Home Literary Criticism আমৰ ইবনে মাদীকৰিব | Amor Ibne Madi’karib

আমৰ ইবনে মাদীকৰিব | Amor Ibne Madi’karib

0

আমৰ ইবনে মাদীকৰিব | Amor Ibne Madi’karib

আমৰ ইবনে মাদীকৰিব  Amor Ibne Madi'karib

আমৰ ইবনে মাদীকৰিব | Amor Ibne Madi’karib

আমৰ ইবনে মাদীকৰিব: চমু  পৰিচয় 

আমৰ ইবনে মাদীকৰিব আছিল প্ৰাক-ইছলামী আৰু প্ৰাথমিক ইছলামী উভয় যুগৰ (মুখাদ্ৰাম) কবি, তেজস্বী বক্তা আৰু বীৰ যোদ্ধা। তেওঁ ইয়ামনত এটি পৌত্তলিক পৰিয়ালত ৫৩৩ খৃঃত জন্ম গ্ৰহণ কৰে। তেওঁৰ শাৰীৰিক গঠন আছিল অতি বিশালাকাৰ আৰু গলৰ সুৰ আছিল উচ্চ। তেওঁৰ শৈশৱকাল বেদুইন সমাজৰ উচ্ছৃঙ্খলতা, খেলা-ধূলা, আনন্দোল্লাস আৰু আমোদ-প্ৰমোদৰ মাজত পাৰ হয়।  জীৱনৰ সৰহভাগ কাল তেওঁ পৰম্পৰাগৰ পৌত্তলিক ধৰ্মত বিশ্বাসী আছিল যদিও হজৰত মহম্মদ (ছাঃ) য়ে মদীনালৈ হিজৰত কৰাৰ পিছত ৬৩১ খৃঃত তেওঁ নিজ গোত্ৰৰ কেইজনমান লোকৰ সৈতে মদীনালৈ গৈ  নবীজীৰ ওচৰত ইছলাম ধৰ্ম গ্ৰহণ কৰে। ইছলাম গ্ৰহণ কৰিছিল যদিও তেওঁ বেদুইন জীৱনৰ উচ্ছৃঙ্খলতা এৰিব পৰা নাছিল। তেওঁ আছিল অতি ভোজনবিলাসী। তেওঁ ইছলামৰ গ্ৰহণৰ এবছৰ পিছত মহানবী (ছাঃ)য়ে ইন্তেকাল কৰে। তেতিয়া তেওঁৰ মতিভ্ৰম হয় আৰু ইছলাম ধৰ্ম ত্যাগ কৰি পুনৰ পৌত্তলিক ধৰ্ম বিশ্বাসত উভতি যায় আৰু ভণ্ডনবী আসৱাদ আল আনছাৰীৰ প্ৰৰোচনাৰ চিকাৰ হয় আৰু ৰিদ্দাৰ যুদ্ধত ইছলামৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰে। কিন্তু যুদ্ধত মুছলমান বাহিনীৰ হাতত বন্ধী হৈ কাৰাগাৰত নিক্ষেপিত হয়। পিছত খলিফা হজৰত আবু বকৰ (ৰাঃ)ৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি মুক্তি লাভ কৰে আৰু পুনৰ ইছলাম ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে।  ইয়াৰ পিছত তেওঁ হজৰত আবুবকৰ (ৰাঃ) আৰু হজৰত ওমৰ (ৰাঃ) ৰ সময়ত মুছলমান বাহিনীৰ হৈ বহুতো যুদ্ধত বীৰ বিক্ৰমে অংশ গ্ৰহণ কৰে। ৬৩৭ খৃঃত ১১০ বছৰ বয়সত তেওঁ কাছেদিয়াৰ যুদ্ধত অংশ গ্ৰহণ কৰি অসীম বীৰত্বৰে যুদ্ধ কৰি ইছলামৰ বিজয়ৰ পথ প্ৰশস্ত কৰে। কথিত আছে যে যোদ্ধা হিচাপে তেওঁ আছিল অকলেই এহেজাৰ যোদ্ধাৰ সমান। খলিফা হজৰত ওমৰ (ৰাঃ) বহু সময়ত যুদ্ধ-কৌশল সম্পৰ্কে তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছিল।
 
তেওঁ যুদ্ধক্ষেত্ৰত অসাধাৰণ বীৰত্বৰ পৰিচয় দিছিল আৰু এজন বীৰ যোদ্ধা হিচাপে তেওঁৰ নাম চাৰিওদিশে ৰৈ বৈ গৈছিল।  সমসাময়িক আৰু পৰৱৰ্তী যুগতো বহু কবিয়ে তেওঁৰ বীৰত্বৰ গুণ-গান কৰি বহু কবিতা ৰচনা কৰিছিল।
 
