Home Biography আৰ্কিমিডিছ | Archimedes

আৰ্কিমিডিছ | Archimedes

0

আৰ্কিমিডিছ | Archimedes

আৰ্কিমিডিছ  Archimedes

 

আৰ্কিমিডিছ | Archimedes

আৰ্কিমিডিছ (Archimedes) আছিল এগৰাকী গ্ৰীক গণিতজ্ঞ আৰু বিজ্ঞানী। প্ৰাচীন গ্ৰীচত তেৱেঁই পোনপ্ৰথমে বিজ্ঞানচৰ্চাক পৰীক্ষা-নিৰীক্ষাৰ মাধ্যমলৈ উন্নীত কৰে আৰু পৰৱৰ্তীকালত তেওঁৰ এই নীতিকেই পৃথিৱীৰ সকলো বিজ্ঞানীয়ে অনুসৰণ কৰে।

প্ৰায় দুহাজাৰ বছৰৰ আগতে জন্ম গ্ৰহণ কৰা আৰ্কিমিডিছৰ জীৱনৰ বিস্তাৰিত  বিৱৰণ পাবলৈ নাই। প্ৰাচীন বুৰঞ্জীবিদসকলৰ ৰচনাৰ পৰা তেওঁৰ জীৱনৰ আংশিক বিৱৰণ পোৱা গৈছে। আনুমানিক খ্ৰীষ্টপূৰ্ব ২৮০-২৯০-ত গ্ৰীচৰ ছাইৰাকিউজ নামৰ সৰু ৰাজ্যৰ এখন ঠাইত তেওঁ জন্ম গ্ৰহণ কৰে। তেওঁৰ দেউতাক ফিউৰাছ আছিল এজন জ্যোতিৰ্বিদ। সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান আৰ্কিমিডিছে পঢ়া-শুনা কৰিছিল আলেকডেণ্ড্ৰিয়া চহৰত। সৰুৰে পৰাই বিজ্ঞানৰ প্ৰতি তেওঁৰ অপৰিসীম আগ্ৰহ আছিল। ছাইৰাকিউজ ৰাজ্যৰ ৰজা হিয়েৰোৱে আলেকজেণ্ড্ৰিয়াত বিশেষ সহায়ৰ বাবে আৰ্কিমিডিছৰ শৰণাপন্ন হৈছিল। আৰ্কিমিডিছেও ৰজাক সহায় কৰাৰ বাবে যথাসাধ্য চেষ্টা কৰিছিল।

এবাৰ ৰজা হিয়েৰোৱে সোণাৰীৰ হতুৱাই এটা সোণৰ মুকুট গঢ়োৱাইছিল। কিন্তু হঠাৎ ৰজাৰ মুকুটটো নিভাঁজ সোণৰ হয়নে বুলি সন্দেহ হোৱাত  সন্দেহ দূৰ কৰিবৰ বাবে সহায় বিচাৰি তেওঁ আৰ্কিমিডিছিক মতাই পঠায়। তেওঁ সকলো কথা শুনিলে যদিও মুকুটটো নভঙাকৈ সেইটো নিভাঁজ সোণৰ হয়নে নহয়, তাক ভাবি উলিয়াব নোৱাৰিলে। এনেকৈ কেইবাদিনো পাৰ হৈ গ’ল। দিনে-ৰাতিয়ে তেওঁৰ মুকুটটোৰ কথাকে চিন্তা কৰিবলৈ ধৰিলে।

মুকুটটোৰ কথা ভাবি ভাবিয়েই এদিনাখন এটা পানী ভৰ্তি চৌবাচ্চাত গা ধূবলৈ বহি হঠাৎ আৰ্কিমিডিছৰ ভাব হ’ল, তেওঁৰ দেহৰ ওজন যেন কিছু কমি গৈছে। চৌবাচ্চাটোৰ কাষেদি কিছু পানী ওফন্দি বাগৰি পৰাও তেওঁৰ চকুত পৰিল। অলপ পৰ ভাবি তেওঁ উলিয়ালে যে, কোনো এটা বস্তু পানী বা আন কোনো তৰল পদাৰ্থত ডুবাই দিলে বস্তুটোয়ে কিছু তৰল পদাৰ্থ অপসাৰিত কৰে আৰু  কিছু ওজন হেৰুৱায়। বস্তুটোৱে হেৰুৱা ওজন ই অপসাৰিত কৰা তৰল পদাৰ্থখিনিৰ সমান।  এই সূত্ৰটোক ‘আৰ্কিমিডিছৰ সূত্ৰ’ বুলি কোৱা হয়। 

হাজাৰ বছৰৰ পাছতো এই সূত্ৰৰ গুৰুত্ব আৰু মৰ্যাদা অক্ষুন্ন আছে। কোৱা বাহুল্য, এই সূত্ৰটো প্ৰয়োগ কৰিয়েই তেওঁ অতি সহজেই ৰজাৰ মুকুটটোৰ বিশুদ্ধতা নিৰ্ণয় কৰিছিল।

তেওঁৰ গোটেই জীৱন ৰাজঅনুগ্ৰহত কটাইছিল। আপোনভোলা এই বিজ্ঞানীজন আছিল ৰজাৰো প্ৰিয়পাত্ৰ। আৰ্কিমিডিছে প্ৰায় তিনি বছৰকাল ৰোমানসকলৰ পৰা ছাইৰাকিউজ ৰাজ্য ৰক্ষা কৰি আছিল। ৰোমানসকলে এদিন ৰাতি মনে মনে আহি ছাইৰাকিউজ দখল কৰে। ৰোমানসকল ছিৰাকিউজবাসীৰ শত্রু হ’লেও তেওঁৰ প্ৰতি ৰোমান সেনাধ্যক্ষ মাৰ্ছেলাছৰ এক বিশেষ প্ৰীতিৰ ভাব আছিল। সেয়েহে তেওঁ আৰ্কিমিডিছক আনিবলৈ সৈন্য পঠিয়াইছিল। কিন্তু অবোধ সৈন্যই পৰিচয় নাজানি নিৰ্দয়ভাৱে তেওঁক হত্যা কৰে। তেওঁ আৰ্কিমিডিছৰ শৱ সসন্মানে সৎকাৰ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। ০ ০ ০

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here