, অত্যাচাৰিত, নিৰ্যাতিত ‘নিমাতি কইনা’ক আশ্বাস দি লিখিছে–

“সময়ে সময় দিব অ’ নিমাতি, হ’ব শেষ 

দুখৰ ৰাতি

দিন ৰাতিৰ সহজ সোৱাদ তই আকৌ ঘূৰাই পাবি।” (পানী তোলা গীত)

আকৌ আন এটি কবিতাত আশাবাদত সম্পূৰ্ণ বিশ্বাসী হৈ কবিয়ে লিখিছে–

“মই জানো চৌপাশৰ বতাহৰ লগত

মৃত্যুৰ গোপন ষড়যন্ত্ৰ ব্যৰ্থ কৰা

তাৰ এই সুন্দৰ প্ৰয়াসত ফুল ফুলিবই।” (অতিক্ৰমণৰ গীত)

কবি নলিনীধৰ ভট্টাচাৰ্যৰ কবিতাত ভাষা দূৰন্বয় নহয় যদিও কোনো কোনো কবিতাৰ ভাষা আৰু শাব্দিক স্বচ্ছন্দতা গদ্যৰ শাৰীত পৰি কেতিয়াবা গদ্যতকৈয়ো তলত নামি গৈছে। উদাহৰণ–

“নাতিনীৰ জন্মদিন উছৱৰ বাবে কিনিবলে’

মাছৰ কোলঠি মূৰ দ্ৰুত গতিত খোজ দিয়ে খাজাঞ্চি ককাই।” (গুৱাহাটী)

কবিৰ ভাষাত খোকোঁজা থাকিলেও কবিৰ কবিতাত স্পন্দন আছে, নতুনত্বৰ সোৱাদ আছে আৰু আছে সুৰৰ দীৰ্ঘদেহী ঝংকাৰ। অৱশ্যে কেতিয়াৱা কবিৰ ছন্দ আৰু বাক্য গাঁঠনিত বঙালী কবি নজৰুল ইছলামৰ ৰীতি আৰু সুৰ ধবনিত হয়। উদাহৰস্বৰূপে তলৰ দুশাৰী কবিতা উদ্ধৃত কৰিব পাৰি–

“মই সৈনিক পুৰি দৈনিক ক্ষুধাৰ দৈন্য সুধাৰ সৈন্য গঢ়ো

মই নান্দনিক  বস্তুপটত ৰঙা হাইতাল হেঙুলৰ বোল সাঁনো।” (মই)

তুলনা হিচাপে কবি নজৰুল ইছলামৰ দুশাৰী কবিতা উদ্ধৃত কৰিব পাৰি, যথাঃ

“আয়ৰে  আবাৰ আমাৰ চিৰ তিক্ত প্ৰাণ

গাইবি আবাৰ কণ্ঠ ছেঁড়া বিষ অভিশাপ সিক্ত প্ৰাণ।” (আয়ৰে চিৰ তিক্ত প্ৰাণ)

কবি নলিনীধৰ ভট্টাচাৰ্যৰ কাব্যিক ভাষাক মাজে মাজে অনুপ্ৰাস অলংকাৰে ঝংকৃত কৰি তুলিছে। উদাহৰণ- “কার্পেটৰ কপট কাহিনী”, “বীভৎস, বিপন্ন, বিষন্ন পৃথিৱী” ইত্যাদি।

কবি নলিনীধৰ ভট্টাচাৰ্যৰ কবিতাত অৰ্থালংকাৰৰ ভিতৰত উপমা অলংকাৰৰ  প্ৰাধান্য দেখা যায়। তেওঁৰ উপমা মৌলিক আৰু অভিনৱ নহয় যদিও ভাৱৰ লগত সঙ্গতি ৰাখি পৰম্পৰাগতভাৱে চলি অহা চিনাকী উপমা অলংকাৰ ব্যৱহাৰ কৰিছে। যেনে–

(ক) ‘মৰা মানুহৰ দৰে চেঁচা।’

(খ) ‘পকা আঙঠাৰ দৰে তোমাৰ ক্ৰোধ।’

(গ) ‘নিজৰাৰ দৰে তোমাৰ চকুলো।’

সামৰণিত ক’ব পাৰি যে ভাষা, ছন্দ, স্পন্দন আৰু অলংকাৰৰ দিশত কবি হিচাপে নলিনীধৰ ভট্টাচাৰ্যই কবিতাৰ বিষয়-বস্তুৰ লগত সঘন সম্বন্ধ স্থাপন কৰিবলৈ সম্পূৰ্ণৰূপে সফল হ’ব পৰা নাই যদিও কবিতাৰ বিষয় প্ৰসঙ্গ নিৰ্বাচনত সম্পূৰ্ণৰূপেই সফল বাস্তৱবাদী আৰু সাম্যবাদত বিশ্বাসী জনগনৰ প্ৰতিনিধিত্বশীল  কবি। ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

নীলিম কুমাৰৰ কবিতা– এক বৈশিষ্ট্যমূলক আলোচনা

‘বাৰীকোঁৱৰ’ৰ কবি নীলিম কুমাৰ প্ৰধানকৈ যৌৱনৰ কবি। যৌৱনত যেনেকৈ প্ৰতিজন ডেকা-গাভৰুৱে জীৱন আৰু যৌৱনক উপভোগ কৰাৰ ৰঙীন আশা লৈ বতাহত শিমলু তুলা উৰাদি উৰি ফুৰে, ঠিক তেনেকৈ কবি নীলিমেও উৰি ফুৰিছে আৰু তেওঁৰ ডেউকাৰ প্ৰতিটো সঞ্চাৰনত অৱক্ষয় সমাজখনৰ গঢ়াখহনীয়াত ঠেকা খাই তেওঁ ভাগি পৰিছে আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁৰ মনত যি ভাৱৰ উদয় হৈছে তাকেই তেওঁ কবিতাত ফুটাই তুলিছে। অৱচেতন মনত লুকাই থকা সহজাত আবেগ, বাহ্যিক জগতৰ প্ৰতি কবিৰ অন্তঃশীলা অনুভূতি, ৰঙীন জীৱ-জগতৰ প্ৰতি কবিৰ অদম্য উচ্ছাস, দৈনন্দিন জীৱনত মুখামুখি হোৱা সংঘাত আৰু অৱক্ষয়ী সমাজখনক সহানুভূতিৰে গ্ৰহণ কৰা মনোভাৱ তেওঁৰ কবিতাৰাজিৰ মূল বিষয়-বস্তু।

কবিয়ে জীৱনত লানি-নিছিগা দুখ-শোকৰ মুখা-মুখি হৈছে। তেওঁ উপলব্ধি কৰিছে যে দুখ তেওঁৰ তেজৰ কণিকাৰ স’তে গঁথা। কিন্তু দুখৰ বিৰুদ্ধে  তেওঁৰ কোনো অভিযোগ নাই। শৰতৰ পিছত যেনেকৈ মানুহে হেমন্ত আৰু শীতক সহজাত বুলি গ্ৰহণ কৰে, কবি নীলিমেও দুখক ঠিক তেনেকৈয়ে গ্ৰহণ কৰিছে। কবিয়ে কৈছে–

“মোৰ এটা কোঠালীত 

তেওঁ বহে আৰু পঢ়া-শুনা কৰে

এটাত কৰে খোৱা-বোৱা 

এটা কোঠালীত তেওঁ গান গায়

আনটোত শোৱে।

 

মোৰ হৃদয়ৰ চাৰিওটা কোঠালীয়েই 

তেওঁ ভাড়া লয়

তেওঁ আন কোনো নহয়

দুখ।” (ভাড়াঘৰ)

কবি নীলিম দৰিদ্ৰ। হৃদয়খনৰ বাহিৰে তেওঁৰ কোনো সম্পদ নাই। সেয়ে তেওঁ হৃদয়খনৰ বিনিময়ত প্ৰেম ক্ৰয় কৰিবলৈ উৎসাহী। তেওঁ কৈছে–

“কেৱল হৃদয়খন আছে

তাৰে কিনিবলৈ পামনে

প্ৰেম 

মাতাল হোৱাকৈ।” (গ্ৰাহক)

কবি নীলিম সন্ত্ৰাসবাদ বিৰোধী। কিন্তু সন্ত্ৰাসৰ বিৰুদ্ধে থিয় দিবলৈ সাহস গোটাব পৰা নাই। সেয়ে তেওঁ সিহঁতৰ পৰা নিজকে আঁতৰত ৰাখিছে আৰু আনকো সাৱধানে থাকিবলৈ সকীয়াই দি কবিয়ে কৈছে–

“অঘৰী প্ৰেমিকজন আহিলে

পদূলিত ৰৈ নাথাকিবা

বন্ধ কৰিবা গান

ঢাকি ৰাখিবা তোমাৰ মুখৰ

কৰুণ শিল্প

পিন্ধি থাকিবা শিলৰ পোছাক।” (অঘৰী প্ৰেমিক)

কবিৰ মন তৰুণ আৰু চঞ্চল। তেওঁ কাৰোবাৰ প্ৰেম বিচাৰে; কিন্তু প্ৰেমৰ কাঁইটৰ আঘাত সহ্য কৰিবলৈ তেওঁৰ সাহস নাই বাবে তেওঁৰ মনটো থিৰেৰে ৰাখিব পৰা নাই। কবিৰ ভাষাত–

“ঠিকেই আছে হৃদয়ত

প্ৰেমখিনি

কেৱল থিৰেৰে ৰাখিব পৰা নাই

মনটো

প্ৰেমৰ দলংত 

দুৰ্ঘটনাটো।” (দুৰ্ঘটনা)

কবি প্ৰেমত বিশ্বাসী যদিও প্ৰেমৰ বাবে তেওঁ হাহাকাৰ কৰি ফুৰা নাই। কোনোবাই যদি তেওঁক পাহৰিব খোজে, কবিয়েও তেওঁক পাহৰিবলৈ চেষ্টা কৰিছে। কবিৰ ভাষাত–

“তেওঁ আদালতলৈ গৈছে

মোক এৰিব খোজে

ময়ো গৈছো

গোচৰ তৰিছো 

তেওঁৰ বিপৰীতে।” (আদালত)