৬৪২-৪৩ খৃঃত তেওঁ নেহাওৱান্দেৰ যুদ্ধত অংশ গ্ৰহণ কৰে আৰু অসীম বীৰত্বৰে যুদ্ধ কৰি অৱশেষত তেওঁ শত্রূৰ হাতত যুদ্ধক্ষেত্ৰতে নিহয় হয়। 

আমৰ ইবনে মাদীকৰিব: কাব্যিক প্ৰতিভাঃ

আমৰ ইবনে মাদীকৰিব (Amor Ibne Madi’karib) আছিল এজন স্বভাৱ কবি। তেও ৰচনা কৰা কবিতাৰ সংখ্যা যথেষ্ট নাছিল যদিও সেইবোৰৰ সৰহভাগ কবিতা আছিল বক্তৃতাধৰ্মী। তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু আছিল যুদ্ধ আৰু বীৰত্বৰ বৰ্ণনা। তেওঁৰ বৰ্ণনা আছিল বস্তুনিষ্ঠ আৰু নিৰেপক্ষ। তেওঁ কোনো ব্যক্তিৰ গুণ-গান কৰোতে কেতিয়াও অতিৰঞ্জিত কৰা নাছিল। তেওঁ বেদুইন জাতিৰ সাহসিকতা অতি সাৱলীলভাৱে তেওঁৰ কবিতাত মূৰ্ত কৰি তুলিছিল। কোনো কোনো কবিতাত তেওঁ নিজৰ বীৰত্বৰ বিষয়েও বৰ্ণনা কৰিছে। এটি কবিতাত তেওঁ লিখিছেঃ
 
“দেখা পাওঁ, অশ্বাৰোহী সৈন্য আহে বক্ৰ পথত
যেনেকৈ স্ৰোতস্বিনী প্ৰৱাহিত হয় শস্য খেতিত
প্ৰথমে হেঁচা খায় মোৰ অন্তৰ
পিছ মূহুৰ্ততে  মনক ঠেলি দিও আগলৈ
সাহস উভতাই পায় মন, দূৰ হৈ যায় ভয়।”
 
তেওঁৰ কিছুমান কবিতাৰ বিষয়বস্তু প্ৰেম। প্ৰেমৰ কবিতাবোৰত নাৰীদেহৰ সৌন্দৰ্যৰ বৰ্ণনা আছে যদিও তেওঁ নাৰী সৌন্দৰ্যৰ বন্দনা কৰা নাই। তেওঁ নাৰীৰ বিষয়ে লিখোতে সদায় শালীনতা বজাই ৰাখিছিল।
 
তেওঁৰ কোনো কোনো কবিতাত দাৰ্শনিক অভিব্যক্তি প্ৰকাশ পাইছে, যেনে –
 
“তুমি কিয় সুন্দৰ পোছাকেৰে নিজকে কৰা সজ্জ্বিত
জানি লোৱা সৌন্দৰ্য কেতিয়াও পোছাকত নহয় বিকশিত
সৌন্দৰ্য হৈছে সেই সকলো গুণাৱলীৰ খনি
সি মহত্ব আৰু ভাল কামৰ উত্তৰাধিকাৰী।”
 
তেওঁৰ কিছুমান কবিতাত কোৰানৰ আয়াতৰ সুৰ আৰু ঝংকাৰৰ প্ৰতিফলন আছে। তেওঁৰ কিছুমান কবিৰ কবিতাৰ পংক্তি আছিল সৰু সৰু আৰু জ্ঞানগৰ্ভী প্ৰবাদ বাক্যৰ দৰে। উদাহৰণস্বৰূপে তলত  দিয়া পংক্তি কেইটা উল্লেখ কৰিব পাৰিঃ
 
(ক) যি কাম কৰাৰ সামৰ্থ নাই সেয়া ত্যাগ কৰা।
(খ) কাম সৰু বা ডাঙৰ হওঁক অতি আগ্ৰহৰে কৰা।
 
তেওঁৰ ভাষা আছিল গহীন, ভাৱ আছিল গম্ভীৰ আৰু বৰ্ণনা আছিল সৰল আৰু তেজস্বী, কল্পচিত্ৰ আছিল চিন্তাগধুৰ।
 
তেওঁৰ কবিতাৰ সংখ্যা কম আছিল যদিও তেওঁ মুষ্ঠিমেয় কবিতাৰেই আৰবী ভাষা আৰু সাহিত্যৰ বিকাশত অৱদান আগবঢ়াইছিল। 0 0 0.
.
.
বি দ্রঃ উক্ত ‘আমৰ ইবনে মাদীকৰিব | Amor Ibne Madi’karib’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here