Home All অসমীয়া ব্যাকৰণ ক অংশ | Assamese Grammar Part A

অসমীয়া ব্যাকৰণ ক অংশ | Assamese Grammar Part A

Assamese Grammar

0

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

 

অসমীয়া ব্যাকৰণ ক অংশ 

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

ৰাব্বি  মছৰুৰ 

গ্র’হিলচ্‌  

Asomiya Byakaran (A Grammar of the Assamese Language) by Rabbi Masrur, Kamalpur, Barpeta (Assam)

Published by Growhills Publishing, Barpeta, Assam

All Rights Reserved

Rs: ……………………./-

Printed at

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

লিখকৰ একাষাৰ

ভাষা এটি শুদ্ধকৈ শিকাৰ ক্ষেত্ৰত ব্যাকৰণৰ কোনো বিকল্প নাই। আধুনিক ভাৰতীয় ভাষা হিচাপে স্বীকৃতি পোৱা অসমীয়া ভাষা এক আৰ্যমূলীয়া ভাষা। ই খ্ৰীষ্টিয় দশম শতিকা বা তাৰো কিছু পূৰ্বৰ পৰা মূল সংস্কৃতৰ পৰা উদ্ভৱ হয় বুলি অনুমান কৰা হয়।  অসমীয়া ভাষা ইয়াৰ উদ্ভৱ কালৰ পৰা বৰ্তমানলৈ বহু বিৱৰ্তনৰ মাজেদি বৰ্তমানৰ ৰূপ পাইছে। ঊনবিংশ শতিকাৰ আগলৈকে অসমীয়া ভাষাৰ কোনো ব্যাকৰণ নাছিল। ফলত ভাষাটোৰ সাৰ্বজনীনতা তথা সুস্থিৰতা নাছিল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ ফলস্বৰূপে অসমখন ইংৰাজ শাসনৰ অধীনলৈ যোৱাৰ পিছত অসমত খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ অহা আমেৰিকীয় মিছনেৰীসকলে অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰণয়নৰ শুভাৰম্ভ কৰে। এই ক্ষেত্ৰত আগভাগ লৈছিল  উইলিয়াম ৰবিন্স নামৰ মিছনেৰী এজনে। তেওঁ ১৮৩৯ চনত ইংৰাজী ভাষাৰ ব্যাকৰণৰ আৰ্হিত অসমীয়া ভাষাৰ প্ৰথমখন ব্যাকৰণ ৰচনা কৰে। ইয়াৰ শিৰোনাম আছিল ‘A Grammar of Assamese Language‘। অৱশ্যে ব্যাকৰণখন ইংৰাজী ভাষাত ৰচনা কৰা হৈছিল। তেওঁৰ পিছত নাথান ব্রাউন নামৰ আন এজন আমেৰিকীয় মিছনেৰীয়ে ১৯৪৮ চনত  ‘Grammatical Notes of the Assamese Language’  নামৰ অসমীয়া ভাষাৰ দ্বিতীয়খন ব্যাকৰণ ৰচনা কৰে।  অৱশ্যে এইবোৰ ব্যাকৰণত অসমীয়া ভাষাৰ সম্পূৰ্ণ বৈজ্ঞানিক বিচাৰ-বিশ্লেষণ নাছিল যদিও এই ব্যাকৰণবোৰে অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰনয়ণৰ পৰম্পৰা সৃষ্টি কৰে। সিহঁতৰ পিছত ১৮৫৯ চনত অসমৰ পণ্ডিতপ্ৰৱৰ হেমচন্দ্ৰ বৰুৱাদেৱে ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ শিৰোনামেৰে এখন ব্যাকৰণ ৰচনা কৰে। এইখনেই হৈছে অসমীয়া ভাষাত ৰচনা কৰা অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ। এইখন ব্যাকৰণত সংস্কৃত আৰু ইংৰাজী ব্যাকৰণৰ মিশ্ৰ প্ৰভাৱ পৰিলক্ষিত হয়। হেমচন্দ্ৰ বৰুৱাৰ পিছত সত্যনাথ বৰাই ১৯২৫ চনত ‘অসমীয়া ভাষাৰ বহল ব্যাকৰণ’ নামেৰে এখন ব্যাকৰণ ৰচনা কৰে। ইয়াৰ পিছত কালিৰাম মেধিয়ে ১৯৩৬ চনত ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব’ শিৰোনামেৰে এখন ব্যাকৰণ প্ৰনয়ন কৰে। 

বৰ্তমান অসমীয়া ভাষা শিকাৰুসকলকৰ বাবে স্কুল-কলেজৰ পাঠ্য-বিষয়সমূহত অসমীয়া ভাষাৰ ব্যাকৰণ অৰ্ন্তভূক্ত কৰা হৈছে। কিন্তু উপৰিউক্ত ব্যাকৰণবোৰ গৱেষণাধৰ্মী হোৱা বাবে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যথাযথ উপযোগী নহয়। সেয়ে ছাত্ৰ-ছাত্ৰীসকল তথা অসমীয়া ভাষা শিকাৰুসকলৰ উদ্দেশ্যে অতি সহজভাৱে ‘অসমীয়া ব্যাকৰণ’ নামৰ পুথিখন প্ৰণয়ন কৰা হ’ল। পুথিখনৰ প্ৰণয়ন কৰোতে পূৰ্বসূৰী ব্যাকৰণসমূহক ভিত্তি হিচাপে গ্ৰহণ কৰা হৈছে। এই পুথিখনত মাথো ব্যাকৰণৰ বিষয়বস্তুসমূহ অতি সহজে বুজিব পৰাকৈ সৰল আৰু শৃঙ্খলাবদ্ধভাৱে উপস্থাপন কৰা হৈছে।

এই ব্যাকৰণখন প্ৰণয়ন কৰোতে বহুতো বন্ধু-বান্ধৱী তথা ছাত্ৰ-ছাত্ৰীয়ে অনুপ্ৰেৰণা দিয়াৰ লগতে বিভিন্ন দিশত সহায় কৰিছে। সিহঁতৰ প্ৰতি এই লিখক  চিৰ কৃতজ্ঞ।

ব্যকৰণখন প্ৰণয়ন কৰোতে অনিচ্ছাকৃত কিবা ভুল-ভ্ৰান্তি ৰৈ যাব পাৰে। সদাশয় শিক্ষক-শিক্ষয়িত্ৰী তথা সমল ব্যক্তিয়ে গঠনমূলক দিহা পৰামৰ্শ দি ভুল-ভ্রান্তিবোৰ আঙুলিয়াই দিলে কিতাপখনৰ পৰৱৰ্তী সংস্কৰণসমূহ অধিক সুন্দৰ কৰাৰ বাবে লিখক তথা প্ৰকাশক দৃঢ় প্ৰতিজ্ঞ। ইতি, 

ৰাব্বি মছৰুৰ

কমলপুৰ, বৰেপটা                                                                

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

 

সূচীপত্ৰ

ক অংশ

অধ্যায় শিৰোনামা

১ ধবনি আৰু ভাষা 

২ উপভাষা আৰু মান্য ভাষা 

৩ বৰ্ণ আৰু বৰ্ণমালা 

৪ বৰ্ণ বিভাজন 

৫ উচ্চাৰণ অনুযায়ী ব্যঞ্জন বৰ্ণৰ বিভাজন 

৬ উচ্চাৰণৰ স্থান অনুযায়ী বৰ্ণ বিভাজন 

৭ শব্দ আৰু প্ৰকৃতি  

৮ অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ 

৯ শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ 

১০ অসমীয়া শব্দৰ গঠণ আৰু তাৰ ভাগ 

১১ বাক্য আৰু বাক্যৰ আঙ্গিক বিভাজন

১২ বাক্যৰ গাঁথনিক বিভাজন  

১৩ উদ্দেশ্য আৰু অৰ্থ অনুযায়ী বাক্যৰ শ্ৰেণী বিভাগ

১৪ বাক্যাংশ  

১৫ খণ্ডবাক্য 

১৬ পদ  

১৭ বিশেষ্য পদৰ শ্ৰেণী বিভাগ

১৮ সবৰ্বনাম পদৰ শ্ৰেণী বিভাগ 

১৯ বিশেষণ পদৰ শ্ৰেণী বিভাগ 

২০ ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ 

২১ অব্যয় পদৰ শ্ৰেণী বিভাগ  

২২ বচন 

২৩ পুৰুষ 

২৪ ধাতু আৰু ধাতুৰ বিভাজন

২৫ কাল আৰু কালৰ শ্ৰেণী বিভাগ

২৬ প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন

২৭ বিভক্তি

২৮ কাৰক

২৯ লিঙ্গ

অসমীয়া ব্যাকৰণ ক অংশ

খ অংশ

৩০ সন্ধি 

৩১ সমাস

৩২ সন্ধি আৰু সমাস– সাদৃশ্য আৰু বৈশাদৃশ্য

৩৩ অনুসৰ্গ আৰু উপসৰ্গ

৩৪ উপসৰ্গ

৩৫ ণত্ব বিধি

৩৬ ষত্ব বিধি

৩৭ বাচ্য 

৩৮ যতি চিন

৩৯ বিপৰীত অর্থবোধক শব্দ

৪০ অনুৰূপ আৰু অনুকাৰ শব্দ

৪১ প্ৰতিশব্দ বা সমাৰ্থক শব্দ

৪২ বাক সংহতি বা এটা শব্দত প্ৰকাশকৰণ

৪৩ জতুৱা ঠাঁচ আৰু খণ্ডবাক্য

অসমীয়া ব্যাকৰণ ক অংশ

Table of Contents with Chapter Links

Table of Contents

অসমীয়া ব্যাকৰণ ক অংশ

অধ্যায় – ১

ধ্বনি, ভাষা আৰু ভাষাৰ ৰূপ

মানৱ জাতি হৈছে প্ৰকৃতিৰ সৰ্বশ্ৰেষ্ট সৃষ্টি। জীৱশ্ৰেষ্ট হিচাপে মানুহৰ প্ৰয়োজনীয় সকলো প্ৰকাৰৰ অভাৱ পূৰণৰ উপকাৰণৰ দ্বাৰা প্ৰকৃতিয়ে মানৱ জাতিক আশীৰ্বাদপুষ্ঠ কৰিছে।  মানুহে নিজৰ মনৱ ভাৱ, অনুভূতি, আবেগ আদি প্ৰকাশৰ এক মাধ্যম আছে। ইয়াক ‘ভাষা’ বুলি কোৱা হয়। বৰ্তমান পৃথিৱীত প্ৰায় ৬,৫০০ ভাষাৰ প্ৰচলন আছে। কিন্তু এই ভাষাবোৰ কেতিয়া, কেনেদৰে অস্তিত্ব লাভ কৰিছিল তাৰ কোনো হদিচ ইতিহাসৰ পাতত নাই। সেয়ে ইয়াক প্ৰকৃতিৰ অৱদান বা আশীৰ্বাদ বুলিয়েই গ্ৰহণ কৰিব লগা হয়। ভাষা হৈছে কিছুমান শব্দৰ অৰ্থপূৰ্ণ অভিব্যক্তি। আনহাতে শব্দ হৈছে কিছুমান ধবনিৰ সমষ্টি। প্ৰকৃতিত পোৱা প্ৰায়ভাগ জীৱ-জন্তুয়ে নিজ নিজ স্বভাৱ বা ধৰণ অনুযায়ী মুখেৰে কিছুমান ধ্বনি (sound) প্ৰকাশ কৰে।ই হৈছে কোনো সংকেত বা মাত। ই স্বতঃস্ফূর্ত বা ইচ্ছাকৃত হ’ব পাৰে। জীৱ-জন্তুৰ মুখৰ ভিতৰলৈ সোমাই যোৱা বায়ু আৰু মুখৰ ভিতৰৰ পৰা ওলাই অহা বায়ুৰ মাজত মুখ গহ্বৰত হোৱা ঠেকা-ঠেকি বা সংঘৰ্ষৰ ফলত ইয়াৰ উৎপত্তি হয়। সেয়ে ক’ব পাৰি যে জীৱৰ মুখৰ ভিতৰলৈ সোমাই যোৱা বায়ু আৰু মুখৰ ভিতৰৰ পৰা ওলাই অহা বায়ুৰ মাজত মুখ গহ্বৰত হোৱা ঠেকা-ঠেকি বা সংঘৰ্ষৰ ফলত যি স্বৰ বা মাতৰ উৎপত্তি হয় সেয়াই  ধ্বনি (Sound)। 

ধ্বনিয়েই হৈছে ভাষা এটিৰ মূল উপাদান বা চালিকা শক্তি। অৰ্থাৎ ধ্বনিৰ ওপৰত ভিত্তি কৰিয়েই ভাষাৰ জন্ম হৈছে। সেয়ে ভাষা বুলিলে ধ্বনি সমষ্টিক বুজায়। অৰ্থাৎ জীৱৰ ভাৱ প্ৰকাশ কৰিব পৰা ধ্বনিময় মাধ্যমটোৰ নামেই ভাষা (Language)। উদাহৰণ– অসমীয়া ভাষা, বাংলা ভাষা, স্পেনিচ ভাষা¸, ৰুচ ভাষা, লেটিন ভাষা, হিন্দী ভাষা, উৰ্দু ভাষা, ভাষা, সংস্কৃত ভাষা ইত্যাদি।

ধ্বনি উচ্চাৰণ কৰিব পৰা প্ৰায়বোৰ জীৱৰে ভাষা আছে যদিও জীৱশ্রেষ্ঠ মানুহৰ ভাষাৰ ৰূপ দুটা, যথা– কথিত ৰূপ  আৰু লিখিত ৰূপ।

আমি কথা পাতোতে ব্যৱহাৰ কৰা ভাষাৰ ৰূপটোয়েই কথিত ভাষা (Colloquial Language)।

আনহাতে কোনো লেখন-সঁজুলিৰ সহায়ত আমাৰ মুখৰ ধ্বনিক প্ৰতিনিধিত্ব কৰা কেতবোৰ সাংকেতিক চিন ব্যৱহাৰ কৰি প্ৰকাশ কৰা ভাষাৰ ৰূপটোকেই লিখিত ভাষা (Written Language) বুলি কোৱা হয়।  আদিতে পৃথিৱীৰ সকলোবোৰ ভাষা কথিত ৰূপত আছিল। কিন্তু পিছলৈ মানৱ সভ্যতাৰ বিকাশৰ  লগে লগে মানুহে মানুহৰ মনৰ ভাৱ স্থায়ীভাৱে ধৰি ৰখাৰ উদ্দেশ্যে মানুহৰ মুখৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিব পৰা কিছুমান সাংকেতিক চিন উদ্ভাৱন কৰা হয় আৰু ভাষাৰ লিখিত ৰূপৰ জন্ম হয়।  বৰ্তমান ভাৰতবৰ্ষত মুঠ ১৬৫২ টা ভাষা আছে যদিও ইয়াৰ সৰহভাগ ভাষা  কথিত ৰূপতেই সীমাবদ্ধ আছে।  ভাৰতবৰ্ষৰ সংবিধানৰ ২০০৮ চনৰ সংশোধনীমতে ভাৰতৰ সংবিধান স্বীকৃত ভাষাৰ সংখ্যা ২২ টা । সেইবোৰ হ’লঃ (১) অসমীয়া, (২) বঙালী, (৩) উৰিয়া, (৪) উৰ্দু, (৫) সান্থালী, (৬) কানাড়া, (৭) কাশ্মীৰী, (৮) মৈথিলী, (৯) তামিল, (১০) তেলেগু, (১১) গুজৰাটী, (১২) পাঞ্জাৱী, (১৩) মাৰাঠী, (১৪) মালয়ালম, (১৫) হিন্দি, (১৬) সংস্কৃত, (১৭) কঙ্কোনী, (১৮) সিন্ধি, (১৯) মনিপুৰী, (২০) নেপালী, (২১) বড়ো আৰু (২২) ডোগ্ৰী

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) ধবনি কাক বোলে?

(২) ভাষাৰ ৰূপ কেইটা আৰু কি কি 

(৩) প্ৰথিৱীত মুঠ কিমানটা ভাষা আছে?

(৪) কথিত ভাষা বুলিলে কি বুজা?

(৫) লিখিত ভাষা বুলিলে কি বুজা?

(৬) ভাৰবৰ্ষত সবৰ্বমুঠ কেইটা ভাষা আছে?

(৭) ভাৰতবৰ্ষত সংবিধান স্বীকৃত ভাষা কেইটা আৰু কি কি? ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ২

উপভাষা আৰু মান্য ভাষা

আমি আগৰ অধ্যায়ত পাই আহিছোঁ যে ভাষাৰ মূল উপাদান হৈছে ধ্বনি যি আমাৰ মুখৰ ভিতৰত সোমাই যোৱা বায়ু আৰু মুখৰ পৰা ওলাই যোৱা বায়ুৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সৃষ্টি হয়। এই  ধ্বনিৰ অৰ্থপূৰ্ণ সমষ্টিয়েই হৈছে ভাষা। পৃথিৱীত কেইবা হাজাৰ ভাষা আছে আৰু সেইবোৰৰ প্ৰতিটো ভাষাৰে কিছুমান স্বকীয় বৈশিষ্ট্য থকাৰ লগতে কিছুমান ভাষাৰ মাজত প্ৰকৃতিগত সাদৃশ্যও আছে। ভাষাৰ প্ৰকৃতিগত মিলৰ ওপৰত ভিত্তি কৰি ভাষাতত্ববিদসকলে পৃথিৱীৰ ভাষাবোৰক কেইবাটাও পৰিয়াল বা গোষ্ঠীত ভাগ কৰিছে। ভাষাৰ গোষ্ঠী বা পৰিয়ালৰ ভিতৰত ইণ্ডো-ইউৰোপীয় (Indo-European Family) পৰিয়ালটো বিশাল।  এই ভাষা পৰিয়ালটোক আকৌ প্ৰাচ্য (Eastern Group) আৰু প্ৰাচাত্য (Western Group) – এই দুই উপ-ভাগত ভাগ কৰা হৈছে।  ভাৰতীয় ভাষাবোৰৰ সৰহভাগ ভাষাই ইণ্ডো- ইউৰোপীয় পৰিয়ালৰ প্ৰাচ্য ভাগৰ অন্তৰ্গত। 

ভাষা এটাই  সামাজিক স্তৰ, সময়  আৰু ভৌ গোলিক অৱস্থান অনুসৰি ঠাই বিশেষে সুকীয়া সুকীয়া ৰূপ লয়।  ফলস্বৰূপে অঞ্চল ভেদে এটি  ভাষাৰ ধ্বনিগত, শব্দগত  আৰু বাক্য গঠণ প্ৰণালীত বৈসাদৃশ্য্য দেখা যায়।  এনেদৰে গঢ়  লোৱা ভাষাকে মূল ভাষাটোৰ উপভাষা (Dialect) বুলি কোৱা হয়। উদাহৰণস্বৰূপে, আমি দেখা পাওঁ যে গোটেই অসমত অসমীয়া ভাষাটো প্ৰচলিত যদিও এই  অসমীয়া ভাষাটো ডিব্রূগড়, নলবাৰী, গোৱালপাৰা, বৰেপটা আদি অঞ্চলত মানুহে বেলেগ বেলেগ আংগিকত কয়।

বৃহৎ অঞ্চল একোটাত অস্তিত্ব থকা ভাষা এটাৰ কেইবাটাও উপভাষা থাকিব পাৰে। ফলত সকলো উপভাষাতে উমৈহতীয়া কাম-কাজ চলোৱাত নানা ধৰণৰ অসুবিধাই দেখা দিয়ে। এনে অসুবিধা দূৰ কৰিবলৈ উপভাষাটোৰ মাজৰ পৰা এটি ভাষাক উমৈহতীয়া ভাষা হিচাপে ব্যৱহাৰ কৰা হয় । এনেদৰে উমৈহতীয়া কাম-কাজ চলোৱাৰ উদ্দ্যেশ্যে গ্ৰহণ কৰা উপভাষাটোৱেই মান্য ভাষা (Standard Language) ৰ মৰ্যদা লাভ কৰে।

বৰ্তমান পৃথিৱীৰ সৰহভাগ মান্য ভাষাই লিখিত ৰূপ পাইছে আৰু প্ৰায় সকলোবোৰ লিখিত ভাষাৰেই ব্যাকৰণ (Grammar) প্ৰনয়ণ কৰা হৈছে। ব্যাকৰণত ভাষা এটিৰ ধবনি, বৰ্ণ, শব্দ গঠণ, বাক্য গঠণ, বাক্যত শব্দৰ সম্বন্ধ আদি বিজ্ঞানসন্মতভাৱে আলোচনা কৰা হয়। ব্যাকৰণ অধ্যয়ন কৰিলে কোনো এটি ভাষা শুদ্ধকৈ ক’ব আৰু লিখিবলৈ শিকিব পাৰি। ব্যাকৰণে ভাষা এটিক সাবৰ্বজনীনতা প্ৰদান কৰে।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) অসমীয়া ভাষাটো কোনটো ভাষা পৰিয়ালৰ অন্তৰ্গত?

(২) ভাষাৰ ইণ্ডো-ইউৰোপীয় পৰিয়ালটোক কেইটা ভাগত ভাগ কৰা হৈছে? ভাগ দুটা কি কি?

(৩) উপভাষা আৰু মান্য ভাষা বুলিলে কি বুজা?

(৪) ভাষাৰ মূল উপাদান কি? ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ৩

বৰ্ণ আৰু বৰ্ণমালা

আমি আগতে পাই আহিলো যে ভাষা এটিৰ মূল উপাদান হৈছে ধ্বনি। অৰ্থাৎ ধ্বনিৰ ওপৰত ভিত্তি কৰিয়েই ভাষাৰ জন্ম হৈছে। সেয়ে ‘ভাষা’ বুলিলে ধ্বনি সমষ্টিক বুজায়। অৰ্থাৎ জীৱৰ ভাৱ প্ৰকাশ কৰিব পৰা ধ্বনিময় মাধ্যমটোৰ নামেই ভাষা। ধ্বনি উচ্চাৰণ কৰিব পৰা প্ৰায় সকলোবোৰ জীৱৰে ভাষা আছে যদিও মানুহৰ বাহিৰে অন্যান্য জীৱৰ ভাষাৰ মাথো এটা ৰূপহে আছে। অকল মানুহে ব্যৱহাৰ কৰা ভাষাৰহে দুটা ৰূপ আছে- কথিত ৰূপ আৰু লিখিত ৰূপ।  মানুহে ভাষাৰ মাধ্যমত প্ৰকাশ কৰা ভাৱ-অনুভূতিবোৰ স্থায়ীভাৱে ধৰি ৰখাৰ উদ্দেশ্যে অৰ্থাৎ লিখিত ৰূপ দিয়াৰ বাবে ভাষাৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ  কিছুমান সাংকেতিক চিন বা প্ৰতীক উদ্ভাৱন কৰা হৈছে। এই সাংকেতিক চিন বা প্রতীকবোৰকে বৰ্ণ বা আখৰ (Letter) বোলে। 

উল্লেখ্য যে ‘ধ্বনি’ আৰু ‘বৰ্ণ’ এক নহয়। ধ্বনি হ’ল ভাষা এটিৰ ব্যক্ত বা মৌখিক ৰূপ আৰু বৰ্ণ হ’ল ধ্বনিক প্ৰতিনিধিত্ব কৰা লিখিত ৰূপ। ভাষা ভেদে ভাষাৰ ধ্বনিক প্ৰতিনিধিত্ব কৰা সাংকেতিক চিন বা প্ৰতীকবোৰো বেলেগে বেলেগ হোৱা দেখা যায়। উদাহৰণস্বৰূপে -আৰবী ভাষাৰ বৰ্ণ, অসমীয়া ভাষা বৰ্ণ, হিন্দি ভাষাৰ বৰ্ণ আৰু ইংৰাজী ভাষাৰ বৰ্ণৰ মাজত পাৰ্থক্য আছে । আনকি প্ৰত্যেক ভাষাৰ  বৰ্ণ বা আখৰৰ সংখ্যাও বেলেগ বেলেগ হয় । উদাহৰণস্বৰূপে- ইংৰাজী ভাষাত ইয়াৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিবলৈ মুঠ ২৬ টা বৰ্ণ আছে, আৰবী ভাষাৰ বৰ্ণৰ সংখ্যা ২৮ টা, গ্ৰীক ভাষাৰ মুঠ বৰ্ণৰ সংখ্যা ২৪ টা। কিন্তু অসমীয়া ভাষাৰ বৰ্ণৰ সংখ্যা মুঠ ৫২ টা। আকৌ চীনা ভাষাত প্ৰায় তিনি হেজাৰটা বৰ্ণ বা  প্ৰতীক আছে ।

প্ৰত্যেক ভাষাৰ বৰ্ণ বা আখৰৰ সমষ্টিক একেলগে বৰ্ণমালা (Alphabet) বোলে। উদাহৰণস্বৰূপে ইংৰাজী ভাষাৰ বৰ্ণ সমষ্টিক ‘ইংৰাজী বৰ্ণমালা’, আৰু হিন্দী ভাষাৰ বৰ্ণ সমষ্টিক ‘হিন্দী বৰ্ণমালা’ বোলে। সেইদৰে অসমীয়া ভাষাৰ বৰ্ণ সমষ্টিক একেলগে অসমীয়া বৰ্ণমালা (Assamese Alphabet) বোলে। অসমীয়া ভাষাৰ মুঠ ৫২ টা বৰ্ণ হ’ল–

অ আ ই ঈ

ঔ 

ণ 

ন 

ক্ষ  

 ঁ

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) ধ্বনিক প্ৰতিনিধিত্ব কৰা প্ৰতীক বা চিনবোৰক কি বোলে?