কবি আগত দিনবোৰৰ প্ৰতি আশাবাদী। কবিয়ে আশা কৰে সন্নিকট আগত দিনত মানৱ সমাজৰ পৰা দুখৰ সকলো উৎস নাইকীয়া হ’ব আৰু তেতিয়া শান্তিৰ সঁফুৰাৰে ভৰি পৰিব আকাশ, বতাহ আৰু সমস্ত ধৰা। কবিয়ে কৈছে–

“দুয়োজনৰ হাতৰ তলুৱাৰ পথাৰত

গজি উঠিব সেউজীয়া গাঁহনি পথাৰ।” (শুভেচ্ছা)

কবি নীলিম একান্তভাৱে ব্যক্তিগত কবি। তেওঁ কেৱল নিজৰ হৃদয়ত যি অনুভৱ কৰিছে তাকেই শব্দৰ সহায়ত ভাষা ৰূপ দিছে। তেওঁৰ নিৰ্দ্দিষ্ট দৰ্শন নাই। তেওঁ যেতিয়া যি পৰিস্থিতিৰ সন্মুখীন হৈছে তাকেই স্বাভাৱিক যেন গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে। অৱশ্যে সমাজৰ দোষ-কালিমাও নেদেখা নহয়; কিন্তু সিবোৰ আতঁৰাবলৈ বুকুভৰা স্পৰ্ধা লৈ  ওলাই আহিবলৈ সাহস কৰা নাই। মুঠতে তেওঁৰ কবিতা তেওঁ দৈনন্দিন জীৱনত লাভ কৰা তিতা-কেঁহা সৰল অভিজ্ঞতাৰ দলিল।

তেওঁৰ কবিতাত ফুটি উঠা অভিজ্ঞতাবোৰ যিদৰে তেওঁৰ একান্ত নিজৰ, ঠিক সেইদৰে তেওঁৰ কবিতাৰ আঙ্গিকো তেওঁৰ একান্ত নিজৰ। তেওঁৰ কবিতাত বিশৃঙ্খল  শব্দৰ হেঁতা-ওপৰা নাই। তেওঁ যি কৈছে সহজ-সৰল শব্দৰে সহজ-সৰলভাবেই উপস্থাপন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। অৱশ্যে সহজ- সৰল উপমা, ৰূপক আৰু প্ৰতীকৰ ব্যৱহাৰে তেওঁৰ কবিতাক উপেভাগ্য কৰি তুলিছে। তেওঁৰ উপমাবোৰ চিনাকী ঘৰুৱা গোন্ধেৰে আমোলমোল। উদাহৰণস্বৰূপে –

(ক) মৃত্যুৰ দৰে শীতল

(খ) বগা চাদৰৰ দৰে দেখি ব্রহ্মপুত্ৰখন।

(গ) সাপৰ দৰে দেখি আলিবাটবোৰ। ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

মিছ কৰবী ডেকা হাজৰিকাৰ  কবিতা–  এক বৈশিষ্ট্যমূলক আলোচনা

হৃদয়ত অসীম ভাবোদ্বীপক অনুভূতি আৰু উচ্ছাসৰ বিশাল ভাণ্ডাৰ আৰু মস্তিষ্কত উৰ্বৰ কবিত্ব শক্তিৰ সম্ভাৱনা লৈ প্ৰচলিত সাম্যবাদী, বস্তুবাদী আৰু বাস্তৱবাদী কবিতাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি বিংশ শতাব্দীৰ শেষ দহকটোত অসমীয়া কাব্যাকাশত এটি উজ্জ্বল জ্যোতিষ্কৰ আৱিৰ্ভাব হয়- জ্যোাতিষ্কটিৰ নাম মিছ কৰবী ডেকা হাজৰিকা।

তাইৰ কবিতা বিষয়-বস্তু আৰু কাব্যিক গুণগত মানদণ্ডৰ পিনৰ পৰা অসমীয়া ভাষাত এটি মৌলিক প্ৰশংসনীয় প্ৰচেষ্টা। তাইৰ সৰহভাগ কবিতাই অৰ্ন্তমুখী (introvert)। অৰ্থাৎ তাই কবিতা সমাজৰ প্ৰতিলিপি বুলি স্বীকাৰ নকৰি হৃদয়ত সুপ্ত হৈ থকা অসীম ভাৱানুভূতিৰ আধাৰ বুলি গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত তাইৰ কবিতা তথাকথিত ৰমন্যাসবাদী কবিতাৰ নিচেই ওচৰ চাপিছে যদিও প্ৰচলিত অৰ্থত তাইৰ কবিতা পৰিপূৰ্ণ ৰমন্যাসবাদীও নহয়; কিয়নো ৰমন্যাসবাদী কবিসকলে মানবীয় আত্মাৰ পৰিবৰ্তে বাহ্যিক দৃশ্যগত প্ৰকৃতিৰ সাধাৰণ বস্তু জগতত বিষ্ময়ভাৱ আৰোপ কৰি সৌন্দৰ্য সৃষ্টিত ৰত। আনহাতে কবি কৰবীয়ে বাহ্যিক দৃশ্যমান জগতৰ পৰা দৃষ্টি আঁতৰাই আনি নিজৰ আত্মিক জগতৰ ভাৱ অনুভূতি, উচ্ছাস আদিৰ উৎস ‘হৃদয়’ নামৰ বিশাল খনিৰ অৰ্ন্তভাগত সুপ্ত হৈ থকা সৌন্দৰ্য সন্ধানত ব্রতী। সেয়ে তাইৰ কবিতা পোনে পোনে ৰমন্যাসবাদী কবিতা নকৈ ‘মায়াবাদী ৰমন্যাসবাদী কবিতা” বুলি নামকৰণ কৰিব পাৰি। সহজ ভাষাত তাইৰ কবিতা ‘আত্ম-ৰমন্যাসবাদী’  (ego-romantic)।

কবি কৰবী নতুন মৌলিক বিষয় এটিক লৈ  সদা ব্যস্ত বাবেই তাইৰ কবিতাত বিষয়-বস্তুৰ বৈবিধ্য নাই। অনন্ত ভাৱ আৰু অনুভূতিৰ উদয়স্থল হৃদয়ৰ মাজত সুপ্ত হৈ থকা ৰহস্যময়ী প্ৰেমেই তাইৰ কবিতাৰ প্ৰধান প্ৰসংগ (theme)। তাইৰ প্ৰেম বিশাল হৃদয় সাগৰত অবিৰাম উৰ্মিমালাৰ সৈতে উদয় হৈ তিনিটা বিশেষ স্বকীয় সুঁতিৰে বৈ গৈ তিনিটা ভিন্ন ভিন্ন মহাসাগৰত পৰিছেগৈ। সুঁতি তিনিটা ক্ৰমে- কবিতাৰ প্ৰতি প্ৰেম, যৌৱনৰ প্ৰতি প্ৰেম, আৰু আত্মসূত স্বদেশপ্ৰেম। তাইৰ প্ৰেম কেতিয়াও দুপৰীয়া আকাশৰ স্বৰ্ণোজ্জ্বল ৰ’দৰ দৰে তীব্র বা ফটফটীয়া নহয়; ই ৰহস্যৰ ৰঙীন আচ্ছাদনেৰে আচ্ছাদিত। 

কবি কৰবীৰ কবিতাৰাজিৰ প্ৰথম প্ৰসংগ অৰ্থাৎ ‘কবিতাৰ প্ৰতি প্ৰেম’ প্ৰসংগটোৱেই হৈছে প্ৰথমতে চকুত পৰা আলফুল বৈশিষ্ট্য। কবিতাৰ মাজেৰে কবি কৰবীয়ে যেন কবিতাৰ জীৱনীহে ব্যক্ত কৰিছে আৰু লগে লগে কবিতাৰ স’তে তাইৰ আত্ম হৃদয়ৰ সমন্ধটোও যোগ দিবলৈ নেৰানেপেৰা সংগ্ৰাম কৰিছে। কবি মিছ কৰবীয়ে ‘কবিতা’ত ব্যক্তিত্ব গুণ (personification) বা সমাসোক্তি  আৰোপ কৰি কবিতাক দেৱী হিচাপে কল্পনা কৰিছে। প্ৰথমতে কবিয়ে কবিতাৰ সাধাৰণ ধৰ্ম যেনে– কবিতাৰ বিষয়-বস্তু, কবিতাৰ উৎস, কবিতাৰ ভাষা আদিৰ বিষয়ে কবিৰ তত্বমূলক ধাৰণা আগবঢ়াইছে। দ্বিতীয়তে কবিতাৰ স’তে কবি-হৃদয় নাইবা মানৱ-হৃদয়ৰ সম্পৰ্ক কি তাক চিত্ৰায়ন কৰিছে।

কবি কৰবীৰ বাবে বিশাল বিশ্ব-ব্রহ্মাণ্ডৰ অনু-পৰমাণুৰ পৰা আৰম্ভ কৰি, বিশাল পাহাৰ-পৰ্বত নাইবা গ্ৰহ-নক্ষত্ৰৰ মাজত থকা সকলোবোৰ বস্তুয়েই কবিতাৰ সাৰ্বজনীন উৎস। কোনো এটি বস্তু আৰু কবিতাৰ মাজত কোনো সীমাৰেখা নাই। অনুভৱ কৰিব পাৰিলে আৰু মানস চকুৰে অৱলোকন কৰিব পাৰিলে আকাশ, মেঘ, বিজুলী আদিয়েই কবিতাৰ উৎস। কবিৰ ভাষাত–

“এটুকুৰা আকাশ, অলপ মেঘ

এচমকা বিজুলী- এইবোৰেই তেওঁ

এখন জীয়া নদী- তাৰ উচ্ছলতাত

এটা নীলা পৰ্বতৰ কলা বুকুৰ

শীতল গুহাত

এখন অৰণ্যৰ বিলাসী বৃক্ষত

এজোপা কবিৰ ৰঙীন পাহিতো 

কেতিয়াবা তেওঁ।

তেওঁ অভিমানী প্ৰিয়াৰ ওঁঠৰ ভাঁজত

আঁউজি থাকে।” (এজন কবিৰ প্ৰতিকৃতি)

