Home Biography তালেবৰ ৰহমান | Talebar Rahman | Biography

তালেবৰ ৰহমান | Talebar Rahman | Biography

0

শিক্ষাবিদ সমাজসেৱক আৰু লিখক তালেবৰ ৰহমান

তালেবৰ ৰহমান  Talebar Rahman  Biography

 

শিক্ষাবিদ সমাজসেৱক আৰু লিখক তালেবৰ ৰহমান

শিক্ষাবিদ সমাজসেৱক আৰু লিখক তালেবৰ ৰহমানৱক আৰু লিখক তালেবৰ ৰহমান

দুঃখ-দুৰ্দ্দশা, দৰিদ্ৰতা, প্ৰতিকূল সামাজিক পৰিৱেশৰ মাজতো উদ্যম, ইচ্ছা আৰু নেৰানেপেৰা পৰিশ্ৰমৰ জৰিয়তে যে জীৱনৰ বাটত আগুৱাই যাব পাৰি তাৰ এক বাস্তৱ উদাহৰণ হৈছে তালেবৰ ৰহমান চাহাব। তালেবৰ ৰহমান এজন আদৰ্শ শিক্ষাবিদ, সক্ৰিয় সমাজকৰ্মী আৰু মানৱতাবাদী সাহিত্যিক।

তেওঁৰ জন্ম হয় অসমৰ বৰেপটা জিলাৰ বেতবাৰী গাওঁৰ এটি দুখীয়া কৃষক পৰিয়ালত ১৯৬০ চনৰ প্ৰথম জানুৱাৰীত। পিতাকৰ নাম মৃত কাজল মিয়া আৰু মাতৃৰ নাম মৃত আজিৰণ নেছা। তেওঁ আছিল ছয়জন ককাই আৰু চাৰিজনী বাইৰ ভিতৰত সৰ্বকনিষ্ঠ। তেওঁৰ ন বছৰ বয়সত দেউতাকৰ মৃত্যু হয়।

তেওঁৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় নিজ গাওঁত থকা ৯১৬ নং বেতবাৰী পাথাৰ প্ৰাথমিক বিদ্যালয়ত। উক্ত বিদ্যালয়ৰ পৰা তেওঁ ১৯৬৯ চনত প্ৰাথমিক শিক্ষা লাভ কৰি তেতিয়াৰ কয়াকুছি উচ্চ মাধ্যমিক বিদ্যালয়ত ভৰ্তি হয়। সেই সময়ত ককায়েকসকল বেলেগ হৈ যোৱাত পৰিয়ালটো অধিক দৰিদ্ৰতাৰ কবলত পৰে।

উক্ত বিদ্যালয়ৰ পৰা ১৯৭৬ চনত হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়। পিছত তেওঁ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ পৰা ১৯৭৯ চনত প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষা পাছ কৰি উচ্চ শিক্ষাৰ বাবে মাধৱ চৌধুৰী মহাবিদ্যালয়ত ভৰ্তি হয়। কিন্তু ইচ্ছা থকা সত্বেও আৰ্থিক দৈন্যতাৰ বাবে শিক্ষা চলাই যাব নোৱাৰি নিজৰ গাওঁতে নতুনকৈ স্থাপিত হোৱা ‘কমলপুৰ মধ্য ইংৰাজী বিদ্যালয়’ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। কিন্তু বিদ্যালয়খন প্ৰাদেশিকৰণ নোহোৱাৰ বাবে বিনা বেতনে ১৯৮৫ চনলৈ সেৱা আগবঢ়ায়। উক্ত বিদ্যালয়ত ২০১৩ চনলৈ সহকাৰী শিক্ষকৰ পদত সেৱা আগবঢ়াই ২০১৪ চনত খাবলাৰ ভিঠা মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে

শিক্ষা জীৱন আৰু শিক্ষক হিচাপে যোগদান কৰা বিদ্যালয়খন প্ৰাদেশিকীকৰণ নোহোৱা সময়খিনি তেওঁ যথেষ্ট কষ্ট কৰিব লগা হয়। পেটৰ ভাতমুঠি উপাৰ্জন কৰাৰ বাবে মাজে মাজে লোকৰ ঘৰত বনুৱা হিচাপে কাম কৰিব লগা হৈছিল। গোটেই ৰাতি জাল, বৰশী, হেজাক লাইট আদিৰে মাছ মাৰি সেই মাছ ৰাতিপুৱা বিক্ৰি খাদ্য ক্রয় কৰিব লগা হৈছিল। কিতাপ-পত্ৰ ক্ৰয় কৰিব নোৱাৰি সহপাঠীসকলৰ পৰা ধাৰে আনি গোটেই ৰাতি পঢ়ি  ৰাতিপুৱা উভতাই দিব লগা হৈছিল। লিখিবলৈ কাগজ বহী কিনিব নোৱাৰি কলপাতত লিখিছিল। কেতিয়াবা যদি এক দিস্তামান কাগজ কিনিব পাৰিছিল তাৰ পাতত এবাৰ কাঠপেঞ্চিলেৰে লিখি তাৰ ওপৰত আকৌ কলমেৰে লিখিছিল। বিদ্যালয়লৈ যাবলৈ সাজপোছাকৰো অভাৱ আছিল ফলত ডাঙৰ ককায়েকে এৰি দিয়া আৰু সৰু হৈ যোৱা পুৰণি পোছাক পিন্ধিব লগা হৈছিল। মাছ মাৰি কিছু টকা সঞ্চয় কৰি সেই টাকৰে নিজ ঘৰতে এবাৰ দোকানো দিছিল আৰু সেয়া পাঁচবছৰলৈ চলাইছিল। মাজে সময়ে শুকান মাছৰ বেপাৰ কৰিছিল।

পিছত কেইবছৰ জীৱিকা উপাৰ্জনৰ বাবে শিক্ষকতা কৰাৰ লগে লগে ভাই-কাকয়েকসকলৰ লগত কৃষি কাৰ্য কৰাৰ লগতে নিজাববীয়াকৈ আবেষ্ট প্ৰণালীত মহস্য উৎপাদন কৰা কাম কৰে। তেৱেঁই হৈছে বৃহত্বৰ বৰেপটা জিলাত বৈজ্ঞানিক পদ্ধতিত মাছৰ পোনা উৎপাদন কৰা প্ৰথমজন ব্যক্তি। ইমান কৰ্মব্যস্ততাৰ মাজতো তেওঁ কোনো দিন বিদ্যালয় ক্ষতি কৰা নাছিল।

কিন্তু উচ্চ শিক্ষাৰ প্ৰতি তেওঁৰ আগ্ৰহ থকাত চাকৰিৰ ব্যস্ততাৰ মাজতো ২০০৫ চনত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰি লাভ কৰে। পিছলৈ ২০১১ চনত বিনয়াকা মিছন বিশ্ববিদ্যালয় (তামিলানাডু)ৰ পৰা সমাজ বিজ্ঞানত স্নাতকোত্তৰ  ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত সমাজ বিজ্ঞানত পি এইচ ডি ডিগ্ৰিৰ বাবে ছি এম জে বিশ্ববিদ্যায়ত ভৰ্তি হৈছিল যদিও কৰ্ম ব্যস্ততাৰ বাবে সেয়া সম্পূৰ্ণ হৈ উঠা নাছিল।

ইতিমধ্যে ১৯৭৯ চনত মিছ মনোৱাৰ বেগমৰ লগত বিবাহ পাশত আবদ্ধ হয়। বৈবাহিক জীৱনৰ সাক্ষী স্বৰূপ দুই কন্যা মিছ খুৰশীদা আলম আৰু মিছ আয়েশা খাতুন আৰু দুই পুত্ৰ মনোৱাৰ ৰহমান আৰু ছানোৱাৰ ৰহমানৰ জন্ম হয়। আটাই কেইজন সন্তানেই উচ্চ শিক্ষাত শিক্ষিত।

