Home Kabita আকৌ এজন কবিৰ কথাৰে | Akou Ajon Kabir Kahare

আকৌ এজন কবিৰ কথাৰে | Akou Ajon Kabir Kahare

0

আকৌ এজন কবিৰ কথাৰে | Akou Ajon Kabir Kahare

আকৌ এজন কবিৰ কথাৰে  Akou Ajon Kabir Kahare

আকৌ এজন কবিৰ কথাৰে

ৰাব্বি মছৰুৰ

মই কবি 

অনেক অচিন দেশৰ অজান বাতৰি মই কঢ়িয়াও হৃদয়ত

আনকি বতাহৰ ফুচফুচনিৰ ভাষাও মই বুজি পাওঁ। 

মই কবি 

মই জানো স্বৰ্গত এতিযা কোন আছে 

ঈশ্বৰ এতিয়া কিমান ক্লান্ত

ৰাতিৰ বৰষুণ কাৰ চকুলো হৈ নামি আহে

মই তাকো কৈ দিব পাৰো হেলাৰঙে।

মই চকুৰ পচাৰতে ভ্ৰমণ কৰো স্বৰ্গ

পান কৰো অমিয়া, স্বৰ্গ সুধা, অমৃত

লগতে গৰলো।

দেৱদূতৰো মই সাক্ষাৎকাৰ লও

আৰু সুৰ সলাও হালধীয়া পাতৰ স’তে

বন্ধুৰ পৰা পোৱা উষ্ণ অথবা সেমেকা অভিনন্দন পোৱাৰ সন্ধিয়া 

মই শুদা গাৰেই কটাই দিব পাৰো 

অৰণ্যৰ মাজত হেমন্তৰ হাড় কঁপা যামিনী।

মই বুকুত কঢ়িয়াই ফুৰো নীল নদীৰ বুকুৰ উম

আমাজানৰ বলিয়ালি 

মিচিচিপিৰ দীৰ্ঘ নিশ্বাস 

ব্রহ্মপুত্ৰৰ ভিতৰি ভিতৰি কাটি নিয়া আঘাত

আই গংগাৰ পৱিত্ৰতা।

মই কবি 

মোৰ সকলো আছে

মাথো নিঃস্ব মোৰ পৃথিৱীৰ আৱৰণ

মই সকলো জানো 

মাথো জানিব নোৱাৰিলো –

মই প্ৰকৃতিৰ আৰ্শীবাদ নে অভিশাপ ! ০ ০ ০

আকৌ এজন কবিৰ কথাৰে

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here