Home Quiz অসমৰ ধৰ্ম আৰু উৎসৱ কুইজ

অসমৰ ধৰ্ম আৰু উৎসৱ কুইজ

0

অসমৰ ধৰ্ম আৰু উৎসৱ কুইজ

অসমৰ ধৰ্ম আৰু উৎসৱ কুইজ

 

অসমৰ ধৰ্ম আৰু উৎসৱ কুইজ

অসমৰ ধৰ্ম আৰু উৎসৱ কুইজ

প্ৰঃ ধৰ্ম বুলিলে কি বুজা?

উঃ ধৰ্ম হৈছে দৈৱ অনুপ্ৰাণিত কোনো ব্যক্তিৰ দ্বাৰা প্ৰনয়ণ কৰা এক জীৱন পদ্ধতি।

প্ৰঃ ‘পঞ্চতীৰ্থ‘ কি?

উঃ গুৱাহাটী মহানগৰত থকা পাঁচোটা মন্দিৰ যথা- কামাখ্যা, উমানন্দ, নৱগ্ৰহ, উগ্ৰতৰা আৰু অশ্বক্লান্ত মন্দিৰক একেলগে পঞ্চতীর্থ বুলি কোৱা হয়।

প্ৰঃ গুৱাহাটীৰ কোন মন্দিৰ জনাৰ্দন দেৱালয়ৰ ওচৰত অৱস্থিত?

উঃ শুক্ৰেশ্বৰ মন্দিৰ।

অসমৰ ধৰ্ম আৰু  উৎসৱ কুইজ

প্ৰঃ গোপেশ্বৰ দেৱালয় ক’ত অৱস্থিত?

উঃ তেজপুৰত।

প্ৰঃ বিল্বেশ্বৰ দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত?

উঃ নলবাৰীৰ বেলশৰ নামে ঠাইত।

প্ৰঃ ‘গোপেশ্বৰ মন্দিৰ’ক আন কি নামেৰে জনা যায়?

উঃ গুপ্তেশ্বৰ মন্দিৰ।

প্ৰঃ অসমত কোন ধৰ্মৰ লোক বেছি?

উঃ হিন্দু ধৰ্ম।

প্ৰঃ মাধৱদেৱ কোন?

উঃ শংকৰদেৱৰ প্ৰধান শিষ্য আৰু ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰক।

প্ৰঃ বৈষ্ণৱ ধৰ্মৰ মুখ্য অনুষ্ঠানসমূহ কি কি?

উঃ সত্ৰ আৰু নামঘৰ।

প্ৰঃ মহাপুৰুষ শংকৰদেৱে ক’ত জন্ম গ্ৰহণ কৰিছিল?

উঃ নগাওঁ জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত।

প্ৰঃ মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?

উঃ 1449 চনত।

প্ৰঃ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ এজন অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী গোপালদেৱৰ দ্বাৰা অসমত কিমানখন সত্ৰ প্রতিষ্ঠা কৰা হৈছিল?

উঃ 12 টা।

প্ৰঃ অসমৰ প্ৰধান ধৰ্ম সংস্কাৰকজনৰ নাম কি?

উঃ শ্ৰীমন্ত শংকৰদেৱ।

প্ৰঃ শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?

উঃ এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম।

প্ৰঃ শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মৰ প্ৰধান মূলমন্ত্ৰ কি?

উঃ ‘এক দেৱ এক সেৱ, এক বিনে নাই কেৱ।’

প্ৰঃ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন ধৰ্মৰ লোকসকলৰ পৱিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়?

উঃ হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ।

প্ৰঃ অসমৰ কোনখন স্থানক হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মৰ লোকসকলৰ একমাত্ৰ মিলনভূমি বুলি কোৱা হয়?

উঃ হাজো।

প্ৰঃ শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয়?

উঃ বৰগীত।

প্ৰঃ আজান পীৰৰ দৰগাহ ক’ত অৱস্থিত?

উঃ শিৱসাগৰৰ শৰাগুৰিত।

প্ৰঃ শংকৰদেৱে ক’ত মহাপ্ৰয়াণ লাভ কৰিছিল?

উঃ কোচবিহাৰত।

প্ৰঃ বিহুৰ আগদিনাক কি বুলি কোৱা হয়?

