Home All আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ | Arabi Sahityor Etihas-Prathamik Islami Yug

আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ | Arabi Sahityor Etihas-Prathamik Islami Yug

History of Arabic Literature: Early Islamic Period

0

 

আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ Arabi Sahityor Etihas-Prathamik Islami Yug 

 আৰবী সাহিত্যৰ ইতিহাস

প্রাথমিক -ইছলামী যুগ

আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ |
Arabi Sahityor Etihas-Prathamik Islami Yug
 
 

ৰাব্বি   মছৰুৰ

গ্রূহিলচ  পাব্লিশিং 

 

 

Internet Edition:
All rights reserved with the author.
Price: ……………………
DTP by Adid Shahriar
Printed at: …………..
আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ |
Arabi Sahityor Etihas-Prathamik Islami Yug
 
আগকথা 
 
(মূল লিখকৰ)
 

মই পঢ়ি আৰু লিখি ভাল পাওঁ আৰু সেয়েহে এবাৰ মই কিছুমান আৰবী কিতাপ পঢ়িবলৈ লৈছিলো, বিশেষকৈ ইংৰাজী অনুবাদৰ জৰিয়তে (কাৰণ আৰবী ভাষাৰ ওপৰত মোৰ দখল অতি সামান্য)  যিহেতু লিখা কামটো মোৰ অনুভৱ আৰু ধাৰণা প্ৰকাশৰ মাধ্যম, সেয়েহে মই অতি কম সময়ৰ ভিতৰতে “এ হিষ্ট্ৰী অৱ এৰাবিক  লিটাৰেচাৰ, প্ৰাক-ইছলামিক পেৰিয়ড” কিতাপখন লিখি উলিয়ালোঁ। কিতাপখন পাঠকসমাজে ভালে পোৱাত উৎসাহিত হৈ আৰবী সাহিত্যৰ ওপৰত মোৰ দ্বিতীয়খন কিতাপ “এ ব্রিফ হিষ্ট্ৰী অৱ এৰাবিক  লিটাৰেচাৰ, আর্লি ইছলামিক পেৰিয়ড” কিতাপখন লিখি উলিয়ালো।  ইয়াত মই স্পষ্টভাৱে মোৰ দুৰ্বলতা স্বীকাৰ কৰিছো যে এই কিতাপখন কোনো পধ্যেই বিস্তৃত নহয়, ই এক সংক্ষিপ্ত ধাৰনাহে। আৰু যদিও ই সংক্ষিপ্ত,  কিতাপখনে বিভিন্ন আৰবী কিতাপ পঢ়ি থাকোতে আৰবী ভাষা আৰু সাহিত্যৰ ওপৰত মই গঠন কৰা মোৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে।

আশা কৰোঁ যে এই কিতাপখন তেওঁলোকৰ বাবে সহায়ক হ’ব যিসকলে খৰখেদাকৈ আৰৱী সাহিত্যৰ সৈতে পৰিচিত হ’ব বিচাৰে।
 
মেনোনিম মেনোনিমাছ
শান্তি কানন
আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ |
Arabi Sahityor Etihas-Prathamik Islami Yug
 
 
 
অসমীয়া অনুবাদৰ আগকথা 
 
আজিকালি আৰবী সাহিত্যৰ সমাদৰ বৃদ্ধি পাইছে আৰু বিভিন্ন দেশৰ স্কুল-কলেজৰ পাঠ্যক্ৰমত আৰবী ভাষা-সাহিত্য অৰ্ন্তভূক্ত হৈছে। আমাৰ অসমৰ শিক্ষানুষ্ঠানসমূহতো আৰবী ভাষা-সাহিত্যই স্থান পাইছে। কিন্তু আৰবী ভাষা আৰু সাহিত্যৰ ওপৰত অসমীয়া ভাষাত কিতাপ প্ৰায় নাই বুলিব পাৰি। সেয়ে  মেনোনিম মেনোনিমাচে ৰচনা কৰা মূল ইংৰাজী ‘‘A Brief History of Arabic Literature, Primary Islamic Period (from 622 AD to 661 AD)’  কিতাপখন “আৰবী সাহিত্যৰ ইতিহাস, প্রাথমিক ইছলামী যুগ” শিৰোনামেৰে অসমীয়া ভাষালৈ অনুবাদ কৰা হ’ল। মই আশাবাদী যে কিতাপখন আৰবী ভাষা সাহিত্যৰ প্ৰতি কৌতুহল থকা পাঠকসকলৰ লগতে অসমীয়া ভাষী আৰবী সাহিত্যৰ ছাত্ৰ-ছাত্ৰীসকলৰো উপকাৰত আহিব।
ইয়াতে উল্লেখ্য যে কিতাপখন সম্পূৰ্ণ মোৰ অনুবাদ যদিও  বৰপেটাৰ আজাদ প্ৰকাশনে আবুল কাছিম আৰু ইনামূল হক -এই দুজন লিখকৰ নামত কিতাপখন প্ৰকাশ কৰিছে। অৱশ্যে ইয়াত মোৰো কোনো আপত্তি নাই। ইতি
 
ৰাব্বি  মছৰুৰ
কমলপুৰ।
আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ |
Arabi Sahityor Etihas-Prathamik Islami Yug
 
অৰ্পণ
 
কিতাপ পঢ়ি ভালপোৱা
মোৰ জীয়ৰী 
মিছ ছামিমাৰ হাতত
মৰমেৰে
 
ৰাব্বি  মছৰুৰ
 
 
সূচীপত্র  
 
অধ্যায়- ১
প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ কোৰান
             
অধ্যায়- ২
প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ হাদিছ
 
অধ্যায়- ৩
প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ
 
অধ্যায়- ৪
প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য
 
অধ্যায়- ৫
প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্যৰ বৈশিষ্ট্য
 
অধ্যায়- ৬
প্ৰাথমিক ইছলামী যুগৰ বিশিষ্ট আৰবী কবিসকল
 
অধ্যায়- ৭
প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্য
 
অধ্যায়- ৮
প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱা ব্যক্তিসকল
আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ |
Arabi Sahityor Etihas-Prathamik Islami Yug

Table of Contents

আৰবী সাহিত্যৰ ইতিহাস প্রাথমিক -ইছলামী যুগ

 
 
অধ্যায়- ১

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ কোৰান 

প্ৰাথমিক ইছলামী যুগ বুলিলে ৬২২ খ্ৰীষ্টাব্দ অৰ্থাৎ হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ পৰা মদিনালৈ হিজৰত কৰা সময়ৰ পৰা ৬৬১ খ্ৰীষ্টাব্দলৈ অৰ্থাৎ ইছলামী সাম্ৰাজ্যৰ খলিফা হজৰত আলী (ৰাঃ)শাসনৰ সময়লৈকে বুজোৱা হয়। এই সময়ছোৱাত আৰবী ভাষা আৰু সাহিত্যই এক নতুন শক্তি, গতি আৰু দৰ্শন লাভ কৰে। কিয়নো ইছলাম ধৰ্মৰ আবিৰ্ভাৱৰ লগে লগে পৰম্পৰাগত আৰবী ভাষা আৰু সাহিত্যৰ  প্ৰভাৱ ক্ৰমে হ্রাস পাই আহে আৰু এক নতুন ধাৰা আৰম্ভ হয় যাক আমি ইছলামী ধাৰা বুলি ক’ব পাৰোঁ। প্ৰাথমিক ইছলামী যুগৰ আৰবী সাহিত্যৰ উৎসসমূহৰ ভিতৰত আছিল কোৰান, হাদিছ,  কোৰানৰ তফছিৰ, ফিকা, ইতিহাস, কবিতা আৰু গদ্য সাহিত্য। এইবোৰৰ ভিতৰত কোৰান আৰু হাদিছক প্ৰধান উৎস বুলি বিবেচনা কৰা হয়। তলত প্ৰাথমিক আৰবী সাহিত্যৰ উৎস হিচাপে কোৰানৰ বিষয়ে সংক্ষেপে আলোচনা কৰা হ’ল।

কোৰান পৰিচয়

কোৰান হৈছে সৰ্বশেষ ঐশী গ্ৰন্থ। এইখন আল্লাহ প্ৰেৰিত শেষ নবী হজৰত মহম্মদ (ছাঃ) ওপৰত নাজিল (অৱতৰণ) হৈছিল। গ্ৰন্থখনত মানৱজাতিৰ শান্তিপূৰ্ণ জীৱন-যাপন বাবে প্ৰয়োজনীয় সকলো নীতি নিৰ্দেশন আছে। এইখনৰ নীতি-নিৰ্দেশনা মতে জীৱন যাপন কৰা লোকসকলক ‘মুছলমান’ বুলি কোৱা হয়। গ্ৰন্থখন পোনতে আল্লাহই ‘লৌহে মাহফুজ’ (সুৰক্ষিত ফলি)ত লিখি সংৰক্ষণ কৰি ৰাখিছিল আৰু পিছত প্ৰয়োজন অনুসাৰে হজৰত মহম্মদ (ছাঃ)ৰ ওপৰত ফিৰিস্তা হজৰত জিব্রাইল (আঃ)ৰ জৰিয়তে নাজিল (অৱতৰণ) কৰিছিল। 

কোৰান অৱতৰণ 

হজৰত মহম্মদ (ছাঃ)ৰ চল্লিশ বছৰ বয়সত মক্কাৰ পৰা তিনি মাইল দূৰত অৱস্থিত হীৰা গুহাত ৬১০ খ্ৰীষ্টাব্দৰ ৰমজান মাহত জিব্রাইল (আঃ)ৰ জৰিয়তে কোৰানখন হজৰত মহম্মদ (ছাঃ)ৰ ওপৰত ছোৱা ছোৱাকৈ অৱতৰণ হোৱা আৰম্ভ হয় আৰু ৬৩২ খ্ৰীষ্টাব্দৰ ৮ জুন তাৰিখে কোৰানখনৰ অৱতৰণ সমাপ্ত হয়। মুঠতে কোৰানখন সম্পূৰ্ণৰূপে অৱতৰণ হওঁতে ২২ বছৰ  ২ মাহ ২২ দিন সময় লয়। কোৰানখনত মুঠতে ১১৪ টি ছুৰা (অধ্যায়) আৰু ৬৬৬৬ টি আয়াত (বাক্য) আছে। কোৰানৰ ১১৪ টি ছুৰাৰ ভিতৰত ৯৩ টি ছুৰা মক্কাত ১৩ বছৰত অৱতীৰ্ণ হয় আৰু বাকী ২৩ টি ছুৰা মদিনাত অৱতীৰ্ণ হয়। মক্কাত অৱতীৰ্ণ হোৱা ছুৰােবাৰক ‘মক্কী ছুৰা’ আৰু মদিনাত অৱতীৰ্ণ হোৱা ছুৰােবাৰক ‘মাদীনি ছুৰা’ বুলি কোৱা হয়। কোৰানখনৰ অৱতীৰ্ণ হোৱা প্ৰথম আয়াত আছিল ‘ছুৰা আল-আলাক’ৰ প্ৰথম আয়াত।
  
আল্লাহৰ শেষ নবী হজৰত মহম্মদ (ছাঃ)ৰ ওপৰত পবিত্ৰ কোৰানখন নিম্নোলেখিত তিনিটা পদ্ধতিত (নাজিল) অৱতীৰ্ণ হয়, যথা-
 
(ক) হজৰত মহম্মদ (ছাঃ) টোপনিত থকা অৱস্থাত, সপোনৰ মাধ্যমত।
 
(খ) জাগ্ৰত অৱস্থাত হজৰত মহম্মদ (ছাঃ)ৰ অন্তৰত ভাৱৰ উন্মেষ ঘটি।
 
(গ) মানুহৰ আকৃতিতে স্বয়ং ফিৰিস্তা জিব্রাইলৰ  মাধ্যমত।
 
এইদৰে নবীজীয়ে আল্লাহৰ পৰা যি বাণী লাভ কৰিছিল সেইবোৰ লগে লগে মুখস্থ কৰি ৰাখিছিল আৰু তেখেতৰ চাহাবী (সংগী)সকলকো মুখস্থ কৰাইছিল। ইয়াৰোপৰি নবীজীৰ  চৌৱাল্লীশজন অহি লেখক আছিল আৰু সিহঁতে নবীজীয়ে শিকোৱা মতে জন্তুৰ হাড়, খেজুৰ গছৰ পাত, জন্তুৰ ছাল আদিত লিখি ৰাখিছিল।
 
নবীজীৰ ইন্তেকালৰ ৮০ দিন আগতে কোৰানখনৰ অৱতীৰ্ণ সম্পূৰ্ণ হয়। কোৰানখন ছোৱা-ছোৱাকৈ অৱতীৰ্ণ হোৱা বাবে হজৰত মহম্মদ (ছাঃ)ৰ জীৱন কালতে এইখন কিতাপ আকাৰে সংকলিত হোৱা নাছিল।

কোৰান  সংকলন আৰু সংৰক্ষণ

৬৩২ খ্ৰীষ্টাব্দৰ  ৮ জুনত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ) য়ে পৰলোক গমন কৰে। তেখেতৰ পিছত হজৰত আবু বকৰ মদিনাৰ খলিফা নিৰ্বাচিত হয়। হজৰত মহম্মদ (ছাঃ)ৰ ইন্তেকালৰ পিছত আৰবসকলৰ মাজত আকৌ বিশৃঙ্খলতা আৰম্ভ হয়। কিছু সংখ্যক মুছলমানে ইছলাম ধৰ্ম ত্যাগ কৰি পুনৰ পৌত্তলিক ধৰ্মলৈ ওভতি যায়। কিছুমানে ইছলামৰ মূল নীতিৰ পৰা আঁতৰি যায়। আনহাতে কেইজনমান লোকে নিজকে নবী বুলি দাবী কৰে। হজৰত আবু বকৰ (ৰাঃ)য়ে এইসকলৰৰ বিৰুদ্ধে বৰ কঠোৰ নীতি অৱলম্বন কৰে। ইয়াৰ ফলত তেওঁ কেইটিমান বিদ্ৰোহৰ সন্মূখীন হয় আৰু যুদ্ধ কৰিবলগা হয়। সেই যুদ্ধসমূহৰ ভিতৰত এটি যুদ্ধ আছিল ‘য়ামামাৰ যুদ্ধ’। এই যুদ্ধখন ভণ্ডনবী মুছাইলিমাৰ লগত সংঘটিত হয়। খলিফা হজৰত আবু বকৰ (ৰাঃ)য়ে সেনাপতি খালিদ বিন অলিদৰ নেতৃত্বত মুছাইলিমাৰ বিৰুদ্ধে এক বিশাল বাহিনী প্ৰেৰণ কৰে। এই যুদ্ধখন আছিল অতি ভয়াবহ আৰু ৰক্তক্ষয়ী। যুদ্ধখনত ইছলামৰ প্ৰায় ১২০০ (বাৰশ) সেনা নিহত হয়। ইয়াৰ সৰহভাগেই আছিল কোৰানৰ হাফিজ। কোৰানৰ হাফিজসকল নিহত হোৱা চাই হজৰত ওমৰ (ৰাঃ) শংকিত হৈ পৰে আৰু দূৰদৰ্শী ওমৰে খলিফা হজৰত আবু বকৰ (ৰাঃ)ক  কোৰানৰ সিচঁৰতি হৈ থকা খণ্ড খণ্ড অংশবোৰ গোটাই কিতাপ আকাৰে সংকলন কৰাৰ পৰামৰ্শ প্ৰদান কৰে। প্ৰথমতে হজৰত আবু বকৰে এই কাম কৰিবলৈ অস্বীকাৰ কৰে আৰু কয় যে যি কাম নবীয়ে কৰি থৈ যোৱা নাই, সেইকাম সি কৰিব নোৱাৰে। পিছত হজৰত আবু বকৰে কোৰানখন গ্ৰন্থাকাৰে সংকলন কৰিবলৈ মান্তি হয় আৰু এই কামৰ বাবে  বিশিষ্ট আনচাৰী যায়িদ বিন ছাবিদক বিভিন্ন স্থানত সিচঁৰতি হৈ থকা কোৰানৰ ছুৰাবোৰ গোটাই বিশ্বস্ততাৰ ভিত্তিত  গ্ৰন্থাকাৰে সংকলন কৰিবলৈ নিযুক্তি দিয়ে।
 
জায়েদ বিন ছাবিদে আবু বকৰৰ নিৰ্দেশ শিৰোধাৰ্য কৰি অতি সতৰ্কতাৰ সৈতে এই কাম কৰিবলৈ লয়। তেওঁ কোৰানৰ হাফিজসকলক লগ ধৰি সিহঁতৰ আবৃতি শুনাৰ লগতে বিভিন্ন জনে লিখি ৰখা কোৰানৰ ছুৰাবোৰ সংগ্ৰহ কৰি বহুতো বাছ-বিচাৰ কৰি সম্পূৰ্ণ শুদ্ধ আৰু নিখুঁতৰূপত পবিত্ৰ কোৰানখন গ্ৰন্থ আকাৰে সংকলন কৰি উলিয়ায়।  সংকলনৰ কাম সমাপ্ত কৰি এইখন খলিফা হজৰত আবু বকৰ (ৰাঃ) ৰ হাতত অৰ্পন কৰে। এই কাম সমাধা হোৱাৰ কিছুদিনৰ পিছত হজৰত আবু বকৰ (ৰা) মৃত্যু হয় । ইয়াৰ পিছত হজৰত ওমৰ (ৰাঃ) ইছলামী সাম্ৰাজ্যৰ খলিফা নিৰ্বাচিত হয় আৰু সংকলিত কোৰানখন তেওঁৰ তত্বাৱধানত ৰখা হয়। 
 
হজৰত ওমৰে দহ বছৰকাল ইছলামী সাম্ৰাজ্য শাসন কৰি শ্বহীদ হয়।পিছত কোৰানখন তেওঁৰ কন্যা আৰু হজৰত মহম্মদ (ছাঃ)ৰ এক পত্নী হজৰত হাফছা (ৰাঃ)ৰ ওচৰত জমা ৰখা হয়।
 
হজৰত ওমৰ (ৰাঃ)ৰ পিছত হজতে ওছমান ইছলামী সাম্ৰাজ্যৰ খলিফা নিৰ্বাচিত হয়। হজৰত ওমৰৰ শাসন কালত ইছলামী সাম্ৰাজ্যৰ যথেষ্ট বিস্তাৰ হয় আৰু ইছলাম ধৰ্মৰো প্ৰসাৰ হয়। নৱদীক্ষিত মুছলমানসকলৰ মাজত কোৰানৰ তিলৱাত (পাঠ)ক লৈ মতানৈক্যৰ সৃষ্টি হয়।  তেতিয়া হজৰত ওছমানে এই বিতৰ্কৰ অন্ত পেলাবলৈ হজৰত হাফছাৰ জিম্বাত থকা কোৰানৰ কপিটো সংগ্ৰহ কৰি জায়েদ বিন ছাবিদক এই কপিটোৰ পৰা কেইবাখনো প্ৰতিলিপি প্ৰস্তুত কৰিবলৈ দায়িত্ব অৰ্পন কৰে। এই কামত আব্দুল্লা ইবনে জুবাইৰ, ছাঈদ ইবনে আল-আশ্বা আৰু আব্দুৰ ৰহমান ইবনে হাৰিছে ছাবিদক সহায় কৰে। কোৰানৰ কোনো আয়াতলৈ কিবা মতবিৰোধৰ সৃষ্টি হ’লে কুৰাইশ উপভাষাত সেয়া লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। সিহঁতৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত ৬৫১ খ্ৰীষ্টাব্দত কোৰানৰ ছয়খন প্ৰতিলিপি প্ৰস্তুত হয় আৰু তৎকালিন মুছলিম বিশ্বৰ চাৰিখন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। হজৰত ওছমানৰ উদ্যোগত এই কাম সমাধা হোৱা বাবে তেওঁক ‘জামিউল কোৰান’ (কোৰানৰ সংৰক্ষণকাৰী) উপাধি দিয়া হয়।

সাহিত্যিক উৎস হিচাপে পবিত্ৰ কোৰান

পবিত্ৰ কোৰানখনে আৰবী সাহিত্যৰ ভাণ্ডাৰত এক অতুলনীয় স্থান দখল কৰি আহিছে। ইয়াৰ ভাষা গদ্য আৰু পদ্যৰ এক অপূৰ্ব সংমিশ্ৰন। এইখন এনেকুৱা ৰীতিত ৰচিত হৈছিল যি আছিল পূৰ্ব দৃষ্টান্তহীন আৰু অতুলনীয়। ইয়াৰ ভাষা ৰীতি, শব্দ চয়ন, অলংকাৰ আদিয়ে সেইসময়ৰ আৰবী ভাষা আৰু সাহিত্যৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলায় আৰু আৰবী ভাষাক  স্থিৰতা, সাৰ্বজনীনতা প্ৰদান কৰি আৰবী ভাষা-সাহিত্যক এক নতুন গতি প্ৰদান কৰে। ইয়াক প্ৰাথমিক ইছলামী যুগৰ আৰবী ভাষা-সাহিত্যৰ প্ৰধান উৎস হিচাপে বিবেচনা কৰা হয়। কিয়নো কোৰানত ইছলামৰ ধৰ্মীয় নিৰ্দেশনা থকাৰ লগতে পূৰ্বৰ প্ৰধান নবীসকলৰ বিষয়ে বিভিন্ন তথ্য, সেই সময়ৰ আৰবৰ সামাজিক, ৰাজনৈতিক, নৈতিক, আদি বিভিন্ন দিশৰ প্ৰসংগ পোৱা যায়।

আৰবী ভাষাৰ ওপৰত কোৰানৰ প্ৰভাৱ

ভাষিক দিশৰ পৰা কোৰানখন এক অতুলনীয় গ্ৰন্থ। ইয়াৰ প্ৰভাৱ ধৰ্মীয় দিশত যিমান শক্তিশালী আৰু যুগান্তকাৰী, সেইদৰে আৰবী ভাষাৰ ওপৰতো ইয়াৰ প্ৰভাৱ লেখতলবলগীয়া। তলত আৰবী ভাষাৰ ওপৰত কোৰানৰ প্ৰভাৱৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’লঃ
 
(ক) কোৰান ভাষা গদ্য আৰু পদ্যৰ এক অনুপম সংমিশ্ৰন। ইয়ে আৰবী গদ্যক এক সুষমতা দান কৰাৰ উপৰিও আৰবী ভাষাৰ বিভিন্ন ঠাল-ঠেঙুলিবোৰৰ মাজত ঐক্য সাধন কৰি আৰবী ভাষাক সাৰ্বজনীনতা প্ৰদান কৰিছে। ফলত আৰবী ভাষাই আজি বিশ্বৰ অন্যতম মৰ্যদাশীল ভাষাত পৰিণত হৈছে।
 
(খ) কোৰানখনে আৰবী গদ্যৰ সংস্কাৰ সাধন কৰি ইয়াক শ্ৰুতিমধুৰতা আৰু সৰলতা প্ৰদান কৰিছে।
(গ) কোৰানে আৰবী ভাষাত কিছুমান নতুন শব্দ, খণ্ডবাক্য আদিৰ সৃষ্টি কৰি আৰু পুৰণি শব্দক নতুন অৰ্থ প্ৰদান কৰি আৰবী ভাষাৰ শব্দ ভাণ্ডাৰ বাৰুকৈয়ে চহকী কৰিছে।
 
(ঘ) কোৰানৰ বাবেই আজি আৰবী ভাষাই বিশ্বজনীন ৰূপ লাভ কৰিছে। আজি বিশ্বৰ প্ৰায় ২৬খন দেশৰ চৰকাৰী ভাষা আৰবী। ইয়াৰ প্ৰধান কাৰণ ই ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ গ্ৰন্থৰ ভাষা।
 
(ঙ) প্ৰভাৱশালী ইছলাম ধর্মৰ মূল বাণীসমূহ মূল আৰবী ভাষাত অনুধাৱন কৰিবলৈ বহুতো অনা-ইছলামধৰ্মী লোকেও আৰবী ভাষা অতি আগ্ৰহৰে শিকি আছে। ফলত আৰবী ভাষাৰ মৰ্যদা বহুগুণে বৃদ্ধি পাইছে।
 
(চ) কোৰানৰ অৱতৰণৰ আগলৈ আৰবী ভাষাত কবিতাই বিশেষ প্ৰভাৱ বিস্তাৰ কৰি আছিল আৰু গদ্য সাহিত্য প্ৰায় নাছিল বুলিয়েই ক’ব পাৰি। কিন্তু কোৰানখন অৱতণৰ পিছত আৰবী ভাষাত কাব্য সাহিত্যৰ প্ৰভাৱ ক্ৰমে হ্রাস পাবলৈ ধৰে আৰু গদ্য সাহিত্যৰ প্ৰভাৱ দ্ৰুত গতিত বৃদ্ধি হৈ থাকে। ফলত মানুহৰ জ্ঞান চৰ্চাৰ দিশো সহজ আৰু সৰল হয়। 

আৰবী সাহিত্যৰ ওপৰত পবিত্ৰ কোৰানৰ প্ৰভাৱ 

ইছলাম ধৰ্ৰ্মৰ মূল ধৰ্ম গ্ৰন্থ পবিত্ৰ কোৰানখনে বিশ্ববাসীক অকল এক বিশুদ্ধ ধৰ্ম প্ৰদান কৰাই নহয়, ই আৰবী সাহিত্যৰ ওপৰতো এক শক্তিশালী আৰু যুগান্তকাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। তলত আৰবী সাহিত্যৰ ওপৰত কোৰানৰ প্ৰভাৱৰ বিষয়ে চমুলৈ আলোচনা কৰা হ’লঃ
 
(ক) কোৰান গ্ৰন্থখন ইছলাম ধৰ্মালম্বীসকলৰ প্ৰধান গ্ৰন্থ। এই গ্ৰন্থখন বাধ্যতামূলকভাৱেই অধ্যয়ন কৰিবলগা হয়। সেয়ে ইয়াৰ প্ৰতিটো শব্দৰ যথাযথ অৰ্থ, ব্যাখ্যা, বিশ্লেষণ আদিৰ প্ৰয়োজন হয় আৰু এই প্ৰয়োজন পূৰণ কৰিবলৈ আৰবী ভাষাৰ ব্যাকৰণ, অভিধান, অলংকাৰ শাস্ত্ৰ আদি প্ৰণয়ন কৰিব লগা হৈছে। ফলত আৰবী ভাষা আৰু সাহিত্যই এক সুস্থিৰ বিন্যাস লাভ কৰিছে।
 
(খ) হজৰত মহম্মদ (ছাঃ) হৈছে ইছলাম ধর্মৰ প্ৰৱৰ্তক আৰু এই ধৰ্মৰ পবিত্ৰ গ্ৰন্থ কোৰানখন তেখেতৰ ওপৰতে অৱতৰণ হৈছিল। সেয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলে সিহঁতৰ ধৰ্মগুৰুৰ জীৱনী, জীৱন দৰ্শন, আদেশ-নিষেধ আদি মানি চলিব লগা হয়। ইয়াৰ উপৰিও হজৰত মহম্মদ (ছাঃ) য়ে নিজৰ জীৱনত কোৰানৰ বাণীসমূহৰ প্ৰতিফলন ঘটাইছিল। সেয়ে মুছলিম মনীষীসকলে হজৰত মহম্মদৰ মুখৰ বাণীসমূহ সংগ্ৰহ কৰি হাদিছ গ্ৰন্থ সংকলন কৰিছে। এই হাদিছৰ ভাষা আছিল বিশুদ্ধ আৰবী। ফলত হাদিছ গ্ৰন্থৰ জৰিয়তে আৰবী ভাষা আৰু সাহিত্যৰ যথেষ্ট উন্নতি হৈছে।
 
(গ) পবিত্ৰ কোৰানত ধৰ্মীয় নীতি-বিধি, আদেশ-নিষেধ থকাৰ উপৰিও বিভিন্ন প্ৰসংগ্ৰক্ৰমে পূৰ্বৰ নবীসকলৰ বিষয়েও বহুত বৰ্ণনা পোৱা যায়।পিছত মুছমান পণ্ডিত কিছুমানে পূৰ্বৰ নবীসকলৰ বিষয়ে লিখিবলৈ উৎসাহিত হয় ইয়াৰ ফলত আৰবী ভাষাত জীৱনী গ্ৰন্থৰ লগতে ইতিহাস গ্ৰন্থও ৰচিত হয় আৰু আৰবী সাহিত্যৰ যথেষ্ট উন্নয়ন হয়।
 
(ঘ) কোৰানখন যথাযথভাৱে বুজা আৰু হৃদয়াঙ্গম কৰিবলৈ কোৰানৰ তফছিৰ (ব্যাখ্যা) গ্ৰন্থৰ সৃষ্টি হয় আৰু পিছত কেইজনমান ইমামৰ পৰিশ্ৰমৰ ফলত ফিকাহ শাস্ত্ৰৰ জন্ম হয়। এনেদৰে আৰবী সাহিত্যৰ ভঁৰাল বাৰুকৈয়ে টনকিয়াল হয়।
 
(ঙ) ইছলামৰ পঞ্চ খুটিৰ ভিতৰত হজ পালন কৰাটো অৱশ্য কৰণীয় কৰ্তব্য। হজ পালন কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মুছলমানসকলে পবিত্ৰ মক্কা শ্বৰিফত প্ৰতিবছৰ সমেবত হয়। সিহঁতে দূৰ-দূৰান্তৰ পৰা মক্কালৈ হজ পালন কৰিবলৈ বাট-পথ, লোকালয়, আদিৰ বিষয়ে জনাটো আৱশ্যকীয় হৈ পৰে। এই আৱশ্যকতা পূৰণ কৰিবলৈ ভূগোল শাস্ত্ৰৰ সৃষ্টি হয়।
 
(চ) কোৰানখনত ধৰ্মীয়, নৈতিক আৰু মানৱ জাতিৰ বাবে প্ৰয়োজনীয়  সকলোবোৰ বিধি-বিধান থকাৰ উপৰিও, বিজ্ঞানৰ বিষয়েও কিছু নিৰ্ভুল সিদ্ধান্ত পোৱা যায়। পিছলৈ কোৰানত থকা বৈজ্ঞানিক এই সংকেতসমূহৰ ওপৰত চিন্তা চৰ্চা আৰম্ভ হয়। ফলস্বৰূপে মানৱ জ্ঞানৰ অন্যান্য শাখা যেনে- ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জ্যোতিবিজ্ঞান, বীজ গণিত, চিকিৎসা শাস্ত্ৰ আদিৰ যথেষ্ট উন্নতি হয় আৰু এইবোৰ বিষয়ৰ ওপৰত বিভিন্ন গ্ৰন্থ ৰচিত হয় আৰু আৰবী ভাষা আৰু সাহিত্যৰ লগতে জ্ঞান-বিজ্ঞানৰো বিস্তৰ বিকাশ হয়।
 
(ছ) কোৰান অৱতণৰ পিছত আৰবী কাব্য ধাৰাতো পৰিৱৰ্তন ঘটে। ইছলাম পূৰ্ব আৰবী কবিতাসমূহ প্ৰায়েই অশ্লীল আছিল। কিন্তু কোৰান অৱতৰণৰ পিছত, ইয়াৰ প্ৰভাৱত পৰি আৰবী কাব্য সাহিত্যত শালীনতা, ভাষাৰ স্পষ্টতা, শব্দৰ যথাযথ প্ৰয়োগ আদি আনয়ন হয়। কবিতাৰ বিষয়বস্তুতো ইছলামী দৰ্শনৰ স্পষ্ট প্ৰভাৱ পৰে।
 