কবিৰ বাবে দেশ, মাটি, প্ৰীতি, ঘৃণা, প্ৰেম, ভালপোৱা আদিয়েই কবিতাৰ বিষয়-বস্তু। অৰ্থাৎ মানৱ-হৃদয়ৰ লগত জড়িত থকা বা মানৱ হৃদয়ে অনুভৱ কৰিব পৰা  সকলো বস্তু বা ধাৰণাই কবিতাৰ বিষয়-বস্তু। সেয়ে কবিয়ে অকপটে স্বীকাৰ কৰিছে-

“দেশ, মাটি, মানুহ, প্ৰীতি, ঘৃণা, অনুৰাগ

এইবোৰ লৈয়েই কবিতা। কবিতাত

একেলগে থাকে উষ্ণ আলিংগন,

সস্নেহ কৰমৰ্দন, উমাল চুমাৰ সোৱাদ,

অথবা তিক্ত অনুভৱৰ জ্বালা। কেতিয়াবা

অনামী বিষাদ।” (কবিতা)

কবিৰ মতে কবিতাৰ নিৰ্দ্দিষ্ট কোনো ভাষা নাই। বিষয়-বস্তুয়েই কবিতা এটিৰ ভাষা। সেয়ে কবিয়ে কৈছে–

“অঘৰী পৃথিৱী কথকী

ত’ৰা, নীড়হাৰা চৰাই, এইবোৰেই কবিতাৰ

ভাষা। ঘামৰ টোপাল, চকুপানী অথবা

কুমাৰী নাৰীৰ তেজেৰে কবিতাই

কথা কয়।” (কবিতা)

কৰবীয়ে কবিতাৰ সাধাৰণ ধৰ্ম অৰ্থাৎ উৎস, বিষয়-বস্তু আৰু ভাষাৰ বিষয়ে তাইৰ নিজৰ তাত্বিক দৰ্শন আগবঢ়োৱাৰ পিছতে কবি-হৃদয় বা মানৱ হৃদয়ৰ লগত কবিতাৰ কি সম্পৰ্ক তাক ব্যক্ত কৰিছে। কবিৰ মতে কবিৰ লগত বা মানুহৰ লগত কবিতাৰ হাজাৰটা সম্পৰ্ক আছে। কেতিয়াবা কবিতা জাপি থোৱা সৌন্দৰ্যৰ ‘সংকুচিত আধাৰ’, কেতিয়াবা ‘দুখৰ দিনৰ বন্ধু’, কেতিয়াবা ‘দুখৰ শেষত সুখ’, কেতিয়াবা ‘পূৰ্ণতাৰ সাধনা’, কেতিয়াবা কাৰুণ্যবাহক ‘দূত’ অথবা হৃদয়ৰ লগত হৃদয়ৰ সংযোগ কৰাৰ সেঁতু।

কবিৰ প্ৰথম ধাৰণা মতে কবিতা জাপি থোৱা সৌন্দৰ্যৰ আধাৰ। কবিয়ে যেতিয়া কবিতাৰ মুখা-মুখি হয় তেতিয়া তাই ভাৱে তাই যেন অসীম সৌন্দৰ্যৰ মুখা-মুখিহে হৈছে। কবিৰ ভাষাত–

“কবিতাৰ দেশত 

বহুদিনৰ মূৰত আমি

আকৌ মুখামুখি হ’লোঁ

মোৰ হাতত এটি জাপি থোৱা জোনবাই

আৰু তেওঁৰ হাতত

একোচা সেউজীয়া পাত।” (কবিতাৰ দেশত এপলক)

কবিতা দুখৰ দিনৰ বন্ধু। কবি যেতিয়া দুখত পৰে তেতিয়া কবিতাই কবিক দুখ পাহৰিবলৈ শক্তি দিয়ে। কবিয়ে কৈছে–

“কবিতা স্বচ্ছন্দ প্ৰৱাহী নিজৰা

দুখৰ দিনৰ বন্ধুৰ দৰে

কবিতা সোমাই থাকে

প্ৰতিখন হিয়াৰ আন্ধাৰ গহ্বৰত।” (কবিতা বুকুৰ ছাঁ)

কবিতা জন্ম দিয়াটো অতিকৈ কষ্টকৰ। কবিসকল কবিতাৰ মাতৃ। যেতিয়া কবিতা এটিৰ ভাৱ মনত গুজৰি উঠে তেতিয়া কবিয়ে সন্তান সম্ভৱা নাৰীৰ প্ৰসৱ বেদনাৰ দৰে বেদনা অনুভৱ কৰে। কিন্তু যেতিয়া ভাৱ বা অনুভূতিবোৰ ভাষাৰ মাধ্যমত জন্ম গ্ৰহণ কৰে তেতিয়া কবিয়ে সকলো যন্ত্ৰণা বা দুখ পাহৰি সুখ অনুভৱ কৰে। কবিৰ ভাষাত–

“উস! কিমান দুখৰ পিছত যে

তহঁতক পাইছোঁ, সোণহঁত!

দেহাৰে বুকুৰে ভাৰ বৈ

মোৰ তেজেৰে তহঁতক খুৱাই

আৰ্তনাদেৰে আকাশ ছিৰা-ছিৰ কৰি

ঘামেৰে তিতা দুহাতেৰে

তহঁতক তুলি লৈছোঁ

দুখৰ শেষৰ সুখ বুলি।” (কবিতা মোৰ সন্তান)

কবিতা কবিৰ বাবে পূৰ্ণতাৰ সাধনা। কবিতাৰ মাজেদি কবিয়ে জীৱনৰ পূৰ্ণতা লাভ কৰে। কবিয়ে কৈছে–

“কবিতাবোৰৰ মুখ দেখিয়েই

পাহৰি যাওঁ

দুখ, ভাগৰ, যন্ত্ৰণা

দিনে দিনে মাত ফুটা

কবিতা শিশুবোৰৰ মাজতে

মোৰ জীৱন

মোৰ পূৰ্ণতাৰ সাধনা।”

কবিতা কাৰুণ্যবাহক দূত। কবিৰ হৃদয়ত যি কৰুণ ভাৱৰ উদয় হয়, সি কবিৰ হৃদয়ৰ পৰা আকাশলৈ সিঁচৰতি হৈ পৰে যেন এটি দ্রুতবেগী দেৱদূতহে। কবিয়ে লিখিছে–

“কবিয়ে যেতিয়া কলম তোলে

বিষেৰে নীলা হৈ পৰে আকাশ

শিলৰ শৰ্য্যাত নদীখনে

ছাটি-ফুটি কৰে

বাঁহীৰ মাতৰ দৰে

বিয়পী পৰে 

বতাহৰ কৰুণ নিশাহ।” (কৰুণ কবিতা)

কবিতা সমন্বয়ৰ প্ৰতীক। ই হৃদয়ৰ পৰা হৃদয়লৈ বাৰ্তা কঢ়িয়াই পৰস্পৰে হৃদয়ৰ লগত সমন্বয় গঢ়ি তোলে। কবিৰ ভাষাত–

“বুকুৰ পৰা বুকুলৈ 

কবিতা এখনি সাঁকো।” (কবিতা বুকুৰ ছাঁ)

কবি মিছেছ কৰবীয়ে কেৱল তাইৰ হৃদয়ৰ কথাকেই কবিতাৰ মাজেৰে মূৰ্ত কৰি ক্ষান্ত হোৱা নাই; তাইৰ বাহ্যিক অৰ্থাৎ অৰ্থনৈতিক দিশটোৰ কথাকো কবিতাৰ বিষয়-বস্তু হিচাপে স্থান দিছে। কবি কৰবীৰ অৰ্থনৈতিক অৱস্থা সম্ভৱতঃ চহকী নহয় আৰু চহকী হ’লেও আত্ম লঘিমা বজাই ৰাখিবলৈ নিজকে অৰ্থনৈতিকভাৱে দুর্বল বুলি জাহিৰ কৰিবলৈ লিখিছে–

“ময়েই বোধ কৰোঁ

সবাতোকৈ অভাগী কবি

মোৰ বহুত ধাৰ।” (কবিৰ কথা)

কবি কৰবী কবিতাৰ অবয়ৱ অৰ্থাৎ ভাষা আৰু শব্দ সন্ধানত অতিকৈ সচেতন। তাইৰ দুখ-শোকৰ আধাৰ ‘কবিতা’ নামৰ পাত্ৰক পূৰ্ণ কৰিবলৈ প্ৰকাশক্ষম শব্দ সন্ধানত ব্রতী। কবিয়ে অকপটে স্বীকাৰ কৰিছে–

“শব্দৰ শন্ধানত  ব্রতী

মই এক অসহায় কবি

মোৰ অশ্ৰয় মাথোঁ

যন্ত্ৰণাৰ অতিথিশালা।” (ধূপৰ দৰে)

কবিৰ বাবে কবিতা অকল বিলাসেই নহয়; জীৱিকাও। কবিয়ে ব্যক্ত কৰিছে–

“চিৰন্তন ৰাতিৰ সন্ধানত

মই মোহত নে ভ্ৰমত

কলমৰ আশ্ৰয়ত জীয়াই থকা

অভাগী কবি।” (ৰাতি, ৰাতি)

কবি কৰবী নিৰ্জনতা প্ৰিয়। তাই কবিতাৰ সন্ধানত মানুহৰ পৰা আতঁৰি থাকিব বিচাৰে। কবিয়ে কৈছে–

“গধূলি গোপালৰ দৰে

পাহি মেলা

মোৰ কিছুমান নিৰ্জন ক্ষণ আছে

য’ত নিবিড় সেউজেৰে

ভৰপুৰ অৰণ্যত

অকলেই ফুৰা মই

স্বপ্ন-চাৰিনী

মোৰ হাতত

সেউজীয়া এটা ভাটৌ

সবাক নীৰৱতা

মুখত আঙুল দি

নিৰ্বাক হৈ থকা

গছ-লতা সকলোৱে জানে

মই নীৰৱতা কিমান ভাল পাওঁ! (সেই অৰণ্যত)

কবি কৰবী কবিতা প্ৰসঙ্গক লৈ ইমানেই কবিতাৰ জন্ম দিছে যে কেৱল অসমীয়া ভাষাতেই নহয়; সম্ভৱত বিশ্বৰ কোনো এটি ভাষাতেই এজন মাথো কবিয়ে কবিতাৰ বিষয়-বস্তুক লৈ ইমান সংখ্যক কবিতা জন্ম দিয়াৰ দ্বিতীয় এটি উদাহৰণ নাই।