উঃ উৰুকা।

প্ৰঃ কোন বিহুৱে নৱবৰ্ষৰ সূচনা কৰে?

উঃ বহাগ বিহুৱে।

প্ৰঃ গাগনি কি?

উঃ অসমীয়া সমাজত নৱজাতক এটিৰ জন্মৰ এঘাৰ দিনৰ দিনা পালন কৰা উৎসৱ।

প্ৰঃ বহাগ বিহুৰ দ্বিতীয় দিনটোক কি বিহু বুলি কোৱা হয়?

উঃ মানুহ বিহু।

প্ৰঃ দৌল উৎসৱক নামনি অসমত কি উৎসৱ বুলি কোৱা হয়?

উঃ হোলি উৎসৱ।

প্ৰঃ খেতিয়কসকলে কেতিয়া পথাৰত আকাশ বন্তি জ্বলায়?

উঃ কাতি বিহুত।

প্ৰঃ ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোক কি উৎসৱ বুলি কোৱা হয়?

উঃ বাইখো উৎসৱ।

প্ৰঃ টুচু পূজা কি?

উঃ ‘টুচু পূজা’ হৈছে অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা এক উল্লেখযোগ্য উৎসৱ।

প্ৰঃ কোন মাহত মাধৱদেৱৰ তিথি পালন কৰা হয়?

উঃ ভাদ মাহত।

প্ৰঃ শংকৰদেৱক কোন নদীৰ পাৰত সৎকাৰ কৰা হৈছিল?

উঃ তৰোচা নদীৰ পাৰত।

প্ৰঃ শস্যৰ খেতি চপোৱাৰ লগত জড়িত থকা অসমৰ  উৎসৱটো কি?

উঃ বিহু।

অসমৰ ধৰ্ম আৰু  উৎসৱ কুইজ

প্ৰঃ শংকৰদেৱৰ জন্মোৎসৱ কেতিয়া পালন কৰা হয়?

উঃ আহিন মাহত পূৰ্ণিমা তিথিত।

প্ৰঃ কোন বিহুক ৰঙালী বিহু বুলি কোৱা হয়?

উঃ বহাগ বিহুক।

প্ৰঃ কঙালী বিহু কাক কোৱা হয়?

উঃ কাতি বিহুক।

প্ৰঃ ভোগালী বিহু কাক কয়?

উঃ মাঘ বিহুক।

প্ৰঃ ‘আলি- আই- লৃগাং’ উৎসৱৰ মুখ্য আকৰ্ষণ কি?

উঃ গুমৰাগ নৃত্য।

প্ৰঃ ৰঙালী বিহুৰ প্ৰথম দিনাক কি বিহু বুলি কোৱা হয়?

উঃ গৰু বিহু।

প্ৰঃ কোন বিহুত গৰুক নতুন পঘাৰে বন্ধা হয়?

উঃ বহাগ বিহত।

প্ৰঃ বহাগ বিহুৰ শেষ দিনটোত কি বিহু বুলি কোৱা হয়?

উঃ চেৰা বিহু।

প্ৰঃ বড়ো-কছাৰীসকলে পালন কৰা ‘বৈশাগু’ উৎসৱৰ লগত জড়িত নৃত্য বিধৰ নাম কি?

উঃ বৈশাগু নৃত্য।

প্ৰঃ বহাগী আৰু বিহু উৎসৱৰ গুৰুত্বপূৰ্ণ অংশটো কি?

উঃ দেওধানী নৃত্য।

প্ৰঃ মেজি কি?

উঃ মাঘ বিহুৰ আগদিনা প্রীতিভোজ খোৱাৰ বাবে ৰাতি মানুহে একেলগ হৈ খেৰ- নৰাৰে এক ঘৰ সাজে ইয়াকে ‘মেজি’ বোলে।

প্ৰঃ ‘আলি-আই-লৃগাং’ কোন জনগোষ্ঠীৰ উৎসৱ?

উঃ মিচিং জনগোষ্ঠীৰ।

অসমৰ ধৰ্ম আৰু  উৎসৱ কুইজ

প্ৰঃ ৰজনী গোব্রা আৰু হাৰ্নি গোব্রা কোন জনগোষ্ঠীৰ উৎসৱ?

