Home Literary Criticism আল-হুতাইয়্যা | Al-Hutaia

আল-হুতাইয়্যা | Al-Hutaia

0

আল-হুতাইয়্যা | Al-Hutaia

আল-হুতাইয়্যা  Al-Hutaia

আল-হুতাইয়্যা | Al-Hutaia

আল-হুতাইয়্যা: চমু পৰিচয়ঃ

আৰবী মুখাদ্ৰিম কবিসকলৰ ভিতৰত অন্যতম এজন জনপ্ৰিয় কবি আছিল আল-হুতাইয়্যা। তেওঁৰ আচল নাম আছিল আবু মুলায়কা আল্‌জাৰোৱাল বিন আউচ। তেওঁ বানু আবছ গোত্ৰত এজনী দাসীৰ গৰ্ভত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ জন্ম কাল সঠিককৈ জনা নাযায়। কিন্তু অনুমান কৰা হয় যে তেওঁ ষষ্ট শতিকাৰ শেষ দহক বা সপ্তম শতিকাৰ প্ৰথম দহকত জন্ম গ্ৰহণ কৰিছিল।  এজনী দাসীৰ গৰ্ভত জন্ম হোৱা বাবে তেওঁ সৰু কালৰ পৰা মানুহৰ নিন্দা, ঘৃণা আৰু অৱহেলাৰ পাত্ৰ হৈছিল। তেওঁৰ চৰিত্ৰত সেই সময়ৰ সাধাৰণ আৰব এজনৰ গাত থকা সকলোবোৰ বেয়া স্বভাৱ আছিল। সৰু কালৰ পৰাই তেওঁক নিন্দা কৰা লোকসকলৰ প্ৰতি তেওঁৰ মনত এক বিতৃষ্ণা ভাৱৰ সৃষ্টি হৈছিল আৰু সেইসকলৰ ওপৰত প্ৰতিশোধ লোৱাৰ সংকল্পৰে কাব্য চৰ্চা আৰম্ভ কৰিছিল। তেওঁ জীৱনৰ প্ৰথমাৰ্ধত এজন পৌত্তলিক আছিল। পিছলৈ ইছলামৰ আৱিৰ্ভাব হোৱাৰ পিচত তেওঁৰ গোত্ৰৰ আন কেইজনমান লোকৰ সৈতে ইছলাম গ্ৰহণ কৰে। কিন্তু তেওঁ বেয়া অভ্যাসবোৰ বিসৰ্জন দিয়া নাছিল। জনা যায় যে তেওঁ হজৰত মহম্মদ (ছাঃ)ক জীৱনত সাক্ষাৎ পোৱা নাছিল। ৬৩২ খৃঃত হজৰত মহম্মদ (ছাঃ)ৰ ইন্তেকালৰ পিছত তেওঁ ইছলাম ধৰ্ম ত্যাগ কৰে আৰু ইছলামৰ বিৰুদ্ধাচৰণ কৰিবলৈ লয়। কিন্তু ইছলামৰ প্ৰথম খলিফা হজৰত আবু বকৰ (ৰাঃ)য়ে ইছলাম ত্যাগীসকলৰ বিৰুদ্ধে এক অভিযান চলায়। তেতিয়া আল হুতাইয়ে আকৌ ইছলাম ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে। দ্বিতীয় খলিফা হজৰত ওমৰ (ৰাঃ)ৰ ৰাজত্বকালছোৱাত তেওঁ জিবৰিকান ইবনেবদৰ নামৰ এজন কৰ আদায়কাৰী চৰকাৰী বিষয়াক নিন্দা কৰি কবিতা ৰচনা কৰি চৰকাৰৰ ৰোষত পৰে। পিছত ক্ষমা খুজি মুক্তি লাভ কৰে।  কবিতা ৰচনা কৰি আৰু কবিতা আবৃতি কৰিয়েই তেওঁ জীৱিকা উপাৰ্জন কৰিছিল। অৰ্থাৎ তেওঁ আছিল এজন বৃত্তিধাৰী কবি। এইজন কবিৰ ৬৭৪ খৃঃত মৃত্যু হয়।