(২) বৰ্ণমালা কাক বোলে?

(৩) অসমীয়া বৰ্ণমালা কাক বোলে?

(৪) অসমীয়া  বৰ্ণমালাত মুঠ কেইটা আখৰ আছে?

(৫) অসমীয়া বৰ্ণমালাত থকা বর্ণ তোমাৰ কপি বুকত লিখা। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ৪  

বৰ্ণ বিভাজন

আমি শিকি আহিলো যে মানুহৰ মুখৰ ধ্বনিক প্ৰতিনিধিত্ব কৰিবলৈ যি চিন বা প্ৰতীক ব্যৱহাৰ কৰা হয়, তাক বৰ্ণ বা আখৰ বোলে।  অসমীয়া ভাষাত মুঠ ৫২ টা বৰ্ণ বা আখৰ আছে। উচ্চাৰণৰ প্ৰকৃতি অনুযায়ী অসমীয়া বৰ্ণমালাৰ বর্ণবোৰক প্ৰধানকৈ দুই শ্ৰেণীত ভাগ কৰা হৈছে, যথা– (১) স্বৰবৰ্ণ আৰু  (২) ব্যঞ্জন বৰ্ণ 

অসমীয়া বৰ্ণমালাত এনে কিছুমান বৰ্ণ আছে যিবোৰৰ উচ্চাৰণ স্বতন্ত্ৰ। অৰ্থাৎ সেই বৰ্ণবোৰ  উচ্চাৰণ কৰোতে আন কোনো বৰ্ণৰ সহায় নালাগে বা উচ্চাৰণ কৰোতে অইন কোনো বৰ্ণৰ ধ্বনি উচ্চাৰিত নহয়। সেই বৰ্ণবোৰক স্বৰবৰ্ণ (Vowel) বোলে। অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা ১১ টা, যথা–

অ আ ই ঈ

উ ঊ

এ ঐ ও ঔ 

উচ্চাৰণৰ হ্রস্ব আৰু দীৰ্ঘ মাত্ৰালৈ লক্ষ্য কৰি স্বৰবৰ্ণবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যথা–

(ক) হ্রস্বস্বৰ (Short Vowel) আৰু  (খ) দীৰ্ঘস্বৰ (Long Vowel)

যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ চুটি সিবোৰ স্বৰবৰ্ণক হ্রস্বস্বৰ (Short Vowel) বোলে। অসমীয়া স্বৰবৰ্ণবিলাকৰ ভিতৰত হ্রস্বস্বৰ ৪টা, যথা–

   ই উ

আনহাতে যিবিলাক স্বৰবৰ্ণৰ উচ্চাৰণ দীৰ্ঘ সেইবোৰ স্বৰবৰ্ণক দীৰ্ঘস্বৰ (Long Vowel) বোলে। অসমীয়া ভাষাত দীৰ্ঘস্বৰ ৭ টা, যথা–

আ ঈ   ঊ

এ ঐ   ও   ঔ

অসমীয়া বৰ্ণমালাত এনে কিছুমান বৰ্ণ আছে যিবোৰ উচ্চাৰণ কৰোতে  স্বতঃস্ফূর্তভাৱেই স্বৰবৰ্ণৰ ধবনি উচ্চাৰিত হয় তেনে বৰ্ণবোৰক ব্যঞ্জনবৰ্ণ (Consonant) বোলে। অসমীয়াত ব্যঞ্জনবৰ্ণৰ সংখ্যা ৩৩ টা, যথা–

ক   খ গ ঘ 

চ   ছ জ ঝ ঞ

ট   ঠ ঢ ড ণ 

ত   থ দ ধ ন 

প   ফ ভ ব ম

য   ৰ ল ৱ

শ   ষ স হ

বি দ্ৰ: কিছুমানে পণ্ডিতে অসমীয়া  ক্ষ ড় ঢ়  য়  আৰু ৎ ক মৌলিক বৰ্ণ বুলি স্বীকাৰ নকৰে বাবে  এইবোৰক ব্যঞ্জণবৰ্ণ বুলি ধ’ৰা নহ’ল।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) উচ্চাৰণৰ প্ৰকৃতি অনুযায়ী অসমীয়া বৰ্ণমালাক কেই শ্ৰেণীত ভাগ কৰা হৈছে?

(২) স্বৰবৰ্ণ  কাক বোলে? অসমীয়া স্বৰবৰ্ণ মুঠ কেইটা?

(৩) স্বৰবৰ্ণক কেই ভাগত ভাগ কৰা হৈছে ? 

(৪) ব্যঞ্জনবৰ্ণ কাক বোলে?

(৫) অসমীয়া বৰ্ণমালাত ব্যঞ্জনবৰ্ণ কেইটা আৰু কি কি? ০ ০ ০ 

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ৫

উচ্চাৰণ অনুযায়ী ব্যঞ্জনবৰ্ণৰ বিভাজন

আমি আগতে পাই আহিছো যে অসমীয়া বৰ্ণমালাত ব্যঞ্জনবৰ্ণৰ সংখ্যা মুঠতে ৩৩ টা।  এই ব্যঞ্জন বৰ্ণবোৰৰ উচ্চাৰণ কৰোতে মুখৰ বিভিন্ন অংশ ব্যৱহাৰ হয়। উদাৰহণস্বৰূপে ব্যঞ্জনবৰ্ণ বিলাকৰ ভিতৰত ‘ক’ৰ পৰা ‘ম’লৈকে থকা বৰ্ণবিলাক উচ্চাৰণ কৰোতে জিভাৰ কোনো এটা অংশই মুখৰ কোনো এক অংশক স্পৰ্শ কৰে। ইহঁতক স্পৰ্শ বৰ্ণ বুলি কোৱা হয়। স্পৰ্শ বৰ্ণসমূহক পাঁচোটা বৰ্গত ভাগ কৰা হৈছে, যথাঃ

বৰ্গ বৰ্ণৰ থূপ

ক- বৰ্গ ক খ গ ঘ 

চ-বৰ্গ চ ছ জ ঝ ঞ

ট-বৰ্গ ট ঠ ঢ ড ণ 

ত-বৰ্গ ত থ দ ধ ন 

প-বৰ্গ প ফ ভ ব ম

উল্লেখ্য যে স্পৰ্শ বৰ্ণবোৰ  এই বৰ্গবিলাকৰ ভিতৰত পৰে বাবে  ইহঁতক বৰ্গীয় বৰ্ণও বোলে। 

অসমীয়া ব্যঞ্জনবৰ্ণসমূহক উচ্চাৰণৰ স্থান আৰু প্ৰকৃতি অনুযায়ী ৬ ভাগত ভাগ কৰা হৈছে। যেনে– উষ্ম বৰ্ণ, অন্তঃস্থ বৰ্ণ, অল্পপ্ৰাণ বৰ্ণ, মহাপ্ৰাণ বৰ্ণ, অঘোষবৰ্ণ আৰু ঘোষ বৰ্ণ।

উষ্ম বৰ্ণ (Spirant): শ, ষ, স, হ – এই বৰ্ণকেইটা উচ্চাৰণ কৰোতে মুখৰ বায়ু জোৰেৰে উলিয়াই দিব লগা হয় বাবে ইহঁতক উষ্মবৰ্ণ বোলে।

অন্তঃস্থ বৰ্ণ (Semi -vowel): য, ৰ, ল, ৱ – এই বৰ্ণকেইটা স্পৰ্শ আৰু উষ্ম বৰ্ণৰ মাজত উচ্চাৰিত হয় বাবে  ইহঁতক ‘অন্তঃস্থ বৰ্ণ’ বোলে। 

অল্পপ্ৰাণ বৰ্ণ (Non-aspirate): প্ৰত্যেক বৰ্গীয় বৰ্ণৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণৰ স্বৰ কোমল বাবে ইহঁতক অল্পপ্ৰাণবৰ্ণ বোলে। অল্পপ্ৰাণ বৰ্ণবোৰ হ’ল– ক,গ, ঙ, জ, য, ঞ, ট, ড, ণ, ত, দ, ন, প, ব  আৰু  ম ।

মহাপ্ৰাণ বৰ্ণ (Aspirate): প্ৰত্যেক বৰ্গীয় বৰ্ণৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণৰ উচ্চাৰণৰ স্বৰ কঠিণ বাবেইহঁতক মহাপ্ৰাণ বৰ্ণ বোলে। মহাপ্ৰাণ বৰ্ণবোৰ হ’ল– খ,  ঘ,  ছ,  ঝ,  ঠ,  ঢ,  থ,  ধ,  ফ  আৰু  ভ। 

অঘোষবৰ্ণ (Voiceless or Unvoiced): বৰ্গীয় বৰ্ণৰ প্ৰথম আৰু দ্বিতীয় বৰ্ণৰ উচ্চাৰণত স্বৰতন্ত্ৰীত কম্পন নুঠে বাবে ইহঁতক অঘোষ বৰ্ণ বা শ্বাস বৰ্ণ বোলে। অঘোষ বৰ্ণবোৰ হ’ল– ক,  খ,  চ,  ছ,  ট,  ঠ,  ত,  থ,  প,  আৰু  ফ। 

ঘোষ বৰ্ণ (Voiced): বৰ্গীয় বৰ্ণৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণত স্বৰতন্ত্ৰীত কম্পন উঠে বাবে ইহঁতক ঘোষ বৰ্ণ বা নাদ বৰ্ণ বোলে।  এই বৰ্ণবোৰ হ’ল– গ, ঘ, ঙ, জ, ঝ, ঞ, ড, ঢ, ণ, দ, ধ, ন, ব, ভ আৰু ম।

অসমীয়া ব্যাকৰণ ক অংশ 

অনুশীলনী

(১) স্পৰ্শ বৰ্ণ কাক বোলে? ই কেইটা?

(২) উষ্ম বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি? 

(৩) অন্তঃস্থ  বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৪) অল্পপ্ৰাণ বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৫) মহাপ্ৰাণ বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৬) অঘোষ বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৭) ঘোষ  বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ? ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ৬ 

উচ্চাৰণৰ  স্থান  অনুযায়ী  বৰ্ণ  বিভাজন

অসমীয়া বৰ্ণমালাৰ ববৰ্ণবোৰ উচ্চাৰণ কৰোতে বা ফুটাই মাতোতে বৰ্ণ ভেদে আমাৰ মুখৰ ভিন ভিন স্থানৰ পৰা উচ্চাৰিত হয়। উচ্চাৰণৰ স্থান অনুযায়ী বৰ্ণবোৰকৰ ৬ ভাগত ভাগ কৰা হৈছে, যথা–

(১) কণ্ঠ্য বৰ্ণ (Guttural),

(২) তালৱ্য বৰ্ণ (Palatal),

(৩) মূৰ্দ্ধণ্য বৰ্ণ (Cerebral),

(৪) দন্ত্য বৰ্ণ (Dental),

(৫) ঔষ্ঠ্য বৰ্ণ (Labial) আৰু 

(৬) অনুনাসিক বৰ্ণ (Nasal),

তলত এই ভাগবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(১) কণ্ঠ্য বৰ্ণ (Guttural): যিবোৰ বর্ণ উচ্চাৰণৰ স্থান কণ্ঠ সেইবোৰ বৰ্ণক কণ্ঠ্য বৰ্ণ বোলে ।  কণ্ঠ বৰ্ণ কেইটা হ’ল–  অ,   আ,  ক,  গ,  ঘ,  হ  আদি।

(২) তালৱ্য বৰ্ণ (Palatal): যিবোৰ বৰ্ণৰ উচ্চাৰণৰ স্থান তালু  সেইবোৰ বৰ্ণক তালব্য বৰ্ণ বোলে।  ই,  ঈ,  এ,  ঐ,   চ,  ছ,  জ,  ঝ,  ঞ,  ষ,  শ  আদি তালব্য বৰ্ণ।

(৩) মূৰ্দ্ধণ্য বৰ্ণ (Cerebral): যিবোৰ বৰ্ণৰ উচ্চাৰণ মূৰ্দ্ধ বা মূৰ সেইবোৰ  বৰ্ণক মূৰ্দ্ধণ্য বৰ্ণ বোলে। মূৰ্দ্ধণ্য বৰ্ণবোৰ হ’ল– ঋ,  ট,  ঠ,  ড,  ঢ,  ণ,  ৰ,   আৰু  য ।

(৪) দন্ত্য বৰ্ণ (Dental): যিবোৰ বৰ্ণৰ উচ্চাৰণৰ স্থান দন্ত বা দাঁত সেইবোৰ বৰ্ণক দন্ত্য বৰ্ণ বোলে। দন্ত বৰ্ণবোৰ হ’ল–  ত,  থ,  দ,  ধ  আৰু ল ।

(৫) ঔষ্ঠ্য  বৰ্ণ (Labial): যিবোৰ বর্ণৰ উচ্চাৰণৰ স্থান ওঁঠ সেইবোৰ বৰ্ণক ঔষ্ঠ্য বৰ্ণ বোলে।  ঔষ্ঠ্য বৰ্ণবোৰ  হ’ল– উ,  ঊ,  ও,  ঔ,  প,  ফ,  ব,  ভ,   আৰু ম ।

(৬) অনুনাসিক বৰ্ণ (Nasal): অসমীয়া বৰ্ণমালাত এনে কিছুমান বৰ্ণ আছে যিবোৰ কণ্ঠ, তালু, দাঁত আদিৰ পৰা উচ্চাৰিত হ’লেও নাকী সুৰত উচ্চাৰণ হয়। এনেদৰে নাকী সুৰত বা নাকৰ পৰা উচ্চাৰিত হোৱা বৰ্ণক  অনুনাসিক বৰ্ণ বোলে। অনুনাসিক বৰ্ণবোৰ হ’ল– ঙ,  ঞ,  ম,  ন আৰু ং ।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) উচ্চাৰণৰ স্থান অনুযায়ী অসমীয়া বৰ্ণক কেই ভাগত ভাগ কৰা হৈছে?

(২) কণ্ঠ্য  বৰ্ণ কাক বোলে ? ই কেইটা আৰু কি কি ?

(৩) তালব্য  বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি? 

(৪) মূৰ্দ্ধণ্য বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৫) দন্ত্য  বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?   

(৬) ঔষ্ঠ্য  বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৭) অনুনাসিক  বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ? ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ৭ 

শব্দ আৰু প্ৰকৃতি

শব্দ (Word)

আমি আগতে শিকি  আহিছোঁ যে মানুহৰ মুখৰ ধ্বনিক প্রতিনিধিত্ব কৰিবলৈ যিবোৰ সাংকেতিক চিন বা প্ৰতীক ব্যৱহাৰ কৰা হয় সেইবোৰকে বৰ্ণ বা আখৰ (Letter) বুলি কোৱা হয়। কিন্তু অকল এটা বৰ্ণ বা আখৰেৰে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰি। অৰ্থ প্ৰকাশ কৰিবলৈ বহু সময়ত এটাতকৈ অধিক বৰ্ণৰ প্ৰয়োজন হয়। উদাহৰণ স্বৰূেপ- ‘ক’ এটা বৰ্ণ। কিন্তু ই কোনো অৰ্থ প্ৰকাশ কৰিব পৰা নাই। আনহাতে ‘কাগজ’ – ইয়াত তিনিটা বৰ্ণ আছে। এই তিনিটা বৰ্ণই একেলগে এটা অৰ্থ প্ৰকাশ কৰিছে। গতিকে ই এটা শব্দ। সেয়ে ক’ব পাৰি যে এটা বা এটাতকৈ অধিক বৰ্ণ লগলাগি যেতিয়া কোনো অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক শব্দ (Word) বোলে।  উদাহৰণ–

মানুহ, ল’ৰা, ছোৱালী, কৰ, ধৰ, পঢ়, কিতাপ, মেজ, ঘৰ, বিদ্যালয়,  সূৰ্য, পৃথিৱী, গৰু, হাতী আদি একো একোটা শব্দ।

শব্দমূল বা প্ৰকৃতি 

শব্দৰ মূলকে শব্দমূল বা প্ৰকৃতি (Redical Form of Word) বো লে। উদাহৰণ স্বৰূেপ- কৰ, পঢ়, খেল, ল’ৰা, শিক্ষক আদি শব্দমূল বা প্ৰকৃতি। আমি উক্ত শব্দমূলৰ পৰা বহুতো শব্দ গঠণ কৰিব পাৰি। যেনে– ‘কৰ’- এই শব্দমূলৰ পৰা ‘কৰিছে’, ‘কৰিব’, ‘কৰিলো’ ‘কৰিম’ আদি আৰু ‘পঢ়’- এই মূলৰ পৰা ‘পঢ়িলো’, ‘পঢ়িছে’ ‘পঢ়িব’ আদি শব্দ গঠন কৰিব পাৰো। সেইদৰে ‘ল’ৰা’ -এই শব্দমূলৰ পৰা ‘ল’ৰাই’, ‘লৰাবোৰ’, ‘ল’ৰাজনে’ আদি শব্দ গঠন কৰিব পাৰো। সেয়ে কৰ, পঢ়, খেল, ল’ৰা, শিক্ষক  আদি একো একোটা শব্দমূল বা প্ৰকৃতি। 

শব্দমূল বা প্ৰকৃতিক দুই ভাগত ভাগ কৰিব পাৰি। যথা–

(১) ধাতু প্ৰকৃতি (Verbal Root) আৰু 

(২) নাম প্ৰকৃতি বা প্ৰাতিপদিক  (Nominal Stem)

ক্ৰিয়াৰ মূলকে ধাতু বা ধাতু প্ৰকৃতি বোলে। ওপৰত উল্লেখিত কৰ, পঢ়, খেল, আদি ক্ৰিয়াৰ মূল বাবে ইহঁত ধাতু প্ৰকৃতি। কিছুমান ধাতু প্ৰকৃতিৰ উদাহৰণ হ’ল– আহ, যা, থ, শো, বহ, খা, মাৰ, ধৰ, খেদ, কান্দ, দেখ, ভেদ, ফেল, আঁক, ৰাখ   ইত্যাদি।

আনহাতে ধাতু প্ৰকৃতিৰ বাহিৰে আন সকলো শব্দমূলেই নাম প্ৰকৃতি বা প্ৰাতিপদিক। যেনে– ল’ৰা, ছোৱালী, ত’ৰা, পৃথিৱী, চন্দ্ৰ, গছ, কলম, কাগজ, ঘৰ, দুৱাৰ, আকাশ, বেলি, বিদ্যালয় ইত্যাদি।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) শব্দ কাক বোলে?

(২) শব্দমূল বা প্ৰকৃতি বুলিলে কি বুজা ?

(৩) শব্দমূল বা প্ৰকৃতিক কেই ভাগত ভাগ কৰা হৈছে? 

(৪) ধাতু প্ৰকৃতি বুলিলে কি বুজা?

(৫) নাম প্ৰকৃতি বা প্ৰাতিপদিক বুলিলে কি বুজা?   