শিক্ষাৰ প্ৰতি প্ৰৱল ধাউতি থকা তালেবৰ ৰহমানদেৱে নিজ অঞ্চলৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ প্ৰতি সামনে আগ্ৰহী। বহুতো ল’ৰা-ছোৱালীক উৎসাহ-উদ্দীপনা দিয়াৰ লগতে কিতাপ-পত্ৰ দি, কেতিয়াবা টকা-পইচাৰেও সহায় কৰে। নিজ ভতিজাসকলক নিজৰ সন্তানৰ দৰে পালন কৰি শিক্ষা-দীক্ষাৰ ব্যৱস্থা কৰিছিল।

ইতিমাধ্যে চল্লিশ বছৰ শিক্ষকতা কৰি ২০২০ চনত শিক্ষকতা বৃত্তিৰ পৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰৰ সময়ছোৱাতো তেওঁ বিভিন্ন শিক্ষানুষ্ঠানৰ লগত জড়িত। আজিও মাজে সময়ে ওচৰ-চুবুৰীয়া বিদ্যালয়সমূহলৈ স্বেচ্চাধীন পাঠদান কৰাৰ লগতে অভিৰোচনমূলক বক্ততা প্ৰদান কৰে।

তালেবৰ ৰহমান ব্যস্ত জীৱনত বিভিন্ন গঠনমূলক সমাজসেৱাৰ লগত জড়িত। যেনে- মছজিদ, মাদ্ৰাছা, কবৰস্থান, বিভিন্ন শিক্ষানুষ্ঠান, বেচৰকাৰী সংস্থা, সংঘ আদি প্ৰতিষ্ঠান কৰাত আগভাগ লয়।

ছাত্ৰ-অৱস্থাৰে পৰাই সাহিত্য চৰ্চাৰ প্ৰতি ৰাপ থকা তালেবৰ ৰহমানে শিক্ষকতাৰ দৰে চাকৰিৰ ব্যস্ততাৰ মাজতো সাহিত্য চৰ্চা অব্যাহত ৰাখি আজিলৈকে কেইবাখনো পুথি ৰচনা কৰিছে। তেওঁৰ প্ৰকাশিত পুথিসমূহৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ’ল– আদৰ্শ মৎস্য প্ৰতিপালন, অৰণ্যৰোদন (কাব্য সংকলন), অনুভূতি (কাব্য সংকলন), হোটেল মেনেজাৰৰ সাক্ষাৎকাৰ (গল্প সংকলন), বিচিত্ৰা (গীতিকবিতা), ৰহমানীয়া গজল (গীতিকবিতা), সফল জীৱন গঢ়াৰ চানেকী আদি। ইয়াৰ উপৰিও তেওঁ কেইখনো গ্ৰন্থ সম্পাদনা কৰিছে। বৰ্তমানে তেওঁ বিভিন্ন কাকত-আলোচনীলৈ নিয়মীয়াকৈ লিখা-মেলা কৰি আছে।

সমাজৰ কলুষ-কালিমাৰ প্ৰতি কটাক্ষ দৃষ্টি, মানৱতাৰ অৱক্ষয়ৰ প্ৰতি আক্ষেপময় ব্যঙ্গোক্তি তেওঁৰ লিখনিৰ প্ৰতিপাদ্য বিষয়। তেওঁৰ ভাষা সহজ-সৰল আৰু নিৰলংকাৰ।
তালেবৰ ৰহমান চাহাবে তেওঁৰ কৰ্ম যথা সমাজসেৱা, শিক্ষাবিদ আৰু লিখক হিচাপে বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠানৰ পৰা বহুতো স্বীকৃতিও পাইছে। উদাহৰণস্বৰূপে ২০১৮ চনত জিলা কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ লগতে ২০১৯ চনত জিলা শিক্ষা প্ৰশিক্ষণ প্রতিষ্ঠান (হাউলী)ৰ পৰা কৃতি শিক্ষকৰ বঁটা লাভ কৰে। ইয়াৰ উপৰিও বেচৰকাৰী অনুষ্ঠানৰ পৰা বহুতো বঁটা, মানপত্ৰ আদি লাভ কৰে। তাৰ কেইটামান হ’লঃ