আল-হুতাইয়্যা: কাব্য প্ৰতিভাঃ

আল-হুতাইয়্যা (Al-Hutaia) এজন স্বভাৱ কবি আছিল আৰু আৰবী কবিতাৰ ইতিহাসত তেওঁ নিন্দাসূচক কবিতাৰ ৰচয়িতা বুলি বিখ্যাত হৈ আছে।  তেওঁৰ ৰচিত প্ৰায় ৯০০ মান কবিতা পোৱা গৈছে। তেওঁ কবিতাৰে তেওঁক ঘৃণা কৰা লোকসকলৰ ওপৰত প্ৰতিশোধ লৈছিল। তেওঁৰ ব্যঙ্গ কবিতাৰ পৰা পৰিচিত, অপৰিচিত, আত্মীয়, অনাত্মীয় কোনো লোক বাদ পৰা নাছিল। তেওঁ নিজৰ চেহেৰাকো নিন্দা কৰি কবিতা ৰচনা কৰিছিল।  এটি কবিতাত তেওঁ লিখিছিল–
 
“মই মোৰ মুখমণ্ডল দেখা পাওঁ
আল্লাহই ইয়াক কুৎসিত কৰি সৃষ্টি কৰিছে।
মোৰ অৱয়ব যেনে কুৎসিত 
তেনেদৰে মোৰ গৰ্ভধাৰিনীজনীও  কুৎসিত আছিল।”
 
উল্লেখ্য যে তেওঁ দুখীয়া লোকক নিন্দা কৰি কোনো কবিতা ৰচনা কৰা নাছিল। 
 
তেওঁৰ কিছুমান কবিতা স্তুতিমূলক আৰু প্ৰশংসামূলক আছিল। সেইবোৰ কবিতাত তেওঁক সহায় কৰা বা তেওঁৰ প্ৰতি সহানুভূতি দেখুওৱা লোকসকলক প্ৰশংসা কৰি গুণ-কীৰ্তন কৰিছল। তেওঁ আবু মুছা আল-আনছাৰী, আল ওৱালিদ বিন উকবা, চৈয়দ বিন আল আচ, উয়িনা বিন হিছন আদি নেতৃত্বস্থানীয় ব্যক্তিকসলক প্ৰশংসা কৰি কবিতা ৰচনা কৰি সিহঁতৰ সহানুভূতি আৰু পুৰস্কাৰ লাভ কৰিছিল।
 
তেওঁ কিছু প্ৰেমৰ কবিতাও ৰচনা কৰিছিল। প্ৰেমৰ কবিতাবোৰত নাৰীদেহৰ কাব্যিক বৰ্ণনা পোৱা যায়। তেওঁৰ কবিতাত নাৰীদেহৰ অংগ-প্ৰতঙ্গ যেনে -ডিঙি, তপিনা, নাক, কাণ, চুলি, মুখমণ্ডল, হাঁহি আদিৰ মোহনীয় বৰ্ণনা আছে। তেওঁৰ কল্পচিত্ৰ আছিল কল্পনাপ্ৰৱণ আৰু চিত্তাকৰ্ষক।
 
তেওঁ প্ৰাথমিক ইছলামী যুগৰ কবি যদিও তেওঁৰ কবিতাত ইছলামী দৰ্শনৰ প্ৰভাৱ অতি ক্ষীণ।
 
তেওঁৰ কবিতা আছিল ছন্দোবদ্ধ। শব্দৰ সুষম ব্যৱহাৰ তেওঁৰ কবিতাৰ এক লক্ষণীয় বিষয় যদিও তেওঁ বহু কবিতাত অপৰিচিত শব্দও ব্যৱহাৰ কৰিছিল।
 
আৰবী কবিতাৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত তেওঁৰ অৱদানো যথেষ্ট। তেওঁক মুখাদ্ৰিম কবিসকলৰ ভিতৰত অন্তিমজন কবি বুলি কোৱা হয়। 0 0 0.
আল-হুতাইয়্যা (Al-Hutaia)
বি দ্রঃ উক্ত ‘আল-হুতাইয়্যা | Al-Hutaia’ ৰচনাটি ৰাব্বি মছৰুৰ ৰচিত ‘আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ‘ গ্রন্থখনৰ পৰা লোৱা হৈছে।
.

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here