(৬) তলত দিয়া প্রকৃতিবোৰৰ কোনটো কি প্ৰকৃতি কোৱাঃ

ধৰ, খেদ, দুৱাৰ, আকাশ, বেলি,ত’ৰা, ফেল, আঁক, ৰাখ, পৃথিৱী, উৰ, ঘূৰ, খা, মাৰ, বিদ্যালয়,  ল’ৰা, ছোৱালী, আহ, যা, থ, শো, বহ, ঢাল, চন্দ্ৰ, গছ, নৌকা, কান্দ, দেখ, ভেদ। ০ ০ ০ 

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A 

অধ্যায় – ৮ 

অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ

অসমীয়া ভাষা সংস্কৃত ভাষাৰ পৰা বিৱৰ্তন হৈ বৰ্তমান এক স্বতন্ত্ৰ ভাষা হিচাপে প্রতিষ্ঠিত হৈছে। সেয়ে অসমীয়া ভাষাৰ শব্দ ভঁৰালত থকা শব্দবোৰৰ সৰহভাগেই মূল সংস্কৃতৰ পৰা আহিছে যদিও ই অন্যান্য দেশী আৰু বিদেশী ভাষাৰ পৰাও সময়ে সময়ে বহু শব্দ গ্ৰহণ কৰিছে। আকৌ স্বতন্ত্ৰৰীয়াকৈ স্থানীয়ভাৱেও কিছুমান শব্দৰ উৎপত্তি হৈছে। এই দিশসমূহ বিবেচনা কৰি অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰক মুঠতে ছয়টা ভাগত ভাগ কৰিব পাৰি, যথা–

(১) তৎসম শব্দ (২) তদ্ভৱ শব্দ  (৩) নৱ্য ভাৰতীয় ভাষাৰ শব্দ (৪) দেশীয় শব্দ (৫) বিদেশী শব্দ আৰু  (৬) অনাৰ্যমূলীয় শব্দ ।

তৎসম শব্দ

যিবোৰ  মূল সংস্কৃত শব্দ হুবহু ৰূপত অসমীয়া ভাষাতো ব্যৱহাৰ হৈ আহিছে সেই বিলাক শব্দক তৎসম শব্দ বোলে। 

উদাহৰণ: গগন, চন্দ্ৰ, লতা, ধন, ফুল, ফল, অস্ত্ৰ, নদী, আকাশ, বায়ু, পুষ্প, অগ্নি, বৃক্ষ ইত্যাদি।

তৎসম শব্দৰ এটি ভাগ হ’ল অৰ্দ্ধতৎসম শব্দ।  যিবোৰ তৎসম শব্দ মূল সংস্কৃতৰ পৰা অসমীয়ালৈ আহোতে বানান বা উচ্চাৰণৰ বিকৃতি ঘটিছে বা সামান্য পৰিৱৰ্তন হৈছে সেইবোৰ শব্দক অৰ্দ্ধতৎসম শব্দ বুলি কোৱা হয়। উদাহৰণ:

ধৰ্ম্ম  —- ধৰম

কৰ্ম্ম —- কৰম

ৰত্ন    —- ৰতন

পদ্ম   — পদুম

যত্ন   — যতন

পদ্ম   — পদুম  

দৰ্শন —- দৰশন

মিথ্যা —- মিছা

তৃষ্ণা  —- তৃষা

বৃক্ষ    —- বিৰিখ

স্থিৰ   —- থিৰ

মিত্ৰ   —- মিতিৰ ইত্যাদি।

তদ্ভৱ শব্দ

মূল সংস্কৃতৰ পৰা প্ৰকৃত আৰু প্ৰকৃতৰ পৰা অসমীয়ালৈ  পৰিৱৰ্তিত হৈ অহা শব্দবোৰক তদ্ভৱ শব্দ বোলে। উদাহৰণ– 

পিতৃ — পিতা

হস্তী —- হাতী 

পত্ৰ — পাত

ব্যঘ্ৰ — বাঘ

হস্ত — হাত

চক্ষু — চকু ইত্যাদি।

নৱ্য ভাৰতীয় ভাষাৰ শব্দ

একে মূলৰ পৰা ওপজা ভাৰতীয় ভাষাসমূহৰ শব্দৰ ক্ষেত্ৰত ইটো ভাষাৰ শব্দ সিটো ভাষাৰ শব্দৰ মাজত সহজে সোমাই পৰে। এনেদৰে  আন ভাৰতীয় ভাষাৰ পৰা অসমীয়া ভাষালৈ সোমাই অহা শব্দসমূহকে নৱ্য ভাৰতীয় ভাষাৰ শব্দ বো লে।  উদাহৰণ–

হিন্দুস্থানী ভাষাৰ পৰা অহা শব্দ ‘আবীৰ’ (ফাঁকু) 

বঙালী ভাষাৰ পৰা অহা ৰসগোল্লা ইত্যাদি।

দেশীয় শব্দ

আৰ্যসকলৰপূর্বেভাৰতত বাস কৰা দ্ৰাবিড়, কোল আদি অনাৰ্য জাতিৰ ভাষাৰ পৰা পৰিৱৰ্তিত হৈ অসমীয়ালৈ  অহা যিবোৰ শব্দৰ মূল বিচাৰি পোৱা নাযায় সেইবোৰ শব্দক দেশীয় শব্দ বোলে। উদাহৰণ–

পেট,   গাড়ী,  ঢোল, গাওঁবুঢ়া,  থোপা     ইত্যাদি।

বিদেশী শব্দ

ইতিহাসৰ বিভিন্ন সময়ত ভাৰতলৈ আগমন কৰা নানান বিদেশী ভাষাগোষ্ঠীৰ লোকৰ ভাষাৰ পৰা অসমীয়া ভাষাই কিছুমান শব্দ গ্ৰহণ কৰিছে। এনেদৰে বিদেশী ভাষাৰ পৰা অসমীয়া ভাষালৈ অহা শব্দবোৰক বিদেশী শব্দ বোলে। বিদেশী ভাষাৰ ভিতৰত বিশেষকৈ আৰবী, পাৰ্চী, তুৰ্কী, ইংৰাজী, ফৰাচী, পৰ্তুগীজ আদি ভাষাৰ পৰা বহুত শব্দ আমাৰ অসমীয়া ভাষাত প্ৰৱেশ ঘটিছে।  উদাহৰণ–

(ক) আৰবী শব্দ: জাহাজ, তাৰিখ, মচজিদ, হুকুম, খাজনা, কলম, দলিল, আচামী, উকিল, তলব, খবৰ  ইত্যাদি।

(খ) পাৰ্চী শব্দ: মচগুল, ৰাস্তা, চচমা, চৰকাৰ, কুস্তি, বজাৰ, বাগান, কাৰখানা, বন্দোবস্ত, আইন  ইত্যাদি। 

(গ) ইংৰাজী শব্দ: গভৰ্ণমেন্ট, পেন, ব্রাচ, মটৰ, ডায়েৰী, গ্লাচ, কেচেট, টি ভি, ৰেডিঅ, স্কুল, কলেজ, মাষ্টাৰ, পোষ্ট অফিচ, ইঞ্জিনিয়াৰ, ডক্তৰ, নোট, পকেট, পেন্ট, ট্ৰাউজাৰ  ইত্যাদি। 

(ঘ) ফৰাচী শব্দ: ফিৰিঙ্গি, কুপন, বৰ্জোৱা, কাৰ্টুন  ইত্যাদি।

(ঙ) পৰ্তুগীজ শব্দ:  আলকাতৰা, চােবান, Îবহেলা, চাবি, নিলাম,  আলমাৰি, পাওৰুটি, অনাৰস, বুতাম, Îবাতল, বাল্টি, চাগু ইত্যাদি।

অনাৰ্যমূলীয় শব্দ

অষ্ট্ৰো-এচিয়াটিক, তিবৰ্বত-বৰ্মী আৰু আহোমসকলৰ টাই ভাষাৰ পৰা যিবোৰ শব্দ পৰিৱৰ্তিত হৈ অসমীয়া ভাষাত প্ৰৱেশ কৰিছে সেইবোৰ শব্দক অনাৰ্যমূলীয় শব্দ বোলে। উদাহৰণ– 

(ক) অষ্ট্ৰে-এচিয়াটিক: 

খাচী: কাৰো — কােবৗ, সোহলং — সোলেং ইত্যাদি।

কোলবিয়ান—  ওেবাব — ওবুৰিয়া ইত্যাদি ।

মালয়ান– বপাই — বোপাই  ইত্যাদি।

(খ) তিবৰ্বত-বৰ্মী: 

বড়ো: (নদীৰ নাম) দিচাং, দিহিং, দিবং, দিক্ৰিং, আদি। অন্যান্য শব্দ যেনে– ৰাংঙা — ৰঙা,  জাংখলা — জখলা ইত্যাদি।

(গ) টাই ভাষা:  কাৰং —- কাৰেং, জান — জান, বুৰঞ্জী — বুৰুঞ্জী ইত্যাদি । সেইদৰে আন কিছুমান শব্দ যেনে–  নামদাং, নামচাং,  ৰংঘৰ, চোমদেউ, চাংমাই, হেংডাং, বৰফুকন, বৰপাত্ৰ গোহাঁই ইত্যাদি।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰত কি কি ভাষাৰ শব্দ আছে লিখা ?

(২)  তৎসম শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া।

(৩) তদ্ভৱ শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৪) নৱ্য ভাৰতীয় ভাষাৰ শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৫) দেশীয় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।   

(৬) বিদেশী শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া । 

(৭) অনাৰ্যমূলীয় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।   

(৮) তলত দিয়া শব্দবোৰৰ উৎসবোৰৰ নাম লিখা–

পাওৰুটি, অনাৰস, বুতাম, বোতল, বাল্টি, চাগু, চাংমাই, বৰফুকন, বোপাই, বাগান, কাৰখানা, বন্দোবস্ত, গাওঁবুঢ়া,   থোপা,  পেট, অগ্নি, বৃক্ষ, গগন, চন্দ্ৰ, আবীৰ। ০ ০ ০ 

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ৯ 

শব্দৰ অৰ্থমূলক শ্ৰেণী বিভাগ

বিভিন্ন শব্দই বিভিন্ন ধৰণৰ অৰ্থ প্ৰকাশ কৰে। শব্দৰ অৰ্থৰ পিনৰ পৰা অসমীয়া ভাষাৰ শব্দবোৰক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে।যেনে– 

(১) যৌগিক শব্দ, 

(২)  ৰূIÿ শব্দ আৰু 

(৩) যোগৰূIÿ শব্দ।

(১) যৌগিক শব্দ: যিবোৰ শব্দ প্ৰকৃতি-প্ৰত্যয়ৰ অৰ্থকে প্ৰকাশ কৰে, সেইবোৰ শব্দক যৌগিক শব্দ বোলে। উদাহৰণ–

চৰ += অনট = চৰণ, 

নী+ অনট = নয়ন 

কৃ +তব্য = কৰ্তব্য,  

কৃ + অনীয় কৰণীয়।   

এইবিলাকত প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থ একে আছে।

অসমীয়া ভাষাত–

খা + অন= খাৱন,

খা+ ওঁতা = খাওঁতা,

খুন্দ্‌+ অনা = খুন্দনা ।  

(২)  ৰূঢ় শব্দ: যিবোৰ শব্দই প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থ নুবুজাই সুকীয়া বা নতুন অৰ্থ প্ৰকাশ কৰে সেইবোৰ শব্দক ৰূঢ়  শব্দ বোলে।  উদাহৰণ–

প্ৰ+ হৃ + ঘঞ্‌ = প্ৰহাৰ। ইয়াত ‘প্ৰ’ উপসৰ্গৰ অৰ্থ ‘ভালদৰে’, ‘হৃ’ ধাতুৰ অৰ্থ ‘হৰণ কৰা’। গতিকে ‘প্ৰহাৰ’ শব্দৰ অৰ্থ ‘ ভালকৈ হৰণ কৰা হ’ব লাগে। কিন্তু সেয়া নহৈ  সুকীয়া অৰ্থ ‘ আঘাত কৰা’ হৈছে।

(৩) যোগৰূঢ় শব্দ: যিবোৰ শব্দই প্ৰকৃতি আৰু প্ৰত্যয়ৰ অৰ্থৰ উপৰিও আন বিশেষ অৰ্থ বুজায়, সেইবোৰ শব্দক যোগৰূঢ় শব্দ বোলে। উদাহৰণস্বৰূপে ‘সুহৃদ’ শব্দকে ল’ব পাৰি।  এই শব্দটোৰ মূল অৰ্থ ‘সুন্দৰ হৃদয় থকা ব্যক্তি’। কিন্তু ই তাকে নুবুজাই ‘বন্ধু’ অৰ্থ বুজায়। সেইদৰে ‘পঙ্কজ’ (পঙ্ক+জন =পঙ্কজ) । ইয়াত ‘পঙ্ক’ মানে ‘বো কা’ আৰু ‘জন’ মানে ‘জন্ম’। কিন্তু বোকাত জন্ম হোৱা বুলি আমি‘পদুম’ ফুলক ‘পঙ্কজ’ বুলি কওঁ।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) অৰ্থৰ ফালৰ পৰা অসমীয়া ভাষাৰ শব্দবোৰক কেই ভাগত ভাগ কৰা হৈছে?

(২) যৌগিক শব্দ বুলিলে কি বুজা ? উদাহৰণ দিয়া।

(৩) ৰূঢ় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৪) যোগৰূঢ় শব্দ বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৫) অসমীয়া ভাষাৰ কিছুমান যৌগিক শব্দ সংগ্ৰহ কৰা।

(৬) অসমীয়া ভাষাত থকা কিছুমান যোগৰূঢ় শব্দৰ এখন তালিকা প্ৰস্তুত কৰা। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ১০

অসমীয়া শব্দৰ গঠণ আৰু তাৰ ভাগ

শব্দ ভাণ্ডাৰৰ পিনৰ পৰা অসমীয়া ভাষা বৰ্তমান এক চহকী ভাষা। এই ভাষাত ব্যৱহাৰ হোৱা শব্দবোৰৰ কিছুমান মূল শব্দ, কিছুমান ধাতু আৰু কিছুমান অন্য শব্দৰ লগত প্ৰত্যয় যোগ হৈ গঠিত হয়। এনেদৰে গঠন হোৱা অসমীয়া শব্দবোৰক তিনি ভাগত ভাগ কৰা হৈছে, যথাঃ

(১) কৃদন্ত শব্দ,

(২) তদ্ধিতান্ত শব্দ আৰু 

(৩) সমাসনিষ্পন্ন শব্দ।

(১) কৃদন্ত শব্দ: ধাতুৰ পিছত ‘কৃত’ প্ৰত্যয় যোগ হৈ গঠন হোৱা শব্দক কৃদন্ত শব্দ বোলে। যেনে–

অসমীয়া কৃদন্ত শব্দ–

খা + অন = খাৱন,

বিচ + অনী = বিচনী,

লিখ + আৰু = লিখাৰু

খুন্দ + অনা = খুন্দনা,

শো + অন = শোৱন।

সংস্কৃত কৃদন্ত শব্দ–

কৃ+ তব্য= কৰ্তব্য,

পাঠ + ঘঞ = পাঠ

কৃ + যৎ = কাৰ্য।

(২) তদ্ধিতান্ত শব্দ: প্ৰাতিপদিকৰ পাছত তদ্ধিত প্ৰত্যয় যোগ হৈ  নিষ্পন্ন হোৱা শব্দক তদ্ধিতান্ত শব্দ বো লে। যেনে–

অসমীয়া তদ্ধিতান্ত শব্দ–

বন + অনি  =  বননি,

নাওঁ + অৰীয়া  =  নাৱঁৰীয়া,

তল + অতীয়া  =  তলতীয়া

বাট  + অৰুৱা  =  বাটৰুৱা।

সংস্কৃত তদ্ধিতান্ত শব্দ–

মেধা  + বিন  =  মেধাবী,

কুৰু  +  ঞ্চ  =  কৌৰৱ

পাণ্ডু + ঞ্চ =  পাণ্ডৱ,

মধুৰ  +  ইমন  = মধুৰিমা।

(৩) সমাসনিষ্পন্ন শব্দ: অসমীয়া সমাস নিষ্পন্ন শব্দবোৰ  সংস্কৃত ভাষাৰ পৰা আহিছে। যেনে ঃ

নীল অম্বৰ যাৰ = নীলাম্বৰ

পঙ্কত যি জন্মে = পঙ্কজ,

নীলা লোচন যাৰ = নীলাচল।

অন্যান্য অসমীয়া সমাস নিষ্পন্ন শব্দ কিছুমান হ’ল:

চুলিয়াচুলি, ঢেঁকেয়ীপতীয়া, হাতদীঘল ইত্যাদি।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) গঠন অনুযায়ী অসমীয়া ভাষাৰ শব্দবোৰক কেই ভাগত ভাগ কৰা হৈছে?

(২) কৃদন্ত শব্দ কাক বোলে ? উদাহৰণ দিয়া।

(৩) তদ্ধিতান্ত শব্দ কাক বোলে? উদাহৰণ দিয়া।

(৪) অসমীয়া সমাস-নিষ্পন্ন শব্দ কিছুমানৰ উদাহৰণ দিয়া। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ১১ 

বাক্য আৰু বাক্যৰ আংগিক বিভাজন

আমি শিকি আহিছো যে দুটা বা তাতোধিক বৰ্ণ (আখৰ) লগলাগি কোনো অৰ্থ প্ৰকাশ কৰিলে তাক শব্দ (Word) বোলে। কিন্তু অকল এটা শব্দই সদায় কোনো অৰ্থ বা ভাৱ সম্পূৰ্ণ কৰিব নোৱাৰে। কোনো অৰ্থ বা ভাৱ সম্পূৰ্ণ কৰিবলৈ কেইবাটাও শব্দৰ প্ৰয়োজন হয়। উদাহৰণ–

‘আমি ভাত খাওঁ।’

উক্ত উক্তিটোত তিনিটা শব্দ আছে , যথা– ‘আমি’ ‘ভাত’ আৰু ‘খাও’ । এই তিনিটা শব্দ মিলি এটা অৰ্থ প্ৰকাশ কৰিছে। এনেদৰে  যেতিয়া কেইবাটাও শব্দ লগ লাগি কোনো  সম্পূৰ্ণ অৰ্থ  প্ৰকাশ  কৰে তেতিয়া তাক বাক্য (Sentence) বুলি কোৱা হয়।

ইয়াতে উল্লেখ্য যে অকল কেইবাটাও শব্দ লগলাগিলেই বাক্য হ’ব নোৱাৰে। উদাহৰণস্বৰূপে- ‘লগত কৰিম দেউতাকৰ বজাৰলৈ যোৱাকালি গৈছিল’ – এই উক্তিটোত কেইবাটাও শব্দ আছে যদিও ইয়াক বাক্য বুলি ক’ব নোৱাৰি। কাৰণ প্ৰতিটো শব্দৰ অৰ্থ আছে যদিও শব্দবোৰৰ মাজত কোনো সংগতি নাই। সেয়ে বাক্য হ’ব নোৱাৰে। বাক্য হ’বলৈ হ’লে লগলগা শব্দবোৰৰ মাজত ব্যাকৰণিক সংহতি থাকিব লাগিব। উক্ত শব্দ কেইটা আমি তলত দিয়া ধৰণে সজাব পাৰো-

‘কৰিম যোৱাকালি দেউতাকৰ লগত বজাৰলৈ গৈছিল।’

সেয়ে কিছুমান অৰ্থপূৰ্ণ শব্দ ব্যাকৰণিক বিধি-বিধান মতে লগলাগি কোনো স্পষ্ট অৰ্থ প্ৰকাশ কৰিলে তাক বাক্য (Sentence) বুলি কোৱা হয়। উদাহৰণ–

ৰেজিনা এজনী ছোৱালী।

ৰাম এজন ল’ৰা।

আমি ৰুটি খাওঁ।

কৰিমহঁতে বল খেলে।

সিহঁতে পথাৰত কাম কৰে।  ইত্যাদি।

সাধাৰণতে বাক্য এটাত দুটা অংশ থাকে। এটা অংশক উদ্দেশ্য (Subject) আৰু আনটো অংশক বিধেয় (Predicate) বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি তলত দিয়া বাক্যটো ল’ব পাৰো। যেনে–

হৰেনে ভাত খায়।

ইয়াত ‘হৰেন’ হ’ল কৰ্তা অৰ্থাৎ হৰেনে ‘ভাত খোৱা’ কামটো কৰিছে। আনহাতে দ্বিতীয় অংশ অৰ্থাৎ ‘ভাত খায়’- এই অংশটোৱে ৰামে কি কৰে তাকে বুজাইছে।

এতেকে বাক্য এটিত যিয়ে কোনো কাম কৰা বুজায় তাকে কৰ্তা (Subject) বোলে। উক্ত বাক্যটোত ‘হৰেন’ হ’ল কৰ্তা। বাক্যত কৰ্তা আৰু তাৰ অনুগামী পদবোৰক লৈ উদ্দেশ্য গঠিত হয়। উদাহৰণ–

হৰিয়ে তেওঁৰ দাদাৰ লগত ভোজ খায়।

উক্ত বাক্যটোত ‘হৰিয়ে তেওঁৰ দাদাৰ লগত’ – উদ্দেশ্য বা কৰ্তা।  এই বাক্যটোত ‘হৰি’ হ’ল কৰ্তা আৰু ‘তেওঁৰ দাদাৰ লগত’ হ’ল ‘হৰি’ কৰ্তাটোৰ অনুগামী পদ। আনহাতে ‘ভোজ খায়’ -অংশটি বিধেয়।

আনহাতে কৰ্তাই যি কৰে আৰু যাৰ ওপৰত ক্ৰিয়া কৰে বা যাৰ বিষয়ে কয় তাক বিধেয় (Predicate) বোলে।

তেনেদৰে বাক্য এটিৰ বিধেয়ত ক্ৰিয়া আৰু কৰ্ম থাকে। উক্ত বাক্যটোত ‘ভোজ’ পদটি হ’ল কৰ্ম আৰু ‘খায়’ পদটি হ’ল ক্ৰিয়া।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) বাক্য কাক বোলে?

(২) উদ্দেশ্য আৰু বিধেয় বুলিলে কি বুজা ? 

(৩) কৰ্তা কাক কয়?

(৪) বাক্যত কৰ্ম বুলিলে কি বুজা? উদাহৰণ দিয়া। 

(৫) তলত দিয়া বাক্যটিৰ উদ্দেশ্য আৰু বিধেয় নিৰ্ণয় কৰা–

ৰাম আৰু ৰহিমে যোৱাকালি মঞ্চত গীত গাইছিল। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ১২ 

বাক্যৰ গাঁথনিক বিভাজন

আমি শিকি আহিলো যে বাক্য এটিত প্ৰধানকৈ দুটা অংশ থাকে– উদ্দেশ্য আৰু বিধেয়। উদ্দেশ্যত কৰ্তা আৰু কৰ্তাৰ অনুগামী পদবোৰ থাকে। আনহাতে বিধেয়ত ক্ৰিয়া আৰু কৰ্ম থাকে। কোনো কোনো বাক্যত এটাতকৈ অধিক কৰ্তা, ক্ৰিয়া বা কৰ্ম থাকে। কেতিয়াবা এনে বাক্যও দেখা যায় যিবোৰ কেইবাটাও সৰু সৰু বাক্যৰ সমষ্টি। এনেদৰে  বাক্যৰ গঠণ (Pattern) অনুযায়ী অসমীয়া বাক্যক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। যথা–

(১) সৰল বাক্য (Simple Sentence)

(২) জটিল বা মিশ্ৰ বাক্য (Complex Sentence)

(৩) যৌগিক বা সংযুক্ত বাক্য (Compound Sentence)।

(১) সৰল বাক্য (Simple Sentence): এটা কৰ্তা আৰু এটা ক্ৰিয়া থকা বাক্যক সৰল বাক্য বোলে। যেনে–

আমি ভাত খাওঁ।

ৰাজেনহঁতে ক্ৰিকেট খেলে।

উক্ত বাক্য দুটাত ‘আমি’ আৰু ‘ৰাজেনহঁতে’ পদ দুটা কৰ্তা বা উদ্দেশ্য। আনহাতে ‘ভাত খাওঁ’ আৰু ‘ক্ৰিকেট খেলে’ বিধেয়। ইয়াৰ ‘খাওঁ’ আৰু ‘খেলে’ পদ দুটি ক্ৰিয়া। অৰ্থাৎ দুয়োটা বাক্যই এটাকৈ কৰ্তা আৰু এটাকৈ ক্ৰিয়া ধাৰণ কৰিছে। সেয়ে বাক্য দুটা সৰল বাক্য। উদাহৰণ–

সিহঁতে ক্ৰিকেট খেলিছে।

আমি সময়মতে পঢ়ো।

নুমেনে কিতাপ পঢ়ি আছে।

হৰিয়ে ছবি আঁকিছে।

(৩) জটিল বা মিশ্ৰ বাক্য (Complex Sentence): যিবোৰ বাক্য এটা প্ৰধান বা স্বাধীন বাক্য আৰু তাৰ তলতীয়া এটা বা তাতোধিক বাক্যাংশৰ দ্বাৰা গঠিত হয় তাকে  জটিল বাক্য বো লে। সাধাৰণতে এটা জটিল বাক্যত এটা প্ৰধান বাক্য (Principal Clause) আৰু এটা অপ্ৰধান বাক্য (Subordinate Clause) থাকে। ইয়াৰ অপ্ৰধান বাক্যাংশটি প্ৰধান বাক্যটিৰ ওপৰত নিৰ্ভৰশীল।  উদাহৰণ–

যিবোৰ ল’ৰা সৎ, সিহঁতে ভাল কাম কৰে।

যোৱাকালি যিজনী মহিলা আহিছিল, তাই মোৰ পেহী।

উক্ত বাক্য দুটিৰ ‘সিহঁতে ভাল কাম কৰে’ আৰু ‘তাই মোৰ পেহী’- প্ৰধান বাক্য। আনহাতে ‘যিবোৰল’ৰা সৎ’ আৰু ‘যোৱাকালি যিজনী মহিলা আহিছিল’ – বাক্যাংশবোৰ  আগৰ প্ৰধান বাক্যাংশ দুটাৰ তলতীয়া।  সেয়ে বাক্য দুটা জটিল বাক্য।

(৩) যৌগিক বা সংযুক্ত বাক্য (Compound Sentence):  এটাতকৈ অধিক সৰল বাক্য বা মিশ্ৰ বাক্য কোনো সংযোজক অব্যয়ৰ দ্বাৰা যুক্ত হৈ এটা বাক্যত পৰিণত হ’লে সেই বাক্যক যৌগিক বাক্য বা সংযুক্ত বাক্য বোলে। যেনে–

ললিতা এজনী ভাল ছোৱালী আৰু নমিতা এজনী ভাল ছোৱালী।

তুমি যথেষ্ট পৰিশ্ৰম কৰিলা কিন্তু সুখৰ মুখ নেদেখিলা।

ওপৰৰ প্ৰথম বাক্যটোত দুটা সৰল বাক্য আছে । যথাঃ (ক) ‘ললিতা এজনী ভাল ছোৱালী’ আৰু (খ) ‘নমিতা এজনী ভাল ছোৱালী’ -এই সৰল বাক্য দুটি ‘আৰু’ -সংযোজক অব্যয়টোৰ দ্বাৰা সংযুক্ত হৈ এটা যৌগিক বাক্যত পৰিণত হৈছে। তেনেদৰে দ্বিতীয় বাক্যটোতো দুটা অংশ আছে আৰু ই ‘কিন্তু’- এই সংযোজক পদটোৰ দ্বাৰা সংযুক্ত হৈ এটা যৌগিক বাক্যত পৰিণত হৈছে।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) গঠন অনুযায়ী অসমীয়া বাক্যক কেই শ্ৰেণীত ভাগ কৰা হৈছে? 

