Home Amplification আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা

আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা

আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা ---ভাৱ সম্প্ৰসাৰণ

0

আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা

আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা

আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা

আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা

অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা এইটো এটা উল্লেখযোগ্য প্ৰবচন। নিজৰ সামৰ্থৰ কথা উপলব্ধি নকৰি নিজক জহাবলৈ যোৱা মানুহক সাধাৰণতে উপলুঙা বা তিৰস্কাৰ কৰিবলৈ অসমীয়া ভাষাত এই প্ৰবচনটো ব্যৱহাৰ কৰা হয়।

আদা হৈছে নানান ঔষধী গুণেৰে পৰিপূৰ্ণ হজমকাৰী উপকাৰী বস্তু। ইয়াক আঞ্জা আৰু অন্যান্য খোৱা বস্তুৰ লগত খোৱা হয়। কিন্তু কেতুৰী একজাতীয় বস্তু হ’লেও ই মানুহৰ খাদ্য নহয় আৰু ই কোনো কামতো নালাগে।  আদাক মানুহে খোৱা  দেখি কেতুৰীয়ে নিজক অভক্ষ বুলি জানিও মানুহে খাওক বুলি উপযাচি গা পাতি দিলেও কোনো মানুহে তাক নাখায়। 

সেইদৰে সমাজত এনে কিছুমান লোক আছে যিহঁত কোনো কামৰে যোগ্য নহয় বা সিহঁতে কোনো বিশেষ কাম কৰাৰ যোগ্যতা নাই। এনে লোকৰ কিবা ভাল জ্ঞান বা বিদ্যা -বুদ্ধি নাথাকিলেও বিভিন্ন বিষয়ত সিহঁতৰ সামৰ্থ আছে বুলি প্ৰচাৰ কৰিব বা জহাব বিচাৰে।  এনেকুৱা ব্যক্তিয়ে বহু সময়ত নানা বিপদৰ সন্মুখীনো হ’ব লগা হয়। জ্ঞানী লোকে সততে এনে লোকক  অযোগ্য বুলি  ত্যাগ কৰি চলে।

এইদৰে  উক্ত প্ৰবচন ফাকিৰ দ্বাৰা অসমীয়া সমাজৰ এক তাৎপৰ্যপূৰ্ণ কথা প্ৰকাশ কৰিছে। 0 0 0

আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here