Home Quiz অসম বুৰঞ্জী কুইজ। Assam History Quiz

অসম বুৰঞ্জী কুইজ। Assam History Quiz

0

অসম বুৰঞ্জী কুইজ । Assam History Quiz

অসম বুৰঞ্জী কুইজ । Assam History Quiz

 

অসম বুৰঞ্জী কুইজ, Assam History Quiz

অসম বুৰঞ্জী কুইজ 

প্ৰঃ বুৰঞ্জী’ শব্দৰ অৰ্থ কি?

উঃ নজনা কথাৰ ভঁৰাল।

প্ৰঃ কুৰুক্ষেত্ৰ যুদ্ধত অংশ গ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল?

উঃ ভগদত্ত।

প্ৰঃ কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠাতা কোন?

উঃ পুষ্য বৰ্মণ।

প্ৰঃ বৰ্মণ বংশৰ শ্রেষ্ঠ ৰজাজন কোন আছিল?

উঃ ভাস্কৰ বৰ্মণ।

প্ৰঃ যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল?

উঃ 4 ভাগত।

প্ৰঃ কিমান চনত ভাস্কৰ বৰ্মণ প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ?

উঃ 594 খ্ৰীষ্টাব্দত।

প্ৰঃ ‘নাগশঙ্কৰ দেৱালয়’ কোনে সজাইছিল?

উঃ কামৰূপৰ ৰজা নৰশঙ্কৰে।

প্ৰঃ ‘শালস্তম্ভ বংশ’ৰ প্ৰথম ৰজাজন কোন আছিল ?

উঃ শালস্তম্ভ।

প্ৰঃ শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান  খ্ৰীষ্টাব্দত?

উঃ 650 খ্ৰীষ্টাব্দত।

অসম বুৰঞ্জী কুইজ, Assam History Quiz

প্ৰঃ ‘শালস্তম্ভ বংশ’ৰ অন্তিম ৰজাজনৰ নাম কি আছিল ?

উঃ ত্যাগ সিংহ।

প্ৰঃ শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া দিছিল?

উঃ নেপালৰ।

প্ৰঃ পালবংশৰ অন্ত পৰে কিমান চনত?

উঃ 1112 চনত।

প্ৰঃ পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল?

উঃ ব্রহ্মপাল।

প্ৰঃ পাল বংশৰ আৰম্ভণি হয় কিমান চনত?

উঃ 990 চনত।

প্ৰঃ মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল?

উঃ 1257 চনত।

প্ৰঃ অসমত আহোম ৰাজ্যৰ প্রতিষ্ঠাতা কোন?

উঃ  চুকাফা

প্ৰঃ চুকাফা ব্রহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিল?

উঃমাওলুং

প্ৰঃ ‘মুনডুং চুনখাম’ মানে কি?

উঃ  সোণৰ বাগিছাৰে ভৰা দেশ।

প্ৰঃ জয়ন্তীয়া ৰজা যশোবৰ্মণ কোনজন আহোম ৰজাৰ সমসাময়িক আছিল?

উঃ নৰিয়া ৰজা

প্ৰঃ আহোম ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ?

উঃ 1376 চনৰ পৰা 1380 চনলৈ।

প্ৰঃ কোনজন আহোম ৰজাক ‘বামুণী কোঁৱৰ’ বুলি কোৱা হয়?

উঃ  চুডাংফা

প্ৰঃ অসমৰ কোনজন ৰজাই ‘চাৰগুৱা’লৈ অসমৰ ৰাজধানী তুলি নিয়ে?

উঃ চুডাংফা।

প্ৰঃ কোনজন আহোম ৰজাই ‘স্বৰ্গনাৰায়ণ’ নাম লৈছিল?

উঃ চুকামফা।

প্ৰঃ ‘দিহিঙিয়া ৰজা’ বুলি কাক কোৱা হয়?

উঃ চুহুংমুং।

প্ৰঃ কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰে?