উঃ ডিমাচা জনগোষ্ঠীৰ।

প্ৰঃ ‘বৈশাগু’ কোন জনগোষ্ঠীৰ উৎসৱ?

উঃ বড়ো আৰু কছাৰীসকলৰ।

প্ৰঃ ‘ৰংকাৰ’ কোন জনগোষ্ঠীৰ উৎসৱ?

উঃ কার্বি জনগোষ্ঠীৰ।

প্ৰঃ ‘বাইখো’ কোন জনগোষ্ঠীৰ উৎসৱ?

উঃ দেউৰীসকলৰ।

প্ৰঃ চকলং অনুষ্ঠানত কেইটা বন্তি জ্বলোৱা হয়?

উঃ 101 টা।

প্ৰঃ কামাখ্য দেৱীৰ মন্দিৰত ‘তান্ত্ৰিক শক্তিৰ ধৰ্মীয় আনুষ্ঠানিকতাৰে পালন কৰা অদ্বিতীয় উৎসৱটো কি?

উঃ অম্বুবাচী মেলা।

প্ৰঃ কোনজন অসমীয়া চলচিত্ৰ নিৰ্মাতাই পোন প্ৰথমবাৰ বিহু পতাকা অংকন কৰিছিল?

উঃ নিপ বৰুৱাই।

প্ৰঃ অসমৰ জাতীয় উৎসৱ কি?

উঃ বিহু।

প্ৰঃ শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ কৰে?

উঃ 119 বছৰ বয়সত।

প্ৰঃ অসমীয়া সমাজত কোন জীৱক উৰ্বৰতাৰ প্ৰতীক হিচাপে বিশ্বাস কৰে?

উঃ মাছক।

প্ৰঃ অসমীয়া মানুহে কোন জন্তু বাটত দেখিলে যাত্ৰা মংগলময় হয় বুলি বিশ্বাস কৰে?

উঃ হাতী।

প্ৰঃ অসমত সামাজিক আৰু ধৰ্মীয় আন্দোলনৰ গুৰি ধৰোঁতা মুছলমান সাধু পুৰুষজনৰ নাম কি?

উঃ আজান পীৰ (আজান পীৰক ‘শ্বাহ আউলীয়া’ বুলিও কোৱা হয়।)

প্ৰঃ বশিষ্ঠাশ্ৰমৰ পুখুৰীত গা-ধোৱাৰ তাৎপৰ্য কি?

উঃ এই পুখুৰীত গা ধূলে দীৰ্ঘ জীৱন লাভ হয় বুলি বহুতে বিশ্বাস কৰে।

প্ৰঃ তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক কি?

উঃ গামোচা।

প্ৰঃ অসমীয়া পুৰুষসকলে পৰিধান কৰা মুখ্য পোছাক কি?

উঃ ধুতি-চুৰিয়া।

প্ৰঃ অসমীয়া মহিলাৰ প্ৰধান সাজ-পোছাক কি?

উঃ মেখেলা-চাদৰ।

প্ৰঃ অসমীয়া সমাজত বিয়াৰ আগদিনা ৰাতি পালন কৰা অনুষ্ঠানটোৰ নাম কি?

উঃ অধিবাস।

প্ৰঃ আহোমসকলৰ বিবাহ উৎসৱক কি বুলি কোৱা হয়?

উঃ চকলং।

অসমৰ ধৰ্ম আৰু উৎসৱ কুইজ

প্ৰঃ অসমীয়া সমাজত বিয়াৰ ‘জোৰোণ’ অনুষ্ঠানত কইনালৈ দৰা ঘৰৰ পৰা গহণা আৰু কাপোৰৰ সৈতে কি পঠোৱা হয়?

উঃ মাছ।

প্ৰঃ নৃত্য পৰিবেশনৰ সময়ত অসমীয়া তিৰোতাই হাতত কি পিন্ধে?

উঃ গাম খাৰু।

প্ৰঃ অসমৰ সত্ৰীয়া নৃত্যই কোন বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে?

উঃ 2000 চনত।

প্ৰঃ অসমৰ সর্বোচ্চ শিৱ মন্দিৰ কোনটো?

উঃ শিৱসাগৰৰ শিৱদৌল।

প্ৰঃ পোৱা মক্কা ক’ত? 