(২) সৰল বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা। 

(৩) জটিল বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখ।

(৪) যৌগিক বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ১৩ 

উদ্দেশ্য বা অৰ্থ অনুযায়ী বাক্যৰ শ্ৰেণী বিভাগ

বাক্যৰ জৰিয়তে আমি আমাৰ মনৰ ভাৱ-অনুভূতি,  হৰ্ষ-বিষাদ, হাঁহি-কান্দোন, আবেগ,  বিষ্ময় আদি প্ৰকাশ কৰো। এনেদৰে  ভাৱ  প্ৰকাশৰ  উদ্দেশ্য বা অৰ্থ অনুযায়ী বাক্যক পাঁচোটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) বৰ্ণনামূলক বাক্য (Assertive Sentence)

(২) প্রশ্নবোধক বাক্য (Interrogative Sentence)

(৩) অনুজ্ঞাবোধক  বা আদেশসূচক বাক্য (Imperative Sentence)

(৪) ইচ্ছাবোধক বাক্য (Optative Sentence) আৰু

(৫) আবেগসূচক বা ভাৱবোধক বাক্য (Exclamatory Sentence)।

বৰ্ণনামূলক বাক্য (Assertive Sentence)

যিবোৰ বাক্যৰ দ্বাৰা কোনো বক্তব্য, বিৱৰণ বা বৰ্ণনা প্ৰকাশ কৰা হয় সেইবোৰ বাক্যক বৰ্ণনামূলক বাক্য বোলে। বৰ্ণনাত্মক বাক্যক ঘোষণাবোধক বাক্য (Statement) বুলিও কোৱা হয়।  উদাহৰণ–

ললিতা সপ্তম শ্ৰেণীত পঢ়ে।

কৰিম এজন ভাল ল’ৰা।

সিহঁতে ফুটবল খেলি আছে।

উক্ত বাক্য তিনিটাই সাধাৰণভাৱে কোনো বক্তব্য প্ৰকাশ কৰিছে সেয়ে বাক্যকেইটা বৰ্ণনামূলক বাক্য। বৰ্ণনামূলক বাক্যক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। যথা–

(ক) স্বীকাৰাত্মক বাক্য (Affirmative Sentence) আৰু 

(খ) অ-স্বীকাৰাত্মক (নহয়বোধক) বাক্য (Negative Sentence)।

হয় বা হোৱা অৰ্থত ব্যৱহাৰ হোৱা বৰ্ণনামূলক বাক্যক স্বীকাৰাত্মক বাক্য বোলে।  উদাহৰণ–

ৰমেন বজাৰলৈ গৈছে।

আমি বেডমিন্টন খেলি আছো।

সিহঁতে কিতাপ পঢ়িছে।

ওপৰৰ বাক্যকেইটাই সাধাৰণ স্বীকাৰাত্মক বৰ্ণনা বহন কৰিছে সেয়ে বাক্য কেইটা স্বীকাৰাত্মক বৰ্ণনামূলক  বাক্য (Affirmative Sentence)।

আনহাতে যিবোৰ বাক্যই নহয়বোধক বক্তব্য প্ৰকাশ কৰে সেইবোৰ বাক্যক অ-স্বীকাৰাত্মক বা নহয়বোধক  বাক্য (Negative Sentence) বোলে। উদাহৰণ–

তেওঁ ভাত নাখাব।

আজি আমি বল নেখেলো। 

সিহঁত তালৈ নাযাব।

ওপৰৰ বক্তব্য কেইটাই নহয়েবাধক ভাৱ প্ৰকাশ কৰিছে সেয়ে বাক্যকেইটা অস্বীকাৰাত্মক বা নহয়বোধক বাক্য। 

প্রশ্নবোধক বাক্য (Interrogative Sentence)

যিবোৰ বাক্যৰ দ্বাৰা কোনো প্ৰশ্ন সোধা হয় সেইবোৰ বাক্যক প্রশ্নবোধক বাক্য বোলে। উদাহৰণ– 

সি গুৱাহাটীলৈ যাবনে?

ছোৱালীজনীয়ে কি কৰি আছে?

তাই ৰামায়নখন পঢ়িছেনে?

উক্ত প্ৰতিটো বাক্যৰ দ্বাৰা একো-একোটা প্ৰশ্ন সোধা হৈছে । গতিকে বাক্যবোৰ প্রশ্নবোধক বাক্য ।

অনুজ্ঞাবোধক  বা আদেশসূচক বাক্য (Imperative Sentence)

যিবিলাক বাক্যৰ দ্বাৰা কোনো আদেশ, অনুৰোধ, প্ৰাৰ্থনা, নিষেধ আদি প্ৰকাশ কৰা হয় সেইবোৰ বাক্যক অনুজ্ঞাবোধক বা আদেশসূচক বাক্য বোলে। উদাহৰণ–

ৰাম, তালৈ যোৱা।

বৰষুণত নিতিতিবা।

অনুগ্ৰহ কৰি মোক সহায় কৰক।

ভিক্ষাৰীজনক দয়া কৰক। 

ওপৰৰ প্ৰথমটো বাক্যটোৰ  দ্বাৰা কোনো আদেশ, দ্বিতীয়টোৰ দ্বাৰা নিষেধ, তৃতীয়টোৰ দ্বাৰা অনুৰোধ আৰু চতুৰ্থটোৰ দ্বাৰা প্ৰাৰ্থনা প্ৰকাশ কৰা হৈছে। এইবোৰ অনুজ্ঞাবোধক বা আদেশসূচক বাক্য।

ইচ্ছাবোধক বাক্য (Optative Sentence)

যিবিলাক বাক্যৰ দ্বাৰা কোনো আশীৰ্বাদ, শুভেচছা জ্ঞাপন, শুভ কামনা  আদি প্ৰকাশ কৰা হয় সেইবোৰ বাক্যক ইচ্ছাবোধক বাক্য বোলে। উদাহৰণ–

ভগৱানে তোমাৰ মঙ্গল কৰক।

তোমালোক কুশলে থাকা।

তোমাৰ জয় হওক।

ওপৰৰ বাক্যবোৰৰ দ্বাৰা মনৰ ইচ্ছা যেনে- আৰ্শীবাদ, শুভ কামনা আদি প্ৰকাশ কৰা হৈছে । গতিকে বাক্যবোৰ  ইচ্ছাবোধক বাক্য।

আবেগসূচক বা ভাববোধক বাক্য (Exclamatory Sentence)

যিবিলাক বাক্যৰ দ্বাৰা মনৰ কোনো উচ্চ আবেগ যেনে- সুখ, দুখ, হাঁহি, কান্দোন, বিষ্ময় আদি ভাৱ প্ৰকাশ কৰা হয় সেইবোৰ বাক্যক আবেগসূচক বা ভাববোধক  বাক্য বোলে।  উদাহৰণ–

হায়! মই মৰিলো।

হায়! ৰাজেনৰ সবৰ্বনাশ হ’ল।

হে ভগবান! মোক ৰক্ষা কৰা।

উহ! কিমান ঠাণ্ডা।

বা! সিহঁত খেলত জিকিল।

চাববাচ! আগবাঢ়ি যোৱা।

ওপৰৰ বাক্যবোৰৰ দ্বাৰা মনৰ শক্তিশালী ভাৱ প্ৰকাশ কৰা হৈছে। গতিকে বাক্যবোৰ আবেগসূচক বা ভাববোধক বাক্য। 

ভাৱবোধক বাক্যত সাধাৰণতে ‘হায়’, ‘হে’, ‘উহ’, ‘বা’, ‘চাববাচ’ আদি আৱেগসূচক পদ ব্যৱহাৰ কৰা হয়। সাধাৰণতে এই পদবোৰৰ পিছত আৱেগসূচক চিন (! ) ব্যৱহাৰ কৰা হয়।

অসমীয়া ব্যাকৰণ ক অংশ 

অনুশীলনী

(১) অৰ্থ বা উদ্দেশ্য অনুযায়ী অসমীয়া বাক্যক কেই ভাগত ভাগ কৰা হৈছে?

(২) বৰ্ণনাত্মক বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা। 

(৩) প্রশ্নবোধক বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪) অনুজ্ঞাবোধক বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৫) ইচ্ছাসূচক  বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৬) আবেগ বা ভাৱবোধক  বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৭) তলৰ বাক্যবোৰ অৰ্থ অনুযায়ী শ্ৰেণী বিভাগ কৰা–

(ক) সি কেতিয়া যাব?

(খ) হায়! তেওঁৰ সৰ্বনাশ হ’ল।

(গ) তেওঁ বল নেখেলে।

(ঘ) ঈশ্বৰে তোমাৰ মঙ্গল কৰক।

(ঙ) ৰ’দত নদৌৰিবা।

(চ) তেওঁ আহিল।

(ছ) ল’ৰাজনক দয়া কৰক। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ১৪

বাক্যাংশ

সাধাৰণতে বাক্য এটিত কৰ্তা আৰু  কৰ্ম থাকে। কিন্তু কেতিয়াবা বাক্যত এনে কিছুমান শব্দ সমষ্টি পোৱা যায় য’ত কোনো কৰ্তা বা কৰ্ম নথাকে। যেনেঃ বুদ্ধিমান ল’ৰা, বিৰল প্ৰতিভা, ছন পৰা পথাৰ, মাগি খোৱা,  কিংকৰ্তব্য বিমূঢ়, শাৰীৰিক পৰিশ্ৰম, তাহানিৰে পৰা ইত্যাদি।

এনেদৰে কৰ্তা আৰু সমাপিকা ক্ৰিয়া নথকা এটাতকৈ অধিক পদৰ সমষ্টিক  ‘বাক্যাংশ’ (Phrase) বোলে। বাক্যাংই সাধাৰণ অৰ্থ প্ৰকাশ নকৰি বিশেষ অৰ্থ প্ৰকাশ কৰে। 

গঠনৰ বৈশিষ্ট্য অনুযায়ী বাক্যাংশক চাৰিটা ভাগত ভাগ কৰিব পাৰি, যথা–

(১) বিশেষ্য স্থানীয় (Noun Phrase)

(২) বিশেষণ স্থানীয় (Adjective Phrase)

(৩) ক্ৰিয়া বিশেষণ স্থানীয় (Adverbial Phrase) আৰু

(৪) অব্যয় স্থানীয় (Prepositional Phrase)

(১) বিশেষ্য স্থানীয় (Noun Phrase): যি বাক্যাংশই  বাক্যত বিশেষ্যৰ দৰে কাম কৰে তাকে বিশেষ্য স্থানীয় বাক্যাংশ বোলে।  উদাহৰণ–

প্ৰখৰ বুদ্ধিমত্তা সফলতাৰ চাবি-কাঠি।

ৰমেন শাৰীৰিক পৰিশ্ৰমত অভ্যস্ত।

(২) বিশেষণ স্থানীয় (Adjective Phrase): যি বাক্যাংশ বিশেষ্য বা সৰ্বনাম পদৰ গুণ বা দোষবাচক হিচাপে ব্যৱহাৰ হয়, তাকে বিশেষণ স্থানীয়  বাক্যাংশ বোলে। উদাহৰণ–

বানপীনীয়ে বিপৰ্যস্ত কৰা ৰাইজৰ বিলৈ হ’ল।

জুয়ে পোৰা লোকে কষ্ট ভোগ কৰে।

(৩) ক্ৰিয়া বিশেষণ স্থানীয় (Adverbial Phrase): ক্ৰিয়াৰ বিশেষণ হিচাপে ব্যৱহাৰ হোৱা বাক্যাংশক ক্ৰিয়া বিশেষণ স্থানীয় বাক্যাংশ বোলে।  উদাহৰণ–

অতীজৰে পৰা চলি অহা নিয়ম লঙ্খন কৰা উচিত নহয়।

আমি পৰিশ্ৰম সহকাৰে কাম কৰা উচিত।

(৪) অব্যয় স্থানীয় (Prepositional Phrase): অব্যয় পদৰ দৰে ব্যৱহাৰ হোৱা বাক্যাংশক অব্যয় স্থানীয় বাক্যাংশ বোলে।  উদাহৰণ–

নমিতাই প্ৰশিক্ষণৰ বাবে কলকাতালৈ গৈছে।

তেওঁ বিৰল প্ৰতিভাৰে সফলতা লাভ কৰিছে।

ৰামহঁত ফুটবল খেলিবলৈ তালৈ গৈছে।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) বাক্যাংশ কাক বোলে?

(২) গঠনৰ বৈশিষ্ট্য অনুযায়ী বাক্যাংক কেই ভাগত ভাগ কৰা হৈছে? 

(৩) বিশেষ্য স্থানীয় কাক বোলে? উদাহৰণসহ বুজাই লিখ।

(৪) বিশেষণ স্থানীয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৫) ক্ৰিয়া বিশেষণ স্থানীয় কাক বোলে? উদাহৰণসহ বুজাই লিখ।

(6) অব্যয় স্থানীয় বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(7) তলৰ বাক্যবোৰৰ বাক্যাংশবোৰ উলিয়াই শ্ৰেণী বিভাগ কৰা। 

(ক) ৰমেন উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছে।

(খ) হৰিয়ে বিৰল প্ৰতিভাৰ জৰিয়তে সফলতা লাভ কৰিলে।

(গ) কৰিমে মানসিক পৰিশ্ৰম কৰি ভাল পায়।

(ঘ) অতীজৰে পৰা মানুহ সুযোগ সন্ধানী। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ১৫ 

খণ্ড বাক্য 

কোনো মিশ্ৰ বা যৌগিক বাক্যৰ অন্তৰ্গত কৰ্তা আৰু ক্ৰিয়া থকা বাক্যক খণ্ডবাক্য (Clause) বোলে। উদাহৰণ–

ইয়ালৈ অহা ল’ৰাজন মোৰ ভাই।

ওপৰৰ বাক্যটো এটি জটিল বাক্য। বাকটোত দুটা অংশ আছে– (ক) ইয়ালৈ অহা ল’ৰাজন আৰু (খ) মোৰ ভাই।

এই দুয়োটা অংশই একো একোটা খণ্ডবাক্য।

গঠন আৰু বৈশিষ্ট্য আনুযায়ী খণ্ডবাক্যক প্ৰধানকৈ তিনিটা শ্ৰেণীত ভাগ  কৰা হৈছে, যথা–

(১) প্ৰধান খণ্ডবাক্য  (Principal Clause)

(২) অধীন খণ্ডবাক্য (Subordinate Clause) আৰু 

(৩) নিৰেপক্ষ খণ্ডবাক্য (Co-ordinate Clause) 

তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

(১) প্ৰধান খণ্ডবাক্য  (Principal Clause): মিশ্ৰ বা জটিল বাক্যৰ অন্তৰ্গত মূল বাক্যটোক প্ৰধান খণ্ডবাক্য বোলে। প্ৰধান খণ্ডবাক্যই নিজে নিজেই কোনো অৰ্থ প্ৰকাশ কৰিব পাৰে।  উদাহৰণ–

দৌৰ প্ৰতিযোগীতাত  প্ৰথম স্থান পোৱা ল’ৰাজন মোৰ বন্ধু।

মই জানো যে তুমি সত্যবাদী।

(২) অধীন খণ্ডবাক্য (Subordinate Clause): মিশ্ৰ বা জটিল  বাক্যৰ অন্তৰ্গত সকলো বাক্যই অপ্ৰধান বা অধীন খণ্ডবাক্য। অধীন খণ্ডবাক্যই প্ৰধান খণ্ডবাক্যৰ সহায়তহে অৰ্থ প্ৰকাশ কৰিব পাৰে। উদাহৰণ–

ৰাম যেতিয়া আহিছিল মই ৰামায়ণ পঢ়ি আছিলোঁ।

এইজনেই সেইজন ল’ৰা যিজনে মোৰ চাইকেলখন ধাৰে লৈছিল।

(৩) নিৰেপক্ষ খণ্ডবাক্য (Co-ordinate Clause): যৌগিক বাক্যৰ অন্তৰ্গত প্ৰতিটো খণ্ডই  নিৰেপক্ষ খণ্ডবাক্য। নিৰেপক্ষ খণ্ডবাক্যই নিজে নিজেই কোনো অৰ্থ প্ৰকাশ কৰিব পাৰে।  উদাহৰণ–

ললিতা এজনী ছোৱালী আৰু মৃগেন এজন ল’ৰা।

আমি বল খেলো আৰু সিহঁতে ক্ৰিকেট খেলে।

হৰেন অংকত ভাল  কিন্তু ৰাজেন অংকত ভাল নহয়।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) খণ্ডবাক্য  কাক বোলে?

(২) বৈশিষ্ট্য অনুযায়ী খণ্ডবাক্যক কেই শ্ৰেণীত  ভাগ কৰা হৈছে? 

(৩) প্ৰধান খণ্ডবাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪) অধীন খণ্ডবাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৫) নিৰেপক্ষ খণ্ডবাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।।

(৭) তলৰ বাক্যবোৰত থকা খণ্ডবাক্যবোৰ বাছি উলিয়াই শ্ৰেণী বিভাগ কৰা। 

(ক) যোৱা কালি গান গোৱা ল’ৰাজন মোৰ সহপাঠী।

(খ) তুমি অহাৰ আগে আগে ৰেলখন এৰিলে।

(গ) যদিহে বৰষুণ এৰে আমি তালৈ নাযাম।

(ঘ) তেওঁ কাম কৰিছিল আৰু তাই টোপনিয়াইছিল।

(ঙ) তুমি অহাৰ পাছত মই ঘৰলৈ গৈছিলো। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ১৬ 

পদ   

কিছুমান অৰ্থপূৰ্ণ শব্দ যেতিয়া ব্যাকৰণিক বিধি মতে লগলাগি কোনো স্পষ্ট অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক বাক্য (Sentence) বুলি কোৱা হয়। বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক  শব্দই একো একোটা পদ (Parts of Speech)। উদাহৰণ–

কৰিম এজন ভাল ল’ৰা।

ওপৰৰ বাক্যটোত চাৰিটা অৰ্থব্যঞ্জক শব্দ আছে, যথা– ‘কৰিম’, ‘এজন’, ‘ভাল’ আৰু ‘ল’ৰা’। ইয়াৰ প্ৰতিটো শব্দই একো একোটা পদ। 

গঠন আৰু বৈশিষ্ট্য অনুযায়ী অসমীয়া পদবোৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে, যেনে–

(১) সব্যয় পদ (Declinables) আৰু  

(২) অব্যয় পদ (Indeclinables)

বাক্যত ব্যৱহাৰ হওঁতে বিভক্তি যুক্ত হৈ বাক্য ভেদে ভিন ভিন ৰূপ  লোৱা শব্দবোৰক সব্যয় পদ বোলে। উদাহৰণ–

হৰিহৰ এজন শিক্ষক। ভাল শিক্ষকে ভালদৰে পঢ়ায়। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকক শ্ৰদ্ধা কৰে।

উপৰি উক্ত প্ৰথম বাক্যটোত ‘শিক্ষক’ এটি পদ । এই পদটি দ্বিতীয় আৰু তৃতীয় বাক্যত ৰূপ সলাই ক্ৰমে ‘শিক্ষকে’ আৰু ‘শিক্ষকক’ হৈছে। অৰ্থাৎ ‘শিক্ষক’ পদটিৰ লগত দ্বিতীয় আৰু তৃতীয় বাক্যটিত বিভক্তি যোগ হৈছে।  সেয়ে ‘শিক্ষক’ পদটি সব্যয় পদ। 

বিঃদ্ৰঃ কোনো বাক্যত ব্যৱহাৰ হোৱা শব্দৰ পিছত যোগ হোৱা চিনবোৰক বিভক্তি বোলে। 

আনহাতে বাক্যত ব্যৱহাৰ হওঁতে বিভক্তি যোগ নোহোৱা আৰু বাক্য ভেদে ভিন্ন ৰূপ নোলোৱা শব্দবোৰক অব্যয় পদ বোলে। উদাহৰণ–

হৰি বা টম তালৈ যোৱা।

ৰাম আৰু ৰহিম দুয়োজনেই ভাল ল’ৰা।

উক্ত বাক্য দুটাত ব্যৱহাৰ হোৱা ‘বা’ আৰু ‘আৰু’ পদ দুটি অব্যয় পদ। এই পদটিৰ লগত কোনো বিভক্তি যোগ হোৱা নাই। অব্যয় পদবোৰে কেতিয়াও কোনো অৱস্থাতে ৰূপৰ সলনি নকৰে। 

অসমীয়া ভাষাৰ পদবোৰক ক মুঠতে পাঁচ ভাগত  ভাগ কৰা হৈছে, যথা– 

(১) বিশেষ্য (Noun)  

(২) সৰ্বনাম (Pronoun) 

(৩) বিশেষণ  (Adjective)  

(৪) ক্ৰিয়া (Verb) আৰু 

(৫) অব্যয় (Indeclinables) 

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল ।

বিশেষ্য (Noun)

যি পদে কোনো ব্যক্তি, বস্তু, ঠাই, গুণ, অৱস্থা আদিৰ নাম বুজায় তাকে বিশেষ্য পদ বোলে। অৰ্থাৎ নাম মাত্ৰেই বিশেষ্য।  উদাহৰণ–

হৰেণ এজন ল’ৰা।  

হীৰা মূল্যবান ধাতু। 

কলকাতা ডাঙৰ চহৰ।

মহানুভৱতা মহান গুণ।

উক্ত বাক্যবোৰত ‘হৰেণ’, ‘হীৰা’, ‘কলকাতা’, ‘মহানুভৱতা’ আদি শব্দই ক্ৰমে মানুহৰ নাম, ধাতুৰ নাম, ঠাইৰ নাম আৰু গুণৰ নাম বুজাইছে। এইবোৰেই একো একোটা বিশেষ্য।

সবৰ্বনাম (Pronoun)

বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদকে সৰ্বনাম পদ বোলে।  উদাহৰণ–

চেলিম এজন ভাল ছাত্ৰ।   তেওঁ অষ্টম শ্ৰেণীত পঢ়ে।

ওপৰৰ দুটা বাক্যৰ প্ৰথমটোত ব্যৱহাৰ হোৱা ‘চেলিম’ পদটো বিশেষ্য পদ। দ্বিতীয় বাক্যটোত ব্যৱহাৰ হোৱা ‘তেওঁ’ পদটি সবৰ্বনাম। কিয়নো ‘তেওঁ’ পদটি ‘চেলিম’ পদৰ সলনি ব্যৱহাৰ কৰা হৈছে। 

কিছুমান বিশেষ্য পদৰ উদাহৰণ হ’ল– সি, তেওঁ, তাই, আমি, সিহঁত, তেওঁলোক, আমালোক, আপোনালোক, তেখেত, তেখেতসকল, সুধীবৃন্দ ইত্যাদি।

বিশেষণ  (Adjective)

যি পদে কোনো বিশেষ্য বা সবৰ্বনাম পদৰ গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদিক বুজায় তাকে বিশেষণ বোলে। উদাহৰণ–

ৰাৱণ এজন ভাল ল’ৰা। 

গায়ত্ৰী এজনী দুষ্ট ছোৱালী। 

আমটো পকা। 

ইয়াত চাৰিখন কিতাপ আছে।  

মোক দুই লিটাৰ গাখীৰ দিয়া । 

ওপৰৰ বাক্যবোৰত ব্যৱহাৰ হোৱা ‘ভাল’ ‘দুষ্ট’, ‘পকা’, চাৰিখন’, ‘দুই লিটাৰ’ আদি শব্দবোৰে ক্ৰমে গুণ, দোষ, অৱস্থা, সংখ্যা, পৰিমাণ আদিক বুজাইছে। এইবোৰেই বিশেষণ পদ।

ক্ৰিয়া (Verb)

যি পদে কোনো কাৰ্য সম্পাদন কৰা বা নকৰা অৰ্থ বুজায় তাকে ক্ৰিয়া বোলে। যেনে–

আমি ভাত খাওঁ।  

তোমালোক আহিলা। 

সি এখন চিঠি লিখিছে। 

হৰিহৰে কামটো নকৰিলে।

ওপৰৰ বাক্যবোৰত ‘খাওঁ’, ‘আহিল’, ‘লিখিছে’, ‘নকৰিলে’ আদি পদে কোনো কাম কৰা বা হোৱা বা নোহোৱা বুজাইছে। এই পদবোৰেই ক্ৰিয়া।

অব্যয় পদ (Indeclinables)

যি পদে কোনো অৱস্থাতে ৰূপৰ সলনি নকৰে অৰ্থাৎ বাক্যত ব্যৱহাৰ হওঁতে কোনো বিভক্তি যোগ নহয় তাকে অব্যয় পদ বোলে।  উদাহৰণ–

নগেনে অথবা তেওঁৰ ভন্টিয়ে খিৰিকীটো ভাঙিলে। 

ৰাম আৰু ৰহিম দুয়ো বন্ধু।

তেওঁ বা তেওঁৰ সহপাঠীয়ে ভাল খেলে।

উক্ত বাক্য দুটাত ‘অথবা’,  ‘নাইবা’ ‘আৰু’ ‘বা’ – পদকেইটি অব্যয় পদ। কিয়নো ইহঁতে কৰ্তা, কাল বা বচন ভেদে কোনো ৰূপৰ সলনি নকৰে।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) পদ কাক বোলে?

