Home Ass Grammar অসমীয়া শব্দৰ গঠণ আৰু তাৰ ভাগ | Asomiya Sabdar Gathan Aru Bhag

অসমীয়া শব্দৰ গঠণ আৰু তাৰ ভাগ | Asomiya Sabdar Gathan Aru Bhag

0

অসমীয়া শব্দৰ গঠণ আৰু তাৰ ভাগ

অসমীয়া শব্দৰ গঠণ আৰু তাৰ ভাগ  Asomiya Sabdar Gathan Aru Bhag

অসমীয়া শব্দৰ গঠণ আৰু তাৰ ভাগ

অসমীয়া শব্দৰ গঠণ আৰু তাৰ ভাগ | Asomiya Sabdar Gathan Aru Bhag

শব্দ ভাণ্ডাৰৰ পিনৰ পৰা অসমীয়া ভাষা বৰ্তমান এক চহকী ভাষা। এই ভাষাত ব্যৱহাৰ হোৱা শব্দবোৰৰ কিছুমান মূল শব্দ, কিছুমান ধাতু আৰু কিছুমান অন্য শব্দৰ লগত প্ৰত্যয় যোগ হৈ গঠিত হয়। এনেদৰে গঠন হোৱা অসমীয়া শব্দবোৰক তিনি ভাগত ভাগ কৰা হৈছে, যথাঃ

(১) কৃদন্ত শব্দ,

(২) তদ্ধিতান্ত শব্দ আৰু 

(৩) সমাসনিষ্পন্ন শব্দ।

কৃদন্ত শব্দ

ধাতুৰ পিছত ‘কৃত’ প্ৰত্যয় যোগ হৈ গঠন হোৱা শব্দক কৃদন্ত শব্দ বোলে। যেনে–

অসমীয়া কৃদন্ত শব্দ–

খা + অন = খাৱন,

বিচ + অনী = বিচনী,

লিখ + আৰু = লিখাৰু

খুন্দ + অনা = খুন্দনা,

শো + অন = শোৱন।

সংস্কৃত কৃদন্ত শব্দ–

কৃ+ তব্য= কৰ্তব্য,

পাঠ + ঘঞ = পাঠ

কৃ + যৎ = কাৰ্য।

তদ্ধিতান্ত শব্দ

প্ৰাতিপদিকৰ পাছত তদ্ধিত প্ৰত্যয় যোগ হৈ  নিষ্পন্ন হোৱা শব্দক তদ্ধিতান্ত শব্দ বো লে। যেনে–

অসমীয়া তদ্ধিতান্ত শব্দ–

বন + অনি  =  বননি,

নাওঁ + অৰীয়া  =  নাৱঁৰীয়া,

তল + অতীয়া  =  তলতীয়া

বাট  + অৰুৱা  =  বাটৰুৱা।

সংস্কৃত তদ্ধিতান্ত শব্দ–

মেধা  + বিন  =  মেধাবী,

কুৰু  +  ঞ্চ  =  কৌৰৱ

পাণ্ডু + ঞ্চ =  পাণ্ডৱ,

মধুৰ  +  ইমন  = মধুৰিমা।

সমাসনিষ্পন্ন শব্দ

অসমীয়া সমাস নিষ্পন্ন শব্দবোৰ  সংস্কৃত ভাষাৰ পৰা আহিছে। যেনে-

নীল অম্বৰ যাৰ = নীলাম্বৰ

পঙ্কত যি জন্মে = পঙ্কজ,

নীলা লোচন যাৰ = নীলাচল।

অন্যান্য অসমীয়া সমাস নিষ্পন্ন শব্দ কিছুমান হ’ল:

চুলিয়াচুলি, ঢেঁকেয়ীপতীয়া, হাতদীঘল ইত্যাদি।

অসমীয়া শব্দৰ গঠণ আৰু তাৰ ভাগ

অনুশীলনী

(১) গঠন অনুযায়ী অসমীয়া ভাষাৰ শব্দবোৰক কেই ভাগত ভাগ কৰা হৈছে?

(২) কৃদন্ত শব্দ কাক বোলে ? উদাহৰণ দিয়া।

(৩) তদ্ধিতান্ত শব্দ কাক বোলে? উদাহৰণ দিয়া।

(৪) অসমীয়া সমাস-নিষ্পন্ন শব্দ কিছুমানৰ উদাহৰণ দিয়া। ০ ০ ০

অসমীয়া শব্দৰ গঠণ আৰু তাৰ ভাগ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here