কবি কৰবী ডেকা হাজৰিকাৰ কবিতাত বৈ থকা দ্বিতীয় সুঁতিটি হৈছে যৌৱনোচ্ছল প্ৰেমৰ সুঁতি। কবি কৰবীৰ প্ৰেম স্পষ্ট নহয়; ই মেঘালী আকাশৰ দৰেই ছয়া-ময়া আৰু গোমোঠা। কবিয়ে কাক উদ্দেশ্যি প্ৰেমৰ সুঁতিটি বৈ নিছে তাক স্পষ্টকৈ কোৱা কঠিন। সম্ভৱতঃ  কবি কৰবীয়ে কোনো কাল্পনিক প্ৰেয়স বা প্ৰেমত কিছু পৰিমাণে সফল হোৱা বা কিছু পৰিমাণে বিফল হোৱা অতীতৰ কোনোবা গোপন প্ৰেমিকক উদ্দেশ্যি প্ৰাণোচ্ছল প্ৰেমৰ উচ্ছাস বোৱাই নিছে। কবি কৰবীৰ প্ৰেমৰ কবিতাত আশাবাদৰ পূৰ্ণ পয়োভৰ নাই যদিও নিৰাশাবাদৰ কৰুণ সুৰো নাই। কবিৰ বাবে প্ৰেম প্ৰেৰণা আৰু আনন্দৰ উৎস। কেতিয়াবা ই যৌৱনৰ উৎস, কেতিয়াবা সৌন্দৰ্যৰ উৎস, কেতিয়াবা সুখৰ সমলয়।

প্ৰথমে কবিৰ প্ৰেম আনন্দ আৰু প্ৰেৰণাৰ থলি হিচাপে উপস্থাপন কৰি  কৈছে  যে কবিৰ প্ৰেয়সৰ কথা মনত পৰিলে বুকুখন উদাৰতা আৰু আনন্দৰ উখল-মাখল লহৰেৰে ভৰি পৰে। কবিৰ ভাষাত–

“তোমালৈ মনত পৰিলে

বুকুখন আকাশ হয়

অথবা হয়

নীলা লহৰেৰে উখম-মাখল

সাগৰ।” (তোমালৈ যেতিয়া)

প্ৰেম সৌন্দৰ্যৰ আধাৰ। প্ৰেমৰ পোহৰত অন্ধকাৰ স্থানো পোহৰময় যেন অনুভৱ হয়। কবিয়ে কৈছে–

“দিনে দিনে তেওঁ

চন্দ্ৰকলাৰ দৰে উজ্জ্বল হয়

তীক্ষ্ণ কান্তি নক্ষত্ৰৰ দৰে

ছাঁ পেলায়

ফটিক পানীত।” (অনুভৱত তেওঁৰ অস্তিত্ব)

প্ৰেম যৌৱনৰ প্ৰতীক। কবিয়ে যৌৱনৰ প্ৰাণ চঞ্চল সময়খিনিত যেতিয়া প্ৰেমিকৰ পৰশ পায়, তেতিয়া কবিৰ যৌৱন ফেনে-ফোটোকাৰে উপচি পৰে আৰু নিজে নিজৰ যৌৱনোদ্যম দেহাটো পকা ডালিমৰ দৰে সঁপি দিয়ে প্ৰেমিকৰ ওচৰত।  কবি কৰবীৰ ভাষাত–

“তেওঁ আহিলেই মাটিৰ বুকুত

গজালিবোৰে গা নচুৱায়

বুকুৰ মণিমুক্তা সিঁচৰতি কৰি

ৰাতিটো ফাটি পৰে

পকা ডালিমৰ দৰে।” (অভিসাৰ)

কবি কৰবী ডেকা হাজৰিকাৰ বাবে প্ৰেম অনন্ত সুখৰ উৎস। কবিয়ে প্ৰেমিকক দেখা পোৱাৰ লগে লগেই যেন সকলো কিছুই হাতৰ মুঠিত পাই যায়। কবিয়ে লিখিছে–

“তোমাক যে দেখা পালোঁ । এনে লাগে যেন

একেলগে পালোঁ এটা জোন, এমুঠি ত’ৰা

এটা কোমল বেলিৰ এপিয়লা উম।” (তোমাক যে দেখা পালোঁ)

কবি কৰবী প্ৰেম-পাগল। সেয়ে প্ৰতিটো মূহুৰ্ততে কবিৰ অভিসাৰী প্ৰেমিকজনৰ উপস্থিতি অনুভৱ কৰে। কবিয়ে সাৱলীল ভাষাত ব্যক্ত কৰিছে–

“প্ৰতিটো কবিতাৰে লগত 

কি অনিবাৰ্য নিয়মত

তুমি সোমাই পৰা?

 

তুমি বতাহৰ দৰে

উশাহত আহা বুকুলৈ

জোনাকৰ দৰে আকাশত থকা

নিশাৰ পিছত নিশা

য’ত ভৰি থওঁ

সেই শুকান মাটিতো থাকে

তোমাৰ শৰীৰৰৰ উষ্ণতা।

 

কলম তুলিলেই 

তুমি হৈ পৰা এজাক বতাহ

উৰুৱাই নিয়া

যাতনাৰ মেঘ

দুখৰ সৰা পাত

মোৰ কবিতাৰ ইপাৰে সেয়েহে

তোমাৰ দৰদী মাত।” (কবিতাত তুমি)

কবি কৰবীৰ প্ৰেম দ্বৰ্থ্যক। ‘তুমি’ সবৰ্বনামটো কবিয়ে দুটা অৰ্থত প্ৰয়োগ কৰিছে। কেতিয়াবা ‘কবিতা’ আৰু কেতিয়াবা ‘প্ৰেয়স’ আৰু কেতিয়াবা দুয়ো অৰ্থকেই যমক অলংকাৰৰ দৰে ব্যৱহাৰ কৰিছে। কবিয়ে কৈছে–

“মই তোমাৰেই কবি

জবাফুলৰ দৰে ৰ’দৰ ৰসেৰে

ভৰাই তুলিছো কলম

কেৱল 

তোমাৰ কথাকেই লিখিম বুলি।” (মই তোমাৰেই কবি)

কবি কৰবী ডেকা হাজৰিকাৰ কবিতাৰ মাজেৰে  হৃদয়ৰ গোপন কোণৰ পৰা যি তৃতীয় প্ৰেমৰ সুঁতিটো নিঃসৃত হৈছে – সেয়া হৈছে আলফুল স্বদেশপ্ৰেম। কবিৰ দেশপ্ৰেম গঠনমূলক নহয়; ই কাব্যিকহে। কবিয়ে দেশৰ বাবে কি কৰিছে সেয়া কবিয়ে ব্যক্ত নকৰি, কবিয়ে দেশক কিদৰে গ্ৰহণ কৰিছে আৰু দেশে কবিক কি দিছে সেয়াহে কবিয়ে স্বতঃস্ফূর্তভাৱে প্ৰকাশ কৰিছে।

কবিয়ে মাটিক মৰম কৰে; কিন্তু মাটিয়ে কবিক তাতোকৈয়ো বেছি মৰম কৰে। সেয়ে মাটিৰ মৰম কবিৰ কলমৰ আগেদি সুখ হৈ নিগৰি পৰে। কবিৰ ভাষাত–

“মাটিৰ মৰমে মোক 

দিনে দিনে কন্দুৱায়

প্ৰতিদিন প্ৰতি ৰাতি

তপত তেজৰ ঢৌ

টলমল কৰে

লুণীয়া নদীৰ দৰে

অনুভূতি বৈ যায়

বুকুৰ বাটেৰে

এনেকৈয়ে প্ৰতিদিন

হিয়াত উপচি পৰে

ছল-ছল সুখ

তেজৰ আখৰ হৈ

মাটিৰ মৰম মোৰ

কলমৰ আগেৰে নিগৰে।” (সুধা)

কবি স্বদেশৰ বাবে  প্ৰীতি আৰু বিপ্লৱৰ প্ৰতীক। কবিয়ে কৈছে–

“মোৰ দেশৰ প্ৰথম পুৱাত

মই মিঠা ৰ’দালিৰ

প্ৰথম ঢৌ

আকাশৰ বুকু গানেৰে ভৰোৱা

প্ৰভাতী পখীৰ মাত।

 

মোৰ দেশ নদীৰ দেশ

ন-কইনাৰ চকুলোৰ দৰে

সুখেৰে বয়

দুখেৰে বয়

সোণ পানী সনা হেজাৰ নৈ

মই তাৰ ঢৌৱে ঢৌৱে

কলৰৱ কৰা

গানৰ সুৰ

কেতিয়াৱা প্ৰীতিৰ, কেতিয়াবা প্ৰলয়ৰ।” (মাটিৰ পৰা মেঘলৈ)

স্বদেশৰ লগত কবিৰ একাত্ম সমন্ধ। দেশ আৰু কবিৰ অস্তিত্বৰ মাজত কোনো পাৰ্থক্য নাই। কবিয়ে কৈছে–

“মোৰ দেশৰ কোমল বুকুত

অনুু-পৰমাণু হৈ মিলি আছোঁ

মই কবি

পুৱাৰ ৰ’দত মোৰেই

দৰদী স্পৰ্শ 

ত’ৰাফুলীয়া নৈশ প্ৰহৰত

মোৰ অস্ফুট অনুভৱ

উজ্জ্বল দ্বি প্ৰহৰ

কলকণ্ঠী সন্ধ্যা

সকলোতে মই

সুখেৰে দুখেৰে মিলি আছোঁ

ঠিক যিদৰে মিলি আছে

সুখৰ দিনত বন্ধুৰ দল।” (মোৰ দেশ, মোৰ অনুভৱ)

কবিৰ বাবে কবিৰ স্বদেশ কবিৰ আই, সন্তান আৰু বন্ধু। সেয়ে কবিয়ে কৈছে–

“মোৰ দেশৰ প্ৰতিটো প্ৰহৰ

অশ্ৰুৰ দৰে সজল কঠিন

স্নেহৰ বন্ধনত

দেশ মোৰ আই

মোৰ সন্তান

মোৰ বন্ধু।” (মোৰ দেশ, মোৰ অনুভৱ)