উঃ হাজোত।

প্ৰঃ হাজেত থকা পোৱা মক্কাৰ মছজিদটো কোনে প্রতিষ্ঠা কৰিছিল?

উঃ গিয়াচ উদ্দিন আউলীয়া নামৰ এজন মুছলমান সাধুয়ে।

প্ৰঃ ‘নৱগ্ৰহ মন্দিৰ’ ক’ত অৱস্থিত?

উঃ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত।

প্ৰঃ কামাখ্যা মন্দিৰৰ আন নাম কি?

উঃ যোনী পীঠ।

প্ৰঃ কামাখ্য দেৱীৰ মন্দিৰটো কি পূজাৰ বাবে বিখ্যাত?

উঃ শক্তি পূজা।

প্ৰঃ মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল?

উঃ বনাসুৰ নামে এজন ৰজাই।

প্ৰঃ নটা গ্ৰহৰ মন্দিৰ কোনটো?

উঃ নৱগ্ৰহ মন্দিৰ।

প্ৰঃ ভাৰতৰ সৰ্ববৃহৎ শিৱলিঙ্গটো কোন মন্দিৰত অৱস্থিত?

উঃ অসমৰ মহাভৈৰৱ মন্দিৰত।

প্ৰঃ অসমৰ খাজুৰাহো কি?

উঃ অসমৰ কামাখ্যা মন্দিৰক ‘খাজুৰাহো’ বুলি কোৱা হয়।

প্ৰঃ অসমৰ সৰ্ববৃহৎ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কোনটো?

উঃ কামাখ্যা মন্দিৰ।

প্ৰঃ উমানন্দ এটা শিৱ মন্দিৰনে?

উঃ হয়।

প্ৰঃ শিৱদ’ল, বিষ্ণুদ’ল আৰু দেৱীদ’ল অসমৰ ক’ত অৱস্থিত?

উঃ শিৱসাগৰত।

প্ৰঃ অসমীয়া সমাজত ল’ৰা সন্তান জন্ম হ’লে সন্তানৰ পিতৃ-মাতৃয়ে কোনবিধ খাদ্য বস্তু আশীৰ্বাদৰ কামনা হিচাপে বিতৰণ কৰে?

উঃ মাছ।

প্ৰঃ বিহুৰ গামোছাত তোলা ৰঙা ফুল কিহৰ প্ৰতীক?

উঃ উবৰ্বৰতাৰ প্ৰতীক।

প্ৰঃ অসমীয়া সমাজত দৰা ঘৰে বিয়াৰ আগদিনা কইনা ঘৰলৈ গহনা, মাছ, কাপোৰ, ইত্যাদি পঠিওৱাৰ নিয়মটোক কি বুলি কোৱা হয়?

উঃ জোৰোণ।

প্ৰঃ অসমীয়া সমাজত পৰিয়াল সমূহৰ শ্ৰেণী বিভাজনক কি বুলি কোৱা হয়?

উঃ গোত্ৰ।

অসমৰ ধৰ্ম আৰু  উৎসৱ কুইজ

প্ৰঃ অসমীয়া সমাজত মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠানৰ পাছত মাছ মাংসৰে ভোজ-ভাত খুওৱা হয়। এই অনুষ্ঠানটোক কি বুলি কোৱা হয়?

উঃ মৎস স্পৰ্শ।

প্ৰঃ আঠ মঙলা’ কি?

উঃ ‘আঠ মঙলা’ হ’ল বিয়াৰ আঠ দিন পিছত কইনাক  দৰাৰ ঘৰলৈ নিয়া অনুষ্ঠান।

প্ৰঃ ‘চিতি-পাতি’ কি?

উঃ ‘চিতি-পাতি’ হৈছে অসমীয়া মহিলাসকলে কপালত পিন্ধা এবিধ অলংকাৰ।

প্ৰঃ অসমীয়া সমাজত অনুষ্ঠানত মৃতকৰ ক্ৰিয়া-কৰ্মসূচক অনুষ্ঠানটোক কি বুলি কোৱা হয়?

উঃ শ্ৰাদ্ধ।

প্ৰঃ অসমীয়া সমাজত শিশুৰ জন্ম হোৱাৰ এঘাৰ দিনৰ দিনা প্ৰথম বাহিৰলৈ উলিয়াই অনা উৎসৱটোক কি বুলি কোৱা হয়?