(২) বৈশিষ্ট্য অনুযায়ী অসমীয়া পদক কেই শ্ৰেণীত  ভাগ কৰা হৈছে? 

(৩) সব্যয় পদ কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪) অব্যয় পদ কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৫) বিশেষ্য বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।।

(৬)  সৰ্বনাম পদ কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৭)  বিশেষণ কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৮) ক্ৰিয়া বাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৯) তলত দিয়া বাক্যবোৰৰ কোনটো কি পদ লিখা–

(ক) সোন মূল্যবান ধাতু।

(খ) দয়া এক মানৱীয় গুণ।

(গ) তুমি বা তোমাৰ ভাইটিয়ে কামটো কৰিলে।

(ঘ) সিহঁত জ্ঞানী।

(ঘ) সি এজন গুণী ল’ৰা।

(চ) তাত পাঁচখন কিতাপ আছে।

(ছ) ৰাজেন্দ্ৰ এজন ভাল ডাক্টৰ ।

(জ) তুমি অথবা তাই দোষী।

(ঝ) দিল্লী ভাৰতৰ ৰাজধানী।

(ঞ) তোমাৰ ককাই এজন ভাল খেলুৱৈ। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ১৭ 

বিশেষ্য পদৰ শ্ৰেণী বিভাগ

যি পদে কোনো ব্যক্তি, বস্তু, ঠাই, গুণ বা কোনো অৱস্থাৰ নাম বুজায় তাকে বিশেষ্য (Noun) বোলে। অসমীয়া ভাষাত  বৈশিষ্ট্য অনুযায়ী বিশেষ্য পদবোৰক মুঠতে পাঁচ ভাগত ভাগ কৰা হৈছে, যেনেঃ 

(১) জাতিবাচক বিশেষ্য (Common Noun) 

(২) বস্তুবাচক বিশেষ্য (Material Noun)

(৩) সংজ্ঞাবাচক বিশেষ্য  (Proper Noun) 

(৪) ক্ৰিয়াবাচক বিশেষ্য  (Verbal Noun) আৰু

(৫) গুণবাচক বিশেষ্য (Abstract Noun) 

তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

(১) জাতিবাচক বিশেষ্য (Common Noun): যি বিশেষ্য পদে কোনো জাতিক বুজায় তাকে জাতিবাচক বিশেষ্য বোলে। উদাহৰণ–

পাহাৰ, নদী, সাগৰ, মানুহ, গৰু, হাতী, কুকুৰ  ইত্যাাদি।

জাতিবাচক বিশেষ্য পদবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যথা–

(ক) প্ৰাণীবাচক বিশেষ্য (Creature) আৰু 

(খ) অপ্ৰাণীবাচক বিশেষ্য (Non-creature) ।

প্ৰাণী বুজোৱা জাতিবাচক বিশেষ্য পদক প্ৰাণীবাচক বিশেষ্য পদ বোলে। উদাহৰণ–

গৰু, মানুহ, বাঘ, চৰাই, মাছ, সিংহ, ভালুক ইত্যাদি।

আনহাতে অপ্ৰাণীবাচক জাতিবাচক বিশেষ্য পদক অপ্ৰাণীবাচক বিশেষ্য পদ বোলে। উদাহৰণ–

পাহাৰ, পবৰ্বত, কাঠ, গছ, ফল, ফুল ইত্যাদি।

(২) বস্তুবাচক বিশেষ্য (Material Noun): বস্তু বা পদাৰ্থৰ নাম বুজোৱা বিশেষ্য পদক বস্তুবাচক বিশেষ্য পদ বোলে।  উদাহৰণ–

হীৰা, ৰূপ, লো, সোণ, কচু, মূলা, ধান, মাহ, কয়লা, আলু  ইত্যাদি।

(৩) সংজ্ঞাবাচক বিশেষ্য  (Proper Noun): ব্যক্তি, প্ৰাণী বা ঠাইৰ নাম বুজোৱা বিশেষ্য পদক সংজ্ঞাবাচক বিশেষ্য পদ বোলে।  উদাহৰণ–

ৰহিম, ৰাম, কৰিম, গৰু, মহ, ভেড়া, ছাগলী, মুম্বাই, দিল্লী, চেন্নাই  ইত্যাদি।

সংজ্ঞাবাচক বিশেষ্য পদবোৰক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি, যথা–

(ক) প্ৰাণীবাচক (Creature ) আৰু (খ) অপ্ৰাণীবাচক (Non-creature)

প্ৰাণীবাচক (Creature): প্ৰাণীৰ সাধাৰণ সংজ্ঞাবাচক আৰু বিশেষ সংজ্ঞাবাচক বিশেষ্য পদক প্ৰাণীবাচক বিশেষ্য পদ বোলে।  উদাহৰণ–

নৰেন, ললিতা, ৰশ্মি, পদ্মা, ৰাজন (বিশেষ সংজ্ঞাবাচক বিশেষ্য) ।

হৰিণ, ছাগলী, বাঘ, সিংহ, চৰাই (সাধাৰণ সংজ্ঞাবাচক বিশেষ্য।

(৪) ক্ৰিয়াবাচক বিশেষ্য  (Verbal Noun): ক্ৰিয়া বা কোনো কামৰ নাম বুজোৱা বিশেষ্য পদক ক্ৰিয়াবাচক বিশেষ্য পদ বোলে।  উদাহৰণ–

খাৱন, শয়ন, লিখন, ভ্ৰমণ, সংকলন ইত্যাদি।

(৫) গুণবাচক বিশেষ্য (Abstract Noun): বিশেষ্য পদৰ গুণ দোষ, স্বভাৱ আদি বুজোৱা বিশেষ্য পদক গুণবাচক বিশেষ্য পদ বোলে।  উদাহৰণ–

সাধুতা, নম্ৰতা, সৌন্দৰ্য, একনিষ্ঠতা, ভদ্ৰতা,  দয়াশীলতা, দানশীলতা, পৰোপকাৰিতা ইত্যাদি। 

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) বিশেষ্য  কাক বোলে?

(২) বৈশিষ্ট্য অনুযায়ী অসমীয়া বিশেষ্য পদক কেই শ্ৰেণীত  ভাগ কৰা হৈছে? 

(৩)  জাতিবাচক বিশেষ্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪) বস্তুবাচক বিশেষ্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৫) সংজ্ঞাবাচক বিশেষ্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।।

(৬)  ক্ৰিয়াবাচক বিশেষ্য কাক বোলে?  উদাহৰণসহ বুজাই লিখা।

(৭) গুণবাচক বিশেষ্য কাকবোলে? উদাহৰণসহ বুজাই লিখা।

(৮) জাতিবাচক বিশেষ্যক কেই ভাগত ভাগ কৰা হৈছে? উদাহৰণসহ বুজাই লিখা।

(৯) তলত দিয়া বিশেষ্য পদবোৰ শ্ৰেণীভুক্ত কৰা–

মানুহ, পবৰ্বত, দিল্লী, কলকাতা, দানশীলতা, দয়া, ৰাম, বৰেপটা, ভালুক, গছ, ৰূপ, তাম, সীহ, আকাশ, বায়ু, ঘৰ, সোন, হীৰা।  ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ১৮

সৰ্বনাম পদৰ শ্ৰেণী বিভাগ

আমি শিকি আহিছো যে বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে সৰ্বনাম (Pronoun) বোলে। 

বৈশিষ্ট্য অনুযায়ী অসমীয়া সৰ্বনাম পদবোৰক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰিব পাৰি, যথা–

(১) ব্যক্তিবোধক সৰ্বনাম ( Personal Pronoun) 

(২) স্থানবোধক সৰ্বনাম (Pronominal Adverb of  Place)

(৩) কালবোধক সৰ্বনাম  (Pronominal Adverb of Time) আৰু 

(৪) বিশেষণবোধক সৰ্বনাম  (Pronominal  Adjective) 

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।¸

(১) ব্যক্তিবোধক সৰ্বনাম ( Personal Pronoun): ব্যক্তি বা প্ৰাণীবাচক বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ হয় তাকে  ব্যক্তিবোধক সৰ্বনাম বোলে।  উদাহৰণ–

মই, আমি, সি, সিহঁত, তাই, তোমালোক, আমালোক, তেখেতসকল, তেখেত ইত্যাদি।

(২) স্থানবোধক সৰ্বনাম (Pronominal Adverb of  Place): স্থানৰ নাম বুজোৱা বিশেষ্যৰ সলনি যি সৰ্বনাম পদৰ ব্যৱহাৰ হয় তাকে স্থানবোধক সৰ্বনাম বোলে। উদাহৰণ–

তাত, ইয়াত, তালৈ ক’লৈ, ইয়ালৈ ইত্যাদি।

(৩) কালবোধক সৰ্বনাম  (Pronominal Adverb of Time): কাল বা সময়ৰ নাম বুজোৱা বিশেষ্যৰ সলনি ব্যৱহাৰ হোৱা সর্বনামবোৰক কালবোধক সৰ্বনাম বোলে। উদাহৰণ–

আজি, এতিয়া, কালি, যেতিয়া, অহাকালি, পৰহি ইত্যাদি।

(৪) বিশেষণবোধক সৰ্বনাম  (Pronominal  Adjective): সংজ্ঞা শব্দৰ আগত যিবোৰ সৰ্বনামে সেই শব্দই বুজোৱা  বস্তুক আন বস্তুৰ পৰা পৃথক কৰা বুজায় সেইবোৰক বিশেষণবোধক সৰ্বনাম বোলে।  উদাহৰণ–

এনেদৰে, এনেকৈ, ইমান, যিমান, তিমান, যেনেকৈ ইত্যাদি।

বি. দ্ৰ: ব্যক্তিবোধক সৰ্বনাম পদবোৰৰ বিভক্তি ৰূপ কৰোতে মূল শব্দৰ যি সাধাৰণ পৰিবৰ্তন ঘটে তাকে সৰ্বনামৰ তিৰ্যক ৰূপ (Oblique Form of Pronoun)  বোলে ।  উদাহৰণ–

‘তুমি’ৰ ৰূপ ‘তোমাক’, ‘তোমালোকক’, ‘তোমাৰ’ আদি।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) সৰ্বনাম  কাক বোলে?

(২) বৈশিষ্ট্য অনুযায়ী অসমীয়া সৰ্বনাম পদক কেই শ্ৰেণীত  ভাগ কৰা হৈছে? 

(৩) ব্যক্তিবোধক সৰ্বনাম কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪) স্থানবোধক সৰ্বনাম কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৫)  কালবোধক সৰ্বনাম কাক বোলে? উদাহৰণসহ বুজাই লিখা।।

(৬) বিশেষণবোধক সৰ্বনাম কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৭) সৰ্বনামৰ তিৰ্যক ৰূপ কাক বোলে? উদাহৰণসহ বুজাই লিখা। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ১৯

বিশেষণ পদৰ শ্ৰেণী বিভাগ

আমি শিকি আহোছো যে বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, সংখ্যা, পৰিমাণ, অৱস্থা আদি বুজোৱা পদক বিশেষণ (Adjective) বোলে।

অসমীয়া বিশেষণ পদবোৰক মুঠতে তিনিটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) বিশেষ্য-বিশেষণ (Adjectival Noun) 

(২) বিশেষণীয়-বিশেষণ (Adjectival Adverb) আৰু

(৩) ক্ৰিয়া-বিশেষণ  (Adjectival Verb) 

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল ।

(১) বিশেষ্য-বিশেষণ (Adjectival Noun): বিশেষ্য বা সৰ্বনাম পদৰ গুণ, দোষ, অৱস্থা, আদি বুজোৱা বিশেষণ পদক বিশেষ্য-বিশেষণ বোলে। উদাহৰণ–

গুণী ল’ৰা, তিতাঁ কেৰেলা, মিঠা ফল, অভিজ্ঞ শিক্ষক ইত্যাদি।

(২) বিশেষণীয়-বিশেষণ (Adjectival Adverb): বিশেষণ পদক বিশেষকৈ বুজোৱা পদক বিশেষণীয় বিশেষণ বোলে।  উদাহৰণ–

অতি ভাল ল’ৰা, বৰ ডাঙৰ কঁঠাল, খুব দুষ্ট ছোৱালী,  ইত্যাদি।

(৩) ক্ৰিয়া-বিশেষণ  (Adjectival Verb):  ক্ৰিয়া পদৰ ধৰণ বা অৱস্থা বুজোৱা বিশেষণক ক্ৰিয়া-বিশেষণ বোলে।  উদাহৰণ–

ভালদৰে পঢ়িবা, বেগাই যোৱা, লাহে লাহে খোজ কাঢ়িবা ইত্যাদি।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) বিশেষণ কাক বোলে?  

(২) বৈশিষ্ট্য অনুযায়ী অসমীয়া বিশেষণ পদবোৰক কেই শ্ৰেণীত  ভাগ কৰা হৈছে? প্ৰতিবিধৰ নাম লিখি উদাহৰণ দিয়া। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ২০ 

ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ

আমি শিকি আহিছো যে যি পদে কোনো কাম কৰা বা হোৱা  অৰ্থ বুজায় তাকে ক্ৰিয়া ( Verb) বোলে। যেনে–

আমি ভাত খাওঁ।

উক্ত বাক্যটোত ‘খাওঁ পদটি ক্ৰিয়া পদ।

বৈশিষ্ট্য অনুযায়ী অসমীয়া ক্ৰিয়া পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) সমাপিকা বা সাধ্যা ক্ৰিয়া ( Finite Verb)  আৰু 

(২) অসমাপিকা বা সিদ্ধা ক্ৰিয়া (Non-finite Verb) 

যিবোৰ ক্ৰিয়াই বাক্য এটা সম্পূৰ্ণ কৰিব পাৰে তাকে সমাপিকা ক্ৰিয়া বা সাধ্যা ক্ৰিয়া (Finite Verb) বোলে।  উদাহৰণ–

আমি ক্ৰিকেট খেলো।

ৰাজনে কিতাপ পঢ়িছে।

আনহাতে যি ক্ৰিয়াই বাক্য সম্পূৰ্ণ কৰিব নোৱাৰে তাকে অসমাপিকা ক্ৰিয়া বা সিদ্ধা ক্ৰিয়া (Non-finite Verb) বোলে। উদাহৰণ–

সিহঁতে স্কুলৰ পৰা আহি খেলিব।

তোমাৰ কাণ্ড দেখি তেওঁ খং কৰিলে।

বাক্যত ব্যৱহাৰ হোৱা অৰ্থ অনুযায়ী ক্ৰিয়া পদক আকৌ দুটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) সকৰ্মক ক্ৰিয়া (Transitive  Verb)  আৰু 

(২) অকৰ্মক ক্ৰিয়া (Intransitive  Verb) 

যি ক্ৰিয়া পদৰ কৰ্ম থাকে তাকে সকৰ্মক ক্ৰিয়া (Transitive  Verb) বোলে। উদাহৰণ– 

সি আম খাইছে।

সিহঁতে ফুটবল খেলিলে।

ওপৰৰ উদাহৰণ দুটাত ‘খাইছে’ আৰু খেলিলে’ সকৰ্মক ক্ৰিয়া কিয়নো এই ক্ৰিয়া দুটাৰ ক্ৰমে ‘আম’ আৰু ‘ফুটবল’ কৰ্ম।

সকৰ্মক ক্ৰিয়াৰ আকৌ দুটা ভাগ আছে, যথা–

(১) এক-কৰ্মক  ক্ৰিয়া   আৰু  (২) দ্বি-কৰ্মক ক্ৰিয়া 

এটা কৰ্ম থকা ক্ৰিয়াক এক-কৰ্মক ক্ৰিয়া বোলে ।  উদাহৰণ–

আমি চিঠি লিখো। 

সি গাড়ী চলায়।

উপৰি উক্ত বাক্য দুটাত ক্ৰমে ‘লিখো’ আৰু ‘চলায়’ ক্ৰিয়া পদ। ইহঁতৰ এটাকৈ কৰ্ম আছে।

যি ক্ৰিয়াৰ দুটা কৰ্ম থাকে তাকে দ্বি-কৰ্মক ক্ৰিয়া বোলে। উদাহৰণ–

তাই মোক এখন কিতাপ দিলে।

উক্ত বাক্যটোত ‘দিলে’ ক্ৰিয়া পদ। এই ক্ৰিয়া পদটোৰ দুটা কৰ্ম যথাক্ৰমে- ‘মোক’ আৰু ‘কিতাপ’।

দ্বি-কৰ্মক ক্ৰিয়াৰ কৰ্মৰ এটা সাধাৰণতে প্ৰাণীবাচক (Animate) আৰু আনটো অপ্ৰাণীবাচক (Inanimate ) হয়।

প্ৰাণীবাচক কৰ্ম সদায় কোনো মানুহ বা কোনো জীৱ-জন্তু (Animate Being) হয়। 

আনহাতে অপ্ৰাণীবাচক কৰ্ম সদায় জীৱ-জন্তুৰ বাহিৰে অন্য বস্তু বা পদাৰ্থ (Inanimate thing ) বা কোনো ধাৰণা (abstract idea) হয়।

ওপৰত দিয়া উদাহৰণটোৰ দুটা কৰ্মৰ ’মোক’ প্ৰাণীবাচক কৰ্ম আৰু  ‘কিতাপ’ অপ্ৰাণীবাচক কৰ্ম।

অপ্ৰাণীবাচক কৰ্মক প্ৰধান কৰ্ম (Direct Object) আৰু প্ৰাণীবাচক কৰ্মক গৌণ কৰ্ম (Indirect Object) বোলে।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) ক্ৰিয়া কাক বোলে?

(২) বৈশিষ্ট্য অনুযায়ী অসমীয়া ক্ৰিয়া  পদক কেই শ্ৰেণীত  ভাগ কৰা হৈছে?  ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ২১ 

অব্যয় পদৰ শ্ৰেণী বিভাগ

আমি শিকি আহিছো যে  যি পদ বাক্যত ব্যৱহাৰ হওঁতে কোনো বিভক্তি যোগ নহয় অৰ্থাৎ কোনো অৱস্থাতে ৰূপৰ সলনি নহয়, তাকে অব্যয় পদ (Preposition) বোলে। 

অসমীয়া অব্যয় পদবোৰক মুঠতে সাতোটা ভাগত ভাগ কৰা হৈছে, যথা–

(১) সংযোজক অব্যয় (Conjunction) 

(২) বিয়োজক বা  পৃথকবোধক অব্যয় (Dijunctive Conjunction)

(৩) ভাৱবোধক অব্যয়  (Interjection) 

(৪) সম্বোধনবোধক অব্যয়  (Relative Preposition) 

(৫) প্রশ্নবোধক অব্যয় ( Interrogative Preposition) 

(৬) সমিধানবোধক অব্যয় (Solutionary Preposition) আৰু

(৭) আনুষঙ্গিক অব্যয়  (Preposition)  

তলত এইবোৰৰ  বিষয়ে আলোচনা কৰা হ’ল ।¸

(১) সংযোজক অব্যয় (Conjunction):  যি অব্যয় পদে দুটা বিশেষ্য, সৰ্বনাম বা বাক্যক লগ লগায় তাকে সংযোজক অব্যয় বোলে।

উদাহৰণ–

সি আৰু ৰাজনে ক্ৰিকেট খেলিব।

সি ভাল অথচ তেওঁৰ ভাইটি দুষ্ট।

কিছুমান সংযোজক অব্যয় হ’ল– আৰু, কাৰণে, এতেকে, তথা, যথা, অথচ, যে, দেখি, হেতু ইত্যাদি।

(২) বিয়োজক বা  পৃথকবোধক অব্যয় (Dijunctive Conjunction): যি অব্যয় পদে দুটা বা অধিক পদ বা শব্দক পৃথক ৰূপ দেখুৱায় তাকে বিয়োজক বা পৃথকবোধক অব্যয় বোলে। উদাহৰণ–

নমিতা বা তাইৰ দেউতাকে কামটো কৰিব।

তুমি আহিলা তথাপি কলমখন আনিব নোৱাৰিলা।

কিছুমান বিয়োজক অব্যয়ৰ উদাহৰণ হ’ল– অথবা, বা, কিম্বা, নতুবা, তথাপি, কিন্তু ইত্যাদি।

(৩) ভাৱবোধক অব্যয়  (Interjection):  মনৰ আবেগজনিত সুখ, দুখ, হাঁহি, কান্দোন, বিষ্ময় আদি বুজোৱা অব্যয় পদক ভাৱবোধক অব্যয় বোলে।  উদাহৰণ–

বাঃ! আমি  জিকিলোঁ।

ছিঃ তুমি কিমান অপদাৰ্থ!

