Home Literary Criticism আবু মিহজান ছাকাফী | Abu Mihjan Sakafi

আবু মিহজান ছাকাফী | Abu Mihjan Sakafi

0

আবু মিহজান ছাকাফী | Abu Mihjan Sakafi

আবু মিহজান ছাকাফী  Abu Mihjan Sakafi

আবু মিহজান ছাকাফী | Abu Mihjan Sakafi

আবু মিহজান ছাকাফী: চমু পৰিচয়ঃ

আৰবী মুখাদ্ৰিম কবিসকলৰ এজন বহুল আলোচিত কবি হৈছে আবু মিহজান ছাকাফী। আৰবী সাহিত্যৰ ইতিহাসত তেওঁ ‘মদিৰাৰ কবি’ বুলি পৰিচিত। তেওঁ কেইবাখনো যুদ্ধত সৈনিক হিচাপে যোগদান কৰি নিজ অভিজ্ঞতাৰ ভিত্তিত বহুতো যুদ্ধৰ কবিতা ৰচনা কৰিছিল বাবে তেওঁক ‘সৈনিক কবি’ বুলিও কোৱা হয়।
 
তেওঁৰ  জন্ম হৈছিল আৰবৰ বিখ্যাত ছাকীফ বংশত। তেওঁৰ প্ৰকৃত নাম আছিল  আমৰ বিন হাবিব বিন আমৰ বিন ওমায়ৰ বিন আওফ বিন আকদা বিন আনাযা বিন আওফ বিন ছাকীফ। তেওঁৰ ডাক আৰু জনপ্ৰিয় নাম আছিল মিহজান ছাকাফী। তেওঁ ষষ্ঠ শতাব্দীৰ মাজ ভাগত জন্ম গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হয়। তেওঁৰ পিতাকৰ নাম আছিল হাবিব বিন আমৰ আৰু মাতৃৰ নাম আছিল কুনুদ বিনতে আব্দুল্লা বিন আবদ শামছ। সৰু কালৰ পৰাই তেওঁ আছিল অতি দূৰন্ত, ৰুদ্ৰ প্ৰকৃতিৰ আৰু বয়স বাঢ়ি যোৱাৰ লগে লগে তেওঁ স্বাধীন আৰু বিশৃঙ্খল জীৱনত-যাপনত অভ্যস্ত হৈ পৰিছিল। তেওঁ অতিৰিক্ত সুৰাপানতো  অভ্যস্ত হৈছিল। অৱশ্যে তেওঁ যৌৱনত মল্লযুঁজ আৰু ধনুর্বিবদ্যাত  পাৰ্গত হৈ উঠে। ৬৩০ খৃঃত তেওঁ তায়েফৰ যুদ্ধত মুছলমানসকলৰ বিৰুদ্ধে বীৰত্ব সহকাৰে যুদ্ধ কৰে। কিন্তু  ৬৩১ খৃঃত ইছলামৰ একেশ্বৰবাদী বাণীত মুগ্ধ হৈ তেওঁৰ গোত্ৰৰ কেইজনমান লোকৰ সৈতে হজৰত মহম্মদ (ছাঃ)ৰ ওচৰলৈ গৈ ইছলাম ধৰ্মত দীক্ষিত হয়।  ইয়াৰ পিছত তেওঁ ইছলামৰ সেৱাত নিজকে নিয়োজিত কৰে।
 
ইছলাম ধৰ্মত দীক্ষিত হৈ তেওঁ খলিফা আবু বকৰ (ৰাঃ)ৰ ৰাজত্ব কালত বহু যুদ্ধত সৈনিক হিচাপে যোগদান কৰে আৰু যুদ্ধৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত বহুতো কবিতা ৰচনা কৰে।  ইছলাম ধৰ্মত দীক্ষিত হ’লেও তেওঁ মদপান অভ্যাস এৰিব পৰা নাছিল। সেয়ে হজৰত ওমৰ (ৰাঃ) য়ে তেওঁক বন্ধী কৰি কাৰাগাৰত নিক্ষেপ কৰে। কথিত আছে যে ৬৩৫ খৃঃত সংঘটিত হোৱা কাছেদীয়াৰ যুদ্ধৰ সময়ত তেওঁ  ইছলামৰ সেনাপতি সা’দ বিন ওৱাক্কাছৰ ওচৰলৈ গৈ যুদ্ধত অংশ গ্ৰহণ কৰাৰ অনুমতি বিচাৰে। কিন্তু তেওঁ সেই সময়ত সুৰামত্ত আছিল বাবে তেওঁক যুদ্ধত অংশ গ্ৰহণ কৰিবলৈ অনুমতি দিয়াৰ পৰিৱৰ্তে কাৰাগাৰত শৃঙ্খলবদ্ধ কৰি ৰাখে। আবু মিহজান ছাকাফীয়ে কাৰাগাৰৰ পৰা যুদ্ধৰ পৰিস্থিতি লক্ষ্য কৰি আছিল। এটা সময়ত মুছলমান সৈন্যসকলৰ বিপৰ্যয় দেখি তেওঁ সেনাপতিৰ স্ত্ৰীক অনুনয় বিনয় কৰি কাৰাগাৰৰ পৰা ওলাই ‘বালকা’ নামৰ এটি সুন্দৰ ঘোঁৰাত আৰোহন কৰি বীৰ বিক্ৰমে যুদ্ধ ক্ষেত্ৰত জঁপিয়াই পৰে। তেওঁৰ যোগদানত যুদ্ধৰ পৰিস্থিতি মুছলমানসকলৰ পক্ষে যায় আৰু  কাছেদিয়াৰ যুদ্ধত মুছলমানসকলৰ জয় হয়।
 