উঃ শুদ্ধি।

প্ৰঃ উমানন্দ মন্দিৰটো ক’ত অৱস্থিত?

উঃ ভষ্মাচল পাহাৰত।

প্ৰঃ উমানন্দ মন্দিৰটো কেতিয়া স্থাপন কৰা হৈছিল?

উঃ  1694 চনত।

প্ৰঃ নামঘৰৰ মুখ্য ভেটি কি?

উঃ লাই-খুঁটা।

প্ৰঃ কিমান চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল?

উঃ 1665 চনত।

প্ৰঃ কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল?

উঃ কোচ ৰজা মহাৰাজ নৰনাৰায়ণে।

প্ৰঃ সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত?

উঃ গোৱালপাৰাত।

প্ৰঃ অশ্বক্লান্ত মন্দিৰ ক’ত অৱস্থিত?

উঃ উত্তৰ গুৱাহাটীত।

প্ৰঃ কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত?

উঃ গুৱাহাটীৰ নীলাচল পাহাৰত।

প্ৰঃ কামাখ্যা মন্দিৰৰ সন্মুখ ভাগত থকা পুখুৰীটোৰ নাম কি?

উঃ সৌভাগ্য কুণ্ড।

প্ৰঃ অসমৰ ক’ত ‘পঞ্চপীৰৰ দৰগাহ’ অৱস্থিত?

উঃ ধুবুৰীত।

অসমৰ ধৰ্ম আৰু  উৎসৱ কুইজ

প্ৰঃ গুৱাহাটীত নিৰ্মিত ভগৱান ভেংকটেশ্বৰৰ মন্দিৰটোৰ নাম কি?

উঃ তিৰুপতি বালাজী মন্দিৰ।

প্ৰঃ নামঘৰৰ তিনিটা অংশ কি কি?

উঃ পদূলি, হলঘৰ আৰু মণিকূট।

প্ৰঃ উৰ্বশী কুণ্ডত কোন মন্দিৰ অৱস্থিত?

উঃ উমানন্দ মন্দিৰ।

প্ৰঃ তাম্ৰেশ্বৰ মন্দিৰটো ক’ত অৱস্থিত?

উঃ শদিয়াত।

প্ৰঃ শুক্ৰেশ্বৰ মন্দিৰটো কিমান চনত নিৰ্মাণ কৰা হয়?

উঃ 1744 চনত (প্রমত্ত সিংহই নিৰ্মাণ কৰে)।

প্ৰঃ উমানন্দ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয়?

উঃ গদাধৰ সিংহৰ দিনত।

প্ৰঃ নৱগ্ৰহ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয়?

উঃ স্বৰ্গদেও ৰাজেশ্বৰ সিংহৰ দিনত।

প্ৰঃ মহাভৈৰৱ মন্দিৰ ক’ত অৱস্থিত?

উঃ তেজপুৰত।

প্ৰঃ টুক্ৰেশ্বৰী দেৱালয় ক’ত অৱস্থিত?

উঃ গোৱালপাৰাত।

প্ৰঃ গুৱাহাটীৰ কৃষ্ণ মন্দিৰ ক’ত অৱস্থিত?

উঃ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত।

প্ৰঃ গোৱালপাৰা চহৰখনক দ্বিতীয় কাশী বনাবলৈ সূৰ্য পাহাৰৰ নামনিত কিমানটা শিৱলিঙ্গ স্থাপন কৰা হৈছে?

উঃ 99,999 টা।

প্ৰঃ শিৱদ’ল কিমান মিটাৰ ওখ?

উঃ 37 মিটাৰ।

প্ৰঃ ময়ূৰ দ্বীপত অৱস্থিত মন্দিৰটোৰ নাম কি?

উঃ উমানন্দ মন্দিৰ।

প্ৰঃ গুৱাহাটীৰ শৰণীয়া আশ্ৰম কোনে উদ্বোধন কৰে?

উঃ 1946 চনত মহাত্মা গান্ধীয়ে। ০ ০ ০

অসমৰ ধৰ্ম আৰু  উৎসৱ কুইজ

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

অসমৰ ধৰ্ম আৰু উৎসৱ কুইজ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here