উঃ চুহুংমুং।

প্ৰঃ কোনজন আহোম ৰজাক ‘গড়গঞা’ ৰজা’ বুলি কোৱা হয়?

উঃ  চুক্লেংমুং।

প্ৰঃ অসমৰ ‘মৰিয়া’ সকল কি ব্যৱসায়ৰ লগত জড়িত?

উঃ কাঁহৰ বাচন।

অসম বুৰঞ্জী কুইজ, Assam History Quiz

প্ৰঃ কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে ‘নৱ বৈষ্ণৱ’ ধৰ্ম প্ৰচাৰ আৰম্ভ কৰে?

উঃ চুহুংমুং।

প্ৰঃ কোনজন আহোম ৰজাক ‘খুৰা ৰজা’ বুলি কোৱা হয়?

উঃ চুকামফা।

প্ৰঃ কোনজন আহোম ৰজাই ‘প্ৰতাপ সিংহ’ উপাধি প্ৰহণ কৰে?

উঃ চুচেনফা।

প্ৰঃ উৰিষ্যৰ জগন্নাথ মন্দিৰ কোনে ধবংস কৰে?

উঃ কালাপাহাৰে।

প্ৰঃ কোনজন আহোম ৰজাৰ দিনত মিৰজুমলাই অসম আক্ৰমণ কৰে?

উঃ চুতিনফা।

প্ৰঃ পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোকে অসমত প্ৰৱেশ কৰে?

উঃআহোম জনজাতিৰ লোকে।

প্ৰঃ কোনজন আহোম ৰজাক ‘ল’ৰা ৰজা’ বুলি কোৱা হয়?

উঃ ৰামধবজ সিংহ।

প্ৰঃ লালুকসোলা বৰফুকনক কোনে হত্যা কৰে?

উঃ ভোটাই ডেকাই।

প্ৰঃ স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ আহোম নাম কি আছিল?

উঃ চুখ্ৰামফা।

প্ৰঃ অসম বুৰঞ্জীত কোনজন ৰজাক ‘ভগা ৰজা’ বুলি জনা যায়।

উঃ চুৰামফা

প্ৰঃ আহোম ৰজা ‘চুৰামলা’ৰ হিন্দু নাম কি ?

উঃ জয়ধবজ সিংহ

প্ৰঃ কোনজন আহোম ৰজাই ‘বৰবৰুৱা’ পদৰ সৃষ্টি কৰে?

উঃ চুচেনফা

প্ৰঃ প্ৰথম আহোম ‘বৰবৰুৱা’ কোন আছিল?

উঃ মোমাই তামুলী বৰবৰুৱা

প্ৰঃ অসম বুৰঞ্জীত ‘বৰফুকন’ পদৰ সৃষ্টি কোনে কৰে?

উঃ চুচেনফা।

প্ৰঃ অসমৰ কোনজন ৰজাক ‘কুঁজা ৰজা’ বুলি কোৱা কোৱা হয়?

উঃ চুটিনফা।

প্ৰঃ কোনজন আহোম ৰজাৰ ‘ছত্ৰভঙ্গ যোগ’ হোৱা বুলি দৈবজ্ঞসকলে কৈছিল?

উঃ শিৱ সিংহ ।

প্ৰঃ বৰৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ কোঁৱৰী আছিল?

উঃ শিৱ সিংহ।

প্ৰঃ প্ৰথম আহোম ‘বৰৰজা’ কোন আছিল?

উঃ ফুল্লেশ্বৰী।

প্ৰঃ অসমৰ ইতিহাসত কোনজনী আহোম ৰাণীক দ্বিতীয় ‘বৰৰজা’ উপাধি দিয়া হয়?

উঃ সর্বেশ্বৰী। অসম বুৰঞ্জী কুইজ

প্ৰঃ ‘হস্তী বিদ্যাৰ্ণৱ’ পুথি কোনে ৰচনা কৰে?

উঃ সুকুমাৰ বৰকাইথ।

প্ৰঃ কোনজন আহোম ৰজাৰ দিনত ‘লতাকটা ৰণ’ হয়?