(জ) কোৰান অৱতীৰ্ণ হোৱাৰ আগলৈকে আৰবী লিপি অসম্পূৰ্ণ আছিল। কোৰান অৱতীৰ্ণৰ পিছত ইয়াৰ প্ৰভাৱৰ ফলত আৰবী লিপিৰো সংস্কাৰ সাধন হয়। কোৰান পঢ়া আৰু  শব্দৰ উচ্চাৰণ বিশুদ্ধ আৰু সাৰ্বজনীন কৰাৰ বাবে আৰবী ভাষাত কিছুমান চিন (হৰকত) সংযোজিত হয়। ফলত আৰবী ভাষাটোত সৰলতা আহে আৰু ইয়ে আৰবী ভাষাক বিশ্বৰ এক মৰ্যদাশীল ভাষাত পৰিণত হোৱাত অৱদান যোগাইছে।
 
এনেদৰে কোৰান গ্ৰন্থখনে আৰবী সাহিত্যৰ ওপৰত অভূতপূৰ্ব প্ৰভাৱ পেলাই আৰবী সাহিত্যক মৰ্যদা প্ৰদান কৰিছে।

বিজ্ঞানৰ বিভিন্ন শাখাত কোৰানৰ প্ৰভাৱ

কোৰানখন মূলত এখন ধৰ্মগ্ৰন্থ যদিও ইয়াত প্ৰসংগক্ৰমে পূৰ্বৰ প্ৰধান নবীসকলৰ চমূ পৰিচয়, সিহঁতৰ জীৱনত ঘটা বিভিন্ন শিক্ষনীয় ঘটনা, আল্লাহৰ মহাত্ম্য প্ৰকাশক বিভিন্ন নিদৰ্শনৰ বৰ্ণনা, বিজ্ঞানৰ কিছুমান সিদ্ধান্ত আদিৰো উল্লেখ আছে। পিছলৈ কোৰানৰ এইবোৰ বিষয়ৰ ওপৰত গভীৰ চিন্তা-চৰ্চা আৰু গৱেষণা আৰম্ভ হয় আৰু ইয়াৰ পৰিণতিত বিজ্ঞানৰ বিভিন্ন শাখাৰ জন্ম হয়। তলত বিজ্ঞানৰ বিভিন্ন শাখাৰ ওপৰত কোৰানৰ প্ৰভাৱৰ বিষয়ে চমুকৈ আলোচনা কৰা হয়।
 
ধ্বনি বিজ্ঞানঃ কোৰানৰ প্ৰভাৱত আৰবী ভাষাৰ ধ্বনি বিজ্ঞান ৰচিত হয়। পবিত্ৰ কোৰান অধ্যয়ন  বা আবৃতিৰ বাবে সাতটো পদ্ধতি বা সুৰ অনুমোদনীয়। হজৰত মহম্মদ (ছাঃ) য়ে কৈছিল, “কোৰানখন সাতোটা আহৰূফ বা সুৰত অৱতীৰ্ণ হৈছে আৰু তোমালোকে যিটো সুৰ সহজ পোৱা সেইমতে ইয়াক পাঠ কৰা।” এই ‘আহৰূফ’ শব্দই উচ্চাৰণৰ তাৰতম্য আৰু স্বৰ চিহ্নৰ ভিন্নতাক সূচায়। আহৰূফৰ এই তাৰতম্য আৰু ভিন্নতাক সহজে বুজাবলৈ মুছলিম পণ্ডিতসকলে আৰবী ভাষাত ধ্বনি বিজ্ঞানৰ জন্ম দিয়ে।
 
ছন্দ শাস্ত্ৰঃ কোৰানখন ছন্দত ৰচিত। আয়াত ভেদে ছন্দৰো পাৰ্থক্য দেখা যায়।  সেয়ে ইয়াক শুদ্ধ ৰূপত পঢ়োতে যাতে অৰ্থৰ কোনো বিকৃতি নহয় সেই বাবে আৰবী ভাষাত ছন্দৰ জন্ম হয়।  উল্লেখ্য যে কোৰানৰ ভাষা আৰু ছন্দৰ ভিত্তিত আবুল আছৱাদ আদদুৱালীয়ে আৰবী ছন্দ প্ৰকৰণ নিৰ্দ্ধাৰণ কৰি আৰবী ছন্দ বিজ্ঞানৰ জন্ম দিয়ে।
 
বিবিধ বিজ্ঞানঃ আগতে উল্লেখ কৰা হৈছে যে কোৰানত কিছুমান বৈজ্ঞানিক সিদ্ধান্ত আছে। উদাহৰণস্বৰূপে কোৰানত ভ্রূণ বিজ্ঞান, জল বিজ্ঞান, জ্যোতিবিজ্ঞান, কৃষ্ণ গহ্বৰ, মহানাদ তত্ব আদিৰ সিদ্ধান্ত আছে। এই সিদ্ধান্তবোৰৰ কোনো ব্যাখ্যা নাই যদিও এইবোৰ সিদ্ধান্তই পিছত চিন্তাশীল ব্যক্তিসকলক এইবোৰৰ ওপৰত গৱেষণা কৰিবলৈ অনুপ্ৰাণিত কৰে। ফলস্বৰূপে আব্বাচী যুগত ইছলামী দেশবোৰত বিজ্ঞানৰ বিভিন্ন শাখাত বিস্তৰ গৱেষণা হয় আৰু ৰসায়ন বিজ্ঞান, গণিত, পদাৰ্থ বিজ্ঞান, জ্যোতির্বিজ্ঞান  আদিৰ জন্ম হয়।
 
দৰ্শনঃ দৰ্শন শাস্ত্ৰৰ বিকাশ আৰু বিস্তাৰতো কোৰানৰ প্ৰভাৱ লক্ষণীয়। উদাহৰণস্বৰূপে আল গাজ্জলীয়ে কোৰানৰ বিভিন্ন বিষয়ৰ ওপৰত দাৰ্শনিক দৃষ্টিভংগীৰে কেইবাখনো মূল্যৱান গ্ৰন্থ ৰচনা কৰে। সেইদৰে বিশ্বৰ বিভিন্ন প্ৰান্তত কোৰানৰ মূল নীতিসমূহৰ সাৰ্বজনীন প্ৰাংসগিকতাৰ ওপৰত দাৰ্শনিক দৃষ্টিভংগীৰ গ্ৰন্থ ৰচিত হৈ আছে। উল্লেখ্য যে কোৰানৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা ইছলামী দৰ্শনৰ আলোচনা অবিহনে আজিৰ দৰ্শন শাস্ত্ৰ অসম্পূৰ্ণ।
 
এনেদৰে কোৰান এখন ধৰ্ম গ্ৰন্থ হৈয়ো আধুনিক বিজ্ঞানৰ অগ্ৰগতিত  বিশেষ অৱদান আগবঢ়াইছে। বৰ্তমানেও কোৰানত উল্লেখিত বিভিন্ন বিষয়ৰ ওপৰত গোটেই বিশ্বত গৱেষণা চলি আছে। সেয়ে কোৰানখন চিন্তাশীল ব্যক্তিসকলৰ বৈজ্ঞানিক গৱেষণাৰ বাবে অনুপ্ৰেৰণাৰ এক অমোষ গ্ৰন্থ বুলি বিবেচিত হ’ব পাৰে।

কোৰানৰ ঐতিহাসিক মূল্য বা ইতিহাস হিচাপে  কোৰান

কোৰান গ্ৰন্থখন মূলতঃ এখন ধৰ্ম গ্ৰন্থ; ই কোনো ইতিহাস বা বিজ্ঞানৰ গ্ৰন্থ নহয়। কিন্তু ধৰ্মীয় নীতি-নিয়ম, মানৱ আচাৰ-আচৰণ, আল্লাহৰ আদেশ-নিষেধ পালনৰ উপকাৰিতা আৰু বিধি-বিধান বা আদেশ-নিষেধ অমান্য কৰাৰ পৰিণাম আদি বিভিন্ন বিষয় সহজে আৰু মূৰ্তভাৱে বুজাবলৈ আল্লাহই ইতিহাসৰ পাতৰ পৰা বহুতো উদাহৰণ, উদ্ধৃতি, ইংগিত, প্ৰসংগ আদিৰ উল্লেখ কৰিছে। ফলত ইতিহাসৰ বহু কথাই  কোৰানখনত স্থান পাইছে। তলত কোৰান গ্ৰন্থখনৰ ঐতিহাসিক মূল্য বা ইতিহাস হিচাপে কোৰানৰ মূল্যায়ন কৰা হ’লঃ
 
প্ৰথমতে, কোৰানত আমি আদি মানৱ হজৰত আদম (আঃ) আৰু আদি মাতা হজৰত হাওৱা (ইভ)ৰ জন্ম কাহিনী, আল্লাহৰ আদেশৰ প্ৰতি সিহঁতৰ অবাধ্যতা, তাৰ পৰিমাণ আদিৰ বিস্তৃত বৰ্ণনা পাওঁ।
 
দ্বিতীয়তে, কোৰনত হজৰত আদম (আঃ)ৰ পুত্ৰ হাবিল আৰু কাবিলৰ কাহিনী, কাবিলৰ দ্বাৰা হাবিলৰ হত্যা, পিতৃ আদম (ছাঃ)ৰ দ্বাৰা ইয়াৰ বিচাৰ আদিৰ বৰ্ণনা পোৱা যায়।
 
তৃতীয়তে, হজৰত নূহ নবীৰ দিনত হোৱা মহাপ্লাৱনৰ কাহিনী, প্লাৱনত মৃত্যু হোৱা আল্লাহৰ অবিশ্বাসী বান্দাসকলৰ কৰুণ পৰিণতি, নবীৰ অবাধ্য স্ত্ৰীৰ পৰিণতি আদি ঐতিহাসিক কাহিনীৰ মূল আধাৰ পবিত্ৰ কোৰান।
 
চতুৰ্থতে, হজৰত লুত (আঃ)ৰ যুগৰ তেওঁৰ জাতিৰ পাপকাৰ্য আৰু সিহঁতৰ পাপৰ ফলৰ বিস্তাৰিত বৰ্ণনা কোৰানৰ পৰা জানিব পৰা যায়।
 
পঞ্চমতে, হজৰত ইব্রাহিম (আঃ) আৰু তেওঁৰ পুত্ৰ ইছমাইল (আঃ)ৰ কালছোৱাৰ সামাজিক আৰু ধৰ্মীয় দিশৰ বিৱৰণ থকাৰ উপৰিও নবীদ্বয়ৰ আত্মোসংৰ্গ, কাবাঘৰ পুননিৰ্মাণ আদিৰ বিৱৰণ আমি কোৰানৰ পৰাই পাওঁ।
 
ষষ্টতে, হজৰত মুছা (আঃ), তেওঁৰ ভায়েক হাৰুণৰ লগতে ফেৰাউন আৰু ইহুদি জাতিৰ এক বিস্তাৰিত বৰ্ণনা কোৰানত আছে। 
 
সপ্তমতে, হজৰত ইছা (আঃ), তেওঁৰ জন্ম আৰু মৃত্যু ৰহস্যৰ সমাধানসূচক বিবৃতি কোৰানত বিদ্যমান। ইয়াৰ উপৰিও শেষ নবী হজৰত মহম্মদ (ছাঃ)ৰ বিষয়ে, তেখেতৰ সমাসাময়িক আৰবসকলৰ আচাৰ-আচৰণ, নবীৰ লগত কৰা সিহঁতৰ বিশ্বাসঘাতকতা, নবীৰ লগত হোৱা সিহঁতৰ যুদ্ধ-বিগ্ৰহ আদিৰ উল্লেখ কোৰানত পোৱা যায়।
 
ইয়াৰ উপৰিও কোৰানত সংক্ষিপ্ত আকাৰে মানৱ জাতিৰ প্ৰতি সতৰ্কতাস্বৰূপ বহুতো কাহিনী, দৃষ্টান্ত আদি আছে।
 
মুঠতে কোৰানখন এখন ইতিহাস গ্ৰন্থ নহয় যদিও ইতিহাসৰ বহুতো কথা আমি কোৰান পঢ়ি জানিব পাৰো। পিছলৈ কোৰানত থকা বিভিন্ন কাহিনীসমূহৰ ওপৰত ভিত্তি কৰি বহুতো জীৱনী গ্ৰন্থ ৰচনা কৰা হৈছে। সাম্প্ৰতিক সময়তো মানৱ জাতিৰ ইতিহাস ৰচনাৰ ক্ষেত্ৰতো কোৰানখনে বহুতো সমলৰ যোগান ধৰে।
 
সেয়ে ক’ব পাৰি কোৰানখন মূলতঃ এখন ধৰ্ম গ্ৰন্থ হৈয়ো ইয়াত থকা বহুতো ঐতিহাসিক কাহিনী আৰু বিৱৰণৰ বাবে ইয়াক বিশ্ব মানৱ জাতিৰ এক সংক্ষিপ্ত ইতিহাসৰ গ্ৰন্থ বুলিও ক’ব পাৰি। ০ ০ ০

আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ | Arabi Sahityor Etihas-Prathamik Islami Yug

 
অধ্যায়-২

প্ৰাথমিক আৰবী সাহিত্যৰ উৎসঃ হাদীছ

কোৰানৰ পিছতে প্ৰাথমিক ইছলামী যুগৰ আৰবী ভাষা-সাহিত্যৰ এক বলিষ্ঠ আৰু উল্লেখযোগ্য উৎস হ’ল হাদীছ গ্ৰন্থসমূহ। ‘হাদীছ’ বুলিলে আল্লাহৰ নবী হজৰত মহম্মদ (ছাঃ)ৰ মুখেৰে কোৱা, হাতে -কামে কৰা আৰু তেখেতে অনুমোদন কৰা সকলো বিষয়কে বুজোৱা হয়। আন কথাত, হজৰত মহম্মদ (ছাঃ)ৰ জীৱন যাপন-প্ৰণালী, বিভিন্ন স্থানত থকা তেখেতৰ প্ৰতিনিধিসকল আৰু দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকললৈ লিখা চিঠি-পত্ৰ, তেখেতৰ ওচৰলৈ অহা বিভিন্ন ব্যক্তি,  বন্ধু, সহচৰ, আত্মীয়-স্বজন আৰু তেখেতৰ লগত হোৱা বিভিন্ন যুদ্ধ-বিগ্ৰহ, আদিৰ বিৱৰণকো হাদীছ গ্ৰন্থসমূহত অন্তৰ্ভূক্ত হৈছে। ইছলাম ধৰ্মৰ মূল গ্ৰন্থ কোৰানৰ লগতে হাদীছ গ্ৰন্থসমূহকো সমানে গুৰুত্বপূৰ্ণ আৰু মৰ্যদাসম্পন্ন গ্ৰন্থ বুলি বিবেচনা কৰা হয়। সেয়ে মুছলামনসকলে কোৰানৰ লগতে হাদীছ গ্ৰন্থসমূহকো চৰ্চা কৰে। 
 
হজৰত মহম্মদ (ছাঃ)ৰ জীৱনটো কোৰানৰ নিৰ্দেশ অনুসাৰে পৰিচালিত হৈছিল। সেয়ে কোৰানৰ জৰিয়তে আল্লাহই মানৱ জাতিৰ উদ্দেশ্যি দিয়া বিধি-বিধানৰ বাস্তৱ প্ৰতিফলন নবী মহম্মদ (ছাঃ)ৰ জীৱনত আখৰে আখৰে ঘটিছিল। সেয়ে নবীক বাস্তৱ কোৰান বুলিও কোৱা হয়। ধৰ্মৰ লগত সংগতি থকা অথচ কোৰানত স্পষ্টভাৱে ব্যাখ্যা নথকা বা জটিল  বিষয়বোৰ নবী মহম্মদ (ছাঃ) যে তেখেতৰ অনুগামীসকলক নিজৰ ভাষাত ব্যাখ্যা কৰি বুজাই দিছিল। সেয়ে হাদীছ গ্ৰন্থ অধ্যয়ন কৰিলে কোৰানৰ বিষয়সমূহ বুজাত অতি সহজ আৰু স্পষ্ট হয়।
 
হজৰত মহম্মদ (ছাঃ) ৰ জীৱন কালতে তেখেতৰ মুখৰ কথা, জীৱন-যাপন পদ্ধতি, বাস্তৱিক বিভিন্ন সমস্যাৰ সমাধান সূত্ৰ আদি লিখি ৰাখিবলৈ আৰম্ভ কৰিছিল যদিও নবীজীয়ে সেইবোৰ লিখি ৰাখিবলৈ বাধা দিছিল। ইয়াৰ কাৰণ আছিল হজৰত মহম্মদ (ছাঃ)য়ে ভয় কৰিছিল কিজানি পিছলৈ মানুহে কোৰাণৰ আয়াতৰ লগত এইবোৰৰ সংমিশ্ৰণ ঘটাই কোৰানৰ মৌলিকত্ব নাশ কৰে। কিন্তু তেখেতৰ প্ৰিয় সহচৰসকলৰ লগতে তেখেতৰ সান্নিধ্য লাভ কৰা লোকসকলে তেখেতে পতা কথা-বতৰা, আলোচনা, সিহঁতক দিয়া বিভিন্ন পৰামৰ্শ আদেশ-নিষেধ, তেখেতে অনুমোদন জনোৱা বিষয়সমূহ মহামূল্যৱান সম্পদ বুলি মনত সাঁচ ৰাখিছিল।
 
কিন্তু দুখৰ বিষয় যে হজৰত মহম্মদ (ছাঃ)ৰ মৃত্যুৰ পিছত সময় আগবাঢ়ি যোৱাৰ লগে লগে তেখেতৰ বাণীসমূহো মানুহে পাহৰি যাবলৈ ধৰে। লগতে চাহাবাসকলৰো ইন্তেকাল হয়। ফলত নবীজীৰ হাদীছসমূহো কালৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হয়। এনে পৰিপ্ৰেক্ষিতত হজৰত মহম্মদ (ছাঃ)ৰ ইন্তেকালৰ প্ৰায় দুশ বছৰ পিছত কেইজনমান ইছলামী পণ্ডিত ব্যক্তিয়ে বহুত ত্যাগ স্বীকাৰ কৰি ইছলামী সাম্ৰাজ্যৰ বিভিন্ন দেশ ভ্ৰমণ কৰি হাদীছ জনা ব্যক্তিসকলক লগ ধৰি সিহঁতৰ পৰা হাদীছসমূহ সংগ্ৰহ কৰি গ্ৰন্থৰ ৰূপ দিয়ে। তেনে ব্যক্তিকসলৰ ভিতৰত ইমাম মহম্মদ ইবন ইছমাইল আল-বোখাৰী,  আবুল হাছান মুছলিম আল-নিশাপুৰী, আবু দাউদ চুলেইমান, আবু ইছা মুহাম্মদ তিৰমিজি, আবু আব্দুৰ ৰহমান ইবন ছিনান, আবু আব্দুল্লা মুহাম্মদ ইবন ইয়াজিদ আল মাজাহ আদিৰ নাম উল্লেখযোগ্য। তলত এইসকল পণ্ডিতে সংগ্ৰহ আৰু সংকলন কৰা হাদীছ গ্ৰন্থ সমূহৰ বিষয়ে চমু আলোচনা আগবঢ়োৱাৰ  লগতে হাদীছ গ্ৰন্থসমূহৰ শ্ৰেণী বিভাগ, হাদীছ গ্ৰন্থসমূহৰ সাহিত্যিক আৰু ঐতিহাসিক মূল্য বিচাৰ কৰা হ’লঃ

বোখাৰী শ্বৰীফ

হাদীছ গ্ৰন্থসমূহৰ ভিতৰত বিখ্যাত আৰু বহুল আলোচিত হাদীছ গ্ৰন্থটি হৈছে বোখাৰী শ্বৰীফ।  এই গ্ৰন্থখন সংকলন কৰে মুহাম্মদ ইবন ইছমাইল আল-বোখাৰী (৮১০-৮৭০ খ্ৰী) নামৰ এজন পণ্ডিতে। তেওঁ সেই সময়ৰ খোৰাচান (বৰ্তমান উজবেকিস্থান)ৰ বোখাৰা নামে চহৰত এটি শিক্ষিত পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ দেউতাকৰ নাম আছিল ইছমাইল বিন ইব্রাহিম। তেওঁ আছিল এজন ইছলামী পণ্ডিত। সৰু কালতে তেওঁ পুত্ৰ মহম্মদ ইবন ইছমাইলক কোৰান আৰু হাদীছৰ শিক্ষা দিয়ে। ইবন ইছমাইলে এঘাৰ বছৰ বয়সৰ পৰা হাদীছ শিক্ষা আৰম্ভ কৰে আৰু  মাত্ৰ ষোল্ল বছৰ বয়সতে হাদীছ শাস্ত্ৰত পণ্ডিত হৈছে। তেওঁ অধিক হাদীছ শিক্ষা লাভ কৰিবলৈ দামাস্কচ, ইজিপ্ত, বছৰা আৰু অন্যান্য মুছলিম দেশসমূহ ভ্ৰমণ কৰে আৰু সেইবোৰ দেশত হাদীছ জনা ব্যাক্তিসকলক লগ ধৰি সিহঁতৰ পৰা ৬০,০০০ হাদীছ সংগ্ৰহ কৰে। পিছত সেইবোৰৰ সত্যতা বিচাৰ কৰি সেইবোৰৰ পৰা মাত্ৰ ৭,২২৫ টা হাদীছ সংলকন কৰি এক গ্ৰন্থ প্ৰস্তুত কৰে। এই গ্ৰন্থখনকে তেওঁৰ নাম অনুসৰি ‘বোখাৰী শ্বৰীফ’ বুলি কোৱা হয়। গ্ৰন্থাকাৰে সংকলিত হোৱা ‘বোখাৰী শ্বৰীফ’ খনেই হৈছে প্ৰথম হাদীছৰ কিতাপ। এই হাদীছ গ্ৰন্থসমূহত সন্নিবিষ্ট হাদীছসমূহক নিৰ্ভুল বুলি মানি লোৱা হয়। সেয়ে কোৰানৰ পিছতে বোখাৰী শ্বৰীফখনক গুৰুত্ব দিয়া হয়।

মুছলিম শ্বৰীফ

হাদীছ গ্ৰন্থসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে মুছলিম শ্বৰীফ। এই গ্ৰন্থখন আবুল হাছান মুছলিম আল-নিশাপুৰী (৮১৫-৮৭৫ খ্রী) নামৰ এজন মুছলমান পণ্ডিতে সংকলন কৰিছিল। তেওঁ ইমাম নিছাপুৰী নামে জনাজাত। তেওঁ সেই সময়ৰ খোৰাচান (বৰ্তমানৰ ইৰান)ৰ নিছাপুৰ নামে নগৰত জন্ম গ্ৰহণ কৰে। তেওঁ ওঠৰ বছৰ বয়সৰ পৰা দেউতাকৰ ওচৰত হাদীছ অধ্যয়ন কৰিবলৈ লয়। ইয়াৰ পিছত তেওঁ অধিক অধ্যয়নৰ বাবে ছিৰিয়া, ইৰাক, হিজাজ আৰু ইজিপ্তলৈ যায় আৰু সেই ঠাইবোৰত হাদীছ জনা ব্যক্তিসকলক লগ ধৰি অশেষ পৰিশ্ৰম কৰি প্ৰায় ৩০,০০০ হাদীছ সংগ্ৰহ কৰে। পিছত বিশুদ্ধতাৰ ভিত্তিত সেইবোৰৰ পৰা বাছনি কৰি ৯,২০০ হাদীছ সংকলন কৰি এক গ্ৰন্থ প্ৰস্তুত কৰে। তেওঁ সংকলন কৰা হাদীছ গ্ৰন্থখনক তেওঁৰ নাম অনুসৰি ‘মুছলিম শ্বৰীফ’ বুলি কোৱা হয়। তেওঁ আছিল ইমাম বোখাৰীৰ সমসাময়িক। বিশুদ্ধতাৰ পিনৰ পৰা ‘বোখাৰী শ্বৰীফ’ৰ পিছতে এই গ্ৰন্থখনৰ স্থান।

আবু দাউদ শ্বৰীফ

হাদীছ গ্ৰন্থসমূহৰ ভিতৰত তৃতীয় স্থানত আছে ‘আবু দাউদ’ নামৰ হাদীছ গ্ৰন্থখন। এইখন আবু দাউদ চুলেইমান আল চিজিস্থানী (৮১৮-৮৮৯) নামৰ এজন মুছলিম পণ্ডিতে সংকলন কৰে। তেওঁৰ জন্ম হয় চিজিস্থানৰ বছৰা নগৰত। তেওঁ সৰু কালৰ পৰাই বৰ জ্ঞান পিপাসু আছিল আৰু ইছলামী জ্ঞান আয়ত্ব কৰাৰ বাবে তেওঁ বিভিন্ন স্থানৰ শৈক্ষিক অনুষ্ঠানসমূহ ভ্ৰমণ কৰিছিল আৰু হাদীছ জনা বহু লোকক লগ ধৰি ৫০,০০০হাদীছ সংগ্ৰহ কৰিছিল। পিছত সেইবোৰৰ নিৰ্ভৰযোগ্যতা বিচাৰ কৰি ৪,৮০০ টি হাদীছক লৈ এখন সংকলন প্ৰস্তুত কৰে। তেওঁৰ নাম অনুসৰি এই হাদীছ সংকলনখনক ‘আবু দাউদ শ্বৰীফ’ বুলি কোৱা হয়।

তিৰমিজী শ্বৰীফ

আৰবী হাদীছ গ্ৰন্থসমূহৰ ভিতৰত চতুৰ্থ স্থানত আছে ‘তিৰমিজী’ নামৰ হাদীছ গ্ৰন্থখন। এইখন আবু ইছা মুহাম্মদ আল-তিৰমিজী (৮২৪-৮৯২) নামৰ এজন পণ্ডিতে সংকলন কৰিছিল। তেওঁ উজবেকিস্থানৰ তিৰমিজ নামৰ ঠাইত জন্ম গ্ৰহণ কৰিছিল। তেওঁ সৰু কালতে কোৰান, আৰবী ব্যাকৰণ আৰু হাদীছ শাস্ত্ৰত পাৰ্গত হৈ উঠে আৰু অধিক হাদীছ জানিবৰ বাবে তেওঁ বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰিছিল। তেওঁৰ ভ্ৰমণৰ কালছোৱাত হাদীছ জনা লোকসকলক লগ ধৰি সিহঁতৰ পৰা প্ৰায় ৫০,০০০ হাদীছ সংগ্ৰহ কৰে আৰু পিছত সেইবোৰৰ পৰা বাছনি কৰি ১,৬০০ টা হাদীছৰ এখন গ্ৰন্থ সংকলন কৰে। তেওঁ সংকলন কৰা হাদীছ গ্ৰন্থখনক তেওঁৰ নামানুসাৰে ‘তিৰমিজী শ্বৰীফ’ বুলি কোৱা হয়। 

নিছাঈ

প্ৰাথমিক যুগৰ আৰবী ভাষা আৰু সাহিত্যৰ আন এক নিৰ্ভৰযোগ্য উৎস হৈছে ‘নিচাই’ নামৰ হাদীছ গ্ৰন্থ। এইখন আবু আব্দুৰ ৰহমান আহম্মদ ইবনে ছিনান (৮২৯-৯১৫ খ্রী) নামৰ লোক এজনে সংকলন কৰিছিল। তেওঁ বৰ্তমানৰ তুৰ্কেমিনিস্থানৰ নাছা নামে নগৰত জন্ম গ্ৰহণ কৰিছিল। তেওঁ  জন্ম স্থানতে প্ৰাথমিক শিক্ষা লাভ কৰি পোন্ধৰ বছৰ বয়সত জ্ঞানান্বেষণৰ বাবে ঘৰৰ পৰা ওলাই যায় আৰু ইৰাক, কুফা, হিজাজ, ছিৰিয়া আৰু ইজিপ্ত ভ্ৰমণ কৰি কোৰান আৰু হাদীছৰ ওপৰত যথেষ্ট জ্ঞান অৰ্জন কৰে। তেওঁ এজন ভাল বক্তাও আছিল আৰু বিভিন্ন স্থানত তেওঁ ইছলামী দৰ্শনৰ ওপৰত বক্তৃতা প্ৰদান কৰিছিল। তেওঁৰ ভ্ৰমণ কালছোৱাত তেওঁ বহুতো হাদীছ সংগ্ৰহ কৰিছিল আৰু সেইবোৰৰ পৰা নিৰ্বাচন কৰি ৪,৪৮২ টা হাদীছ সংকলন কৰি গ্ৰন্থকাৰে প্ৰস্তুত কৰে। ইয়াৰ পিছত তেওঁ নানান ঠাই ঘূৰি-ফুৰি ৯১৫ খৃঃত দামাস্কচত আহি উপস্থিত হয় আৰু তাতে ইহলীলা সম্ভৰণ কৰে।

ইবনে মাজা

আৰবী হাদীছ গ্ৰন্থসমূহৰ ভিতৰত ষষ্ঠখন হাদীছ গ্ৰন্থৰ নাম ইবনে মাজা। এইখন আবু আবদুল্লাহ মুহাম্মদ ইবনে জায়িদ আল-মাজাহ (৮২৪-৮৮৭)  নামৰ এজন ইছলামী পণ্ডিতে সংকলন  কৰে। তেওঁ ইৰানৰ কাজউইন নামৰ ঠাইৰ জন্ম গ্ৰহণ কৰে। তেওঁ ল’ৰালিকালতে কোৰানৰ ওপৰত পাণ্ডিত্য অৰ্জন কৰে আৰু হাদীছ সংগ্রহৰ বাবে  ইৰাক, মক্কা আৰু ইজিপ্ত ভ্ৰমণ কৰে। তেওঁ বহুতো হাদীছ সংগ্ৰহ কৰিছিল যদিও বিশুদ্ধতাৰ বিবেচনাত মাত্ৰ ৪,০০০ হাদীছক লৈ এখন সংকলন প্ৰস্তুত কৰে। তেওঁ সংকলন কৰা হাদীছ গ্ৰন্থখনক তেওঁৰ নাম অনুসাৰে ‘ইবনে মাজাহ’ বুলি কোৱা হয়।
 
ওপৰত আলোচনা কৰা উক্ত ছয়খন হাদীছক একেলগে ‘ছিহা ছিত্তাহ’ (বিশুদ্ধ হাদীছ গ্ৰন্থ) বুলি কোৱা হয়। মুছলমানসকলে কোৰানৰ পিছতে উক্ত ছয়খন হাদীছ গ্ৰন্থক স্থান দিয়ে।
 
উল্লেখ্য যে উক্ত ছয়খন হাদীছ গ্ৰন্থৰ উপৰিও আৰু কেইবাখনো সৰু-সুৰা হাদীছ গ্ৰন্থ আছে, যেনে- ইমাম মালিকৰ ‘আল মুত্তাহ’, ছুনান আল-দাৰামি, মাছাবি আল-ছুন্নাহ, ৱালি আল দ্বীন তিবৰিজী ইত্যাদি। কিন্তু এই গ্ৰন্থসমূহত সন্নিবিষ্ট হাদীছসমূহক দুৰ্বল হাদীছ বুলি গণ্য কৰা হয়।

ধৰ্ম, ভাষা-সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজনীতি ইত্যাদিৰ  ওপৰত হাদীছ গ্ৰন্থসমূহৰ প্ৰভাৱ

হাদীছ হৈছে ইছলামৰ দ্বিতীয় উৎস গ্ৰন্থ। কোৰানৰ পিছতে ইয়াৰ স্থান। ইয়াৰ প্ৰভাৱ ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি, ৰাজনীতি, সমাজনীতি সকলোতে স্পষ্ট। তলত বিভিন্ন দিশত হাদীছ গ্ৰন্থসমূহৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা হ’লঃ
 