কিছুমান ভাৱবোধক অব্যয় হ’ল– উঃ, বাঃ, ইছ, ঔ, দেহি ঔ, হায় ইত্যাদি।

(৪) সম্বোধনবোধক অব্যয়  (Relative Preposition): কাৰোবাক সম্বোধন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা অব্যয় পদক সম্বোধনবোধক অব্যয় বোলে।  উদাহৰণ–

হেৰা! ইয়ালৈ আহ।

হে  কৰিম, তুমি কি কৰিলা?

কিছুমান সম্বোধনবোধক অব্যয় পদৰ উদাহৰণ হ’ল– হে, এ, ঐ, হে, হেৰি, হেৰা আদি।

(৫) প্রশ্নবোধক অব্যয় ( Interrogative Preposition): প্ৰশ্ন সুধোতে ব্যৱহাৰ হোৱা অব্যয় পদক প্রশ্নবোধক অব্যয় বোলে। উদাহৰণ–

তেওঁ আহিল নে?

তুমি কামটো কৰিলা জানো?

কিছুমান প্রশ্নবোধক অব্যয় পদ হ’ল– কি, কেনে, নো, নে, নেকি, জানো  আদি।

(৬) সমিধানবোধক অব্যয় (Solutionary Preposition): প্ৰশ্নৰ উত্তৰ বা কোনো সমিধান দিয়া অৰ্থত ব্যৱহাৰ হোৱা অব্যয় পদক সমিধানবোধক অব্যয় বোলে। উদাহৰণ–

হয়, তেওঁ আহিল।

এৰা, মই ভাল।

ওঁহো, তুমি যাব নোৱাৰা।

কিছুমান সমিধানবোধক অব্যয় হ’ল– এৰা, বাৰু, ওঁহো, হু, ও, হয় আদি।

(৭) আনুষঙ্গিক অব্যয়  (Preposition): যি অব্যয় পদে কোনো সংজ্ঞা বা ব্যক্তিবোধক সৰ্বনামৰ পিছত বহি  বিশেষ অৰ্থ প্ৰকাশ কৰে তাকে আনুষঙ্গিক অব্যয় বোলে।  উদাহৰণ–

তুমি আহিবা চোন।

তুমি ৰামৰ সৈতে আহিবা।

কিছুমান আনুসঙ্গিক অব্যয় পদ হ’ল–  হেতু, বিনা, বিনে, নিমিত্তে, প্ৰতি, দৰে, বাহিৰে, হে, তো, কাৰণে, কিন্তু, নিচিনা, সৈতে, হ’লে আদি।

অসমীয়া ব্যাকৰণ ক অংশ 

অনুশীলনী

(১) অব্যয় কাক বোলে?

(২) ভাৱবোধক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৩) সম্বোধনবোধক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪)  আনুষঙ্গিক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা। 

(৫) প্রশ্নবোধক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৬) সমিধানবোধক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৭) সংযোজক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৮) বিয়োজক বা পৃথকবোধক অব্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ২২ 

বচন 

পদৰ যি ৰূপৰ দ্বাৰা  সংখ্যা জ্ঞান অৰ্থাৎ ব্যক্তি বা বস্তুৰ এক বা একাধিক বোধ জন্মে তাকে অসমীয়াত বচন (Number) বোলে । অসমীয়া ভাষাত বচন দুটা, যথা–

(১) এক বচন ( Singular Number) আৰু 

(২) বহু বচন (Plural Number)

পদৰ যি ৰূপৰ দ্বাৰা কোনো বস্তুৰ এটা সংখ্যাৰ বোধ  জন্মে তাকে এক বচন (Singular Number) বোলে। এক বচনে এটা বস্তু বা প্ৰাণীক নিৰ্দেশ কৰে। উদাহৰণ-

বুঢ়াজনৰ এডাল লাখুটি আছে।

শিশুটি ভালে আছে।

মোৰ এখন কিতাপ আছে। 

তুমি এজন ছাত্ৰ।

পদৰ যি ৰূপৰ দ্বাৰা কোনো বস্তু বা প্ৰাণীৰ এটাতকৈ অধিক সংখ্যাৰ বোধ জন্মে তাকে বহু বচন (Plural Number) বোলে। বহু বচনে এটাতকৈ অধিক বস্তুক নিৰ্দেশ কৰে।  উদাহৰণ–

ছাত্ৰ-ছাত্ৰীসকল স্কুললৈ গৈছে।

ছাগলীবোৰে পথাৰত ঘাঁহ খাই আছে।

হিমালয় পৰ্বতশ্ৰেণী ভাৰতৰ উত্তৰ সীমান্তত।

বিশেষ্য বা সৰ্বনাম পদৰ লগত কিছুমান প্ৰত্যয় যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। বহু বচন বুজোৱা প্রত্যয়বোৰ হ’ল– হতঁ, বোৰ, সকল, বৃন্দ, বৰ্গ, গণ, জাক, দল, থোক, মখা, থুপি, পাল, পুঞ্জ,  ৰাজি, মণ্ডলী  ইত্যাদি। 

তলত এইবোৰৰ প্ৰয়োগ আলোচনা কৰা হ’ল।

(১) মানুহ বুজোৱা পদৰ লগত ‘হঁত’ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

বাইদেওহঁত স্কুল পালেগৈ।

পেহীহঁত ভালে আছে।

দেউতাহঁত ঘৰ পাইছে।

ককাইদেউহঁত আহি পালে।

মোমাইদেওহঁত ঘৰত নাই।

(২) মানুহ বুজোৱা পদৰ লগত মান্য অৰ্থত ‘সকল’ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

তেখেতসকল আমাৰ শিক্ষক।

সংঘৰ সদস্যসকল এতিয়াও তাতে আছে।

নেতাসকল আহিবৰ হ’ল।

ছাত্ৰসকল কেতিয়াবাই গুচি গ’ল।

(৩) মানুহ বুজোৱা সৰ্বনাম পদৰ লগত ‘লোক’ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

আমালোক ভালে আছো।

আপোনালোকলৈ ধন্যবাদ।

তেওঁলোক কেতিয়া যাব?

(৪) থূপ বা সমষ্টি বুজোৱা অৰ্থত ‘জাক, দল, থোক, থোপা, মণ্ডলী, পুঞ্জ, মখা, থুপি, পাল, ৰাজি’ আদি প্ৰত্যয় যোগ কৰি এক বচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

গৰুজাক পথাৰত আছে।

ভেঁড়াপাল বে বে কৰি আছে।

আন্দামান নিকোবৰ দীপপুঞ্জ ভাৰত মাহাসাগৰত।

শিক্ষকমণ্ডলী যথাস্থানত বহি আছে।

ফুলথোপা দেখিবলৈ সুন্দৰ।

(৫) বিশেষ্য (সংজ্ঞা ) পদৰ পিছত ‘বোৰ‘ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

হাঁহবোৰ চৰিছে।

নিগনিবোৰে উৎপাত কৰি আছে।

চৰাইবোৰ উৰি আছে।

কলবোৰ পকিছে।

(৬) মান্য অৰ্থত আৰু অপ্ৰাণী বাচক বিশেষ্য পদৰ লগত ‘বিলাক’ প্ৰত্যয় যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

গছবিলাক লঠঙা হৈ পৰিছে।

ঘৰবিলাক পুৰণি হৈছে।

মানুহবিলাক গোট খাইছে।

(৭) মান্যাৰ্থত ‘মানুহ‘ বুজোৱা শব্দৰ লগত গণ, বৃন্দ, বৰ্গ  আদি প্ৰত্যয় যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

পাঠকবৰ্গই কিতা পঢ়ি আছে।

শিক্ষকবৃন্দই আমাক ভালদৰে পঢ়ায়।

প্ৰহৰীগণ উজাগৰে আছে।

(৮) বিশেষ্য পদৰ লগত সংখ্যাবাচক শব্দ যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়। উদাহৰণ–

সাত দিনত এক সপ্তাহ।

তেওঁ পাঁচোটা আপেল দিলে।

সাতজন ল’ৰাই খেলিছে।

সি মোক দুটা ডালিম দিলে।

(৯) প্ৰাণীবাচক বা অপ্ৰাণীবাচক শব্দৰ লগত ‘শ্ৰেণী, ৰাশি’ আদি যোগ কৰি একবচনৰ পৰা বহু বচন কৰা হয়।  উদাহৰণ–

আল্পচ পবৰ্বতশ্ৰেণী ইউৰোপতনে?

সংখ্যাৰাজি হিচাপ কৰি চোৱা।

পাঠকশ্ৰেণী সজাগ হ’বৰ হ’ল।

অসমীয়া ব্যাকৰণ ক অংশ 

অনুশীলনী

(১) বচন কাক বোলে?

(২)  অসমীয়া ভাষাত বচন কেইবিধ আৰু কি কি?

(৩) তলত দিয়া প্রত্যয়বোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজাঃ

হতঁ, বোৰ, সকল, বৃন্দ, বৰ্গ, গণ, জাক, দল, থোক, মখা, থুপি, পাল, পুঞ্জ,  ৰাজি, মণ্ডলী।  ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ২৩ 

পুৰুষ

ব্যাকৰণৰ ভাষাত ‘পুৰুষ’ (Person) শব্দই ব্যক্তিৰ লগতে বস্তুকো বুজায়।

বক্তাই নিজক বুজাবলৈ প্ৰথম পুৰুষ (First Person), যাৰ আগত কয় সি দ্বিতীয় পুৰুষ (Second Person) আৰু যাৰ বিষয়ে কয় সি তৃতীয় পুৰুষ (Third Person) । উদাহৰণ–

মই তোমাক কিতাপখনৰ এটা গল্প বৰ্ণনা কৰিলো।

উক্ত বাক্যটোত ‘মই’ – বক্তা। সেয়ে ই প্ৰথম পুৰুষ। ‘তোমাক’- শ্ৰুতা। সেয়ে ই দ্বিতীয় পুৰুষ। ‘কিতাপখন’-তৃতীয় পুৰুষ কাৰণ ইয়াৰ বিষয়ে কিবা কোৱা হৈছে।

পুৰুষ মুঠতে তিনি প্ৰকাৰৰ, যথাঃ

(১) প্ৰথম পুৰুষ ( First Person)  

(২) দ্বিতীয় পুৰুষ (Second Person) আৰু

(৩) তৃতীয় পুৰুষ ( Third Person)।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(১) প্ৰথম পুৰুষ ( First Person): কিবা কোৱা বা কৰোতাজনক প্ৰথম পৰুষ বোলে। ‘মই’ আৰু ‘আমি’ বুজোৱা বিশেষ্য আৰু সৰ্বনাম পদবোৰ প্ৰথম পুৰুষ। উদাহৰণ–

মই লিখি আছো।

আমি বল খেলিছিলো।

(২) দ্বিতীয় পুৰুষ (Second Person): বক্তাই যাৰ আগত কোনো কথা ব্যক্ত কৰে অৰ্থাৎ বক্তাৰ শ্ৰোতাক দ্বিতীয় পুৰুষ  বোলে। উদাহৰণ–

তুমি এইফালে আহা।

আপুনি এজন ভাল শিক্ষক।

আপোনালোক সোনকাল কৰক।

তই ভাল ছাত্ৰ।

(৩) তৃতীয় পুৰুষ ( Third Person): বক্তাই যি জনৰ বিষয়ে  বা যাৰ বিষয়ে কিবা ব্যক্ত কৰে তাকে তৃতীয় পুৰুষ বোলে। সাধাৰণতে প্ৰথম আৰু দ্বিতীয় পুৰুষৰ বাহিৰে থকা সকলো সৰ্বনাম আৰু বিশেষ্য পদবোৰ তৃতীয় পুৰুষ। উদাহৰণ–

মই সিহতক  যদুৰ বিষয়ে ক’লো।

সি কথাটো জানে।

সি বান্ধৱীজনীক নিমন্ত্ৰণ কৰিলে।

তলত  পুৰুষ অনুযায়ী সৰ্বনাম পদৰ এক বচন আৰু বহুবচন ৰূপ দেখুৱা হ’ল।

পুৰুষ একবচন বহুবচন

প্ৰথম মই আমি

দ্বিতীয় তুমি তোমালোক

তই তহঁত

আপুনি আপোনালোক

তৃতীয় সি সিহঁত

তেওঁ তেওঁলোক

তাই তাইহঁত

তেখেত তেখেতসকল

ৰাম ৰামহঁত।

তলত কাল আৰু পুৰুষ অনুসৰি কিছুমান ধাতু (ক্ৰিয়া পদ) ৰ একবচন আৰু বহুবচন ৰূপ দেখুৱা হ’ল।

‘পঢ়’  ধাতুৰ ৰূপ

(১) বৰ্তমান কাল

(ক) নিত্য বৰ্তমান কাল

পুৰুষ একবচন বহুবচন

প্ৰথম মই পঢ়ো  আমি পঢ়ো 

দ্বিতীয়      তুমি পঢ়া          তোমালোকে পঢ়া

                তই  তহঁত 

                আপুনি পঢ়ে  আপোনালোকে পঢ়ে

তৃতীয় সি পঢ়ে সিহঁতে পঢ়ে

তেওঁ পঢ়ে         তেওঁলোকে পঢ়ে

তাই পঢ়ে         তাইহঁতে পঢ়ে

তেখেতে পঢ়ে তেখেতসকলে পঢ়ে

(ক) স্বৰূপ বৰ্তমান কাল

পুৰুষ    একবচন বহুবচন

প্ৰথম     মই পঢ়িছোঁ         আমি পঢ়িছোঁ

দ্বিতীয়    তুমি পঢ়িছাঁ        তোমালোক পঢ়িছাঁ

              তই পঢ়িছ        তহঁত পঢ়িছ

      আপুনি পঢ়িছে আপোনালোকে পঢ়িছে 

তৃতীয়     তেওঁ পঢ়িছে তেওঁলোকপঢ়িছে

(২) ভূত বা অতীত কাল

(ক) স্বৰূপ বা সমীপ্য ভূত কাল

পুৰুষ একবচন বহুবচন

প্ৰথম মই পঢ়িলোঁ আমি পঢ়িলোঁ

দ্বিতীয় তুমি পঢ়িলা তোমালোকে পঢ়িলা 

তই পঢ়িলি         তহঁত পঢ়িলি

আপুনি পঢ়িলে আপোনালোকে পঢ়িলে

তৃতীয় তেওঁ পঢ়িলে তেওঁলোকেপঢ়িলে

(খ) অপূৰ্ণ ভূত কাল

পুৰুষ একবচন বহুবচন

প্ৰথম মই পঢ়িছিলোঁ     আমি পঢ়িছিলোঁ

দ্বিতীয় তুমি পঢ়িছিলাঁ     তোমালোকে পঢ়িছিলা

তই পঢ়িছিলি     তহঁতে পঢ়িছিলি

আপুনি পঢ়িছিল     আপোনালোকে পঢ়িছিল 

তৃতীয় তেওঁ পঢ়িছিলি     তেওঁলোকে পঢ়িছিলি

(খ) সম্ভাব্য ভূত কাল

পুৰুষ একবচন বহুবচন

প্ৰথম মই পঢ়িলোঁহেঁতেন আমি পঢ়িলোঁহেঁতেন

দ্বিতীয়      তুমি পঢ়িলাঁহেঁতেন তোমালোকে পঢ়িলাঁহেঁতেন

তই পঢ়িলিহেঁতেন তহঁতে পঢ়িলিহেঁতেন

আপুনি পঢ়িলেহেঁতেন  আপোনালোকে পঢ়িলেহেঁতেন

তৃতীয়      তেওঁ পঢ়িলেহেঁতেন তেওঁলোকে পঢ়িলেহেঁতেন

(৩) ভূত সম্ভাব্য ভূত কাল

পুৰুষ একবচন বহুবচন

প্ৰথম মই পঢ়িম আমি পঢ়িম

দ্বিতীয় তুমি পঢ়িবা তোমালোকে পঢ়িবা

তই পঢ়িবি তহঁতেপঢ়িবি

আপুনি পঢ়িব আপোনালোকে পঢ়িব

তৃতীয় তেওঁ পঢ়িব তেওঁলোকে পঢ়িব।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) পুৰুষ বুলিলে কি বুজা?

(২) অসমীয়া ব্যাকৰণত পুৰুষ কেই প্ৰকাৰৰ আৰু কি কি?

(৩)  প্ৰথম পুৰুষ বুলিলে কি বুজা? উদাহৰণসহ বজাই লিখা।

(৪)  দ্বিতীয় পুৰুষ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৫)  তৃতীয় পুৰুষ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৬) পুৰুষ অনুযায়ী সৰ্বনাম পদৰ একবচন আৰু বহুবচনবোৰ লিখা।

(৭)  তলত দিয়া বাক্যটোৰ পুৰুষ বিচাৰ কৰা। 

মই সিহঁতক কৰিমহঁতৰ ঘটনাটো বিৱৰি ক’লো।

আমি যোৱাকালি শিক্ষকজনক পাঠটো পঢ়াই শুনালো। 0 0 0

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ২৪

ধাতু আৰু ধাতুৰ বিভাজন

আমি আগতে শিকি আহিছো যে যি পদে কোনো কাম কৰা, হোৱা বা নোহোৱা বুজায় তাকে ক্ৰিয়া বোলে। পুৰুষ, প্ৰকাশৰ ধৰণ, উদ্দেশ্য আৰু কাল অনুযায়ী ক্ৰিয়াৰ ৰূপৰ সলনি হয়। যেনে–

আমি ভাত খাওঁ।

তুমি ভাত খালা।

সিহঁতে ভাত খাব।

ওপৰৰ বাক্যবোৰত থকা ‘খাওঁ, ‘খালা’, ‘খাব’ আদি ক্ৰিয়া পদ। এই পদবোৰৰ ‘খা’ ক্ৰিয়া পদৰ মূল ৰূপ।

এনেদৰে ক্ৰিয়াৰ মূল ৰূপকে ধাতু (Root) বোলে। বাক্য এটিত ক্ৰিয়াৰ গুৰুত্ব অপৰিসীম কিয়নো ক্ৰিয়া নোহোৱাকৈ কোনো বাক্য হ’ব নোৱাৰে। বিভক্তি যোগ হৈ ক্ৰিয়া এটাই ভিন ভিন সময়ত ভিন ভিন ৰূপ লয়। কিন্তু প্ৰতিটো ক্ৰিয়াৰে একোটা মূল ৰূপ আছে।  উদাহৰণ– কৰ, খা, ধৰ, উঠ, বহ, লিখ, দেখ, দে, যা, কান্দ, চৰ, উৰ  ইত্যাদ।

বৈশিষ্ট্য অনুযায়ী অসমীয়া ধাতু (ক্ৰিয়াৰ মূলৰূপ) বোৰক মুঠতে তিনিটা ভাগত ভাগ কৰা হৈছে, যথা– 

(১) মৌলিক বা সিদ্ধ ধাতু (Primary Roots)   

(২) মিশ্ৰ বা সংযোগমূলক ধাতু (Compound Roots) আৰু 

(৩) যৌগিক ধাতু বা সাধিত ধাতু (Secondary Roots)।

তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

(১) মৌলিক বা সিদ্ধ ধাতু (Primary Roots): যিবোৰ ধাতু স্বয়ংসিদ্ধ বা আদি ৰূপৰ ৰূপান্তৰ ঘটা নাই সেইবোৰ ধাতুকে মৌলিক বা সিদ্ধ ধাতু বোলে। উদাহৰণ– বহ, হাঁহ, পঢ় , আহ, শুন, কৰ, যা ইত্যাদি।

(২) মিশ্ৰ বা সংযোগমূলক ধাতু (Compound Roots): মৌলিক ধাতুৰ সৈতে বিশেষ্য, বিশেষণ, ধনাত্মক শব্দ যোগ হৈ সাধিত হোৱা ধাতুক মিশ্ৰ বা সংযোগমূলক ধাতু বোলে। উদাহৰণ– ভিক্ষাকৰ,  ৰক্ষাকৰ, মনকৰ, ক্ষতিকৰ, লাভকৰ  ইত্যাদি।

(৩) যৌগিক ধাতু বা সাধিত ধাতু (Secondary Roots): মৌলিক ধাতু বা শব্দৰ শেষত প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুক যৌগিক ধাতু বোলে।  উদাহৰণ–

ধৰ —- ধৰা

ডবি — ডবিয়া

চৰ — চৰা

দি —- দিয়া

লাঠি — লঠিয়া

কিল — কিলা

বৈশিষ্ট্য অনুযায়ী যৌগিক বা সাধিত ধাতু তিনিটা ভাগত ভাগ কৰিব পাৰি, যথা–

(ক) পাঁচনী ধাতু (Causative)  

(খ) নাম ধাতু (Denominative) আৰু 

(গ) ধ্বন্যাত্মক ধাতু (Onomatopoetic)

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(ক) পাঁচনী ধাতু (Causative): আনৰ দ্বাৰা কাম কৰোৱা অৰ্থত মূল ধাতুৰ পিছত প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুক পাঁচনী ধাতু বোলে। যেনে ঃ

কৰ — কৰা  

দি — দিয়া 

ধৰ— ধৰা 

খা —- খুৱা  ইত্যাদি।

(খ) নাম ধাতু (Denominative): বিষেশ্য বা বিশেষণ পদৰ পিছত ‘আ’, ‘ইয়া’ বা ‘উৱা’ প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা ধাতুকে নাম ধাতু বোলে। উদাহৰণ– 

চৰ — চৰা

লাঠি — লঠিয়া

মৰ —- মৰা 

ডবি — ডবিয়া ইত্যাদি।

(গ) ধ্বন্যাত্মক ধাতু (Onomatopoetic): কোনো শব্দ অনুকৰণ কৰি সাধিত হোৱা ধাতুকে ধ্বন্যাত্মক ধাতু বোলে।  উদাহৰণ–

কলকলা (পানী বৈ যোৱাৰ শব্দ)

গিৰগিৰা (মেঘৰ শব্দ)

কিনকিনা (বৰষুণৰ শব্দ) ইত্যাদি।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) ধাতু বুলিলে কি বুজা?

(২) ধাতু কেই প্ৰকাৰৰ আৰু কি কি?

