Home Essay ইন্টাৰভিউৰ  টকা । অসমীয়া চুটি গল্প | Interviewor Toka

ইন্টাৰভিউৰ  টকা । অসমীয়া চুটি গল্প | Interviewor Toka

0

ইন্টাৰভিউৰ  টকা । অসমীয়া চুটি গল্প

 

ইন্টাৰভিউৰ  টকা । অসমীয়া চুটি গল্প  Interviewor Toka

ইন্টাৰভিউৰ  টকা

-ৰাব্বি মছৰুৰ

প্রদীপে কলিং লেটাৰখন হাতত লৈ ভাবিছে – অহা মাহৰ তিনি তাৰিখে ইন্টাৰভিউ। সন্মুখত মাত্ৰ পাঁচ দিন। এই পাঁচ দিনৰ ভিতৰত তেওঁ ধুবুৰীৰ পৰা গুৱাহাটীলৈ অহা-যোৱা খৰচৰ বাবদ কমেও পাঁচশমান টকা যোগাৰ কৰিবই লাগিব। পাই যাব পাৰে চাকৰিটো! সি স্থানীয় বিধায়কক কেইবাদিনো লগ ধৰি কিবা এটা ব্যৱস্থা কৰি দিবলৈ খাটনি ধৰিছিল। তাৰোপৰি নিৰ্বাচনৰ সময়ত তেওঁ বিধায়কৰ হৈ কমখন নগুৰ-নাকতি ভোগ কৰা নাছিলনে? ক’বলৈ গ’লে বিধায়কজনৰ জয়লাভৰ অন্তৰালত তেওঁৰ বহুত অৱদান আছে। সেয়ে তেওঁ ইন্টাৰভিউটো দিবই লাগিব। ভাল হয়, বেয়া হয় -সেয়া কোনো কথা নহয়। তেওঁ মাত্ৰ বহিব লাগে। মাথো ইন্টাৰভিউত উপস্থিত থাকিব লাগে। কিন্তু ইন্টাৰভিউত উপস্থিত হ’বলৈ তেওঁ গুৱাহাটীলৈ যাব লাগিব। এবাৰ তেওঁ নিজকে নিজে ক’লে, ‘ইমান দূৰত ইন্টাৰভিউ পাতিব লাগেনে? চৰকাৰৰতো বিবেচনা বোলা বস্তুটো থাকিব লাগে।  সামান্য কেৰানীৰ চাকৰি এটাৰ  ইন্টাৰভিউৰ  বাবে আমি ধুবুৰীৰ পৰা যাব লাগে গুৱাহাটীলৈ। আমাৰ যে দিনেই নচলে তেনে স্থলত গাড়ী ভাড়া যোগাৰ কৰাটো আমাৰ কাৰণে কিমান কষ্টকৰ- চৰকাৰে সেয়া ভাবিব লাগিছিল। এইবাৰ চৰকাৰৰ ওপৰত তেওঁৰ খং উঠিল।  তেওঁ কোনোবাই কোৱা শুনিছে যে প্ৰতিজন বিধায়কে হেনো মাহেকত দৰমহাৰ নামত প্ৰায় একলাখ টকা পায়।  অথচ এইখন অসমতে শতকৰা আশীভাগ পৰিয়ালৰ মাহেকীয়া আয় দুই হাজাৰ টকাতকৈয়ো কম। আকাশ পাতাল পাৰ্থক্য। বিধায়কসকলে এমাহত পোৱা দৰমহাৰে আমাৰ দৰে পঞ্চাশটা পৰিয়াল জীয়াই থাকিব পাৰোঁ। তেওঁ নিৰাশ হ’ল। উশাহ নিশাহত কষ্ট অনুভৱ কৰিবলৈ ধৰিলে।

এইবাৰ তেওঁ ভাবিলৈ ধৰিলে বিধায়কসকলৰ দ্বাৰা আমাৰ কি উন্নয়ন হৈ আছে? সিহঁতে পথাৰত কোনোদিন হাল বাই চাইছেনে?  সিহঁতে ৰাস্তা-ঘাটত কোনো দিন শিল ভাঙি পাইছেনে? সিহঁতে এই মাঘৰ শীতত এটি মাথো টেৰা কঁথাৰে ৰাতি কটাই পাইছেনে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ তেওঁ নিজেই দিলে, “নাই পোৱা। সিহঁতকতো আমি ৰাইজৰ সেৱাৰ বাবেই প্ৰতিনিধি কৰি পঠাইছো। অথচ ৰাইজৰ সেৱাৰ নামত সম্ৰাট হৈ বহি আছে।” তেওঁ আৰু ভাবি থাকিব নোৱাৰিলে। এইবাৰ ইন্টাৰভিউলৈ যোৱাৰ বাবে লগা টকা যোগাৰ কাৰাৰ উপায় চিন্তা কৰিবলৈ ধৰিলে। তেওঁৰ মনলৈ পাৰ হৈ যোৱা দিনবোৰৰ ছবি ভাঁহি উঠিল। তেওঁ এইবাৰৰ আগতে দহবাৰমান ইন্টাৰভিউত বহিছে। প্ৰথমবাৰ ইন্টাৰভিউত উপস্থিত হোৱাৰ বাট খৰচ উলিয়াবলৈ মোমায়েকহঁতে তেওঁৰ মাকক দিয়া দামুৰিটো বিক্ৰি কৰিব লগা হৈছিল। দামুৰিটো বিক্ৰি কৰাৰ সময়ত মাকক কৈছিল, “আই, তই চিন্তা নকৰিবি। চাকৰিটো মিলিলে প্ৰথমতে মই তোক ঠিক অষ্ট্ৰেলিয়ান গাই এটি কিনি দিম।” কিন্তু আশাৰ মূৰত চেঁচা পানী পৰিল। তিনি বছৰ পিছত ইন্টাৰভিউৰ ফলাফল ওলাল। লিষ্টত তেওঁৰ নাম নাই। পিছত গম পালে ‘আগতে যোগাযোগ কৰিলে’ তেওঁ হেনো চাকৰিটো পালেহেঁতেন।