উঃ ৰাজেশ্বৰ সিংহ।

প্ৰঃ মণিপুৰৰ ৰাজকন্যা কুৰঙ্গনয়নীক কোনজন আহোম ৰজাই বিয়া কৰাইছিল?

উঃ ৰাজেশ্বৰ সিংহ।

প্ৰঃ ‘ৰত্নমালা’ কিতাপখন কোনে ৰচনা কৰে?

উঃ পুৰোষোত্তম বিদ্যানিধি।

প্ৰঃ কিমান চনত চুটীয়া ৰাজ্য স্থাপিত হয়?

উঃ 1189 চনত।

প্ৰঃ কিমান চনত কনকলতা শ্বহীদ হয়?

উঃ 1942 চনত।

প্ৰঃ কিমান চনত অসমত স্বায়ত্ব শাসন প্ৰৱৰ্তন কৰা হয়?

উঃ 1935 চনত।

প্ৰঃ কিমান চনত পাণ্ডুত কংগ্ৰেছ অধিবেশন  বহে?

উঃ 1926 চনত।

প্ৰঃ বিখ্যাত কাৰেং ঘৰ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল?

উঃ ৰাজেশ্বৰ সিংহই।

প্ৰঃ 1769 চনত মোৱামৰীয়া সকলে কাক ৰজা পাতিছিল?

উঃ ৰমাকান্তক।

প্ৰঃ কোনজন আহোম ৰজাই প্ৰথম ইংৰাজৰ সহায় বিচাৰিছিল?

উঃ চুখ্ৰামফাই।

অসম বুৰঞ্জী কুইজ, Assam History Quiz

প্ৰঃ কোনজন আহোম ৰজাৰ দিনত হৰদত্ত আৰু বীৰদত্তই বিদ্ৰোহ কৰিছিল?

উঃ কমলেশ্বৰ সিংহ।

প্ৰঃ কিমান চনত মানসকলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰে?

উঃ 1817 চনত।

প্ৰঃ কিমান চনত মানসকলে দ্বিতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে?

উঃ 1818 চনত।

প্ৰঃ কিমান চনত মানসকলে তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে?

উঃ 1820 চনত।

প্ৰঃ যোগেশ্বৰ সিংহই কিমান চনত অসমৰ সিংহাসনত উঠে?

উঃ 1821 চনত।

প্ৰঃ ৰুদ্ৰ সিংহই কিমান চনত অসমৰ সিংহাসনত বহে?

উঃ 1696 চনত।

প্ৰঃ কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে?

উঃ 1826 চনত।

প্ৰঃ কিমান চনত মিৰজুমলাই অসম আক্ৰমণ কৰে?

উঃ 1662 চনত।

প্ৰঃ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক’ত? 

উঃ যোৰহাটত।

প্ৰঃ স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল ?

উঃ গোপীনাথ বৰদলৈ।

প্ৰঃ অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল ?

উঃ জগন্নাথ বৰুৱা। অসম বুৰঞ্জী কুইজ

প্ৰঃ অসমৰ পৰা প্ৰথম কোনে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰে?

উঃ ফখৰুদ্দিন আলি আহমেদ।

প্ৰঃ কোচৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল?

উঃ মহাৰাজ নৰনাৰায়ণ।

প্ৰঃ অসমৰ কাক ‘লোকপ্ৰিয়’ বুলি জনা যায়?

উঃ গোপীনাথ বৰদলৈ।

প্ৰঃ শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল?

উঃ লাচিত বৰফুকন।

প্ৰঃ হিউৱেনচাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল?

উঃ কুমাৰ ভাস্কৰ বৰ্মন।

প্ৰঃ কিমান চনত মহাত্মা গান্ধী অসমলৈ আহে?

উঃ 1921 চনত।

প্ৰঃ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কিমান চনত বহে?

উঃ 1917 চনত।

প্ৰঃ কিমান চনত ইংৰাজসকলে পিয়লী ফুকনক ফাঁচী দিয়ে?