(৩) মৌলিক বা সিদ্ধ ধাতু¸  কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪)  মিশ্ৰ বা সংযোগমূলক ধাতু কাক বোলে? বুজাই লিখা।

(৫)  যৌগিক ধাতু বা সাধিত ধাতু কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৬)  যৌগিক ধাতু বা সাধিত ধাতু কেই ভাগত ভাগ কৰা হৈছে? উদাহৰণসহ বুজাই লিখা।

(৭) তলত দিয়া ধাতুবোৰৰ মূল (ধাতুৰূপ) কি কোৱা।

ধৰা, ডবিয়া, চৰা, দিয়া, লঠিয়া, কিলা, খুওৱা, পঢ়া, মাৰিলে। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ২৫

কাল আৰু কালৰ শ্ৰেণী বিভাগ

ব্যাকৰণৰ ভাষাত ‘কাল’ শব্দই কোনো কাৰ্য কৰা বা নকৰা বা কোনো ঘটনা ঘটা বা নঘটাৰ সময়ক নিৰ্দ্দেশ কৰে। সেয়ে ক্ৰিয়াৰ সময়কে কাল (Tense) বুলি কোৱা হয়। 

কাল প্ৰধানতঃ তিনিটা, যথা–

(১) বৰ্তমান কাল (Present Tense)  

(২) অতীত কাল বা ভূত কাল (Past Tense) আৰু

(৩) ভৱিষ্যত কাল (Future Tense)।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(১) বৰ্তমান কাল (Present Tense): যি ক্ৰিয়াই  বৰ্তমান সময়ত কোনো কাম কৰা বা হোৱা বুজায় তাকে বৰ্তমান কাল বোলে। উদাহৰণ– 

মৰিয়মে পঢ়ি আছে।

আমি ভাত খাওঁ।

অসমীয়া ব্যাকৰণত বৰ্তমান কালক দুটা ভাগত ভাগ কৰা ছৈে, যথা– 

(ক) নিত্য বৰ্তমান কাল (Infinite Present Tense) আৰু 

(খ) স্বৰূপ বৰ্তমান কাল (Similar Present Tense)

(ক) নিত্য বৰ্তমান কাল (Infinite Present Tense): যি ক্ৰিয়াই কোনো কাম নিয়ম মতে, স্বাভাৱিকভাবে বা প্ৰাকৃতিকভাবে  সদায় ঘটি থকা সময়ৰ নিৰ্দ্দেশ কৰে, তাকে নিত্য বৰ্তমান কাল বোলে। উদাহৰণ– 

পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে।

বহাগত বৰদৈচিলা বয়।

বহাগত কুলিয়ে মাতে।

সূৰ্য পূৱপিনে উদয় হয়। ইত্যাদি। 

(খ) স্বৰূপ বৰ্তমান কাল (Similar Present Tense): যি ক্ৰিয়াই  কাৰ্য চলি থকা বা এইমাত্ৰ শেষ হোৱা বুজায় তাকে স্বৰূপ বৰ্তমান কাল বোলে। উদাহৰণ–

সিহঁতে বল খেলি আছে।

ৰামে লিখি আছে। 

তাই ভাত খাই আছে।

(২) অতীত কাল বা ভূত কাল (Past Tense): যি ক্ৰিয়াৰ কাম আগতে শেষ হৈ গৈছে তাকে অতীত বা ভূত কাল বোলে। উদাহৰণ– 

সি চিঠি লিখিছিল।

আমি ভাত খাইছিলো। 

সি আহিলে ৰাঘৱ গ’লাহেঁতেন। ইত্যাদি।

অসমীয়া ব্যাকৰণত অতীত কালক তিনিটা ভাগত ভগোৱা হৈছে, যথা–

(ক) স্বৰূপ ভূত কাল (Similar Past Tense) 

(খ) অপূৰ্ণ ভূত কাল (Incomplete Past Tense)

(গ) সম্ভাব্য ভূত কাল (Possible Past Tense)

(ক) স্বৰূপ ভূত কাল (Similar Past Tense): যি ক্ৰিয়াই কোনো কাম আগতে শেষ হৈ যোৱা নিৰ্দ্দেশ কৰে তাকে স্বৰূপ ভূত কাল বোলে। উদাহৰণ–

সিহঁত এইখন বিদ্যালয়ত পঢ়িছিল। 

সি ভাত খাইছিল। 

তাই ইয়াতে বাস কৰিছিল।

(খ) অপূৰ্ণ ভূত কাল (Incomplete Past Tense): যি ক্ৰিয়াৰ কাম অতীতত ঘটা কোনো ক্ৰিয়াৰ আগতে হোৱা বুজায় সেই ক্ৰিয়াৰ কালক অপূৰ্ণ ভূত কাল বোলে। উদাহৰণ–

তুমি অহাৰ সময়ত মই লিখি আছিলো।

আমি স্কুললৈ যোৱা সময়ত তেওঁ দৌৰিছিল। 

(গ) সম্ভাব্য ভূত কাল (Possible Past Tense):  অতীত কালত কোনো এটা ক্ৰিয়াৰ কাম সম্পন্ন হোৱাৰ কথা আছিল কিন্তু ক্ৰিয়াৰ কাম সম্পন্ন নোহোৱাকৈ সময় অতীত হৈ গ’ল, এনে ক্ৰিয়াৰ কালক সম্ভাৱ্য ভূত কাল বোলে। উদাহৰণ–

তেওঁ অহাহেঁতেন যাদৱ গ’লেহেঁতেন।

তাই অহাহেঁতেন মই কামটো কৰিলোহেঁতেন।

ভালদৰে পঢ়িলোঁহেঁতেন পাছ কৰিলাহেঁতেন।

নমিতা উপস্থিত থাকিলে আমি গীত গালোহেঁতেন।

(৩) ভৱিষ্যত কাল (Future Tense): যি ক্ৰিয়াৰ কাৰ্য ভৱিষ্যতে বা আগলৈ কৰা হ’ব তাকে ভৱিষ্যত কাল বোলে।  উদাহৰণ–

সি ইয়ালৈ আহিব।

সিহঁত অহা কালি দিল্লীলৈ যাব।

ৰামে খেলি থাকিব।

মই চাহ খাম।

ভৱিষ্যত কাল তিনি ধৰণে প্ৰয়োগ হোৱা দেখা যায়। যেনে ঃ

(ক) নিৰ্দ্দেশক অৰ্থত: আমি বজাৰলৈ যাম। তেওঁ বিদ্যালয়লৈ যাব।

(খ) অনুজ্ঞা অৰ্থত: তুমি ডাঙৰৰ কথা মানি চলিবা। ৰ’দত দৌৰি নুফুৰিবা।

(গ) চলন্ত অৰ্থত: আমি খেলি থাকিম। সিহঁত গৈ থাকিব। 

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) কাল বুলিলে কি বুজা?

(২) কাল কেই প্ৰকাৰৰ আৰু কি কি?

(৩) বৰ্তমান কাল কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪)  বৰ্তমান কালক কেই ভাগত ভাগ কৰা হৈছে? উদাহৰণসহ বুজাই লিখা।

(৫)  অতীত কাল কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৬)  অতীত কালক কেই ভাগত ভাগ কৰা হৈছে?  উদাহৰণসহ বুজাই লিখা। 

(৭)  ভৱিষ্যত কাল কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৮) সম্ভাৱ্য ভূত কালৰ তিনিটামান উদাহৰণ দিয়া। ০ ০ ০ 

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ২৬ 

প্ৰত্যয় আৰু প্ৰত্যয় বিভাজন

নতুন শব্দ গঠনৰ বােব ধাতু আৰু প্ৰতিপাদিকৰ পিছত যোগ হোৱা বৰ্ণ বা বৰ্ণ সমষ্টিক প্ৰত্যয় (Affix) বোলে। উদাহৰণ–

ধান + অনি = ধাননি

ফুল + অনি = ফুলনি

দয়া + আলু  =  দয়ালু

চল + অন্ত   =  চলন্ত

প্ৰত্যয় চাৰিবিধ, যথা ঃ

(১) স্ত্ৰী প্ৰত্যয় (Feminine Affix)  

(২) বিভক্তি (Inflection) 

(৩) কৃত প্ৰত্যয় (Primary Affix) আৰু

(৪) তদ্ধিত প্ৰত্যয় (Secondary Affix)

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

স্ত্ৰী প্ৰত্যয় (Feminine Affix)

পুংলিঙ্গ শব্দক স্ত্ৰীলিংঙ্গ শব্দলৈ ৰূপান্তৰ কৰোতে পুংলিঙ্গ শব্দত যোগ হোৱা প্ৰত্যয়কে স্ত্ৰীপ্ৰত্যয় বোলে।

স্ত্ৰীপ্ৰত্যয় তিনিটা, যথা– ‘ঈ’, ‘অনী’, আৰু ‘ৰী’। সাধাৰণতে ‘অনী’ প্ৰত্যয়ে ‘নী’, ‘ইনী’ বা ‘উনী’ৰ ৰূপ গ্ৰহণ কৰে। উদাহৰণ–

দেৱ +   ঈ = দেৱী

ময়ূৰ +  ঈ = ময়ুৰী

হৰিণ + ঈ = হৰিণী

কাউৰ + ঈ = কাউৰী

পাত্ৰ + ঈ = পাত্ৰী

গোপ + ঈ = গোপী

ৰাক্ষক + ঈ = ৰাক্ষকী

ভালুক + ঈ = ভালুকী

কায়স্থ + অনী = কায়স্থনী

নাগ + অনী =  নাগিনী

ডাক্তৰ + অনী = ডাক্তৰনী। ইত্যাদি।

বিভক্তি (Inflection)

বাক্য গঠনত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে। উদাহৰণ–

ৰামে লিখিছে।

তাই কলেজলৈ গ’ল।

ওপৰৰ বাক্য দুটিৰ প্ৰথমটিত ‘ৰাম + এ = ৰামে’,  লিখ + ইছে =  লিখিছে, আৰু দ্বিতীয় বাক্যটিত কলেজ + অলৈ = কলেজলৈ’ হৈছে। এই ‘এ’, ‘হৈছে’ আৰু ‘লৈ’ এইবোৰেই বিভক্তিৰ চিন।

বিভক্তি দুইবিধ, যথা–

(ক) শব্দ বিভক্তি  আৰু 

(খ) ক্ৰিয়া বিভক্তি । 

বি: দ্ৰ: বিভক্তিৰ বিষয়ে পিছত বহলাই আলোচনা কৰা  হৈছে।

কৃত প্ৰত্যয় (Primary Affix)

ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ কৃদন্ত পদ গঠিত হয় সেইবোৰ প্ৰত্যয়কে কৃত প্ৰত্যয় বোলে।  উদাহৰণ–

চল + অন্ত = চলন্ত

কৰ + ওঁতা = কৰোঁতা

বাচ + অনি = বাচনি

বিচ + অনি = বিচনি 

ভোজ + অনীয়া =  ভোজনীয়া

দা + ণক = দায়ক। ইত্যাদি।

তদ্ধিত প্ৰত্যয় (Secondary Affix)

প্ৰতিপাদিকৰ পিছত বেলেগ বেলেগ অৰ্থত যুক্ত হৈ যি প্ৰত্যয়ে নতুন পদ গঠন কৰে তাকে তদ্ধিত প্ৰত্যয় বোলে। 

সাধাৰণতে তদ্ধিত প্ৰত্যয়বোৰ হ’ল– অতি, আইত, অতিয়া, অলীয়া, আৰুৱা, আঙ, আই, আল, আলি, অনি, অৰি, অৰিয়া ইত্যাদি। উদাহৰণ–

হয় বা পোৱা অৰ্থত ‘অতি’ প্ৰত্যয় হয়। যেনে–

বাপ + অতি = বাপতি

পাঁচ + অতি = পাঁচতি

বাব + অতি = বাবতি

পটু অৰ্থত  ‘আইত’ প্ৰত্যয় ব্যৱহাৰ হয়। যেনে–

অঘ + আইত = অঘাইত

গভ + আইত = গভাইত । ইত্যাদি।

বিয়পি থকা  অৰ্থত  ‘অনি’ প্ৰত্যয় ব্যৱহাৰ হয়। যেনে–

ধান + অনি = ধননি

বন + অনি = বননি

মাহ + অনি = মাহনি। ইত্যাদি

গুণবাচক   অৰ্থত  ‘অৰি’, ’অৰী’  আদি প্ৰত্যয় ব্যৱহাৰ হয়। যেনে–

ভাল + অৰি = ভালৰি

লগ + অৰি = লগৰী।

অভ্যাস বা পেশা  অৰ্থত  ‘অৰীয়া’   প্ৰত্যয় ব্যৱহাৰ হয়। যেনে–

বন + অৰীয়া = বনৰীয়া

নাও + অৰীয়া = নাৱৰীয়া

ভাও + অৰীয়া = ভাৱৰীয়া। ইত্যাদি।

অন্যান্য তদ্ধিত প্রত্যয়বোৰ তলত দিয়া ধৰণে ব্যৱহাৰ হয়–

গাওঁ + অলীয়া = গাঁৱলীয়া

চাফ + আই = চাফাই

তেজ + আল = তেজাল

ভোগ + আলী = ভোগালী

হাট + আৰুৱা = হাটৰুৱা

আগ + অতীয়া = আগতীয়া। ইত্যাদি।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) প্ৰত্যয় বুলিলে কি বুজা?

(২) প্ৰত্যয় কেইবিধ  আৰু কি কি?

(৩) স্ত্ৰী  প্ৰত্যয়  কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪) বিভক্তি কাক বোলে? উদাহৰণ দিয়া।

(৫) কৃত প্ৰত্যয় কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৬)  তদ্ধিত প্ৰত্যয় কাক বোলে?  উদাহৰণসহ বুজাই লিখা। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ২৭

বিভক্তি

বাক্য গঠনত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে। উদাহৰণ–

ৰামে পঢ়িছে।

সি বজাৰলৈ গ’ল।

ওপৰৰ বাক্য দুটিৰ প্ৰথমটিত ‘ৰাম + এ = ৰামে’,  পঢ়  + ইছে =  পঢ়িছে’, আৰু দ্বিতীয় বাক্যটিত ‘বজাৰ + অলৈ = বজাৰলৈ’  হৈছে। এই ‘এ’, ‘হৈছে’ আৰু ‘লৈ’ এইবোৰই হৈছে বাক্যত শব্দৰ লগত যোগ হোৱা বিভক্তিৰ চিন।

বিভক্তি দুইবিধ, যথা–

(১) শব্দ বিভক্তি  আৰু 

(২) ক্ৰিয়া বিভক্তি ।

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল। 

শব্দ বিভক্তি

বাক্য গঠনত শব্দৰ পিছত যোগ হোৱা বিভক্তিক শব্দ বিভক্তি বোলে। উদাহৰণ– 

কৰিমে (কৰিম + এ)  পঢ়িছে।

ডাঙৰক (ডাঙৰ + ক)  শ্ৰদ্ধা কৰিব লাগে।

শব্দ বিভক্তি সাত বিধ, যথা–

(১) প্ৰথমা বিভক্তি 

(২) দ্বিতীয়া বিভক্তি

(৩) তৃতীয়া বিভক্তি

(৪) চতুৰ্থী বিভক্তি

(৫) পঞ্চমী বিভক্তি

(৬) ষষ্ঠী বিভক্তি আৰু

(৭) সপ্তমী বিভক্তি

এই প্ৰত্যেকটো বিভক্তিৰে কিছুমান নিজা নিজা চিন আছে যি চিনবোৰৰ সহায়ত বিভক্তিসমূহ চিনাক্ত কৰিব পাৰি। তলত শব্দ বিভক্তিৰচিনবোৰ দিয়া হ’ল।

(১) প্ৰথমা বিভক্তি– অ, ই, এ।

(২) দ্বিতীয়া বিভক্তি–ক।

(৩) তৃতীয়া বিভক্তি–ৰে, দি, দ্বাৰা।

(৪) চতুৰ্থী বিভক্তি–অক্‌, লৈ।

(৫) পঞ্চমী বিভক্তি–পৰা।

(৬) ষষ্ঠী  বিভক্তি–ৰ।

(৭) সপ্তমী বিভক্তি–ত।

তলত ‘ল’ৰা’ শব্দৰ একবচনত বিভক্তিৰ চিনবোৰ কিদৰে যোগ হয় দেখুৱা হ’ল।

বিভক্তি বিভক্তিৰ চিন ‘ল’ৰা’ শব্দত প্ৰয়োগ

(১) প্ৰথমা—অ, ই, এ—ল’ৰা, ল’ৰাই, ল’ৰায়ে

(২) দ্বিতীয়া—ক—ল’ৰাক

(৩) তৃতীয়া—ৰে, দি, দ্বাৰা—ল’ৰাৰে, ল’ৰায়েদি, ল’ৰাৰ দ্বাৰা

(৪) চতুৰ্থী—অক্‌, লৈ—ল’ৰাক, ল’ৰালৈ

(৫) পঞ্চমী—পৰা—ল’ৰাৰ পৰা

(৬) ষষ্ঠী—ৰ—ল’ৰাৰ

(৭) সপ্তমী—ত—ল’ৰাত।

শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিশেষ্য আৰু সৰ্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটাব পাৰি।  উদাহৰণ–

বিশেষ্যএকবচনবহুবচন

ছোৱালী—ছোৱালীক—ছোৱালীেবাৰক

সৰ্বনাম—একবচন—বহুবচন

মই—মোক—আমাক

এনেদৰে শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিষেশ্য আৰু সৰ্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটোৱা কাৰ্যক  শব্দৰূপ (Declension of Words) বোলা হয়। তলত কেইটামান বিশেষ্য আৰু সবৰ্বনাম পদত সাতোটা বিভক্তি প্ৰয়োগ কৰি একবচন আৰু বহুবচন হোৱা শব্দৰ ৰূপান্তৰ দেখুৱা হ’ল।

ল’ৰা (বিশেষ্য শব্দ)

বিভক্তি একবচন বহুবচন

প্ৰথমা—ল’ৰা, ল’ৰায়ে—ল’ৰাবোৰ , ল’ৰােবাৰে

দ্বিতীয়াল’ৰাকল’ৰাবোৰক 

তৃতীয়াল’ৰাৰে, ল’ৰায়েদি, ল’ৰাৰ দ্বাৰাল’ৰাবোৰেৰে, ল’ৰাবোৰেদি,  ল’ৰাবোৰৰ দ্বাৰা

চতুৰ্থী—ল’ৰাক, ল’ৰালৈল’ৰাবোৰক, ল’ৰাবোৰলৈ

পঞ্চমী—ল’ৰাৰ পৰাল’ৰাবোৰৰ পৰা

ষষ্ঠী —ল’ৰাৰল’ৰাবোৰৰ 

সপ্তমী—ল’ৰাত—ল’ৰাবোৰত 

মই (সৰ্বনাম শব্দ– প্ৰথম পুৰুষ )

বিভক্তি—একবচন —বহুবচন

প্ৰথমা—মই, ময়েআমি, আমিয়ে

দ্বিতীয়ামোকআমাক

তৃতীয়া—মোৰে, মোৰ দ্বাৰা—আমাৰে, আমাৰ দ্বাৰা

চতুৰ্থী—মোক, মোলৈআমাক, আমালৈ

পঞ্চমী—মোৰ পৰা—আমাৰ পৰা

ষষ্ঠীমোৰআমাৰ

সপ্তমী—মোত—আমাত

তুমি (সৰ্বনাম শব্দ– দ্বিতীয় পুৰুষ )

বিভক্তিএকবচন বহুবচন

প্ৰথমা—তুমি, তুমিয়ে—তোমালোক, তোমালোকে

দ্বিতীয়া—তোমাক—তোমলোকক

তৃতীয়া—তোমাৰে, তোমাৰ দ্বাৰাতোমালোকেৰে, তোমালোকৰ দ্বাৰা  

চতুৰ্থী —তোমাক, তোমালৈ—তোমালোকক, তোমালোকলৈ

পঞ্চমী—তোমাৰ পৰা—তোমালোকৰ পৰা

ষষ্ঠী—তোমাৰ—তোমালোকৰ

সপ্তমী—তোমাত—তোমালোকত

তুমি (সবৰ্বনাম শব্দ– দ্বিতীয় পুৰুষ)

বিভক্তিএকবচন বহুবচন

প্ৰথমা—তাই, তায়ে—সিহঁত, সিহঁতে

দ্বিতীয়া—তাইকসিহঁতক

তৃতীয়া—তাইৰে,তাইদি, তাইৰদ্বাৰাসিহঁতৰে, সিহঁতেদি, সিহঁতৰদ্বাৰা

চতুৰ্থীতাইক, তাইলৈসিহঁতক, সিহঁতলৈ

পঞ্চমী—তাইৰ পৰা—সিহঁতৰ পৰা

ষষ্ঠী—তাইৰ—সিহঁতৰ

সপ্তমী—তাইত—সিহঁতত

ক্ৰিয়া বিভক্তি

ধাতুৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্ৰিয়া বিভক্তি বোলে। ক্ৰিয়া বিভক্তিক ধাতু বিভক্তি বুলিও কোৱা হয়। উদাহৰণ–

তাই ৰামায়ণ পঢ়িছে।

ইয়াত ‘পঢ়’ ধাতুত ‘ইছে’ যুক্তহৈ ‘পঢ়ি ছে’ ক্ৰিয়াটো সম্পন্ন হৈছে। সেইদৰে,

লিখ + ইছে =  লিখিছে

কৰ + ইছে = কৰিছে

ধৰ + ইছে = ধৰিছে।

বি: দ্ৰ: আদেশ দিয়া, অনুৰোধ কৰা বা উপদেশ দিয়া বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ হয় তাকে অনুজ্ঞা বোলে। অনুজ্ঞা কেৱল দ্বিতীয় আৰু তৃতীয় পুৰুষত, নিত্য বৰ্তমান আৰু ভৱিষ্যত কালতহে হয়। উদাহৰণ–

ইয়ালৈ আহা। (আদেশ)

অনুগ্ৰহ কৰি মোক সহায় কৰক। (অনুৰোধ)

কাকো অৱজ্ঞা নকৰিবা। (উপদেশ)

ধাতুৰ ক্ৰিয়া বিভক্তি যোগ কৰাৰ কিছুমান নিয়ম আছে। যথা–

১।  ও- কাৰান্ত ধাতুৰ পিছত ‘ও’ৰ ঠাইত ‘উ’ হয়। যেনে–

শো + ইছিলো = শুইছিলো

ধো + ইছিলো = ধুইছিলো

২।  ই- কাৰান্ত ধাতুৰ পিছত ‘অ’ বিভক্তি ‘য়’ ‘আ’ বিভক্তি ‘য়া’ আৰু ‘এ’ বিভক্তি ‘য়ে’ হয়। যেনে–

কি + অ = কিয়

দি + আ = দিয়া

দি + এ = দিয়ে

৩।  ব্যঞ্জনান্ত ধাতুৰ শেষ বৰ্ণত ক্ৰিয়া বিভক্তিৰ আদি স্বৰযোগ হয়। যেনে–

ধৰ + ইলো = ধৰিলো

কৰ + ইলো = কৰিলো।

৪।  অ, আ বা উ কাৰান্ত ধাতুৰ পিছত বিভক্তিৰ ‘অ’ ৰ ঠাইত ‘ৱ’ আৰু ‘আ’ ৰ ঠাইত ‘ৱা’ হয়। যেনে–

যা + আ = যাৱ

ৰো + আ = ৰোৱা

ৰো + অ = ৰোৱ।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) বিভক্তি কাক বোলে?

(২) বিভক্তি কেইবিধ  আৰু কি কি?

