Home Quiz ইছলামত প্রথম-কুইজ | First in Islam

ইছলামত প্রথম-কুইজ | First in Islam

0

ইছলামত প্রথম-কুইজ | First in Islam

ইছলামত প্রথম-কুইজ  First in Islam

 

ইছলামত প্রথম-কুইজ, First in Islam First in Islam

ইছলামত প্রথম-কুইজ 

প্ৰঃ বয়স্কসকলৰ মাজত প্ৰথম কোনে ইছলাম গ্ৰহণ কৰে?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ কিশোৰসকলৰ মাজত প্ৰথম ইছলাম গ্ৰহণ কৰে কোনে?

উঃ হজৰত আলি (ৰাঃ), দহ বছৰ বয়সত।

প্ৰঃ পৃথিৱীৰ একমাত্ৰ কোনজন ব্যক্তি কাবা ঘৰত জন্ম গ্ৰহণ কৰিছিল?

উঃ হজৰত আলি (ৰাঃ)।

প্ৰঃ কোনজন দাস (গোলাম) য়ে প্ৰথম ইছলাম গ্ৰহণ কৰে?

উঃ হজৰত জায়েদ (ৰাঃ)।

প্ৰঃ উম্মতে মুহাম্মদীৰ মাজত সৰ্বপ্ৰথম কোনে বিহিস্ত পাব?

উঃ আবু বক্কৰ (ৰাঃ)।

প্ৰঃ কিয়ামতৰ পিছত আল্লাহ সৰ্বপ্ৰথম কাক জীৱিত কৰিব?

উঃ হজৰত ইস্ৰাফিল (আঃ)।

প্ৰঃ ইছলামৰ ইতিহাসত সৰ্বপ্ৰথম পতাকা তুলিছিল কোনে?

উঃ হজৰত বাৰীদাহ আছলামী (ৰাঃ)।

প্ৰঃ ইছলাম জগতত সৰ্বপ্ৰথম তীৰ নিক্ষেপকাৰীৰ নাম কি?

উঃ হজৰত ছাদ বিন আবি আক্কাছ।

প্ৰঃ হুজুৰ (ছাঃ)ৰ সৰ্বপ্ৰথম অহি লেখক কোন আছিল?

উঃ খালিদ বিন ছাইদ।

প্ৰঃ সৰ্বপ্ৰথম মুৱাজ্জিন কোন?

উঃ হজৰত বিল্লাল (ৰাঃ)।

ইছলামত প্রথম-কুইজ, First in Islam

প্ৰঃ হুজুৰ (ছাঃ)ৰ যুগত সৰ্বপ্ৰথম হিজৰত কোনে ক’লৈ কৰিছিল?

উঃ হজৰত উচমান গণি (ৰাঃ), আবিছিনিয়ালৈ।

প্ৰঃ ইছলামৰ সৰ্বপ্ৰথম স্বহীদ কোন ?

উঃ হাৰছ বিন আবি হালা।

প্ৰঃ হিজৰতৰ পিছত সৰ্বপ্ৰথম কোনে ইন্তেকাল কৰিছিল?

উঃ হজৰত উচমান বিন মাছউন (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম কোন পৰিয়ালৰ আটাইবোৰ সদস্যই ইছলাম গ্ৰহণ কৰিছিল?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)ৰ পৰিয়াল।

প্ৰঃ সৰ্বপ্ৰথম কোনে ছুফী নামে পৰিচিত হয়?

উঃ আবু হাশেম ছুফী।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ)ৰ জীৱনী সৰ্বপ্ৰথম কোনে লিখে?

উঃ  ইবনে ইছহাক (উমাইয়া শাসন কালত)।

প্ৰঃ  ইছলামৰ প্ৰথম জাতীয় বীৰ কোন?

উঃ হজৰত খালিদ বিন অলিদ (ৰাঃ)।

প্ৰঃ  হজৰত মুহাম্মদ (ছাঃ)ৰ উম্মতৰ মাজত আমিন কাক কোৱা হয়?

উঃ হজৰত আবু উবাইদা (ৰাঃ)।

প্ৰঃ কোনে প্ৰথমতে ইছলাম ত্যাগ কৰি ধৰ্মত্যাগী হয়?

উঃ উবাইদুল্লাহ বিন জাহাছ।

প্ৰঃ পৃথিৱীৰ সৰ্বপ্ৰথম নৰহত্যাকাৰী কোন?

উঃ কাবিল (হজৰত আদম আলাইহে ৱাছাল্লামৰ পুত্ৰ। তেওঁ তেওঁৰ ডাঙৰ ভাই হাবিলক হত্যা কৰিছিল।)

প্ৰঃ কোন চাহাবী কাবা ঘৰত উচ্চ স্বৰত কালিমা পাঠ কৰাৰ বাবে মাৰ খাইছিল?

উঃ হজৰত ছালমান ফাৰছী।

প্ৰঃ ইছলামত খিলাফত ব্যৱস্থাৰ অৱসান কৰি কোনে সৰ্বপ্ৰথম ৰাজতন্ত্ৰৰ পাতনি মেলে?

উঃ হজৰত মুৱাবিয়া (ৰাঃ)।

প্ৰঃ  পৃথিৱীত সৰ্বপ্ৰথম কাৰ দাফন কাপন কৰা হৈছিল?