উঃ 1830 চনত।

প্ৰঃ কিমান চনত অসমত বাংলা ভাষা চৰকাৰী ভাষা হিচাপে প্ৰৱৰ্তন  হয়?

উঃ 1837 চনত।

প্ৰঃ কিমান চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম হয়?

উঃ 1888 চনত।

প্ৰঃ কিমান চনত মনিৰাম দেৱানক ফাঁচী দিয়া হয়?

উঃ 1858 চনত।

প্ৰঃ কিমান চনত কোচ ৰাজবংশ প্রতিষ্ঠা হয়?

উঃ 1515 চনত। অসম বুৰঞ্জী কুইজ

প্ৰঃ 1905 চনত গোলাঘাটৰ সৰু পথাৰত জন্ম গ্ৰহণ কৰা আৰু 1942 চনত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা অসমৰ বিপ্লৱীজন কোন?

উঃ কুশল কোঁৱৰ।

প্ৰঃ আহোম সাম্ৰাজ্যৰ শেষ স্বৰ্গদেউ কোন?

উঃ চন্দ্ৰকান্ত সিংহ।

প্ৰঃ হিউৱেনচাং কিমান চনত অসমলৈ আহে?

উঃ 620 চনত।

প্ৰঃ কিমান চনত চুকাফাৰ মৃত্যু হয়?

উঃ 1268 চনত।

প্ৰঃ অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

উঃ গুৱাহাটীত।

প্ৰঃ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?

উঃ চৈয়দা আনোৱাৰা টাইমূৰ।

প্ৰঃ প্ৰথম অসমীয়া খ্ৰীষ্টান মহিলাজনী কোন আছিল?

উঃ মিচেচ নিধি লেভী ফাৰৱেল।

প্ৰঃ কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল?

উঃ ৰেণুকা দেৱী বৰকটকী।

প্ৰঃ কোন চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেওত স্থাপন কৰা হৈছিল?

উঃ 1253 চনত।

প্ৰঃ আহোম আৰু মোগলৰ মাজত শেষ ৰণখন কোন চনত হৈছিল?

উঃ 1681 চনত।

প্ৰঃ অসমত ধবংসাত্মক ভূমিকম্পটো কিমান চনত হৈছিল?

উঃ 1548  চনত। অসম বুৰঞ্জী কুইজ

প্ৰঃ গুৱাহাটীৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল?

উঃ 1948 চনত।

প্ৰঃ অসমৰ বিখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল?

উঃ 1694 চনত।

প্ৰঃ কিমান চনত অসমত খাৰুৱা তেল আৱিষ্কাৰ হয়?

উঃ 1823 চনত।

প্ৰঃ অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উঃ বসন্ত দাস।

প্ৰঃ কিমান চনত অসম বংগৰ পৰা বিভাজিত হৈছিল?

উঃ 1874 চনত।

প্ৰঃ কিমান চনত মুছলমানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে?

উঃ 1206 চনত।

প্ৰঃ 1979 চনত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল?

উঃ খৰ্গেশ্বৰ তালুকদাৰ।

প্ৰঃ কোনজন আহোম ৰাজক উত্তৰ-পূৱ ভাৰতৰ ‘শিৱাজী’ বুলি কোৱা হয়?

উঃ স্বৰ্গদেও ৰুদ্ৰসিংহক।

প্ৰঃ কিমান চনত অসমত জল-জাহাজ সেৱা আৰম্ভ হৈছিল?

উঃ 1874 চনত।

প্ৰঃ অসমত কেতিয়া ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা আৰম্ভ হৈছিল?

উঃ 1866 চনত।

অসম বুৰঞ্জী কুইজ, Assam History Quiz

প্ৰঃ প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল?

উঃ 1979 চনত।

প্ৰঃ কোন চনৰ পৰা অসমত মাটিৰ ‘ম্যাদী প্ৰথা’ আৰম্ভ কৰা হৈছিল?

