Home Biography আইভান টুৰ্গেনিভ | Ivan Turgenev

আইভান টুৰ্গেনিভ | Ivan Turgenev

0

আইভান টুৰ্গেনিভ | Ivan Turgenev

আইভান টুৰ্গেনিভ  Ivan Turgenev

 

আইভান টুৰ্গেনিভ

আইভান টুৰ্গেনিভ | Ivan Turgenev

আইভান টুৰ্গেনিভ (Ivan Turgenev) আছিল এজন ৰুছ গল্পকাৰ আৰু ঔপন্যাসিক। তেওঁৰ জন্ম হয় ১৮১৮ চনৰ ৯ নৱেম্বৰত ৰাছিয়াৰ অৰিয়লত। মস্কো, ছেন্ট পিটাৰ্ছবুৰ্গ আৰু বাৰ্লিনত শিক্ষা লাভ কৰি ১৮৪১ চনত ৰাছিয়াৰ অসামৰিক সেৱাত যোগদান কৰে। ১৮৪৩ চনত এই চাকৰি ইস্তফা দি সম্পূৰ্ণৰূপে সাহিত্য ৰচনাত আত্মনিয়োগ কৰে। ১৮৪৩ চনৰ পৰা ১৮৫২ চনৰ ভিতৰত কেইবাখনো নাটক আৰু এখন ৰোমাণ্টিক কাব্যকাহিনী লিখি সাহিত্য জগতত প্ৰৱেশ কৰে যদিও ১৮৪৭ চনত ‘ছোভৰেমেনিক’ পত্ৰিকাত প্ৰকাশিত তেওঁৰ ‘স্পৰ্ট্‌ছমেনছ্‌ স্কেচ্চেজ’ নামৰ গল্প সংলনটিৰ জৰিয়তে টুৰ্গেনিভে প্ৰতিষ্ঠা আৰু স্বীকৃতি লাভ কৰে। ৰাছিয়াৰ কৃষক জীৱনক লৈ ৰচিত এই গল্প সংকলনটি ১৮৫২ চনত গ্ৰন্থাকাৰে প্ৰকাশ হয়। এই গ্ৰন্থত তৎকালীন ৰাছিয়াত প্ৰচলিত ভূমিদাস প্ৰথাৰ সমালোচনা কৰাৰ বাবে  চৰকাৰৰ কূটদৃষ্টি টুৰ্গেনিভৰ ওপৰত পৰে আৰু  দুবছৰৰ বাবে তেওঁক গৃহবন্দী কৰি ৰখা হয়।  সেই দুবছৰ টুৰ্গেনিভে তেওঁৰ পৈত্ৰিক পামতে গৃহবন্দী হৈ কটায় আৰু কেইবাখনো বিখ্যাত উপন্যাস ৰচনা কৰে। ১৮৬২ চনত তেওঁৰ প্ৰসিদ্ধ উপন্যাস ‘পিতা-পুত্ৰ’  প্ৰকাশিত হয়। কিন্তু উপন্যাসখন ৰাছিয়াত অতি বেয়াকৈ সমালোচিত হোৱাত অপমানিত আৰু বিৰক্ত হৈ চুৰ্গেনিভে জাৰ্মানীলৈ যায়। পাছৰ জীৱনৰ অধিকাংশ সময় তেওঁ জাৰ্মানী আৰু ফ্ৰান্সত কটায়। টুৰ্গেনিভৰ আন কেইখনমান উল্লেখযোগ্য উপন্যাস হ’ল: ‘ৰুদিন’, ‘এ নেষ্ট আব্‌ দা জেনেট্ৰ’,  ‘অন দি ইভ’,  ‘ভাৰ্জিন ছইল’ আদি। উপন্যাসৰ উপৰিও টুৰ্গেনিভে কবিতা, নাটক, চুটিগল্প আদিও ৰচনা কৰিছিল। ১৮৮৩ চনৰ ৩ ছেপ্টম্বৰত পেৰিছৰ ওচৰৰ বগিভেলত আইভান টুৰ্গেনিভৰ মৃত্যু হয়। ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here