Home Kabita আব্রাহাম লিংকন | Abraham Lincoln

আব্রাহাম লিংকন | Abraham Lincoln

0

আব্রাহাম লিংকন | Abraham Lincoln

আব্রাহাম লিংকন  Abraham Lincolnআব্রাহাম লিংকন

 

আব্রাহাম লিংকন | Abraham Lincoln

আব্রাহাম লিংকন | Abraham Lincoln

আব্রাহাম লিংকন (Abraham Lincoln) আছিল এজন উকিল, মানৱতাবাদী কৰ্মী আৰু  আমেৰিকাৰ ১৬ তম ৰাষ্ট্ৰপতি। ১৮০৯ চনৰ ১২ ফেব্রূৱাৰীত এটা অতি দুখীয়া পৰিয়ালত  তেওঁৰ জন্ম হয়। পিতৃৰ নাম আছিল টমাছ লিংকন আৰু মাতৃৰ নাম আছিল নেন্‌ছি হান্‌ফছ লিংকন। মাক-দেউতাক নিৰক্ষৰ আৰু দুখীয়া আছিল যদিও আব্ৰাহামক পঢ়া-শুনাৰ কাৰণে উদগনি দিছিল। গাঁৱৰ পাঠশালাত নিজস্ব চেষ্টাৰে পঢ়া-শুনা কৰি ইংৰাজী ভাষাত যথেষ্ট ব্যুৎপত্তি অৰ্জন কৰে। আৰ্থিক দুৰৱস্থাৰ বাবে সৰুতে দেউতাকৰ লগত হাবিত কাঠ ফলাকে ধৰি নানান কাম কৰিব লগা হৈছিল। ১৮৩১ চনত লিংকনৰ পৰিয়াল ইলিনইলৈ যায় আৰু তাতে বসবাস কৰিবলৈ লয়। ইয়াতে তেওঁ নিউছালেম বন্দৰৰ এটা গুদাম ঘৰৰ ৰখীয়াৰ চাকৰিত সোমায়। তাত থকাৰ সময়তে বন্ধুবৎসল, সততা আৰু বাকপটু স্বভাৱৰ কাৰণে অঞ্চলটোত প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে। ১৮৩২ চনত সক্ৰিয় ৰাজনীতিত অংশ লোৱাৰ আগ্ৰহত প্ৰাদেশিক বিধানমণ্ডলীৰ নিৰ্বাচনত প্ৰদ্বিন্দ্বিতা কৰে যদিও পৰাজয় বৰণ কৰিবলগীয়া হয়। ১৮৩৪ চনত তেওঁ পুনৰ সেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা  কৰে আৰু সেইবাৰকে ধৰি পৰৱৰ্তী তিনিবাৰ বিপুল ভোটত বিজয়ী হয়। ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰে পৰাই আইন শিক্ষা গ্ৰহণ কৰিছিল আৰু¸ কালক্ৰমত ইলিনই প্ৰদেশৰ জ্যেষ্ঠ আইনজীৱীসকলৰ এজন হয়। ১৮৪২ চনত মেৰীটোডক বিয়া কৰায় আৰু কালক্ৰমত চাৰিটা পুত্ৰ সন্তানৰ পিতৃ হয়। ১৮৪৬ চনত আব্ৰাহাম লিংকনে ইলিনইৰ পৰা প্ৰতিদ্বন্দ্বিতা আৰু জয়লাভ কৰি আমেৰিকাৰ ছিনেটলৈ নিৰ্বাচিত হয়। সেই সময়তে আমেৰিকাৰ প্ৰচলিত দাস প্ৰথাৰ তীব্ৰ বিৰোধিতা কৰি ঘৃণনীয় সেই প্ৰথাৰ বিলোপ সাধনৰ বাবে সংসদত এখন বিল উত্থাপন কৰে যদিও বিলখন নাকচ হয়। ১৮৫৮ চনৰ নিৰ্বাচনত ছিনেটৰ ডগলাছৰ হাতত লিংকন পৰাস্ত হয় যদিও ১৮৬০ চনত আমেৰিকাৰ ৰিপাব্লিকান পাৰ্টিৰ পৰা এই নিৰ্বাচনত লিংকন জয়ী হয়। ১৮৬১ চনৰ ১৩ ফেব্রূৱাৰীত লিংকনে আমেৰিকাৰ ষষ্ঠদশ ৰাষ্ট্রপতিৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ৰাষ্ট্রপতিৰ কাৰ্যভাৰ লৈয়ে তেওঁ সন্মুখীন হয় দাস প্ৰথাক লৈ সংঘটিত এক গৃহযুদ্ধৰ। ধৈৰ্য, সাহস আৰু কৌশলেৰে লিংকনে এই গৃহযুদ্ধৰ সন্মুখীন হয়। ৰক্তক্ষয়ী  গৃহযুদ্ধৰ মাজতেই ১৮৬৩ চনৰ ১ জানুৱাৰীৰ এক ঘোষণাৰ দ্বাৰা আমেৰিকা যুক্তৰাষ্ট্র শাসনতন্ত্ৰৰ ত্ৰয়োদশ সংশোধনত এই আদেশৰ স্থায়ী ৰূপ দিয়া হয়। ১৮৬৫ চনৰ ৯ এপ্ৰিলত আমেৰিকা গৃহযুদ্ধৰ অৱসান ঘটে। ইয়াৰ মাত্ৰ পাঁচদিনৰ পাছত ৱাশ্বিংটনৰ ফোৰ্ড থিয়েটাৰৰ বুথ নামৰ এজন অভিনেতাৰ গুলীত দৰ্শকৰ আসনত বহি থকা আব্ৰাহাম লিংকন ধৰাশায়ী হয়। ইয়াৰ পাছদিনা, অৰ্থাৎ, ১৮৬৫ চনৰ ১৫ এপ্ৰিলত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ০ ০ ০. আব্রাহাম লিংকন | Abraham Lincoln

আব্রাহাম লিংকন | Abraham Lincoln

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here