কাদেছিয়াৰ যুদ্ধৰ পিছতো তেওঁ বহু দিন জীয়াই আছিল আৰু কেইবাখনো যুদ্ধত অংশ গ্ৰহণ কৰিছিল। এইজন সৈনিক কবিৰ মৃত্যু হয় ৬৫০ খৃঃত।

আবু মিহজান ছাকাফী: কাব্যিক প্ৰতিভাঃ

আবু মিহজান ছাকাফী (Abu Mihjan Sakafi) আছিল আৰবী মুখাদ্ৰিম কবিসকলৰ এজন অন্যতম জনপ্ৰিয় কবি। তেওঁ বহুতো কবিতা ৰচনা কৰিছিল যদিও তাৰ মাথো কিছু অংশহে সংৰক্ষিত অৱস্থাত পোৱা যায়। তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু আছিল মদিৰা, যুদ্ধ, নিজ গোত্ৰৰ শৌৰ্য-বীৰ্য, প্ৰশংসা আদি। তেওঁৰ কিছু সংখ্যক কবিতা প্ৰশংসামূলক আৰু ব্যঙ্গাত্মক।¸
 
আবু মিহজান ছাকাফী ইমানেই মদাসক্ত আছিল আছিল যে তেওঁ মদ খোৱাৰ বাবে শাস্তি আৰু নিন্দা পোৱা সত্বেও তেওঁ মদ পান অভ্যাস এৰিব পৰা নাছিল। তেওঁ মদিৰাৰ ওপৰতো বহুকেইখন কবিতা ৰচনা কৰিছিল। এটি কবিতাত তেওঁ লিখিছে–
 
“মৃত্যুৰ পিছত মোক কবৰস্থ কৰিবা আঙুৰ গছৰ তলত
যেন তাৰ শিপাই যোগায় মোৰ অস্থিক ৰস
কেতিয়াও নকৰিবা মোক সমাধিস্থ উন্মুক্ত স্থানত
যেন আমি বঞ্চিত নহওঁ দ্ৰাক্ষাৰস আস্বাদনত।”
 
কবি মিহজান মদাসক্ত হ’লেও তেওঁৰ বহুতো ভাল গুণ আছিল যেনে তেওঁ ইছলামৰ হকে বীৰ বিক্ৰমে যুদ্ধ কৰিছিল, বিপদগ্ৰস্ত লোকক আশ্ৰয় দান কৰিছিল,  দুখীয়াক সহায় কৰিছিল আদি। এটি কবিতাত তেওঁ নিজৰ বিষয়ে লিখিছেঃ
 
“নকবা কাকো মোৰ ধন সম্পদৰ প্ৰাচুৰ্যৰ কথা 
দিবা মোৰ সৎ স্বভাৱ আৰু দৃঢ়চেতা মনৰ বতৰা।
শত্রূৰ বিপক্ষে ৰণাঙ্গনত মই জঁপিয়াই পৰো
বৰ্মহীন কৰি মই সকলো শত্রূৰ মূৰ ছিন্ন কৰো।”

আবু মিহজান ছাকাফী: সামৰণি:

তেওঁৰ কবিতাত কবিৰ ব্যক্তিগত ভাবাবেগ , অনুভূতি, কল্পনা, জীবনবোধ আদি মূৰ্ত হৈ উঠিছে। ইয়াৰ উপৰিও তেওঁৰ কবিতা সেই সময়ৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ দলিলস্বৰূপ। তেওঁৰ ভাষা সাৱলীল আৰু  ছন্দময়। তেওঁ কবিতৰ বিষয়বস্তু সৰল কল্পচিত্ৰৰে সজ্জ্বিত। প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ বিকাশত তেওঁৰ অৱদান নিঃসন্দেহ প্ৰশংসনীয়। ০ ০ ০.
আবু মিহজান ছাকাফী (Abu Mihjan Sakafi)
বি দ্রঃ উক্ত ‘আবু মিহজান ছাকাফী | Abu Mihjan Sakafi’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here