ৰমন্যাসবাদী কবিসকল প্ৰকৃতি সচেতনহে; সিহঁত বাস্তৱ সমাজৰ প্ৰতি সিমান সচেতন নহয়। কবি কৰবী ৰমন্যাসবাদী কবিসকলতকৈ এখোপ চৰা আত্ম-ৰমন্যাসবাদী (ego-romantic) কবিহে। সেয়ে তাই সমাজ সচেতন নহয়। অৱশ্যে সমাজ বিদ্বেষীও নহয়। সমাজত বসবাস কৰি থকাৰ বাবেই মাজে মাজে সামাজিক চিত্ৰই তাইৰ কবিতাত ভূমুকি মাৰিছে। কিন্তু এয়া কবিৰ ইচ্ছা প্ৰণোদিত নহয়, কলমৰ বা অনুভৱৰ বিচ্যুতিহে (slip of pen) বুলি ক’ব পাৰি। মাজে মাজে কলমৰ এই বিচ্যুতিৰ কোঁহে কোঁহে কবিৰ কবিতাত বিশৃঙ্খল সমাজৰ চিত্ৰ, দেশত সঘনাই বাঢ়ি উঠা মুদ্রাস্ফীতিৰ  কৰুণ প্ৰভাৱ, সন্ত্ৰাসৰ চিত্ৰ আদি প্ৰতিফলিত হৈছে।

বিশৃঙ্খল সমাজৰ চিত্ৰ ফুটাই তুলিবলৈ গৈ কবিয়ে লিখিছে–

“তোমাৰ সোণৰ খাৰুৰ

জুনুকা মাতত

আগলি কলাপাত লৰেনে?

ভেঁটফুলে মেলেনে চকু?

ইয়াত বতৰ বৰ বেয়া

বেলিয়ে দিয়ে কজলা ৰ’দ

জোনে আনে তপত ৰাতি

শেতেলীবোৰৰ তলিছা নিহালি

ওৰে ৰাতি থাকে তিতি।

 

ইয়াত জানা দেখাই নাপাওঁ

ধানৰ শীহত ওলমি থকা

নিয়ৰ

হাঁহিৰ দৰে ৰঙিয়াল

মইনাৰ মাত।” (সখীলৈ চিঠি)

সন্ত্ৰাসবাদৰ বলি হোৱা মাতৃৰ চিত্ৰ অংকন কৰিবলৈ গৈ কবি কৰবীয়ে লিখিছে–

“ঘৰে ঘৰে দীপাৱলী

উল্লাসৰ লহৰত

পাৰ ভগা বুকুৰ আবেগ

দেশৰ চৰণ চুই

চুমা খোৱা যৌৱনৰ

জয়  গীতে পোহৰালে

লুইতৰ পাৰ

তথাপিতো কি যে হাহাকাৰ

টোপনি আঁতৰি যোৱা

দুচকুৰে গণি গণি

আকাশৰ ত’ৰা

ক’ত জননীয়ে ভাৱে

কোনটো ত’ৰাৰ নাম 

মোৰ পোনাকণ।”

(পোনাকণ ওচৰত নাই)

মুদ্রাস্ফীতিৰ কৰুণ চিত্ৰ কবি কৰবীৰ কবিতাত এইদৰে ফুটি উঠিছে–

“দিনে দিনে বাঢ়ি গৈছে

মোৰ বিলাসিতা

আজিকালি সুলভ মূল্যত

সেউজীয়া নিশা এটা

পোৱাই টান

ধূপৰ দৰে জ্বলা জোন এটা

কিনিবলৈ পোৱা

কেতিয়াবা এচলু নিজৰা

অথবা

এপিয়লা ৰ’দ

নাইবা চকু পানীৰ দৰে

সুন্দৰ এপাহ ফুল

এইবোৰেই মই

ক’লা বজাৰত বিচাৰি ফুৰোঁ

উঃ কি যে চৰা দাম!” (বিলাসৰ সময়)

কবি কৰবী নিত্যান্তই মায়াবাদী কবি বাবেই কবিৰ কবিতাত যুগৰ প্ৰভাৱ অস্পষ্ট আৰু সমসাময়িক আন আন কবিৰ কবিতাত থকা দৰে তাইৰ কবিতাত সাম্যবাদ, সমাজবাদ, সংগ্ৰাম আদিৰ সুৰ পোৱা নাযায় আৰু সেইবাবেই তাইৰ কবিতাই সাৰ্বজনীনতা পোৱাৰ পৰা কিছু আঁতৰত আছে।

কবিৰ বাক্য গঠন চুটি চুটি আৰু স্পন্দনহীন হোৱা বাবে তাইৰ কবিতাবোৰ  বহু সময়ত কঁঠুৱা গদ্যধৰ্মী হৈ উঠিছে। তাইৰ কথন ভঙ্গীত পূৱ-উজনি অসমৰ অসমীয়া কথন ৰীতিৰ প্ৰভাৱ পৰা যেন লাগে।

কবি কৰবী কবি হিচাপে এটা স্পষ্ট দোষত দোষী। সেয়া হৈছে কবিৰ কবিতাৰ শিৰোনাম আৰু কবিতাৰ বিষয়-বস্তুৰ মাজত স্পষ্টতা নাই। অৰ্থাৎ কিছুমান কবিতাৰ শিৰোনাম বিষয়-বস্তুৰ লগত বিসঙ্গিতিপূৰ্ণ। তাৰোপৰি কিছুমান কবিতাৰ শিৰোনাম বিষয়-বস্তুৰ লগত সঙ্গতি নাৰাখি ৰচনাৰ সময়কালটোকহে শিৰোনাম  হিচাপে দিয়া হৈছে।

কবি কৰবী ডেকা হাজৰিকাৰ কবিতা প্ৰসঙ্গ (thematic) ৰ দিশত সংকীৰ্ণ হ’লেও কাব্যিক অলংকাৰৰ দিশত কিন্তু চহকী। তাইৰ কবিতা উপমা, উৎপ্ৰেক্ষা আদি অৰ্থালংকাৰ আৰু অনুপ্ৰাস শব্দালংকাৰেৰে পৰিপূৰ্ণ।

কৰবীৰ উপমা অলংকাৰ সমাজত প্ৰচলিত থকা উপমা অলংকাৰৰ সংকলন যদিও কবিয়ে স্বকীয়ভাবেও অভিনৱ উপমা অলংকাৰ সৃষ্টিতো দক্ষতা দেখুৱাইছে। উদাহৰণ–

(ক) “সেউজীয়া নদীৰ দৰে

মোৰ বুকুখন উপচি পৰে

লুণীয়া পানীৰ সুৰেৰে।”

(খ)“তাই ৰ’দৰ দৰে

ফুলৰ লগত দোঁ দি আছে

পোহৰৰ দৰে 

নীল বতাহত ওলমি আছে।”

(গ)“মোৰ সমস্ত অনুভৱ

নীলা পখিলাৰ দৰে

নিশ্চুপ  হৈ পৰি থাকে

দুপৰৰ নিজান পৰত।”

উপমা অলংকাৰৰ লগতে যি অলংকাৰে পূৰ্ণিমাৰ জোনটিৰ দৰেই কবি কৰবীৰ কবিতাত উজলি আছে সি হৈছে চিত্তাকৰ্ষক উৎপ্ৰেক্ষা অলংকাৰ। উদাহৰণ–

(ক)“কবিৰ কলমটো যেন 

এটা নীলা জিঁঞা।”

(খ)“কালি এজাক বতাহ বলিছিল

ঠিক যেন চিকাৰী শেনহে।”

(গ)“এজাক শুকুলা ৰাজহাঁহে

এনেকৈয়ে মোক খেদি থাকে

যেন মই

নতুনকৈ থোৰ মেলা ধানৰ পথাৰ।”

কবি কৰবীৰ কবিতাৰ শাৰীবোৰৰ মাজে মাজে যি ছন্দৰ লহৰ উঠিছে সি হৈছে অনুপ্ৰাস অলংকাৰৰ লহৰ। উদাহৰণ–

(ক) বুকুৰ বিৰিণা বন।

(খ) নীলাভ নিশা।

(গ)সুঁতি সলোৱা সোঁতৰ গানেৰে।

কবি  কৰবী কল্পচিত্ৰ (imagery) সৃষ্টিত দক্ষ। তাইৰ কবিতাত কল্পচিত্ৰ ইমান দোলদোপ-হেন্দোলদোপকৈ ৰজন-জনাই আছে যে বিষ্ময়ত অবাক নহৈ নোঁৱাৰি । অৱশ্যে বহু সময়ত কল্পচিত্ৰৰ প্ৰাচুৰ্যতাত কবিতাৰ মূল বিষয়-বস্তু স্তিমিত হৈ বক্তব্য ম্লান পৰি গৈছে। উদাহৰণস্বৰূপে তলৰ কল্পচিত্ৰটি উদ্ধৃত কৰিব পাৰি–

“জন্ম দিনটোৰে পৰা তোমাক পাইছো শৈশৱৰ সুখত।

যৌৱনৰ গভীৰ দুখৰ নিবিড় ক্ষণত। ৰ’দকাঁচলিৰ দৰে

উজ্জ্বল ফুলৰ মুখে তোমাৰ কথা কয়। নদীৰ বক্ৰ ৰেখাত

তোমাৰ ৰহস্যময় হাঁহি। টলমল বয়সে বুকুৰ যেতিয়া

পাৰ ভাঙে । তেতিয়াই তোমাৰ ওঁঠৰ কাষত মৌচাক হৈ

অথবা দেহৰ বনত দূৰ অৰণ্যৰ সুঘ্ৰাণ হৈ সোমাই অহা দেখিছিলোঁ।

দেখিছিলোঁ আকাশ যেন কজলা চকুত কি অদ্ভূত  মৰণ যজ্ঞ।

একাকাৰ হৈ পৰা জুই, ,গান, ধুমুহাৰ উন্মাদ কলৰব।

প্ৰতি বিন্দু তেজত গোপন অসুখৰ দৰে তোমাৰ অস্তিত্ব

অনুভৱ কৰিছিলোঁ। (গভীৰত)