প্ৰথম, হাদীছ গ্ৰন্থই কোৰান বুজা, ব্যাখ্যা কৰা, অনুধাৱন কৰা আৰু কোৰানৰ তাৎপৰ্য বুজাত সহায় কৰে। ই কোৰানৰ ব্যৱহাৰিক পুথি বুলিও ক’ব পাৰি। কিয়নো কোৰানৰ ভাষা তুলনামূলকভাৱে হাদীছৰ ভাষাতকৈ কঠিন। কোৰানৰ জটিল বা গুঢ় ৰহস্যমূলক বাণীসমূহ সহজ ভাষাত নবীজীয়ে চহাবীসকলৰ ওচৰত ব্যাখ্যা কৰিছিল আৰু সেইবোৰ যিহেতু হাদীছত স্থান পাইছে সেয়ে হাদীছ অধ্যয়ন কৰি কোৰানখন অতি সহজে বুজিব পাৰি। উদাহৰণস্বৰূপে কোৰানত ছালাত, ছিয়াম, জাকাত আদিৰ উল্লেখ আছে কিন্তু সেইবোৰ পালন পদ্ধতিৰ স্পষ্ট ব্যাখ্যা নাই। এইবোৰৰ ব্যৱহাৰিক দিশ নবীজীয়ে নিজ অনুশীলনৰ দ্বাৰা তেখেতৰ অনুগামীসকলক বুজাই দিছিল যিবোৰ হাদীছ গ্ৰন্থত স্থান পাইছে। সেয়ে ইছলাম ধর্মৰ বহু বিষয় হাদীছ গ্ৰন্থসমূহ পঢ়ি স্পষ্টভাৱে বুজিব পাৰি।
 
দ্বিতীয়তে, নবীজীৰ ইন্তেকালৰ পিছত খলিফায়ে ৰাশ্বেদীনসকলৰ দিনত হজৰত মহম্মদ (ছাঃ)য়ে প্ৰতিষ্ঠা কৰা মুছলিম সামাজ্যৰ পৰিধি যথেষ্ট বৃদ্ধি পায়। ফলত ৰাজনৈতিক আৰু প্ৰশাসনীয় দিশত শাসকসকলে নানান সমস্যাৰ সন্মুখীন হয়। সেই সকলোবোৰ সমস্যা অকল কোৰানৰ জৰিয়তে শাসকসকলে সমাধান কৰাত বিফল হৈছিল । তেতিয়া হাদীছৰ আলোকত সেইবোৰ সমস্যাৰ সমাধান উলিয়াইছিল। বৰ্তমান সময়তো কোনো সমস্যাৰ সমাধান কোৰানৰ পৰা উলিায়ব নোৱাৰিলে হাদীছ গ্ৰন্থৰ সহায়ত তাৰ সমাধান সহজে উলিয়াব পাৰি।
 
তৃতীয়তে, হাদীছ গ্ৰন্থত অকল ধৰ্মীয় বিষয়ৰে যে ব্যাখ্যা আছে, সেয়া নহয়। ইয়াত নবীয়ে কৰা কাম-কাজ, নবীৰ লগত সম্পৰ্ক থকা ব্যক্তিসকল, চাহাবীসকল, নবীয়ে ভিনি ভিন সময়ত চাহাবাসকলক দিয়া আদেশ-নিষেধ, নবীয়ে কৰা যুদ্ধ বিগ্ৰহ আদি সকলো কথাই সন্নিবিষ্ট আছে। সেয়ে হাদীছ গ্ৰন্থখন পঢ়ি নবীজীৰ সমসাময়িক যুগৰ এক স্পষ্ট ধাৰণা লাভ কৰিব পাৰি, লগতে চাহাবাসকলৰ জীৱনৰ প্ৰধান প্ৰধান ঘটনাৰ বিষয়েও অৱগত হ’ব পাৰি। গতিকে হাদীছ গ্ৰন্থসমূহে সেই যুগৰ ইতিহাস গ্ৰন্থৰ অভাৱো পূৰণ কৰে।
 
চতুৰ্থতে, হাদীছৰ ভাষাই আৰবী ভাষা আৰু সাহিত্যৰ ওপৰত এক পূৰ্ব দৃষ্টান্তহীন প্ৰভাৱ পেলাইছে। ইছলাম ধর্মৰ আবিভাৰ্ৱৰ আগতে আৰবী ভাষাত গদ্য সাহিত্য প্ৰায় নাছিল বুলিবই পাৰি। হাদীছসমূহ যিহেতু গদ্যত ৰচিত সেয়ে ই আৰবী গদ্যৰ বিকাশত এক যুগান্তকাৰী প্ৰভাৱ পেলাইছে। হাদীছৰ ভাষাৰ সৰলতা আৰু প্ৰাঞ্জলতাই আৰবী ভাষাক এক সুবিন্যস্ত ৰূপ প্ৰদান কৰিছে । ই আৰবী শব্দ, শব্দ গঠন, শব্দৰ অৰ্থ আদি বিষয়ত এক সুস্থিৰতা প্ৰদান কৰি আৰবী ভাষাক এক মৰ্যদাশীল ভাষালৈ উন্নীত কৰিছে।
 
পঞ্চমতে, হাদীছ গ্ৰন্থসমূহত থকা নবীজীৰ চাহাবাসকল আৰু তেখেতৰ পৰিচিত ব্যক্তিসকলৰ বিৱৰণৰ ওপৰত ভিত্তি কৰি পিছত বহুতো জীৱনী সাহিত্য ৰচিত হৈছে। ফলত আৰবী সাহিত্য চহকী হৈছে।
 
ষষ্ঠতে, হাদীছত বৰ্ণিত হোৱা মুছলামনসকল আৰু অনামুছলমানসকলৰ মাজত হোৱা যুদ্ধ, সংঘৰ্ষ আদিক মূল উৎস হিচাপে লৈ পৰৱৰ্তী কালত ইতিহাস সাহিত্য ৰচিত হৈছে।
 
সপ্তমতে, কোৰানখন নবী মহম্মদ (ছাঃ)ৰ ওপৰত নাজিল হৈছিল যদিও কোৰানখন নবীজীৰ জীৱনী নহয়। ইয়াৰ পৰা নবীজীৰ ব্যক্তিগত জীৱনৰ বিষয়ে বেছি কথা জানিব নোৱাৰি। কিন্তু হাদীছ গ্ৰন্থসমূহত যিহেতু নবীজীৰ জীৱনৰ প্ৰতিটো দিশৰ বৰ্ণনা আছে সেয়ে হাদীছ পঢ়ি নবীজীৰ সামাজিক জীৱন, ৰাজনৈতিক জীৱন, নৈতিক জীৱন, ধৰ্মীয় জীৱন আদিৰ লগতে নবীজীৰ মানসিক জগতৰ বিষয়ে অৱগত হ’ব পাৰি। অৰ্থাৎ হাদীছ গ্ৰন্থ পঢ়ি নবীজীৰ সম্পূৰ্ণ জীৱনী জানিব পাৰি।
 
ওপৰৰ আলোচনাৰ পৰা প্ৰতীয়মান হয় যে ইছলামী বিশ্বত হাদীছ গ্ৰন্থসমূহৰ গুৰুত্ব অপৰিসীম। ০ ০ ০

আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ | Arabi Sahityor Etihas-Prathamik Islami Yug

 
অধ্যায়- ৩

প্ৰাথমিক ইছলামী যুগত আৰবী কবিতাৰ বিকাশ 

‘কবিতা’ হৈছে সাহিত্যৰ সকলো শাখাৰ ভিতৰত জ্যেষ্ঠ, জটিল, বহুৰূপী, বিতৰ্কিত আৰু বহুলভাৱে সমালোচিত শাখা। গদ্য সাহিত্য প্ৰচলনৰ আগলৈকে বিশ্ব সাহিত্যৰ সাম্ৰাজ্যত কবিতাই যুগ যুগ ধৰি আধিপত্য চলাইছিল। কিন্তু ‘কবিতা’ কি–তাৰ কোনো সৰ্বসন্মত সংজ্ঞা আজিলৈকে কোনেও উলিয়াব পৰা নাই। বিভিন্ন পণ্ডিতে কবিতাক ভিন ভিন ধৰণে সংজ্ঞায়িত কৰিছে যদিও এটা সংজ্ঞাৰ লগত আনটোৰ মিল নাই। যিয়েই নহওঁক ‘কবিতা’ বুলিলে আমি এনে এক ৰচনাক বুজো য’ত কোনো ঘটনা, অনুভৱ বা বিষয়ৰ অলংকাৰ পূৰ্ণ আবেগিক বৰ্ণনা থাকে।
 
বিশ্বৰ প্ৰায়বোৰ ভাষাৰে কাব্য সাহিত্য থকাৰ দৰে আৰবী ভাষাৰো এক চহকী কাব্য ভাণ্ডাৰ আছে। আৰবী ভাষাৰ কাব্য সাহিত্যৰ আৰম্ভণি কেতিয়া হৈছিল তাক সঠিককৈ ক’ব নোৱাৰি যদিও প্ৰাক ইছলামী যুগত অৰ্থাৎ পঞ্চম শতিকাৰ পৰা যে আৰবী ভাষাত কাব্য চৰ্চা বহুল পৰিমাণে হৈছিল তাৰ তথ্য পোৱা যায়। সম্ভৱতঃ তাৰো আগতে আৰবী ভাষাত কাব্য চৰ্চা আৰম্ভ হৈছিল যদিও পঞ্চম শতিকাৰ আগৰ কোনো আৰবী সাহিত্য বৰ্তমানলৈ বৰ্তি থকা নাই বাবে আৰবী কাব্য সাহিত্যৰ ইতিহাস প্ৰাক-ইছলামী যুগত আৰম্ভ হৈছিল বুলি ধৰি লোৱা হয়।
 
পণ্ডিতসকলে অনুমান কৰে যে খ্ৰীষ্টীয় পঞ্চম শতিকাৰ আদি ভাগৰ পৰা ৬২২ খ্ৰীষ্টাব্দৰ ভিতৰত আৰবত প্ৰায় দুই শতাধিক কবিৰ জন্ম হৈছিল আৰু সিহঁতেই আৰবী কাব্য সাহিত্যক বিকাশৰ এক উচ্চ পৰ্যায়লৈ উপনীত কৰাইছিল। 
 
৬১০ খৃঃৰ পৰা হজৰত মহম্মদ (ছাঃ) আল্লাহৰ পৰা ৰছুল বুলি ঘোষিত হয় আৰু তেখেতৰ ওপৰত ‘কোৰান’ অৱতৰণ হোৱা আৰম্ভ হয়। কিন্তু মক্কাৰ লোকসকলে তেখেতে প্ৰচাৰ কৰা ইছলাম ধৰ্ম মানি ল’ব নোৱাৰি তেখেতক নানা ধৰণে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে। এনেদৰে ইছলামৰ বিৰোধিতা আৰু নবীৰ ওপৰত অত্যাচাৰ যেতিয়া চৰম পৰ্যায় পায়গৈ তেতিয়া ৬২২ খৃঃত হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰে। মদীনাৰ  স্থানীয় লোকে নবীজীক উষ্ণ আদৰণি জনায় আৰু তেখেতৰ ধৰ্মমত মানি লয়। তেতিয়াৰ পৰা হজৰত মহম্মদ (ছাঃ)য়ে মুকলিভাৱে ইছলাম প্ৰচাৰ কৰিবলৈ লয় আৰু দ্ৰুত ইয়াৰ বিস্তাৰ হৈ থাকে। এই ধর্মৰ মূল গ্ৰন্থখনৰ নাম ‘কোৰান’। এই কোৰান অৱতৰণৰ লগে লগে আৰবৰ ধৰ্মীয় জীৱন, সামাজিক জীৱন, ৰাজনৈতিক জীৱন আদিৰ লগতে সাহিত্যৰ ধাৰাও পৰিৱৰ্তন হ’বলৈ ধৰে। হজৰত মহম্মদ (ছাঃ)ৰ মদীনালৈ হিজৰত কৰা দিনৰ পৰা অৰ্থাৎ ৬২২ খ্ৰীষ্টাব্দৰ পৰা প্ৰাক-ইছলামী যুগৰ অন্ত পৰে আৰু ইছলামী যুগ আৰম্ভ হয় বুলি ধৰা হয়। ইছলামী যুগৰ প্ৰথম চল্লিশ বছৰ অৰ্থাৎ ৬২২ খ্ৰীষ্টাব্দৰ পৰা ৬৬১ খ্ৰীষ্টাব্দলৈ ‘প্ৰাথমিক ইছলামী যুগ’ বুলি কোৱা হয়। এই যুগত আৰবী সাহিত্যৰো পৰিৱৰ্তন আৰম্ভ হয়। এই যুগৰ প্ৰধান কবিসকল আছিল নাবিঘা আলজু’দী, হাছান বিন ছাবিত, আল খানচা, আল হুতাইয়্যা, আবু জুবাইৰ আল হুজলী, আমৰ ইবনে মাদীকৰিব আদি। এই কবিসকল প্ৰাক-ইছলামী যুগতে জন্ম লাভ কৰি কাব্য চৰ্চা আৰম্ভ কৰিছিল আৰু প্ৰাথমিক ইছলামী যুগলৈকে সিহঁতৰ কাব্য চৰ্চা অব্যাহত আছিল। দুয়ো যুগতে কাব্য চৰ্চা কৰা এই কবিসকলক ‘মুখাদ্ৰিম কবি’ বুলি কোৱা হয়। এই মুখাদ্ৰিম কবিসকললে প্ৰাক-ইছলামী যুগৰ কাব্য ধাৰাতে কাব্য চৰ্চা আৰম্ভ কৰিছিল বাবে প্ৰাক-ইছলামী যুগৰ কাব্য ধাৰাৰ পৰা সিহঁত সম্পূৰ্ণৰূপে ওলাই আহিব পৰা নাছিল। তৎসত্বেও স্বতঃস্ফূৰ্তভাৱেই সিহঁতৰ ওপৰত কোৰান, হাদীছ অৰ্থাৎ ইছলামী দৰ্শনৰ প্ৰভাৱ পৰিছিল যি প্ৰভাৱৰ ফলত আৰবী কাব্য সাহিত্যৰ বিষয়বস্তু, ভাষা আৰু আঙ্গিকৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তনৰ সূচনা হয়।
 
মুখাদ্ৰিম কবিসকলৰ কবিতাৰ প্ৰধান বিষয় বস্তু আছিল যুদ্ধ, প্ৰেম, বংশগৌৰৱ, নিন্দা, শোক, প্ৰকৃতি, জীৱজন্তু আদি।
 
উক্ত বৈশিষ্ট্যসমূহ প্ৰাক ইছলামী যুগৰ কবিতাতো বিদ্যমান আছিল যদিও মুখাদ্ৰিম কবিসকলে এইবোৰ বিষয়ত কিছু পৰিৱৰ্তন আনিছিল। উদাৰণস্বৰূপে সিহঁতে গতানুগতিক কল্পচিত্ৰ যথাসম্ভৱ এৰাই চলি নতুন কল্পচিত্ৰৰ সৃষ্টি কৰিছিল। ভাষিক দ্ব্যৰ্থকতাও সিহঁতৰ কবিতাত দেখা নাযায়। নাৰীদেহৰ চিত্তাকৰ্ষক আৰু অশ্লীল বৰ্ণনাৰ পৰা সিহঁত মুক্ত আছিল। সিহঁতে সহজ আৰু সৰল শব্দ ব্যৱহাৰত জোৰ দিছিল।
 
উপৰোল্লেখিত কবিসলৰ উপৰিও প্ৰাথমিক ইছলামী যুগত আৰু বহুতো কবিৰ জন্ম হৈছিল আৰু সিহঁতেও আৰবী কবিতাক বহুদূৰ আগুৱাই নিয়াত অৱদান আগবঢ়াইছিল।
 
সামৰিণত ক’ব পাৰি প্ৰাথমিক ইছলামী যুগত আৰবী কবিসকলে প্ৰাক-ইছলামী যুগৰ কাব্য ধাৰা অক্ষুন্ন ৰখাৰ উপৰিও আৰবী কবিতাত ইছলামী দৰ্শন আৰু মনস্তত্ব যোগ দি আৰবী কাব্য সাহিত্যৰ পৰিসৰ বৃদ্ধি কৰিছিল আৰু ভাষা আৰু কল্পচিত্ৰৰ ক্ষেত্ৰত সৰলতা আনয়ন কৰিছিল। ০ ০ ০

আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ | Arabi Sahityor Etihas-Prathamik Islami Yug

 
অধ্যায়- ৪

প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বৈশিষ্ট্য

হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰা সময়ৰ পৰা খলিফায়ে ৰাশ্বেদীনসকলৰ  শাসন কাললৈকে অৰ্থাৎ ৬২২ খৃঃৰ পৰা ৬৬১ খৃঃলৈ আৰবী সাহিত্যত ‘প্ৰাথমিক ইছলামী যুগ’ বুলি কোৱা হয়। উল্লেখ্য যে প্ৰাক-ইছলামী যুগ (৫০০ খৃঃৰ পৰা ৬২২ খ্ৰীষ্টাব্দলৈ)ৰ সময়খিনিত আৰবী কাব্য সাহিত্যত অভূতপূৰ্ব উন্নতি আৰু বিকাশ লাভ কৰে আৰু এই ধাৰা প্ৰাথমিক ইছলামী যুগতো অব্যাহত থাকে। অৱশ্যে ইয়াৰ বিষয়বস্তু আৰু ভাষা শৈলীৰ কিছু পৰিৱৰ্তন হয়। এই যুগৰ প্ৰধান কবিসকল আছিল নাবিঘা আল-জু’দী, হাছান বিন ছাবিত, আমৰ ইবনে মাদীকৰিব, আল হুতাইয়্যা, আবু জুবাইৰ, আল হুজলী, আমৰ খানচা আদি। এইসকল কবি প্ৰাক-ইছলামী যুগত জন্ম গ্ৰহণ কৰি প্ৰাথমিক ইছলামী যুগতো কবিতা চৰ্চা অৱ্যাহত ৰাখিছিল। দুয়ো যুগৰে কবি হোৱা বাবে সিহঁতক ‘মুখাদ্ৰিম কবি’ বুলি কোৱা হয়। ‘মুখাদ্ৰিম’ শব্দৰ অৰ্থ ‘মিশ্ৰ জাতি বা বংশ’। এইসকল কবিৰ কবিতাত প্ৰাক-ইছলামী যুগৰ কবিতাৰ বৈশিষ্ট্য বিদ্যমান যদিও প্ৰাথমিক ইছলামী যুগত ৰচিত সিহঁতৰ কবিতাত ইছলামী দৰ্শন যোগ হয় আৰু কবিতাৰ ভাষা আৰু কল্পচিত্ৰ মাৰ্জিত হয়। প্ৰাথমিক ইছলামী যুগৰ কবিসকলৰ সকলো কবিতা সংৰক্ষণ অৱস্থাত পোৱা নাযায় কিয়নো কবিসকলে সিহঁতৰ সৰহভাগ কবিতাই মুখে মুখে ৰচনা কৰিছিল আৰু সংৰক্ষণৰ বাবে কোনো প্ৰচেষ্টা লোৱা নাছিল। উমাইয়া যুগৰ শেষৰ পিনে আৰু আব্বাচীয় যুগৰ প্ৰথম ভাগত কেইজনমান সাহিত্য প্ৰেমীয়ে লোকমুখৰ পৰা কিছু কবিতা সংগ্ৰহ কৰি কেইবাটাও সংকলন প্ৰস্তুত কৰে। সেই সংকলনসমূহত সংৰক্ষিত কবিতাসমূহ অধ্যয়ন কৰিলে দেখা যায় যে প্ৰাক-ইছলামী যুগৰ কবিতাৰ দৰে প্ৰাথমিক ইছলামী যুগৰ কবিসকলৰ কবিতাতো সেই সময়ৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ধৰ্মীয় আদি সকলো দিশৰ প্ৰতিফলন ঘটিছে। সিহঁতৰ কবিতাৰ বিষয়বস্তুও আছিল  বিবিধ, যেনে -প্ৰেম, যুদ্ধ, বংশগৌৰৱ, নিন্দা, শোক, প্ৰকৃতি, জীৱজন্তু আদি। তলত প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা হ’ল-
 
যুদ্ধঃ প্ৰাথমিক-ইছলামী যুগৰ আৰবী কবিতাৰ এক সাধাৰণ বিষয় হৈছে যুদ্ধ-বিগ্ৰহ। উদাৰহণস্বৰূপে  আমৰ বিন মা’দী কাৰিব, কা’ব বিন জোহাইৰ, আল হুতাইয়্যা আদিৰ কবিতাত সেই যুগত মুছলমান  আৰু মুছলমান বিৰোধী পৌত্তলিক সকলৰ মাজত হোৱা যুদ্ধৰ বিৱৰণ পোৱা যায়। ইয়াৰ উপৰি খেলাফায়ে ৰাশ্বেদীনসকলকৰ ৰাজত্ব কালছোৱাত বিভিন্ন ৰাজ্যৰ লগত হোৱা যুদ্ধৰ কাহিনীও পোৱা যায়। আমৰ বিন মা’দী কাৰিবয়ে এটি কবিতাত লিখিছে-
 
“দেখা পাওঁ, অশ্বাৰোহী সৈন্য আহে বক্ৰ পথত
যেনেকৈ স্ৰোতস্বিনী প্ৰৱাহিত হয় শস্য পথাৰত
প্ৰথমে হেঁচা খায় মোৰ অন্তৰ
পিছ মূহুৰ্ততে  মনক ঠেলি দিও আগলৈ
সাহস উভতাই পায় মন, দূৰ হৈ যায় ভয়।”
 
স্তুতি আৰু প্ৰশংসাঃ প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ আন এক প্ৰধান বৈশিষ্ট্য হৈছে নেতৃস্থানীয় ব্যক্তিকসলকৰ প্ৰশংসা। আল হুত্যাইয়াৰ কিছুমান কবিতাত তেওঁক সহায় কৰা বা তেওঁৰ প্ৰতি সহানুভূতি দেখুওৱা লোকসকলক প্ৰশংসা কৰি গুণ-কীৰ্তন কৰিছল। তেওঁ আবু মুছা আল-আনছাৰী, আল ওৱালিদ বিন উকবা, চৈয়দ বিন আল আচ, উয়িনা বিন হিছন আদি নেতৃত্বস্থানীয় ব্যক্তিকসলক প্ৰশংসা কৰি কবিতা ৰচনা কৰি সিহঁতৰ সহানুভূতি আৰু পুৰস্কাৰ লাভ কৰিছিল।
 
কা’ব বিন জোহাইৰৰ এটি বিখ্যাত কবিতা হৈছে ‘বানাত ছুৱাদ’ (কাচিদা)। কবিতাটি তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ প্ৰশংসা কৰি ৰচনা কৰিছিল। উদাৰহণস্বৰূপ তলৰ  পংক্তিকইেটা উদ্ধৃত কৰা হ’ল
 
“আমি  এনে এজন মহাপ্ৰাণ ব্যক্তিৰ কৰতলত
মোৰ দক্ষিণ হাত স্থাপন কৰিছো
…………………….
নিশ্চয় আল্লাহৰ ৰছুল এক চকচকীয়া তৰোৱাল
যি হিন্দুস্থানী লোৰ দ্বাৰা নিখঁুতভাৱে তৈয়াৰী
শুভ্ৰ আৰু নিষ্কলংক।”
 
এই কবিতাটিৰ শেষ পংক্তিবোৰত নবীৰ চাহাবা আৰু মোজাহিদসলকৰ প্ৰশংসা কৰিছে। বিষয়ৰ শ্ৰেষ্ঠত্ব, বৰ্ণনাৰ সাৱলীলতা, আবেগৰ গভীৰতা, ভাষাৰ সৌন্দৰ্য, ছন্দৰ মাধৰ্য, কাব্যিক কলা-কুশলতা, শব্দৰ বিন্যাস, ধৰ্মৰ উন্মাদনা আৰু অৰ্থৰ ব্যঞ্জনাৰ দিশত কবিতাটি আৰবী কাব্য সাহিত্যত এক অতুলনীয় স্তুতিমূলক কবিতা বুলি ক’ব পাৰি।
 
প্ৰেম: প্ৰেমৰ প্ৰংসঙ্গই আৰবী কবিতাত এক বিশেষ স্থান অধিকাৰ কৰি আছে। প্ৰাক-ইছলামী যুগৰ কবিতাত থকা দৰেই প্ৰাথমিক ইছলামী যুগৰ কবিতাতো প্ৰেমৰ প্ৰসংগ উভৈনদীকৈ পোৱা যায়। উদাহৰণস্বৰূপে ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আগতে হাছান বিন ছাবিতে বহুতো প্ৰেমৰ কবিতা ৰচনা কৰিছিল আৰু সেইবোৰ কবিতাত নাৰীৰ কমনীয় সৌন্দৰ্যৰ বৰ্ণনা পোৱা যায়।
 
আল হুত্যাইয়ায়ো কিছু প্ৰেমৰ কবিতা ৰচনা কৰিছিল। তেওঁৰ প্ৰেমৰ কবিতাবোৰত নাৰীদেহৰ চিত্তাকৰ্ষক কাব্যিক বৰ্ণনা আছে। তেওঁৰ কবিতাত নাৰীদেহৰ অংগ-প্ৰতঙ্গ যেনে -ডিঙি, তপিনা, নাক, কাণ, চুলি, মুখমণ্ডল, হাঁহি আদিৰ মোহনীয় বৰ্ণনা আছে। তেওঁৰ কল্পচিত্ৰ আছিল অভিনৱ আৰু চিত্তাকৰ্ষক।
 
আমৰ ইবনে মা’দী কাৰিবৰ কিছুমান কবিতাৰ বিষয়বস্তুও আছিল প্ৰেম। প্ৰেমৰ কবিতাবোৰত নাৰীদেহৰ সৌন্দৰ্যৰ বৰ্ণনা আছে যদিও তেওঁ নাৰী সৌন্দৰ্যৰ বন্দনা কৰা নাই। তেওঁ নাৰীৰ বিষয়ে লিখোতে সদায় শালীনতা বজাই ৰাখিছিল।
 
কা’ব বিন জোহাইৰৰ কাব্য ভাণ্ডাৰতো প্ৰেমৰ কবিতা বিদ্যমান। তেওঁ প্ৰেমৰ কবিতা প্ৰেয়সীৰ পৰিত্যক্ত বাসগৃহৰ বৰ্ণনাৰে আৰম্ভ কৰি প্ৰেয়সীৰ ৰূপ লাৱণ্যৰ বৰ্ণনা দিছে। তেওঁ প্ৰেয়সীক ছলনাকাৰী, প্ৰতাৰক, প্ৰতিজ্ঞা ভংগকাৰী হিচাপে অংকন কৰিছে। এটি কবিতাত তেওঁ লিখিছেঃ
 
“প্ৰেয়সী মোৰ চঞ্চলা, অস্থিৰ, 
ধাৰণ কৰে বহুৰূপ প্ৰেতাত্মাৰ দৰে
মিথ্যাৰ নামান্তৰ অংগীকাৰ কৰে বাৰে বাৰে
তাইৰ প্ৰতি মোৰ আশা, মোৰ ভৰসা ভ্ৰান্তিময়
যদিও মই চাই থাকো তাইলৈ হৈ তন্ময়।”
 
জীৱ-জন্তুঃ প্ৰাক-ইছলামী যুগৰ কবিতাত পোৱা দৰে প্ৰাথমিক ইছলামী যুগৰ কবিতাতো জীৱ-জন্তুৰ বৰ্ণনা পোৱা যায়। উদাহৰণস্বৰূপে কা’ব বিন জুহাইৰৰ বহুতো কবিতাত উট, ঘোঁৰা, গাধ আদিৰ প্ৰসংগ আছে।  এটি কবিতাত তেওঁ আৰোহন কৰা উটৰ বৰ্ণনা দিছে এনেদৰেঃ
 
“সবল আৰু তেজস্বী মোৰ উষ্ট্ৰী
সন্মুখলৈ ধাৱমান, ক্ষিপ্ৰ তাৰ গতি
ই অতিক্ৰম কৰে মৰুভূমিৰ উত্তপ্ত  বালি
চিহ্নবিহীন পথৰ ওপৰত থাকে তাৰ দৃষ্টি।”
 
শোকঃ প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ সততে পোৱা আন এক বৈশিষ্ট্য হৈছে আপোনজনৰ মৃত্যুত ৰচনা কৰা শোক কবিতা।
 
হাছান বিন ছাবিতে বদৰ, উহুদ আদি যুদ্ধত শ্বহীদ হোৱা যোদ্ধাসকলকৰ ওপৰত শোক কৰি বহুতো কবিতা ৰচনা কৰিছিল। তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ মৃত্যুতো শোক এটি ডাঙৰ কবিতা ৰচনা কৰিছিল।  ইয়াৰ উপৰিও তেওঁ হজৰত ওছমান (ৰাঃ), হজৰত ওমৰ (ৰাঃ), হামজা বিন আব্দুল মুত্তালিব আদি ব্যক্তিৰ ওপৰতো শোক কবিতা ৰচনা কৰিছিল।
 
আবু জোহাইৰ আল হুজলীয়ে প্লেগ ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰা পাঁচজন পুত্ৰৰ শোকত বহুতো শোক কবিতা ৰচনা কৰিছিল। তেওঁৰ এটি শোক কবিতাত লিখিছে–
 
“বিদায় লৈছে মোৰ পুত্ৰসকল
আৰু মোক দি গৈছে অস্থিৰতা আৰু অশ্ৰু
যি নিগৰিত হৈ আছে বিৰামহীন ভাৱে।
…………
এনে হৈছে মোৰ চকুৰ অৱস্থা
যেনে কোনোৱাই খোচ মাৰি সোমাই দিছে কাঁইট
আৰু মই বৈ আছো তাৰ যন্ত্ৰণা সৰ্বদা।”
 
কাছেদিয়াৰ যুদ্ধত নিহত হোৱা চাৰিজন পুত্ৰৰ ওপৰত আল খানাচায়ো শোক কৰি কেইবাটাও শোক কবিতা ৰচনা কৰিছিল।
 
ব্যঙ্গ কবিতাঃ প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ এক বিশেষ অংশ অধিকাৰ কৰি আছে ব্যঙ্গ কবিতাই। আল হুত্যাইয়্যাই কবিতাৰে তেওঁক ঘৃণা কৰা লোকসকলৰ ওপৰত প্ৰতিশোধ লৈছিল। তেওঁৰ ব্যঙ্গ কবিতাৰ পৰা পৰিচিত, অপৰিচিত, আত্মীয়, অনাত্মীয় কোনো লোক বাদ পৰা নাছিল। তেওঁ নিজৰ চেহেৰাকো নিন্দা কৰি কবিতা ৰচনা কৰিছিল।  এটি কবিতাত তেওঁ লিখিছিল–
 
“মই মোৰ মুখমণ্ডল দেখা পাওঁ
আল্লাহই ইয়াক কুৎসিত কৰি সৃষ্টি কৰিছে।
মোৰ অৱয়ব যেনে কুৎসিত 
তেনেদৰে মোৰ গৰ্ভধাৰিনীজনীও কুৎসিত আছিল।”
 
সেইদৰে হাছান বিন ছাবিত, আবু মিহজান ছাকাফী আদি কবিয়েও ইছলামৰ শত্রূ আৰু বিৰোধী পক্ষৰ লোকসকলক ব্যঙ্গ কৰি কবিতা ৰচনা কৰিছিল। 
 