উঃ আদম (আঃ) ৰ পুত্ৰ হাবিলৰ।

প্ৰঃ পৃথিৱীত সৰ্বপ্ৰথম খাতনা (লিঙ্গৰ অগ্ৰছাল ছেদন) হৈছিল?

উঃ হজৰত ইব্রাহিম (আঃ)।

প্ৰঃ কোন ইহুদি পণ্ডিত সৰ্বপ্ৰথম ইছলাম কবুল কৰিছিল?

উঃ হজৰত আব্দুল্লাহ বিন ছালাম। 

প্ৰঃ কাবা শ্বৰিফত প্ৰথম কোনে গিলাফ (চাদৰ) ৰ প্ৰচলন কৰে?

উঃ ইয়ামনৰ বাদশা আউৱাল হামিৰী।

প্ৰঃ মছজিদে নববীৰ প্ৰথম সম্প্ৰসাৰণ আৰু সংস্কাৰ কোনে কৰিছিল?

উঃ হজৰত ওমৰ (ৰাঃ)।

প্ৰঃ মক্কা বিজয়ৰ পিছত সৰ্বপ্ৰথম কোনে মুছলমান হয়?

উঃ আবু সুফিয়ান (ৰাঃ)।

প্ৰঃ হুজুৰ (ছাঃ) সৰ্বপ্ৰথম কোন কবিক পুৰস্কৃত কৰে?

উঃ কায়াব বিন মুহাইৰ।

প্ৰঃ কোন সম্ৰাট প্ৰথমতে হুজুৰ (ছাঃ)লৈ  বাদশাহী নজৰানা (উপহাৰ) প্ৰেৰণ কৰে?

উঃ সম্ৰাট নাজ্জাছী।

ইছলামত প্রথম-কুইজ, First in Islam

প্ৰঃ ইছলামী শিক্ষক হিচাপে হুজুৰ (ছাঃ)য়ে সৰ্বপ্ৰথম কাক মদিনালৈ প্ৰেৰণ কৰে?

উঃ হজৰত মাছআব ইবনে উমাইৰ (ৰাঃ)।

প্ৰঃ হজৰত মুহাম্মদ (ছাঃ) কাৰ লগত সৰ্বপ্ৰথম বিদেশ ভ্ৰমণ কৰে?

উঃনিজৰ খুড়া আবু তালিবৰ লগত ছিৰিয়া ভ্ৰমণ কৰে।

প্ৰঃ কোন নবীয়ে পৃথিৱীৰ সকলোকে ভোজ সভালৈ নিয়ন্ত্ৰণ জনাইছিল?

উঃ হজৰত চুলেইমান (আঃ)।

প্ৰঃ সৰ্বপ্ৰথম কোন গোলাম সেনাপতি হয়?

উঃ হজৰত দাহিয়া কলবী (ৰাঃ)।

প্ৰঃ কোন চাহাবী যুদ্ধক্ষেত্ৰত ভুলবশতঃ কোন মুছলমান ভাইক শ্বহীদ কৰে?

উঃ হজৰত উবাদাহ বিন ছামিত (ৰাঃ) য়ে ভুল বশতঃ হিছাম বিন উছাবাহ (ৰাঃ) ক শ্বহীদ কৰিছিল।

প্ৰঃ সৰ্বপ্ৰথম কোন খলিফা মদ্ৰাত নিজৰ নাম অঙ্কিত কৰে?

উঃ আব্দুল্লাহ বিন মাৰোৱান।

প্ৰঃ সৰ্বপ্ৰথম বায়তুল মালৰ প্ৰতিষ্ঠাতা কোন?

উঃ হজৰত আবু বক্কৰ (ৰাঃ)।

প্ৰঃ সৰ্বপ্ৰথম মুৱাজ্জিনৰ দৰমহা দিয়াৰ ব্যৱস্থা কোনে কৰে?

উঃ তৃতীয় খলিফা হজৰত ওচমান গণি (ৰাঃ)।

প্ৰঃ  সৰ্বপ্ৰথম ভয়ৰ বাবে ছালাতুল খৌফ কেতিয়া পঢ়া হৈছিল?

উঃ আছদান যুদ্ধত।

প্ৰঃ সৰ্বপ্ৰথম কোন যুদ্ধত  নামাজ কাজা হৈছিল?

উঃ খন্দক (পৰিখা) ৰ যুদ্ধত।

প্ৰঃ কাবা শ্বৰিফৰ ওপৰত উঠি সৰ্বপ্ৰথম কোনে আজান দিছিল?

উঃ হজৰত বিল্লাল (ৰাঃ)। 0 0 0

ইছলামত প্রথম-কুইজ, First in Islam

বিজ্ঞপ্তিঃ আমাৰ লিখনিসমূহত শুদ্ধ আৰু নিখুঁত তথ্য দাঙি ধৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ যদিও অজানিতে বা অজ্ঞতাবশতঃ কিবা ভুল-ভ্রান্তি ৰৈ যাব পাৰে। আমাৰ সুহৃদ পাঠক সমাজৰ চকুত সেয়া ধৰা পৰিলে কমেন্ট যুগে আমাক জনাবলৈ আমি বিনম্র অনুৰোধ  জনালোঁ । ধন্যবাদ —ৰাব্বি মছৰুৰ 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here