Home Literary Criticism আব্দুছ ছাত্তাৰৰ প্ৰৱন্ধ ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’– এক বিশ্লেষণাত্মক অধ্যয়ন |...

আব্দুছ ছাত্তাৰৰ প্ৰৱন্ধ ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’– এক বিশ্লেষণাত্মক অধ্যয়ন | Abdus Sattar Asomor Jonogoshthir Ganthani Aru Sanskriti

0

আব্দুছ ছাত্তাৰৰ প্ৰৱন্ধ ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’– এক বিশ্লেষণাত্মক অধ্যয়ন 

আব্দুছ ছাত্তাৰৰ প্ৰৱন্ধ ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি'-- এক বিশ্লেষণাত্মক অধ্যয়ন  Abdus Sattar Asomor Jonogoshthir Ganthani Aru Sanskriti
Feather Quill and Inkwell

আব্দুছ ছাত্তাৰৰ প্ৰৱন্ধ ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’– এক বিশ্লেষণাত্মক অধ্যয়ন

‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ নামৰ প্ৰৱন্ধটিত লিখক আব্দুছ চাত্তাৰে বৃহত্বৰ অসমীয়া জাতি আৰু সংস্কৃতি গঠনৰ প্ৰক্ৰিয়া ফঁহিয়াই দেখুৱাইছে।

প্ৰথমে লিখকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বিষয়ে কৈছে যে অসম হৈছে সময়ে সময়ে অহা বিভিন্ন জাতি-গোষ্ঠীৰ এক মিলন ভূমি। ত্ৰয়োদশ শতিকাৰ পৰা বিংশ শতাব্দীলৈ  নানান জাতিৰ মানুহ আহি অসমত থিতাপি লৈছে। কিছুমানে যুদ্ধ কৰিবলৈ, কিছুমানে যুদ্ধবন্ধী হিচাপে, কিছুমানে বেপাৰ-বাণিজ্য কৰিবলৈ, কিছুমানে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত আৰু কিছুমানে চৰকাৰী উদ্দ্যোগত আহি ইয়াত বসবাস কৰিবলৈ লৈছে। সেইকালৰ সহজ-সৰল কছাৰী, চুটিয়া, কোচ, বড়ো আদিয়ে নির্বিবাদে সকলোকে গ্ৰহণ কৰিলে। একে ভৌগোলিক পৰিবেষ্টনত থাকি ওচৰা-ওচৰিকৈ এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হয়। বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনকে নিজৰ দেশ বুলি গ্ৰহণ কৰি লয় আৰু অসমীয়া ভাষাকেই নিজৰ ভাষা হিচাপে গ্ৰহণ কৰে।  গতিকে এই সকলো লগলাগি বৃহত্বৰ অসমীয়া জাতি গঠন হৈছে।

দ্বিতীয়তে লিখকে অসমীয়া সংস্কৃতিৰ বিষয়ে কৈছে যে ইংৰাজৰ আগমনৰ লগে লগে অসমত চাহ উদ্দ্যোগ প্ৰতিষ্ঠা হয়। এই উদ্দ্যোগত বনুৱা হিচাপে কাম কৰিবলৈ অসমৰ বাহিৰৰ পৰা বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ, উৰিষ্যা, মধ্য প্ৰদেশ আদিৰ পৰা চৰকাৰে বনুৱা আমদানি কৰে। এই চাহ বনুৱাসকল হৈছে – চাওঁতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি। এইসকল লোকে নিজৰ কৃষ্টি-সংস্কৃতি কিছু পৰিমাণে হ’লেও সংৰক্ষণ কৰি অসমীয়া মাত-কথা, থলুৱা আচাৰ-আচৰণ, সাজপাৰ আদি গ্ৰহণ কৰি অসমীয়া সমাজৰ অবিচেছদ্য অংগ হৈ পৰিল। কিন্তু এইসকল লোকৰ কোনো ধৰণৰ শিক্ষা-দীক্ষাৰ ব্যৱস্থা নোলোৱাত অতি অনগ্ৰসৰ হৈয়ে ৰ’ল। বিশেষ এটি উদ্দ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা বাবে এওঁলোক থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি পৰিল।

ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছৰ পৰা অসমত স্বঃপ্ৰণোদিত প্ৰক্ৰিয়া আৰম্ভ হয়।  ইংৰাজসকল অসমলৈ অহাৰ লগে লগে অসমত ৰেলগাড়ীৰ প্ৰচলন হ’ল। অসমত চাহ উদ্দ্যোগ আৰম্ভ হ’ল। যোগাযোগ ব্যৱস্থাও উন্নত হ’ল। মানুহৰ সাজ-সজ্জ্বাও পৰিৱৰ্তন হ’ল। মানুহে কোট-ছোলা পিন্ধা আৰম্ভ কৰিলে। কেক-বিস্কুটৰ প্ৰচলন হ’ল। হোটেল প্ৰতিষ্ঠা হ’ল। নতুন নতুন খাদ্য সামগ্ৰীৰ আমদানি হ’ল। বংগদেশৰ ৰসগোল্লা, লালমোহন, চুজি, লুচী, পুৰী আদিৰ প্ৰচলন হ’ল। অসমীয়া মানুহে হোটেলত খোৱা আৰম্ভ কৰিলে। জাত কুলৰ বিচাৰ লোপ পালে। সামাজিক বাধা-নিষেধ কমিল। এই গোটেইবোৰ প্ৰক্ৰিয়া নিজে নিজে হোৱা প্ৰক্ৰিয়া।

এনেদৰে লিখক আব্দুছ চাত্তাৰে ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’ নামৰ প্ৰৱন্ধটিত বৃহত্বৰ অসমীয়া জাতি আৰু সংস্কৃতি গঠনৰ প্ৰক্ৰিয়া ফাহিয়াই দেখুৱাইছে। 0 0 0.

বি. দ্র. আব্দুছ ছাত্তাৰৰ প্ৰৱন্ধ ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’– এক বিশ্লেষণাত্মক অধ্যয়ন | Abdus Sattar Asomor Jonogoshthir Ganthani Aru Sanskritiৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘নির্বাচিত অসমীয়া অসমীয়া প্রবন্ধ সমালোচনা‘ গ্রন্থৰ   পৰা লোৱা হৈছে

আব্দুছ ছাত্তাৰৰ প্ৰৱন্ধ ‘অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি’

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here