প্ৰকৃতি: প্ৰাথমিক ইছলামী যুগৰ কবিতাত প্ৰকৃতিক সৌন্দৰ্যৰ মোহনীয় বৰ্ণনাও পোৱা যায়। উদাহৰণস্বৰূপে আল হুজলীৰ কবিতাত প্ৰকৃতিৰ ৰূপ সৌন্দৰ্যৰ বৰ্ণনা পোৱা যায়। এটি কবিতাত তেওঁ মেঘবৰ্ষণৰ চমৎকাৰ কাব্যিক বৰ্ণনা দাঙি ধৰিছে। আন এটি কবিতাত মৌমাখিয়ে মৌ সংগ্ৰহৰ বিৱৰণ আছে।
 
তেনেদৰে মা’দী কাৰিব, আবু আল জোহাইৰ আদিৰ কবিতাত মৰুভূমিৰ ৰুক্ষতা, প্ৰকৃতিৰ নিৰ্মমতা আদিৰ চিত্ৰ পোৱা যায়।
 
ইছলামী দৰ্শনঃ প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ এক উল্লেখযোগ্য আৰু প্ৰশংসনীয় বৈশিষ্ট্য হৈছে ইছলামী দৰ্শন। এই যুগৰ কবিসকলে হজৰত মহম্মদ (ছাঃ)য়ে প্ৰচাৰ কৰা ইছলাম ধৰ্ম, ইয়াৰ আদৰ্শ আৰু দৰ্শনৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল আৰু সিহঁতৰ কবিতাত ইয়াৰ প্ৰতিফলন ঘটিছিল। ইছলামী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হোৱা হাছান বিন ছাবিতে এটি কবিতাত আল্লাহৰ একত্ব আৰু মহত্ব বৰ্ণনা কৰি লিখিছেঃ
 
“হে প্ৰভু, যিসকলে আন দেৱতাক বিশ্বাস কৰে, সেইসকলৰ পৰা আপোনাৰ স্থান অতি উচ্চ আৰু মৰ্যদাশীল
 
অকল আপোনাৰেই আছে সকলো সৃষ্টিশীলতা, আশীৰ্বাদ আৰু সমগ্ৰতা
 
আমি অকল আপোনাৰ দ্বাৰাই পৰিচালিত আৰু আমি অকল আপোনাকেই উপাসনা কৰো।” 
 
আমৰ ইবনে মা’দী কাৰিবৰৰ কোনো কোনো কবিতাত জীৱনৰ দাৰ্শনিক সত্য প্ৰকাশ পাইছে এনেদৰে –
 
“তুমি কিয় সুন্দৰ পোছাকেৰে নিজকে কৰা সজ্জ্বিত
জানি লোৱা সৌন্দৰ্য কেতিয়াও পোছাকত নহয় বিকশিত
সৌন্দৰ্য হৈছে সেই সকলো গুণাৱলীৰ খনি
সি মহত্ব আৰু ভাল কামৰ উত্তৰাধিকাৰী।”
 
আল হুজলীৰ শোক কবিতাসমূহত মৃত্যু সম্পৰ্কে তেওঁৰ মনস্তত্ব আৰু দাৰ্শনিক ভাৱাধাৰ ফুটি উঠিছে। মৃত্যু সম্পৰ্কে তেওঁ কৈছেঃ
 
“মৃত্যুয়ে যেতিয়া দুহাত প্ৰসাৰিত কৰে
তেতিয়া কাম নিদিয়ে কোনো মাদুলিয়ে
মৃত্যুৰ ওপৰত ক্ৰন্দন কৰাটো নিচেই মূৰ্খতা
সকলোৰে জীৱনলৈ ই আহিব
আহিব মোৰ জীৱনলৈয়ো
মোৰ মুখ ঢাকি শুৱাই ৰাখি সকলোৱে ক্ৰন্দন কৰিব
তোমালোক সকলোৱে সেয়া শুনিবা
মাথো মইহে নুশুনো।”
 
আল খানচাৰ কিছুমান কবিতাত ইছলামী দৰ্শন যেনে- ঈশ্বৰৰ একত্ব, মহত্ব, দয়াশীলতা আদিৰ প্ৰসংগ পোৱা যায়। 
 
সুৰাঃ প্ৰাথমিক ইছলামী যুগত ৰচিত কিছু কবিতাত সুৰাৰ বৰ্ণনা পোৱা যায়, কিন্তু এই বৰ্ণনা দুই এজনৰ কবিতাতে সীমাবদ্ধ আছিল। উদাহৰণস্বৰূপে আবু মিহজান ছাকাফীয়ে সুৰা (মদিৰা)ৰ ওপৰত কেইবাটাও মনোৰম কবিতা ৰচনা কৰিছিল। এটি কবিতাত তেওঁ লিখিছে–
 
“মৃত্যুৰ পিছত মোক কবৰস্থ কৰিবা আঙুৰ গছৰ তলত
যেন তাৰ শিপাই যোগায় মোৰ অস্থিক ৰস
কেতিয়াও নকৰিবা মোক সমাধিস্থ উন্মুক্ত স্থানত
যেন আমি বঞ্চিত নহওঁ দ্ৰাক্ষাৰস আস্বাদনত।”
 
শৈলীঃ প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতা আৰু প্ৰাক-ইছলামী যুগৰ কবিতাৰ মাজত বিশেষ পাৰ্থক্য পলিক্ষিত নহয় যদিও প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ ভাষা কিছু পৰিমাণে মাৰ্জিত আৰু সৰল যেন লাগে। এই যুগৰ কবিসকলৰ কল্পচিত্ৰতো কিছু নতুনত্বৰ সোৱাদ পোৱা যায়। উদাৰহণস্বৰূপে কা’ব বিন জোহাইৰে তেওঁৰ এটি প্ৰেমৰ কবিতাত তেওঁ প্ৰেয়সীৰ ৰূপ লাৱণ্যৰ এক অভিনৱ কল্পচিত্ৰ অংকন কৰিছে, এনেদৰেঃ
 
“তাইৰ শুভ্ৰ দাঁতৰাশি মদীৰা দ্বাৰা বিধৌত
বৰফৰ দৰে সুশীতল 
উত্তৰ দিশৰ পৰা বলা
বায়ুৰ দ্বাৰা স্নিগ্ধ।”
 
আল হুত্যাইয়াৰ কবিতাত শব্দৰ সুষম ব্যৱহাৰ লক্ষণীয় বিষয় যদিও তেওঁ বহু কবিতাত অপৰিচিত শব্দও ব্যৱহাৰ কৰিছিল।
 
মা’দী কাৰিবৰ  কবিতাৰ ভাষা গহীন, ভাৱ গম্ভীৰ আৰু বৰ্ণনা সৰল আৰু তেজস্বী, কল্পচিত্ৰ চিন্তাগধুৰ।
 
সামৰণিত ক’ব পাৰি প্ৰাক-ইছালীম যুগৰ কবিতা আৰু প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ  বৈশিষ্ট্যৰ মাজত যথেষ্ট মিল আছে যদিও প্ৰাথমিক ইছলামী যুগৰ কবিতা অশ্লীলতাৰ পৰা মুক্ত আৰু ইছলামী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত আৰু ভাষা আৰু শৈলীৰ দিশত কিছু  মাৰ্জিত আৰু সৰল। ০ ০ ০

আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ | Arabi Sahityor Etihas-Prathamik Islami Yug

অধ্যায়- ৫

প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্যৰ বৈশিষ্ট্য

প্ৰাক-ইছলামী যুগত কাব্য সাহিত্যৰ যি অভূতপূৰ্ব উন্নতি হৈছিল তাৰ তুলনাত আৰবী গদ্য সাহিত্য অতি চালুকীয়া (আৰম্ভণি) অৱস্থাত আছিল। ইয়াৰ কাৰণ আছিল আৰবত কাব্য সাহিত্যৰ যি সমাদৰ আছিল, গদ্য সাহিত্যৰ সেই সমাদৰ নাছিল । ইয়াৰ আৰু এক প্ৰধান কাৰণ আছিল সেই সময়ত সকলো সাহিত্যই মুখে মুখে ৰচিত হৈছিল আৰু সেইবোৰ মৌখিকভাৱেহে পৰিৱেশন কৰা হৈছিল। সেয়ে আৰবী কাব্য সাহিত্যই জনসাধাৰণৰ আৱেগ অনুভূতিত যি আবেদন সৃষ্টি কৰিব পাৰিছিল সেয়া গদ্য ৰচনাৰ দ্বাৰা সম্ভৱপৰ হোৱা নাছিল। মুঠতে প্ৰাক-ইছলামী যুগত গদ্য সাহিত্যৰ সূচনা হৈছিল আৰু ই গঢ় লোৱা আৰম্ভ কৰিছিল আৰু ই পঞ্চম শতিকাৰ পৰা  ৬২২ খ্ৰীষ্টাব্দলৈ চলি আছিল। ইয়াৰ পিছত  হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰাৰ সময়ৰ পৰা আৰবী সাহিত্যত প্ৰাথমিক ইছলামী যুগৰ সূচনা হয় আৰু ইয়াৰ লগে লগে  আৰবী গদ্য সাহিত্যৰ দ্ৰুত বিকাশ আৰম্ভ হয়। প্ৰাথমিক ইছলামী আৰবী গদ্য সাহিত্য বুলিলে সাধাৰণতে হাদীছ, চিঠি-পত্ৰ, সন্ধিনামা, তফছিৰ, ইতিহাস, ভাষণ আদিক বুজোৱা হয়। এইবোৰ সাহিত্যৰ  কোনো এক শাখা হিচাপে নহয়, প্ৰয়োজনৰ তাগিদাতহে সৃষ্টি হৈছিল।
 
প্ৰাথমিক ইছলামী যুগত জন্ম লাভ কৰা গদ্য সাহিত্য অধ্যয়ন কৰিলে তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহ ওলাই পৰে–
 
(ক) প্ৰাথমিক ইছলামী যুগৰ গদ্য সাহিত্য সৃষ্টি আৰু বিকাশ লাভ কৰিছিল হজৰত মহম্মদ (ছাঃ)য়ে প্ৰচাৰ কৰা ইছলাম ধৰ্মক কেন্দ্ৰ কৰি। এই ধৰ্মৰ মূল গ্ৰন্থ কোৰানখন সকলোৰে বাবে সহজে বোধগম্য হোৱাৰ উদ্দেশ্যে নবীজীয়ে কোৰাণৰ বহু ছুৰা আৰু আয়াত ব্যাখ্যা কৰিব লগা হৈছিল। ফলত হাদীছৰ জন্ম হৈছিল আৰু হাদীছবোৰ চাহাবাসকল আৰু নবীজীৰ সাক্ষাৎ পোৱা লোকসকলৰ দ্বাৰা দ্ৰুত দেশ-বিদেশত প্ৰচাৰিত হৈছিল।
 
(খ) প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্যৰ আন এক প্ৰধান বৈশিষ্ট্য হৈছে ই আছিল সহজ আৰু সৰল। এনে গদ্যত কোনো দ্ব্যৰ্থকতা নাছিল।
 
(গ) এই যুগৰ গদ্য সাহিত্যৰ পৰিসৰ বিশাল আছিল। কিয়নো হাদীছত সামাজিক জীৱন, ৰাজনৈতিক জীৱন, ধৰ্মীয় জীৱন আদি সকলো বিষয়ৰ ওপৰত আলোচনা আছিল।
 
(ঘ) প্ৰাথমিক ইছলামী যুগৰ গদ্য ৰচনাৰ সৰহ ভাগত ৰচনাকাৰীৰ নাম, পৰিচয়, আদি উল্লেখ থকাৰ উপৰিও কোনে কাৰ পৰা, কাৰ ওচৰত বৰ্ণনা কৰিলে ইত্যাদি তথ্য স্পষ্টভাৱে উল্লেখ আছিল।
 
(ঙ) এই যুগৰ গদ্য সকলো প্ৰকাৰৰ বাহুল্যতাৰ পৰা মুক্ত আছিল। মূল বক্তব্য বিষয় পোনপটীয়াকৈ ব্যক্ত কৰা হৈছিল।
 
(চ) এই যুগৰ গদ্য সম্পূৰ্ণ ব্যাকৰণসন্মত আছিল আৰু ইয়ে আৰবী ভাষাক এক সাৰ্বজনীনতা প্ৰদান কৰিছিল।
 
(ছ) প্ৰাথমিক ইছলামী যুগৰ গদ্য অলংকাৰৰ পৰা মুক্ত আছিল।
 
(জ) এই যুগৰ গদ্য নিজস্ব আৰবী শব্দৰ দ্বাৰা ৰচিত হৈছিল। সেইবোৰত  কোনো বিদেশী ভাষা বা অন্য ভাষাৰ প্ৰভাৱ পৰা নাছিল।
 
(ঝ) প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্যৰ ভাষা সহজ আৰু সৰল আছিল যদিও কথিত ভাষণবোৰ আছিল উদাত্ত আৰু আবেদনময়। উদাহৰণস্বৰূপে হজৰত মহম্মদ ছাঃ)য়ে বিদায় হজৰ সময়ত আৰাফতত দিয়া তেখেতৰ জীৱনৰ অন্তিম ভাষণৰ পৰা কিয়দাংশ উদ্ধৃত কৰা হ’লঃ
 
“আপোনালেকে এই মাহটোক, আজিৰ দিনটোক আৰু এই চহৰটোক যিদৰে পবিত্ৰ বুলি গণ্য কৰে, ঠিক তেনেদৰে প্ৰতিজন মুছলমানৰ জীৱন আৰু সম্পত্তিক এক পবিত্ৰ নিধি বুলি গণ্য কৰক। আপোনালোকৰ ওচৰত গচ্ছিত ৰখা সামগ্ৰীবোৰ সঠিক মালিকসকলক ঘূৰাই দিয়ক। কাকো আঘাত নকৰিব যাতে কোনেও আপোনাক আঘাত নকৰে। মনত ৰাখিব যে আপুনি নিশ্চয় আপোনাৰ প্ৰভুক লগ পাব আৰু তেওঁ আপোনাৰ কাৰ্যৰ বিচাৰ কৰিব।”
 
সামৰণিত ক’ব পাৰি যে প্ৰাক-ইছলামী যুগত গজালি মেলা গদ্য সাহিত্যই প্ৰাথমিক ইছলামী যুগত উজ্জ্বল সম্ভাৱনাৰে ডাল-পাতসহ বলিষ্ঠ পুলিত পৰিণত হৈছিল যি পিছলৈ বিশাল বটবৃক্ষত পৰিণত হৈ আৰবী ভাষাক বিশ্বৰ প্ৰধান ভাষাসমূহৰ এক অন্যতম ভাষাত পৰিণত কৰিছে। ০ ০ ০

আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ | Arabi Sahityor Etihas-Prathamik Islami Yug

 
অধ্যায়- ৬

প্ৰাথমিক ইছলামী যুগৰ বিশিষ্ট আৰবী কবিসকল

প্ৰাথমিক ইছলামী যুগ বুলিলে ৬২২ খৃঃৰ পৰা ৬৬১ খ্ৰীষ্টাব্দৰ মাজৰ চল্লিশ বছৰৰ সময়খিনিক বুজোৱা হয়। প্ৰাক-ইছলামী যুগতেই আৰবী কাব্য সাহিত্যই বিস্তৰ বিকাশ লাভ কৰিছিল। প্ৰাথমিক ইছলামী যুগতো এই ধাৰা অব্যাহত আছিল। প্ৰাক ইছলামী যুগৰ কবিসকলৰ কবিতাত সেই যুগৰ প্ৰচলিত চিন্তা-ধাৰা, পৰম্পৰা, বিশ্বাস, ৰীতি-নীতি আদি প্ৰতিফলিত হৈছিল আৰু সিহঁতৰ মাজৰ কিছুমান কবিৰ কবিতা অশ্লীলতাৰ দোষত দোষী আছিল। অৱশ্যে ইছলামৰ আৱিৰ্ভাবৰ পিছত আৰবৰ কিছু সংখ্যক কবিয়ে ইছলামী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হৈ কবিতা ৰচনা আৰম্ভ কৰে। সিহঁতৰ কবিতাত ইছলামী দৰ্শন আৰু চিন্তা চৰ্চা যেনে-আল্লাহৰ একত্ব, আল্লাহৰ মহিমা, স্বৰ্গ, নৰক, ইহকাল, পৰকাল, কৰ্মফল, মানৱতাবাদ আদি প্ৰকাশ পাইছিল। এনেদৰে যিসকল আৰবী কবিয়ে প্ৰাক-ইছলামী যুগ আৰু ইছলামী যুগ- উভয় যুগতে কাব্য চৰ্চা অব্যাহত ৰাখিছিল, সেইসকল কবিক ‘মুখাদ্ৰিম’ কবি বুলি কোৱা হয়। মুখাদ্ৰিম কবিসকলৰ কবিতাসমূহ শৈলীৰ দিশৰ পৰা প্ৰাক-ইছলামী যুগৰ কবিতাৰ দৰেই আছিল যদিও কবিতাৰ বিষয়-বস্তু আৰু দৰ্শনত এটি নতুন বিষয় যুক্ত হৈছিল সেয়া আছিল হজৰত মহম্মদ (ছাঃ) ৰ দৰ্শন অৰ্থাৎ কোৰানৰ দৰ্শন। পিছলৈ ইছলাম ধর্মৰ বিস্তাৰৰ লগে লগে আৰব সমাজত কাব্য সাহিত্যৰ প্ৰভাৱ ক্ৰমে হ্রাস পাই আহে আৰু গদ্য সাহিত্যই গা কৰি উঠে।  উল্লেখ্য যে ইছলাম ধর্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ) য়েও কবিতা ভাল পাইছিল আৰু মাৰ্জিত, নৈতিকপূৰ্ণ কবিতা পাঠ শ্ৰৱণ কৰিছিল। নবীজীৰ কেইজনমান চাহাবায়ো কেতিয়াবা কেতিয়াবা নবীজীৰ লগত কবিতা সম্পৰ্কে আলোচনা কৰিছিল। তেখেতে সিহঁতৰ আলোচনা শ্ৰৱণ কৰি  মুচুকি হাঁহিছিল। উদাহৰণস্বৰূপে তেখেতে আতা বনি আল হাদৰামি, আল খানচা, নাবিঘা আল-জু’দী আদি কবিৰ কবিতা পাঠ শ্ৰৱণ কৰি সিহঁতৰ কবিতাৰ প্ৰশংসা কৰিছিল। ইয়াতে উনুকিয়াব পাৰি যে হজৰত মহম্মদ (ছাঃ)ৰ লগতে সঠিক পথত পৰিচালিত চাৰিজন খলিফায়ো কবিতা ভাল পাইছিল। সিহঁতৰ চাৰিওজনেই কবি  আছিল যদিও কোনোজনেই বৃত্তিধাৰী কবি নাছিল। অৱশ্যে সিহঁতে  যুদ্ধক্ষেত্ৰত সেনাসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে কবিতা ৰচনা কৰিছিল আৰু আন আন কবিৰ কবিতাৰ পৰা কবিতাৰ কলি আবৃতি কৰি যোদ্ধাসকলৰ মনোবল বৃদ্ধি কৰিছিল।
 
মুখাদ্ৰিম কবিসকলৰ ভিতৰত প্ৰধান আৰু বিখ্যাত কবিসকল আছিল নাবিঘা আলজু’দী, হাছান বিন ছাবিত, আল খানচা, আল হুতাইয়্যা, আবু জুবাইৰ আল হুজলী, আমৰ ইবনে মাদীকৰিব আদি। তলত এইসকল কবিৰ চমু পৰিচয়সহ সিহঁতৰ কাব্যিক প্ৰতিভা সম্পৰ্কে চমুকৈ আলোচনা কৰা হ’লঃ

নাবিঘা আলজু’দী (Nabigha Al-judi)

চমু পৰিচয়ঃ নাবিঘা আলজু’দী আছিল প্ৰাথমিক ইছলামী যুগৰ এজন বিখ্যাত আৰু জনপ্ৰিয় কবি। তেওঁৰ প্ৰকৃত নাম আছিল আবু লায়লা হাছান ইবন ক্বাইছ। তেওঁ পঞ্চম শতিকাৰ শেষ দহকত জন্ম গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হয়। তেওঁৰ জন্ম হৈছিল আৰবৰ জোদা গোত্ৰত। তেওঁ মূৰ্তিপূজা বেয়া পাইছিল আৰু মদ পান কৰাৰ পৰা বিৰত থাকিছিল। আৰবৰ পৰম্পৰাগত পৌত্তলিক ধৰ্মত তেওঁৰ বিশ্বাস নাছিল আৰু হজৰত ইব্রাহিম (আঃ) য়ে প্ৰচাৰ কৰা ধৰ্মমত মানি চলিছিল। পিছত হজৰত মহম্মদ (ছাঃ)য়ে নবুয়ত প্ৰাপ্তিৰ বাতৰি পাই নবীজীৰ ওচৰলৈ গৈ ইছলাম ধৰ্মত দীক্ষিত হৈছিল। তেওঁ নবীজীক প্ৰশংসা কৰি এটি কবিতা ৰচনা কৰি নবীজীৰ সন্মুখত পাঠ কৰিছিল। নবীজীয়ে তেওঁৰ কবিতা পাঠ শ্ৰৱণ কৰি মুগ্ধ হৈছিল আৰু তেওঁৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিছিল।  তেওঁ বহুতো দেশ ভ্ৰমণ কৰিছিল। কথিত আছে যে মাজ বয়সত তেওঁ এবাৰ কবিত্ব শক্তি হেৰুৱাই পেলাইছিল আৰু পিছলৈ সেই শক্তি ঘূৰাই পাইছিল। কবিতা শক্তি হেৰুৱাই পুনৰ ঘুৰাই পোৱা বাবে তেওঁক ‘নাবিঘা’ (প্ৰৱাহমান) বুলি কোৱা হয়।
 
এইজন কবিয়ে উমাইয়া বংশৰ শেষ খলিফা আব্দুল  মালিকৰ ৰাজত্বকালত ইস্পাহানলৈ যায় আৰু তাতে ১৮০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।
 
কাব্যিক প্ৰতিভাঃ  নাবিঘা আলজু’দী এজন স্বভাৱ কবি আছিল। তেওঁৰ এক বিশেষ বৈশিষ্ট্য আছিল যে স্বাভাৱিকভাৱে তেওঁৰ মুখেৰে যি ওলাইছিল সেয়াই তেওঁৰ কবিতা আছিল। নাবিঘা আলজ’দীয়ে যিকোনো বিষয়ৰ ওপৰত থিতাতে কবিতা ৰচনা কৰিব পাৰিছিল আৰু বিভিন্ন উপলক্ষত কবিতা আবৃতি কৰিছিল। তেওঁ কেতিয়াও তেওঁৰ ৰচিত কবিতা এটি সংশোধন কৰা বা পৰিমাৰ্জিত কৰা নাছিল। ফলত তেওঁৰ কবিতা ভাল  আৰু বেয়াৰ সংমিশ্ৰণ আছিল। তেওঁৰ কবিতা সম্পৰ্কে মন্তব্য কৰি আল আচমায়ীয়ে হৈছিল, “নাবিঘা আলজু’দীয়ে হাজাৰ দেৰহামৰ দামী চাদৰৰ লগত সস্তীয়া ওৰনিৰ মিশ্ৰণ ঘটাইছিল।”  আৰবী কবিতাত শব্দৰ আভিধানিক অৰ্থৰ বাহিৰেও আন অৰ্থত শব্দৰ ব্যৱহাৰ পোনতে তেঁৱেই কৰিছিল। তেওঁ বহুতো প্ৰশংসাসূচক, ব্যঙ্গাত্মক আৰু শোক কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাত কোনো অশ্লীল বৰ্ণনা নাই। নাবিঘা আলজু’দীৰ কবিতা আছিল মাৰ্জিত, নৈতিক আৰু ইছলামী দৰ্শনৰ দ্বাৰা প্ৰভাৱিত। প্ৰাথমিক ইছলামী যুগৰ আৰবী কবিতাৰ বিকাশত তেওঁৰ যথেষ্ট অৱদান আছে। কিন্তু দুখৰ বিষয় যে সংৰক্ষণৰ অভাৱত তেওঁৰ সৰহভাগ কবিতাই কালৰ বুকুত জীন গৈছে।

হাছান ইবনে ছাবিৎ  (Hasan Ibne Sabid)

চমু পৰিচয়ঃ প্ৰাথমিক ইছলামী যুগৰ এজন জনপ্ৰিয় আৰু বিখ্যাত কবি আছিল হাছান ইবনে ছাবিৎ। ইতিহাসত তেওঁ ‘শ্বায়েৰুৰ ৰছুল’ (ৰছুলৰ কবি) বুলি বিখ্যাত । কাৰণ হজৰত মহম্মদ (ছাঃ)ৰ জীৱিত কালত তেঁৱেই একমাত্ৰ কবি আছিল যিজনে কবিতাৰে অমুছলীম কবিসকলে ইছলাম তথা ৰছুলক নিন্দা কৰি ৰচনা কৰা কবিতাৰ প্ৰতুৎউত্তৰ দিছিল। ইয়াৰ উপৰিও তেওঁ ৰছুলুল্লাহ (ছাঃ)ক প্ৰশংসা কৰি বহু কবিতা ৰচনা কৰিছিল। তেওঁৰ কাৰ্যত হজৰত মহম্মদ (ছাঃ)য়ে সন্তুষ্ট হৈ তেওঁক উদ্দেশ্যি কৈছিল, “হে হাছান, পৰকালত আল্লাহ তায়ালাৰ ওচৰত তোমাৰ পুৰস্কাৰ হৈছে জান্নাত (বিহেস্ত)।”
 
হাছান ইবনে ছাবিৎ আনুমাননিক ৫৬৩ খৃঃত মদীনাত খাজৰাজ বংশত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ প্ৰকৃত নাম আছিল আবুল হাছান ওলীদ হাছান ইবনে ছাবিৎ আল আনছাৰী।  মাকৰ ফালৰ পৰা তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ আত্মীয় আছিল। প্ৰাক-ইছলামী যুগতেই তেওঁ নিজকে এজন বৃত্তিধাৰী কবি হিচােপ প্ৰতিষ্ঠা কৰিছিল।  মক্কাৰ বিখ্যাত উকাজ মেলাত তেওঁ কবি আল আ’শ্বা আৰু খানচাৰ লগত কবিতা আবৃতি কৰিছিল। তেওঁ গাচ্ছানাইড বংশৰ ৰাজকুমাৰ আৰু ৰাজকুমাৰীসকলৰ প্ৰশংসা কৰি কবিতা ৰচনা কৰি নিয়মিত বৃত্তি লাভ কৰিছিল।  তেওঁ হীৰাৰ ৰজাসকলৰ প্ৰতি প্ৰশংসাসূচক কবিতা ৰচনা কৰি বহু পুৰস্কাৰ লাভ কৰিছিল।
 
হজৰত মহম্মদ (ছাঃ)য়ে মদীনালৈ হিজৰত কৰাৰ পিছত অন্যান্য মদীনাবাসীৰ লগত তেঁৱো ইছলাম ধৰ্মত দীক্ষিত হয় আৰু নবীজীক ধন-জন দি বিভিন্ন প্ৰকাৰে সহায় কৰিছিল।  কথিত আছে যে তেওঁ শাৰীৰিকভাৱে দুবৰ্বল আছিল বাবে নবীজীক কোনো যুদ্ধতে অংশ গ্ৰহণ কৰি সহায় কৰিব পৰা নাছিল। কিন্তু তেওঁ কবিতাৰে ইছলাম প্ৰচাৰ কৰাত সহায় কৰিছিল।
 
হজৰত মহম্মদ (ছাঃ)য়ে মদীনালৈ হিজৰত কৰাৰ পিছৰ পৰা ইছলামৰ ক্ৰমে উত্থান আৰম্ভ হয় আৰু এই উত্থানত শংকিত হৈ মক্কাৰ চাৰজিন প্ৰভাৱশালী ব্যক্তি যথা- আবু ছফিয়ান বিন আল হাৰিছ, আবদ বনি মুত্তালিব, আব্দুল্লা বিন আল-জিবাৰা, আমৰ বিন আল-আছ আৰু দিৰাৰ বিন আল-খাত্তাব আল-ফিহৰিয়ে ৰছুলুল্লাৰ ঘোৰ বিৰোধীতা  কৰিবলৈ লয়। সিহঁতৰ বিৰুদ্ধাচৰণ অসহনীয় হোৱাত নবীজীয়ে চাহাবাসকলৰ লগত পৰামৰ্শ কৰি সিহঁতৰ বিৰোধীতাৰ যোগ্য প্ৰত্যুউত্তৰ দিয়াৰ উদ্দেশ্যে তিনিজন ব্যক্তি যথা-হাছান ইবনে ছাবিৎ, আব্দুল্লা বিন ৰাৱাহা, আৰু কা’ব বিন মালিকক দায়িত্ব দিয়ে।  হাছান বিন ছাবিৎ আৰু কা’ব বিন মালিকে কবিতাৰে ইছলাম বিৰোধী কবিসকলে নবীজী আৰু ইছলামক নিন্দা কৰি ৰচনা কৰা কবিতাৰ জবাব দিয়ে। আব্দুল্লাহ বিন ৰাৱাহাই কোৰাইশসকলৰ অন্ধবিশ্বাস, কুসংস্কাৰ আৰু কলুষিত সমাজ ব্যৱস্থাৰ ওপৰত ব্যঙ্গ কৰি কবিতা ৰচনা কৰিবলৈ লয়।
 
বৰ্ণিত আছে যে নবীজীয়ে মদীনাৰ মছজিদৰ মিনাৰত উঠি হাছান বিন ছাবিৎক তেওঁৰ কবিতা আবৃত্তি কৰিবলৈ দিছিল। ৬৩২ খৃঃত হজৰত মহম্মদ (ছাঃ)ৰ ইন্তেকাল হয় আৰু ইয়াৰ পিছত ছাবিতৰ কাব্য ৰচনা হ্রাস পায় যদিও হজৰত ওমৰ (ৰাঃ) আৰু হজৰত ওছমান (ৰাঃ)ৰ গুণ বৰ্ণনা কৰি কিছুমান প্ৰশংসাসূচক আৰু শোক গীত ৰচনা কৰিছল।
 
কবিতাৰে ইছলমাৰ সেৱা কৰা হাছান বিন ছাবিতে ৬৭৪ খৃঃত পৰলোক গমন কৰে।
 
কাব্যিক প্ৰতিভাঃ হাছান বিন ছাবিৎ এজন স্বভাৱ কবি আছিল আৰু মুখে মুখে বহুতো কবিতা ৰচনা কৰিছিল । তেওঁৰ কবিতাসমূহক ৫ ভাগত শ্ৰেণীবিভাগ কৰিব পাৰি- ব্যঙ্গ কবিতা, শোক কবিতা, প্ৰশংসাসূচক কবিতা, প্ৰেমমূলক কবিতা আৰু হৰ্ষোদ্বীপক কবিতা।
 
হাছান বিন ছাবিতে দুই হেজাৰতকৈ অধিক ব্যঙ্গ আৰু শোক কবিতা ৰচনা কৰিছিল। তেওঁ তিনি শাৰীৰ পৰা বিশ শাৰীৰ ভিতৰত প্ৰায় এহেজাৰ কবিতা ৰচনা কৰিছিল বুলি উল্লেখ পোৱা যায়। সেইবোৰ কবিতা আবু ছুফিয়ান, ইবন আল-জিবাৰা, আমৰ বিন আল-আছ, হাতিম বিন হিশ্বাম আৰু আবু জেহেলক ব্যঙ্গ কৰি ৰচনা কৰিছিল। তেওঁ সিহঁতক বান্দৰ, ছাগলী, উৰহ পোক আৰু শিয়ালৰ লগত তুলনা কৰি সিহঁতক তুচ্ছ কৰিছিল।
 
তেওঁৰ শোক কবিতাবোৰ বদৰ, উহুদ আদি যুদ্ধত শ্বহীদ হোৱা যোদ্ধাসকলকৰ ওপৰত ৰচিত হৈছিল। তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ মৃত্যুত শোক কৰি এটি ডাঙৰ কবিতা ৰচনা কৰিছিল।  ইয়াৰ উপৰিও তেওঁ হজৰত ওছমান (ৰাঃ), হজৰত ওমৰ (ৰাঃ), হামজা বিন আব্দুল মুত্তালিব আদি ব্যক্তিৰ ওপৰতো শোক কবিতা ৰচনা কৰিছিল।
 
কিছুমান কবিতাত তেওঁৰ নিজৰ গোত্ৰৰ গুণ আৰু গৌৰৱ বৰ্ণনা কৰিছিল।
 
ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আগতে হাছান বিন ছাবিতে বহুতো প্ৰেমৰ কবিতা ৰচনা কৰিছিল আৰু সেইবোৰ কবিতাত নাৰীৰ কমনীয় সৌন্দৰ্যৰ বৰ্ণনা পোৱা যায়।
 
ধৰ্মান্তৰিত হোৱাৰ পিছত তেওঁ ৰচনা কৰা কবিতাবোৰ সম্পূৰ্ণৰূপে ইছলামী দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। এটি কবিতাত তেওঁ লিখিছে–
 
“O Lord, you have been exalted from those who believe in other gods else.
You are only having the whole creativity, blessings, and the entire matter. 
We are only guided by you and thee (alone) we worship.”
 