কবি কৰবীৰ কবিতাক আন এটা অলংকাৰে পোহৰময় কৰি তুলিছে– সি হৈছে সণ্ঢালনি প্ৰতীকৰ ব্যৱহাৰ। ‘সূৰ্য’, ‘বৰষুণ’, ‘নৈ’, ‘ত’ৰা’, ‘ৰাজহাঁহ’, ‘সাপ’, ‘হৰিণ’, ‘জোন’, ‘আকাশ’ আদিক কবিয়ে প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে।  কবিয়ে ইয়াৰ অধিকাংশই পোহৰ, সত্য, সুন্দৰ, জীৱন আৰু আশাৰ প্ৰতীক হিচাপে  গ্রহণ কৰিছে।

কবি কৰবী নতুন বিষয়-বস্তু আৰু নতুন দিশ এটিক মৌলিক বিষয়  হিচাপে বাচি লৈ কাব্য জগতত প্ৰৱেশ কৰিলেও তাই পূৰ্ব কবিসকলৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। সমসাময়িক কবিসকলৰ প্ৰভাৱৰ ওপৰিও কবি হীৰেন ভট্টাচাৰ্যৰ প্ৰভাৱ তাইৰ কবিতাত পৰিলক্ষিত হয়।

পৰিশেষত ক’ব পাৰি যে কবি মিছেছ কৰবী ডেকা হাজৰিকা কাব্যিক অলংকাৰৰ দিশত যিমান সচেতন, তেনেকৈ বিষয়-বস্তুৰ দিশত আৰু বাক্য বিন্যাসৰ স্পন্দনৰ ওপৰত সচেতন হ’লে তাইৰ কবিতা যে উচ্চ পৰ্যায়ৰ যুগান্তকাৰী কবিতা হ’লহেঁতেন তাত কোনো সন্দেহ নাই। ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাব্যগ্ৰন্থ ‘গীতাঞ্জলি’ – এক বৈশিষ্ট্যমূলক আলোচনা

আজিলৈকে বাংলা ভাষাত দুজন মাথো সাহিত্যিকে সিহঁতৰ অসাধাৰণ প্ৰতিভাৰ গুণত আৰ্ন্তজাতিক যশস্যা অৰ্জ্জ্বন কৰিবলৈ সক্ষম হৈছে – তাৰে এজন হ’ল কাজি নজৰুল ইছলাম আৰু আনজন হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ  বাংলা ভাষাৰ সৰ্বশ্ৰেষ্ট কবি হিচাপে স্বীকৃতি পোৱাৰ লগতে ভাৰতৰ জাতীয় কবি হোৱাৰ সন্মানো অৰ্জন কৰিছে। কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘গীতাঞ্জলি’ শিৰোনামৰ কাব্যপুথিখন তেওঁৰ কবিজীৱনৰ কীৰ্তিস্তম্ভ স্বৰূপ (masterpiece)। এইখন কাব্যগ্ৰন্থৰ বাবেই তেওঁ ১৯১৩   চনত সাহিত্যত নবেল বঁটা (Nobel Prize) লাভ কৰে। উপমহাদেশৰ পৰা সাহিত্যত নবেল বঁটা লাভ কৰা তেঁৱেই প্ৰথম ভাৰতীয়। ‘গীতাঞ্জলি’ কব্যগ্ৰন্থখন ভাৱৰ শ্ৰেষ্টতা, ভাষাৰ সৰলতা আৰু ছন্দৰ গীতিময়তাত এক অতুলনীয় পুথি। ভগৱৎ প্ৰেম হৈছে কবিতাপুথিখনৰ প্ৰতিপাদ্য বিষয়। তেওঁৰ ভগৱৎ প্ৰেম ৰহস্যবাদৰ পোছাকেৰে আবৃত। কবিয়ে এজন পূৰ্ণ ঋষি বা তপস্বীৰ দৰে বিশ্বাস কৰে যে মানৱ জীৱনটো হৈছে ঈশ্বৰ আত্মাৰ সান্নিধ্য পোৱাৰ সাধনাহে মাথোন। তাৰোপৰি এজন ৰহস্যবাদী সাধক হিচাপে তেওঁ বিশ্বাস কৰে যে মানৱ আত্মাটো ঈশ্বৰৰ আত্মাৰ পৰা উদ্ভব হোৱা অংশ বিশেষহে। তেওঁ আৰু বিশ্বাস কৰে যে ধ্যান বা সাধনাৰ দ্বাৰা প্ৰকৃতিৰ মাজত মানৱ আত্মাই  ঈশ্বৰ আত্মাৰ সন্ধান কৰি ঈশ্বৰ আত্মাৰ লগত একাকাৰ হৈ যাব পাৰে। ‘গীতাঞ্জলি’ গ্ৰন্থখনৰ সৰহভাগ গীতেই ভগবৎ প্ৰেমৰ সুভাষেৰে আমোলমোল। গীতবোৰে প্ৰমাণ দিয়ে যে কবি ৰবীন্দ্ৰাথৰ জীৱনৰ একমাত্ৰ লক্ষ্য হৈছে সংসাৰৰ মায়ামোহৰ বান্ধোনৰ পৰা আত্মাক মুকলি কৰি ঈশ্বৰ আত্মাৰ লগত মিলন ঘটোৱা। এই ক্ষেত্ৰত তেওঁ মহাপুৰুষ মাধৱদেৱৰ ‘নামঘোষা’ গ্ৰন্থত মাধৱদেৱে যি আত্মলঘিমাৰ পৰিচয় দিছে, কবি ৰবীন্দ্ৰনাথ ঠাকুৰেও ‘গীতাঞ্জলি’ কাব্যগ্রন্থত ঈশ্বৰ প্ৰেমৰ প্ৰাথমিক অবস্থাৰ পৰাই নিজকে ধূলিকণা সম লঘু কৰি ঈশ্বৰৰ পৰম মহত্বক স্বীকাৰ কৰি ঈশ্বৰ আত্মাৰ সন্ধানত ব্রতী হৈছে। ‘গীতাঞ্জলি’ৰ বাংলা সংস্কাৰণৰ প্ৰথম গীতটোতেই কবি ৰবীন্দ্ৰনাথে গ্ৰন্থখনৰ আনকি তেওঁৰ ঈশ্বৰ প্ৰেমৰ ধাৰাৰ পাতনি স্বৰূপ লিখিছে–

“আমাৰ মাথা নত কৰে দাও হে তোমাৰ

চৰণ ধূলাৰ তলে।

 সকল অহংকাৰ হে আমাৰ ডুবাও

 চোখেৰ জলে।” (গীত নং – ১  )

কবি ৰবীন্দ্ৰনাথে নিজকে প্ৰচাৰ বিমূখ কৰি ৰাখিবলৈ দৃঢ়তা প্ৰকাশ কৰি ঈশ্বৰৰ ইচ্ছা কবিৰ নিজৰ জীৱনৰ কৰ্মৰাজিৰ মাজেৰে প্ৰকাশ কৰিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰি লিখিছে– 

“আমাৰে না যেন কৰি প্ৰচাৰ

আমাৰ আপন কাজে –

তোমাৰি ইচ্ছা কৰোহে  পূৰ্ণ

আমাৰ জীবন মাঝে।” (গীত নং – ১  )

কবিৰ বাবে ভগৱানেই হৈছে কবিৰ আত্মা আৰু শৰীৰৰ ৰক্ষা কৱচ। ভগৱানে নিজেই কবিৰ আত্মা আৰু বাসনাক পৰিচালিত কৰিছে। ভগৱানে কবিক বহু বাসনাৰ পৰা বচাই ৰাখি বহুতো মহৎ শক্তিৰ বা গুণৰ অধিকাৰী কৰিছে। সেয়ে কবিয়ে ঈশ্বৰৰ ওচৰত কৃতজ্ঞাতা প্ৰকাশ কৰি গাইছে–

“আমি বহু বাসনায় প্ৰাণপণে চাই

বঞ্চিত কৰে বাঁচালে মোৰে ।

একৃপা কঠোৰ সঞ্চিত মোৰ

জীৱন ভ’ৱে। 

নাচাহিতে মোৰ যা কৰেছ  দান

আকাশ আলোক তনু মন প্ৰাণ,

দিনে দিনে তুমি নিতেছ আমায়

সেই মহাদানেৰই যোগ্য কেৰ।” (গীত নং – ২ )

কবি ঈশ্বৰৰ ওচৰত পৰম কৃতজ্ঞ, কিয়নো ঈশ্বৰে কবিক সকলো মহত্ব দান কৰিছে। সেইবুলি তেওঁ বাহ্যিক জীৱনত নিজৰ স্বাধীনতা বিসর্জন দিয়া নাই। কবিয়ে সকলো কামনা, জয়-পৰাজয়, বিপদ-আপদত ঈশ্বৰৰ পৰা প্ৰত্যক্ষভাৱে কোনো সহায় নিবিচাৰি তেওঁ প্ৰাৰ্থনা কৰিছে যেন তেওঁ বিপদ আৰু দুঃখ সহ্য কৰিব পাৰে। কবিৰ ভাষাত,

“বিপদে মোৰে ৰক্ষা কৰো

এনোহে মোৰ প্ৰৰ্থনা

বিপদে আমি না যেন কৰি ভয়।

দুঃখ তাপে ব্যাথিত চিতে

নাইবা দিলে সান্তনা

দুঃখ যেন কৰিতে পাৰি জয়।” (গীত নং -৪  )

আকৌ একে গীততেই গাইছে , 

“আমাৰে  তুমি কৰিবে ত্ৰাণ 

এনোহে মোৰ প্ৰাৰ্থনা

তৰিতে পাৰি শকতি যেন ৰয়।” (গীত নং -৪  )

কবিয়ে প্ৰৰ্থনা কৰিছে যেন ভগৱানে তেওঁৰ অন্তৰ কলুষ-কালিমা শূণ্য কৰি নিৰ্মল, উজ্জল আৰু সুন্দৰ কৰি তোলে। কবিৰ ভাষাত, 

“অন্তৰ মম বিকশিত কৰো

অন্তৰতৰহে

নিৰ্মল কৰো, উজ্জ্বল কৰো

সুন্দৰ কৰো হে।” (গীত নং – ৫  )

