Home Ass Grammar খণ্ড বাক্য | Assamese Clause

খণ্ড বাক্য | Assamese Clause

0

 খণ্ড বাক্য

খণ্ড বাক্য  Assamese Clause

 

খণ্ড বাক্য | Assamese Clause

খণ্ড বাক্য | Assamese Clause

কোনো মিশ্ৰ বা যৌগিক বাক্যৰ অন্তৰ্গত কৰ্তা আৰু ক্ৰিয়া থকা বাক্যক খণ্ডবাক্য (Clause) বোলে। উদাহৰণ–

ইয়ালৈ অহা ল’ৰাজন মোৰ ভাই।

ওপৰৰ বাক্যটো এটি জটিল বাক্য। বাকটোত দুটা অংশ আছে– (ক) ইয়ালৈ অহা ল’ৰাজন আৰু (খ) মোৰ ভাই।

এই দুয়োটা অংশই একো একোটা খণ্ডবাক্য।

গঠন আৰু বৈশিষ্ট্য আনুযায়ী খণ্ডবাক্যক প্ৰধানকৈ তিনিটা শ্ৰেণীত ভাগ  কৰা হৈছে, যথা–

(১) প্ৰধান খণ্ডবাক্য  (Principal Clause)

(২) অধীন খণ্ডবাক্য (Subordinate Clause) আৰু 

(৩) নিৰপেক্ষ খণ্ডবাক্য (Co-ordinate Clause) 

তলত এইবোৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।

প্ৰধান খণ্ডবাক্য  (Principal Clause)

মিশ্ৰ বা জটিল বাক্যৰ অন্তৰ্গত মূল বাক্যটোক প্ৰধান খণ্ডবাক্য বোলে। প্ৰধান খণ্ডবাক্যই নিজে নিজেই কোনো অৰ্থ প্ৰকাশ কৰিব পাৰে।  উদাহৰণ–

দৌৰ প্ৰতিযোগীতাত  প্ৰথম স্থান পোৱা ল’ৰাজন মোৰ বন্ধু।

মই জানো যে তুমি সত্যবাদী।

অধীন খণ্ডবাক্য (Subordinate Clause)

মিশ্ৰ বা জটিল  বাক্যৰ অন্তৰ্গত সকলো বাক্যই অপ্ৰধান বা অধীন খণ্ডবাক্য। অধীন খণ্ডবাক্যই প্ৰধান খণ্ডবাক্যৰ সহায়তহে অৰ্থ প্ৰকাশ কৰিব পাৰে। উদাহৰণ–

ৰাম যেতিয়া আহিছিল মই ৰামায়ণ পঢ়ি আছিলোঁ।

এইজনেই সেইজন ল’ৰা যিজনে মোৰ চাইকেলখন ধাৰে লৈছিল।

নিৰপেক্ষ খণ্ডবাক্য (Co-ordinate Clause)

যৌগিক বাক্যৰ অন্তৰ্গত প্ৰতিটো খণ্ডই  নিৰপেক্ষ খণ্ডবাক্য। নিৰপেক্ষখণ্ডবাক্যই নিজে নিজেই কোনো অৰ্থ প্ৰকাশ কৰিব পাৰে।  উদাহৰণ–

ললিতা এজনী ছোৱালী আৰু মৃগেন এজন ল’ৰা।

আমি বল খেলো আৰু সিহঁতে ক্ৰিকেট খেলে।

হৰেন অংকত ভাল  কিন্তু ৰাজেন অংকত ভাল নহয়।

খণ্ড বাক্য | Assamese Clause 

অনুশীলনী

(১) খণ্ডবাক্য  কাক বোলে?

(২) বৈশিষ্ট্য অনুযায়ী খণ্ডবাক্যক কেই শ্ৰেণীত  ভাগ কৰা হৈছে? 

(৩) প্ৰধান খণ্ডবাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৪) অধীন খণ্ডবাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।

(৫) নিৰপেক্ষ খণ্ডবাক্য কাক বোলে? উদাহৰণসহ বুজাই লিখা।।

(৭) তলৰ বাক্যবোৰত থকা খণ্ডবাক্যবোৰ বাছি উলিয়াই শ্ৰেণী বিভাগ কৰা। 

(ক) যোৱা কালি গান গোৱা ল’ৰাজন মোৰ সহপাঠী।

(খ) তুমি অহাৰ আগে আগে ৰেলখন এৰিলে।

(গ) যদিহে বৰষুণ এৰে আমি তালৈ নাযাম।

(ঘ) তেওঁ কাম কৰিছিল আৰু তাই টোপনিয়াইছিল।

(ঙ) তুমি অহাৰ পাছত মই ঘৰলৈ গৈছিলো। ০ ০ ০

খণ্ড বাক্য | Assamese Clause

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here