দ্বিতায়বাৰ ইন্টাৰভিউত বহোতে মাকৰ খাৰুযোৰ বিক্ৰি কৰিব লগা হৈছিল। সেইবাৰ তেওঁ মাকক কৈছিল, “আই, তই দুখ নকৰিবি। এইবাৰ নিশ্চয় ইন্টৰভিউটো দিয়েই যোগাযোগৰ চেইনটো উলিয়াম। আমাৰতো এবিঘামান মাটি আছেই। সেয়াই বিক্ৰি কৰি দিম। এইবাৰ নিশ্চয় চাকৰিটো পাম। আই, তোক অষ্ট্ৰেলিয়ান গাইৰ লগতে খাটি সোণেৰে খাৰুটো বনাই দিহে বেলেগ চিন্তা কৰিম।” 

সময় বাগৰি গ’ল। দুই বছৰ পিছত ইন্টাৰভিউৰ ফলাফল ঘোষণা হ’ল। তেওঁ যোগাযোগৰ চেইনেই বিচাৰি নাপালে। চাকৰিটোও নহ’ল। তাৰ পিছত তৃতীয়টো ইন্টাৰভিউৰ সময়ত …… নহয়, নহয়। তেওঁ আৰু ভাবিব নোৱাৰিলে। তেওঁৰ মূৰটো আচন্দ্ৰাই কৰিলে।  তেওঁ  বিছনাতে বাগৰি দিলে।  চকুদুখন মুদি দিলে। শৰীৰটো গৰম হৈ উঠিল। কিন্তু মগজুয়ে ভাবি থাকিল- এইবাৰেই তেওঁৰ শেষ আশা। তেওঁ টকা যোগাৰ কৰিবই লাগিব। তেওঁৰ নিজৰ মূৰে আৰু কাম নকৰিলে। অৱশেষত প্ৰদীেপ মাকক মাতি ক’লে,

“আই, তই এপাক মোমায়েকহঁতৰ ঘৰলৈ যাচোন। সিহঁৰ পৰা যদি কিছু টকা আনিব পৰা যায়। ইন্টাৰভিউটো দিব পাৰিলে এইবাৰ চাকৰিটো নিশ্চয় পাম। এইবাৰ বিধায়কজনে আশ্বাস দিছে।”

মাকে ক’লে, “তোৰ মামাহঁতৰে দিন নচলে। সিহঁতেনো টকা ক’ৰ পৰা দিব? মই গৈ আৰু লাজ পাব নোখোজো। পাৰা যদি অন্য উপায়ৰ কথা চিন্তা কৰ।”

প্রদীপে এইবাৰ ভাবিলে সি খুৰায়েকৰ ঘৰলৈ যাব। কিন্তু পিছ মূহুৰ্ততে মনত পৰিল সিহঁতৰ পৰা ছয়মাহমান আগতে ৱাৰ্ডম্যানৰ চাকৰিটোৰ বাবে দিয়া ইন্টাৰভিউৰ সময়ত তিনিশ টকা আনিয়েই থৈছে। গতিকে দ্বিতীয়বাৰ তেওঁ খুৰায়েকহঁতৰ ঘৰলৈ যোৱাৰ সাহস নকৰিলে।