(হে প্ৰভু, যিসকলে আন দেৱতাক বিশ্বাস কৰে, সেইসকলৰ পৰা আপোনাৰ স্থান অতি উচ্চ আৰু মৰ্যদাশীল
 
অকল আপোনাৰেই আছে সকলো সৃষ্টিশীলতা, আশীৰ্বাদ আৰু সমগ্ৰতা
 
আমি অকল আপোনাৰ দ্বাৰাই পৰিচালিত আৰু আমি অকল আপোনাকেই উপাসনা কৰো।’)
 
তেওঁৰ কবিতাৰ ভাষা আছিল  স্পষ্ট, গহীন আৰু অলংকাৰপূৰ্ণ। তেওঁৰ কোনো কোনো কবিতাত অপৰিচিত আৰু জটিল শব্দৰ প্ৰয়োগো লক্ষ্য কৰা যায়। 
 
মুঠতে হাছান বিন ছাবিতে প্ৰাথমকি ইছলামী যুগত কবিতাৰ জৰিয়তে ইছলাম ধৰ্ম আৰু নবীজীক প্ৰতিনিধিত্ব কৰাৰ লগতে কবিতাৰ জৰিয়তে নবীজীক অনা-মুছলমান শত্রূৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল। প্ৰাথমিক ইছলামী যুগৰ কবিসকলৰ ভিতৰত তেওঁ নিঃসন্দেহে এজন প্ৰথম শ্ৰেণীৰ কবি আছিল। কিন্তু দুখৰ বিষয় যে সংৰক্ষণৰ অভাৱত তেওঁৰ বহুতো কবিতা কালৰ বুকুত হেৰাই গৈছে। আৰবী ভাষা আৰু সাহিত্যৰ বাবে এয়া এক অপূৰণীয় ক্ষতি। 

আমৰ খান্‌ছা (Amor Khansa)

প্ৰাক-ইছলামী যুগত আৰবী কাব্য সাহিত্যই অভাৱনীয় বিকাশ লাভ কৰিছিল আৰু এইক্ষেত্ৰত পুৰুষ কবিসকলৰ লগতে ভালেমান মহিলা কবিয়েও উল্লেখযোগ্য বৰঙনি আগবঢ়াইছিল। কিন্তু পুৰুষ কবিসকলৰ সংখ্যাৰ তুলনাত নাৰী কবিৰ সংখ্যা কম আছিল যদিও এই সংখ্যা একেবাৰে নগন্যও নাছিল। ইতিহাসত প্ৰমাণ পোৱা যায় যে প্ৰাক-ইছলামী যুগত  অৰ্থাৎ ৫০০ খ্ৰীষ্টাব্দৰ পৰা ৬২২ খ্ৰীষ্টাব্দৰ ভিতৰত ষাঠিজনীতকৈয়ো অধিক মহিলা কবিৰ অস্তিত্ব আছিল আৰু সিহঁতে পুৰুষ কবিসকলৰ পাশা-পাশি কাব্য চৰ্চা কৰি বিভিন্ন অনুষ্ঠানতো কবিতা পৰিৱেশন কৰিছিল।  প্ৰবাদ আছে যে আব্বাচীয় যুগৰ কবি আবু নুৱাছে প্ৰাক-ইছলামী যুগৰ ষাঠিজনী আৰবী মহিলা কবিৰ কবিতা মুখস্থ কৰিছিল। ইয়াৰ উপৰি আবু তাম্মাম আৰু আল-বুহতাৰিয়ে সংকলন কৰা ‘দিবানুল হামাছা’ গ্ৰন্থত কেইবাজনী মহিলা কবিৰ কবিতাও সংকলিত হৈছিল। ইয়াৰ পৰা অনুমান কৰিব পৰা যায় যে সেই যুগত মহিলা কবি আছিল আৰু  সিহঁতৰ সংখ্যা একেবাৰে কম নাছিল। সিহঁতেও আৰবী কাব্য সাহিত্যৰ বিকাশত যথেষ্ট অৰিহনা যোগাইছিল। কিন্তু দুখৰ বিষয় যে সংৰক্ষণৰ অভাৱত সেইসকল কবিৰ কবিতা ইতিহাসৰ পাতৰ পৰা হেৰাই গৈছে। এয়া নিশ্চয় আৰবী সাহিত্যৰ বাবে অপূৰণীয় ক্ষতি। যিয়েই নহওঁক কিয়, প্ৰাক-ইছলামী আৰু প্ৰাথমিক ইছলামী যুগৰ বহুতো মহিলা কবিৰ ভিতৰত যিসকলৰ নাম ইতিহাসৰ পাতত পোৱা যায় সেইসকলৰ ভিতৰত আমৰ খানচা, খিৰনিক, লায়লা আফিফা, জলিলা বিনতে মূৰৰা আদিৰ নাম উল্লেখযোগ্য। তলত আমৰ খানচাৰ চমু পৰিচয় আৰু তাইৰ কাব্য প্ৰতিভাৰ আভাস দিয়া হ’ল-
 
চমু পৰিচয়ঃ আমৰ খানচাৰ সম্পূৰ্ণ নাম আছিল তুমাদিৰ বিনতে আমৰ খানচা, সংক্ষেেপ আল খানচা।  তেওঁ প্ৰাক-ইছলামী যুগ আৰু প্ৰাথমিক ইছলামী যুগ-এই দুয়ো যুগৰে কবি আছিল। এইজনী মহিলা কবিয়ে নজদত বসবাস কৰা ছলীম গোত্ৰত জন্ম গ্ৰহণ কৰিছিল। তাইৰ জন্ম কাল সঠিককৈ জনা নাযায় যদিও তাই ৫৭৫ খৃঃত বা তাৰ ওচৰা-ওচৰি সময়ত জন্ম গ্ৰহণ কৰিছিল বুলি ঠাৱৰ কৰা হৈছে। মুঠতে তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ সমসাময়িক আছিল। তেওঁ সুন্দৰ শাৰীৰিক গঠনৰ অধিকাৰিণী আছিল আৰু চৰিত্ৰৰ দিশতো উত্তম আছিল। তাই দুবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছিল আৰু ছয়জন সন্তানৰ মাতৃ হৈছিল। তাইৰ সন্তানসকলৰ  আটাইকেইজন কবি আছিল বুলি প্ৰবাদ আছে। তেওঁ প্ৰধানকৈ শোক কবিতা ৰচয়িতা আছিল আৰু গোষ্ঠীদ্বন্দ্বত নিহত হোৱা তাইৰ দুই ভায়েকৰ মৃত্যুত শোক কৰি সৰু সৰু শোক কবিতা ৰচনা কৰিছিল। তাই মক্কাৰ উকাজ মেলাত কবি নাবিঘাৰ সন্মুখত কবিতা আবৃতি কৰিছিল আৰু তাইৰ কবিতা শুনি আপ্লুত হৈ নাবিঘাই মন্তব্য কৰিছিল, “যদি এই অন্ধ কবি (আ’শ্বা) তোমাৰ আগতে কবিতা আবৃতি নকৰিলেহেঁতেন, তোমাকেই আজি এই বছৰৰ শ্ৰেষ্ঠ কবি বুলি আখ্যায়িত কৰিলোহেঁতেন।”
 
তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ নবুয়ত প্ৰাপ্তিৰ কথা অৱগত হৈ তাইৰ দলৰ মানুহৰ লগত মদীনালৈ যায় আৰু ইছলাম গ্ৰহণ কৰে। তাই নবীজীকো তাইৰ ৰচিত কবিতা পাঠ কৰি শুনায়। হজৰত মহম্মদ (ছাঃ)য়ে তাইৰ কবিতা পাঠ শুনি মুগ্ধ হয় আৰু তাইৰ পৰা অধিক কবিতা আবৃতি শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
 
তাইৰ সন্তানসকলেও নবীজীৰ ওচৰত ইছলাম গ্ৰহণ কৰিছিল বুলি জনা যায় আৰু তাইৰ চাৰিপুত্ৰ কাদেছীয়াৰ যুদ্ধত ৬৩৭  খ্ৰীষ্টাব্দত নিহত হয়। যুদ্ধত চাৰিজন পুত্ৰ নিহত হোৱাৰ বাতৰি পাই আমৰ খানচাই কৈছিল, “সকলো প্ৰশংসা আল্লাহতায়ালাৰ যিজনে তেওঁলোকক নিহত হোৱাৰ দ্বাৰা মোক সন্মানিত কৰিছে।” এইজন কবিয়ে ৬৪৬ খ্ৰীষ্টাব্দত মৃত্যু বৰণ কৰে।
 
কাব্যিক প্ৰতিভাঃ আল খানচা শোক কবিতাৰ ৰচয়িতা হিচাপে বিখ্যাত হৈ আছে। তেওঁৰ ৰচনা কৰা কবিতাৰ সংখ্যা শতাধিক বুলি অনুমান কৰা হয় যদিও তাইৰ কবিতাৰ মাত্ৰ ১০০০ মান শ্লোকহে সংৰক্ষিত অৱস্থাত পোৱা যায়। তাইৰ সৰহভাগ কবিতা গোষ্ঠীদ্বন্দ্বত নিহত হোৱা তাইৰ দুই ভাই আৰু আত্মীয় স্বজনৰ ওপৰত শোক কৰি ৰচনা কৰা হৈছিল। তাইৰ কবিতাসমূহ আছিল চুটি চুটি কিন্তু গভীৰ মৰ্মস্পৰ্শী ভাবাবেগেৰে ভাৰাক্ৰান্ত। তাইৰ ভাষা আছিল প্ৰাঞ্জল, ছন্দোময় আৰু সৰল। তাইৰ কল্পচিত্ৰ আছিল সতেজ আৰু মনোমুগ্ধকৰ। তাইৰ কবিতাত কোনো অশ্লীলতা পোৱা নাযায়। তাইৰ কবিতাত ঈশ্বৰৰ মহত্ব, দয়াশীলতা আদিৰ প্ৰসংগ পোৱা যায় যদিও তাইৰ কবিতা সম্পূৰ্ণৰূপে ধৰ্মমূলক নাছিল। তাই কবিতাত তাইৰ ব্যক্তিগত জীৱনৰ শোক-দুখ, হাঁহি-কান্দোন, মৰুভূমিৰ ৰুক্ষ জীৱন সংগ্ৰাম আদিৰ চিত্ৰ অংকন কৰিছিল ।
 
সামৰিণত ক’ব পাৰি আমৰ খানচাই আৰবী শোক কবিতাক এক বিশিষ্ট সন্মানৰ শাৰীত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। প্ৰাক-ইছলামী তথা প্ৰাথমিক ইছলামী যুগৰ মহিলা কবিসকলৰ ভিতৰত তাই নিঃসন্দেহ এজনী মহান কবি আছিল। 

আল-হুতাইয়্যা (Al-Hutaia)

চমু পৰিচয়ঃ আৰবী মুখাদ্ৰিম কবিসকলৰ ভিতৰত অন্যতম এজন জনপ্ৰিয় কবি আছিল আল-হুতাইয়্যা। তেওঁৰ আচল নাম আছিল আবু মুলায়কা আল্‌জাৰোৱাল বিন আউচ। তেওঁ বানু আবছ গোত্ৰত এজনী দাসীৰ গৰ্ভত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ জন্ম কাল সঠিককৈ জনা নাযায়। কিন্তু অনুমান কৰা হয় যে তেওঁ ষষ্ট শতিকাৰ শেষ দহক বা সপ্তম শতিকাৰ প্ৰথম দহকত জন্ম গ্ৰহণ কৰিছিল।  এজনী দাসীৰ গৰ্ভত জন্ম হোৱা বাবে তেওঁ সৰু কালৰ পৰা মানুহৰ নিন্দা, ঘৃণা আৰু অৱহেলাৰ পাত্ৰ হৈছিল। তেওঁৰ চৰিত্ৰত সেই সময়ৰ সাধাৰণ আৰব এজনৰ গাত থকা সকলোবোৰ বেয়া স্বভাৱ আছিল। সৰু কালৰ পৰাই তেওঁক নিন্দা কৰা লোকসকলৰ প্ৰতি তেওঁৰ মনত এক বিতৃষ্ণা ভাৱৰ সৃষ্টি হৈছিল আৰু সেইসকলৰ ওপৰত প্ৰতিশোধ লোৱাৰ সংকল্পৰে কাব্য চৰ্চা আৰম্ভ কৰিছিল। তেওঁ জীৱনৰ প্ৰথমাৰ্ধত এজন পৌত্তলিক আছিল। পিছলৈ ইছলামৰ আৱিৰ্ভাব হোৱাৰ পিচত তেওঁৰ গোত্ৰৰ আন কেইজনমান লোকৰ সৈতে ইছলাম গ্ৰহণ কৰে। কিন্তু তেওঁ বেয়া অভ্যাসবোৰ বিসৰ্জন দিয়া নাছিল। জনা যায় যে তেওঁ হজৰত মহম্মদ (ছাঃ)ক জীৱনত সাক্ষাৎ পোৱা নাছিল। ৬৩২ খৃঃত হজৰত মহম্মদ (ছাঃ)ৰ ইন্তেকালৰ পিছত তেওঁ ইছলাম ধৰ্ম ত্যাগ কৰে আৰু ইছলামৰ বিৰুদ্ধাচৰণ কৰিবলৈ লয়। কিন্তু ইছলামৰ প্ৰথম খলিফা হজৰত আবু বকৰ (ৰাঃ)য়ে ইছলাম ত্যাগীসকলৰ বিৰুদ্ধে এক অভিযান চলায়। তেতিয়া আল হুতাইয়ে আকৌ ইছলাম ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে। দ্বিতীয় খলিফা হজৰত ওমৰ (ৰাঃ)ৰ ৰাজত্বকালছোৱাত তেওঁ জিবৰিকান ইবনেবদৰ নামৰ এজন কৰ আদায়কাৰী চৰকাৰী বিষয়াক নিন্দা কৰি কবিতা ৰচনা কৰি চৰকাৰৰ ৰোষত পৰে। পিছত ক্ষমা খুজি মুক্তি লাভ কৰে।  কবিতা ৰচনা কৰি আৰু কবিতা আবৃতি কৰিয়েই তেওঁ জীৱিকা উপাৰ্জন কৰিছিল। অৰ্থাৎ তেওঁ আছিল এজন বৃত্তিধাৰী কবি। এইজন কবিৰ ৬৭৪ খৃঃত মৃত্যু হয়।
 
কাব্য প্ৰতিভাঃ আল-হুতাইয়্যা এজন স্বভাৱ কবি আছিল আৰু আৰবী কবিতাৰ ইতিহাসত তেওঁ নিন্দাসূচক কবিতাৰ ৰচয়িতা বুলি বিখ্যাত হৈ আছে।  তেওঁৰ ৰচিত প্ৰায় ৯০০ মান কবিতা পোৱা গৈছে। তেওঁ কবিতাৰে তেওঁক ঘৃণা কৰা লোকসকলৰ ওপৰত প্ৰতিশোধ লৈছিল। তেওঁৰ ব্যঙ্গ কবিতাৰ পৰা পৰিচিত, অপৰিচিত, আত্মীয়, অনাত্মীয় কোনো লোক বাদ পৰা নাছিল। তেওঁ নিজৰ চেহেৰাকো নিন্দা কৰি কবিতা ৰচনা কৰিছিল।  এটি কবিতাত তেওঁ লিখিছিল–
 
“মই মোৰ মুখমণ্ডল দেখা পাওঁ
আল্লাহই ইয়াক কুৎসিত কৰি সৃষ্টি কৰিছে।
মোৰ অৱয়ব যেনে কুৎসিত 
তেনেদৰে মোৰ গৰ্ভধাৰিনীজনীও  কুৎসিত আছিল।”
 
উল্লেখ্য যে তেওঁ দুখীয়া লোকক নিন্দা কৰি কোনো কবিতা ৰচনা কৰা নাছিল। 
 
তেওঁৰ কিছুমান কবিতা স্তুতিমূলক আৰু প্ৰশংসামূলক আছিল। সেইবোৰ কবিতাত তেওঁক সহায় কৰা বা তেওঁৰ প্ৰতি সহানুভূতি দেখুওৱা লোকসকলক প্ৰশংসা কৰি গুণ-কীৰ্তন কৰিছল। তেওঁ আবু মুছা আল-আনছাৰী, আল ওৱালিদ বিন উকবা, চৈয়দ বিন আল আচ, উয়িনা বিন হিছন আদি নেতৃত্বস্থানীয় ব্যক্তিকসলক প্ৰশংসা কৰি কবিতা ৰচনা কৰি সিহঁতৰ সহানুভূতি আৰু পুৰস্কাৰ লাভ কৰিছিল।
 
তেওঁ কিছু প্ৰেমৰ কবিতাও ৰচনা কৰিছিল। প্ৰেমৰ কবিতাবোৰত নাৰীদেহৰ কাব্যিক বৰ্ণনা পোৱা যায়। তেওঁৰ কবিতাত নাৰীদেহৰ অংগ-প্ৰতঙ্গ যেনে -ডিঙি, তপিনা, নাক, কাণ, চুলি, মুখমণ্ডল, হাঁহি আদিৰ মোহনীয় বৰ্ণনা আছে। তেওঁৰ কল্পচিত্ৰ আছিল কল্পনাপ্ৰৱণ আৰু চিত্তাকৰ্ষক।
 
তেওঁ প্ৰাথমিক ইছলামী যুগৰ কবি যদিও তেওঁৰ কবিতাত ইছলামী দৰ্শনৰ প্ৰভাৱ অতি ক্ষীণ।
 
তেওঁৰ কবিতা আছিল ছন্দোবদ্ধ। শব্দৰ সুষম ব্যৱহাৰ তেওঁৰ কবিতাৰ এক লক্ষণীয় বিষয় যদিও তেওঁ বহু কবিতাত অপৰিচিত শব্দও ব্যৱহাৰ কৰিছিল।
 
আৰবী কবিতাৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত তেওঁৰ অৱদানো যথেষ্ট। তেওঁক মুখাদ্ৰিম কবিসকলৰ ভিতৰত অন্তিমজন কবি বুলি কোৱা হয়।

আমৰ ইবনে মাদীকৰিব (Amor Ibne Madi’karib)

আমৰ ইবনে মাদীকৰিব আছিল প্ৰাক-ইছলামী আৰু প্ৰাথমিক ইছলামী উভয় যুগৰ (মুখাদ্ৰাম) কবি, তেজস্বী বক্তা আৰু বীৰ যোদ্ধা। তেওঁ ইয়ামনত এটি পৌত্তলিক পৰিয়ালত ৫৩৩ খৃঃত জন্ম গ্ৰহণ কৰে। তেওঁৰ শাৰীৰিক গঠন আছিল অতি বিশালাকাৰ আৰু গলৰ সুৰ আছিল উচ্চ। তেওঁৰ শৈশৱকাল বেদুইন সমাজৰ উচ্ছৃঙ্খলতা, খেলা-ধূলা, আনন্দোল্লাস আৰু আমোদ-প্ৰমোদৰ মাজত পাৰ হয়।  জীৱনৰ সৰহভাগ কাল তেওঁ পৰম্পৰাগৰ পৌত্তলিক ধৰ্মত বিশ্বাসী আছিল যদিও হজৰত মহম্মদ (ছাঃ) য়ে মদীনালৈ হিজৰত কৰাৰ পিছত ৬৩১ খৃঃত তেওঁ নিজ গোত্ৰৰ কেইজনমান লোকৰ সৈতে মদীনালৈ গৈ  নবীজীৰ ওচৰত ইছলাম ধৰ্ম গ্ৰহণ কৰে। ইছলাম গ্ৰহণ কৰিছিল যদিও তেওঁ বেদুইন জীৱনৰ উচ্ছৃঙ্খলতা এৰিব পৰা নাছিল। তেওঁ আছিল অতি ভোজনবিলাসী। তেওঁ ইছলামৰ গ্ৰহণৰ এবছৰ পিছত মহানবী (ছাঃ)য়ে ইন্তেকাল কৰে। তেতিয়া তেওঁৰ মতিভ্ৰম হয় আৰু ইছলাম ধৰ্ম ত্যাগ কৰি পুনৰ পৌত্তলিক ধৰ্ম বিশ্বাসত উভতি যায় আৰু ভণ্ডনবী আসৱাদ আল আনছাৰীৰ প্ৰৰোচনাৰ চিকাৰ হয় আৰু ৰিদ্দাৰ যুদ্ধত ইছলামৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰে। কিন্তু যুদ্ধত মুছলমান বাহিনীৰ হাতত বন্ধী হৈ কাৰাগাৰত নিক্ষেপিত হয়। পিছত খলিফা হজৰত আবু বকৰ (ৰাঃ)ৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি মুক্তি লাভ কৰে আৰু পুনৰ ইছলাম ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰে।  ইয়াৰ পিছত তেওঁ হজৰত আবুবকৰ (ৰাঃ) আৰু হজৰত ওমৰ (ৰাঃ) ৰ সময়ত মুছলমান বাহিনীৰ হৈ বহুতো যুদ্ধত বীৰ বিক্ৰমে অংশ গ্ৰহণ কৰে। ৬৩৭ খৃঃত ১১০ বছৰ বয়সত তেওঁ কাছেদিয়াৰ যুদ্ধত অংশ গ্ৰহণ কৰি অসীম বীৰত্বৰে যুদ্ধ কৰি ইছলামৰ বিজয়ৰ পথ প্ৰশস্ত কৰে। কথিত আছে যে যোদ্ধা হিচাপে তেওঁ আছিল অকলেই এহেজাৰ যোদ্ধাৰ সমান। খলিফা হজৰত ওমৰ (ৰাঃ) বহু সময়ত যুদ্ধ-কৌশল সম্পৰ্কে তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছিল।
 
তেওঁ যুদ্ধক্ষেত্ৰত অসাধাৰণ বীৰত্বৰ পৰিচয় দিছিল আৰু এজন বীৰ যোদ্ধা হিচাপে তেওঁৰ নাম চাৰিওদিশে ৰৈ বৈ গৈছিল।  সমসাময়িক আৰু পৰৱৰ্তী যুগতো বহু কবিয়ে তেওঁৰ বীৰত্বৰ গুণ-গান কৰি বহু কবিতা ৰচনা কৰিছিল।
 
৬৪২-৪৩ খৃঃত তেওঁ নেহাওৱান্দেৰ যুদ্ধত অংশ গ্ৰহণ কৰে আৰু অসীম বীৰত্বৰে যুদ্ধ কৰি অৱশেষত তেওঁ শত্রূৰ হাতত যুদ্ধক্ষেত্ৰতে নিহয় হয়।
 
কাব্যিক প্ৰতিভাঃ আমৰ ইবনে মাদী কাৰিব আছিল এজন স্বভাৱ কবি। তেও ৰচনা কৰা কবিতাৰ সংখ্যা যথেষ্ট নাছিল যদিও সেইবোৰৰ সৰহভাগ কবিতা আছিল বক্তৃতাধৰ্মী। তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু আছিল যুদ্ধ আৰু বীৰত্বৰ বৰ্ণনা। তেওঁৰ বৰ্ণনা আছিল বস্তুনিষ্ঠ আৰু নিৰেপক্ষ। তেওঁ কোনো ব্যক্তিৰ গুণ-গান কৰোতে কেতিয়াও অতিৰঞ্জিত কৰা নাছিল। তেওঁ বেদুইন জাতিৰ সাহসিকতা অতি সাৱলীলভাৱে তেওঁৰ কবিতাত মূৰ্ত কৰি তুলিছিল। কোনো কোনো কবিতাত তেওঁ নিজৰ বীৰত্বৰ বিষয়েও বৰ্ণনা কৰিছে। এটি কবিতাত তেওঁ লিখিছেঃ
 
“দেখা পাওঁ, অশ্বাৰোহী সৈন্য আহে বক্ৰ পথত
যেনেকৈ স্ৰোতস্বিনী প্ৰৱাহিত হয় শস্য খেতিত
প্ৰথমে হেঁচা খায় মোৰ অন্তৰ
পিছ মূহুৰ্ততে  মনক ঠেলি দিও আগলৈ
সাহস উভতাই পায় মন, দূৰ হৈ যায় ভয়।”
 
তেওঁৰ কিছুমান কবিতাৰ বিষয়বস্তু প্ৰেম। প্ৰেমৰ কবিতাবোৰত নাৰীদেহৰ সৌন্দৰ্যৰ বৰ্ণনা আছে যদিও তেওঁ নাৰী সৌন্দৰ্যৰ বন্দনা কৰা নাই। তেওঁ নাৰীৰ বিষয়ে লিখোতে সদায় শালীনতা বজাই ৰাখিছিল।
 
তেওঁৰ কোনো কোনো কবিতাত দাৰ্শনিক অভিব্যক্তি প্ৰকাশ পাইছে, যেনে –
 
“তুমি কিয় সুন্দৰ পোছাকেৰে নিজকে কৰা সজ্জ্বিত
জানি লোৱা সৌন্দৰ্য কেতিয়াও পোছাকত নহয় বিকশিত
সৌন্দৰ্য হৈছে সেই সকলো গুণাৱলীৰ খনি
সি মহত্ব আৰু ভাল কামৰ উত্তৰাধিকাৰী।”
 
তেওঁৰ কিছুমান কবিতাত কোৰানৰ আয়াতৰ সুৰ আৰু ঝংকাৰৰ প্ৰতিফলন আছে। তেওঁৰ কিছুমান কবিৰ কবিতাৰ পংক্তি আছিল সৰু সৰু আৰু জ্ঞানগৰ্ভী প্ৰবাদ বাক্যৰ দৰে। উদাহৰণস্বৰূপে তলত  দিয়া পংক্তি কেইটা উল্লেখ কৰিব পাৰিঃ
 
(ক) যি কাম কৰাৰ সামৰ্থ নাই সেয়া ত্যাগ কৰা।
(খ) কাম সৰু বা ডাঙৰ হওঁক অতি আগ্ৰহৰে কৰা।
 
তেওঁৰ ভাষা আছিল গহীন, ভাৱ আছিল গম্ভীৰ আৰু বৰ্ণনা আছিল সৰল আৰু তেজস্বী, কল্পচিত্ৰ আছিল চিন্তাগধুৰ।
 
তেওঁৰ কবিতাৰ সংখ্যা কম আছিল যদিও তেওঁ মুষ্ঠিমেয় কবিতাৰেই আৰবী ভাষা আৰু সাহিত্যৰ বিকাশত অৱদান আগবঢ়াইছিল। 

কা’ব বিন জুহাইৰ (Ka’b bin Juhair)

চমু পৰিচয়ঃ কা’ব বিন জোহাইৰ মুখাদ্ৰিম কবিসকলৰ ভিতৰত এজন বিখ্যাত আৰু জনপ্ৰিয় কবি আছিল। তেওঁ নজদৰ মোজাইনা গোত্ৰৰ এক কবি পৰিয়ালত জন্ম গ্ৰহণ কৰে। তেওঁৰ জন্ম তাৰিখ সঠিককৈ জনা নাযায় যদিও তেওঁ ষষ্ঠ শতাব্দীৰ মাজ ভাগত জন্ম গ্রহণ কৰে  বুলি অনুমান কৰা হয়। তেওঁৰ  পিতাক জুহায়েৰ বিন আবু ছালমা আছিল প্ৰাক-ইছলামী যুগৰ এজন বিখ্যাত কবি। তেওঁৰ মাক কাবাশাহ বিনতে আম্মাৰ বিন আদী আছিল  ঘাতফান গোত্ৰৰ বনু সোহায়ম গোত্ৰৰ কন্যা। কা’ব এনে এক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল যি পৰিয়ালৰ সকলোৱে কবি আছিল। সেয়ে তেওঁ অতি সৰু কালৰ পৰাই কবিতাৰ প্ৰতি আকৰ্ষিত হয় আৰু কাব্য ৰচনা কৰিবলৈ লয়। অতি কম বয়সতে কাব্য ৰচনাত হাত দিয়া বাবে তেওঁৰ দেউতাকে তেওঁক কাব্য চৰ্চাৰ পৰা বিৰত থাকিবলৈ আদেশ কৰে। তেওঁৰ ভয় হৈছিল যে তেওঁৰ পুত্ৰই অপৰিপক্ক বয়সত কবিতা ৰচনা কৰিলে কবিতাৰ মান নিম্ন হ’ব আৰু ইয়ে সিহঁতৰ বংশৰ মৰ্যদা হ্রাস কৰিব। কিন্তু কা’ব বিন জোহায়েৰ দেউতাকৰ নিষেধাজ্ঞা অমান্য কৰি কাব্য চৰ্চা অব্যাহত ৰাখে। ফলত দেউতাকে তেওঁক বন্ধী কৰি ৰাখি শাস্তি প্ৰদান কৰে। তথাপি তেওঁ কাব্য চৰ্চা চলাই যোৱাত দেউতাকে তেওঁক ঘৰৰ পৰা বহু দূৰত মৰুভূমিৰ মাজলৈ লৈ গৈ তাতে কেইশাৰী মান কবিতা ৰচনা কৰি মাজত খালি ঠাই ৰাখি সেইখিনি তেওঁক পূৰণ কৰিবলৈ আদেশ দিয়ে। তেতিয়া কা’ব বিন জোহায়েৰে নিজে কবিতাৰ পংক্তি ৰচনা কৰি খালী ঠাই পূৰণ কৰে। পুত্ৰই ৰচনা কৰা কবিতৰ পংক্তিকেইটা পঢ়ি পিতাক সন্তুষ্ট হয় আৰু সেইদিনৰ পৰা তেওঁক কাব্য ৰচনা কৰাৰ অনুমতি দিয়ে।
 
জোহায়েৰ এক পৌত্তলিক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল আৰু জীৱনৰ সৰহভাগ সময়ত ইছলামৰ বিৰোধীতা কৰি কবিতা ৰচনাৰে ইছলামৰ বিৰুদ্ধে কোৰায়েশসকলক উদ্বুদ্ধ কৰিছিল। আনকি তেওঁ হজৰত মহম্মদ (ছাঃ)কো নিন্দা কৰি কবিতা ৰচনা কৰিছিল। তেওঁৰ দেউতাক আবি ছালমা পৌত্তলিক পৰিয়ালত জন্ম গ্ৰহণ কৰিলেও তেওঁ একেশ্বৰবাদত বিশ্বাসী আছিল আৰু এদিন সপোনত নবীৰ জন্ম সম্পৰ্কে গম পাই তেওঁৰ পুত্ৰকসকলক নবীৰ ধর্ম অনুসৰণ কৰিবলৈ আছিয়ত কৰি যায়।
 