কবি ঈশ্বৰ সন্ধানত ব্রতী। প্ৰকৃতিত তেওঁ ঈশ্বৰৰ সন্ধান পাইছে যদিও ঈশ্বৰ আত্মাক ধৰিব পৰা নাই। ঈশ্বৰ আত্মাই যেন কবিৰ আত্মাৰ লগত লুকা-ফাকু খেলিছে আৰু আঁতৰি গৈছে, সেয়ে কবিয়ে কৈছে–

“অমন আড়াল দিয়ে লুকিয়ে গেলে

চলবেনা।

এবাৰ হৃদয়মাঝে লুকিয়ে বসো,

কেউ জানবেনা, কেউ বলবেনা।

বিশ্বে তোমাৰ লুকোচুৰি

দেশ বিদেশে কতই ঘূৰি

এবাৰ বলো, আমাৰ মনেৰ কোণে

দেবে ধৰা, ছলবেনা।” (গীত নং – ২৩  )

সাংসাৰিক সুখ-সম্পদত কবি চহকী যদিও সুখী নহয়। তেওঁৰ  আত্মা ঈশ্বৰৰ সন্ধানত ব্যাকুল। সেয়ে তেওঁ ঈশ্বৰক বিচাৰে। কবিয়ে গাইছে ,

“ধনে জনে আছি জড়ায়ে হায়

তবু জানো মন তোমাৰে  চায়। 

অন্তৰে  আছ, হে অন্তৰ্যামী

আমা চেয়ে আমায় জানিছ স্বামী –

সব সুখে দুখে ভুলে থাকায়

জানো মম মন তোমাৰে চায়।” (গীত নং – ২৯ )

কবিয়ে আকৌ তেওঁ একে গীততে গাইছে , 

“যা আছে আমাৰ সকলই কবে

নিজ হাতে তুমি তুলিয়া লবে

সব ছেড়ে সব পাব তোমায়

মনে মনে মন তোমাৰে  চায়।” (গীত নং – ২৯ )

কবিৰ নিজৰ বাবে কৰিবলগীয়া একো নাই। কবি কেৱল জীয়াই আছে ঈশ্বৰৰ ইচ্ছাক নিজৰ জীৱনত প্ৰতিফলিত কৰিবৰ বাবেহে । সেয়ে তেওঁ গাব পাৰিছে–

“আমি হেথায় থাকি শুধু

গাইতে তোমাৰ গান

দিয়ো তোমাৰ জগৎ সভায়

এইটুকু মোৰ স্থান। 

আমি তোমাৰ ভূবন মাঝে

লাগি নি নাথ, কোনো কাজে

সুধু কেবল সুৰ বাজে

অকাজেৰ এই প্ৰাণ।” (গীত নং -৩১  )

কবি আধ্যাত্মিক চিন্তাত ঈশ্বৰৰ সন্ধান পাইছে যদি চৰ্ম চকুৰে  ঈশ্বৰৰ সাক্ষাৎ পোৱা নাই। সেয়ে তেওঁ আকুল হৈ গাইছে–

“আমি দেখি নাই তাৰ মুখ, আমি 

শুনি নাই তাৰ বাণী-

কেবল শুনি ক্ষণে ক্ষণে তাহাৰ

পায়েৰ ধবনি খানি।” (গীত নং – ৩৯ )

কবিৰ আত্মা ঈশ্বৰৰ আত্মাৰ লগত মিলি যাবলৈ চৰম হাবিয়াস কৰিছে যদিও ঈশ্বৰৰ আত্মাক আপোন কৰি পোৱা নাই। সেয়ে বিচ্ছেদ বেদনাত ভূগি কবিয়ে আবেগ-বিহবল কণ্ঠত গাইছে–

“আজি যেন ভেদ নাহি ৰয়

আপনা পৰে,

তোমায় যেন এক দেখি হে 

বাহিৰে ঘৰে।

তোমাৰ সাথে যে বিচ্ছেদে

ঘূৰে  বেড়াই কেঁদে কেঁদে

ক্ষূণেক তৰে  ঘুচাতে তাই

তোমাৰে ডাকি।” (গীত নং – ৪৩)

কবিয়ে কৈছে যে বিশ্ব দৰবাৰত কবিৰ আবিৰ্ভাৱ বিফল হোৱা নাই। এই আবিৰ্ভাৱৰো উদ্দেশ্য আছে। ঈশ্বৰৰ আদেশ মানি ঈশ্বৰৰ সৃষ্টি এই  সুন্দৰ বিশ্বৰ আনন্দ উপভোগ কৰাত কবি ভগৱানৰ ওচৰত কৃতজ্ঞ। কবিয়ে সেয়ে গাইছে–

“জগতে আনন্দে যজ্ঞে আমাৰ নিমন্ত্ৰণ

ধন্য হলো ধন্য হল মানব জীবন

নয়ন আমাৰ ৰুপেৰ   পুৰে 

সাধ মিটায়ে বেড়ায় ঘূৰে,

শ্ৰবণ আমাৰ গভীৰ সুৰে

হয়েছে মগন।” (গীত নং – ৪৪  )

কবিয়ে বিশ্বাস কৰে যে বিশ্ব-ব্রহ্মাণ্ডখন ভগবানৰ আত্মাৰ প্ৰতিফলনহে। বিশ্বৰ প্ৰতিটো বস্তু বা দৃশ্যই ঈশ্বৰৰ অস্তিত্বৰ প্ৰমাণ দিয়ে। সেয়ে কবিয়ে এজন সম্পূৰ্ণ আধ্যাত্মিক  ঋষিৰ দৰে ঘোষণা কৰিছে–

“তোমাৰ আলো গাছেৰ পাতায় 

নাচিয়ে তোলে প্ৰাণ

তোমাৰ আলো পাখিৰ বাসায়

জাগিয়ে তোলে গান।

তোমাৰ আলো ভালোবেসে

পড়েছে মোৰ গায়ে এসে, 

হৃদয়ে মোৰ নিৰ্মল হাত

বুলালো বুলালো।”

(গীত নং – ৪৫  ) 

কবিৰ আত্মা ঈশ্বৰৰ দৰবাৰত অতি নত। কবি আত্মলঘিমাত ভূগি ঈশ্বৰৰ দৰবাৰত প্ৰৱেশ কৰিবলৈ ঈশ্বৰক কাকুতি কৰি গাইছে–

“আসন তলেৰ মাটিৰ পৰে লুটিয়ে ৰব

তোমাৰ চৰণ-ধুলায় ধুলায় ধূসৰ হ’ব।

কেন আমায় মান দিয়ে আৰ দূৰে ৰাখ,

চিৰ জনম এমন কৰে ভুলিয়ো নাকো,

অসন্মানে আনো টেনে পায়ে তব।

তোমাৰ চৰণ-ধুলায় ধুলায় ধুসৰ হ’ব।

আমি তোমাৰ যাত্ৰীদলেৰ ৰব পিছে,

স্থান দিয়ো হে আমায় তুমি সবাৰ নীচে।

প্ৰসাদ লাগি ক’ত লোকে আসে ধেয়ে,

আমি কিছুই চাইবনাতো, ৰইব চেয়ে

সবাৰ শেষে বাকী যা ৰয় তাহাই লব।

তোমাৰ চৰণ-ধুলায় ধুলায় ধুসৰ হব।” (গীত নং – ৪৬)

কবিৰ বাবে  ভগবানেই  আপোন। ঈশ্বৰ ধ্যানত কবিৰ আত্মা সৰ্বদা ব্যস্ত। ঈশ্বৰৰ ধ্যানত থাকিয়েই  কবিয়ে জীৱনৰ চৰম আনন্দ লাভ কৰে। কবিৰ ভাষাত–

“তুমি আমাৰ আপন, তুমি আছ আমাৰ কাছে ,

এই কথাটি বলতে দাও হে বলতে দাও।

তোমাৰ মাঝে মোৰ জীবনেৰ সব আনন্দ আছে

এই কথাটি বলতে দাও হে বলতে দাও।”

…………………….

“এই নিখিল আকাশ ধৰা

এ যে তোমায় দিয়ে ভৰা, 

আমাৰ হৃদয় হতে এই কথাটি

বলতে দাও হে বলতে দাও।” (গীত নং – ৫২)

ভক্তৰ অধীন ভগৱান। কবিয়ে সেয়ে স্বীকাৰ কৰিছে ভগবানে যিজনক ভাল পায় বা ইচ্ছা কৰে তেওঁক সকলো শক্তি উজাৰ কৰি দান কৰিব পাৰে। তেতিয়া ভক্ত আৰু ভগবানৰ মাজত কোনো আড়াল নাথাকে। কবিয়ে উক্ত কথাটি উপলব্ধি কৰিছে ধ্যানমগ্ন  যোগীৰ দৰে। কবিৰ ভাষাত– 

“শক্তি যাৰে  দাও বহিতে

অসীম প্ৰেমেৰ ভাৰ

একেবাৰে সকল পৰ্দা

ঘুচায়ে দাও তাৰ।” (গীত নং – ৬৬)

কবিয়ে উক্ত গীততেই কৈছে যে ঈশ্বৰে যিজনৰ আত্মাক লগ দিয়ে সেইজনে সকলো বৈষয়িক লালসাৰ পৰা মুক্ত হৈ  নিঃস্ব হৈ পৰে। অৰ্থাৎ ঈশ্বৰ ধ্যানৰ বাহিৰে তেওঁৰ আৰু আন কোনো হাবিয়াস নাথাকে। কবিৰ ভাষাত–

“না ৰাখ তাৰ ঘৰেৰ আড়াল

নাৰাখ তাৰ ধন , 

পথে এনে নিঃশেষে তায়

কৰ অকিঞ্চন।

নাথাকে তাৰ মান অপমান

লজ্জা শৰম ভয়-

একলা তুমি সমস্ত তাৰ

বিশ্ব ভুবনময়।

এমন কৰে মুখোমুখি

সামনে তোমাৰ থাকা;

কেবল মাত্ৰ তোমাতে প্ৰাণ

পূৰ্ণ কৰে ৰাখা,

এ দয়া যে পেয়েছে তাৰ

লোভেৰ  সীমা নাই

সকল লোভ সে সৰিয়ে ফেলো

তোমায় দিতে ঠাঁই।” (গীত নং – ৬৬  )

