জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’–এক আলোচনা
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ — এক আলোচনা
‘কাঞ্চনজঙঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিত কবি জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰাচীন ভাৰতৰ শৌৰ্য-বীৰ্যৰ লগতে তেওঁৰ সমসাময়িক ভাৰতবৰ্ষৰ ছবি অংকন কৰিছে।
প্ৰথমতে কবিয়ে কাঞ্চনজঙঘাক ‘মই কাঞ্চনজঙঘা, তুষাৰ শুভ্ৰ শিৰ’ বুলি ভাৰতবৰ্ষৰ প্ৰাকৃতিক পৰিৱেশৰ সুন্দৰ ছবি অংকন কৰিছে। কাঞ্চনজঙঘাক ৰূপাত্মকভাৱে মহাদেৱ বা শিৱ বুলি পৰিচয় দিয়াইছে। শিৱ হৈছে ভাৰতীয়সকলৰ চিৰ উপাস্য ডাঙৰ দেৱতা। শিৱৰ লগত ভাৰতৰ প্ৰাচীন ইতিহাস জড়িত হৈছে। ভগীৰথে সূৰ্যবংশ ৰক্ষাৰ বাবে গংগাক সন্তুষ্ট কৰি স্বৰ্গৰ পৰা মর্ত্যলৈ নমাই আনোতে গংগাৰ দৰ্পচূৰ্ণকাৰী মহাদেৱে গংগাক নিজৰ মূৰৰ চুলিৰ জঁটাৰ ভিতৰত বন্দী কৰি ৰাখিছিল। আকৌ ভগীৰথৰ অনুৰোধ ৰক্ষা কৰি সুৰধনী গংগাক বৈ যাবলৈ দিয়ে। এইদৰে ভগীৰথ, সূৰ্যবংশ, গংগা, শিৱ আদিৰ কাহিনী এই কবিতাটোত পৰোক্ষভাৱে বৰ্ণিত হৈছে।
আনহাতে কবিয়ে ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী‘ কবিতাটোত নতুন ভাৰতৰ ছবিও অংকন কৰিছে। সময় পাৰ হৈ যায়। সময় আগবাঢ়ি যোৱাৰ লগে লগে মানৱ সভ্যতাৰো পৰিৱৰ্তন হয়। মানুহৰ মনৰ পৰিৱৰ্তন হয়। ভাৰতৰ ক্ষেত্ৰতো ঠিক সেয়াই ঘটিছে। পুৰণিৰ স্থানত নতুন সভ্যতা আৰু সংস্কৃতি জন্ম হ’ল। ইতিহাস এই পৰিৱৰ্তনৰ সাক্ষী। কবিৰ ভাষাত–
‘পিন্ধি পিন্ধি সভ্যতাৰ
নতুন মেখেলা,
নাচি নাচি উৰুৱায়
সোণোৱালী ধূলা।
সেই ধূলিৰেই ঢাক খায়
ধূলিতেই জহি যায়
পুৰণি ভঙ্গা।’
এনেদৰেই কবিয়ে কবিতাটিত প্ৰাচীন আৰু নতুন ভাৰতৰ ছবি অংকন কৰিছে। ০ ০ ০
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’
ৰাব্বি মছৰুৰ ৰচিত কেইখনমান গ্রন্থ:
- অসমীয়া লেখক পৰিচয়
- বিশ্ব ব্যক্তি পৰিচয়
- অসমীয়া ৰচনা শিক্ষা
- অসমীয়া ভাব সম্প্রসাৰণ
- এক গুচ্ছ জীৱনী
- শিশু পদ্য
- অসমীয়া অনুবাদত বিশ্ব চুটি গল্প
- অসমীয়া অনুবাদত বিশ্ব কবিতা
- অসমীয়া অনুবাদত বিদেশী কবিতা
- পৃথিৱীৰ আৰু মোৰ (কাব্য সংকলন)
- সংহতিৰ ভাড়া ঘৰ ( কাব্য সংকলন)
- মোৰ গীত তোমাৰ সুৰ (গীতি কবিতা সংকলন)
- তুমি কেমন প্রেমিক (বাংলা কাব্য সংকলন)
- তোমাকে বলছি (বাংলা কবিতা সংকলন)
- ফণী শৰ্মাৰ নাটক ‘চিৰাজ’-এক সমালোচনা
- হীৰেন ভট্টাচাৰ্যৰ কবিতা -এক বিশ্লেষণাত্মক অধ্যয়ন
- ইছমাইল হোছেইনৰ কবিতা : এক বৈশিষ্ট্যমূলক আলোচনা
- ইছমাইল হোছেইনৰ কবিতা: এক বিশ্লেষণাত্মক অধ্যয়
- অসমীয়া উপন্যাস সমালোচনা
- অসমীয়া চুটি গল্প সমালোচনা
- মৌলানা আবুল কালাম আজাদ (চমু জীবনী)
- অসমীয়া কবি প্রতিভা (সাহিত্য সমালোচনা)
- নির্বাচিত অসমীয়া কবিতা সমালোচনা
- অসমীয়া ব্যাকৰণ ক অংশ
- অসমীয়া ব্যাকৰণ খ অংশ
- নির্বাচিত অসমীয়া কবিতাৰ মূলভাব
- আৰবী সাহিত্যৰ ইতিহাস:প্রাক-ইসলামী যুগ (৫০০-৬২২ খৃ:)
- আৰবী সাহিত্যৰ ইতিহাস:প্রাথমিক ইসলামী যুগ (৬২২-৬৬১)…
Some Important Books for Students:
- Advertisement Writing
- Amplification Writing
- Note Making
- Paragraph Writing
- Notice Writing
- Passage Comprehension
- The Art of Poster Writing
- The Art of Letter Writing
- Report Writing
- Story Writing
- Substance Writing
- School Essays Part-I
- School Essays Part-II
- School English Grammar Part-I
- School English Grammar Part-II..
অতিৰিক্ত অনুসন্ধান:







কাঞ্চনজংঘা নিজৰ স্থানত অলৰ, অচল, বুকুপতি লব পৰা সকলো দুখ, গ্লানি, সময়ৰ পলস, তাৰোপৰি অতীতৰ ইতিহাস আৰু ভৱিষ্যতৰ ছবিৰ এক সুন্দৰ বিশ্লেষণ কাঞ্চনজংঘা