(১) কয়াকুছি টাউন ক্লাৱৰ পৰা ‘ডিলিজেন্ট এৱাৰ্ড’
(২) নেউলাৰ ভিটাৰ ‘কৃষ্টি পথাৰ’ নামৰ সাহিত্যিক, সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান ৰ পৰা দিয়া ‘প্ৰিয় শিক্ষাগুৰু বঁটা’
(৩) ‘কবিগুৰু স্মৃতি বঁটা’, পশ্চিমবংগ
(৪) ধুবুৰী দৰ্পণ (দৈনিক বাতৰি কাকত) ৰ পৰা দিয়া বিশিষ্ট সাহিত্যিক বঁটা।

উপৰি উক্ত বঁটাৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠানৰ পৰা নিম্নোল্লেখিত সন্মান আৰু মানপত্ৰ লাভ কৰিছেঃ

(১) ফুলৰগুৰি আৰু বামুনবড়ি ব্রহ্মসত্ৰ আশ্ৰমৰ পৰা দিয়া মানপত্ৰ
(২) অঁটা-েভৗকামাৰী বেচৰকাৰী সংগঠনে মহস্যবিদ হিচাপে দিয়া প্ৰমাণপত্ৰ
(৩) জিলা মীন বিভাগে দিয়া আদৰ্শ মহস্যবিদৰ প্ৰমাণ পত্ৰ
(৪) বিনামুলীয়া পাঠদান কৰাৰ বাবে কয়াকুছি আমছুয়ে দিয়া প্ৰমাণপত্ৰ
(৫) বিভিন্ন প্ৰশিক্ষণ অনুষ্ঠানত যোগদান কৰাৰ বাবে জিলা শিক্ষা প্ৰশিক্ষণ প্রতিষ্ঠানে দিয়া মানপত্ৰ
(৬) বৰেপটা ‘মাছ’ সংগঠনৰ দ্বাৰা প্ৰদান কৰা আদৰ্শ শিক্ষকৰ প্ৰমাণপত্ৰ।
(৭) অসম সাহিত্য সভাই দিয়া আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ।

তালেবৰ ৰহমান বৰ্তমান বিভিন্ন সমাজসেৱামূলক অনুষ্ঠানৰ লগত জড়িত থকাৰ উপৰিও নিয়মিতভাৱে সাহিত্য চৰ্চা অৱ্যাহত ৰাখিছে। আমি তেওঁৰ জীৱনৰ পৰা বহু শিক্ষা লাভ কৰিব পাৰি। ০ ০ ০.

শিক্ষাবিদ সমাজসেৱক আৰু লিখক তালেবৰ ৰহমান

বিঃদ্রঃ উক্ত ‘শিক্ষাবিদ সমাজসেৱক আৰু লিখক তালেবৰ ৰহমান | Talebar Rahman Biography’ লিখনিটো ৰাব্বি মছৰুৰ ৰচিত ‘এক গুচ্ছ জীবনী‘ গ্রন্থৰ পৰা লোৱা হৈছে।

শিক্ষাবিদ সমাজসেৱক আৰু লিখক তালেবৰ ৰহমান

ৰাব্বি মছৰুৰ  ৰচিত  কেইখনমান গ্রন্থ:

Some Important Books for Students:

  1. Advertisement Writing
  2. Amplification Writing
  3. Note Making
  4. Paragraph Writing
  5. Notice Writing
  6. Passage Comprehension
  7. The Art of Poster Writing
  8. The Art of Letter Writing
  9. Report Writing
  10. Story Writing
  11. Substance Writing
  12. School Essays Part-I
  13. School Essays Part-II
  14. School English Grammar Part-I
  15. School English Grammar Part-II..

অতিৰিক্ত অনুসন্ধান:

LEAVE A REPLY

Please enter your comment!
Please enter your name here