(৩) শব্দ বিভক্তি  কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪)  ক্ৰিয়া বিভক্তি কাক বোলে? উদাহৰণ দিয়া।  ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় -২৮

কাৰক

বাক্যত ক্ৰিয়াৰ সৈতে সম্বন্ধ থকা পদক কাৰক (Case) বোলে। যেনে-

“মন্ত্ৰীজনে বাসভৱনত তহবিলৰ পৰা টকা উলিয়াই নিজ হাতেৰে ৰাজনক পুৰস্কৃত কৰিলে।”

এই বাক্যটোৰ ‘পুৰস্কৃত কৰিলে’  ক্ৰিয়া পদটো সম্পন্ন হোৱাৰ ক্ষেত্ৰত – মন্ত্ৰীজনে বাসভৱনত তহবিলৰ পৰা টকা উলিয়াই নিজ হাতেৰে ৰাজনক-এই প্ৰত্যেকটো পদেই সহায় কৰিছে। ক্ৰিয়াটোক বিভিন্ন ধৰণে প্ৰশ্ন কৰিলে তলত দিয়া ধৰণে উত্তৰবোৰ পাম–

প্ৰশ্ন উত্তৰ

কোনে দান কৰিলে?মন্ত্ৰীয়ে।

কি দিছিল?টকা দিছিল।

কিহেৰে দিছিলনিজ হাতেৰে।

ক’ৰ পৰা দিছিল?তহবিলৰ পৰা।

ক’ত দিছিল?বাসভৱনত।

কাক দিছিল?ৰাজনক।

উল্লেখিত ছয়টা পদৰ প্ৰত্যেকৰে ‘পুৰস্কৃত কৰিলে’  -এই ক্ৰিয়া পদটোৰ লগত সম্বন্ধ আছে।  ইহতঁৰ প্ৰত্যেকটোৱেই একো একোটা কাৰক।

কাৰক ছয় প্ৰকাৰৰ, যথা–

(১) কৰ্তা কাৰক (Nominative Case) 

(২) কৰ্ম কাৰক (Accusative Case)

(৩) কৰণ কাৰক (Instrumental Case)

(৪) সম্প্ৰদান কৰাক (Dative Case)

(৫) অপাদান কাৰক (Ablative Case) আৰু

(৬) অধিকৰণ কাৰক (Locative Case )। 

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

কৰ্তা কাৰক (Nominative Case)

বাক্যত ক্ৰিয়া সম্পন্ন কৰোতাক কৰ্তা কাৰক বোলে। কৰ্তা কাৰকত প্ৰথমা বিভক্তি হয়। অকৰ্মক ক্ৰিয়াৰ কৰ্তাত বিভক্তি উহ্য থাকিব পাৰে। উদাহৰণ–

ৰামে কামটো কৰিছে।

উক্ত বাক্যটোত ‘কামটো কৰিছে’ ক্ৰিয়াটোৰ কৰ্তা ‘ৰাম’। গতিকে ‘ৰাম’ কৰ্তা কাৰক। আৰু ইয়াত প্ৰথমা বিভক্তি যোগ হৈছে।

কৰ্তাক দুটা ভাগত ভাগ কৰা হৈছে, যথা–

(ক) মুখ্য বা স্বতন্ত্ৰ কৰ্তা আৰু  (খ) প্ৰযোজক কৰ্তা।

যি কৰ্তাই নিজে ক্ৰিয়া সম্পন্ন কৰে তাকে মুখ্য কৰ্তা বা স্বতন্ত্ৰ কৰ্তা  বোলে। উদাহৰণ–

হৰেণে ৰামায়ন পঢ়িছে।  হৰিহৰে বল খেলিছে।

বি. দ্ৰ: বাক্যত ক্ৰিয়াটো অসমাপিকা হ’লে সেই ক্ৰিয়াক কেৱলীয়া কৰ্তা বোলে। উদাহৰণ–

সূৰ্য উদায় হোৱাত আমি ঘৰৰ পৰা বাহিৰ হ’লো।

সি পঢ়ি খেলি থাকোতে ৰাজন আহিছিল।

উক্ত বাক্য দুটিত ‘সূৰ্য’ আৰু  ‘সি’ কেৱলীয়া কৰ্তা।

আনহাতে পাঁচনী ক্ৰিয়াৰ কৰ্তাক পাঁচনী কৰ্তা আৰু যাক পাঁচি কাৰ্য কৰা হয় তাক প্ৰযোজক কৰ্তা বোলে। প্ৰযোজক কৰ্তাত কৰ্ম কাৰকৰ দ্বিতীয়া বিভক্তি যোগ হয়। উদাহৰণ–

ল’ৰাটোক মাকে গাখীৰ খুৱালে।  শিক্ষকে ছাত্ৰজনক কোৱালে।

কেতিয়াবা প্ৰযোজক কৰ্তাত কৰণ কাৰকৰ তৃতীয়া বিভক্তি যোগ হয়।উদাহৰণ–

দেউতাকে ছোৱালীজনীৰ হতুৱাই ৰুমটো ছাফা কৰিলে।

কৰ্ম কাৰক (Accusative Case)

কৰ্তাই যি কৰে বা যাৰ ওপৰত নিৰ্ভৰ কৰি কোনো কাৰ্য সম্পাদন কৰে তাকে কৰ্ম কাৰক বোলে। কৰ্ম কাৰকত দ্বিতীয়া বিভক্তি যোগ হয়। কিন্তু কেতিয়াবা ই লোপ পাব পাৰে।  উদাহৰণ–

শিক্ষকে ছাত্ৰক শাস্তি দিলে।

ইয়াত শাস্তি’ দিয়া কামটো ‘ছাত্ৰ’ৰ ওপৰত হৈছে। গতিকে ‘ছাত্ৰ’ কৰ্ম কাৰক।  ইয়াত দ্বিতীয়া বিভক্তি যোগ হৈছে। 

সজীৱ বা প্ৰাণীবাচক হ’লে বিভক্তিৰ চিন লোপ নাপায়।  উদাহৰণ–

ৰাইজে মিছলীয়াক শাস্তি দিছে।

ইয়াত ‘মিছলীয়া’ প্ৰাণীবাচক হোৱা হেতুকে ‘মিছলীয়া’ কৰ্মত দ্বিতীয়া বিভক্তি যোগ হৈছে।

কৰণ কাৰক (Instrumental Case)

যাৰ দ্বাৰা কৰ্তাই ক্ৰিয়া সম্পাদন কৰে তাকে কৰণ কাৰক বোলে। কৰণ কাৰকত তৃতীয়া বিভক্তি হয়।  উদাহৰণ– 

ৰামে কলমেৰে লিখিছে। 

ইয়াত ‘লিখিছে’ ক্ৰিয়া কলমৰ দ্বাৰা সম্পন্ন হৈছে। গতিকে কলমেৰে কৰণ কাৰক।  তেনেকৈ- 

হাতেৰে কৰিলেঁ।  গাড়ীৰ গ’লোঁ। লোৰে সজালোঁ। ইত্যাদি ।

কৰ্মবাচ্য আৰু ভাৱ বাচ্যত কৰ্তা তৃতীয়া বিভক্তি হয়।  উদাহৰণ–

হৰেনৰ দ্বাৰা কামটো কৰা হ’ল।

সম্প্ৰদান কৰাক (Dative Case)

যাক কোনো বস্তু নিজ স্বত্ব ত্যাগ কৰি দান কৰা হয় তেতিয়া দানৰ পাত্ৰক সম্প্ৰদান কাৰক বোলে। সম্প্ৰদান কাৰকত চতুৰ্থী বিভক্তি (অক, লৈ) যোগ হয়।  উদাহৰণ–

সি দুখীয়াক এশ টকা দিলে।

একলব্যই আঙুলি কাটি গুৰুলৈ দক্ষিণা আগবঢ়াইছিল। 

ইয়াত ‘দুখীয়াক’, ‘গুৰুলৈ’ – সম্প্ৰদান কাৰক। কিয়নো এই দুজনক কিবা দিয়া বুজাইছে।  অৱশ্যে কিবা দিয়া বুজালেই সম্প্ৰদান কাৰক নহ’ব; কিয়নো দাতাই নিজৰ সম্পূৰ্ণ স্বত্ব ত্যাগ কৰি কিবা বস্তু দিলেহে সম্প্ৰদান কাৰক হ’ব।

অপাদান কাৰক (Ablative Case)

য’ৰ পৰা ভয় পোৱা,  উৎপন্ন হোৱা, আৰম্ভ হোৱা, লজ্জিত হোৱা বা পৃথক হোৱা বোধ জন্মে তাকে অপাদান কাৰক বোলে। অপাদান কাৰকত পঞ্চমী বিভক্তি ‘পৰা’ যোগ হয়। উদাহৰণ–

পেট্ৰলিয়ামৰ পৰা কেৰাচিন তেল হয়। 

শিক্ষকজন শ্ৰেণীকোঠাৰ পৰা ওলাই গ’ল। 

তোমাক পাই তেওঁ ভয়ৰ পৰা ৰক্ষা পৰিল।

কুঁহিয়াৰৰ পৰা চেনি হয়। 

ডাৱৰৰ পৰা বৰষুণ হয়। 

অধিকৰণ কাৰক (Locative Case)

বাক্যত থকা ক্ৰিয়াৰ আধাৰকে অধিকৰণ কাৰক বোলে। আন কথাত য’ত বা যিহত ক্ৰিয়া সম্পাদিত হয় তাক অধিকৰণ কাৰক বোলে। অধিকৰণ কাৰকত সপ্তমী বিভক্তি ‘ত’ যোগ হয়। উদাহৰণ–

ৰামে নদীত গা ধুইছে। বাঘ হাবিত থাকে।  চোৰত বিশ্বাস নাই।

ইয়াত ‘গা ধোৱা’ কাম নদীত সম্পাদিত হৈছে। গতিকে ‘নদী’ অধিকৰণ কাৰক। এনেদৰে  ‘থাকে’ ক্ৰিয়া হাবিত সম্পাদিত হৈছে। গতিকে ‘হাবি’ অধিকৰণ কাৰক।

কিছুমান ব্যাকৰণবিদে অধিকৰণ কাৰকক প্ৰধানকৈ দুই ভাগত ভাগ কৰিছে, যথা–

(ক) আধাৰাধিকৰণ কাৰক আৰু

(খ) কালাধিকৰণ কাৰক।

যিবোৰ ক্ৰিয়াই একোটা আধাৰ বুজায় অৰ্থাৎ য’ত ক্ৰিয়া সম্পাদিত হয় তাকেই আধাৰাধিকৰণ কাৰক বোলে।  উদাহৰণ–

হাবিত বাঘ থাকে।  সাগৰত হাঙ্গৰ থাকে।

এই বাক্য দুটাত থকা ‘হাবিত’ আৰু ‘সাগৰত’ পদ দুটাক একোটা আধাৰ বুজাইছে।

আনহাতে যি ক্ৰিয়াই সম্পাদিত হোৱা সময়ক বুজায় তাক কালাধিকৰণ কাৰক বোলে।

বহাগত কুলিয়ে মাতে। শৰতত শেৱালী ফুলে। আহাৰত বৰষুণ হয়।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) কাৰক কাক বোলে?

(২) কাৰক  কেইবিধ  আৰু কি কি?

(৩) কৰ্তা কাৰক কাক বোলে? উদাহৰণসহ বুজাই লিখা। 

(৪) কৰ্ম কাৰক  কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৫) কৰণ কাৰক  কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৬) সম্প্ৰদান কাৰক কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৭) অপাদান কাৰক  কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৮) অধিকৰণ কাৰক কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৯) অধিকৰণ কাৰকক কেই ভাগত ভাগ কৰা হৈছে ? সূত্ৰ লিখি উদাহৰণ দিয়া।  ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অধ্যায় – ২৯ 

লিঙ্গ

যি চিনৰ দ্বাৰা প্ৰাণী বা বস্তুৰ মতা, মাইকী আদি বুজিব পাৰি বা চিনাক্ত কৰিব পাৰি তাকে লিঙ্গ (Gender) বোলে।  উদাহৰণ–

ল’ৰা ————- ছোৱালী

প্ৰেয়স ———–  প্ৰেয়সী

গাই ————–  ষাঁড়

মানুহজন —–  মানুহজনী

মতা হাতী —- মাইকী হাতী। 

অসমীয়া ভাষাত লিঙ্গক চাৰি ভাগত ভাগ কৰা হৈছে, যথা–

(১) পুংলিঙ্গ (Macsuline Gender) 

(২) স্ত্ৰীলিঙ্গ (Feminine Gender)

(৩) ক্লীৱলিঙ্গ (Neuter Gender) আৰু 

(৪) উভয় লিঙ্গ (Common Gender)

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(১) পুংলিঙ্গ (Macsuline Gender): পুৰুষ বা মতা  বুজোৱা শব্দবোৰক পুংলিঙ্গ বোলে। উদাহৰণ–

ককা, চাচা, দাদা, ভাই, দেউতা, ৰজা, মামা, খুড়া  ইত্যাদি।

(২) স্ত্ৰীলিঙ্গ (Feminine Gender): যিবোৰ শব্দই স্ত্ৰী বা মাইকীক বুজায় সেইবোৰ শব্দক স্ত্ৰীলিঙ্গ বোলে।  উদাহৰণ–

আই, তাই, পেহী, মাহী, আইতা, ৰাণী, লেখিকা, মা, ভনী, খুৰী,  ভালুকী  ইত্যাদি।

(৩) ক্লীৱলিঙ্গ (Neuter Gender): যিবোৰ শব্দই মতা বা মাইকী একোকে নুবুজায় সেইবোৰ শব্দক ক্লীবলিঙ্গ বোলে। সাধাৰণতে নিৰ্জীৱ বস্তু বা পদার্থবোৰক ক্লীৱলিঙ্গ বুলি ধ’ৰা হয়। উদাহৰণ–

কাগজ, কটাৰী, দা, বিচনী, কিতাপ, কলম, মেজ, চকী, পেঞ্চিল, গছ ইত্যাদি।

(৪) উভয় লিঙ্গ (Common Gender): যিবোৰ শব্দই মতা-মাইকী উভয়ক বুজায় সেইবোৰ শব্দক উভয় লিঙ্গ বোলে।  উদাহৰণ–

শিশু, মানুহ, গৰু, হাতী, ছাগলী, কুকুৰ, ঘোঁৰা, হাঁহ, পাৰ ইত্যাদি।

অসমীয়া ভাষাত প্ৰাণীবাচক শব্দৰ ক্ষেত্ৰত লিঙ্গ বিভাজনৰ ওপৰত গুৰুত্ব দিয়া হয়। অৱশ্যে অসমীয়া পুংলিঙ্গ বাচক শব্দবোৰক স্ত্ৰীলিঙ্গ বাচক শব্দলৈ পৰিণত কৰাৰ কিছুমান নিয়ম আছে। তলত সেইবোৰ উদাহৰণসহ আলোচনা কৰা হ’ল।

(১) অ-কাৰান্ত পুংলিঙ্গ বাচক শব্দৰ পাছত ‘আ’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

শ্ৰদ্ধেয় —– শ্ৰদ্ধেয়া

সভ্য —– সভ্যা

পৰিত্যক্ত —– পৰিত্যক্তা

অশিক্ষিত —– অশিক্ষিতা

পূজনীয় —– পূজনীয়া

নিষ্ঠুৰ  —– নিষ্ঠুৰ 

বিশিষ্ট —– বিশিষ্টা

প্ৰসিদ্ধ —– প্ৰসিদ্ধা

কৃশ —– কৃশা

প্ৰিয় —– প্ৰিয়া

বৃদ্ধ —– বৃদ্ধা

শিষ্য —– শিষ্যা

নিপুন —– নিপুনা

(২) জাতি বুজোৱা অ-কাৰান্ত  শব্দৰ পাছত ‘ঈ’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

ভালুক —– ভালুকী

হৰিণ —– হৰিণী

ব্রাহ্মণ  —– ব্রাহ্মণী

সিংহ —– সিংহী

ৰাক্ষস —– ৰাক্ষসী

দেৱ —– দেৱী

গোপ —– গোপী

বৈষ্ণৱ —– বৈষ্ণৱী

পাত্ৰ —– পাত্ৰী

ছাগল —– ছাগলী

পাগল —– পাগলী

কাউৰ —– কাউৰী

বান্দৰ —– বান্দৰী

ময়ূৰ —– ময়ূৰী।

(৩) স্ত্ৰীলিঙ্গত ‘আ’ প্ৰত্যয় যুক্ত ‘অক’ ভাগান্ত শব্দৰ ‘অক’ৰ ঠাইত ‘ইক’ হৈ স্ত্ৰী লিঙ্গ হয়।যেনে–

পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

বালক —– বালিকা

পাঠক —– পাঠিকা

অধ্যাপক —– অধ্যাপিকা

সেৱক —– সেৱিকা

লেখক —– লেখিকা

নায়ক —– নায়িকা

গায়ক —– গায়িকা

সম্পাদক —– সম্পাদিকা

সাধক —– সাধিকা

গ্ৰাহক —– গ্ৰাহিকা।

(৪) আ-কাৰান্ত পুংলিঙ্গ বাচক শব্দত (গুণ, জাতি, সম্বন্ধবাচক শব্দৰ ক্ষেত্ৰত) ‘ঈ’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে—

পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

পঠা —– পাঠী

মিতা —– মিতিনী

ক’লা —– ক’লী

মহা —– মাহী

বৰা —– বৰানী

বেটা  —–বেটী

মামা —– মামী

কণা —– কাণী

আঁকৰা —– আঁকৰী

বৰুৱা —– বৰুৱানী

কান্দুৰা —– কান্দুৰী

বেঙা  —– বেঙী

অজলা —– আজলী

ঠেহুলা —– ঠেহুলী

বগা —– বগী

লোধোমা —– লুধুমী

(৫) পদবী, জাতি, সম্প্ৰদায়সূচক শব্দত ‘অনী’ প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

বৰুৱা —– বৰুৱানী

শইকীয়া —– শইকীয়ানী

মাষ্টৰ —– মাষ্টৰনী

ডাক্তৰ —– ডাক্তৰনী

কলিতা —– কলিতানী

মেতৰ —– মেতৰনী

আহোম —– আহোমনী

চাকৰ —– চাকৰনী

কায়স্থ —– কায়স্থনী

ফুকন —– ফুকননী

নাপিত —– নাপিতনী ।

(৬) কিছুমান পদবী, জাতি, সম্প্ৰদায়সূচক পুংলিঙ্গ শব্দত ‘অনী’ৰ পৰিবৰ্তে ‘ইনী’  প্ৰত্যয় যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

বাঘ —– বাঘিনী

নাগ —– নাগিনী

হাঁহ —– হাঁহিনী

শিয়াল —– শিয়ালী

ৰাক্ষস —– ৰাক্ষসিনী

গোপ —– গোপিনী

(৭) পুংলিঙ্গ শব্দৰ পৰৱৰ্তী অংশত ‘ৱন্ত’, ‘ৱান’, ‘মন্ত’, ‘মান’, আৰু ‘ইয়স’ থাকিলে ক্ৰমে ‘ৱতী’, ‘ৱন্তী’, ‘মতী’, আৰু ‘ঈয়স’ যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

ৰূপৱান —– ৰূপৱতী

ৰূপৱন্ত —– ৰূপৱন্তী

গৰিয়স —– গৰিয়সী

প্ৰেয়স —– প্ৰেয়সী

পুত্ৰৱান —– পুত্ৰৱতী

শ্ৰীমান —– শ্ৰীমতী

ভাগ্যৱান —– ভাগ্যৱতী

গুণৱান —– গুণৱতী

গুণৱন্ত —– গুণৱন্তী

মহীয়স —– মহীয়সী।

(৮) লিঙ্গসূচক শব্দৰ আগত ‘মতা’ আৰু ‘মাইকী’ শব্দ বহুৱাই পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

মতা গৰু —– মাইকী গৰু

মতা কুকুৰ —– মাইকী কুকুৰ

মতা হাতী —– মাইকী হাতী

মতা মানুহ —– মাইকী মানুহ

মতা সন্তান —– মাইকী সন্তান

মতা হাঁহ —– মাইকী হাঁহ

মতা বন্ধু —– মাইকী বধূ

মতা সিংহ —– মাইকী সিংহ

মতা বাঘ —– মাইকী বাঘ

মতা ঘোঁৰা —– মাইকী ঘোঁৰা।

(৯) লিঙ্গসূচক শব্দৰ পাচত ‘টো’ আৰু ‘জন’ শব্দ বহুৱাই পুংলিঙ্গ আৰু ‘জনী’ যোগ কৰি স্ত্ৰীলিঙ্গ কৰা হয়।যেনে–

পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

ঘোঁৰাটো —– ঘোঁৰাজনী

হাঁহটো —– হাঁহজনী

মানুহজন —– মানুহজনী

কুকুৰটো —– কুকুৰজনী

গৰুটো —– গৰুজনী ।

(১০) হ্রস্ব ই-ক কাৰান্ত শব্দ দীৰ্ঘ ঈ- কাৰান্ত কৰি স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

ৰান্ধনি —– ৰান্ধনী

মঙ্গলতি —– মঙ্গলতী

সখি —– সখী

শিপিনি —– শিপিনী

(১১) কিছুমান লিঙ্গসূচক শব্দৰ লগত ‘আনী’ প্ৰত্যয় যোগ কৰি  স্ত্ৰীলিঙ্গ কৰা হয়। যেনে–

পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

আচাৰ্য —– আচাৰ্যানী

ইন্দ্ৰ —– ইন্দ্ৰানী

ক্ষত্ৰিয় —– ক্ষত্ৰিয়ানী

মাতুল —– মাতুলনী

ডাঙৰীয়া —– ডাঙৰীয়ানী

উপাধ্যায় —– উপাধ্যায়ানী

ৰুদ্ৰ —– ৰুদ্ৰানী

হিম —– হিমানী

(১২) কিছুমান ক্ষেত্ৰত বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰি পুংলিঙ্গ আৰু স্ত্ৰীলিংগ কৰা হয়। যেনে–

পুংলিঙ্গ —– স্ত্ৰীলিঙ্গ

সভাপতি —– সভানেত্ৰী

বন্দী  —– বেটী

মোমাই —– মামী

ককা —– আইতা

মৰদ —– তিৰী

দমৰা —– চেউৰী

ভিনীহি —– বাইদেউ

দদাই —– খুৰী

ককাই —– বৌ

পিতা —– মাতা

শৰ —– ভেলেঙী

স্বামী —– স্ত্ৰী

সি  —– তাই

বিয়ৈ —– বিয়নী

নৰ —– নাৰী

পৈ  —– ঘৈনী

বোন্দা —– জাঁই

চাহাব  —– মেম

আতা —– আবু

নেতা —– নেতৃ

মুনিহ —– তিৰোতা

পতি —– পত্নী

পুৰুষ —– স্ত্ৰী, মহিলা

ভাই —– ভনী, ভগ্নী

ল’ৰা —– ছোৱালী

পুতেক —– জীয়েক

ডেকা —– গাভৰু

গিৰিয়েক —– ঘৈনীয়েক

পিতৃ —– মাতৃ

দেওৰ —– ননদ

গগৈ —– আইচু

দতাঁল —– মাখুন্দী

বলদ —– গাই

দৰা —– কন্যা

পুথাও —– এনাই

শহুৰ —– শাহু।

অসমীয়া ব্যাকৰণ ক অংশ

অনুশীলনী

(১) লিঙ্গ কাক বোলে?

(২) লিঙ্গ কেইবিধ  আৰু কি কি?

(৩) কি কি উপায়ে পুংলিঙ্গবাচক শব্দবোৰক স্ত্ৰীলিঙ্গবাচক শব্দলৈ ৰূপান্তৰ কৰা হয়? উদাহৰণসহ বুজাই লিখা।

(৪) তলত দিয়াবোৰৰ  লিংগ পৰিৱৰ্তন কৰা–

ভাই, ঘোঁৰা, ছোৱালী, ইন্দ্ৰানী, মতা কুকুৰ, সেৱক, লেখক, নায়িকা, গায়ক, সম্পাদিকা, ক্ষত্ৰিয়ানী, মিতিনী, ক’লী, মাহী, মাতুলনী। ০ ০ ০

অসমীয়া ব্যাকৰণ ক অংশ Assamese Grammar Part A

অসমীয়া ব্যাকৰণ ক অংশ সমাপ্ত

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

  1. অসমীয়া ব্যাকৰণ
  2. অসমীয়া ৰচনা
  3. সমালোচনা সাহিত্য
  4. ভাষা অধ্যয়নৰ ইতিহাস

 

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here