কবি ৰবীন্দ্ৰনাথে জানে যে পবিত্ৰ আত্মাইহে ঈশ্বৰ আত্মাৰ সন্ধান কৰিব পাৰে। সেয়ে কবিয়ে ভগৱানক প্ৰাৰ্থনা কৰি কৈছে যে ভগৱানে দয়া কৰিলে তেওঁক ভগবানৰ আত্মাৰ লগত একাত্ম হোৱাৰ যোগ্যতা দান কৰিব পাৰে। কবিৰ সুৰত–

“দয়া দিয়ে হবে গো মোৰ জীৱন ধুতে

নইলে কি পাৰব তোমাৰ চৰণ ছুঁতে।

তোমায় দিতে পূজাৰ ডালি

বেৰিয়ে পড়ে সকল কালি

পৰাণ আমাৰ পাৰি নে তাই

পায়ে থুতে।” (গীত নং – ৭৫  )

কবিৰ আত্মা ভগৱান পিয়াসী। সেয়ে তেওঁ ঈশ্বৰক প্ৰাৰ্থনা কৰি কৈছে যে তেওঁ যদি এই জীবনত ভগবানৰ সাক্ষাৎ নাপায; তেন্তে তেওঁ যে ভগবানক পোৱা নাই এই কথাটি যেন মৰণৰ পিছতো মনত থাকে; কিয়নো মৰণৰ পিছত স্বৰ্গত তেওঁ ভগবানৰ সাক্ষাৎ আশা কৰে। কবিৰ ভাষাত,

“চাই গো আমি তোমাৰে চাই

তোমায় আমি চাই-

এই কথাটি সদায় মনে

বলতে যেন পাই।” (গীত নং – ৮৮)

আন এটি গীতত একে ভাব প্ৰকাশ কৰি কবিয়ে গাইছে– 

“যদি তোমাৰ দেখা নাই পাই প্ৰভু

এবাৰ এ জীবনে

তবে তোমায় আমি পাইনি যেন

সে কথা ৰয় মনে।” (গীত নং – ২৪)

কবিয়ে ভাৱে যে ঈশ্বৰৰ কাৰ্য্যাৱলীৰ প্ৰধান বাহক আৰু প্ৰকাশক হৈছে মানুহ। মানুহৰ কাৰ্য্যাৱলীৰ মাজেদিয়েই ঈশ্বৰৰ কাৰ্য্যাৱলীৰ প্ৰকাশ হয়। সেয়ে কবিয়ে গাইছে – 

“আমাৰ মাঝে তোমাৰ লীলা হবে, 

তাইতো আমি এসেছি এই ভবে।

…………………………….

মৰে গিয়ে বাঁচব তবে

আমাৰ মাঝে তোমাৰ লীলা হবে । 

সব বাসনা যাবে আমাৰ থেমে

মিলে গিয়ে তোমাৰি এক প্ৰেমে,

দুঃখ সুখেৰ বিচিত্ৰ জীবনে

তুমি ছাড়া আৰ কিছু না ৰবে ।” (গীত নং – ১৩০)

কবিৰ আত্মাই ঈশ্বৰ আত্মাৰ সন্ধান কৰিছে বহুবাৰ কিন্তু ঈশ্বৰৰ আত্মাক পোৱা নাই। তথাপি তেওঁ বিচাৰিছে আৰু বিচাৰি থাকিব। কবিৰ ভাষাত,

“তোমাৰ অন্ত নাই গো অন্ত নাই;

বাৰে বাৰে নূতন লীলা তাই।

আবাৰ তুমি জানি নে কোন বেশে

পথেৰ মাঝে দাড়াবে নাথ হেসে-

আমাৰ এ হাত ধৰবে  কাছে এসে,

লাগবে প্ৰাণে নূতন ভাবেৰ ঘোৰ।

তোমায় খোঁজা শেষ হবে না মোৰ।” (গীত নং – ১৩০)

কবিয়ে ভাবে মৃত্যুয়েই হৈছে জীৱনৰ শেষ পৰিপূৰ্ণতা। মৰণৰ মাজেদি মানৱ আত্মাই ঈশ্বৰ আত্মাৰ সান্নিধ্যলৈ গতি কৰে। সেয়ে কবিয়ে ঈশ্বৰ আত্মাৰ লগত সোনকালে মিলি যাবলৈ বাঞ্ছা কৰি মৰণক উদ্দেশ্যি গাইছে , 

“ওগো আমাৰ জীবনেৰ 

শেষ পৰিপূৰ্ণতা

মৰণ, আমাৰ মৰণ, তুমি

কও আমাৰে কথা।” (গীত নং – ১১৬)

কবি সদায় ঈশ্বৰৰ প্ৰতি সন্তুষ্ট । কবিৰ আৰু কোনো বৈষয়িক আশা নাই। সেয়ে যদি হঠাৎ মৰি যায় তেন্তে কবিৰ কোনো খেদ বা আক্ষেপ নাথাকিব। কবিৰ ভাষাত,

“যা দিয়েছ আমাৰ এ প্ৰাণ ভৰি

খেদ ৰবেনা না এখন যদি মৰি।” (গীত নং – ১৩৯)

এনেদৰে কবিৰ ‘গীতাঞ্জলি’ কাব্য গ্ৰন্থৰ প্ৰতিটো পৃষ্টা, প্ৰতিটো অনুচ্ছেদ ভগবৎ প্ৰেমৰ ৰসেৰে সিক্ত। ভগৱৎ প্ৰেমৰ আকুণ্ঠ হাবিয়াসেৰে কবিৰ জীৱন আৰম্ভ হৈছে আৰু ভগবানৰ সন্ধানত থাকিয়ে কবিৰ জীৱনৰ পৰিসমাপ্তি ঘটোৱাৰ হাবিয়াসেৰে কবিয়ে ‘গীতাঞ্জলি’ কাব্য গ্ৰন্থখনৰ পৃষ্টা  ভ’ৰাই  তুলিছে। ভাৰতীয় সাহিত্যত ভগবৎ প্ৰেমৰ পংক্তিৰ শেষ নাই; কিন্তু ৰবীন্দ্ৰনাথ এক ব্যতিক্ৰম- কিয়নো ‘গীতাঞ্জলি’ত ভগবৎ প্ৰেম ইমান সৰলভাৱে আৰু সম্পূৰ্ণ আন্তৰিকতাৰ সৈতে প্ৰকাশ পাইছে যে ভগবৎ প্ৰেমৰ এনেকুৱা সাৰুৱা কাব্যগ্ৰন্থ ভাৰতীয় ভাষাত দ্বিতীয় এখন নাই। ই যেন কোনো কবিৰ ৰচনা নহয়। ইয়াক অধ্যয়ন কৰিলে ভাৱ হয় গীতাঞ্জলিৰ গীতবোৰ কোনো ধ্যানমগ্ন যোগীৰ মনৰ স্বতঃস্ফূর্ত  আকুল উচ্ছাসহে।

ভগবৎ প্ৰেমৰ ওপৰিও এই কাব্যগ্ৰন্থখনত স্বদেশ প্ৰেম, মানব প্ৰেম আৰু প্ৰকৃতি প্ৰেমৰো পংক্তি আছে। কবিৰ স্বদেশ প্ৰেম সাৱলীল আৰু আক্ষেপময়; যথা –

“জননী তোমাৰ কৰুণ  চৰণ খানি 

হেৰিনু আজি এ অৰুণ  কিৰণ ৰূপে।

জননী তোমাৰ মৰণ হৰণ বাণী

নীৰব গগনে ভৰি উঠে চুপে চুপে।” (গীত নং – ১৪)

কবিয়ে সেই সময়ত ভাৰতবৰ্ষক ইংৰাজৰ হাতৰ পৰা স্বাধীন কৰাৰ আন্দোলনত জপিয়াই পৰা স্বাধীনতা যুঁজাৰুসকলক সম্বোধি, সিহঁতক সাহস যোগাই আশাবাদী মন লৈ লিখিছে–

“ছাড়িস নে ধৰে থাক এঁটে,

ওৰে  হবে তোৰ জয়।

অন্ধকাৰ যায় বুঝি কেটে ,

ওৰে  আৰ নেই ভয়।”

(গীত নং – ১০৯)

কবিৰ প্ৰকৃতিপ্ৰেম ৰমন্যাসধৰ্মী। প্ৰকৃতিৰ সৌন্দৰ্য্যত কবি বিভোৰ। সেয়ে কবিয়ে গাইছে , 

“আজ ধানেৰ খেতে ৰৌদ্ৰছায়ায় 

লুকোচুৰি খেলা।

নীল আকাশে কে ভাসালে

সাদা মেঘেৰ ভেলা।

আজ ভ্ৰমৰ ভোলে মধু খেতে,

উড়ে বেড়ায় আলোয় মেতে

আজ কিসেৰ তকে নদীৰ চৰে 

চখাচখিৰ মেলা।”                      

(গীত নং – ৮ )

কবি ৰবীন্দ্রনাথৰ  ‘গীতাঞ্জলি’ৰ ভাষা আৰু ছন্দ সাবলীল, সৰল, সাংগীতিক আৰু কাব্যিক ৰসত কোমল। ওপৰত দিয়া উদ্ধ্বৃতিবোৰেই এই মন্তব্যৰ যথাৰ্থ প্ৰমাণ। 

অবশেষত ক’ব পাৰি কবি ৰবীন্দ্ৰনাথৰ ‘গীতাঞ্জলি’ কাব্যগ্ৰন্থখন অকল বাংলা ভাষাতে কিয়, সমগ্ৰ বিশ্ব সাহিত্যৰ এক আপুৰুগীয়া সম্পদ কাৰণ এই  গ্ৰন্থখনত প্ৰকাশ পোৱা ধৰণে ভগবৎ প্ৰেম ইমান আন্তৰিকতাৰে আৰু সাৰ্বজনীন আবেদন সহকাৰে আন কোনো কাব্য গ্ৰন্থত চিত্ৰিত হোৱা আজিলৈকে আমাৰ চকুত পৰা নাই। । ০ ০ ০

অসমীয়া কবি প্রতিভা Asomiya Kabi Prativa

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

  1. অনুবাদ কবিতা
  2. অসমীয়া কবিতাৰ ইতিহাস
  3. অসমীয়া সাহিত্য
  4. আধুনিক কবিতা
  5. কবিতাৰ সংজ্ঞা আৰু আধুনিক কবিতা

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here