হজৰত মহম্মদ (ছাঃ)ৰ হিজৰত পিছত ৬৩০ খৃঃত কা’ব বিন জোহায়েৰে তেওঁৰ ভায়েক বোজাইৰ সৈতে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ মদীনাকৈ যাত্ৰা কৰে। কিন্তু মাজ বাটত জোহায়েৰে নিজে  মদীনালৈ নগৈ ভায়েক বুজায়েৰক নবী আৰু তেওঁৰ ধৰ্মমতৰ বিষয়ে জানিবলৈ হজৰত মহম্মদ (ছাঃ)ৰ ওচৰলৈ পঠাই দিয়ে। বোজাইৰে তেওঁৰ বাল্য বন্ধু আবু বকৰ (ৰাঃ)ক লগ ধৰি নবীজীক সাক্ষাৎ কৰে আৰু নবীজীৰ ব্যক্তিত্ব আৰু ধৰ্মমতত মোহিত হৈ ইছলাম গ্ৰহণ কৰে। ভায়েক বোজাইৰে ইছলামত দীক্ষিত হোৱাৰ বাতৰি পাই জোহায়েৰ অতিপাত খং কৰে আৰু ইছলাম ধৰ্ম আৰু নবীক নিন্দা কৰি কবিতা ৰচনা কৰে। পিছত নবীয়ে মক্কা বিজয় কৰাৰ পিছত ইছলামৰ ঘোৰ বিৰোধী কেইজনমানক মৃত্যদণ্ডৰ আদেশ দিয়ে । সেইসকলৰ ভিতৰত কা’ব বিন জোহাজেৰো আছিল। পিছত তেওঁৰ ভায়েক বোজাইৰ পৰামৰ্শ মতে নবীজীৰ ওচৰলৈ গৈ ক্ষমা খোজে আৰু ইছলাম ধৰ্মত দীক্ষিত হয় আৰু তাতে ইছলাম আৰু নবীক প্ৰশংসা কৰি কবিতা ৰচনা নবীজীৰ সন্মুখত সেয়া পাঠ কৰে। তেওঁৰ কবিতা পাঠ শ্ৰৱণ কৰি নবীজী বিমুগ্ধ হয় আৰু তেওঁক নিজৰ গাৰ চাদৰ দান কৰে। ইয়াৰ পিছত নবীজী জীয়াই থকালৈকে তেওঁ সদায় নবীৰ সংগত দিন নিয়াইছিল। পিছত তেওঁ ইছলামৰ হৈ কেইবাখনো যুদ্ধত অংশ গ্ৰহণ কৰি ইছলামৰ বিজয়ত অৱদান আগবঢ়াইছিল। ইছলাম গ্ৰহণৰ পিছত তেওঁ কাব্য চৰ্চাৰ প্ৰতি অমোনোযোগী হৈছিল আৰু খুব কম কবিতাহে ৰচনা কৰিছিল।
 
তেওঁ এশ বছৰতকৈয়ো অধিক কাল জীয়াই থাকি ইছলামৰ সেৱা কৰি ৬৪৭ খৃঃত মৃত্যু বৰণ কৰে।
 
কাব্য প্ৰতিভাঃ কা’ব বিন জোহাইৰ আছিল প্ৰাক-ইছলামী আৰু প্ৰাথমিক ইছলামী-দুয়ো যুগৰ কবি। তেওঁৰ সৰহভাগ কবিতা প্ৰাক-ইছলামী যুগতে ৰচিত হৈছিল বাবে তেওঁৰ কবিতাত প্ৰাক-ইছলামী যুগৰ কবিতাৰ বৈশিষ্ট্য বিদ্যামান। ইছলাম ধৰ্ম গ্ৰহণৰ পিছত ৰচিত কবিতাবোৰতহে ইছলামী দৰ্শন প্ৰকাশ পাইছিল।
 
তেওঁ ৰচনা কৰা কবিতাৰ সংখ্যা বহুত আছিল যদিও সৰহভাগ কবিতা সংৰক্ষণৰ অভাৱত হেৰাই গৈছে। বৰ্তমানলৈকে তেওঁৰ মাত্ৰ ত্ৰিশটামান কবিতাহে পোৱা যায়। তেওঁৰ কবিতা অধ্যয়ন কৰিলে দেখা যায় যে তেওঁৰ কবিতাৰ বিষয়বস্তু আছিল শত্রূৰ প্ৰতি নিন্দা-ভৰ্ৎনা, বীৰপুৰুষকলৰ প্ৰতি প্ৰশংসা, যুদ্ধ-বিগ্ৰহ, জীৱ-জন্তু, প্ৰেম আদি। তেওঁৰ কবিতাত সেইসময়ৰ সমাজ ব্যৱস্থা, ৰাজনীতি, ধৰ্ম ব্যৱস্থা আদিও মূৰ্ত হৈ উঠিছে।
 
ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হোৱাৰ আগতে লিখা কবিতাবোৰ প্ৰায়েই নিন্দাসূচক আৰু সেইবোৰত তেওঁ ইছলাম, নবী আৰু তেওঁৰ গোত্ৰীয় শত্রূসকলক নিন্দা কৰিছিল।
 
তেওঁৰ বহুতো কবিতাত উট, ঘোঁৰা, গাধ আদিৰ প্ৰসংগ আছে।  এটি কবিতাত তেওঁ আৰোহন কৰা উটৰ বৰ্ণনা দিছে এনেদৰেঃ
 
“সবল আৰু তেজস্বী মোৰ উষ্ট্ৰী
সন্মুখলৈ ধাৱমান, ক্ষিপ্ৰ তাৰ গতি
ই অতিক্ৰম কৰে মৰুভূমিৰ উত্তপ্ত বালি
চিহ্নবিহীন পথৰ ওপৰত থাকে তাৰ দৃষ্টি।”
 
তেওঁৰ প্ৰেমৰ কবিতাসমূহ কাছিদা আৰ্হিত ৰচিত আৰু সেইবোৰ কবিতাত তেওঁৰ পূৰ্বৰ ইমৰাউল কাইচ, আল নাবিঘা আদি কবিৰ প্ৰভাৱ বিদ্যমান। তেওঁ প্ৰেমৰ কবিতা প্ৰেয়সীৰ পৰিত্যক্ত বাসগৃৰ বৰ্ণনাৰে আৰম্ভ কৰি প্ৰেয়সীৰ ৰূপ লাৱণ্যৰ বৰ্ণনা দিছে। তেওঁ প্ৰেয়সীক ছলনাকাৰী, প্ৰতাৰক, প্ৰতিজ্ঞা ভংগকাৰী হিচাপে অংকন কৰিছে। এটি কবিতাত তেওঁ লিখিছেঃ
 
“প্ৰেয়সী মোৰ চঞ্চলা, অস্থিৰ, 
ধাৰণ কৰে বহুৰূপ প্ৰেতাত্মাৰ দৰে
মিথ্যাৰ নামান্তৰ অংগীকাৰ কৰে বাৰে বাৰে
তাইৰ প্ৰতি মোৰ আশা, মোৰ ভৰসা ভ্ৰান্তিময়
যদিও মই চাই থাকো তাইলৈ হৈ তন্ময়।”
 
তেওঁৰ এটি বিখ্যাত কবিতা হৈছে ‘বানাত ছুৱাদ’ (কাচিদা)। কবিতাটি তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ প্ৰশংসা কৰি ৰচনা কৰিছিল। উদাৰহণস্বৰূপ তলৰ পংক্তিকইেটা উদ্ধৃত কৰা হ’লঃ
 
“আমি  এনে এজন মহাপ্ৰাণ ব্যক্তিৰ কৰতলত
মোৰ দক্ষিণ হাত স্থাপন কৰিছো
…………………….
নিশ্চয় আল্লাহৰ ৰছুল এক চকচকীয়া তৰোৱাল
যি হিন্দুস্থানী লোৰ দ্বাৰা নিখুঁতভাৱে তৈয়াৰী
শুভ্ৰ আৰু নিষ্কলংক।”
 
কা’ব বিন জোহায়েৰৰ আন এক বিখ্যাত কবিতা হৈছে ‘কাশ্বিদাতুল বোৰদা’। এই কবিতাটি বৰ্ণনামূলক। কবিতাটিত ঊনষষ্টিটা পংক্তি আছে। ইয়াৰ প্ৰথম  বাৰ (১২) পংক্তি লিখা হৈছে ভূমিকাস্বৰূপ। ইয়াৰ তেৰ পংক্তিৰ পৰা একত্ৰিশ পংক্তি পৰ্যন্ত কবিয়ে নিজৰ বাহনস্বৰূপ ব্যৱহাৰ কৰা উষ্ট্ৰীৰ শাৰীৰিক বৰ্ণনা দাঙি ধৰিছে। বত্ৰিশ পংক্তিৰ পৰা বাৱন্ন পংক্তি পৰ্যন্ত নবী মহম্মদ (ছাঃ)ৰ প্ৰতি কবিৰ ক্ষমা প্ৰাৰ্থনা আৰু পিছৰ পংক্তিবোৰত নবীৰ চাহাবা আৰু মোজাহিদসলকৰ প্ৰশংসা কৰিছে। বিষয়ৰ শ্ৰেষ্ঠত্ব, বৰ্ণনাৰ সাৱলীলতা, আবেগৰ গভীৰতা, ভাষাৰ সৌন্দৰ্য, ছন্দৰ মাধৰ্য, কাব্যিক কলা-কুশলতা, শব্দৰ বিন্যাস, ধৰ্মৰ উন্মাদনা আৰু অৰ্থৰ ব্যঞ্জনাৰ দিশত কবিতাটি আৰবী কাব্য সাহিত্যৰ এক অতুলনীয় সম্পদ বুলি ক’ব পাৰি।
 
কা’ব বিন জোহেয়ৰৰ কবিতাৰ ভাষা তেজস্বী, ভাৱোদ্বীপক আৰু উত্তেজনাপূৰ্ণ। তেওঁৰ কবিতাত উভৈনদী উপমা অলংকাৰৰ ব্যৱহাৰ দেখা যায়। তেওঁৰ কল্পচিত্ৰ অতি মনোৰম আৰু অভিনৱ। এটি কবিতাত তেওঁ প্ৰেয়সীৰ ৰূপ লাৱণ্যৰ কল্পচিত্ৰ অংকন কৰিছে এনেদৰেঃ
 
“তাইৰ শুভ্ৰ দাঁতৰাশি মদীৰা দ্বাৰা বিধৌত
বৰফৰ দৰে সুশীতল 
উত্তৰৰ দিশৰ পৰা বলা
বায়ুৰ দ্বাৰা স্নিগ্ধ।”
 
তেওঁৰ কবিতাত সৰল আৰু জটিল শব্দৰ সমাহাৰ দেখা যায়।  কিছুমান কবিতাত অপৰিচিত শব্দও ব্যৱহাৰ কৰিছে যদিও তেওঁৰ কবিতাৰ বহুতো পংক্তি প্ৰবাদ বাক্যৰ দৰে উপদেশমূলক।
 
সামৰণিত ক’ব পাৰি, কা’ব বিন জোহাইৰ মুখাদ্ৰিম কবিসকলৰ ভিতৰত নিশ্চয় এজন উল্লেখযোগ্য কবি যিজনৰ কবিতাত প্ৰাক-ইছলামী যুগ আৰু প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ বৈশিষ্ট্য সমানভাৱে বিদ্যমান।

আবু জোৱায়েব আল হুজলী (Abu Juwayeb Al-Huzli)

চমু পৰিচয়ঃ আৰবী মুখাদ্ৰিম কবিসলকৰ মাজত এজন অন্যতম কবি আছিল আবু জোৱায়েব আল হুজলী। আৰবী কবিতাৰ ইতিহাসত তেওঁ শোক কবিতাৰ ৰচক হিচাপে বিখ্যাত হৈ আছে। তেওঁৰ জন্ম হৈছিল আৰবৰ হেজায প্ৰদেশৰ হুজায়েল গোত্ৰত ষষ্ট শতাব্দীৰ সপ্তম দহকত। এইজন কবিৰ ব্যক্তিগত জীৱনৰ বিষয়ে ইতিহাসত বিস্তাৰিত পোৱা নাযায়। তেওঁ আৰবৰ পৰম্পৰাগত পৌত্তলিক ধৰ্মমতত বিশ্বাসী আছিল। জনা যায় যে যৌৱনত তেওঁ নিজ গোত্ৰৰ এজনী যুৱতীৰ প্ৰেমত পৰে কিন্তু প্ৰেমত তেওঁ সফল হ’ব নোৱাৰি প্ৰেমৰ কবিতা ৰচনা কৰিবলৈ লয়। জীৱনৰ শেষ বয়সত তেওঁ ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হয় আৰু হজৰত মহম্মদ (ছাঃ)ৰ হাতত ইছলাম গ্ৰহণৰ অভিপ্ৰায়েৰে হেজায প্ৰদেশৰ পৰা মদীনালৈ যায়। কিন্তু দুখৰ বিষয় যে তেওঁ যিদিনা মদীনা পায়গৈ সেইদিনা অতি পুৱাই হজৰত মহম্মদ (ছাঃ)য়ে শেষ নিশ্বাস ত্যাগ কৰে। নবীৰ ইন্তেকালত তেওঁ ম্ৰিয়মান হয় আৰু হজৰত আবু বকৰ (ৰাঃ) ওচৰত ইছলাম গ্ৰহণ কৰি নবীজীৰ মৃত্যুত শোক কৰি এটি শোক কবিতা ৰচনা কৰে। ইছলাম গ্ৰহণৰ পিছত তেওঁ এজন আদৰ্শ মুছলমান হয় আৰু  ইছলামৰ সেৱাত নিজকে নিয়োজিত কৰে। হজৰত ওচমান (ৰাঃ)ৰ ৰাজত্বকালত ইছলামৰ আফ্রিকা অভিযানত তেওঁ পাঁচ পুত্ৰসহ সেনাবাহিনীত যোগ দিয়ে। কিন্তু শোকৰ বিষয় যে মিছৰত উপস্থিত হোৱাৰ পিচত তেওঁৰ পাঁচজন পুত্ৰ প্লেগ ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে। পুত্ৰ শোকত ম্ৰিয়মান  হৈয়ো তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা উভতি নাহি অগ্ৰসৰ হয় আৰু  সেই সময়ৰ ৰোমান সাম্ৰাজ্যৰ অন্তৰ্গত কাৰ্থেজৰ যুদ্ধত অসীম বীৰত্ব প্ৰদৰ্শন কৰি জয়ত জয়লাভ কৰে।
 
যুদ্ধ জয়ৰ পিছত সেনাপতি আব্দুল্লা বিন সা’দ বিন আবি সাৰহই তেওঁক যুদ্ধ জয়ৰ সংবাদবাহক হিচাপে মদীনালৈ প্ৰেৰণ কৰে। কিন্তু  মিছৰ পৰ্যন্ত অহাৰ পিছত যি ঠাইত তেওঁৰ পুত্ৰসকল সমাধিস্থ হৈছিল সেই ঠাইত তেওঁ হঠাৎ বেমাৰত পৰি ৬৪৯ খৃঃত মৃত্যু বৰণ কৰে। তেওঁৰ পাঁচ পুত্ৰৰ সমাধিস্থলতে তেওঁক সমাধিস্থ কৰা হয়। তেওঁৰ মায়েন বিন খোৱায়লেদ নামৰ এক পুত্ৰ সন্তান জীৱিত আছিল আৰু তেঁৱো এজন কবি হৈছিল।
  
কাব্যিক প্ৰতিভাঃ আবু জোৱায়েব আল হুজলীয়ে সৰু কালৰ পৰাই কাব্য ৰচনাত হাত দিছিল। তেওঁ প্ৰথম পৰ্যায়ৰ কবিতাবোৰ প্ৰেমমূলক আছিল আৰু প্ৰেমৰ কবিতাবোৰত ব্যৰ্থ প্ৰেমৰ দুখ-বেদনাৰ ছবি অংকিত হৈছে।
 
তেওঁৰ সৰহ সংখ্যক কবিতা হৈছে শোকগাঁথা। পঞ্চ পুত্ৰৰ মৃত্যুত শোক কৰি তেওঁ শোকগাঁথাসমূহ ৰচনা কৰিছিল।  শোক কবিতাৰ এটিত তেওঁ লিখিছেঃ
 
“বিদায় লৈছে মোৰ পুত্ৰসকল
আৰু মোক দি গৈছে অস্থিৰতা আৰু অশ্ৰু
যি নিগৰিত হৈ আছে বিৰামহীন ভাৱে।
…………
এনে হৈছে মোৰ চকুৰ অৱস্থা
যেনে কোনোৱাই খোচ মাৰি সোমাই দিছে কাঁইট
আৰু মই বৈ আছো তাৰ যন্ত্ৰণা সৰ্বদা।”
 
তেওঁৰ শোক কবিতাসমূহত মৃত্যু সম্পৰ্কে তেওঁৰ মনস্তত্ব আৰু দাৰ্শনিক ভাৱাধাৰও ফুটি উঠিছে। মৃত্যু সম্পৰ্কে তেওঁ কৈছেঃ
 
“মৃত্যুয়ে যেতিয়া দুহাত প্ৰসাৰিত কৰে
তেতিয়া কাম নিদিয়ে কোনো মাদুলিয়ে
মৃত্যুৰ ওপৰত ক্ৰন্দন কৰাটো নিচেই মূৰ্খতা
সকলোৰে জীৱনলৈ ই আহিব
আহিব মোৰ জীৱনলৈয়ো
মোৰ মুখ ঢাকি শুৱাই ৰাখি সকলোৱে ক্ৰন্দন কৰিব
তোমালোক সকলোৱে সেয়া শুনিবা
মাথো মইহে নুশুনো।”
 
তেওঁৰ কবিতাত প্ৰকৃতিৰ ৰূপ সৌন্দৰ্যৰ বৰ্ণনাও আছে। এটি কবিতাত তেওঁ মেঘবৰ্ষণৰ চমৎকাৰ কাব্যিক  বৰ্ণনা দাঙি ধৰিছে। আন এটি কবিতাত মৌমাখিয়ে মৌ সংগ্ৰহৰ বিৱৰণ আছে।
 
আবু জোৱায়েব আল হুজলী আছিল এজন স্বভাৱ কবি। সেয়ে স্বভাৱ কবিৰ কিছু দুৰ্বলতা তেওঁৰ কবিতাত বিদ্যামন। তেওঁৰ শব্দ চয়ন মাজে মাজে দুৰ্বল আৰু ভাৱ ওপৰুৱা। কিন্তু কবিতাৰ বিষয়বস্তুৰ বৰ্ণনাত তেওঁ আছিল সিদ্ধহস্ত। তেওঁৰ শোকানুভূতি আছিল অতি গভীৰ আৰু হৃদয় বিদাৰক। তেওঁৰ কল্পচিত্ৰত আছিল নতুনত্বৰ সোৱাদ।
 
সামৰণিত ক’ব পাৰি আবু জোৱায়েব আল হুজলী নিঃসন্দেহ মুখাদ্ৰিম কবিসকলৰ মাজত এজন ব্যতিক্ৰমধৰ্মী কবি যিজনে আৰবী শোক কবিতাক এক নতুন মাত্ৰা প্ৰদান কৰি আৰবী কাব্য সাহিত্যৰ ভঁৰাল চহকী কৰাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল। 

আবু মিহজান ছাকাফী (Abu Mihjan Sakafi)

চমু পৰিচয়ঃ আৰবী মুখাদ্ৰিম কবিসকলৰ এজন বহুল আলোচিত কবি হৈছে আবু মিহজান ছাকাফী। আৰবী সাহিত্যৰ ইতিহাসত তেওঁ ‘মদিৰাৰ কবি’ বুলি পৰিচিত। তেওঁ কেইবাখনো যুদ্ধত সৈনিক হিচাপে যোগদান কৰি নিজ অভিজ্ঞতাৰ ভিত্তিত বহুতো যুদ্ধৰ কবিতা ৰচনা কৰিছিল বাবে তেওঁক ‘সৈনিক কবি’ বুলিও কোৱা হয়।
 
তেওঁৰ  জন্ম হৈছিল আৰবৰ বিখ্যাত ছাকীফ বংশত। তেওঁৰ প্ৰকৃত নাম আছিল  আমৰ বিন হাবিব বিন আমৰ বিন ওমায়ৰ বিন আওফ বিন আকদা বিন আনাযা বিন আওফ বিন ছাকীফ। তেওঁৰ ডাক আৰু জনপ্ৰিয় নাম আছিল মিহজান ছাকাফী। তেওঁ ষষ্ঠ শতাব্দীৰ মাজ ভাগত জন্ম গ্ৰহণ কৰিছিল বুলি অনুমান কৰা হয়। তেওঁৰ পিতাকৰ নাম আছিল হাবিব বিন আমৰ আৰু মাতৃৰ নাম আছিল কুনুদ বিনতে আব্দুল্লা বিন আবদ শামছ। সৰু কালৰ পৰাই তেওঁ আছিল অতি দূৰন্ত, ৰুদ্ৰ প্ৰকৃতিৰ আৰু বয়স বাঢ়ি যোৱাৰ লগে লগে তেওঁ স্বাধীন আৰু বিশৃঙ্খল জীৱনত-যাপনত অভ্যস্ত হৈ পৰিছিল। তেওঁ অতিৰিক্ত সুৰাপানতো  অভ্যস্ত হৈছিল। অৱশ্যে তেওঁ যৌৱনত মল্লযুঁজ আৰু ধনুর্বিবদ্যাত  পাৰ্গত হৈ উঠে। ৬৩০ খৃঃত তেওঁ তায়েফৰ যুদ্ধত মুছলমানসকলৰ বিৰুদ্ধে বীৰত্ব সহকাৰে যুদ্ধ কৰে। কিন্তু  ৬৩১ খৃঃত ইছলামৰ একেশ্বৰবাদী বাণীত মুগ্ধ হৈ তেওঁৰ গোত্ৰৰ কেইজনমান লোকৰ সৈতে হজৰত মহম্মদ (ছাঃ)ৰ ওচৰলৈ গৈ ইছলাম ধৰ্মত দীক্ষিত হয়।  ইয়াৰ পিছত তেওঁ ইছলামৰ সেৱাত নিজকে নিয়োজিত কৰে।
 
ইছলাম ধৰ্মত দীক্ষিত হৈ তেওঁ খলিফা আবু বকৰ (ৰাঃ)ৰ ৰাজত্ব কালত বহু যুদ্ধত সৈনিক হিচাপে যোগদান কৰে আৰু যুদ্ধৰ বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত বহুতো কবিতা ৰচনা কৰে।  ইছলাম ধৰ্মত দীক্ষিত হ’লেও তেওঁ মদপান অভ্যাস এৰিব পৰা নাছিল। সেয়ে হজৰত ওমৰ (ৰাঃ) য়ে তেওঁক বন্ধী কৰি কাৰাগাৰত নিক্ষেপ কৰে। কথিত আছে যে ৬৩৫ খৃঃত সংঘটিত হোৱা কাছেদীয়াৰ যুদ্ধৰ সময়ত তেওঁ  ইছলামৰ সেনাপতি সা’দ বিন ওৱাক্কাছৰ ওচৰলৈ গৈ যুদ্ধত অংশ গ্ৰহণ কৰাৰ অনুমতি বিচাৰে। কিন্তু তেওঁ সেই সময়ত সুৰামত্ত আছিল বাবে তেওঁক যুদ্ধত অংশ গ্ৰহণ কৰিবলৈ অনুমতি দিয়াৰ পৰিৱৰ্তে কাৰাগাৰত শৃঙ্খলবদ্ধ কৰি ৰাখে। আবু মিহজান ছাকাফীয়ে কাৰাগাৰৰ পৰা যুদ্ধৰ পৰিস্থিতি লক্ষ্য কৰি আছিল। এটা সময়ত মুছলমান সৈন্যসকলৰ বিপৰ্যয় দেখি তেওঁ সেনাপতিৰ স্ত্ৰীক অনুনয় বিনয় কৰি কাৰাগাৰৰ পৰা ওলাই ‘বালকা’ নামৰ এটি সুন্দৰ ঘোঁৰাত আৰোহন কৰি বীৰ বিক্ৰমে যুদ্ধ ক্ষেত্ৰত জঁপিয়াই পৰে। তেওঁৰ যোগদানত যুদ্ধৰ পৰিস্থিতি মুছলমানসকলৰ পক্ষে যায় আৰু  কাছেদিয়াৰ যুদ্ধত মুছলমানসকলৰ জয় হয়।
 
কাদেছিয়াৰ যুদ্ধৰ পিছতো তেওঁ বহু দিন জীয়াই আছিল আৰু কেইবাখনো যুদ্ধত অংশ গ্ৰহণ কৰিছিল। এইজন সৈনিক কবিৰ মৃত্যু হয় ৬৫০ খৃঃত।
 
কাব্যিক প্ৰতিভাঃ আবু মিহজান ছাকাফী আছিল আৰবী মুখাদ্ৰিম কবিসকলৰ এজন অন্যতম জনপ্ৰিয় কবি। তেওঁ বহুতো কবিতা ৰচনা কৰিছিল যদিও তাৰ মাথো কিছু অংশহে সংৰক্ষিত অৱস্থাত পোৱা যায়। তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু আছিল মদিৰা, যুদ্ধ, নিজ গোত্ৰৰ শৌৰ্য-বীৰ্য, প্ৰশংসা আদি। তেওঁৰ কিছু সংখ্যক কবিতা প্ৰশংসামূলক আৰু ব্যঙ্গাত্মক।¸
 
আবু মিহজান ছাকাফী ইমানেই মদাসক্ত আছিল আছিল যে তেওঁ মদ খোৱাৰ বাবে শাস্তি আৰু নিন্দা পোৱা সত্বেও তেওঁ মদ পান অভ্যাস এৰিব পৰা নাছিল। তেওঁ মদিৰাৰ ওপৰতো বহুকেইখন কবিতা ৰচনা কৰিছিল। এটি কবিতাত তেওঁ লিখিছে–
 
“মৃত্যুৰ পিছত মোক কবৰস্থ কৰিবা আঙুৰ গছৰ তলত
যেন তাৰ শিপাই যোগায় মোৰ অস্থিক ৰস
কেতিয়াও নকৰিবা মোক সমাধিস্থ উন্মুক্ত স্থানত
যেন আমি বঞ্চিত নহওঁ দ্ৰাক্ষাৰস আস্বাদনত।”
 
কবি মিহজান মদাসক্ত হ’লেও তেওঁৰ বহুতো ভাল গুণ আছিল যেনে তেওঁ ইছলামৰ হকে বীৰ বিক্ৰমে যুদ্ধ কৰিছিল, বিপদগ্ৰস্ত লোকক আশ্ৰয় দান কৰিছিল,  দুখীয়াক সহায় কৰিছিল আদি। এটি কবিতাত তেওঁ নিজৰ বিষয়ে লিখিছেঃ
 
“নকবা কাকো মোৰ ধন সম্পদৰ প্ৰাচুৰ্যৰ কথা 
দিবা মোৰ সৎ স্বভাৱ আৰু দৃঢ়চেতা মনৰ বতৰা।
শত্রূৰ বিপক্ষে ৰণাঙ্গনত মই জঁপিয়াই পৰো
বৰ্মহীন কৰি মই সকলো শত্রূৰ মূৰ ছিন্ন কৰো।”
 
তেওঁৰ কবিতাত কবিৰ ব্যক্তিগত ভাবাবেগ , অনুভূতি, কল্পনা, জীবনবোধ আদি মূৰ্ত হৈ উঠিছে। ইয়াৰ উপৰিও তেওঁৰ কবিতা সেই সময়ৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ দলিলস্বৰূপ। তেওঁৰ ভাষা সাৱলীল আৰু  ছন্দময়। তেওঁ কবিতৰ বিষয়বস্তু সৰল কল্পচিত্ৰৰে সজ্জ্বিত। প্ৰাথমিক ইছলামী যুগৰ কবিতাৰ বিকাশত তেওঁৰ অৱদান নিঃসন্দেহ প্ৰশংসনীয়। ০ ০ ০

আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ | Arabi Sahityor Etihas-Prathamik Islami Yug 

 
অধ্যায়- ৭

প্ৰাথমিক ইছলামী যুগৰ আৰবী গদ্য সাহিত্য

‘গদ্য’ বুলিলে সাধাৰণতে দৈনন্দিন জীৱনত মানুহে ছন্দহীন যি ভাষাত কথা-বতৰা পাতে তাকে বুজোৱা হয়। কথা-বতৰাৰ ভাষা  বহু সময়ত অসংলগ্নও হয় আৰু প্ৰকাশৰ পদ্ধতি, ধাৰা আদি ব্যক্তিভেদে বা অঞ্চলভেদে ভিন ভিন হোৱা দেখা যায়। কিন্তু এই গদ্যময় ভাষাত যেতিয়া কোনো বিষয় বা প্ৰসংগ প্ৰণালীবদ্ধভাবে শ্ৰোতাক প্ৰভাৱিত হোৱাকৈ ব্যক্ত কৰা হয় তেতিয়া সি সাহিত্যৰ শ্ৰেণীলৈ উন্নীত হয়। পৃথিৱীৰ সকলোবোৰ ভাষাতে সাহিত্য আছে-সেয়া লিখিতও হ’ব পাৰে বা কথিতও হ’ব পাৰে। কিন্তু দুখৰ বিষয় প্ৰাচীন কালত কাব্য সাহিত্যক যিমান প্ৰাধান্য দিয়া হৈছিল সেইদৰে গদ্য সাহিত্যক সিমান প্ৰাধান্য দিয়া হোৱা নাছিল। সেয়ে গদ্য সাহিত্য লিখিত ৰূপত সংৰক্ষিত হোৱাৰ ব্যৱস্থা কাব্য সাহিত্যৰ তুলনাত বহু পিছতহে আৰম্ভ হৈছিল। বিশ্বৰ প্ৰাচীন ভাষাসমূহৰ অন্যতম আৰবী ভাষা গদ্য আৰু কাব্য দুয়োবিধ শাখাতে চহকী। এই ভাষাৰ সাহিত্যৰ  পৰম্পৰা প্ৰাক-ইছলামী যুগত আৰম্ভ হয় যদিও এই যুগটো কাব্য সাহিত্যৰ বাবেহে ইতিহাসত বিখ্যাত। কিন্তু ইতিহাসৰ পাত খুচৰি চালে দেখা যায় যে আৰবী কাব্য সাহিত্যৰ দৰে গদ্য সাহিত্যৰো গজালি মেলিছিল এই প্ৰাক-ইছলামী যুগতে। কিন্তু প্ৰাক-ইছলামী যুগৰ গদ্য সাহিত্যৰ পৰিসৰ অতি ঠেক আছিল আৰু ই মাথো কিছুমান প্ৰবাদ বাক্য, বক্তৃতা, পৰম্পৰাগত কাহিনী-কিংবদন্তী, কাহিনসকলৰ উক্তি, ওছীয়ত আদিৰ মাজতে সীমাবদ্ধ আছিল। অৰ্থাৎ প্ৰাক-ইছলামী যুগৰ গদ্য সাহিত্য আছিল সদ্য জৰায়ু ভেদি ভূমিষ্ঠ হোৱা কেঁচুৱাৰ দৰে।
 
