Home Quiz অসম ক্ৰীড়া কুইজ

অসম ক্ৰীড়া কুইজ

0

অসম ক্ৰীড়া কুইজ

অসম ক্ৰীড়া কুইজ

 

অসম ক্ৰীড়া কুইজ

অসম ক্ৰীড়া কুইজ

প্ৰঃ ‘খেল-ধেমালী বুলিলে কি বুজা?

উঃ শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু আনন্দ উপভোগৰ  বাবে কিছুমান নীতি-নিয়ম মানি চলি  সাধাৰণ সঁজুলিৰ সহায়ত  অংগ সঞ্চালন  কৰা কাৰ্যক ‘খেল-ধেমালী’ বোলে।

প্ৰঃ ‘অসম হকী এছ’চিয়েচন’ কিমান চনত সংগঠিত হৈছিল?

উঃ 1955 চনত।

প্ৰঃ  বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল?

উঃ 16 টা।

প্ৰঃ অসমৰ ক’ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হয়?

উঃ জীয়াভৰলীত।

প্ৰঃ প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন?

উঃ বাবুল বাৰ্মিজ।

প্ৰঃ গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল?

উঃ ওৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত।

প্ৰঃ লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল?

উঃ 1952 চনত।

প্ৰঃ কোন তাৰিখত ‘অসমত  ক্ৰীড়া দিৱস’ উৎযাপন কৰা হয়?

উঃ 17 অক্টোবৰত।

প্ৰঃ ‘ডুগৰ শ্বিল্ড ফুটবল’ প্ৰতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল।

উঃ 1962 চনত।

প্ৰঃ অসমৰ স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ হৈছিল?

উঃ 1947 চনত।

প্ৰঃ ‘বৰদলৈ ট্ৰফী প্ৰতিযোগিতা’ৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল?

উঃ 1993 চনত।

প্ৰঃ কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল?

উঃ 1983 চনত।

প্ৰঃ ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত 100 টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উঃ অনুপ ঘটক।

প্ৰঃ উজনি অসমৰ ‘মেগৰ ফুটবল একাডেমী’ কাৰ দ্বাৰা গঠন কৰা হৈছিল?

উঃ উইলিয়াম মেগৰ দ্বাৰা।

প্ৰঃ ‘ভাৰতীয় ফুটবল সংস্থা’ৰ সভাপতি হোৱা অসমৰ প্ৰথম ব্যক্তিজন কোন?

উঃ নুৰুল আমিন।

প্ৰঃ অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন?

উঃ আৰ. জি. বৰুৱা।

প্ৰঃ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন?

উঃ সুৰেণৰাম ফুকন।

প্ৰঃ বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্রেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈ গৰাকী কোন?

উঃ তোষেশ্বৰ দত্ত।

প্ৰঃ অৰ্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন?

উঃ ভোগেশ্বৰ ভৰালী আৰু মনালিছা।

প্ৰঃ ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন?

উঃ মাধুৰ্য প্ৰসাদ বৰুৱা।

প্ৰঃ ‘আকাঙ্খাৰ আটলান্টিক’ নামৰ ক্ৰীড়া ভিত্তিক উপন্যাসখনৰ লিখক কোন?

উঃ শ্যামা প্ৰসাদ শৰ্মা।

অসম ক্ৰীড়া কুইজ, Assam Sports Quiz

প্ৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিচ প্ৰতিযোগিতাত জয় লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোনজন?

উঃ চুচেন দাস।

প্ৰঃ 1985 চনত বেংককত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া ফুটবলাৰজন কোন?

উঃ ফ্রান্সিচ বৰুৱা।

প্ৰঃ ভাৰতীয় টেবুল টেনিচ দলক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন?

উঃ নন্দিনী বৰুৱা।

প্ৰঃ ভাৰতীয় স্কুল ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উঃ মাধুৰ্য প্ৰসাদ বৰুৱা।

প্ৰঃ 1996 চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত তিনিটা মীড ৰেকৰ্ডসহ নটা স্বৰ্ণ পদক বিজয়ী অসমীয়া খেলুৱৈজন কোন?

উঃ এলভিছ আলী হাজৰিকা।

প্ৰঃ ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ কোন?

উঃ জাভেদ জামান।

প্ৰঃ ভাৰতীয় ফুটবল দলক অলিম্পিকত প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম ফুটবলাৰ কোন?

উঃ বীৰেন বড়ো।

প্ৰঃ কোন চনত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল?

উঃ 1980 চনত।

প্ৰঃ বিশ্ব টেবুল টেনিচ প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া খেলুৱৈ গৰাকী কোন?

উঃ পল্লৱী পৰাশ।

অসম ক্ৰীড়া কুইজ, Assam Sports Quiz

প্ৰঃ ভাৰতৰ বক্সিং দলত স্থান লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন?

উঃ বিতোপন শইকীয়া।

প্ৰঃ 1992 চনৰ গুৱাহাটীত অনুষ্ঠিত ফেডাৰেচন কাপ কেৰম চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছ খিতাপ কোনে অৰ্জন কৰিছিল?

উঃ চিৰাজ উদ্দিন আহম্মেদ।

প্ৰঃ ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত 1000  ৰাণ আৰু 100 টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন?

উঃ গৌতম দত্ত।

প্ৰঃ অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন?

উঃ টালিমেৰণ আও (1948 চন)।

প্ৰঃ অসমৰ কোন গৰাকী সাঁতোৰবিদে 9 টা সোণৰ পদক পাইছিল?

উঃ এলভিচ আলী হাজৰিকা।

প্ৰঃ ৰাষ্ট্ৰীয় জুডো চেম্পিয়নশ্বিপত অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম পদক অৰ্জন কৰিছিল?

উঃ মানস দাস (1989 চন)।

প্ৰঃ ইংলণ্ডত প্ৰচলিত ‘হোল্ড ডেট টাইগাৰ’ নামৰ খেলবিধ অসমত কোনে আৰম্ভ কৰিছিল?

উঃ সুখদেৱ গোস্বামী।

প্ৰঃ 1985 চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা অসমীয়া খেলুৱৈজন কোন?

উঃ মিঠু বৰুৱা। অসম ক্ৰীড়া কুইজ

প্ৰঃ এছিয়ান গেমচত সোণৰ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ কোন?

উঃ ভোগেশ্বৰ বৰুৱা (1966 চন)।

প্ৰঃ অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ এজন যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে খ্যাত?

উঃ নিপ বৰুৱা।

প্ৰঃ 2001  চনত কলম্বোত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিচ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান লাভ কৰা অসমীয়া খেলুৱৈজনৰ নাম কি?

উঃ অংশুমান দত্ত (14 বছৰ বয়সত)।

প্ৰঃ 1994 চনত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিন্টন চেম্পিয়নশ্বিপত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈ গৰাকী কোন?

উঃ দীপাংকৰ ভট্টাচাৰ্য।

প্ৰঃ ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটা সোণৰ পদক আৰু চেম্পিয়নৰ খিতাপ অৰ্জন কৰা অসমৰ ছোৱালী প্ৰতিযোগী গৰাকী কোন আছিল?

উঃ অৰুনিমা মজুমদাৰ (1997 চন)। ০ ০ ০

অসম ক্ৰীড়া কুইজ, Assam Sports Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ

অসম ক্ৰীড়া কুইজ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here