উঃ 1886 চনত। অসম বুৰঞ্জী কুইজ

প্ৰঃ জয়দৌল’ আৰু ‘জয়সাগৰ পুখুৰী’ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

উঃ আহোম স্বৰ্গদেও ৰুদ্ৰসিংহই।

প্ৰঃ আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক’ত অৱস্থিত?

উঃ বশিষ্টাশ্ৰমত।

প্ৰঃ কোন চনত ‘অসম চুক্তি’ স্বাক্ষৰিত হৈছিল?

উঃ 1985 চনত।

প্ৰঃ অসমৰ ৰাজধানী কেতিয়া শ্বিলংৰ পৰা দিছপুৰলৈ স্থানান্তৰিত  হয়?

উঃ 1974 চনত।

প্ৰঃ কোন চনত অসম আন্দোলন আৰম্ভ হৈছিল?

উঃ 1979 চনত।

প্ৰঃ অসমত কেতিয়া ভাষা আন্দোলন আৰম্ভ হৈছিল?

উঃ 1960 চনত।

প্ৰঃ কেতিয়া মোগলসকলে কোচ ৰাজ্য আক্ৰমণ কৰিছিল?

উঃ 1615 চনত।

প্ৰঃ কেতিয়া শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল?

উঃ 1449 চনত।

প্ৰঃ কেতিয়া চিলাৰায়ৰ মৃত্যু হৈছিল?

উঃ 1575 চনত। অসম বুৰঞ্জী কুইজ

প্ৰঃ অসমত কেতিয়া পঞ্চায়তীৰাজ আৰম্ভ হয়?

উঃ 1896 চনত।

প্ৰঃ অসম মন্ত্ৰী পৰিষদৰ সদস্যপদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?

উঃ শ্ৰীমতী পদ্ম কুমাৰী গোঁহাই।

প্ৰঃ স্বাধীন অসমৰ বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উঃ হৰেশ্বৰ গোস্বামী।

প্ৰঃ অসমৰ প্ৰথম বৃটিচ চীফ কমিচনাৰজন কোন আছিল?

উঃ ক’লনেল কিটিং।

প্ৰঃ কোন চনত বৃটিছ চৰকাৰে অসমত অসামৰিক আৰু অপৰাধী আদালত মঞ্জৰ কৰিছিল?

উঃ  1828 চনত। অসম বুৰঞ্জী কুইজ

প্ৰঃ ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হৈছিল?

উঃ 1873  চনত।

প্ৰঃ ‘তোমালোকে মোক হত্যা কৰিব পাৰা কিন্তু মোৰ স্বাধীনতাৰ স্পৃহাক হত্যা কৰিব নোৱাৰিবা।’ – কথাষাৰ কোনে কৈছিল?

উঃ কনকলতাই।

প্ৰঃ প্ৰাচীন কামৰূপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল?

উঃ অমৃতপ্ৰভাক। অসম বুৰঞ্জী কুইজ

প্ৰঃ অসম আৰু তিৰ্বতৰ মাজৰ বাণিজ্যিক পথ কোনে মুকলি কৰিছিল?

উঃ ৰুদ্ৰসিংহই, 1703  চনত।

প্ৰঃ ব্রহ্মপুত্ৰ নদীক কোন তিনিটা নদীৰ সংগম স্থল বুলি কোৱা হয়?

উঃ দিহিং, দিবং আৰু লুইত নৈৰ।

প্ৰঃ মোগলসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল?

উঃ 18 বাৰ।

প্ৰঃ অসম ‘ছাত্ৰ সন্মিলনী’ কেতিয়া গঠন কৰা হৈছিল?

উঃ 1916 চনত।

প্ৰঃ শ্ৰীশংকৰদেৱ আৰু মাধৱদেৱৰ ক’ত ‘মণিকাঞ্চণ’ সংযোগ হৈছিল বুলি কোৱা হয়?

উঃ মাজুলী নদী-দ্বীপৰ বেলগুৰিত।  ০ ০ ০

অসম বুৰঞ্জী কুইজ, Assam History Quiz

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

অসম বুৰঞ্জী কুইজ

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here