এইবাৰ তেওঁ ভাবি ভাবি বাগৰি পৰিল। তেওঁ কঁপিব ধৰিলে। চকু দুটা মুদি দিলে।  তেওঁ অলপমান সময় চিন্তা নকৰিব বুলি মনক বুজালে।  কিন্তু হঠাতে মুদি থকা চকুৰ আগত ভাঁহি উঠিল পাঁচ বছৰ আগতে ঘৰৰ পৰা ওলাই যোৱা ‘মিনতি’ বায়েকৰ কথা।  প্ৰদীপহঁত পাঁচজনীয়া পৰিয়াল। মাক, তিনিজন ভাই-ককাই আৰু মিনতি নামৰ বায়েকজনী। দেউতাক দহ বছৰমান আগতে ঢুকাইছে। মিনতি ছোৱালীজনীয়েই  ডাঙৰ । প্ৰদীপ মাক-দেউতাকৰ দুই নম্বৰ সন্তান। ভাই-ককাইৰ ভিতৰত সিয়েই ডাঙৰ।  সৰু দুজন ভাইটিৰ এজন অষ্টম শ্ৰেণীত পঢ়ি  আছে আৰু কনিষ্টজন এখন চাহ দোকানত নবিচ খাটি আছে। বায়েক মিনতিয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষা পাচ কৰি চাকৰিৰ সন্ধানত এদিন ঘৰৰ পৰা ওলাই গৈছিল। সেই যে তাই ওলাই গৈছে ঘৰলৈ আৰু ঘূৰি অহা নাই। প্ৰথমতে তাই ধুবুৰী টাউনত কেইজন মান বান্ধৱীৰ লগলাগি এম্ৰাইডাৰীৰ কাম আৰম্ভ কৰিছিল। এই কাম কৰি তাই নিজা খৰচ উলিওয়াৰ উপৰিও ঘৰলৈ মাহে মাহে দুই-তিনিশ মানকৈ টকা পঠিয়াবও পাৰিছিল। তাই মাহে মাহে পঠিওৱা টকাকেইটাই ঘৰখনক অলপ হ’লেও সকাহ দিছিল।  ইতিমধ্যে প্রদীপে বি. এ. পাচ কৰিলে।

দিনবোৰ কোনোমতে পাৰ হৈ থাকিল। লাহে লাহে তাই অলপ বেছি টকা পঠাব পৰা হ’ল। পৰিয়ালটোৰ সকলোৰে ভাল লাগিল। এবাৰ চিঠিত তাই জনালে, “এম্ৰইডাৰী কামৰ চাহিদা কমি গৈছে। ইয়াৰ দ্বাৰা নিজৰ ৰেচন উলিওৱাটোয়েই কঠিন। সেয়ে মই বেলেগ কিবা কৰাৰ চিন্তা কৰি আছো।” কিন্তু তাই বা কি বেলেগ কিবা চিন্তা কৰি আছে? এবাৰ এজন মানুহৰ মুখে প্ৰদীপহঁতে শুনিবলৈ পালে তাই হেনো গুৱাহাটী চহৰলৈ গুচি গৈছে আৰু তাতে হেনো হোটেলত গণিকা ………।  

ইয়াৰ পিছত প্ৰদীয়ে আৰু কোনো কথা মনত পেলাব নোৱাৰিলে। তেওঁৰ মস্তিষ্কত খেলি-মেলি লাগিল। পৰিয়ালটোৰ আটোয়ে সিদিনা কান্ধোনত ভাগি পৰিছিল। মাকে তাইক ত্যাজ্যা সন্তান ঘোষণা কৰি হিয়া ভুকুৱাই কান্দিছিল। প্ৰদীয়ে বায়েকৰ অভিশপ্ত জীৱনৰ প্ৰতি প্ৰচণ্ড ঘৃণা পোষণ কৰি থাকিল। তাইৰ লগত পৰিয়ালৰ সকলো যোগাযোগ বন্ধ কৰি দিলে। সেই মাহত ঘৰলৈ পঠোৱা পাচঁশ টকা গ্ৰহণ নকৰি ঘূৰাই পঠালে। 

পৰিয়ালটো এইবাৰ ঘোৰ অন্ধকাৰত পৰিল। তাৰ পিছৰ পৰা ভুলক্ৰমেও ‘মিনতি’ নামটো পৰিয়ালৰ কোনেও উচ্চাৰণ কৰা প্রদীপে শুনিবলৈ পোৱা নাই।  

কিন্তু সময় এক দুর্বোধ্য সাঁথৰ। সময় আৰু পৰিস্থিতি সলনি হোৱাৰ লগে লগে মানুহৰ মন আৰু মানসিকতাও সলনি হয়। কিন্তু মানুহে এই সলনি বুজাতহে পলম কৰে।  প্রদীপে ইন্টাৰভিউলৈ যোৱা খৰচৰ টকা যোগাৰ কৰাৰ কোনো উপায় বিচাৰি নাপাই মনে মনে ভাবিলে, “এইবাৰ যদি মিনতি বায়ে পাঁছশ মান টকা পঠালেহেঁতেন!” ০ ০ ০.

ইন্টাৰভিউৰ  টকা

বিঃদ্রুঃ উক্ত ‘ইন্টাৰভিউৰ  টকা । অসমীয়া চুটি গল্প’ ৰচনাটি ৰাব্বি  মছৰুৰ ৰচিত ‘বিবিধ‘ শিৰোনামৰ গ্রন্থৰ অন্তর্গত।

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here