হজৰত মহম্মদ (ছাঃ)য়ে ৬২২ খ্ৰীষ্টাব্দত মক্কাৰ পৰা মদীনালৈ হিজৰত কৰে আৰু তেতিয়াৰ পৰা আৰবী সাহিত্যৰ ইতিহাসত ইছলামী যুগ আৰম্ভ হোৱা বুলি ধৰা হয়। এই ইছলামী যুগৰ ৬২২ খ্ৰীষ্টাব্দৰ পৰা ৬৬১ খ্ৰীষ্টাব্দলৈ (অৰ্থাৎ খলিফায়ে ৰাশ্বেদীনসকলৰ শাসন কাললৈকে) প্ৰাথমিক ইছলামী যুগ বুলি ধৰা হয়। প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্যৰ পৰিসৰ বৃদ্ধি পায় আৰু আবৰী গদ্যৰ ঠাঁচ উন্নত হয়। এই যুগত আৰবী গদ্য সাহিত্যত হাদীচ, চিঠি-পত্ৰ, তফছিৰ, ইতিহাস আদি নতুন বিষয় যোগ হয় আৰু আৰবী গদ্য সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰে আৰু আৰবী গদ্যই আধুনিকতাৰ পিনে আগবাঢ়ি যায়। তলত প্ৰাথমিক ইছলামী যুগত জন্ম হোৱা আৰবী গদ্য সাহিত্যৰ বিভিন্ন শাখাবোৰ চমুকৈ আলোচনা কৰা হ’লঃ
 
হাদীছ (Hadiths): প্ৰাথমিক ইছলামী যুগৰ গদ্য সাহিত্যৰ সিংহভাগ অধিকাৰ কৰিছে নবীজীৰ হাদীছসমূহে। ‘হাদীছ’ বুলিলে হজৰত মহম্মদ (ছাঃ)য়ে কোৱা কথা, কৰা কাম, চাহাবাসকলক দিয়া আদেশ-নিষধ,  নবীয়ে কৰা কোৰাণৰ ব্যাখ্যা, নবীৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলৰ বিৱৰণ, তেখেতে কৰা যুদ্ধ-বিগ্ৰহ, বিভিন্ন নেতৃত্বস্থানীয় ব্যক্তিসকলৈ  লিখা চিঠি-পত্ৰ আদিৰ বিৱৰণসমূহক সামৰি লয়। নবীৰ হাদীছসমূহ প্ৰথমে তেখেতৰ চাহাবাসকল আৰু তেখেতৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলে হবহু মনত ৰাখিবলৈ চেষ্টা কৰিছিল কাৰণ সিহঁতে নবীৰ কথা অব্যৰ্থ, ন্যায়সংগত আৰু সঁচা বুলি মানি চলিছিল। নবীয়ে যিহেতু আল্লাহ প্ৰদত্ত কোৰানৰ বিধি-বিধান আখৰে আখৰে নিজৰ ব্যক্তিগত জীৱনত মানি চলিছিল সেয়ে তেখেতৰ মুখৰ বাণী, কৰ্ম, জীৱন প্ৰণালী, আদেশ-নিষেধ আদি সন্দেহৰ উৰ্দ্ধত বুলি সকলোৱে বিবেচনা কৰিছিল। হাদীছৰ ভাষা  আছিল নিভাঁজ গদ্য। নবীৰ হাদীছসমূহ চাহাবাসকলে প্ৰথম অৱস্থাত মুখে মুখে প্ৰচাৰ কৰিছিল আৰু পিছলৈ সেইবোৰ লিখিত ৰূপত সংৰক্ষিত কৰা হৈছিল।  হাদীছসমূহৰ গদ্য আছিল সৰল আৰু  সহজবোধ্য। সেয়ে নবীৰ হাদীছসমূহে আৰবী ভাষাক সৰলতা, সহজবোধ্যতা, যুক্তিনিষ্ঠতা আৰু সাৰ্বজনীনতা দান কৰিছিল। এই হাদীছৰ গদ্যই পৰৱৰ্তী আৰবী গদ্য সাহিত্যৰ ভাষাক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। সেয়ে হাদীছ গ্ৰন্থসমূহ আৰবী ভাষা আৰু সাহিত্যৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে বিবেচনা কৰা হয়।
 
 চিঠিপত্ৰ (Letters): প্ৰাথমিক ইছলামী যুগৰ গদ্য সাহিত্যৰ আন এক শাখা হৈছে সেই সময়ত প্ৰয়োজন অনুসৰি লিখা চিঠি-পত্ৰ, সন্ধিপত্ৰ, চুক্তিনামা আৰু ভাষণসমূহ। হজৰত মহম্মদ (ছাঃ) ওচৰ-চুবুৰীয়া ৰাষ্ট্ৰনায়কসকল আৰু বিভিন্ন স্থানত নিয়োজিত কৰ্মচাৰীসকলৈ কিছুমান চিঠি-পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ উপৰিও খলিফায়ে ৰাশ্বেদীনসকলেও সিহঁতৰ ৰাজত্বকালছোৱাত প্ৰাদেশিক শাসনকৰ্তাসকললৈ সময়ে সময়ে চিঠি-পত্ৰ, আদেশ-নিষেধ, চৰকাৰী ঘোষণাপত্ৰ আদি লিখিব লগা হৈছিল। সেইবোৰ প্ৰাথমিক ইছলামী যুগৰ গদ্য সাহিত্যৰ মূল্যৱান সম্পদস্বৰূপ। সেইসমূহ গদ্যত লিখা হৈছিল আৰু গদ্যৰ ভাষা আছিল সৰল আৰু পোনপটীয়া। কোনো ধৰণৰ অতিৰঞ্জিত কথা সেইবোৰ চিঠি-পত্ৰত ঠাই পোৱা নাছিল। অৱশ্যে ইছলামৰ চতুৰ্থ ন্যাগসংগত খলিফা হজৰত আলীৰ ৰাজত্বকালত তেওঁ লিখা চিঠি-পত্ৰসমূহৰ ভাষা  কিছু পৰিমাণে দীঘলীয়া আছিল আৰু গদ্যৰ ভাষাও কিছু পৰিমাণে আলংকাৰিক আছিল। এই চিঠি-পত্ৰসমূহে সেই সময়ৰ সামাজিক আৰু ৰাজনৈতিক অৱস্থা প্ৰতিফলিত কৰে। 
 
ইয়াৰ উপৰিও সেই সময়ত কবি-সাহিত্যিক, নেতৃস্থানীয় ব্যক্তি আদিয়ে বিভিন্ন উপলক্ষে প্ৰদান কৰা বক্তৃতাসমূহেও সেই সময়ৰ আৰবী গদ্য সাহিত্যৰ নমুনা বহন কৰে। উদাহৰণস্বৰূপে হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ আৰাফত নামৰ স্থানত দিয়া ভাষণটো উল্লেখ কৰিব পাৰি। ইছলামৰ ইতিহাসত উক্ত ভাষণৰ গুৰুত্ব অপৰিসীম। উক্ত ভাষণৰ ভাষা আছিল সৰল, কিন্তু উদাত্ত আৰু চিত্তাকৰ্ষক। উক্ত ভাষণ সংক্ষিপ্তাকাৰে মানৱজাতিলৈ আল্লাহৰ পিনৰ পৰা অহা আদেশ-নিষেধৰ সাৰাংশ বুলি ক’ব পাৰি।
 
তফছিৰ (Tafsirs): ‘তফছিৰ’ বুলিলে কোৰানৰ ব্যাখ্যা, টোকা, টিপ্পনী আদিক বুজোৱা হয়। কোৰানখন এখন বিশাল জ্ঞান ভাণ্ডাৰ। ইয়াত মানৱ জীৱনত প্ৰয়োজন হোৱা সকলোবোৰ বিষয়ৰ মৌলিক শিকনিবোৰ আছে।ইয়াত দৃষ্টান্তস্বৰূপ আৰু উদাহৰণস্বৰূপ বহু ঘটনাৰ প্ৰসংগ আছে। সাধাৰণ পাঠকসকলৰ বােব সেয়া অবোধগম্য হোৱাৰ বাবে নবীজীয়ে সেইবোৰ নিজে ভাষাত ব্যাখ্যা কৰিবলগা হৈছিল। আকৌ আল্লাহই  দিয়া কিছুমান বিধি-বিধানৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰাৰ পদ্ধতি সম্পৰ্কে কোৰানত কোনো উল্লেখ নাই। উদাহৰণস্বৰূপ, ছালাত, ফিতৰা, জাকাত আদি আদায় কৰাৰ নিৰ্দেশ আছে যদিও এইবোৰ আদায় কৰাৰ পদ্ধতিৰ বিষয়ে কোনো ব্যাখ্যা কোৰানত নাই। নবীজীয়ে এইবোৰ ব্যাখ্যা কৰিবলগা হৈছিল। নবীজীৰ ইন্তেকালৰ পিছতো বহুতো পণ্ডিতে কোৰানৰ তফছিৰ (ব্যাখ্যা, টোকা) ৰচনা কৰিছে। এইবোৰো আৰবী গদ্য সাহিত্যৰ এক উল্লেখযোগ্য অংশ।
 
ইতিহাস (History): প্ৰাথমিক ইছলামী যুগত উদ্ভৱ হোৱা গদ্য সাহিত্যৰ এক শাখা হৈছে ইতিহাস সাহিত্য।  ঐতিহাসিক ঘটনা কিছুমানৰ ওপৰত ভিত্তি কৰি কোৰানৰ বহুতো আয়াত অৱতীৰ্ণ হৈছিল। ফলত হাদিছ আৰু কোৰান অধ্যয়ন কৰাৰ লগে লগে ইতিহাসৰ শিক্ষা সমানে আগবাঢ়িছিল। কোৰানৰ তফছিৰ আৰু টিপ্পনিসমহত এনেকুৱা ঐতিহাসিক বৰ্ণনা পোৱা যায়। খলিফায়ে ৰাশ্বেদীনৰ যুগত ইতিহাস কেইবাটাও ৰূপত পোৱা যায়, যথা- নবী আৰু চাহাবাসকলৰ জীৱনী আৰু সিহঁতৰ কৰ্মৰাজিৰ বিৱৰণ, কোৰাইশসকলৰ লগত মুছলিমসকলৰ যুদ্ধ-বিগ্ৰহৰ বিৱৰণ, ইছলামৰ ৰাজ্য বিস্তাৰ আদিৰ বিৱৰণ।  এইবোৰ অধ্যয়ন কৰি সেইসময়ৰ সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, সাংস্কৃতিক, বৌদ্ধিক আদি সকলো বিষয়ৰে জ্ঞান লাভ কৰিব পাৰি।
 
এইবোৰৰ উপৰিও প্ৰাথমিক ইছলামী যুগৰ বহু বক্তায়ো বিভিন্ন উপলক্ষে নানান ঠাইত বক্তৃতা প্ৰদান কৰিছিল। উদাহৰণস্বৰূপে নাবিঘা আলজু’দী, আল হুতাইয়্যা, আবু জুবাইৰ আল হুজলী, আমৰ ইবনে মাদীকৰিব আদি কবিসকল ভাল বক্তাও আছিল। সিহঁতৰ বক্তৃতাসমূহেও প্ৰাথমকি যুগৰ আৰবী গদ্য সাহিত্যত প্ৰতিনিধিত্ব কৰে।
 
যিয়েই নহওঁক প্ৰাথমিক ইছলামী যুগৰ গদ্য সাহিত্যৰ বিকাশত হাদীছৰ প্ৰভাৱ আছিল অতি শক্তিশালী আৰু যুগান্তকাৰী। বৰ্তমানেও হাদীছৰ গদ্যক আৰবী ভাষাৰ আদৰ্শ গদ্য বুলি মানি লোৱা হয়।
 
সামৰিণত ক’ব পাৰি প্ৰাক ইছলামী যুগত সদ্য ভূমিষ্ঠ হোৱা আৰবী গদ্যই প্ৰাথমিক ইছলামী যুগত নিজৰ ভৰিত থিয় দিবলৈ শিকাৰ  লগতে ফুটাই মাতিব পৰাও শিকে। 0 0 0

আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ | Arabi Sahityor Etihas-Prathamik Islami Yug 

 
অধ্যায়- ৮

প্ৰাথমিক ইছলামী যুগত আৰবী গদ্য সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱা ব্যক্তিসকল 

‘গদ্য’ বুলিলে সমাজ জীৱনত মানুহে পৰস্পৰে পৰস্পৰৰ লগত যোগাযোগ কৰোতে অৰ্থাৎ মনৰ ভাৱ, আবেগ, অনুভূতি আদি প্ৰকাশ কৰোতে স্বতঃস্ফূৰ্তভাৱে যি ভাষা ব্যৱহাৰ কৰে তাকে বুজোৱা হয় আৰু স্বতঃস্ফূৰ্ত এই ভাষাত ৰচিত হোৱা সাহিত্যকে ‘গদ্য সাহিত্য’ বুলি কোৱা হয়। বিশ্বৰ সকলো ভাষাতে গদ্য সাহিত্য আছে। বিশ্বৰ অন্যতম আৰবী ভাষাৰো এক চহকী গদ্য সাহিত্য আছে। কিন্তু এই ভাষাৰ গদ্য সাহিত্য ঠিক কেতিয়া আৰম্ভ হৈছিল তাৰ সঠিক তথ্য নাই যদিও প্ৰাক-ইছলামী যুগত অৰ্থাৎ ৫০০ খ্ৰীষ্টাব্দৰ পৰা ৬২২ খ্ৰীষ্টাব্দৰ ভিতৰত আৰবী গদ্য সাহিত্যই জন্ম লাভ কৰিছিল বুলি ইতিহাসত প্ৰমাণ পোৱা যায়। সেই সময়ৰ গদ্য সাহিত্যৰ পৰিসৰ কিছুমান প্ৰবাদ বাক্য, যুদ্ধ কাহিনী, সাধুকথা বা উপাখ্যান, বক্তৃতা, কাহেনসলকৰ বাণী আদিৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু দুখৰ বিষয় যে মাত্ৰ সামান্য চানেকীৰ বাহিৰে সেই সময়ৰ গদ্য সাহিত্যৰ অস্তিত্ব পোৱা নাযায়।
 
৬২২ খ্ৰীষ্টাব্দত হজৰত মহম্মদ (ছাঃ)য়ে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰে আৰু মুক্তভাৱে ইছলাম প্ৰচাৰ কৰিবলৈ লয়। এই সময়ৰ পৰা আৰবৰ সমাজ জীৱন, ৰাজনৈতিক জীৱন, ধৰ্মীয় জীৱনৰ লগতে সাহিত্য জগততো নতুন জাগৰণ আৰম্ভ হয়। ফলত আৰবী কাব্য সাহিত্যৰ লগতে গদ্য সাহিত্যও ভালেখিনি বিকাশ লাভ কৰে। এই বিকাশৰ ক্ষেত্ৰত হজৰত মহম্মদ (ছাঃ) ওপৰত আল্লাহৰ পৰা অৱতীৰ্ণ হোৱা কোৰান আৰু নবীজীৰ হাদীছসমূহে বিশেষ অৱদান আগবঢ়াইছিল। কোৰানৰ ভাষা আছিল গদ্য আৰু পদ্যৰ এক অপূৰ্ব সংমিশ্ৰণ। আনহাতে হাদীছৰ ভাষা আছিল নিভাঁজ গদ্য। এই গদ্য আছিল সৰল, পোনপটীয়া আৰু সহজবোধ্য। সেয়ে কোৰানৰ ভাষাতকৈ হাদীছৰ গদ্যই সেই সময়ৰ আৰবী ভাষাক যথেষ্ট প্ৰভাৱিত কৰিছিল। অৱশ্যে নবী মহম্মদ (ছাঃ) লগতে আন বহুতে বিশেষকৈ সঠিক পথত পৰিচালিত হোৱা খলিফা চাৰিজনেও আৰবী গদ্যৰ বিকাশ আৰু প্ৰচাৰত অৱদান আগবঢ়াইছিল। তলত প্ৰাথমিক যুগৰ আৰবী গদ্য সাহিত্যৰ বিকাশত অৱদান আগবঢ়োৱা কেইজনমান ব্যক্তিৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’লঃ

হজৰত মহম্মদ (Hazarat Mohammad)

হজৰত মহম্মদ (ছাঃ) আছিল আল্লাহৰ মনোনীত ৰছুল, ইছলাম ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক, সংগঠক, প্ৰশাসক আৰু মানৱ জাতিৰ বাবে সৰ্বকালৰ সর্বোচ্চ আদৰ্শবান ব্যক্তি।
 
৫৭০ খ্ৰীষ্টাব্দৰ ২০ এপ্ৰিলত আৰবৰ মক্কা নগৰত বিখ্যাত কোৰাইশ বংশত হজৰত মহম্মদ (ছাঃ)ৰ জন্ম। তেখেতৰ দেউতাকৰ নাম আছিল আব্দুল্লাহ আৰু মাকৰ নাম আছিল আমিনা। হজৰত মহম্মদ (ছাঃ) মাতৃগৰ্ভত থাকোতে তেখেতৰ দেউতাকৰ মৃত্যু হয় আৰু  জন্মৰ ছয় বছৰ বয়সত মাক আমিনাৰ মৃত্যু হয়। পিতৃ-মাতৃহীন মহম্মদ (ছাঃ)ক ককাক আব্দুল-মুত্তালিব আৰু খুৰায়েক আবু তালিবৰ তত্ত্বাৱধানত ডাঙৰ দীঘল হয়।
 
২৫ বছৰ  বয়সত তেখেতে আৰবৰ অন্যতম নওফেল গোত্ৰৰ ইবনে খালেদৰ জীয়েক মোছাম্মদ খাজিৰাৰ লগত বিবাহ পাশত আবদ্ধ হয়। সৰু কালৰ পৰাই হজৰত মহম্মদ (ছাঃ) আছিল সত্যবাদী, দয়ালু, পৰোপকাৰী আৰু সৎ চৰিত্ৰবান। ডাঙৰ হৈ অহাৰ লগে লগে তেওঁ চিন্তাশীল আৰু ঈশ্বৰপৰায়ণ হয়। পয়ত্ৰিশ বছৰ বয়সত তেখেতৰ জীৱনলৈ এক পৰিৱৰ্তন আহে আৰু অধিক চিন্তাশীল হৈ উঠে আৰু মক্কাৰ পৰা তিনি মাইলমান আতঁৰত হীৰা নামে পৰ্বতৰ গুহাত ধ্যান কৰিবলৈ লয়। তেখেতৰ বয়স যেতিয়া ৪০ হয় তেতিয়া এদিন ৰাতি হীৰা গুহাত ধ্যানমগ্ন অৱস্থাত থাকোঁতে ঈশ্বৰৰ বাৰ্তাবাহক হজৰত জিব্রাইল (আঃ)ৰ আগমন ঘটে আৰু তেখেতক ঈশ্বৰৰ পৰা অনা এটি (বাৰ্তা) পঢ়িবলৈ দিয়ে। বাৰ্তাটো আছিল নিম্নৰূপঃ
 
“পাঠ কৰক,  আপোনাৰ প্ৰভুৰ নামত যিজনে গোট মৰা তেজৰ পৰা মানুহক সৃষ্টি কৰিছে। পাঠ কৰক, আপোনাৰ প্ৰভু মহামহিমান্বিত, যিজেন কলমৰ জৰিয়তে মানুহক শিক্ষা দিছে সেইবিষয়সমূহ যিবোৰ তেওঁ জনা নাছিল।”
 
এই আয়াত (বাক্যটো) পাঠ কৰাৰ লগে লগে তেখেতে ঐশ্বৰকি জ্ঞানপ্ৰাপ্ত হয় আৰু ৰছুলৰ মৰ্যদা লাভ কৰে।
 
ইয়াৰ পিছত ৬৩২ খ্ৰীষ্টাব্দলৈ অৰ্থাৎ তেখেতেৰ পৰলোক গমনৰ  ন মাহমান আগলৈকে প্ৰায় ২২ বছৰ ধৰি ছোৱা ছোৱাকৈ নবীজীৰ ওপৰত আল্লাহৰ পৰা অহি (বাৰ্তা) অৱতৰণ হৈ থাকে। আল্লাহৰ পৰা অহা অহিবোৰ পিছলৈ একেলগে গ্ৰন্থ আকাৰে সংকলন কৰি ‘কোৰান’ নাম দিয়া হয়। এই কোৰানখনত মানৱ জাতিৰ বাবে প্ৰয়োজনীয় সকলো দিশ নিৰ্দেশনা দিয়া হৈছে। এই গ্ৰন্থৰ বিধি-বিধান মানি চলা লোকসকলক ‘মুছলমান’ বুলি কোৱা হয়।
 
হজৰত মহম্মদ (ছাঃ)য়ে আল্লাহৰ পৰা লাভ কৰা বাৰ্তা (অহি) প্ৰচাৰ কৰিবলৈ লোৱাত মক্কাৰ পৌত্তলিক লোকসকলে প্ৰৱল বাধাৰ সৃষ্টি কৰে আৰু নবীজীৰ বিৰুদ্ধাচৰণ কৰিবলৈ লয়। এটা সময়ত নবীজীৰ ওপৰত সিহঁতৰ বিৰোধীতা চৰম আকাৰ লয় আৰু নবীজীৰ জীৱন নাশৰ ভাবুকি আহে। তেতিয়া আল্লাহৰ নিৰ্দেশত তেখেতে সংগী আবু বকৰ (ৰাঃ)ক লগত লৈ মক্কাৰ চাৰে চাৰিশ কিলোমিটাৰ উত্তৰ দিশত থকা মদীনালৈ পলাই যায়। মদীনাৰ লোকসকলে তেখেতক উষ্ণ আদৰণি জনায় আৰু তেখেতৰ ওচৰত ইছলাম ধৰ্ম গ্ৰহণ কৰি নবীজীক সিহঁতৰ নেতা হিচাপে গ্ৰহণ কৰে। মদীনাত নবীজীয়ে মুক্তভাৱে ধৰ্ম প্ৰচাৰ কৰিবলৈ লয় আৰু ইছলাম ধৰ্ম দ্ৰুত বিস্তাৰ লাভ কৰিবলৈ ধৰে। ইছলামৰ দ্ৰুত প্ৰচাৰ আৰু ইয়াৰ জনপ্ৰিয়তা দেখি মক্কাৰ পৌত্তলিকসকল শংকিত হৈ পৰে আৰু নবীজীৰ বিৰুদ্ধে কেইবাটাও যুদ্ধ সংঘটিত কৰে। প্ৰায় প্ৰতিটো যুদ্ধতে ইছলামৰ জয় হয়। এনেদৰে মদীনাক কেন্দ্ৰ কৰি নবীজীয়ে এক ইছলামী ৰাষ্ট্ৰ গঠন কৰে আৰু তাত ইছলামী বিধি-বিধানৰ ভিত্তিত শাসন-ব্যৱস্থা প্ৰতিষ্ঠিত কৰে।
 
ইছলাম প্ৰচাৰ কৰি আৰু এখন ইছলামী ৰাষ্ট্ৰ গঠন কৰি আৰব সমাজত পূৰ্বৰ পৰা চলি অহা বহু অন্ধবিশ্বাস, কুসংস্কাৰ আদি সংস্কাৰ কৰি ৬৩২ খ্ৰীষ্টাব্দৰ ২৯ আগষ্টত তেখেতে ইহলোক ত্যাগ কৰে।
 
আৰবী ভাষা-সাহিত্যলৈ অৱদানঃ হজৰত মহম্মদ (ছাঃ) এজন ‘উম্মী’ (নিৰক্ষৰ) লোক আছিল। অৰ্থাৎ তেখেতে পঢ়িব আৰু লিখিব জনা নাছিল। নিৰক্ষৰ হৈয়ো তেখেতে আল্লাহ প্ৰদত্ত কোৰান আৰু তেখেতৰ বাণী, কাৰ্যকলাপ, বক্তৃতা আদিৰ দ্বাৰা আবৰী ভাষা আৰু সাহিত্যৰ জগতলৈ এক অতুলনীয় অৱদান আগবঢ়াই থৈ গৈছে।
 
পবিত্ৰ কোৰানখনে আৰবী সাহিত্যৰ ভাণ্ডাৰত এক বিশেষ স্থান দখল কৰি আহিছে। ইয়াৰ ভাষা গদ্য আৰু পদ্যৰ এক অপূৰ্ব সংমিশ্ৰন। এইখন এনেকুৱা ৰীতিত ৰচিত হৈছিল যি আছিল পূৰ্ব দৃষ্টান্তহীন আৰু অতুলনীয়। ইয়াৰ ভাষা ৰীতি, শব্দ চয়ন, অলংকাৰ আদিয়ে সেইসময়ৰ আৰবী ভাষা আৰু সাহিত্যৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলায় আৰু আৰবী ভাষাক  স্থিৰতা, সাৰ্বজনীনতা প্ৰদান কৰি আৰবী ভাষা-সাহিত্যক এক নতুন গতি প্ৰদান কৰে। ইয়াক প্ৰাথমিক ইছলামী যুগৰ আৰবী ভাষা-সাহিত্যৰ প্ৰধান উৎস হিচাপে বিবেচনা কৰা হয়।
 
কোৰানৰ পিছতে প্ৰাথমিক ইছলামী যুগৰ আৰবী ভাষা-সাহিত্যৰ এক বলিষ্ঠ আৰু উল্লেখযোগ্য উৎস হ’ল হাদীছ শ্বৰিফসমূহ। ‘হাদীছ’ বুলিলে আল্লাহৰ নবী হজৰত মহম্মদ (ছাঃ)ৰ মুখেৰে কোৱা কথা, হাতেৰে কৰা কাম আৰু অনুমোদন কৰা সকলো বিষয়কে বুজোৱা হয়। আন কথাত, হজৰত মহম্মদ (ছাঃ)ৰ জীৱন যাপন প্ৰণালী, বিভিন্ন স্থানত থকা তেখেতৰ প্ৰতিনিধিসকল আৰু দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকললৈ লিখা চিঠি-পত্ৰ, তেখেতৰ ওচৰলৈ অহা বিভিন্ন ব্যক্তি,  বন্ধু, সহচৰ, আত্মীয়-স্বজন, আৰু তেখেতৰ লগত হোৱা বিভিন্ন যুদ্ধ-বিগ্ৰহ, আদিৰ বিৱৰণকো হাদীছ গ্ৰন্থসমূহত অন্তৰ্ভূক্ত হৈছে। 
 
হজৰত মহম্মদ (ছাঃ)ৰ হাদীছৰ ভাষা আছিল সহজ, সৰল আৰু পোনপটীয়া। ই আছিল ব্যাকৰণসন্মত আৰু বাহুল্য বৰ্জিত। সেয়ে এই গদ্যই সকলোকে আকৰ্ষিত কৰিছিল আৰু হাদীছৰ গদ্যৰ আৰ্হিতেই পিছত আৰবী ভাষাই গঢ়  লৈছিল। তেখেতৰ গদ্যৰ নমুনা কিমান সৰল, পোনপটীয়া, সহজ আৰু বিষয়বস্তুৰ পিনৰ পৰা বাস্তৱসন্মত আছিল তাৰ আৰ্হিস্বৰূপ তলত বিদায় হজৰ সময়ত আৰাফতত দিয়া তেখেতৰ জীৱনৰ অন্তিম ভাষণৰ পৰা কিয়দাংশ উদ্ধৃত কৰা হ’লঃ
 
“আপোনালেকে এই মাহটোক, আজিৰ দিনটোক আৰু এই চহৰটোক যিদৰে পবিত্ৰ বুলি গণ্য কৰে, ঠিক তেনেদৰে প্ৰতিজন মুছলমানৰ জীৱন আৰু সম্পত্তিক এক পবিত্ৰ নিধি বুলি গণ্য কৰক। আপোনালোকৰ ওচৰত গচ্ছিত ৰখা সামগ্ৰীবোৰ সঠিক মালিকসকলক ঘূৰাই দিয়ক। কাকো আঘাত নকৰিব যাতে কোনেও আপোনাক আঘাত নকৰে। মনত ৰাখিব যে আপুনি নিশ্চয় আপোনাৰ প্ৰভুক লগ পাব লাগিব আৰু তেওঁ আপোনাৰ কাৰ্যৰ বিচাৰ কৰিব।”
 
“হে লোকসকল, তোমালোকৰ স্ত্ৰীসকলৰ ওপৰত তোমালোকৰ যেনেকুৱা অধিকাৰ আছে, তোমালোকৰ ওপৰতো তেওঁলোকৰ অধিকাৰ তেনেকুৱাই। আল্লাহক সাক্ষী কৰি তোমালোকে সিহঁতক গ্ৰহণ কৰিছা আৰু আল্লাহৰ আদেশ মতে সিহঁতক তোমালোকৰ বাবে বৈধ কৰি লৈছা। তেওঁলোকৰ প্ৰতি সদয় ব্যৱহাৰ কৰিবা।”
 
এনেদৰে নিৰক্ষৰ হৈয়ো হজৰত মহম্মদ (ছাঃ)য়ে আৰবী ভাষা আৰু সাহিত্যলৈ বিশেষকৈ গদ্য সাহিত্যলৈ অকল অৱদান আগবঢ়োৱাই নহয়, আৰবী গদ্যক এক নতুন গতি প্ৰদান কৰিছিল যাৰ ওপৰত ভিত্তি কৰি আৰবী ভাষাই আজি বিশ্বৰ এক মৰ্যদাশীল ভাষাত পৰিণত হৈছে।

হজৰত আবু বকৰ  (Hazarat Abu Bakr)

চমু পৰিচয়: হজৰত আবু বকৰ (ৰাঃ) আছিল ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ)ৰ চিৰ সহচৰ, ইছলাম ধৰ্মত দীক্ষিত হোৱা প্ৰথমজন পুৰুষ, দাতা, নবীয়ে স্থাপন কৰা ইছলামী ৰাষ্ট্ৰৰ প্ৰথমজন ন্যাপৰায়ণ খলিফা, কোৰানৰ সংকলক আৰু সুদক্ষ প্ৰশাসক। তেওঁৰ জন্ম হয় ৫৭৩  খৃঃত মক্কাৰ বিখ্যাত বানু তাইফ গোত্ৰত। তেওঁৰ দেউতাকৰ নাম আছিল আবু কাহাফ আৰু মাকৰ নাম আছিল উম্মে খায়ৰ। তেওঁৰ জন্ম পৌত্তলিক গোত্ৰত হৈছিল যদিও সৰুৰে পৰা তেওঁ মূৰ্তিপূজা বেয়া পাইছিল আৰু একেশ্বৰবাদত বিশ্বাসী আছিল। তেওঁ সৰু কালৰ পৰাই আছিল অমায়িক, নম্ৰ আৰু পৰোপকাৰী স্বভাৱৰ।  তেওঁৰ দেউতাক এজন ব্যৱসায়ী আছিল আৰু আবু বকৰেও সৰু কালৰ পৰা দেউতাকৰ লগত ব্যৱসায-বাণিজ্যত জড়িত হৈ পৰিছিল।
 
৫১০ খৃঃত হজৰত মহম্মদ (ছাঃ)য়ে নবুৱত লাভ কৰে আৰু হজৰত আবু বকৰে প্ৰথমে নবীজীৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই তেওঁ নবীজীৰ এজন প্ৰধান চাহাবী (সহচৰ)ত পৰিণত হয় আৰু আজীৱন নবীজীৰ লগত থাকি ইছলাম প্ৰচাৰ কৰাত নিজকে নিয়োজিত কৰে। নবুৱত লাভ কৰাৰ পিছত এবাৰ আল্লাহই নবীজীক উৰ্দ্ধলোক (মেৰাজ) ভ্ৰমণ কৰায়। এই বাতৰি কাফেৰকসলে বিশ্বাস কৰিবলৈ টান পাইছিল কিন্তু হজৰত আবু বকৰে কোনো প্ৰশ্ন নকৰাকৈয়ে বিশ্বাস কৰিছিল বাবে নবীজীয়ে আবু বকৰক ‘ছিদ্দিক’ (বিশ্বাসী) উপাধী প্ৰদান কৰে।
 
