Home Biographies কবিতা | Kabita | Rabbi Masrur

কবিতা | Kabita | Rabbi Masrur

0

কবিতা | Kabita | Rabbi Masrur

কবিতা  Kabita  Rabbi Masrur

কবিতা

–ৰাব্বি মছৰুৰ

প্ৰেমৰ বতৰ পাৰ হওঁ হওঁ বয়সত 

মোৰ প্ৰেম হৈছিল 

এটি পুৰণি কবিতাৰ স’তে আকস্মিক

কম্পমান, ভয়ত থৰ থৰ বুকুৰে বগাই গৈছিলো 

প্ৰেমৰ সবুজ পথাৰ

গিৰি-খাদ আৰু ইয়াৰ অন্ধকাৰ উপত্যকা।

বাৰটা মাহেৰে গঢ়া এটি মাথো বছৰতে পাৰ হৈ গ’ল 

হেজাৰখন প্ৰেমৰ শ্বাশত বতৰ

উত্থান-পতনো আহিল বহুবাৰ

শোক আহিল, দুখ আহিল – আনন্দৰ লগতে

কবিতাটি এতিয়াও পুৰণি

মই নতুনৰ দৰে আওৰাও।

বসন্ত দুটি বাগৰি গ’ল

আকস্মিক আহিল এটি নতুন কবিতা 

মোৰ জীৱনলৈ

তাৰ পিছৰখিনি জলন্ত উল্কা!

এতিয়া আকৌ পুৰণি কবিতাটিকে নতুনকৈ পঢ়িবলৈ  ল’লো।

পঢ়ি আছো, পঢ়ি আছো 

আৰু ভাৱি আছো-

একান্তভাৱেই মোৰ এটি কবিতা থকা হ’লে!

মই ৰিজাই চাইছো 

জীৱনলৈ অহা দুয়োটা কবিতাকে

পুৰণিত যি আছে- নতুনতো সেয়া আছে।

মাথো সলনি হৈছে পোছাক।

ভাৱৰ গহীনতা, ভাষাৰ গাম্ভীৰ্য—

দুয়োটাতে পাৰ্থক্য আকাশ পাতাল

তথাপি দুয়োটাকে ‘কবিতা’ বুলি ভুল কৰো বাৰে বাৰে। ০ ০ ০

Read More: পৃথিৱীৰ আৰু মোৰ

 

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here