৬২২ খ্ৰীষ্টাব্দত হজৰত মহম্মদ (ছাঃ) মক্কাৰ অধিবাসীসকলৰ অত্যাচাৰত অতিষ্ঠ হৈ মক্কাৰ পৰা মদীনালৈ হিজৰত কৰাৰ সময়ত হজৰত আবু বকৰেও নবীজীৰ লগত মদীনালৈ হিজৰত কৰে। মদীনাৰ পৰা  হজৰত মহম্মদ (ছাঃ)য়ে বিভিন্ন ইছলাম বিৰোধী কাফেৰ সকলৰ বিৰুদ্ধে কৰা সকলোবোৰ অভিযানতে সক্ৰিয় অংশ গ্ৰহণ কৰিছিল আৰু ধন দি সহায় কৰিছিল। ৬৩২ খ্ৰীষ্টাব্দৰ ২৯ আগষ্টত হজৰত মহম্মদ (ছাঃ)ৰ ইন্তেকাল হয় আৰু হজৰত আবু বকৰ (ৰাঃ) নবীজীৰ পিছত হজৰত মহম্মদ (ছাঃ)য়ে মদীনাক কেন্দ্ৰ কৰি স্থাপন কৰা ইছলামী ৰাষ্ট্ৰৰ প্ৰথমজন ন্যায়সংগত খলিফা নিযুক্ত হয়।
 
হজৰত মহম্মদ (ছাঃ)ৰ ইন্তকালৰ পিছত কেইবাজনো ব্যক্তিয়ে নিজকে ‘নবী’ বুলি দাবী কৰে আৰু বহুতো নৱদীক্ষিত মুছলমানে ইছলাম ত্যাগ কৰি ইছলামৰ বিৰোধীতা কৰিবলৈ লয়। নৱনিযুক্ত খলিফা আবু বকৰে বৰ কঠোৰ হাতেৰে ভণ্ড নবীসকল আৰু ইছলাম ত্যাগীসকলক দমন কৰে আৰু ইছলাম ধৰ্মক অৰাজক অৱস্থাৰ পৰা ৰক্ষা কৰে।
 
হজৰত মহম্মদ (ছাঃ)ৰ ওপৰত নাজিল হোৱা কোৰানখন তেখেতৰ জীৱন কালত সংকলন হোৱা নাছিল। কোৰানখন চাহাবাসকলে মুখস্থ কৰি ৰাখিছিল। কিন্তু ৰিদ্দাৰ যুদ্ধত কোৰানৰ বহুতো হাফিজ (কোৰন মুখস্থকাৰী) শ্বহীদ হয়। সেয়ে কোৰানখন সুৰক্ষিত কৰিবলৈ হজৰত ওমৰ (ৰাঃ)ৰ পৰামৰ্শ অনুযায়ী আবু বকৰে হাছান বিন ছাবিতৰ নেতৃত্বত কোৰানখন গ্ৰন্থ আকাৰে সংকলন কৰে।
 
ইয়াৰ পিছত আবু বকৰে বাইজেন্টাইন সাম্ৰাজ্যৰ অন্তৰ্গত চিৰিয়া আৰু ইৰাক অভিযান কৰে।  এই অভিযান চলি থাকেতে ৬৩৪ খ্ৰীষ্টাব্দত তেওঁ পৰলোক গমন কৰে।
 
আৰবী ভাষা-সাহিত্যলৈ অৱদানঃ হজৰত আবু বকৰ এজন শিক্ষিত লোক আছিল। কবিতাৰ প্ৰতি তেওঁৰ অভিৰুচি আছিল আৰু কিছু কবিতাও ৰচনা কৰিছিল যদিও তেওঁ বৃত্তিধাৰী কবি নাছিল। কিন্তু আৰবী ভাষা আৰু সাহিত্যৰ বিকাশত তেওঁৰ অৱদান আছে। তেওঁ নিজে নবীজীৰ বহুতো হাদীছ মুখস্থ ৰাখিছিল আৰু সেইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল।
 
বক্তা হিচাপে তেওঁ আছিল বাগ্মী। তেওঁৰ বক্তৃতাসমূহ ভাৱৰ গাম্ভীৰ্য, শব্দ নিৰ্বাচন, উপলব্ধিৰ গভীৰতা আদিৰ দিশৰ পৰা আছিল অতুলনীয় আৰু প্ৰভাৱশীল।  হজৰত মহম্মদ (ছাঃ)ৰ পৰলোক গমনৰ পিচত পৰৱৰ্তী খলিফা নিৰ্বাচনক হৈ বহু বিতৰ্কৰ সৃষ্টি হয়। তেতিয়া হজৰত আবু বকৰ (ৰাঃ)য়ে আনছাৰ সম্প্ৰদায়ক উদ্দেশ্যি যি বক্তব্য প্ৰদান কৰিছিল তাৰ কিয়দাংশ তেওঁৰ গদ্যৰ নুমনাস্বৰূপ তলত উদ্বৃত কৰা হ’ল–
 
“হে আনছাৰ সম্প্ৰদায়! ধৰ্মৰ প্ৰতি তোমালোকৰ ত্যাগ আৰু সেৱাৰ বিষয় আৰু ইছলামৰ প্ৰতি তোমালোকৰ গৌৰৱময় শ্ৰেষ্ঠত্বৰ কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে। আল্লাহ তোমালোকক পছন্দ কৰে তাৰ ধৰ্মৰ আৰু ৰছুলৰ সাহাৰ্যকাৰী হিচাপে তোমালোকৰ ওচৰলৈ নবীজীৰ হিজৰত ঘটাইছে। তেখেতৰ শ্ৰেষ্ঠ চাহাবাবৃন্দ তোমালোকৰ মাজতেই বিদ্যমান। প্ৰাথমিক পৰ্যায়ৰ মোহাজিৰসকলৰ পিছত আমি অন্য কাকো তোমালোকৰ সমতুল্য বুলি নাভােবা। সেয়ে আমালোক শাসক আৰু তোমালোক মন্ত্ৰী। তোমালোকৰ লগত পৰামৰ্শ নকৰি আমি একো নকৰো আৰু তোমালোকৰ পৰামৰ্শ অবিহনে আমি কোনো সিদ্ধান্ত গ্ৰহণ নকৰো।”
 
উদ্ববৃত  গদ্যফাকিয়ে প্ৰমাণ কৰে, হজৰত আবু বকৰৰ গদ্য কিমান সৰল, যুক্তিসংগত আৰু প্ৰভাৱশালী আছিল।
 
ইয়াৰ উপৰিও তেওঁ শুক্ৰবাৰৰ সমেবত নামাজৰ সময়ত দিয়া (খুৎবা)ভাষণেবাৰৰ দ্বাৰাও আৰবী গদ্যৰ বিকাশ আৰু প্ৰচাৰ হৈছিল। এনেদৰে নিজে লিখক নহৈয়ো আবু বকৰে আৰবী গদ্যৰ বিকাশত অৱদান আগবঢ়াইছিল। 

হজৰত ওমৰ (Hazarat Omar)

হজৰত ওমৰ (ৰাঃ) আছিল ইছলাম ধর্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছাঃ)ৰ এজন বিখ্যাত চাহাবা (সংগী), ইছলাম প্ৰচাৰক,¸ ইছলামৰ দ্বিতীয় ন্যায়সংগত খলিফা আৰু দিগ্বিজয়ী বীৰ। তেওঁৰ জন্ম হৈছিল ৫৮৩ খ্ৰীষ্টাব্দত আৰবৰ বিখ্যাত বানু আদী গোত্ৰত। তেওঁৰ দেউতাকৰ নাম আছিল খাত্তাব বিন নুফাইল আৰু মাকৰ নাম আছিল হানতামা বিন হিশ্বাম।
 
ডেকা কালত তেওঁ দেউতাকৰ লগত ভেড়া চৰোৱাৰ লগতে কঠোৰ পৰিশ্ৰমৰ কাম কৰিছিল। তেওঁ আছিল এজন অতি কঠোৰ প্ৰকৃতিৰ লোক। জীৱনৰ প্ৰথমাৰ্ধত তেওঁ ইছলামৰ ঘোৰ বিৰোধীতা কৰিছিল আৰু নবীজীক হত্যা কৰাৰো ষড়যন্ত্ৰ কৰিছিল। কিন্তু পিছলৈ তেওঁৰ নিজৰ ভনীয়েকৰ কণ্ঠত কোৰান পাঠ শুনি মুগ্ধ হয় আৰু ইছলাম গ্ৰহণ কৰে। ইছলাম গ্ৰহণ কৰি তেওঁ নবীজীৰ এজন বিশ্বস্ত সহচৰত পৰিণত হয় আৰু আজীৱন ইছলামৰ সেৱাত নিজকে নিয়োজিত কৰে।
 
৬২২ খ্ৰীষ্টাব্দত তেওঁ নবীজীৰ আমন্ত্ৰণক্ৰমে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰে আৰু নবীজীৰ লগত ইছলাম প্ৰচাৰ কৰি থাকে। ৬৩২ খ্ৰীষ্টাব্দত নবীজীৰ ইন্তেকাল হয় আৰু হজৰত আবু বকৰ মদীনাক কেন্দ্ৰ কৰি নবীজীয়ে স্থাপন কৰা ইছলামী ৰাষ্ট্ৰৰ খলিফা নিযুক্ত হয়। আবু বকৰে মাত্ৰ দুই বছৰ ৰাজত্ব কৰাৰ পিছত পৰলোক গমন কৰে আৰু হজৰত ওমৰ তেওঁৰ স্থলাভিষিক্ত হয়।
 
খলিফা পদত অধিষ্ঠিত হৈ তেওঁ ইছলামী সাম্ৰাজ্য নিষ্কণ্টক কৰিবলৈ সাম্ৰাজ্য অভিযান আৰম্ভ কৰে আৰু তেওঁৰ ৰাজত্বকালৰ  মাত্ৰ দহ বছৰৰ  ভিতৰতে বাইজান্টাইন সাম্ৰাজ্যৰ লগতে ৰোমান সাম্ৰাজ্যৰ বহু অংশ ইছলামী সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰে। তেওঁ আনকি আফ্রিকালৈকে সাম্ৰাজ্য বিস্তাৰ কৰি বিশ্বৰ প্ৰায় আধা অংশৰ অধিপতি হয়।
 
তেওঁ অকল দিগ্বিজয়ী বীৰ যোদ্বাই নাছিল, তেওঁ এজন সুদক্ষ প্ৰশাসকো আছিল। তেওঁ জয় কৰা সকলো ৰাষ্ট্ৰতে ইছলামী শাসন প্ৰৱৰ্তন কৰিছল আৰু সেইবোৰ ৰাষ্ট্ৰত শান্তি আৰু নিৰাপত্তা সুদৃঢ় কৰিছিল। তেওঁ বহুতো জনহিতকৰ কামো কৰিছিল। তেওঁ প্ৰায় ৮০০ মছজিদ নিৰ্মাণ কৰাইছিল আৰু বহুতো মাদ্ৰাছা স্থাপন কৰিছিল।
 
তেওঁ সুশাসন সুদৃঢ় কৰিবলৈ ইছলামী ৰাষ্ট্ৰক কেইবাটাও প্ৰদেশত ভাগ কৰিছিল আৰু প্ৰদেশবোৰ কেইবাটাও উপভাগত ভাগ কৰিছিল।  ইয়াৰ উপৰিও তেওঁ এক স্থায়ী সেনাবাহিনী গঠন কৰিছিল আৰু সৈনিকসকলক জাইগীৰি দিয়াৰ পৰিৱৰ্তে দৰ্মহা দিয়াৰ ব্যৱস্থা কৰিছিল।
 
এনে এক বিশাল সাম্ৰাজ্যৰ অধিপতি হজৰত ওমৰক ৬৪৪ খ্ৰীষ্টাব্দৰ এদিনাখন মদীনা মছজিদত সমেবত নামাজ পঢ়াই থকা অৱস্থাত আবু লুলু ফিৰোজ নামৰ এজন পাৰ্চী যুৱকে চুৰীৰে আঘাত কৰি শ্বহীদ কৰে।
 
আৰবী ভাষা-সাহিত্যলৈ অৱদানঃ হজৰত ওমৰ এজন শিক্ষিত ব্যক্তি আছিল । ইছলাম গ্ৰহণৰ পূর্বেই তেওঁ আৰবী ভাষা আয়ত্ব কৰিছিল আৰু হিব্রূ ভাষাত পাৰদৰ্শীতা লাভ কৰিছিল।  তেওঁৰ বাকশক্তি আছিল অসাধাৰণ।
 
তেওঁ কবিতা ৰচনা কৰিছিল যদিও তেওঁ বৃত্তিধাৰী কবি নাছিল। তেওঁ যুদ্ধ ক্ষেত্ৰত কবিতা ৰচনা কৰি বা আন কবিৰ কবিতা আবৃত্তি কৰি যোদ্ধাসকলৰ মনোবল বৃদ্ধি কৰিছিল। তেওঁ নবীজীৰ বহুতো হাদীছ মুখস্থ কৰিছিল আৰু সেইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। ইয়াৰ উপৰিত তেওঁ প্ৰতি শুক্ৰবাৰ সাপ্তাহিক নামাজৰ সময়ত ধৰ্মনীতি, সমাজনীতি, ৰাষ্ট্ৰনীতি আদিৰ ওপৰত বহুতো বক্তৃতা প্ৰদান কৰিছিল।
 
তেওঁৰ ভাষণ আছিল শক্তিশালী, আকৰ্ষণীয়, পৰিচ্ছন্ন, উদাত্ত  আৰু হৃদয়গ্ৰাহী। তেওঁৰ বাকপটুতা, প্ৰকাশভংগী আৰু লালিত্যই অনান্য বক্তাসকলক আকৰ্ষিত কৰিছিল। তেওঁৰ আৰবী গদ্যৰ নমুনাস্বৰূপ তেওঁ খলিফা পদত নিযুক্তি পোৱাৰ পিছত প্ৰথম যি ভাষণ প্ৰদান কৰিছিল তাৰ কেইশাৰীমান তলত উদ্বৃত কৰা হ’ল–
 
“হে আল্লাহ! মই বৰ কঠোৰ, মোক কোমল কৰি দিয়া। হে আল্লাহ! মই বৰ দুৰ্বল, মোক শক্তি দিয়া। আৰববাসীসকল অবাধ্য উটৰ দৰে, সিহঁতৰ লাগাম মোৰ হাতত অৰ্পণ কৰা হৈছে, সিহঁতক সঠিক পথত পৰিচালিত কৰাৰ শক্তি মোক দিয়া।”
 
হজৰত ওমৰ (ৰাঃ)ৰ বহু বাক্য প্ৰবচনত পৰিণত হৈছে, যেনেঃ
 
 (ক) আজিৰ কাম কেতিয়াও অহাকালিৰ বাবে পেলাই নথবা।
(খ) যাক তুমি ঘৃণা কৰা তেওঁক অন্তৰৰ পৰা ভয়ো কৰিবা।
(গ) সংসাৰ জীৱনত যিমান আসক্তহীন হবা সিমানেই স্বাধীন থাকিবা।
(ঘ)  মানুহৰ নামাজ, ৰোজা চাই তেওঁৰ বিচাৰ নকৰিবা, তেওঁৰ জ্ঞান আৰু সাধুতা কিমান সেয়া লক্ষ্য কৰিবা।
(ঙ) যি লোক নিজৰ  বুদ্ধিমতে চলে তেওঁ বিষয়কৰ্ম নিজৰ আয়ত্বাধীন।
 
ইয়াৰ উপৰি প্ৰশাসনিক কালছোৱাত তেওঁৰ তলতীয়া কৰ্মচাৰীলৈ বহুতো চিঠি-প্ৰত্ৰ, চুক্তি পত্ৰ আদি লিখিবলগা হৈছিল। এনেদৰে তেওঁ ভাষণ, চিঠিপত্ৰ, হাদীছ প্ৰচাৰ আদিৰ জৰিয়তে আৰবী গদ্যৰ বিকাশত অৱদান আগবঢ়াইছিল।

হজৰত ওছমান  (Hazarat Othman)

হজৰত ওছমান (ৰাঃ) আছিল ইছলাম ধর্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ এজন বিশ্বস্ত চাহাবা (সহচৰ), দানবীৰ, ইছলামী সাম্ৰাজ্যৰ তৃতীয় ন্যায়পৰায়ণ খলিফা আৰু এজন সুদক্ষ প্ৰশাসক। তেওঁৰ জন্ম হৈছিল ৫৭৫ খৃষ্টাব্দত আৰবৰ সম্ভ্ৰান্ত কোৰাইশ বংশত। তেওঁৰ দেউতাকৰ নাম আছিল আফ্‌ফান ইবনে আবি আল-আছ আৰু মাকৰ নাম আছিল আৰৱা বিনতে কোৰাইছ। সৰু কালত তেওঁ ঘৰুৱা শিক্ষকৰ অধীনত আৰবী লিখা আৰু পঢ়া শিকিছিল। তেওঁৰ দেউতাক আছিল এজন ধনী ব্যৱসায়ী। দেউতাকৰ লগত ডেকা কালৰ পৰাই তেওঁ ব্যৱসায়-বাণিজ্যত জড়িত হৈ পৰিছিল আৰু পিছলৈ তেওঁ কোৰাইশ বংশৰ  আটাইতকৈ ধনী ব্যক্তিত পৰিণত হৈছিল।
 
তেওঁ ৬১১ খ্ৰীষ্টাব্দত হজৰত মহম্মদ (ছাঃ)য়ে প্ৰচাৰ কৰা ইছলাম ধৰ্মত দীক্ষিত হয় আৰু তেতিয়াৰ পৰা নবীজীৰ এজন বিশ্বস্ত চাহাবাত পৰিণত হয় আৰু ইছলাম প্ৰচাৰত বিভিন্নভাৱে নবীজীক সহায়-সহযোগ কৰিবলৈ লয়। তেওঁ নিজে হজৰত মহম্মদ (ছাঃ)ৰ দুই কন্যা উম্মে ৰুকিয়া আৰু উম্মে কুলছুমক বিয়া কৰাইছিল। হজৰত মহম্মদ (ছাঃ)ৰ দুই কন্যাক বিয়া কৰাইছিল বাবে  তেওঁক ‘দু-আল নুৰীয়া’ (দুই পোহৰৰ গৰাকী) বুলিও কোৱা হৈছিল।
 
৬২২ খ্ৰীষ্টাব্দত নবীজীৰ পিছত তেওঁ সপৰিয়ালে মদীনালৈ হিজৰত কৰে। ৬৪৪ খ্ৰীষ্টাব্দত ইছলামৰ দ্বিতীয় খলিফা হজৰত ওমৰ (ৰাঃ) আততায়ীৰ হাতত নিহত হোৱাৰ পিছত হজৰত ওছমান (ৰাঃ) ইছলামী সাম্ৰাজ্যৰ তৃতীয় খলিফা নিযুক্ত হয়। খলিফা নিযুক্ত হৈ হজৰত ওমৰ (ৰাঃ)য়ে গ্ৰহণ কৰা শাসন নীতিবোৰ বাহাল ৰখাৰ উপৰিও তেওঁ কৰ নীতিৰ কিছু সাল-সলনি ঘটাই নতুন কৰ আৰোপ কৰিছিল। তেওঁৰ ৰাজত্বকালত মুছলামসকলৰ পাৰস্যবিজয় সম্পূৰ্ণ হয় আৰু বাইজেন্টাইন সাম্ৰাজ্যলৈ ইছলামৰ  দখল অব্যাহত থাকে।
 
তেওঁ সেনা-বাহিনীৰো কিছু সংস্কাৰ সাধন কৰে আৰু এটি নৌবাহিনী গঠন কৰে। তেওঁৰ দিনত কোৰানৰ পঠন শৈলী, উচ্চাৰণ, সুৰ আদিক লৈ বিভিন্ন অঞ্চলৰ লোকসকলৰ মাজত মতানৈক্য সৃষ্টি হয়। সেয়ে তেওঁ হাছান বিন ছাবিত নামৰ এজন কবি আৰু পণ্ডিতক প্ৰথম খলিফা হজৰত আবু বকৰে সংকলন কৰা কোৰানখনৰ বিশুদ্ধ কপি প্ৰস্তুত কৰি কোৰান পঠনক লৈ উদ্ভৱ হোৱা বিতৰ্কৰ ওৰ পেলায়। হাছান বিন ছাবিতে কোৰানৰ ছয়খন কপি প্ৰস্তুত কৰে আৰু সেইবোৰ ইছলামী সাম্ৰাজ্যৰ প্ৰধান চহৰ সমূহলৈ পঠাই দিয়ে।
 
হজৰত ওছমানৰ দিনত চৰকাৰী উচ্চ পদস্থ বিষয়া নিযুক্তিত স্বজনপ্ৰীতি বৃদ্ধি পায়। তেওঁৰ স্বজনপ্ৰীতিত অসন্তুষ্ট হৈ তেওঁৰ ৰাজত্বৰ শেষৰ পিনে বিদ্ৰোহৰ সূত্ৰপাত হয়। পিছত ৬৫৬ খ্ৰীষ্টাব্দত ইজিপ্তৰ এক বিদ্ৰোহী বাহিনীয়ে খলিফা হজৰত ওছমানৰ বাসস্থান অৱৰোধ কৰে আৰু তেওঁক হত্যা কৰে।
 
আৰবী ভাষা-সাহিত্যলৈ অৱদানঃ হজৰত ওছমান এজন সুশিক্ষিত লোক আছিল আৰু কবিতাৰ প্ৰতি ৰাপ আছিল। তেওঁ যৌৱনত কিছু কবিতাও ৰচনা কৰিছিল বুলি জনা যায় যদিও তেওঁ পেচাধাৰী কবি নাছিল। তেওঁ নবীজীৰ বহুত হাদীছ মুখস্থ কৰিছিল আৰু সেইবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল।
 
হজৰত ওছমান ইতিহাস সাহিত্যৰ বিকাশ সাধনত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল।  তেওঁৰ ৰাজত্বকালত হজৰত আলিৰ ভাই আকীলে মদীনাৰ মছজিদৰ পৰা নিয়মিতভাৱে ইতিহাসৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল।
 
হজৰত ওছমানৰ সাহিত্যকীৰ্তিৰ প্ৰধান নিদৰ্শন হৈছে তেওঁৰ বক্তৃতাসমূহ।  তাৰ বক্তৃতা আছিল তেজস্বী, হৃদয়গ্ৰাহী আৰু আবেদনমময়ী। ইছলামী সাম্ৰাজ্যৰ খলিফা নিৰ্বাচিত হোৱাৰ পিছত তেওঁ যি বক্তৃতা প্ৰদান কৰিছিল সেয়া ইতিহাস প্ৰসিদ্ধ। তলত সেই বক্তৃতাৰ পৰা কেইশাৰীমান উদ্বৃত কৰা হ’লঃ
 
“তোমালোক অৱস্থান কৰি আছা এক নশ্বৰ গৃহত, তোমালোকৰ প্ৰকৃত জীৱন-যাপন হ’ব অবিনশ্বৰ গৃহত। সেয়ে তোমালোকে সেই নিৰ্ধাৰিত দিশত তোমালোকৰ সামৰ্থ্য অনুযায়ী পথৰ সম্বল লৈ গতিশীল হোৱা। কাৰণ তোমালোক তাত যাবই লাগিব হয় -ৰাতিপুৱা, নহয় সন্ধিয়া। পৃথিৱীক নিশ্চয় অহংকাৰৰ ওপৰত সংকুচিত কৰা হৈছে। সেয়ে তোমালোকক যেন পাৰ্থিৱ জীৱনে প্ৰতাৰিত নকৰে।”
 
হজৰত ওছমানৰ গদ্যৰ প্ৰধান বৈশিষ্ট্য হৈছে সুস্পষ্ট শব্দ চয়ন, কম শব্দৰ মাজেৰে অধিক  ভাৱ প্ৰকাশকৰণ, কোৰান-হাদীছৰ পৰা উদ্বৃতিৰ জৰিয়তে বিষয়ৰ গভীৰতা উপলব্ধিকৰণ আদি।
 
হজৰত ওছমানে জীৱনত বহুতো কক্তৃতা প্ৰদান কৰিছিল আৰু সেইবোৰ আৰবী গদ্য সাহিত্যৰ অমূল্য সম্পদ। এনেদৰে তেওঁ বক্তৃতাৰ জৰিয়তে আৰবী গদ্য সাহিত্যৰ ভঁৰাললৈ অৱদান ৰাখি গৈছে।

হজৰত আলি (Hazarat Ali)

হজৰত আলি আছিল হজৰত মহম্মদ (ছাঃ)ৰ চাহাবা, জোৱায়েক, এজন  বীৰ যোদ্ধা, ইছলাম প্ৰচাৰক, কবি আৰু ইছলামৰ চতুৰ্থ তথা অন্তিমজন সঠিকপথত পৰিচালিত হোৱা খলিফা। তেওঁ ৬০০ খ্ৰীষ্টাব্দত মক্কাৰ বিখ্যাত কুৰাইশ বংশত জন্ম গ্ৰহণ কৰে। তেওঁৰ দেউতাকৰ নাম আছিল আবু তালিব আৰু মাকৰ নাম আছিল ফাতিমা বিনতে আছাদ। জন্মৰ পাঁচ বছৰ বয়সত তেওঁ পিতৃ হাৰা হয় আৰু হজৰত মহম্মদ (ছাঃ) আৰু তেখেতৰ পত্নী খাদিজাই তুলি-তালি ডাঙৰ দীঘল কৰে।
 
৬১০ খ্ৰীষ্টাব্দত হজৰত মহম্মদ (ছাঃ)য়ে আল্লাহৰ পৰা অহি (স্বৰ্গীয় বাণী) লাভ কৰে আৰু নবছৰ বয়সত হজৰত আলিয়ে নবীজীৰ ওচৰত ইছলাম গ্ৰহণ কৰে। হজৰত মহম্মদ (ছাঃ)য়ে প্ৰচাৰ কৰা ইছলাম ধৰ্মত দীক্ষিত হোৱা তেওঁ আছিল দ্বিতীয়জন পুৰুষ। প্ৰথমজন  আছিল হজৰত আবু বকৰ (ৰাঃ)। নাৰীৰ ভিতৰত প্ৰথমে ইছলাম গ্ৰহণ কৰিছিল হজৰত হজৰত মহম্মদ (ছাঃ)ৰ পত্নী হজৰত খাদিজাই ।
 
হজৰত আলীয়ে সৰু-কলাৰ পৰাই নবীজীৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈছিল সেয়ে নবীজীৰ আদৰ্শত তেওঁৰ জীৱন গঢ় লৈছিল। হজৰত মহম্মদ (ছাঃ)য়ে ৬২২ খ্ৰীষ্টাব্দত মদীনালৈ হিজৰত কৰাৰ কিছুদিন পিছত হজৰত আলিয়েও সপৰিয়ালে মদীনালৈ হিজৰত কৰে আৰু ইছলামৰ বিৰোধী শক্তিবোৰৰ বিৰুদ্ধে সংগঠিত হোৱা প্ৰতিটো যুদ্ধত নবীজীৰ লগত থাকে আৰু আজীৱন ইছলাম বিস্তাৰত অৱদান আগবঢ়ায়।
 
৬৫৬ খ্ৰীষ্টাব্দত ইছলামৰ তৃতীয় সঠিক পথত পৰিচালিত খলিফা হজৰত ওছমান বিদ্ৰোহীৰ হাতত শ্বহীদ হোৱাত হজৰত আলী ইছলামৰ চতুৰ্থজন খলিফা হিচাপে নিযুক্ত হয়।
 
তেওঁৰ শাসনকালছোৱাত কেইবাটাও যুদ্ধ সংগঠিত হয়, যেনে – উটৰ যুদ্ধ, ছিফি্‌ফনৰ যুদ্ধ, নাহৰানৰ যুদ্ধ আদি। হজৰত আলিয়ে প্ৰতিটো যুদ্ধ সফলতাৰে পৰিচালনা কৰে। তেওঁৰ শাসনকালৰ শেষৰ পিনে ইছলামী সাম্ৰাজ্যত বিভিন্ন বিষয় লৈ মতানৈক্যৰ সৃষ্টি হয় আৰু আইন-শৃঙ্খলা বিনষ্ট হয়। প্ৰাদেশিক শাসনকৰ্তা মোৱাবিয়াৰ লগত সংঘাত আৰম্ভ হয়। এই সংঘাত চলি থাকোতে ৬৬১ খ্ৰীষ্টাব্দত ইবনে মুলজাম নামৰ এজন লোকে তেওঁক হত্যা কৰে। তেওঁৰ মৃত্যুৰ লগে লগে সঠিক পথত পৰিচালিত হোৱা খলিফাসকলৰ ৰাজত্বকালৰ অন্ত পৰে। 
আৰবী ভাষা-সাহিত্যলৈ অৱদানঃ হজৰত আলি (ৰাঃ) আৰবী ভাষাত এজন সুশিক্ষিত ব্যক্তি আছিল আৰু নিজে কবিতা চৰ্চা কৰিছিল যদিও তেওঁ পেচাধাৰী কবি নাছিল।
 
তেওঁ বিভিন্ন সময়ত বিভিন্ন উপলক্ষে প্ৰদান কৰা বক্তৃতা আৰু তেওঁ লিখা বিভিন্ন ৰাজকীয় ফৰমানসসমূহৰ দ্বাৰা আৰবী গদ্য সাহিত্যলৈ অৱদান ৰাখি গৈছে।
 
তেওঁৰ গদ্য আছিল আটকধুনীয়া, কাব্যময়, অলংকাৰপূৰ্ণ, আৰু অসাধাৰণ। তেওঁৰ গদ্যৰ নমুনাস্বৰূপ তেওঁৰ ভাষণৰ পৰা কেইশাৰীমান তলত উদ্বৃত কৰা হ’লঃ
 
“আল্লাহই আমালোকৰ নবীক সেইসময়ত পঠিয়াইছিল  যেতিয়া পৃথিৱীত দীৰ্ঘকালজুৰি কোনো ৰছুল অহা নাছিল, যেতিয়া মানৱ জাতিয়ে সিহঁতৰ কৰ্তব্য ভুলি গৈছিল আৰু সমাজত বিৰোধ- বিশৃঙ্খলতাই ছানি ধৰিছিল। ………….. সেয়ে হে আল্লাহৰ বান্দাসকল, ইতিহাসৰ পৰা শিক্ষা গ্ৰহণ কৰা, তোমালোকৰ পিতৃ-মাতৃ, ভাই বন্ধুসকলৰ পৰিণতি চাই সতৰ্ক হোৱা। তোমালোক যেন সিহঁতৰ অনুসাৰী নোহোৱা।”
 
তেওঁ হজৰত মহম্মদ (ছাঃ)ৰ এজন অহি লিখকো আছিল আৰু নবীজীৰ হৈ বহুতো সন্ধিপত্ৰ আৰু চুক্তিপত্ৰও লিখিছিল। তেওঁৰ ৰাজত্বকালত শাসন সংক্ৰান্ত বিভিন্ন বিষয়ত তলতীয়া কৰ্মচাৰীসকললৈ বহুতো চিঠি আৰু নিৰ্দেশনা পত্ৰ লিখিব লগা হৈছিল। তেওঁ নিজে বিশেষ লিখক নাছিল যদিও তেওঁৰ বক্তৃতা, তেওঁ লিখা চিঠি-পত্ৰ, চুক্তিপত্ৰ আদি আৰবী সাহিত্যৰ অমূল্য সম্পদ। ০ ০ ০

আৰবী সাহিত্যৰ ইতিহাস-প্রাথমিক ইছলামী যুগ | Arabi Sahityor Etihas-Prathamik Islami Yug

 

সমাপ্ত 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Additional Searches:

LEAVE A REPLY

Please enter your comment!
Please enter your name here